Al-MukhtasarHud · 11:1–36

Al-Mukhtasar · Tafsir · in Assamese

هود

Hud

Hud · Meccan · 123 ayahs

11:1Page 221

الٓرۚ كِتَٰبٌ أُحۡكِمَتۡ ءَايَٰتُهُۥ ثُمَّ فُصِّلَتۡ مِن لَّدُنۡ حَكِيمٍ خَبِيرٍ ١

Alif, Lām, Rā.1 [This is] a Book whose verses are perfected and then presented in detail from [one who is] Wise and Aware2

(আলিফ-লাম-ৰা) এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। কোৰআন এনেকুৱা এখন কিতাপ যাৰ শব্দ বিন্যাস আৰু অৰ্থবোৰ সুদৃঢ়। তাত আপুনি কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাপাব। লগতে তাত হালাল আৰু হাৰাম, আদেশ আৰু নিষেধ, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী তথা পূৰ্বযুগৰ ঘটনাৱলী বিশদভাৱে বৰ্ণনা কৰা হৈছে। এইখন এনেকুৱা সত্ত্বাৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে, যিজন পৰিচালনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। বান্দাৰ পৰিস্থিতি সম্পৰ্কে আৰু তেওঁলোকৰ কল্যাণকৰ দিশ সম্পৰ্কে সৰ্বজ্ঞ।

11:2Page 221

أَلَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۚ إِنَّنِي لَكُم مِّنۡهُ نَذِيرٞ وَبَشِيرٞ ٢

[Through a messenger, saying], "Do not worship except Allāh. Indeed, I am to you from Him a warner and a bringer of good tidings,"

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই আয়াতসমূহৰ বিষয়বস্তু হৈছেঃ আল্লাহৰ লগত বান্দাসকলে যাতে আন কাৰো উপাসনা নকৰে সেই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰা। হে মানৱজাতি! যদি তোমালোকে আল্লাহৰ লগত কুফুৰী কৰা তথা তেওঁৰ অবাধ্যতা কৰা তেন্তে শুনা! নিশ্চয় মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। লগতে মই তোমালোকক তেওঁৰ ছোৱাবৰ সুসংবাদ দিওঁ, যদি তোমালোকে ঈমান পোষণ কৰা আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা।

11:3Page 221

وَأَنِ ٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِ يُمَتِّعۡكُم مَّتَٰعًا حَسَنًا إِلَىٰٓ أَجَلٖ مُّسَمّٗى وَيُؤۡتِ كُلَّ ذِي فَضۡلٖ فَضۡلَهُۥۖ وَإِن تَوَلَّوۡاْ فَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ كَبِيرٍ ٣

And [saying], "Seek forgiveness of your Lord and repent to Him, [and] He will let you enjoy a good provision for a specified term and give every doer of favor his favor [i.e., reward]. But if you turn away, then indeed, I fear for you the punishment of a great Day.

হে মানৱজাতি! নিজৰ গুনাহৰ পৰা নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। তোমালোকে তেওঁৰ যি অবাধ্যতা কৰিছা, তাৰ প্ৰতি অনুতপ্ত হৈ তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰা। তেওঁ তোমালোকক পাৰ্থিৱ জীৱনত, তোমালোকৰ নিৰ্দিষ্ট সময় সমাপ্ত নোহোৱালৈকে সুখ উপভোগৰ উত্তম সামগ্ৰী প্ৰদান কৰিব। প্ৰত্যেক সেই ব্যক্তি যিয়ে অতিৰিক্ত আনুগত্য তথা সৎকৰ্ম কৰে, তাৰ শ্ৰেষ্ঠতাৰ সম্পূৰ্ণ প্ৰতিকাৰ প্ৰদান কৰিব, তথা তাত একো হ্ৰাস কৰা নহ'ব। আনহাতে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি যদি তোমালোকে ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা, তেন্তে শুনা! মই তোমালোকক এটা ভয়ঙ্কৰ দিনৰ পৰা সতৰ্ক কৰোঁ, সেয়া হৈছে ক্বিয়ামত দিৱস।

11:4Page 221

إِلَى ٱللَّهِ مَرۡجِعُكُمۡۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ ٤

To Allāh is your return, and He is over all things competent."

হে মানৱজাতি! ক্বিয়ামতৰ দিনা তোমালোক কেৱল আল্লাহৰ প্ৰতিহে প্ৰত্যাৱৰ্তন কৰিবা। পৱিত্ৰ আল্লাহ সকলো বিষয়ত ক্ষমতাৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। এতেকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক জীৱিত কৰা তথা তোমালোকৰ হিচাপ নিকাচ লোৱা আদি কৰ্মই তেওঁক কেতিয়াও বিৱশ কৰিব নোৱাৰে।

11:5Page 221

أَلَآ إِنَّهُمۡ يَثۡنُونَ صُدُورَهُمۡ لِيَسۡتَخۡفُواْ مِنۡهُۚ أَلَا حِينَ يَسۡتَغۡشُونَ ثِيَابَهُمۡ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٥

Unquestionably, they [i.e., the disbelievers] turn away their breasts to hide themselves from him. Unquestionably, [even] when they cover themselves in their clothing, He [i.e., Allāh] knows what they conceal and what they declare. Indeed, He is Knowing of that within the breasts.

শুনা! দৰাচলতে মুশ্বৰিকসকলে নিজৰ বুকু জপাই ৰাখে, যাতে সিহঁতে নিজৰ বুকুত থকা সন্দেহক আল্লাহৰ পৰা গোপন কৰিব পাৰে, সিহঁত এই বিষয়ে অনভিজ্ঞ কাৰণে এনেকুৱা কৰে। জানি থোৱা! সিহঁতে যে কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে সেই বিষয়ে আল্লাহ অৱগত। নিশ্চয় তেওঁ অন্তৰৰ গোপন বিষয়ে সম্যক অৱগত।

11:6Page 222

۞ وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ إِلَّا عَلَى ٱللَّهِ رِزۡقُهَا وَيَعۡلَمُ مُسۡتَقَرَّهَا وَمُسۡتَوۡدَعَهَاۚ كُلّٞ فِي كِتَٰبٖ مُّبِينٖ ٦

And there is no creature on earth but that upon Allāh is its provision, and He knows its place of dwelling and place of storage.1 All is in a clear register.

পৃথিৱীত চলাচল কৰা প্ৰত্যেক প্ৰাণীৰ জীৱিকাৰ দায়িত্ব স্বয়ং আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত বহন কৰিছে। পৱিত্ৰ আল্লাহে সিহঁতৰ পৃথিৱীত থকা বাসস্থান সম্পৰ্কেও অৱগত, আৰু সিহঁতৰ সেই ঠাই সম্পৰ্কেও অৱগত, যত সিহঁতে মৃত্যুবৰণ কৰিব। এইদৰে সকলো প্ৰাণী আৰু সিহঁতৰ জীৱিকা আৰু সিহঁতৰ বাসস্থান তথা সিহঁতৰ মৃত্যুবৰণ কৰা ঠাই সম্পৰ্কে বিশদ বৰ্ণনা স্পষ্ট কিতাপত উল্লেখ আছে অৰ্থাৎ লাওহে মাহফুজত।

11:7Page 222

وَهُوَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ وَكَانَ عَرۡشُهُۥ عَلَى ٱلۡمَآءِ لِيَبۡلُوَكُمۡ أَيُّكُمۡ أَحۡسَنُ عَمَلٗاۗ وَلَئِن قُلۡتَ إِنَّكُم مَّبۡعُوثُونَ مِنۢ بَعۡدِ ٱلۡمَوۡتِ لَيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ ٧

And it is He who created the heavens and the earth in six days - and His Throne had been upon water - that He might test you as to which of you is best in deed. But if you say, "Indeed, you are resurrected after death," those who disbelieve will surely say, "This is not but obvious magic."

তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে বিশাল আকাশমণ্ডল তথা পৃথিৱী আৰু উভয়ৰ মাজত থকা সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। এই দুয়োটা সৃষ্টিৰ পূৰ্বে তেওঁৰ আৰছ আছিল পানীৰ ওপৰত। হে মানৱজাতি! যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্মকাৰী কোন কোন আছে, আনহাতে আল্লাহক অসন্তুষ্ট কৰিব পৰা অৎসকৰ্মকাৰী কোন কোন আছে। যাতে তেওঁ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দিব পাৰে। হে নবী! যদি আপুনি কয়ঃ হে মানৱজাতি! মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচ লোৱাৰ বাবে পুনৰ্জীৱিত কৰা হ'ব, তেতিয়া আপুনি লক্ষ্য কৰিব, আল্লাহক অস্বীকাৰকাৰী আৰু পুনৰুত্থানক নসাৎ কৰা ব্যক্তিসকলে অৱশ্যে ক'বঃ তুমি যি কোৰআন তিলাৱত কৰা সেইটো হৈছে স্পষ্ট যাদু তথা প্ৰকাশ্য অসত্য।

11:8Page 222

وَلَئِنۡ أَخَّرۡنَا عَنۡهُمُ ٱلۡعَذَابَ إِلَىٰٓ أُمَّةٖ مَّعۡدُودَةٖ لَّيَقُولُنَّ مَا يَحۡبِسُهُۥٓۗ أَلَا يَوۡمَ يَأۡتِيهِمۡ لَيۡسَ مَصۡرُوفًا عَنۡهُمۡ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٨

And if We hold back from them the punishment for a limited time, they will surely say,1 "What detains it?" Unquestionably, on the Day it comes to them, it will not be averted from them, and they will be enveloped by what they used to ridicule.

যদি আমি মুশ্বৰিকসকলৰ পৰা সিহঁতৰ প্ৰাপ্য শাস্তি পাৰ্থিৱ জীৱনত কিছু দিনৰ বাবে স্থগিত কৰি ৰাখোঁ, তেন্তে সিহঁতে ততাতৈয়া কৰিব আৰু উপহাস কৰি ক'বঃ আমাৰ পৰা শাস্তিক কিহে প্ৰতিৰোধ কৰিছে? জানি থোৱা! আল্লাহৰ ওচৰত সিহঁতৰ প্ৰাপ্য শাস্তিৰ বাবে আছে এটা নিৰ্ধাৰিত সময়। সেই শাস্তি যিদিনা আহিব, তেতিয়া তাক প্ৰতিৰোধ কৰিব পৰা কোনেও নাথাকিব। সেই শাস্তি অৱশ্যে আহিব। যি শাস্তিক সিহঁতে উপলুঙা কৰি আছে আৰু উপহাস কৰি আছে তথা সোনকালে বিচাৰি আছে, সেই শাস্তিয়েই সিহঁতক আগুৰি ধৰিব।

11:9Page 222

وَلَئِنۡ أَذَقۡنَا ٱلۡإِنسَٰنَ مِنَّا رَحۡمَةٗ ثُمَّ نَزَعۡنَٰهَا مِنۡهُ إِنَّهُۥ لَيَـُٔوسٞ كَفُورٞ ٩

And if We give man a taste of mercy from Us and then We withdraw it from him, indeed, he is despairing and ungrateful.

যদি আমি মানুহক কিছুমান নিয়ামত দান কৰো, যেনেঃ সুস্বাস্থ্য আৰু ধন-সম্পত্তি, তাৰ পিছত সেইবোৰ যদি আমি পুনৰ কাঢ়ি লওঁ তেন্তে সি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে আৰু তেওঁৰ নিয়ামতৰ কোনো ধৰণৰ কৃতজ্ঞতা প্ৰকাশ নকৰে। আল্লাহে প্ৰদান কৰা নিয়ামত যেতিয়া কাঢ়ি লোৱা হয়, তেতিয়া সি তাৰ দ্বাৰা উপকৃত হোৱা কথাষাৰকো পাহৰি যায়।

11:10Page 222

وَلَئِنۡ أَذَقۡنَٰهُ نَعۡمَآءَ بَعۡدَ ضَرَّآءَ مَسَّتۡهُ لَيَقُولَنَّ ذَهَبَ ٱلسَّيِّـَٔاتُ عَنِّيٓۚ إِنَّهُۥ لَفَرِحٞ فَخُورٌ ١٠

But if We give him a taste of favor after hardship has touched him, he will surely say, "Bad times have left me." Indeed, he is exultant and boastful -

আনহাতে যদি আমি তাক দৰিদ্ৰতা আৰু বেমাৰ-আজাৰৰ পিছত সুস্বাস্থ্য আৰু ধন-সম্পত্তিৰ সোৱাদ উপভোগ কৰাওঁ, তেন্তে সি অৱশ্যে ক'বঃ মই অনিষ্টতাৰ পৰা পৰিত্ৰাণ পাইছো আৰু কষ্টৰ অন্ত পৰিছে। কিন্তু সি আল্লাহৰ কৃতজ্ঞতা আদায় নকৰে। ফলত সি আনন্দত মতলীয়া হৈ পৰে, আৰু আল্লাহৰ নিয়ামত পাই মানুহৰ আগত অহংকাৰ কৰি ফুৰে।

11:11Page 222

إِلَّا ٱلَّذِينَ صَبَرُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ أُوْلَٰٓئِكَ لَهُم مَّغۡفِرَةٞ وَأَجۡرٞ كَبِيرٞ ١١

Except for those who are patient and do righteous deeds; those will have forgiveness and great reward.

কিন্তু যিসকলে কষ্টত ধৈৰ্য ধাৰণ কৰিছে, আৰু আনুগত্য কৰিছে, তথা গুনাহৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, লগতে সৎকৰ্ম কৰিছে, তেওঁলোকৰ অৱস্থা হৈছে ভিন্ন। তেওঁলোকৰ মাজত হতাশা বিৰাজ নকৰিব, আৰু তেওঁলোকে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতাও নকৰিব, আনকি তেওঁলোক মানুহৰ আগত অহংকাৰো নকৰিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে নিজৰ গুনাহৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ফালৰ পৰা ক্ষমা তথা মাৰ্জনা লাভ কৰিব। লগতে তেওঁলোকৰ বাবে আখিৰাতত থাকিব মহাপ্ৰতিফল।

11:12Page 222

فَلَعَلَّكَ تَارِكُۢ بَعۡضَ مَا يُوحَىٰٓ إِلَيۡكَ وَضَآئِقُۢ بِهِۦ صَدۡرُكَ أَن يَقُولُواْ لَوۡلَآ أُنزِلَ عَلَيۡهِ كَنزٌ أَوۡ جَآءَ مَعَهُۥ مَلَكٌۚ إِنَّمَآ أَنتَ نَذِيرٞۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٌ ١٢

Then would you possibly leave [out] some of what is revealed to you,1 or is your breast constrained by it because they say, "Why has there not been sent down to him a treasure or come with him an angel?" But you are only a warner. And Allāh is Disposer of all things.

হে ৰাছুল! এনেকুৱা লাগে যে, আপুনি সিহঁতৰ এই কুফুৰী, স্বৈৰাচাৰীতা আৰু নিদৰ্শন দাবীৰ কাৰণে সেই দায়িত্বও পৰিত্যাগ কৰিব যিটো পৌঁচাই দিয়াৰ বাবে আপোনাক দায়িত্ব দিয়া হৈছে, যিটোৰ ওপৰত আমল কৰা সিহঁতৰ পক্ষে কঠিন। আপুনি এই বাৰ্তা পৌঁচাই দিবলৈ এই কাৰণে সংকোচবোধ কৰি আছে যে, যদি সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ নহয়, যাতে তেওঁ ধৈনাট্যৰ অন্তৰ্ভুক্ত হয়, অথবা কোনো ফিৰিস্তা কিয় নাহে, যিয়ে তেওঁৰ সমৰ্থনত থিয় দিব। এনেকুৱা আশংকাৰ ফলত আপুনি অহীৰ বাৰ্তা পৌঁচাই দিয়াত কেতিয়াও অৱহেলা নকৰিব। আপুনি কেৱলমাত্ৰ এজন সতৰ্ককাৰী। আপুনি সেইটোৱে প্ৰচাৰ কৰে, যিটো প্ৰচাৰ কৰাৰ দায়িত্ব আল্লাহে আপোনাক প্ৰদান কৰিছে। সিহঁতে যিবোৰ নিদৰ্শন আনিবলৈ দাবী কৰে, সেইবোৰ লৈ অহা আপোনাৰ দায়িত্ব নহয়। নিশ্চয় আল্লাহ সকলো বস্তু সংৰক্ষক।

11:13Page 223

أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ فَأۡتُواْ بِعَشۡرِ سُوَرٖ مِّثۡلِهِۦ مُفۡتَرَيَٰتٖ وَٱدۡعُواْ مَنِ ٱسۡتَطَعۡتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمۡ صَٰدِقِينَ ١٣

Or do they say, "He invented it"? Say, "Then bring ten sūrahs like it that have been invented and call upon [for assistance] whomever you can besides Allāh, if you should be truthful."

বৰং মুশ্বৰিকসকলে কয়ঃ মুহাম্মদে নিজেই কোৰআন ৰচনা কৰিছে, আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা নাই। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যাহ্বান জনাই কওঁক যে, তেন্তে তোমালোকে এই কোৰআনৰ দৰে দহটা ছুৰা ৰচনা কৰি আনাচোন। যি কোৰআনক তোমালোকে মানৱ ৰচিত বুলি ধাৰণা কৰি আছা, সেই কোৰআনৰ দৰে সত্যতা তোমালোকে নিজে ৰচনা কৰা বাণীত প্ৰকাশ কৰিব নোৱাৰিবা। তোমালোকে যাক ইচ্ছা এই কামত সহায়ৰ বাবে মাতি লব পাৰা। যদি তোমালোকে এই দাবীত সত্যবাদী যে, কোৰআন মানৱ ৰচিত।

11:14Page 223

فَإِلَّمۡ يَسۡتَجِيبُواْ لَكُمۡ فَٱعۡلَمُوٓاْ أَنَّمَآ أُنزِلَ بِعِلۡمِ ٱللَّهِ وَأَن لَّآ إِلَٰهَ إِلَّا هُوَۖ فَهَلۡ أَنتُم مُّسۡلِمُونَ ١٤

And if they do not respond to you - then know that it [i.e., the Qur’ān] was revealed with the knowledge of Allāh1 and that there is no deity except Him. Then,2 would you [not] be Muslims?

যদি সিহঁত অপাৰগ হয় আৰু তোমালোকৰ দাবী পূৰণ কৰিব নোৱাৰে, তেন্তে হে মুমিনসকল! জানি থোৱা, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত কোৰআন জানি বুজি দৃঢ় জ্ঞানৰ সৈতে অৱতীৰ্ণ কৰিছে। এয়া মানৱ ৰচিত নহয়। আৰু এইটোও জানি থোৱা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে এইবোৰ অকাট্য যুক্তি প্ৰমাণৰ পিছত তোমালোক আল্লাহৰ আনুগত্য কৰিবলৈ সাজু নে?

11:15Page 223

مَن كَانَ يُرِيدُ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا وَزِينَتَهَا نُوَفِّ إِلَيۡهِمۡ أَعۡمَٰلَهُمۡ فِيهَا وَهُمۡ فِيهَا لَا يُبۡخَسُونَ ١٥

Whoever desires the life of this world and its adornments - We fully repay them for their deeds therein,1 and they therein will not be deprived.

যি ব্যক্তিয়ে নিজৰ কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন আৰু ইয়াৰ ধ্বংসশীল বস্তু উপভোগ কৰিব বিচাৰে আৰু আখিৰাতৰ প্ৰতিদান নিবিচাৰে, আমি সিহঁতৰ কৰ্মৰ প্ৰতিদান স্বাস্থ্য, শান্তি আৰু জীৱিকাৰ প্ৰশস্ততাৰ ৰূপত এই পৃথিৱীতেই দান কৰো। সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়াত একো হ্ৰাস কৰা নহয়।

11:16Page 223

أُوْلَٰٓئِكَ ٱلَّذِينَ لَيۡسَ لَهُمۡ فِي ٱلۡأٓخِرَةِ إِلَّا ٱلنَّارُۖ وَحَبِطَ مَا صَنَعُواْ فِيهَا وَبَٰطِلٞ مَّا كَانُواْ يَعۡمَلُونَ ١٦

Those are the ones for whom there is not in the Hereafter but the Fire. And lost is what they did therein,1 and worthless is what they used to do.

এনেকুৱা তুচ্ছ আশা পোষণ কৰা ব্যক্তিসকলৰ বাবে ক্বিয়ামতৰ দিনা জাহান্নামৰ বাহিৰে আন কোনো প্ৰতিফল নাথাকিব, যত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ কৰ্মৰ পূণ্যসমূহ বিনষ্ট হ'ব, তথা সিহঁতে কৰা কৰ্মসমূহ ব্যৰ্থ হ'ব। কাৰণ পৃথিৱীত সিহঁতৰ ঈমান ঠিক নাছিল আৰু সিহঁতৰ উদ্দেশ্যও ঠিক নাছিল। সৎকৰ্মৰ জৰিয়তে সিহঁতে আল্লাহৰ সন্তুষ্টি বিচৰা নাছিল আৰু আখিৰাতৰ প্ৰতিদানো কামনা কৰা নাছিল।

11:17Page 223

أَفَمَن كَانَ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّهِۦ وَيَتۡلُوهُ شَاهِدٞ مِّنۡهُ وَمِن قَبۡلِهِۦ كِتَٰبُ مُوسَىٰٓ إِمَامٗا وَرَحۡمَةًۚ أُوْلَٰٓئِكَ يُؤۡمِنُونَ بِهِۦۚ وَمَن يَكۡفُرۡ بِهِۦ مِنَ ٱلۡأَحۡزَابِ فَٱلنَّارُ مَوۡعِدُهُۥۚ فَلَا تَكُ فِي مِرۡيَةٖ مِّنۡهُۚ إِنَّهُ ٱلۡحَقُّ مِن رَّبِّكَ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يُؤۡمِنُونَ ١٧

So is one who [stands] upon a clear evidence from his Lord [like the aforementioned]? And a witness1 from Him follows it,2 and before it was the Scripture of Moses to lead and as mercy. Those [believers in the former revelations] believe in it [i.e., the Qur’ān]. But whoever disbelieves in it from the [various] factions - the Fire is his promised destination. So be not in doubt about it. Indeed, it is the truth from your Lord, but most of the people do not believe.

নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা প্ৰমাণ আছে, আনকি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন সাক্ষীও আছে, অৰ্থাৎ জিব্ৰীল আলাইহিছ ছালাম, লগতে তেওঁৰ নবুওৱতৰ বিষয়ে ইতিপূৰ্বে তাওৰাতত উল্লেখ কৰা হৈছে যিটো মুছা আলাইহিছ ছালামৰ ওপৰত মানুহৰ বাবে আদৰ্শ তথা কৰুণা হিচাপে অৱতীৰ্ণ কৰা হৈছিল, তেওঁ আৰু মুমিনসকল কেতিয়াও পথভ্ৰষ্টতাত পতিত কাফিৰসকলৰ সমান হ'ব নোৱাৰে। মুমিনসকলে কোৰআনৰ প্ৰতি তথা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰে, যাৰ ওপৰত কোৰআন অৱতীৰ্ণ হৈছিল। এতেকে যিয়েই ইয়াক অস্বীকাৰ কৰিব, ক্বিয়ামতৰ দিনা তাৰ ঠিকনা হ'ব জাহান্নাম। এতেকে হে ৰাছুল! আপুনি কোৰআন আৰু সেইসকল লোকৰ বাসস্থান সম্পৰ্কে সংশয় নকৰিব। এইটোৱেই সত্য, ইয়াত কোনো সন্দেহ নাই। তথাপিও অধিকাংশ লোকে স্পষ্ট সাক্ষ্য-প্ৰমাণ তথা প্ৰকাশ্য দলীল পোৱাৰ পিছতো ঈমান পোষণ নকৰে।

11:18Page 223

وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًاۚ أُوْلَٰٓئِكَ يُعۡرَضُونَ عَلَىٰ رَبِّهِمۡ وَيَقُولُ ٱلۡأَشۡهَٰدُ هَٰٓؤُلَآءِ ٱلَّذِينَ كَذَبُواْ عَلَىٰ رَبِّهِمۡۚ أَلَا لَعۡنَةُ ٱللَّهِ عَلَى ٱلظَّٰلِمِينَ ١٨

And who is more unjust than he who invents a lie about Allāh? Those will be presented before their Lord, and the witnesses will say, "These are the ones who lied against their Lord." Unquestionably, the curse of Allāh is upon the wrongdoers

সেই ব্যক্তিতকৈ অধিক অত্যাচাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে অথবা তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে। এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। ক্বিয়ামতৰ দিনা সিহঁতক নিজ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰোৱা হ'ব, যাতে সিহঁতৰ কৰ্ম সম্পৰ্কে সোধ-পোচ কৰিব পাৰে। তেতিয়া ফিৰিস্তা আৰু ৰাছুলসকলৰ মাজৰ সাক্ষীসকলে ক'বঃ এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল, তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিছিল আৰু তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ কৰিছিল। জানি থোৱা! আল্লাহৰ প্ৰতি মিছা অভিযোগ কৰি নিজেই নিজৰ প্ৰতি অন্যায় কৰা ব্যক্তিসকলক আল্লাহে নিজৰ কৃপাৰ পৰা বঞ্চিত ৰাখিব।

11:19Page 223

ٱلَّذِينَ يَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبۡغُونَهَا عِوَجٗا وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ ١٩

Who averted [people] from the way of Allāh and sought to make it [seem] deviant while they, concerning the Hereafter, were disbelievers.

যিসকলে মানুহক সঠিক পথৰ পৰা বিৰত ৰাখে, আৰু নিজৰ বক্ৰ পথক পোন পথৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে যাতে কোনেও সেই পথত পৰিচালিত হ'ব নোৱাৰে। সেইসকল লোকেই মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থানক অস্বীকাৰ কৰে।

11:20Page 224

أُوْلَٰٓئِكَ لَمۡ يَكُونُواْ مُعۡجِزِينَ فِي ٱلۡأَرۡضِ وَمَا كَانَ لَهُم مِّن دُونِ ٱللَّهِ مِنۡ أَوۡلِيَآءَۘ يُضَٰعَفُ لَهُمُ ٱلۡعَذَابُۚ مَا كَانُواْ يَسۡتَطِيعُونَ ٱلسَّمۡعَ وَمَا كَانُواْ يُبۡصِرُونَ ٢٠

Those were not causing failure [to Allāh] on earth, nor did they have besides Allāh any protectors. For them the punishment will be multiplied. They were not able to hear, nor did they see.1

আল্লাহৰ শাস্তি যেতিয়া অৱতীৰ্ণ হ'ব তেতিয়া এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকল কেতিয়াও তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম নহ'ব। আনকি তেতিয়া সিহঁতৰ এনেকুৱা কোনো বন্ধু তথা সহায়কো নাথাকিব, যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। ক্বিয়ামতৰ দিনা সিহঁতৰ শাস্তি বৃদ্ধি কৰা হ'ব, কাৰণ সিহঁতে নিজকে আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। পৃথিৱীত সিহঁতে সত্যক তথা হিদায়তক স্বীকাৰ বা গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনা নাছিল, আনকি বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনবোৰকো সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে দেখা নাছিল। কাৰণ সিহঁতে সত্যৰ পৰা অতি কঠিনৰূপে বিমুখ হৈছিল।

11:21Page 224

أُوْلَٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ ٢١

Those are the ones who will have lost themselves, and lost from them is what they used to invent.

এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি নিজকে ধ্বংসৰ পথত অৱতীৰ্ণ কৰিছে আৰু নিজৰেই ক্ষতি সাধন কৰিছে। কিন্তু সিহঁতে বনাই লোৱা মধ্যস্ততাকাৰী আৰু অংশীসকল সিহঁতৰ পৰাই পলায়ন কৰিছে।

11:22Page 224

لَا جَرَمَ أَنَّهُمۡ فِي ٱلۡأٓخِرَةِ هُمُ ٱلۡأَخۡسَرُونَ ٢٢

Assuredly, it is they in the Hereafter who will be the greatest losers.

ক্বিয়ামতৰ দিনা এইসকল লোকেই ভীষণ ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব। কিয়নো সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰ আৰু আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱন, লগতে দয়াৰ পৰিবৰ্তে শাস্তিক অগ্ৰাধিকাৰ দিছে।

11:23Page 224

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَأَخۡبَتُوٓاْ إِلَىٰ رَبِّهِمۡ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ ٢٣

Indeed, they who have believed and done righteous deeds and humbled themselves to their Lord - those are the companions of Paradise; they will abide eternally therein.

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে সৎকৰ্ম কৰে আৰু আল্লাহক ভয় কৰে আৰু তেওঁৰ আনুগত্য কৰে, তেওঁলোকেই জান্নাতৰ অধিবাসী, য’ত তেওঁলোক চিৰকাল থাকিব।

11:24Page 224

۞ مَثَلُ ٱلۡفَرِيقَيۡنِ كَٱلۡأَعۡمَىٰ وَٱلۡأَصَمِّ وَٱلۡبَصِيرِ وَٱلسَّمِيعِۚ هَلۡ يَسۡتَوِيَانِ مَثَلًاۚ أَفَلَا تَذَكَّرُونَ ٢٤

The example of the two parties is like the blind and deaf, and the seeing and hearing. Are they equal in comparison? Then, will you not remember?

কাফিৰ আৰু মুমিন, উভয় দলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- অন্ধ ব্যক্তিয়ে যিদৰে দেখিব নোৱাৰে আৰু কলাই যিদৰে শুনিব নোৱাৰে, ঠিক সেইদৰে কাফিৰসকলে সত্যক স্বীকাৰ তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে, আনকি উপকৃত হোৱাৰ উদ্দেশ্যেও নেদেখে। পক্ষান্তাৰে মুমিনসকলৰ উদাহৰণ হৈছে, এনেকুৱা ব্যক্তিৰ নিচিনা যিয়ে শুনিব পাৰে আৰু দেখিবও পাৰে। অৰ্থাৎ তেওঁলোকৰ মাজত দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা আছে। এতেকে এই দুটা দলৰ বৈশিষ্ট্য আৰু অৱস্থা সমান হ'ব পাৰেনে? জানি থোৱা! এই দুয়োটা দল কেতিয়াও সমান হ'ব নোৱাৰে। তোমালোকে এই দুয়ো দলৰ বৈষম্যৰ পৰা কিবা শিক্ষা পালানে?

11:25Page 224

وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦٓ إِنِّي لَكُمۡ نَذِيرٞ مُّبِينٌ ٢٥

And We had certainly sent Noah to his people, [saying], "Indeed, I am to you a clear warner

অৱশ্যে আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! নিশ্চয় মই এজন সতৰ্ককাৰী, তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তথা মোক যি প্ৰদান কৰি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ।

11:26Page 224

أَن لَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۖ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ أَلِيمٖ ٢٦

That you not worship except Allāh. Indeed, I fear for you the punishment of a painful day."

আৰু মই তোমালোকক কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰো। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। নিশ্চয় মই তোমালোকৰ প্ৰতি এটা কষ্টদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰোঁ।

11:27Page 224

فَقَالَ ٱلۡمَلَأُ ٱلَّذِينَ كَفَرُواْ مِن قَوۡمِهِۦ مَا نَرَىٰكَ إِلَّا بَشَرٗا مِّثۡلَنَا وَمَا نَرَىٰكَ ٱتَّبَعَكَ إِلَّا ٱلَّذِينَ هُمۡ أَرَاذِلُنَا بَادِيَ ٱلرَّأۡيِ وَمَا نَرَىٰ لَكُمۡ عَلَيۡنَا مِن فَضۡلِۭ بَلۡ نَظُنُّكُمۡ كَٰذِبِينَ ٢٧

So the eminent among those who disbelieved from his people said, "We do not see you but as a man like ourselves, and we do not see you followed except by those who are the lowest of us [and] at first suggestion.1 And we do not see in you over us any merit; rather, we think you are liars."

কিন্তু তেওঁৰ সম্প্ৰদায়ৰ গণ্যমান্য আৰু প্ৰমূখ কাফিৰ নেতাসকলে ক'লেঃ আমি তোমাৰ আহ্বান কেতিয়াও স্বীকাৰ নকৰো। কাৰণ তোমাৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই যিটো আমাৰ মাজত নাই। তুমিও আমাৰ দৰেই এজন মানুহ। লগতে আমি লক্ষ্য কৰিছো, তোমাৰ অনুসৰণ কেৱল আমাৰ মাজৰ নিম্নবৰ্গৰ মানুহেই কৰে। এই কাৰণেও যে, তোমাৰ ওচৰত সেই সন্মান, ধন আৰু প্ৰতিষ্ঠা নাই, যাৰ ফলত আমি তোমাৰ অনুসৰণ কৰিম। বৰং আমি তোমাক তোমাৰ এই দাবীত মিছলীয়া বুলি ভাৱো।

11:28Page 224

قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَءَاتَىٰنِي رَحۡمَةٗ مِّنۡ عِندِهِۦ فَعُمِّيَتۡ عَلَيۡكُمۡ أَنُلۡزِمُكُمُوهَا وَأَنتُمۡ لَهَا كَٰرِهُونَ ٢٨

He said, "O my people, have you considered: if I should be upon clear evidence from my Lord while He has given me mercy from Himself but it has been made unapparent to you, should we force it upon you while you are averse to it?

নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কোৱাচোন! মই যদি মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকো, যি প্ৰমাণে মোৰ সত্যতাক সমৰ্থন কৰে। আৰু মোৰ সত্যতাক মানিবলৈ যদি তোমালোকৰ ওপৰত অনিবাৰ্য কৰা হয়, আনকি তেওঁ মোক কৃপা কৰিছে অৰ্থাৎ নবুওৱত আৰু ৰিছালত প্ৰদান কৰিছে। কিন্তু তোমালোকৰ অজ্ঞানতাৰ কাৰণে বিষয়টো তোমালোকৰ ওচৰত স্পষ্ট হোৱা নাই। তেনে পৰিস্থিতিত মই তোমালোকক ঈমান আনিবলৈ বাধ্য কৰিব পাৰিমনে? তোমালোকৰ অপছন্দ সত্তেও সেয়া তোমালোকৰ অন্তৰত প্ৰৱেশ কৰাব পাৰিমনে? অৱশ্যে মই নোৱাৰিম। কাৰণ ঈমান পোষণ কৰাৰ তাওফীক কেৱল মাত্ৰ আল্লাহে প্ৰদান কৰে।

11:29Page 225

وَيَٰقَوۡمِ لَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مَالًاۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱللَّهِۚ وَمَآ أَنَا۠ بِطَارِدِ ٱلَّذِينَ ءَامَنُوٓاْۚ إِنَّهُم مُّلَٰقُواْ رَبِّهِمۡ وَلَٰكِنِّيٓ أَرَىٰكُمۡ قَوۡمٗا تَجۡهَلُونَ ٢٩

And O my people, I ask not of you for it any wealth. My reward is not but from Allāh. And I am not one to drive away those who have believed. Indeed, they will meet their Lord, but I see that you are a people behaving ignorantly.

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! এই বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰো, মোক প্ৰতিফল দিয়াৰ দায়িত্ব কেৱল আল্লাহৰ ওচৰত। আনহাতে মই মোৰ বৈঠকৰ পৰা দৰিদ্ৰ লোকসকলকো বিৰত ৰাখিব নোৱাৰিম, যিসকলক বিৰত ৰাখিবলৈ তোমালোকে দাবী কৰি আছা। নিশ্চয় তেওঁলোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু তেওঁ তেওঁলোকক তেওঁলোকৰ ঈমানৰ প্ৰতিফল প্ৰদান কৰিব। কিন্তু মই যি দেখিছো তোমালোক দাৱাতৰ বাস্তৱিকতাৰ পৰা অনভিজ্ঞ, সেই কাৰণেই তোমালোকে দুৰ্বল মুমিনসকলক খেদি পঠিওৱাৰ দাবী কৰি আছা।

11:30Page 225

وَيَٰقَوۡمِ مَن يَنصُرُنِي مِنَ ٱللَّهِ إِن طَرَدتُّهُمۡۚ أَفَلَا تَذَكَّرُونَ ٣٠

And O my people, who would protect me from Allāh if I drove them away? Then will you not be reminded?

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যদি মই কোনো কাৰণ অবিহনে এই মুমিনসকলক অন্যায়ভাৱে খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে অলপো শিক্ষা গ্ৰহণ নকৰানে, আৰু এনেকুৱা কৰ্ম কৰাৰ প্ৰয়াস কিয় নকৰা যিটো অধিক লাভদায়ক তথা ফলপ্ৰসূ?

11:31Page 225

وَلَآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ إِنِّي مَلَكٞ وَلَآ أَقُولُ لِلَّذِينَ تَزۡدَرِيٓ أَعۡيُنُكُمۡ لَن يُؤۡتِيَهُمُ ٱللَّهُ خَيۡرًاۖ ٱللَّهُ أَعۡلَمُ بِمَا فِيٓ أَنفُسِهِمۡ إِنِّيٓ إِذٗا لَّمِنَ ٱلظَّٰلِمِينَ ٣١

And I do not tell you that I have the depositories [containing the provision] of Allāh or that I know the unseen, nor do I tell you that I am an angel, nor do I say of those upon whom your eyes look down that Allāh will never grant them any good. Allāh is most knowing of what is within their souls. Indeed, I would then be among the wrongdoers [i.e., the unjust]."

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই এইটো দাবী নকৰো যে, মোৰ ওচৰত আল্লাহৰ ধন ভাণ্ডাৰ আছে, য’ত জীৱিকা আছে আৰু তোমালোকে ঈমান পোষণ কৰিলে সেয়া মই তোমালোকৰ মাজত বন্টন কৰিম। লগতে মই এইটোও দাবী নকৰো যে, মই অদৃশ্য জ্ঞানৰ অধিকাৰী, তথা মই তোমালোকক এইটোও নকওঁ যে, মই এজন ফিৰিস্তা। বৰং মই তোমালোকৰ দৰেই এজন মানুহ। লগতে মই সেইসকল দুখীয়ালোকৰ বিষয়েও এইটো নকওঁ যে, আল্লাহে তেওঁলোকক হিদায়তৰ তাওফীক প্ৰদান নকৰিব, যিসকলক তোমালোকে ঘৃণাৰ চকুৰে চোৱা। নিশ্চয় আল্লাহ তেওঁলোকৰ অৱস্থা আৰু নিয়্যত সম্পৰ্কে সৰ্বাধিক জ্ঞাত। যদি মই এনেকুৱা দাবী কৰো তেন্তে ময়ো অত্যাচাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকল আল্লাহৰ শাস্তিৰ উপযুক্ত।

11:32Page 225

قَالُواْ يَٰنُوحُ قَدۡ جَٰدَلۡتَنَا فَأَكۡثَرۡتَ جِدَٰلَنَا فَأۡتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ ٣٢

They said, "O Noah, you have disputed [i.e., opposed] us and been frequent in dispute of us. So bring us what you threaten us, if you should be of the truthful."

সিহঁতে অহংকাৰ তথা স্বৈৰাচাৰীতা অৱলম্বন কৰি ক'লেঃ হে নূহ! তুমি আমাৰ লগত যথেষ্ট বাদানুবাদ কৰিছা আৰু বিতৰ্ক কৰিছা। এতিয়া তুমি সেই শাস্তি আনি দেখুৱা, যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা, যদি তুমি নিজৰ দাবীত সত্যবাদী।

11:33Page 225

قَالَ إِنَّمَا يَأۡتِيكُم بِهِ ٱللَّهُ إِن شَآءَ وَمَآ أَنتُم بِمُعۡجِزِينَ ٣٣

He said, "Allāh will only bring it to you if He wills, and you will not cause [Him] failure.

নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ মই শাস্তি আনিব নোৱাৰিম। আল্লাহে ইচ্ছা কৰিলেহে সেইটো তোমালোকৰ ওপৰত অৱতীৰ্ণ হ'ব। এতেকে তেওঁ যদি তোমালোকক শাস্তি বিহিব বিচাৰে তেন্তে তোমালোকে কেতিয়াও তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পাব নোৱাৰা।

11:34Page 225

وَلَا يَنفَعُكُمۡ نُصۡحِيٓ إِنۡ أَرَدتُّ أَنۡ أَنصَحَ لَكُمۡ إِن كَانَ ٱللَّهُ يُرِيدُ أَن يُغۡوِيَكُمۡۚ هُوَ رَبُّكُمۡ وَإِلَيۡهِ تُرۡجَعُونَ ٣٤

And my advice will not benefit you - although I wished to advise you - if Allāh should intend to put you in error. He is your Lord, and to Him you will be returned."

মোৰ উপদেশ আৰু মোৰ সতৰ্ক বাণীয়ে তোমালোকক কোনো উপকাৰ নকৰিব, যদি আল্লাহেই তোমালোকক সঠিক পথৰ পৰা দূৰত ৰখাৰ আৰু তোমালোকৰ স্বৈৰাচাৰীতাৰ কাৰণে তোমালোকক হিদায়তৰ পৰা বিৰত ৰখাৰ মনস্থ কৰিছে। তেৱেঁই তোমালোকৰ প্ৰতিপালক। তোমালোকৰ সকলো কৰ্ম তেওঁৰেই অধীনস্থ। তেওঁ ইচ্ছা কৰিলে তোমালোকক বিপথে পৰিচালিত কৰিব পাৰে। কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। তেতিয়া তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিব।

11:35Page 225

أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ إِنِ ٱفۡتَرَيۡتُهُۥ فَعَلَيَّ إِجۡرَامِي وَأَنَا۠ بَرِيٓءٞ مِّمَّا تُجۡرِمُونَ ٣٥

Or do they say [about Prophet Muḥammad (ﷺ)], "He invented it"? Say, "If I have invented it, then upon me is [the consequence of] my crime; but I am innocent of what [crimes] you commit."

নূহ সম্প্ৰদায়ৰ লোকসকলে নিজৰ কুফুৰী কাৰ্যৰ কাৰণে ধাৰণা কৰিছিল যে, নূহ আলাইহিছ ছালামে যি ধৰ্মলৈ আহিছে সেয়া তেওঁৰ নিজে বনোৱা ধৰ্ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইটো নিজে বনাইছো তেন্তে ইয়াৰ যি শাস্তি হ'ব সেয়া ময়ে ভোগ কৰিম। কিন্তু তোমালোকে যে অস্বীকাৰ কৰি আছা, সেই গুনাহ কিন্তু মই বহন নকৰো। মই ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত।

11:36Page 225

وَأُوحِيَ إِلَىٰ نُوحٍ أَنَّهُۥ لَن يُؤۡمِنَ مِن قَوۡمِكَ إِلَّا مَن قَدۡ ءَامَنَ فَلَا تَبۡتَئِسۡ بِمَا كَانُواْ يَفۡعَلُونَ ٣٦

And it was revealed to Noah that, "No one will believe from your people except those who have already believed, so do not be distressed by what they have been doing.

আল্লাহে নূহ আলাইহিছ ছালামৰ পিনে অহী কৰি ক'লেঃ হে নূহ! তোমাৰ সম্প্ৰদায়ৰ যিসকলে এতিয়ালৈ ঈমান পোষণ কৰিছে, ইয়াৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। এতেকে হে নূহ! সিহঁতৰ এই দীৰ্ঘ সময়ছোৱাত কৰা উপহাস আৰু অস্বীকাৰৰ বাবে আপুনি মনত কষ্ট নলব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском