Al-MukhtasarAsh‑Sharh · 94:1–8

Al-Mukhtasar · Tafsir · in Assamese

الشرح

Ash-Sharh

The Relief · Meccan · 8 ayahs

94:1Page 596

أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ ١

Did We not expand for you, [O Muḥammad], your breast?1

নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰিয় বনাই দিছোঁ।

94:2Page 596

وَوَضَعۡنَا عَنكَ وِزۡرَكَ ٢

And We removed from you your burden1

আমি আপোনাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিছোঁ, আৰু আপোনাৰ পৰা জাহিলি যুগৰ জটিতাবোৰ আঁতৰাই দিছোঁ।

94:3Page 596

ٱلَّذِيٓ أَنقَضَ ظَهۡرَكَ ٣

Which had weighed upon your back

যিয়ে বোজাই আপোনাক ইমান ক্লান্ত কৰিছিল যে, যেনিবা আপোনাৰ পিঠি ভাঙি যাব।

94:4Page 596

وَرَفَعۡنَا لَكَ ذِكۡرَكَ ٤

And raised high for you your repute.

আৰু আমি আপোনাৰ স্মৰণক সমুন্নত কৰিছো। বৰং আজান, ইক্বামত আৰু অন্য স্থানবোৰতো আপোনাক স্মৰণ কৰা হয়।

94:5Page 596

فَإِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرًا ٥

For indeed, with hardship [will be] ease [i.e., relief].

নিশ্চয় কঠিন পৰিস্থিতি আৰু সংকীৰ্ণতাৰ পিছতেই আছে সৰলতা আৰু প্ৰশস্ততা।

94:6Page 596

إِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرٗا ٦

Indeed, with hardship [will be] ease.

নিশ্চয় কঠিন পৰিস্থিতি আৰু সংকীৰ্ণতাৰ পিছতেই আছে সৰলতা আৰু প্ৰশস্ততা। যিহেতু আপুনি এই কথা গম পাইছে, এতেকে আপোনাৰ জাতিৰ দ্বাৰা দিয়া কষ্টৰ প্ৰতি আপুনি ভাগি পৰা উচিত নহয়। আৰু দাৱাতৰ ক্ষেত্ৰতো এই চিন্তা বাধা হৈ থিয় দিয়াটো উচিত নহয়।

94:7Page 596

فَإِذَا فَرَغۡتَ فَٱنصَبۡ ٧

So when you have finished [your duties], then stand up [for worship].

যেতিয়া আপুনি আপোনাৰ কামৰ পৰা অৱসৰ পায় আৰু তাক চিজিল কৰি লয়, তেতিয়া আপোনাৰ প্ৰতিপালকৰ ইবাদতত গভীৰ ভাৱে নিৱদ্ধ হওক।

94:8Page 596

وَإِلَىٰ رَبِّكَ فَٱرۡغَب ٨

And to your Lord direct [your] longing.

আৰু আপোনাৰ সম্পূৰ্ণ ধ্যান আৰু মনোযাগ আপোনাৰ প্ৰতিপালকৰ ফালে কেন্দ্ৰিত কৰিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском