Al-Mukhtasar · Tafsir · in Assamese
النور
An-Nur
The Light · Medinan · 64 ayahs
24:1Page 350
سُورَةٌ أَنزَلۡنَٰهَا وَفَرَضۡنَٰهَا وَأَنزَلۡنَا فِيهَآ ءَايَٰتِۭ بَيِّنَٰتٖ لَّعَلَّكُمۡ تَذَكَّرُونَ ١
[This is] a sūrah which We have sent down and made [that within it] obligatory and revealed therein verses of clear evidence that you might remember.
এইটো এটা ছুৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা।
24:2Page 350
ٱلزَّانِيَةُ وَٱلزَّانِي فَٱجۡلِدُواْ كُلَّ وَٰحِدٖ مِّنۡهُمَا مِاْئَةَ جَلۡدَةٖۖ وَلَا تَأۡخُذۡكُم بِهِمَا رَأۡفَةٞ فِي دِينِ ٱللَّهِ إِن كُنتُمۡ تُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۖ وَلۡيَشۡهَدۡ عَذَابَهُمَا طَآئِفَةٞ مِّنَ ٱلۡمُؤۡمِنِينَ ٢
The [unmarried] woman or [unmarried] man found guilty of sexual intercourse1 - lash each one of them with a hundred lashes,2 and do not be taken by pity for them in the religion [i.e., law] of Allāh,3 if you should believe in Allāh and the Last Day. And let a group of the believers witness their punishment.
অবিবাহিত ব্যাভিচাৰী আৰু ব্যাভিচাৰিণী উভয়কে এশ এশ বেত্ৰাঘাত কৰা। সঁচাকৈ যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে সিহঁতৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাবা আৰু দয়া নকৰিবা, কাৰণ এনে কৰিলে হয়তো তোমালোকে সিহঁতক শাস্তি দিয়াৰ পৰা বিৰত থাকিবা অথবা শাস্তি লাঘৱ কৰিবা। শাস্তি বিহাৰ সময়ত মুমিনসকলৰ এটা দল তাত উপস্থিত থকা উচিত, যাতে শাস্তিৰ খবৰ বেছিকৈ প্ৰচাৰ হয় আৰু তেওঁলোক আৰু অন্যান্য লোকসকলেও যাতে এনেকুৱা অশ্লীলতাৰ পৰা দূৰৈত থাকে।
24:3Page 350
ٱلزَّانِي لَا يَنكِحُ إِلَّا زَانِيَةً أَوۡ مُشۡرِكَةٗ وَٱلزَّانِيَةُ لَا يَنكِحُهَآ إِلَّا زَانٍ أَوۡ مُشۡرِكٞۚ وَحُرِّمَ ذَٰلِكَ عَلَى ٱلۡمُؤۡمِنِينَ ٣
The fornicator does not marry except a [female] fornicator or polytheist, and none marries her except a fornicator1 or a polytheist, and that [i.e., marriage to such persons] has been made unlawful to the believers.
ব্যাভিচাৰৰ জঘণ্যতা স্পষ্ট কৰিবলৈ আল্লাহে উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে ব্যাভিচাৰক অভ্যাসত পৰিণত কৰিছে, সি নিজৰ দৰেই কোনো ব্যাভিচাৰিণী নাৰীক অথবা কোনো মুশ্বৰিকা নাৰীক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিকা নাৰীক বিবাহ কৰা বৈধ নহয়। আনহাতে যি নাৰীয়ে ব্যাভিচাৰক নিজৰ অভ্যাসত পৰিণত কৰিছে, তাই নিজৰ দৰেই ব্যাভিচাৰী পুৰুষক নাইবা মুশ্বৰিক পুৰুষক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিক পুৰুষক বিবাহ কৰা হাৰাম। লগতে ব্যাভিচাৰিণী নাৰীক বিবাহ কৰা আৰু ব্যাভিচাৰী পুৰুষক বিবাহ কৰোৱা দুয়োটাই মুমিনসকলৰ বাবে হাৰাম।
24:4Page 350
وَٱلَّذِينَ يَرۡمُونَ ٱلۡمُحۡصَنَٰتِ ثُمَّ لَمۡ يَأۡتُواْ بِأَرۡبَعَةِ شُهَدَآءَ فَٱجۡلِدُوهُمۡ ثَمَٰنِينَ جَلۡدَةٗ وَلَا تَقۡبَلُواْ لَهُمۡ شَهَٰدَةً أَبَدٗاۚ وَأُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ ٤
And those who accuse chaste women and then do not produce four witnesses - lash them with eighty lashes and do not accept from them testimony ever after. And those are the defiantly disobedient,
যিসকলে পৱিত্ৰ নাৰীসকলৰ প্ৰতি (পৱিত্ৰ পুৰুষসকলো ইয়াৰ অন্তৰ্ভুক্ত) ব্যাভিচাৰৰ আৰোপ লগায়, আৰু এই দাবীৰ সপক্ষে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, হে প্ৰশাসনৰ লোকসকল! তেনেকুৱা ব্যক্তিক আশীটা বেত্ৰাঘাতেৰে দণ্ডিত কৰা, লগতে এনেকুৱা ব্যক্তিৰ সাক্ষ্যদান আজীবন স্বীকাৰ নকৰিবা। পৱিত্ৰ নাৰীসকলৰ প্ৰতি মিছা আৰোপ কৰা এই লোকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত।
24:5Page 350
إِلَّا ٱلَّذِينَ تَابُواْ مِنۢ بَعۡدِ ذَٰلِكَ وَأَصۡلَحُواْ فَإِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ٥
Except for those who repent thereafter and reform, for indeed, Allāh is Forgiving and Merciful.
কিন্তু যিসকলে এনেকুৱা মিথ্যাৰোপ কৰাৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে সেইসকল লোকৰ তাওবা আল্লাহে কবূল কৰিব আৰু তেওঁলোকৰ সাক্ষ্যও গ্ৰহণযোগ্য হ'ব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
24:6Page 350
وَٱلَّذِينَ يَرۡمُونَ أَزۡوَٰجَهُمۡ وَلَمۡ يَكُن لَّهُمۡ شُهَدَآءُ إِلَّآ أَنفُسُهُمۡ فَشَهَٰدَةُ أَحَدِهِمۡ أَرۡبَعُ شَهَٰدَٰتِۭ بِٱللَّهِ إِنَّهُۥ لَمِنَ ٱلصَّٰدِقِينَ ٦
And those who accuse their wives [of adultery] and have no witnesses except themselves - then the witness of one of them1 [shall be] four testimonies [swearing] by Allāh that indeed, he is of the truthful.
যদি কোনো পুৰুষে নিজৰ স্ত্ৰীৰ প্ৰতি ব্যাভিচাৰৰ আৰোপ লগায় আৰু সেই আৰোপক সত্য প্ৰমাণিত কৰিবলৈ নিজৰ বাহিৰে আন কোনো সাক্ষী নাথাকে, তেন্তে পুৰুষজনে নিজেই চাৰিবাৰ আল্লাহৰ শপত খাই সাক্ষ্য দিব যে, তেওঁ নিজৰ পত্নীৰ প্ৰতি ব্যাভিচাৰৰ যি আৰোপ লগাইছে সেয়া সত্য।
24:7Page 350
وَٱلۡخَٰمِسَةُ أَنَّ لَعۡنَتَ ٱللَّهِ عَلَيۡهِ إِن كَانَ مِنَ ٱلۡكَٰذِبِينَ ٧
And the fifth [oath will be] that the curse of Allāh be upon him if he should be of the liars.
ইয়াৰ পিছত পঞ্চমবাৰ তেওঁ নিজৰ প্ৰতি বদ্দুআ কৰি ক'ব যে, যদি মই মোৰ স্ত্ৰীৰ প্ৰতি মিছা আৰোপ কৰিছোঁ তেন্তে মই আল্লাহৰ অভিসম্পাতৰ উপযুক্ত।
24:8Page 350
وَيَدۡرَؤُاْ عَنۡهَا ٱلۡعَذَابَ أَن تَشۡهَدَ أَرۡبَعَ شَهَٰدَٰتِۭ بِٱللَّهِ إِنَّهُۥ لَمِنَ ٱلۡكَٰذِبِينَ ٨
But it will prevent punishment from her if she gives four testimonies [swearing] by Allāh that indeed, he is of the liars.
এই শপত বাক্যৰ পিছত স্ত্ৰীজনী ব্যাভিচাৰৰ শাস্তিৰ উপযুক্ত বুলি গণ্য হ'ব। কিন্তু তাইৰ এই শাস্তি তেতিয়া উঠাই লোৱা হ'ব, যেতিয়া তাই নিজেও চাৰিবাৰ আল্লাহৰ শপত খাই ক'ব যে, তাইৰ স্বামীয়ে তাইৰ প্ৰতি যি আৰোপ লগাইছে সেইটো নিঃসন্দেহে মিছা।
24:9Page 350
وَٱلۡخَٰمِسَةَ أَنَّ غَضَبَ ٱللَّهِ عَلَيۡهَآ إِن كَانَ مِنَ ٱلصَّٰدِقِينَ ٩
And the fifth [oath will be] that the wrath of Allāh be upon her if he was of the truthful.
আৰু পঞ্চমবাৰ নিজৰ ওপৰত বদ্দুআ কৰি ক'ব, যদি মোৰ স্বামীয়ে কৰা আৰোপ সত্য হয় তেন্তে মোৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।
24:10Page 350
وَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ وَأَنَّ ٱللَّهَ تَوَّابٌ حَكِيمٌ ١٠
And if not for the favor of Allāh upon you and His mercy...1 and because Allāh is Accepting of Repentance and Wise.
হে মানৱজাতি! যদি তোমালোকৰ ওপৰত আল্লাহৰ কৃপা আৰু দয়া নহ’লহেঁতেন আৰু তেওঁ যদি তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল নহ’লহেঁতেন, লগতে পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত যদি প্ৰজ্ঞাৱান নহ’লহেঁতেন তেন্তে তোমালোকৰ গুনাহৰ বাবে তোমালোকক শাস্তি প্ৰদানত খৰখেদা কৰিলেহেঁতেন, আৰু তোমালোকে অপমানৰ সন্মুখীন হ’লাহেঁতেন।
24:11Page 351
إِنَّ ٱلَّذِينَ جَآءُو بِٱلۡإِفۡكِ عُصۡبَةٞ مِّنكُمۡۚ لَا تَحۡسَبُوهُ شَرّٗا لَّكُمۖ بَلۡ هُوَ خَيۡرٞ لَّكُمۡۚ لِكُلِّ ٱمۡرِيٕٖ مِّنۡهُم مَّا ٱكۡتَسَبَ مِنَ ٱلۡإِثۡمِۚ وَٱلَّذِي تَوَلَّىٰ كِبۡرَهُۥ مِنۡهُمۡ لَهُۥ عَذَابٌ عَظِيمٞ ١١
Indeed, those who came with falsehood1 are a group among you. Do not think it bad for you; rather, it is good for you. For every person among them is what [punishment] he has earned from the sin, and he who took upon himself the greater portion thereof2 - for him is a great punishment [i.e., Hellfire].
নিশ্চয় যিসকল লোকে এই অপবাদ ৰচনা কৰিছে (অৰ্থাৎ উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওপৰত ব্যাভিচাৰৰ আৰোপ লগাইছে), সিহঁত দৰাচলতে হে মুমিনসকল তোমালোকৰ মাজৰেই এটা দল। সিহঁতে যিটো মিছা অপবাদ ৰচনা কৰিছে, সেইটোক তোমালোকে নিজৰ বাবে অকল্যাণ বুলি নাভাৱিবা। বৰং সেইটো তোমালোকৰ বাবে একপ্ৰকাৰ কল্যাণকৰ। কাৰণ তাত মুমিনসকলৰ বাবে ছোৱাব আছে আৰু তেওঁলোকৰ সত্যতা নিৰূপণ কৰা হৈছে, লগতে উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক এনেকুৱা ধৰণৰ নিকৃষ্ট কামৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে। এই অশ্লীল অপবাদ বিয়পোৱাত যিয়েই অংশ লৈছে, সি সেই অনুপাতেই গুনাহ অৰ্জন কৰিব। আনহাতে যিয়ে এই ষড়যন্ত্ৰ ৰচনা কৰি জুই জ্বলোৱাত আগভাগ লৈছে, তাৰ বাবে আছে মহাশাস্তি। ইয়াৰ দ্বাৰা মুনাফিকসকলৰ প্ৰমুখ নেতা আব্দুল্লাহ বিন উবাই বিন ছলুলক বুজোৱা হৈছে।
24:12Page 351
لَّوۡلَآ إِذۡ سَمِعۡتُمُوهُ ظَنَّ ٱلۡمُؤۡمِنُونَ وَٱلۡمُؤۡمِنَٰتُ بِأَنفُسِهِمۡ خَيۡرٗا وَقَالُواْ هَٰذَآ إِفۡكٞ مُّبِينٞ ١٢
Why, when you heard it, did not the believing men and believing women think good of themselves [i.e., one another] and say, "This is an obvious falsehood"?
যেতিয়া মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলে এই মহা অপবাদটো শুনা পাইছিল, তেতিয়া তেওঁলোকে নিজৰ মুমিন ভাইসকলৰ প্ৰতি এনেকুৱা মিছা অপবাদ শুনি তেওঁলোকে কিয় বিশ্বাস পোষণ নকৰিলে যে, ইয়াৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তথা এইটো এটা স্পষ্ট মিছা অপবাদ?
24:13Page 351
لَّوۡلَا جَآءُو عَلَيۡهِ بِأَرۡبَعَةِ شُهَدَآءَۚ فَإِذۡ لَمۡ يَأۡتُواْ بِٱلشُّهَدَآءِ فَأُوْلَٰٓئِكَ عِندَ ٱللَّهِ هُمُ ٱلۡكَٰذِبُونَ ١٣
Why did they [who slandered] not produce for it four witnesses? And when they do not produce the witnesses, then it is they, in the sight of Allāh, who are the liars.
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি মিছা অপবাদ জাপি দিয়া লোকসকলে সিহঁতৰ এই মহা অপবাদৰ সপক্ষে চাৰিজন সাক্ষী কিয় উপস্থিত নকৰিলে, যিসকলে সিহঁতৰ সপক্ষে সাক্ষ্য প্ৰদান কৰিলেহেঁতেন। যদি সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে (সিহঁতে কদাপিও নোৱাৰিব) তেন্তে আল্লাহৰ আদেশ মুতাবিক সিহঁত হৈছে মিছলীয়া।
24:14Page 351
وَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِ لَمَسَّكُمۡ فِي مَآ أَفَضۡتُمۡ فِيهِ عَذَابٌ عَظِيمٌ ١٤
And if it had not been for the favor of Allāh upon you and His mercy in this world and the Hereafter, you would have been touched for that [lie] in which you were involved by a great punishment
হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহৰ যদি অনুগ্ৰহ আৰু কৃপা নাথাকিলহেঁতেন, তেন্তে এই মিছা ষড়যন্ত্ৰ আৰু আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি কৰা মিছা আৰোপৰ ফলত তোমালোক মহাশাস্তিত পতিত হ’লাহেঁতেন। (তোমালোকৰ প্ৰতি তেওঁৰ দয়া আৰু অনুগ্ৰহ আছে কাৰণেই) তেওঁ তোমালোকক শাস্তি প্ৰদানত খৰধৰ কৰা নাই, আৰু তোমালোকৰ মাজৰ তাওবাকাৰীসকলৰ তাওবা কবূল কৰিছে।
24:15Page 351
إِذۡ تَلَقَّوۡنَهُۥ بِأَلۡسِنَتِكُمۡ وَتَقُولُونَ بِأَفۡوَاهِكُم مَّا لَيۡسَ لَكُم بِهِۦ عِلۡمٞ وَتَحۡسَبُونَهُۥ هَيِّنٗا وَهُوَ عِندَ ٱللَّهِ عَظِيمٞ ١٥
When you received it with your tongues1 and said with your mouths that of which you had no knowledge and thought it was insignificant while it was, in the sight of Allāh, tremendous.
যেতিয়া তোমালোকে এই অপবাদটোক ইজনে সিজনৰ ওচৰত বৰ্ণনা কৰিছিলা, সঠিক তথ্য নোহোৱাকৈ নিজ মুখেৰে আনলৈ প্ৰচাৰ কৰিছিলা, তোমালোকে বিষয়টোক খুবেই সহজ বুলি ভাৱিছিলা, কিন্তু আল্লাহৰ ওচৰত বিষয়টো আছিল বৰ ডাঙৰ। কাৰণ ঘটনাটো পৰিপূৰ্ণৰূপে মিছা তথা নিৰ্দোষী ব্যক্তিক অপৰাধী সজোৱাৰ কুঃচক্ৰান্ত।
24:16Page 351
وَلَوۡلَآ إِذۡ سَمِعۡتُمُوهُ قُلۡتُم مَّا يَكُونُ لَنَآ أَن نَّتَكَلَّمَ بِهَٰذَا سُبۡحَٰنَكَ هَٰذَا بُهۡتَٰنٌ عَظِيمٞ ١٦
And why, when you heard it, did you not say, "It is not for us to speak of this. Exalted are You, [O Allāh]; this is a great slander"?
যেতিয়া তোমালোকে এই অপবাদটোৰ বিষয়ে শুনিছিলা, তেতিয়া তোমালোকে এই কথাষাৰ কিয় নক’লা যে, এনেকুৱা নিকৃষ্ট কথা আমাৰ মুখেৰে উচ্চাৰণ কৰাটো কেতিয়াও ঠিক নহয়। হে আমাৰ প্ৰতিপালক! আমি তোমাৰ পৱিত্ৰতা ঘোষণা কৰোঁ। মুমিনসকলৰ মাতৃৰ প্ৰতি আৰোপ কৰা বিষয়টো এটা মহা মিছা অপবাদ।
24:17Page 351
يَعِظُكُمُ ٱللَّهُ أَن تَعُودُواْ لِمِثۡلِهِۦٓ أَبَدًا إِن كُنتُم مُّؤۡمِنِينَ ١٧
Allāh warns you against returning to the likes of this [conduct], ever, if you should be believers.
আল্লাহে তোমালোকক উপদেশ দিয়ে আৰু নিৰ্দেশ দিয়ে যে, এনেকুৱা অপবাদ প্ৰচাৰ ভৱিষ্যতে কেতিয়াও নকৰিবা, আৰু কোনো পৱিত্ৰ ব্যক্তিৰ প্ৰতি কেতিয়াও ব্যাভিচাৰৰ অপবাদ আৰোপ নকৰিবা, যদিহে তোমালোকে আল্লাহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা।
24:18Page 351
وَيُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِۚ وَٱللَّهُ عَلِيمٌ حَكِيمٌ ١٨
And Allāh makes clear to you the verses [i.e., His rulings], and Allāh is Knowing and Wise.
আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰৰ মাজত আছে তেওঁৰ বিধি-বিধান আৰু উপদেশ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। তেওঁ পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
24:19Page 351
إِنَّ ٱلَّذِينَ يُحِبُّونَ أَن تَشِيعَ ٱلۡفَٰحِشَةُ فِي ٱلَّذِينَ ءَامَنُواْ لَهُمۡ عَذَابٌ أَلِيمٞ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۚ وَٱللَّهُ يَعۡلَمُ وَأَنتُمۡ لَا تَعۡلَمُونَ ١٩
Indeed, those who like that immorality1 should be spread [or publicized] among those who have believed will have a painful punishment in this world and the Hereafter. And Allāh knows2 and you do not know.
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতা প্ৰচাৰ হোৱাটো ভালপায়, (ব্যাভিচাৰৰ অপবাদ দিয়াটোও ইয়াৰ অন্তৰ্ভুক্ত) সিহঁতৰ বাবে পৃথিৱীত আছে কষ্টদায়ক শাস্তি। অৰ্থাৎ পৃথিৱীত সিহঁতক অপবাদ লগোৱাৰ অপৰাধত শাস্তি বিহা হ'ব। আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। সিহঁতৰ মিছা কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। তথা বান্দাসকলৰ শেষ পৰিণতি সম্পৰ্কেও তেওঁ অৱগত। বান্দাৰ হিত সম্পৰ্কে তেৱেঁই ভালদৰে জানে। তোমালোকে একোৱেই নাজানা।
24:20Page 351
وَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ وَأَنَّ ٱللَّهَ رَءُوفٞ رَّحِيمٞ ٢٠
And if it had not been for the favor of Allāh upon you and His mercy...1 and because Allāh is Kind and Merciful.
হে মিছা অপবাদ প্ৰচাৰত লিপ্ত লোকসকল! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ দয়া যদি নাথাকিলহেঁতেন, আনহাতে আল্লাহ যদি পৰম কৰুণাময় আৰু পৰম দয়ালু নহ’লহেঁতেন তেন্তে তোমালোকক অতি সোনকালে শাস্তি বিহিলেহেঁতেন।
24:21Page 352
۞ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَتَّبِعُواْ خُطُوَٰتِ ٱلشَّيۡطَٰنِۚ وَمَن يَتَّبِعۡ خُطُوَٰتِ ٱلشَّيۡطَٰنِ فَإِنَّهُۥ يَأۡمُرُ بِٱلۡفَحۡشَآءِ وَٱلۡمُنكَرِۚ وَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ مَا زَكَىٰ مِنكُم مِّنۡ أَحَدٍ أَبَدٗا وَلَٰكِنَّ ٱللَّهَ يُزَكِّي مَن يَشَآءُۗ وَٱللَّهُ سَمِيعٌ عَلِيمٞ ٢١
O you who have believed, do not follow the footsteps of Satan. And whoever follows the footsteps of Satan - indeed, he enjoins immorality and wrongdoing. And if not for the favor of Allāh upon you and His mercy, not one of you would have been pure, ever, but Allāh purifies whom He wills, and Allāh is Hearing and Knowing.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! বাতিলক শোভনীয় কৰিবলৈ চয়তানৰ পথ অৱলম্বন নকৰিবা। যিয়ে চয়তানৰ পথ অৱলম্বন কৰে, চয়তানে তাক বেয়া কথা আৰু বেয়া কৰ্মৰ আদেশ দিয়ে, যিবোৰ কথা আৰু কৰ্ম চৰীয়তত নিষিদ্ধ। হে মুমিনসকল! যদি তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাথাকিলহেঁতেন তেন্তে তোমালোক কেতিয়াও তাওবা কৰি পৱিত্ৰ হ'ব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে তাৰ তাওবা কবূল কৰি তাক পৱিত্ৰ কৰে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নাথাকে। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
24:22Page 352
وَلَا يَأۡتَلِ أُوْلُواْ ٱلۡفَضۡلِ مِنكُمۡ وَٱلسَّعَةِ أَن يُؤۡتُوٓاْ أُوْلِي ٱلۡقُرۡبَىٰ وَٱلۡمَسَٰكِينَ وَٱلۡمُهَٰجِرِينَ فِي سَبِيلِ ٱللَّهِۖ وَلۡيَعۡفُواْ وَلۡيَصۡفَحُوٓاْۗ أَلَا تُحِبُّونَ أَن يَغۡفِرَ ٱللَّهُ لَكُمۡۚ وَٱللَّهُ غَفُورٞ رَّحِيمٌ ٢٢
And let not those of virtue among you and wealth swear not to give [aid] to their relatives and the needy and the emigrants for the cause of Allāh, and let them pardon and overlook. Would you not like that Allāh should forgive you? And Allāh is Forgiving and Merciful.
দ্বীনৰ ক্ষেত্ৰত মৰ্যাদাৱান আৰু আৰ্থিক দিশত মজবুত লোকসকলে, কোনো অপৰাধৰ পৰিপ্ৰেক্ষিতত নিজৰ আত্মীয়-স্বজনক যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে তথা যিসকলক দানৰ প্ৰয়োজন, এনেকুৱা লোকসকলক একো নিদিয়াৰ শপত খোৱা উচিত নহয়। বৰং এনেকুৱা আত্মীয়-স্বজনক ক্ষমা কৰি দিয়া উচিত তথা তেওঁলোকৰ প্ৰতি সদয় হোৱা উচিত। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিয়ক, যদি তোমালোকে সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতক মাফ কৰি দিয়া। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। গতিকে বান্দাসকলেও তেওঁক আদৰ্শ হিচাপে লৈ ক্ষমা কৰি দিয়া উচিত। এই আয়াতটো আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ সন্দৰ্ভত অৱতীৰ্ণ হৈছে। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি অপবাদ নিক্ষেপত মিছতাহ ৰাদ্বিয়াল্লাহু আনহু জৰিত থকাৰ কাৰণে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ খৰচ বহন নকৰাৰ শপত খাইছিল।
24:23Page 352
إِنَّ ٱلَّذِينَ يَرۡمُونَ ٱلۡمُحۡصَنَٰتِ ٱلۡغَٰفِلَٰتِ ٱلۡمُؤۡمِنَٰتِ لُعِنُواْ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِ وَلَهُمۡ عَذَابٌ عَظِيمٞ ٢٣
Indeed, those who [falsely] accuse chaste, unaware and believing women are cursed in this world and the Hereafter; and they will have a great punishment
নিশ্চয় যিসকল লোকে সচ্চৰিত্ৰা, অশ্লীলতাৰ পৰা বহু দূৰত অৱস্থান কৰা সহজ-সৰল নিৰ্মলচিত্ত মুমিনা নাৰীৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰে, সিহঁতক পৃথিৱী আৰু আখিৰাতত আল্লাহৰ ৰহমতৰ পৰা আঁতৰ কৰি দিয়া হৈছে। তথা সিহঁতৰ বাবে আখিৰাতত আছে মহাশাস্তি।
24:24Page 352
يَوۡمَ تَشۡهَدُ عَلَيۡهِمۡ أَلۡسِنَتُهُمۡ وَأَيۡدِيهِمۡ وَأَرۡجُلُهُم بِمَا كَانُواْ يَعۡمَلُونَ ٢٤
On a Day when their tongues, their hands and their feet will bear witness against them as to what they used to do.
এই শাস্তি কিয়ামতৰ দিনা সিহঁতক দিয়া হ'ব, যিদিনা সিহঁতৰ জিভাই সিহঁতৰ বাতিল মন্তব্যৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তথা সিহঁতৰ হাত আৰু ভৰি সিহঁতৰ সেইসমূহ কৰ্মৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব যিবোৰ সিহঁতে কৰিছিল।
24:25Page 352
يَوۡمَئِذٖ يُوَفِّيهِمُ ٱللَّهُ دِينَهُمُ ٱلۡحَقَّ وَيَعۡلَمُونَ أَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ ٱلۡمُبِينُ ٢٥
That Day, Allāh will pay them in full their true [i.e., deserved] recompense, and they will know that it is Allāh who is the manifest Truth [i.e., perfect in justice].
সেইদিনা আল্লাহে সিহঁতক ন্যায়পূৰ্বক প্ৰতিদান দিব, আৰু সিহঁতে ভালদৰে জানি ল'ব যে, আল্লাহেই সত্য। এতেকে তেওঁ যি খবৰেই দিয়ে অথবা প্ৰতিশ্ৰুতি নাইবা সতৰ্ক কৰে, সেই সকলো সত্য তথা স্পষ্ট। তাত কোনো ধৰণৰ সন্দেহ নাই।
24:26Page 352
ٱلۡخَبِيثَٰتُ لِلۡخَبِيثِينَ وَٱلۡخَبِيثُونَ لِلۡخَبِيثَٰتِۖ وَٱلطَّيِّبَٰتُ لِلطَّيِّبِينَ وَٱلطَّيِّبُونَ لِلطَّيِّبَٰتِۚ أُوْلَٰٓئِكَ مُبَرَّءُونَ مِمَّا يَقُولُونَۖ لَهُم مَّغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ ٢٦
Evil words are for evil men, and evil men are [subjected] to evil words. And good words are for good men, and good men are [an object] of good words.1 Those [good people] are declared innocent of what they [i.e., slanderers] say. For them is forgiveness and noble provision.
প্ৰত্যেক অপৱিত্ৰ পুৰুষ আৰু অপৱিত্ৰ নাৰী, তথা অপৱিত্ৰ কথা আৰু কৰ্ম, সেই ব্যক্তিৰ বাবে অনুকূল, যিয়ে নিজেই অপৱিত্ৰ। তথা এইবোৰৰ মাজৰ সকলো পৱিত্ৰ বস্তু, সেই ব্যক্তিৰ বাবে অনুকূল, যিয়ে নিজেই পৱিত্ৰ। এইসকল পৱিত্ৰ পুৰুষ আৰু পৱিত্ৰা নাৰী সেইসমূহ বিষয়ৰ পৰা দোষমুক্ত, যিবোৰ বিষয় অপৱিত্ৰ নাৰী-পুৰুষসকলে প্ৰচাৰ কৰে। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে আছে মাগফিৰাত, আল্লাহে তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা তেওঁলোকৰ বাবে আছে সন্মানিত জীৱিকা অৰ্থাৎ জান্নাত।
24:27Page 352
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَدۡخُلُواْ بُيُوتًا غَيۡرَ بُيُوتِكُمۡ حَتَّىٰ تَسۡتَأۡنِسُواْ وَتُسَلِّمُواْ عَلَىٰٓ أَهۡلِهَاۚ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ لَعَلَّكُمۡ تَذَكَّرُونَ ٢٧
O you who have believed, do not enter houses other than your own houses until you ascertain welcome and greet1 their inhabitants. That is best for you; perhaps you will be reminded [i.e., advised].
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰী লোকসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত তেওঁলোকৰ অনুমতি নোলোৱালৈকে আৰু তেওঁলোকক ছালাম নকৰালৈকে তেওঁলোকৰ ঘৰত প্ৰৱেশ নকৰিবা। ছালাম আৰু অনুমতি লোৱাৰ সময়ত এনেকৈ ক'বাঃ "আচ্ছালামু আলাইকুম, মই ঘৰত প্ৰৱেশ কৰিব পাৰিমনে"?, হঠাৎ প্ৰৱেশ কৰাতকৈ অনুমতিলৈ প্ৰৱেশ কৰাটো তোমালোকৰ বাবে উত্তম, যিটো তোমালোকক আদেশ দিয়া হৈছে। আশা কৰিব পাৰি তোমালোকে এই নিৰ্দেশ মনত ৰাখিবা আৰু সেইমতে আমল কৰিবা।
24:28Page 353
فَإِن لَّمۡ تَجِدُواْ فِيهَآ أَحَدٗا فَلَا تَدۡخُلُوهَا حَتَّىٰ يُؤۡذَنَ لَكُمۡۖ وَإِن قِيلَ لَكُمُ ٱرۡجِعُواْ فَٱرۡجِعُواْۖ هُوَ أَزۡكَىٰ لَكُمۡۚ وَٱللَّهُ بِمَا تَعۡمَلُونَ عَلِيمٞ ٢٨
And if you do not find anyone therein, do not enter them until permission has been given you. And if it is said to you, "Go back,"1 then go back; it is purer for you. And Allāh is Knowing of what you do.
যদি ঘৰত কোনো ব্যক্তি নাথাকে তেন্তে ঘৰৰ মালিকে অনুমতি নিদিয়ালৈকে সেই ঘৰত প্ৰৱেশ নকৰিবা। আৰু যদি ঘৰৰ মালিকে উভতি যাবলৈ কয় তেন্তে উভতি যাবা প্ৰৱেশ নকৰিবা। আল্লাহৰ ওচৰত এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ, তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
24:29Page 353
لَّيۡسَ عَلَيۡكُمۡ جُنَاحٌ أَن تَدۡخُلُواْ بُيُوتًا غَيۡرَ مَسۡكُونَةٖ فِيهَا مَتَٰعٞ لَّكُمۡۚ وَٱللَّهُ يَعۡلَمُ مَا تُبۡدُونَ وَمَا تَكۡتُمُونَ ٢٩
There is no blame upon you for entering houses not inhabited in which there is convenience1 for you. And Allāh knows what you reveal and what you conceal.
সাৰ্বজনিক ঘৰত বিনা অনুমতিত প্ৰৱেশ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, এনেকুৱা ঘৰ যিটো কাৰো বাবে বিশেষ নহয়। যেনেঃ পুথিভঁৰাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। তোমালোকে যিবোৰ কৰ্ম আৰু পৰিস্থিতি গোপন কৰা তথা প্ৰকাশ কৰা, সেইবোৰৰ বিষয়ে আল্লাহে ভালদৰেই অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়, তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
24:30Page 353
قُل لِّلۡمُؤۡمِنِينَ يَغُضُّواْ مِنۡ أَبۡصَٰرِهِمۡ وَيَحۡفَظُواْ فُرُوجَهُمۡۚ ذَٰلِكَ أَزۡكَىٰ لَهُمۡۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا يَصۡنَعُونَ ٣٠
Tell the believing men to reduce [some] of their vision1 and guard their private parts.2 That is purer for them. Indeed, Allāh is [fully] Aware of what they do.
হে ৰাছুল! আপুনি মুমিনসকলক জনাই দিয়ক, তেওঁলোকে যেন পৰ নাৰীক দেখাৰ পৰা আৰু পৰ্দাকৃত বস্তু চোৱাৰ পৰা নিজৰ দৃষ্টিক সংযত ৰাখে, লগতে তেওঁলোকে যেন হাৰাম কৰ্মৰ পৰা বিৰত থাকি নিজৰ লজ্জাস্থানক হিফাজত কৰে, তথা মানুহৰ আগত যাতে নিজৰ লজ্জাস্থান উন্মুক্ত নকৰে। লজ্জাস্থানৰ হিফাজত কৰা আৰু আল্লাহে হাৰাম কৰা বস্তু নেদেখাটোৱে হৈছে আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তেওঁলোকৰ সকলো কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়, তেৱেঁই তেওঁলোকক ইয়াৰ প্ৰতিদান দিব।
24:31Page 353
وَقُل لِّلۡمُؤۡمِنَٰتِ يَغۡضُضۡنَ مِنۡ أَبۡصَٰرِهِنَّ وَيَحۡفَظۡنَ فُرُوجَهُنَّ وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنۡهَاۖ وَلۡيَضۡرِبۡنَ بِخُمُرِهِنَّ عَلَىٰ جُيُوبِهِنَّۖ وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا لِبُعُولَتِهِنَّ أَوۡ ءَابَآئِهِنَّ أَوۡ ءَابَآءِ بُعُولَتِهِنَّ أَوۡ أَبۡنَآئِهِنَّ أَوۡ أَبۡنَآءِ بُعُولَتِهِنَّ أَوۡ إِخۡوَٰنِهِنَّ أَوۡ بَنِيٓ إِخۡوَٰنِهِنَّ أَوۡ بَنِيٓ أَخَوَٰتِهِنَّ أَوۡ نِسَآئِهِنَّ أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُهُنَّ أَوِ ٱلتَّٰبِعِينَ غَيۡرِ أُوْلِي ٱلۡإِرۡبَةِ مِنَ ٱلرِّجَالِ أَوِ ٱلطِّفۡلِ ٱلَّذِينَ لَمۡ يَظۡهَرُواْ عَلَىٰ عَوۡرَٰتِ ٱلنِّسَآءِۖ وَلَا يَضۡرِبۡنَ بِأَرۡجُلِهِنَّ لِيُعۡلَمَ مَا يُخۡفِينَ مِن زِينَتِهِنَّۚ وَتُوبُوٓاْ إِلَى ٱللَّهِ جَمِيعًا أَيُّهَ ٱلۡمُؤۡمِنُونَ لَعَلَّكُمۡ تُفۡلِحُونَ ٣١
And tell the believing women to reduce [some] of their vision1 and guard their private parts and not expose their adornment2 except that which [necessarily] appears thereof3 and to wrap [a portion of] their headcovers over their chests and not expose their adornment [i.e., beauty] except to their husbands, their fathers, their husbands' fathers, their sons, their husbands' sons, their brothers, their brothers' sons, their sisters' sons, their women, that which their right hands possess [i.e., slaves], or those male attendants having no physical desire,4 or children who are not yet aware of the private aspects of women. And let them not stamp their feet to make known what they conceal of their adornment. And turn to Allāh in repentance, all of you, O believers, that you might succeed.
মুমিনা নাৰীসকলক কৈ দিয়ক, তেওঁলোকে যেন সেইবোৰ বস্তুৰ পৰা নিজৰ দৃষ্টি সংযত ৰাখে, যিবোৰৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম। লগতে তেওঁলোকে নিজৰ লজ্জাস্থান হিফাজত কৰা উচিত আৰু ব্যভিচাৰৰ পৰা দূৰত্ব অৱলম্বন কৰি নিজৰ লজ্জাস্থান পৰ্দাত ৰখা উচিত। তথা নিজৰ সৌন্দৰ্য বেলেগৰ সন্মুখত প্ৰকাশ কৰা অনুচিত, কিন্তু যিবোৰ সাধাৰণতে প্ৰকাশ পায়, নাইবা যিবোৰক গোপন ৰখা অসম্ভৱ যেনে পোছাক-পৰিচ্ছদ আদি (সেইবোৰৰ বিষয়টো সুকীয়া)। তেওঁলোকে মূৰত ওৰণি ব্যৱহাৰ কৰা উচিত, যাতে মূৰৰ চুলি, মুখমণ্ডল আৰু ঘাৰ আৰু বক্ষস্থল ঢাকি থাকে। নিজৰ গোপন সৌন্দৰ্য আনৰ ওচৰত প্ৰকাশ কৰা উচিত নহয়, স্বামী, পিতা, শশুৰ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগতে লগৰীয়া বিশ্বাসী তিৰোতাসকলৰ বাহিৰে, মুছলিমেই হওক অথবা কাফিৰ। তথা সেইবোৰ দাস-দাসীৰ বাহিৰে যিবোৰৰ স্বয়ং তেওঁলোক মালিক। নাইবা যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষসকলৰ বাহিৰে, লগতে নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ শিশুসকলৰ বাহিৰে। তথা তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে মাটিত সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে দৃষ্টি আদিৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত তাওবা কৰা। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, আৰু ভয়-ভীতিৰ পৰা ৰক্ষা পোৱা।
24:32Page 354
وَأَنكِحُواْ ٱلۡأَيَٰمَىٰ مِنكُمۡ وَٱلصَّٰلِحِينَ مِنۡ عِبَادِكُمۡ وَإِمَآئِكُمۡۚ إِن يَكُونُواْ فُقَرَآءَ يُغۡنِهِمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَٱللَّهُ وَٰسِعٌ عَلِيمٞ ٣٢
And marry the unmarried among you and the righteous among your male slaves and female slaves. If they should be poor, Allāh will enrich them from His bounty, and Allāh is all-Encompassing and Knowing.
হে মুমিনসকল! নিজৰ দায়িত্ববোধেৰে সেইসকল লোকক বিবাহ কৰোৱা যিসকলৰ স্ত্ৰী নাই। আৰু সেইসকল স্বাধীন নাৰীকো বিবাহ দিয়া যিসকলৰ স্বামী নাই। তথা তোমালোকৰ অধীনস্থ মুমিন দাস-দাসীসকলকো বিবাহ কৰোৱাই দিয়া। যদি তেওঁলোক দৰিদ্ৰ, তেন্তে নিশ্চয় আল্লাহে তেওঁৰ বিশাল অনুগ্ৰহেৰে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব। নিশ্চয় আল্লাহ প্ৰশস্ত জীৱিকা প্ৰদানকাৰী। কাৰোবাক ধন প্ৰদান কৰিলেও তেওঁৰ জীৱিকা ভাণ্ডাৰত কোনো ক্ষতি নহয়। তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।
24:33Page 354
وَلۡيَسۡتَعۡفِفِ ٱلَّذِينَ لَا يَجِدُونَ نِكَاحًا حَتَّىٰ يُغۡنِيَهُمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَٱلَّذِينَ يَبۡتَغُونَ ٱلۡكِتَٰبَ مِمَّا مَلَكَتۡ أَيۡمَٰنُكُمۡ فَكَاتِبُوهُمۡ إِنۡ عَلِمۡتُمۡ فِيهِمۡ خَيۡرٗاۖ وَءَاتُوهُم مِّن مَّالِ ٱللَّهِ ٱلَّذِيٓ ءَاتَىٰكُمۡۚ وَلَا تُكۡرِهُواْ فَتَيَٰتِكُمۡ عَلَى ٱلۡبِغَآءِ إِنۡ أَرَدۡنَ تَحَصُّنٗا لِّتَبۡتَغُواْ عَرَضَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَمَن يُكۡرِههُّنَّ فَإِنَّ ٱللَّهَ مِنۢ بَعۡدِ إِكۡرَٰهِهِنَّ غَفُورٞ رَّحِيمٞ ٣٣
But let them who find not [the means for] marriage abstain [from sexual relations] until Allāh enriches them from His bounty. And those who seek a contract [for eventual emancipation] from among whom your right hands possess1 - then make a contract with them if you know there is within them goodness and give them from the wealth of Allāh which He has given you. And do not compel your slave girls to prostitution, if they desire chastity, to seek [thereby] the temporary interests of worldly life. And if someone should compel them, then indeed, Allāh is [to them], after their compulsion, Forgiving and Merciful.
দৰিদ্ৰ হোৱাৰ কাৰণে যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, তেওঁলোকে ব্যভিচাৰৰ পৰা নিজকে পৱিত্ৰ ৰখা উচিত, যেতিয়ালৈকে আল্লাহে তেওঁলোকক তেওঁৰ বিশাল অনুগ্ৰহৰে সম্পদ প্ৰদান নকৰে। যিসকল দাসে নিজৰ মালিকৰ পৰা ধনৰ বিনিময়ত স্বাধীনতা বিচাৰে, যদি তেওঁলোকে সেইসকল দাসৰ মাজত বিনিময় আদায় কৰাৰ সামৰ্থ দেখা পায় আৰু ধৰ্মৰ ক্ষেত্ৰত যদি সঠিক জ্ঞান থাকে তেন্তে তেওঁলোকে এই আবেদন স্বীকাৰ কৰা উচিত। তেওঁলোকৰ প্ৰতি এইটোও জৰুৰী যে, আল্লাহে তেওঁলোকক যি সম্পদ দান কৰিছে, তাৰ পৰা সিহঁতকো অলপ প্ৰদান কৰা উচিত। তথা লিখাৰ সময়ত যিটো বিনিময়ৰ ধন নিৰ্ধাৰিত হৈছিল, তাৰে কিছু অংশ মাফ কৰি দিয়া উচিত। ধনৰ লোভত পৰি নিজৰ দাসীসকলক ব্যভিচাৰত লিপ্ত কৰিবলৈ বাধ্য নকৰিবা, তথা ইয়াৰ জৰিয়তে উপাৰ্জিত ধন ভক্ষণ নকৰিবা। যিদৰে আব্দুল্লাহ বিন উবায়ে (সি আছিল এজন মুনাফিক) তাৰ দুই দাসীক ব্যভিচাৰ কৰিবলৈ বাধ্য কৰিছিল, অথচ দাসী দুজনীয়ে ব্যভিচাৰৰ পৰা আঁতৰত থাকি নিজকে পৱিত্ৰ ৰাখিব বিচাৰিছিল। আনহাতে যি ব্যক্তিয়ে নিজৰ দাসীসকলক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰাব তেন্তে আল্লাহে নিশ্চয় সেইসকল দাসীৰ গুনাহসমূহ ক্ষমা কৰি দিব তথা তেওঁলোকৰ প্ৰতি দয়া কৰিব। কিয়নো সিহঁতক বাধ্য কৰোৱা হৈছে। গতিকে যিয়ে বাধ্য কৰাইছে সি হ'ব প্ৰকৃত গুনাহগাৰ।
24:34Page 354
وَلَقَدۡ أَنزَلۡنَآ إِلَيۡكُمۡ ءَايَٰتٖ مُّبَيِّنَٰتٖ وَمَثَلٗا مِّنَ ٱلَّذِينَ خَلَوۡاْ مِن قَبۡلِكُمۡ وَمَوۡعِظَةٗ لِّلۡمُتَّقِينَ ٣٤
And We have certainly sent down to you distinct verses1 and examples from those who passed on before you and an admonition for those who fear Allāh.
হে মানৱজাতি! আমি তোমালোকৰ প্ৰতি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। যিবোৰে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰে। আমি তোমালোকৰ বাবে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা মুমিন আৰু কাফিৰসকলৰ উদাহৰণো দাঙি ধৰিছোঁ। তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ উপদেশ; উপদেশ সেই ব্যক্তিয়েই গ্ৰহণ কৰে যিয়ে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
24:35Page 354
۞ ٱللَّهُ نُورُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ مَثَلُ نُورِهِۦ كَمِشۡكَوٰةٖ فِيهَا مِصۡبَاحٌۖ ٱلۡمِصۡبَاحُ فِي زُجَاجَةٍۖ ٱلزُّجَاجَةُ كَأَنَّهَا كَوۡكَبٞ دُرِّيّٞ يُوقَدُ مِن شَجَرَةٖ مُّبَٰرَكَةٖ زَيۡتُونَةٖ لَّا شَرۡقِيَّةٖ وَلَا غَرۡبِيَّةٖ يَكَادُ زَيۡتُهَا يُضِيٓءُ وَلَوۡ لَمۡ تَمۡسَسۡهُ نَارٞۚ نُّورٌ عَلَىٰ نُورٖۚ يَهۡدِي ٱللَّهُ لِنُورِهِۦ مَن يَشَآءُۚ وَيَضۡرِبُ ٱللَّهُ ٱلۡأَمۡثَٰلَ لِلنَّاسِۗ وَٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٞ ٣٥
Allāh is the Light1 of the heavens and the earth. The example of His light2 is like a niche within which is a lamp;3 the lamp is within glass, the glass as if it were a pearly [white] star lit from [the oil of] a blessed olive tree, neither of the east nor of the west, whose oil would almost glow even if untouched by fire. Light upon light. Allāh guides to His light whom He wills. And Allāh presents examples for the people, and Allāh is Knowing of all things.
আল্লাহ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ নূৰ, তথা উভয়ৰ মাজত থকা সকলোৰে পথপ্ৰদৰ্শক। মুমিনৰ অন্তৰত আল্লাহৰ নূৰৰ উপমা হৈছে এনেকুৱা, যেনিবা দেৱালত ওলমি থকা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, যেনিবা উজ্জ্বল নক্ষত্ৰ। যিটো প্ৰদীপ প্ৰজ্বলিত হয় বৰকতময় গছৰ তেলৰ দ্বাৰা, অৰ্থাৎ যাইতুন গছৰ তেলৰ দ্বাৰা। সেই গছজোপা সূৰ্যৰ তাপৰ পৰা কেতিয়াও বঞ্চিত নহয়, পুৱাৰ ভাগতো নহয় আবেলিও নহয়। সেই তেল ইমান পৰিস্কাৰ যে, জুই নোহোৱাকৈ যেনিবা পোহৰ বিয়পায়। তেন্তে ভাৱি চোৱা! জুই স্পৰ্শ কৰিলে কি অৱস্থা হ’ব। এফালে প্ৰদীপৰ নূৰ, আনফালে কাঁচৰ পোহৰ। এইটোৱেই হৈছে মুমিনৰ অন্তৰৰ পৰিৱেশ, যেতিয়া তাত হিদায়তৰ নূৰ প্ৰৱেশ কৰে। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে কোৰআন-হাদীছ অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰে। আল্লাহে উদাহৰণৰ জৰিয়তে বিষয়বোৰ স্পষ্ট কৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, একোৱেই তেওঁৰ পৰা গোপন নহয়।
24:36Page 354
فِي بُيُوتٍ أَذِنَ ٱللَّهُ أَن تُرۡفَعَ وَيُذۡكَرَ فِيهَا ٱسۡمُهُۥ يُسَبِّحُ لَهُۥ فِيهَا بِٱلۡغُدُوِّ وَٱلۡأٓصَالِ ٣٦
[Such niches are] in houses [i.e., mosques] which Allāh has ordered to be raised and that His name be mentioned [i.e., praised] therein; exalting Him within them in the morning and the evenings1
এই প্ৰদীপটো মছজিদত প্ৰজ্জ্বলিত কৰা হয়, যাৰ ভিত্তি আৰু মৰ্যাদা সমন্নুত কৰাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। সেই মছজিদসমূহত আজান, জিকৰ আৰু চালাতৰ জৰিয়তে তেওঁক স্মৰণ কৰা হয়। লগতে তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ পুৱা-গধূলি চালাত আদায় কৰা হয়।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences