Al-Mukhtasar · Tafsir · in Assamese
يس
Ya-Sin
Ya Sin · Meccan · 83 ayahs
(ইয়া-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
আল্লাহে কোৰআনৰ শপত খাইছে, যি গ্ৰন্থৰ আয়াতবোৰ হৈছে সুদৃঢ়। বাতিলে যাক কোনো ফালৰ পৰাই ক্ষতি কৰিব নোৱাৰে।
হে ৰাছুল! নিশ্চয় আপুনি সেই ৰাছুলসকলৰ অন্তৰ্ভুক্ত যিসকলক আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি প্ৰেৰণ কৰিছে। যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু একমাত্ৰ তেওঁৰ ইবাদতৰ নিৰ্দেশ দিয়ে।
36:4–5Page 440
عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٤
On a straight path.
تَنزِيلَ ٱلۡعَزِيزِ ٱلرَّحِيمِ ٥
[This is] a revelation of the Exalted in Might, the Merciful,
সৰল পথ তথা সঠিক চৰীয়তৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় এই সৰল পথ আৰু সঠিক চৰীয়ত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
36:6Page 440
لِتُنذِرَ قَوۡمٗا مَّآ أُنذِرَ ءَابَآؤُهُمۡ فَهُمۡ غَٰفِلُونَ ٦
That you may warn a people whose forefathers were not warned, so they are unaware.
আমি আপোনাৰ প্ৰতি এই কোৰআন এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি ইয়াৰ দ্বাৰা সেই জাতিক (অৰ্থাৎ আৰবসকলক) সাৱধান কৰিব পাৰে, যিসকলৰ ওচৰলৈ সতৰ্ক কৰাৰ নিমিত্তে কোনো ৰাছুল অহা নাছিল। সেইকাৰণেই সিহঁতে ঈমান আৰু তাওহীদ সম্পৰ্কে একো নাজানে। এইদৰে প্ৰত্যেক সেই উম্মতৰ অৱস্থাও তেনেকুৱাই যিসকলৰ পৰা ৰাছুলৰ ধাৰাবাহিকতা বিচ্ছিন্ন হৈছে। সিহঁতকো পূৰণি বিষয়বোৰ স্মৰণ কৰোৱাবলৈ ৰাছুলৰ প্ৰয়োজন।
36:7Page 440
لَقَدۡ حَقَّ ٱلۡقَوۡلُ عَلَىٰٓ أَكۡثَرِهِمۡ فَهُمۡ لَا يُؤۡمِنُونَ ٧
Already the word [i.e., decree] has come into effect upon most of them, so they do not believe.
এইসকলৰ মাজৰ অধিকাংশৰ ওপৰতেই আল্লাহৰ শাস্তি অনিবাৰ্য হৈ পৰিছে। কিয়নো ৰাছুলৰ মাধ্যমত সিহঁতৰ ওচৰলৈ সত্য আহি পৰিছে, তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই তথা কুফৰীৰ ওপৰত অটল থকাটোকে সিহঁতে অগ্ৰাধিকাৰ দিছে। সেয়ে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব আৰু সিহঁতৰ ওচৰলৈ অহা সত্য অনুসাৰে আমল নকৰিব।
36:8Page 440
إِنَّا جَعَلۡنَا فِيٓ أَعۡنَٰقِهِمۡ أَغۡلَٰلٗا فَهِيَ إِلَى ٱلۡأَذۡقَانِ فَهُم مُّقۡمَحُونَ ٨
Indeed, We have put shackles on their necks, and they are to their chins, so they are with heads [kept] aloft.
এইক্ষেত্ৰত ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে, যিসকলৰ ডিঙিত গলাবান্ধ লগোৱা আছে, আৰু ডিঙিৰ সৈতে সিহঁতৰ হাত দুখন থুঁতৰিলৈকে বান্ধি থোৱা আছে। যাৰ ফলত সিহঁতৰ মূৰ আকাশমোৱা হৈ থাকিবলৈ বাধ্য, তলমোৱা কৰিবলৈ সক্ষম নহয়। ঠিক সেইদৰে এইসকল লোকক আল্লাহৰ ঈমানৰ সৈতে বান্ধি থোৱা হৈছে। গতিকে সেইকাৰণে ইহঁতে আনুগত্য কৰিব পৰা নাই তথা নিজৰ মূৰ তলমোৱা (নত স্বীকাৰ) কৰিব পৰা নাই।
36:9Page 440
وَجَعَلۡنَا مِنۢ بَيۡنِ أَيۡدِيهِمۡ سَدّٗا وَمِنۡ خَلۡفِهِمۡ سَدّٗا فَأَغۡشَيۡنَٰهُمۡ فَهُمۡ لَا يُبۡصِرُونَ ٩
And We have put before them a barrier and behind them a barrier and covered them, so they do not see.
আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ আগফালে আৰু পিছফালে প্ৰতিৰোধক নিৰ্মাণ কৰিছোঁ। লগতে আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ চকুত ৰাখি দিছোঁ আৱৰণ। গতিকে সিহঁতে সত্যৰ দ্বাৰা উপকৃত হোৱাৰ নিমিত্তে দেখিব নোৱাৰে। সিহঁতৰ এই অৱস্থা তেতিয়া উৎপন্ন হৈছে, যেতিয়া সিহঁতৰ স্বৈৰাচাৰী স্বভাৱ প্ৰকাশ পাইছে তথা কুফৰীৰ ওপৰত অটল থকাৰ জিদ প্ৰকাশ পাইছে।
36:10Page 440
وَسَوَآءٌ عَلَيۡهِمۡ ءَأَنذَرۡتَهُمۡ أَمۡ لَمۡ تُنذِرۡهُمۡ لَا يُؤۡمِنُونَ ١٠
And it is all the same for them whether you warn them or do not warn them - they will not believe.
হে মুহাম্মদ! আপুনি এই স্বৈৰাচাৰী কাফিৰসকলক সাৱধান কৰক বা নকৰক সিহঁতৰ বাবে দুয়োটাই সমান। কাৰণ আপুনি আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে, সিহঁতে সেইটোক কেতিয়াও বিশ্বাস নকৰিব।
36:11Page 440
إِنَّمَا تُنذِرُ مَنِ ٱتَّبَعَ ٱلذِّكۡرَ وَخَشِيَ ٱلرَّحۡمَٰنَ بِٱلۡغَيۡبِۖ فَبَشِّرۡهُ بِمَغۡفِرَةٖ وَأَجۡرٖ كَرِيمٍ ١١
You can only warn one who follows the message and fears the Most Merciful unseen. So give him good tidings of forgiveness and noble reward.
আপোনাৰ সাৱধান বাণীৰ পৰা প্ৰকৃততে সেইসকল লোকেই উপকৃত হয়, যিসকলে এই কোৰআনক সত্য বুলি মানিছে আৰু ইয়াৰ শিক্ষা অনুযায়ী আমল কৰে। তথা নিৰ্জনত আল্লাহক ভয় কৰে, যেতিয়া তাক কোনেও দেখা নাপায়। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক আপুনি সুসংবাদ দিয়ক যে, আল্লাহে সিহঁতৰ গুনাহসমূহ মচি দিব আৰু সিহঁতক ক্ষমা কৰিব। লগতে আখিৰাতত তেওঁলোকৰ প্ৰতীক্ষাত আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব।
36:12Page 440
إِنَّا نَحۡنُ نُحۡيِ ٱلۡمَوۡتَىٰ وَنَكۡتُبُ مَا قَدَّمُواْ وَءَاثَٰرَهُمۡۚ وَكُلَّ شَيۡءٍ أَحۡصَيۡنَٰهُ فِيٓ إِمَامٖ مُّبِينٖ ١٢
Indeed, it is We who bring the dead to life and record what they have put forth and what they left behind, and all things We have enumerated in a clear register.
কিয়ামতৰ দিনা নিশ্চিতভাৱে আমি মৃত ব্যক্তিসকলক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি তুলিম। পৃথিৱীত সিহঁতে ভাল-বেয়া যি কৰ্মই কৰে সেইটোক আমি লিখি ৰাখোঁ। এইদৰে আমি সিহঁতৰ সেই নিদৰ্শনবোৰো লিখি ৰাখোঁ, যিবোৰ মৃত্যুৰ পিছতো অব্যাহত থাকে। নেক কৰ্ম হওক যেনেঃ চাদক্বাহ জাৰিয়া অথবা বেয়া কৰ্ম যেনেঃ কুফৰ-শ্বিৰ্ক আদি। প্ৰতিটো বিষয় আমি স্পষ্ট গ্ৰন্থত গণনা কৰি ৰাখিছোঁ, অৰ্থাৎ লওহে মাহফুজত।
36:13Page 441
وَٱضۡرِبۡ لَهُم مَّثَلًا أَصۡحَٰبَ ٱلۡقَرۡيَةِ إِذۡ جَآءَهَا ٱلۡمُرۡسَلُونَ ١٣
And present to them an example: the people of the city, when the messengers came to it -
হে ৰাছুল! আপুনি এই স্বৈৰাচাৰী অস্বীকাৰকাৰীসকলক এটা উদাহৰণ দিয়ক, যাতে সিহঁতে এটা শিক্ষা লব পাৰে। সেয়া হৈছে এখন জনবসতিৰ ঘটনা, যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুল আগমন কৰিছিল।
36:14Page 441
إِذۡ أَرۡسَلۡنَآ إِلَيۡهِمُ ٱثۡنَيۡنِ فَكَذَّبُوهُمَا فَعَزَّزۡنَا بِثَالِثٖ فَقَالُوٓاْ إِنَّآ إِلَيۡكُم مُّرۡسَلُونَ ١٤
When We sent to them two but they denied them, so We strengthened [them] with a third, and they said, "Indeed, we are messengers to you."
প্ৰথমে আমি সিহঁতৰ ওচৰলৈ দুজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। কিন্তু যেতিয়া সিহঁতে সেই ৰাছুল দুজনক অস্বীকাৰ কৰিলে, তেতিয়া আমি তৃতীয়জন ৰাছুল প্ৰেৰণ কৰি সেই ৰাছুল দুজনক শক্তি প্ৰদান কৰিলোঁ। তিনিওজন ৰাছুলে গাওঁবাসীক উদ্দেশ্যি ক’লেঃ নিঃসন্দেহে আমি তিনিওজন তোমালোকৰ পিনে ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। যাতে আমি তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিবলৈ আহ্বান কৰিব পাৰোঁ।
36:15Page 441
قَالُواْ مَآ أَنتُمۡ إِلَّا بَشَرٞ مِّثۡلُنَا وَمَآ أَنزَلَ ٱلرَّحۡمَٰنُ مِن شَيۡءٍ إِنۡ أَنتُمۡ إِلَّا تَكۡذِبُونَ ١٥
They said, "You are not but human beings like us, and the Most Merciful has not revealed a thing. You are only telling lies."
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ তোমালোকে দেখোন আমাৰ দৰেই মানৱ। আমাৰ ওপৰত তোমালোকৰ কোনো বিশেষত্ব নাই। তথা ৰহমানেও তোমালোকৰ ওপৰত কোনো অহী প্ৰেৰণ কৰা নাই। তোমালোকে এই দাবীৰ জৰিয়তে কেৱল আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি আছা।
36:16Page 441
قَالُواْ رَبُّنَا يَعۡلَمُ إِنَّآ إِلَيۡكُمۡ لَمُرۡسَلُونَ ١٦
They said, "Our Lord knows that we are messengers to you,
তিনিওজন ৰাছুলে গাওঁবাসীয়ে কৰা অস্বীকাৰৰ প্ৰত্যুত্তৰ দি ক’লেঃ হে গাওঁবাসী! আমাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, আমি তেওঁৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত। প্ৰমাণ হিচাপে এইটোৱে আমাৰ বাবে যথেষ্ট।
36:17Page 441
وَمَا عَلَيۡنَآ إِلَّا ٱلۡبَلَٰغُ ٱلۡمُبِينُ ١٧
And we are not responsible except for clear notification."
তেওঁ আমাক যিটো বাৰ্তা তোমালোকৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়িত্ব অৰ্পন কৰিছে, সেইটো সুচাৰুৰূপে পালন কৰাটোৱে হৈছে আমাৰ মৌলিক দায়িত্ব। তোমালোকক হিদায়ত প্ৰদান কৰাটো আমাৰ কৰ্তব্য নহয়।
36:18Page 441
قَالُوٓاْ إِنَّا تَطَيَّرۡنَا بِكُمۡۖ لَئِن لَّمۡ تَنتَهُواْ لَنَرۡجُمَنَّكُمۡ وَلَيَمَسَّنَّكُم مِّنَّا عَذَابٌ أَلِيمٞ ١٨
They said, "Indeed, we consider you a bad omen. If you do not desist, we will surely stone you, and there will surely touch you, from us, a painful punishment."
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ আমি তোমালোকক অমঙ্গল বুলি ভাৱোঁ। যদি তোমালোকে আমাক তাওহীদৰ পিনে আহ্বান কৰাৰ পৰা বিৰত নাথাকা তেন্তে আমি তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড বিহিম। তথা আমাৰ ফালৰ পৰা তোমালোকে কষ্টদায়ক শাস্তি ভোগ কৰিবা।
36:19Page 441
قَالُواْ طَٰٓئِرُكُم مَّعَكُمۡ أَئِن ذُكِّرۡتُمۚ بَلۡ أَنتُمۡ قَوۡمٞ مُّسۡرِفُونَ ١٩
They said, "Your omen [i.e., fate] is with yourselves. Is it1 because you were reminded? Rather, you are a transgressing people."
ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক’লেঃ তোমালোকৰ এই অমঙ্গল তোমালোকৰ বাবে অনিবাৰ্য, কাৰণ তোমালোকে আল্লাহৰ লগত কুফৰী কৰিছা আৰু তেওঁৰ ৰাছুলসকলৰ অনুসৰণ পৰিত্যাগ কৰিছা। আমি তোমালোকক আল্লাহৰ স্মৰণ কৰাই আছোঁ, ইয়াক তোমালোকে অমঙ্গল বুলি ভাবা নেকি? বৰং তোমালোকে পাপকৰ্ম আৰু কুফৰীত লিপ্ত হৈ সীমালঙ্ঘনহে কৰিছা।
36:20Page 441
وَجَآءَ مِنۡ أَقۡصَا ٱلۡمَدِينَةِ رَجُلٞ يَسۡعَىٰ قَالَ يَٰقَوۡمِ ٱتَّبِعُواْ ٱلۡمُرۡسَلِينَ ٢٠
And there came from the farthest end of the city a man, running. He said, "O my people, follow the messengers.
এলেকাবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰি তেওঁলোকক হত্যা আৰু নিৰ্যাতনৰ ভয় ভাবুকি প্ৰদান কৰা বিষয়ত এলেকাৰ দূৰণিৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তিয়ে ভীত-সন্ত্ৰস্ত অৱস্থাত ততাতৈয়াকৈ আহি ক’লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! ৰাছুলসকলে যি বাৰ্তালৈ আহিছে তোমালোকে সেইটোৰ অনুসৰণ কৰা।
36:21Page 441
ٱتَّبِعُواْ مَن لَّا يَسۡـَٔلُكُمۡ أَجۡرٗا وَهُم مُّهۡتَدُونَ ٢١
Follow those who do not ask of you [any] payment, and they are [rightly] guided.
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তেওঁলোকৰ কথা মানি লোৱা, যিসকলে তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত পাৰিশ্ৰমিক নিবিচাৰে, লগতে আল্লাহৰ অহী পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁলোক হৈছে হিদায়তপ্ৰাপ্ত। এনেকুৱা লোকৰ অনুসৰণ নকৰিলে, তোমালোকে কাৰ অনুসৰণ কৰিবা?
36:22Page 441
وَمَالِيَ لَآ أَعۡبُدُ ٱلَّذِي فَطَرَنِي وَإِلَيۡهِ تُرۡجَعُونَ ٢٢
And why should I not worship He who created me and to whom you will be returned?
সেই শুভাকাংক্ষী ব্যক্তিজনে ক’লেঃ সেই আল্লাহৰ ইবাদতৰ পৰা মোক কিহে বাধা দিব, যিয়ে মোক সৃষ্টি কৰিছে? এতেকে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ইবাদতৰ পৰা কিহে বাধা দিয়ে, যি সত্তাই তোমালোকক সৃষ্টি কৰিছে? অথচ প্ৰতিদানৰ বাবে পুনৰুত্থিত হৈ একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
36:23Page 441
ءَأَتَّخِذُ مِن دُونِهِۦٓ ءَالِهَةً إِن يُرِدۡنِ ٱلرَّحۡمَٰنُ بِضُرّٖ لَّا تُغۡنِ عَنِّي شَفَٰعَتُهُمۡ شَيۡـٔٗا وَلَا يُنقِذُونِ ٢٣
Should I take other than Him [false] deities [while], if the Most Merciful intends for me some adversity, their intercession will not avail me at all, nor can they save me?
মই সেই আল্লাহক এৰি অসত্য উপাস্যবোৰক গ্ৰহণ কৰিম নেকি, যিয়ে মোক সৃষ্টি কৰিছে? শুনা! ৰহমানে মোক ক্ষতি কৰিব বিচাৰিলে, এই উপাস্যবোৰৰ মধ্যস্ততাই মোক একো উপকাৰ কৰিব নোৱাৰে। মোক উপকাৰ কৰাৰো এইবোৰৰ অধিকাৰ নাই আৰু অপকাৰ কৰাৰো ক্ষমতা নাই। যদি মই কুফৰী অৱস্থাত মৃত্যুবৰণ কৰোঁ, তথা আল্লাহে যদি মোক শাস্তি বিহে, সেই শাস্তিৰ পৰাও এইবোৰে মোক ৰক্ষা কৰিব নোৱাৰে।
আল্লাহৰ বাহিৰে এইবোৰক যদি মই উপাস্য বুলি মানি লওঁ, তেন্তে এইটো হ’ব মোৰ বাবে প্ৰকাশ্য ভুল। কাৰণ এনে কৰিলে অনুপযুক্ত সত্তাক উপাসনা কৰা হ’ব। আৰু উপযুক্ত সত্তাৰ ইবাদত ত্যাগ কৰা বুজাব।
36:25Page 441
إِنِّيٓ ءَامَنتُ بِرَبِّكُمۡ فَٱسۡمَعُونِ ٢٥
Indeed, I have believed in your Lord, so listen to me."
“হে মোৰ জাতিৰ লোকসকল! নিশ্চয় মই মোৰ আৰু তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ। গতিকে তোমালোকে মোৰ কথা মনোযোগ সহকাৰে শুনা। তোমালোকে মোক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰি আছা, সেইটোক মই অকণো ভ্ৰূক্ষেপ নকৰোঁ”। তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক হত্যা কৰিলে। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰালে।
36:26–27Page 441
قِيلَ ٱدۡخُلِ ٱلۡجَنَّةَۖ قَالَ يَٰلَيۡتَ قَوۡمِي يَعۡلَمُونَ ٢٦
It was said, "Enter Paradise."1 He said, "I wish my people could know
بِمَا غَفَرَ لِي رَبِّي وَجَعَلَنِي مِنَ ٱلۡمُكۡرَمِينَ ٢٧
Of how my Lord has forgiven me and placed me among the honored."
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
36:28Page 442
۞ وَمَآ أَنزَلۡنَا عَلَىٰ قَوۡمِهِۦ مِنۢ بَعۡدِهِۦ مِن جُندٖ مِّنَ ٱلسَّمَآءِ وَمَا كُنَّا مُنزِلِينَ ٢٨
And We did not send down upon his people after him any soldiers from the heaven, nor would We have done so.
তেওঁক অস্বীকাৰ কৰা তথা তেওঁক হত্যা কৰা সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আকাশৰ পৰা ফিৰিস্তাৰ সেনা বাহিনী প্ৰেৰণ কৰাটো আমাৰ প্ৰয়োজন হোৱা নাছিল। সিহঁতক ধ্বংস কৰিবলৈ আমি ফিৰিস্তা অৱতীৰ্ণ কৰা নাছিলোঁ। সিহঁতৰ বিষয়টো ইয়াতকৈও সহজ আছিল। আমি এইটো নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ যে, সিহঁতক আকাশৰ পৰা অহা বিকট শব্দই ধ্বংস কৰিব। শাস্তিৰ ফিৰিস্তা অৱতীৰ্ণ কৰি সিহঁতক শাস্তি দিয়া নহ’ব।
36:29Page 442
إِن كَانَتۡ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ فَإِذَا هُمۡ خَٰمِدُونَ ٢٩
It was not but one shout,1 and immediately they were extinguished.
তেওঁৰ সম্প্ৰদায়ৰ ধ্বংসৰ বিৱৰণী আছিল কেৱল এইখিনি যে, আমি সিহঁতৰ ওপৰত প্ৰচণ্ড শব্দ প্ৰেৰণ কৰিছিলোঁ। ফলত তৎক্ষণাত সিহঁত উবুৰি খাই মাটিত বাগৰি পৰিছিল। সিহঁতৰ মাজৰ এজনো ৰক্ষা পোৱা নাছিল। সিহঁতৰ উদাহৰণ হৈছে সেই জুইৰ দৰে, যিটো দপদপাই জ্বলি আছিল কিন্তু হঠাৎ নুমাই গ’ল আৰু যাৰ কোনো প্ৰভাৱ বাকী নাই।
36:30Page 442
يَٰحَسۡرَةً عَلَى ٱلۡعِبَادِۚ مَا يَأۡتِيهِم مِّن رَّسُولٍ إِلَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٣٠
How regretful for the servants. There did not come to them any messenger except that they used to ridicule him.
হায়! কিয়ামতৰ দিনা হ’বলগীয়া অস্বীকাৰকাৰী বান্দাসকলৰ অনুতাপ, অনুশোচনা! যেতিয়া সিহঁতে স্বচক্ষে শাস্তি প্ৰত্যক্ষ কৰিব। কাৰণ পৃথিৱীত আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক ঠাট্টা কৰিছিল তথা উপহাস কৰিছিল। গতিকে কিয়ামতৰ দিনা সিহঁতৰ পৰিণাম হ’ব অনুতাপ, অনুশোচনা আৰু গ্লানি। কিয়নো সিহঁতে আল্লাহ সম্পৰ্কেও অৱহেলা কৰিছিল।
36:31Page 442
أَلَمۡ يَرَوۡاْ كَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّنَ ٱلۡقُرُونِ أَنَّهُمۡ إِلَيۡهِمۡ لَا يَرۡجِعُونَ ٣١
Have they not considered how many generations We destroyed before them - that they to them1 will not return?
এই অস্বীকাৰকাৰী তথা উপহাসকাৰী লোকসকলে সিহঁতৰ পূৰ্বৱৰ্তী লোকসকলৰ মাজত কোনো শিক্ষণীয় বিষয় বিচাৰি নাপায় নেকি, কিয়নো নিশ্চিতভাৱে সিহঁতে মৃত্যুবৰণ কৰিছে আৰু কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰিব। বৰং সিহঁতে সেই কৰ্মৰ পৰিণামত গৈ উপনীত হৈছে, যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। লগতে আল্লাহেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।
36:32Page 442
وَإِن كُلّٞ لَّمَّا جَمِيعٞ لَّدَيۡنَا مُحۡضَرُونَ ٣٢
And indeed, all of them will yet be brought present before Us.
প্ৰত্যেক উম্মতকেই কিয়ামতৰ দিনা পুনৰুত্থিত কৰাৰ পাছত আমাৰ ওচৰলৈ উপস্থিত কৰা হ'ব, কাৰণ আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম।
36:33Page 442
وَءَايَةٞ لَّهُمُ ٱلۡأَرۡضُ ٱلۡمَيۡتَةُ أَحۡيَيۡنَٰهَا وَأَخۡرَجۡنَا مِنۡهَا حَبّٗا فَمِنۡهُ يَأۡكُلُونَ ٣٣
And a sign for them is the dead earth. We have brought it to life and brought forth from it grain, and from it they eat.
আখিৰাতৰ জীৱন সত্য, ইয়াক অস্বীকাৰ কৰা লোকসকলৰ বাবে এই মৃত শুকান ভূমি হৈছে এটা প্ৰমাণ, য’ত আমি বৰষুণৰ পানী অৱতীৰ্ণ কৰি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ, লগতে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰোঁ যিবোৰ মানুহে ভক্ষণ কৰে। এতেকে যি সত্তাই বৰষুণৰ পানী অৱতীৰ্ণ কৰি শুকান ভূমিক জীৱিত কৰে তথা উদ্ভিদ আদি উৎপন্ন কৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ তথা পুনৰুত্থান কৰিবলৈ সক্ষম।
36:34Page 442
وَجَعَلۡنَا فِيهَا جَنَّٰتٖ مِّن نَّخِيلٖ وَأَعۡنَٰبٖ وَفَجَّرۡنَا فِيهَا مِنَ ٱلۡعُيُونِ ٣٤
And We placed therein gardens of palm trees and grapevines and caused to burst forth therefrom some springs -
বৰষুণৰ পানী অৱতীৰ্ণ কৰা এই ভূমিত আমি উৎপন্ন কৰিছোঁ খেজুৰ আৰু আঙুৰ আদিৰ বাগান। লগতে ইয়াত অহৰহ পানী যোগানৰ বাবে আমি নিজৰা প্ৰবাহিত কৰিছোঁ।
36:35Page 442
لِيَأۡكُلُواْ مِن ثَمَرِهِۦ وَمَا عَمِلَتۡهُ أَيۡدِيهِمۡۚ أَفَلَا يَشۡكُرُونَ ٣٥
That they may eat of His fruit.1 And their hands have not produced it,2 so will they not be grateful?
যাতে মানুহে সেই বাগানবোৰৰ ফল ভক্ষণ কৰিব পাৰে, যিবোৰ আল্লাহে সিহঁতক নিয়ামতস্বৰূপে প্ৰদান কৰিছে। সিহঁতৰ প্ৰয়াসত এইবোৰে অস্তিত্ব লাভ কৰা নাই। এতেকে সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰি আৰু একমাত্ৰ আল্লাহৰ ইবাদত কৰি তেওঁৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিবনে?!
36:36Page 442
سُبۡحَٰنَ ٱلَّذِي خَلَقَ ٱلۡأَزۡوَٰجَ كُلَّهَا مِمَّا تُنۢبِتُ ٱلۡأَرۡضُ وَمِنۡ أَنفُسِهِمۡ وَمِمَّا لَا يَعۡلَمُونَ ٣٦
Exalted is He who created all pairs1 - from what the earth grows and from themselves and from that which they do not know.
আল্লাহ পৱিত্ৰ তথা মহান, তেৱেঁই বিভিন্ন প্ৰকাৰৰ উদ্ভিদ তথা গছ-গছনি সৃষ্টি কৰিছে। লগতে মানুহৰ মাজতো তেৱেঁই নৰ-নাৰী সৃষ্টি কৰিছে। জল আৰু স্থলত তেওঁ এনেকুৱা অসংখ্য জীৱ সৃষ্টি কৰিছে, যিবোৰৰ বিষয়ে মানুহে গমেই নাপায়।
36:37Page 442
وَءَايَةٞ لَّهُمُ ٱلَّيۡلُ نَسۡلَخُ مِنۡهُ ٱلنَّهَارَ فَإِذَا هُم مُّظۡلِمُونَ ٣٧
And a sign for them is the night. We remove1 from it the [light of] day, so they are [left] in darkness.
মানুহৰ বাবে আল্লাহৰ তাওহীদৰ এইটোও এটা প্ৰমাণ যে, দিনৰ প্ৰস্থান আৰু ৰাতিৰ আগমণৰ সময়ত আমি যেতিয়া ৰাতিৰ পৰা দিনক টানি নিওঁ, তেতিয়া আমিয়েই পোহৰ গুচাই অন্ধকাৰ লৈ আহোঁ, তেতিয়া হঠাৎ মানুহে ৰাতিৰ অন্ধকাৰত প্ৰৱেশ কৰে।
36:38Page 442
وَٱلشَّمۡسُ تَجۡرِي لِمُسۡتَقَرّٖ لَّهَاۚ ذَٰلِكَ تَقۡدِيرُ ٱلۡعَزِيزِ ٱلۡعَلِيمِ ٣٨
And the sun runs [on course] toward its stopping point. That is the determination of the Exalted in Might, the Knowing.
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু এটা প্ৰমাণ হৈছে সূৰ্য্য, যিটো নিৰ্ধাৰিত সময়লৈকে গতি কৰি আছে, ইয়াৰ সঠিক ম্যাদ সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত। সূৰ্য্যই কেতিয়াও নিজৰ নিৰ্ধাৰিত সময় অতিক্ৰম কৰিব নোৱাৰিব। এই নিৰ্ধাৰণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ নিৰ্ধাৰণ, যাক কোনেও বিৱশ কৰিব নোৱাৰে। তেৱেঁই সৰ্বজ্ঞ, সৃষ্টি সম্পৰ্কে কোনো কথাই তেওঁৰ পৰা গোপন নহয়।
36:39Page 442
وَٱلۡقَمَرَ قَدَّرۡنَٰهُ مَنَازِلَ حَتَّىٰ عَادَ كَٱلۡعُرۡجُونِ ٱلۡقَدِيمِ ٣٩
And the moon - We have determined for it phases, until it returns [appearing] like the old date stalk.
চন্দ্ৰও হৈছে সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ এটা প্ৰমাণ, আমিয়েই নিৰ্ধাৰণ কৰিছোঁ চন্দ্ৰৰ বাবে প্ৰত্যেক ৰাতিত একো একোটা মঞ্জিল। আৰম্ভণিত সৰু থাকে আৰু তাৰ পিছত ডাঙৰ হয়। আকৌ ক্ৰমান্বয়ে সৰু হৈ থাকে। অৱশেষত খেজুৰ গছৰ শুকান তথা পূৰণি ঠানিৰ নিচিনা মিহি হৈ পৰে।
36:40Page 442
لَا ٱلشَّمۡسُ يَنۢبَغِي لَهَآ أَن تُدۡرِكَ ٱلۡقَمَرَ وَلَا ٱلَّيۡلُ سَابِقُ ٱلنَّهَارِۚ وَكُلّٞ فِي فَلَكٖ يَسۡبَحُونَ ٤٠
It is not allowable [i.e., possible] for the sun to reach the moon, nor does the night overtake the day, but each, in an orbit, is swimming.
সূৰ্য্য, চন্দ্ৰ, ৰাতি আৰু দিনৰ নিদৰ্শনবোৰ আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। ইয়াৰ মাজৰ এটায়েও নিজৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিব নোৱাৰে। সূৰ্য্যই কেতিয়াও নিজৰ গতিপথ সলাই চন্দ্ৰক ধৰিব নোৱাৰে, অথবা চন্দ্ৰৰ দৰে জ্যোতিহীন হোৱাটোও তাৰ বাবে সম্ভৱ নহয়। এইদৰে ৰাতিয়েও দিনক অতিক্ৰম কৰা সম্ভৱ নহয়, অৰ্থাৎ দিনৰ নিৰ্ধাৰিত সময় অতিক্ৰম হোৱাৰ পূৰ্বেই ৰাতিৰ আগমণ সম্ভৱ নহয়। এই সকলোবোৰ সৃষ্টি হৈছে আল্লাহৰ নিয়ন্ত্ৰণাধীন। ইয়াৰ বাহিৰে আন আন গ্ৰহ নক্ষত্ৰবোৰৰো আছে নিজা নিজা গতিপথ। আল্লাহেই সেইবোৰ নিৰ্ধাৰণ কৰিছে আৰু তেৱেঁই সেইবোৰক সুৰক্ষা প্ৰদান কৰে।
36:41Page 443
وَءَايَةٞ لَّهُمۡ أَنَّا حَمَلۡنَا ذُرِّيَّتَهُمۡ فِي ٱلۡفُلۡكِ ٱلۡمَشۡحُونِ ٤١
And a sign for them is that We carried their forefathers1 in a laden ship.
এইদৰে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এটা প্ৰমাণ হৈছে এই যে, নূহৰ যুগত সংঘটিত হোৱা মহা প্লাৱনৰ পৰা তেৱেঁই আদম সন্তানক আল্লাহৰ সৃষ্টিৰে ভৰা নাঁৱত আৰোহণ কৰাইছিল। কিয়নো আল্লাহে সেই নাঁৱত প্ৰত্যেক সৃষ্টিৰেই এযোৰ এযোৰকৈ উঠাবলৈ নিৰ্দেশ দিছিল।
36:42Page 443
وَخَلَقۡنَا لَهُم مِّن مِّثۡلِهِۦ مَا يَرۡكَبُونَ ٤٢
And We created for them from the likes of it that which they ride.
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এইটোও এটা প্ৰমাণ যে, আমি সিহঁতৰ বাবে নূহ আলাইহিচ্ছালামৰ নাঁৱৰ দৰে অন্যান্য পৰিবহণো বনাইছোঁ।
36:43Page 443
وَإِن نَّشَأۡ نُغۡرِقۡهُمۡ فَلَا صَرِيخَ لَهُمۡ وَلَا هُمۡ يُنقَذُونَ ٤٣
And if We should will, We could drown them; then no one responding to a cry would there be for them, nor would they be saved
আমি সিহঁতক ডুবাই মাৰিব বিচাৰিলে নিশ্চয় মাৰিব পাৰিলোহেঁতেন। যদি আমি সিহঁতক ডুবাই মৰাৰ সিদ্ধান্ত ল’লোহেঁতেন তেন্তে সিহঁতৰ কাকুতি মিনতি তথা সহায় প্ৰাৰ্থনাত সঁহাৰি দিব পৰা কোনো নাথাকিলহেঁতেন। আনহাতে আমাৰ ফয়চালা অনুযায়ী সিহঁতে ডুবি যোৱাৰ সময়ত কোনো ত্ৰাণকৰ্তাকো বিচাৰি নাপালেহেঁতেন।
36:44Page 443
إِلَّا رَحۡمَةٗ مِّنَّا وَمَتَٰعًا إِلَىٰ حِينٖ ٤٤
Except as a mercy from Us and provision for a time.
যদিও আমি সিহঁতৰ প্ৰতি কৃপা কৰি সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলোহেঁতেন আৰু সিহঁতক এটা নিৰ্ধাৰিত সময়লৈকে উপভোগ কৰাৰ অৱকাশ প্ৰদান কৰিলোহেঁতেন, যিটো সময়ক সিহঁতে কেতিয়াও অতিক্ৰম কৰিব নোৱাৰিব। সম্ভৱতঃ সিহঁতে শিক্ষা গ্ৰহণ কৰিব আৰু ঈমান পোষণ কৰিব।
36:45Page 443
وَإِذَا قِيلَ لَهُمُ ٱتَّقُواْ مَا بَيۡنَ أَيۡدِيكُمۡ وَمَا خَلۡفَكُمۡ لَعَلَّكُمۡ تُرۡحَمُونَ ٤٥
But when it is said to them, "Beware of what is before you and what is behind you;1 perhaps you will receive mercy..."2
ঈমানৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক যেতিয়া কোৱা হয় যে, আখিৰাত আৰু ইয়াৰ কঠিন পৰিস্থিতি সম্পৰ্কে ভয় কৰা, লগতে পিছফালে এৰি থৈ যোৱা পৃথিৱী সম্পৰ্কেও সতৰ্ক হোৱা, যাতে আল্লাহে অনুগ্ৰহক্ৰমে তোমালোকৰ প্ৰতি দয়া কৰে। এই কথাষাৰকো সিহঁতে নামানে। বৰং ইয়াক ভ্ৰূক্ষেপ নকৰি ইয়াৰ পৰা আঁতৰি থাকে।
36:46Page 443
وَمَا تَأۡتِيهِم مِّنۡ ءَايَةٖ مِّنۡ ءَايَٰتِ رَبِّهِمۡ إِلَّا كَانُواْ عَنۡهَا مُعۡرِضِينَ ٤٦
And no sign comes to them from the signs of their Lord except that they are from it turning away.
এই স্বৈৰাচাৰী মুশ্বৰিকসকলৰ ওচৰত যেতিয়াই আল্লাহৰ এনেকুৱা কোনো আয়াত অৱতীৰ্ণ হৈছিল, যি আয়াতবোৰে তেওঁৰ তাওহীদ আৰু তেওঁ এককভাৱে ইবাদতৰ যোগ্য হোৱা বিষয়টো প্ৰমাণ কৰে, তেতিয়াই সিহঁতে সেই আয়াতবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰাকৈ বিমুখ হৈ আঁতৰি যায়।
36:47Page 443
وَإِذَا قِيلَ لَهُمۡ أَنفِقُواْ مِمَّا رَزَقَكُمُ ٱللَّهُ قَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُوٓاْ أَنُطۡعِمُ مَن لَّوۡ يَشَآءُ ٱللَّهُ أَطۡعَمَهُۥٓ إِنۡ أَنتُمۡ إِلَّا فِي ضَلَٰلٖ مُّبِينٖ ٤٧
And when it is said to them, "Spend from that which Allāh has provided for you," those who disbelieve say to those who believe, "Should we feed one whom, if Allāh had willed, He would have fed? You are not but in clear error."
শত্ৰুতা পোষণ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তোমালোকক যি ধন-সম্পদ দান কৰিছে, সেইবোৰৰ দ্বাৰা দুখীয়া-দৰিদ্ৰসকলক সহায় কৰা। তেতিয়া সিহঁতে মুমিনসকলক উত্তৰ দি কয়ঃ আমি সিহঁতক কিয় খোৱাম, যিসকলক আল্লাহে ইচ্ছা কৰিলে নিশ্চয় খোৱাব পাৰে? আনহাতে আমিতো তেওঁৰ ইচ্ছাৰ বিপৰীত কোনো কাম কৰা নাই। হে মুমিনসকল! প্ৰকৃতপক্ষে তোমালোকেই স্পষ্ট বিভ্ৰান্তিত পতিত হৈ আছা।
36:48Page 443
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ ٤٨
And they say, "When is this promise, if you should be truthful?"
পুনৰুত্থানক অস্বীকাৰ কৰা কাফিৰসকলে ইয়াক অস্বীকাৰ কৰি তথা ইয়াক অসম্ভৱ বুলি আখ্যায়িত কৰি কয়ঃ হে মুমিনসকল! যদি তোমালোকে সঁচাই নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন, সেইটো কেতিয়া সংঘটিত হ’ব?!
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences