Al-MukhtasarAs‑Sajdah · 32:1–30

Al-Mukhtasar · Tafsir · in Assamese

السجدة

As-Sajdah

The Prostration · Meccan · 30 ayahs

32:1Page 415

الٓمٓ ١

Alif, Lām, Meem.1

(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

32:2Page 415

تَنزِيلُ ٱلۡكِتَٰبِ لَا رَيۡبَ فِيهِ مِن رَّبِّ ٱلۡعَٰلَمِينَ ٢

[This is] the revelation of the Book about which there is no doubt from the Lord of the worlds.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা এই কোৰআনখন, বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা তেওঁৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। ইয়াত কোনো সন্দেহ নাই।

32:3Page 415

أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۚ بَلۡ هُوَ ٱلۡحَقُّ مِن رَّبِّكَ لِتُنذِرَ قَوۡمٗا مَّآ أَتَىٰهُم مِّن نَّذِيرٖ مِّن قَبۡلِكَ لَعَلَّهُمۡ يَهۡتَدُونَ ٣

Or do they say, "He invented it"? Rather, it is the truth from your Lord, [O Muḥammad], that you may warn a people to whom no warner has come before you [so] perhaps they will be guided.

এই কাফিৰসকলে কয় যে, মুহাম্মদে নিজে এইবোৰ ৰচনা কৰি তেওঁৰ প্ৰতিপালকৰ সৈতে সম্পৃক্ত কৰিছে। যদিও বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে কয়। বৰং সেইখন হৈছে সত্য গ্ৰন্থ, যাৰ মাজত কোনো সন্দেহ নাই। হে ৰাছুল! এইখন আপোনাৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা হৈছে। যাতে আপুনি ইয়াৰ সহায়ত সেইসকল লোকক পৰা সতৰ্ক কৰিব পাৰে যিসকলৰ ওচৰত ইয়াৰ পূৰ্বে আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ কোনো ৰাছুল অহা নাছিল। যাতে সিহঁতে হিদায়ত লাভ কৰিব পাৰে, তথা ইয়াৰ অনুসৰণ কৰিব পাৰে আৰু সেইমতে আমল কৰিব পাৰে।

32:4Page 415

ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ مَا لَكُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا شَفِيعٍۚ أَفَلَا تَتَذَكَّرُونَ ٤

It is Allāh who created the heavens and the earth and whatever is between them in six days; then He established Himself above the Throne.1 You have not besides Him any protector or any intercessor; so will you not be reminded?

আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তথা এই দুয়োৰে মাজত থকা সকলো বস্তুকে তেওঁ কেৱল ছয় দিনত সৃষ্টি কৰিছে। অথচ তেওঁ নিমিষতে এইবোৰ সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰ পিছত তেওঁ নিজৰ মহা মৰ্যাদা অনুযায়ী আৰছৰ ওপৰত উঠিছে। হে মানৱজাতি! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সংৰক্ষক নাই, যিয়ে তোমালোকৰ সকলো বিষয় সংৰক্ষণ কৰিব। তথা তোমালোকৰ কোনো মধ্যস্ততাকাৰীও নাই, যিয়ে তোমালোকৰ হৈ তেওঁৰ ওচৰত মধ্যস্ততা কৰিব। তোমালোকে চিন্তা-চৰ্চা নকৰা নেকি? এইটো তোমালোকৰ কেনেকুৱা স্বভাৱ, যিয়ে তোমালোকক সৃষ্টি কৰিছে তেওঁৰ ইবাদত নকৰি তোমালোকে আনৰ উপাসনা কৰি আছা?

32:5Page 415

يُدَبِّرُ ٱلۡأَمۡرَ مِنَ ٱلسَّمَآءِ إِلَى ٱلۡأَرۡضِ ثُمَّ يَعۡرُجُ إِلَيۡهِ فِي يَوۡمٖ كَانَ مِقۡدَارُهُۥٓ أَلۡفَ سَنَةٖ مِّمَّا تَعُدُّونَ ٥

He arranges [each] matter from the heaven to the earth; then it will ascend to Him in a Day, the extent of which is a thousand years of those which you count.

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিৰ সকলো বিষয়, পৱিত্ৰ তথা মহান আল্লাহেই নিয়ন্ত্ৰণ কৰে। তাৰ পিছত সেই বিষয়টো তেওঁৰ ওচৰলৈ এনেকুৱা এটা দিনত আৰোহণ কৰিব, যাৰ পৰিমাণ হ’ব তোমালোকৰ পাৰ্থিৱ হিচাপ অনুযায়ী এহেজাৰ দিনৰ সমান।

32:6Page 415

ذَٰلِكَ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ ٱلۡعَزِيزُ ٱلرَّحِيمُ ٦

That is the Knower of the unseen and the witnessed, the Exalted in Might, the Merciful,

এই সকলোবোৰ যিজন সত্তাই পৰিচালনা কৰে, তেৱেঁই বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে সৰ্বজ্ঞ। ইয়াৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়। কিন্তু তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।

32:7Page 415

ٱلَّذِيٓ أَحۡسَنَ كُلَّ شَيۡءٍ خَلَقَهُۥۖ وَبَدَأَ خَلۡقَ ٱلۡإِنسَٰنِ مِن طِينٖ ٧

Who perfected everything which He created and began the creation of man from clay.

তেৱেঁই প্ৰত্যেক সৃষ্টিক সৌন্দৰ্য দান কৰিছে, আৰু তেৱেঁই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ বোকা মাটিৰে আদমক সৃষ্টিৰ সূচনা কৰিছে।

32:8Page 415

ثُمَّ جَعَلَ نَسۡلَهُۥ مِن سُلَٰلَةٖ مِّن مَّآءٖ مَّهِينٖ ٨

Then He made his posterity out of the extract of a liquid disdained.

ইয়াৰ পিছত তাৰ বংশধৰসকলক শৰীৰৰ তুচ্ছ তৰল পদাৰ্থৰ দ্বাৰা অৰ্থাৎ বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছে।

32:9Page 415

ثُمَّ سَوَّىٰهُ وَنَفَخَ فِيهِ مِن رُّوحِهِۦۖ وَجَعَلَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَٱلۡأَفۡـِٔدَةَۚ قَلِيلٗا مَّا تَشۡكُرُونَ ٩

Then He proportioned him and breathed into him from His [created] soul1 and made for you hearing and vision and hearts [i.e., intellect]; little are you grateful.

তাৰ পিছত পৰিপূৰ্ণৰূপে সুঠাম মানৱত পৰিণত কৰিছে। আৰু ইয়াৰ পিছত ৰূহ ফুঁৱাই দিয়া ফিৰিস্তাক আদেশ কৰি তাৰ ভিতৰত ৰূহ ফুঁৱাই দিছে। হে মানৱজাতি! তেৱেঁই তোমালোকক কাণ দান কৰিছে, যাতে তোমালোকে শুনিব পাৰা; আৰু চকু প্ৰদান কৰিছে, যাতে তোমালোকে দেখিব পাৰা; অন্তৰ প্ৰদান কৰিছে, যাতে তোমালোকে বুজিব পাৰা। আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

32:10Page 415

وَقَالُوٓاْ أَءِذَا ضَلَلۡنَا فِي ٱلۡأَرۡضِ أَءِنَّا لَفِي خَلۡقٖ جَدِيدِۭۚ بَلۡ هُم بِلِقَآءِ رَبِّهِمۡ كَٰفِرُونَ ١٠

And they say, "When we are lost [i.e., disintegrated] within the earth, will we indeed be [recreated] in a new creation?" Rather, they are, in the meeting with their Lord, disbelievers.

আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু পৃথিৱীত বিলীন হৈ যাম, তথা আমাৰ শৰীৰবোৰ মাটিত পৰিণত হ’ব, তাৰ পিছতো আমাক নতুনভাৱে সৃষ্টি কৰা হ’ব নেকি? বিষয়টোক মগজুৱে স্বীকাৰ নকৰে”। বৰং প্ৰকৃততে সিহঁত হৈছে অস্বীকাৰকাৰী, ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে।

32:11Page 415

۞ قُلۡ يَتَوَفَّىٰكُم مَّلَكُ ٱلۡمَوۡتِ ٱلَّذِي وُكِّلَ بِكُمۡ ثُمَّ إِلَىٰ رَبِّكُمۡ تُرۡجَعُونَ ١١

Say, "The angel of death who has been entrusted with you will take you. Then to your Lord you will be returned."

হে ৰাছুল! আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা এই লোকসকলক কৈ দিয়কঃ মৃত্যুৰ ফিৰিস্তাই তোমালোকৰ প্ৰাণ হৰণ কৰিব, যাক আল্লাহে তোমালোকৰ প্ৰাণ হৰণ কৰাৰ বাবে নিযুক্ত কৰি ৰাখিছে। এতেকে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰতেই তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে উভতি আহিব লাগিব।

32:12Page 416

وَلَوۡ تَرَىٰٓ إِذِ ٱلۡمُجۡرِمُونَ نَاكِسُواْ رُءُوسِهِمۡ عِندَ رَبِّهِمۡ رَبَّنَآ أَبۡصَرۡنَا وَسَمِعۡنَا فَٱرۡجِعۡنَا نَعۡمَلۡ صَٰلِحًا إِنَّا مُوقِنُونَ ١٢

If you could but see when the criminals are hanging their heads before their Lord, [saying], "Our Lord, we have seen and heard, so return us [to the world]; we will work righteousness. Indeed, we are [now] certain."

কিয়ামতৰ দিনা অপৰাধীসকল যেতিয়া উপস্থিত হ’ব, তেতিয়া সিহঁত অপমানিত হৈ নিজৰ মূৰ তলমোৱা কৰি ৰাখিব, কাৰণ সিহঁত আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰিছিল। লগতে সিহঁতে তাচ্ছিল্য আৰু গ্লানি অনুভৱ কৰি ক’বঃ “হে আমাৰ প্ৰতিপালক! আমি যি পুনৰুত্থানক অস্বীকাৰ কৰিছিলোঁ, সেয়া আমি নিজ চকুৰে আজি দেখা পালোঁ। তথা তোমাৰ ৰাছুলসকলে তোমাৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল সেইবোৰৰ সত্যতাও আমি শুনিলোঁ। গতিকে তুমি আমাক এতিয়া পৃথিৱীৰ জীৱনলৈ ওভোতাই দিয়া; আমি এনেকুৱা সৎকৰ্ম কৰিম, যি কৰ্মই তোমাক সন্তুষ্ট কৰিব। নিশ্চিতভাৱে এতিয়া আমি পুনৰুত্থানক মনে প্ৰাণে বিশ্বাস কৰিছোঁ, আৰু ৰাছুলসকলে লৈ যোৱা বাৰ্তাকো বিশ্বাস কৰিছোঁ”। আপুনি যদি অপাৰধীবিলাকক এই পৰিস্থিতিত দেখা পায় তেন্তে এটা ভয়ানক দৃশ্য দেখিবলৈ পাব।

32:13Page 416

وَلَوۡ شِئۡنَا لَأٓتَيۡنَا كُلَّ نَفۡسٍ هُدَىٰهَا وَلَٰكِنۡ حَقَّ ٱلۡقَوۡلُ مِنِّي لَأَمۡلَأَنَّ جَهَنَّمَ مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ أَجۡمَعِينَ ١٣

And if We had willed, We could have given every soul its guidance, but the word1 from Me will come into effect [that] "I will surely fill Hell with jinn and people all together.

যদি আমি প্ৰত্যেককে হিদায়ত দিব বিচাৰিলোহেঁতেন তেন্তে নিশ্চয় সিহঁতক তাওফীক প্ৰদান কৰিলোহেঁতেন আৰু ইয়াৰ প্ৰেৰণা দিলোহেঁতেন। কিন্তু মোৰ হিকমত আৰু ন্যায় অনুযায়ী এই কথা চূড়ান্ত হৈছে যে, নিশ্চয় আমি কিয়ামতৰ দিনা জিন আৰু মানৱৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁতৰ দ্বাৰা জাহান্নাম ভৰ্তি কৰিম। কাৰণ সিহঁতে ঈমান তথা সঠিক সুদৃঢ় পথৰ পৰিবৰ্তে কুফৰ তথা বিভ্ৰান্তকৰ পথ বাচি লৈছে।

32:14Page 416

فَذُوقُواْ بِمَا نَسِيتُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَآ إِنَّا نَسِينَٰكُمۡۖ وَذُوقُواْ عَذَابَ ٱلۡخُلۡدِ بِمَا كُنتُمۡ تَعۡمَلُونَ ١٤

So taste [punishment] because you forgot the meeting of this, your Day; indeed, We have [accordingly] forgotten you. And taste the punishment of eternity for what you used to do."

কিয়ামতৰ দিনা সিহঁতক ধিক্কাৰ আৰু গৰিহণা দি কোৱা হ’বঃ আজি সেই অমনোযোগিতাৰ ফল ভোগ কৰা, যিটো তোমালোকে পাৰ্থিৱ জীৱনত অৱলম্বন কৰিছিলা, কাৰণ কিয়ামত দিৱসত হ’বলগীয়া আল্লাহৰ সাক্ষাৎ সম্পৰ্কে আৰু তোমালোকৰ হিচাপ-নিকাচ সম্পৰ্কে অমনোযোগী হৈ আছিলা। আজি আমি তোমালোকক শাস্তিৰ মাজত এৰিছোঁ, তোমালোকে যি শাস্তিৰ সন্মুখীন হৈছা সেই সম্পৰ্কে মোৰ অলপো ভ্ৰূক্ষেপ নাই। গতিকে এতিয়া তোমালোকে চিৰস্থায়ী শাস্তিৰ সোৱাদ লোৱা, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব, কাৰণ তোমালোকে পৃথিৱীত গুনাহৰ কৰ্মত লিপ্ত আছিলা।

32:15Page 416

إِنَّمَا يُؤۡمِنُ بِـَٔايَٰتِنَا ٱلَّذِينَ إِذَا ذُكِّرُواْ بِهَا خَرُّواْۤ سُجَّدٗاۤ وَسَبَّحُواْ بِحَمۡدِ رَبِّهِمۡ وَهُمۡ لَا يَسۡتَكۡبِرُونَ۩ ١٥

Only those believe in Our verses who, when they are reminded by them, fall down in prostration and exalt [Allāh] with praise of their Lord, and they are not arrogant.

আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আমাৰ আয়াতসমূহৰ প্ৰতি কেৱল সেইসকল লোকেই ঈমান পোষণ কৰে, যিসকলক আমাৰ আয়াতৰ দ্বাৰা উপদেশ দিলে তেওঁলোকে আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি তেওঁক ছাজদাহ কৰে। আৰু কোনো অৱস্থাতেই আল্লাহৰ ইবাদতৰ ক্ষেত্ৰত আৰু তেওঁক ছাজদা কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও অহংকাৰ নকৰে।

32:16Page 416

تَتَجَافَىٰ جُنُوبُهُمۡ عَنِ ٱلۡمَضَاجِعِ يَدۡعُونَ رَبَّهُمۡ خَوۡفٗا وَطَمَعٗا وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ ١٦

Their sides part [i.e., they arise] from [their] beds; they supplicate their Lord in fear and aspiration, and from what We have provided them, they spend.1

তেওঁলোকে শোৱা বিছনাক পৰিত্যাগ কৰি আল্লাহৰ প্ৰতি মনোনিৱেশ কৰে। চালাতত থকা অৱস্থাত তথা অন্যান্য অৱস্থাতো তেওঁলোকে আল্লাহৰ শাস্তিক ভয় কৰি তেওঁৰ ওচৰত দুআ কৰে, আৰু তেওঁৰ ৰহমত কামনা কৰে। আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ সেইবোৰ তেওঁলোকে আল্লাহৰ পথত ব্যয় কৰে।

32:17Page 416

فَلَا تَعۡلَمُ نَفۡسٞ مَّآ أُخۡفِيَ لَهُم مِّن قُرَّةِ أَعۡيُنٖ جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ ١٧

And no soul knows what has been hidden for them of comfort for eyes [i.e., satisfaction] as reward for what they used to do.

কোনোৱেই নাজানে আল্লাহে তেওঁলোকৰ চকু শীতল কৰিবলৈ কি কি প্ৰস্তুত কৰি ৰাখিছে। এইবোৰ দৰাচলতে তেওঁলোকৰ সেই সৎকৰ্মসমূহৰ প্ৰতিদান, যিবোৰ তেওঁলোকে পৃথিৱীত কৰিছিল। এইটো ইমান ডাঙৰ প্ৰতিদান যিটো আল্লাহৰ বাহিৰে আন কোনেও আয়ত্ত কৰিব নোৱাৰে।

32:18Page 416

أَفَمَن كَانَ مُؤۡمِنٗا كَمَن كَانَ فَاسِقٗاۚ لَّا يَسۡتَوُۥنَ ١٨

Then is one who was a believer like one who was defiantly disobedient? They are not equal.

যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, এই ব্যক্তি কেতিয়াও সেই ব্যক্তিৰ দৰে হ’ব নোৱাৰে যিয়ে আল্লাহৰ আদেশ উলঙ্ঘা কৰে। আল্লাহৰ ওচৰত প্ৰতিদানৰ ক্ষেত্ৰতো সিহঁত সমান হ’ব নোৱাৰে।

32:19Page 416

أَمَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فَلَهُمۡ جَنَّٰتُ ٱلۡمَأۡوَىٰ نُزُلَۢا بِمَا كَانُواْ يَعۡمَلُونَ ١٩

As for those who believed and did righteous deeds, for them will be the Gardens of Refuge as accommodation for what they used to do.

এতেকে যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদানস্বৰূপে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে জান্নাত, য’ত তেওঁলোকে অৱস্থান কৰিব। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে এইটো এটা সন্মান; লগতে তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান, যিবোৰ তেওঁলোকে পৃথিৱীত কৰিছিল।

32:20Page 416

وَأَمَّا ٱلَّذِينَ فَسَقُواْ فَمَأۡوَىٰهُمُ ٱلنَّارُۖ كُلَّمَآ أَرَادُوٓاْ أَن يَخۡرُجُواْ مِنۡهَآ أُعِيدُواْ فِيهَا وَقِيلَ لَهُمۡ ذُوقُواْ عَذَابَ ٱلنَّارِ ٱلَّذِي كُنتُم بِهِۦ تُكَذِّبُونَ ٢٠

But as for those who defiantly disobeyed, their refuge is the Fire. Every time they wish to emerge from it, they will be returned to it while it is said to them, "Taste the punishment of the Fire which you used to deny."

আনহাতে যিসকলে কুফৰী কৰি আৰু গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল, কিয়ামতৰ দিনা হ’বলগীয়া সিহঁতৰ ঠিকনাটো হৈছে জাহান্নাম, যিটো সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। যেতিয়াই সিহঁতে তাৰ পৰা ওলোৱাৰ চেষ্টা কৰিব, তেতিয়াই সিহঁতক তালৈ পুনৰ খেদি পঠিওৱা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “আজি জাহান্নামৰ এই শাস্তি ভোগ কৰা, যি শাস্তিক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা; যেতিয়া তোমালোকৰ ৰাছুলসকলে তোমালোকক এই শাস্তিৰ পৰা সতৰ্ক কৰিছিল”।

32:21Page 417

وَلَنُذِيقَنَّهُم مِّنَ ٱلۡعَذَابِ ٱلۡأَدۡنَىٰ دُونَ ٱلۡعَذَابِ ٱلۡأَكۡبَرِ لَعَلَّهُمۡ يَرۡجِعُونَ ٢١

And We will surely let them taste the nearer punishment1 short of the greater punishment that perhaps they will return [i.e., repent].

আমি এই অস্বীকাৰকাৰীসকলক যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গৈছে, যদি সিহঁতে তাওবা নকৰে তেন্তে আমি সিহঁতক আখিৰাতৰ মহাশাস্তিৰ পূৰ্বেই পৃথিৱীত বিভিন্ন বিপদ-আপদৰ সোৱাদ উপভোগ কৰাম, যাতে সিহঁতে তাওবা কৰি নিজ প্ৰতিপালকৰ আনুগত্যৰ পিনে উভতি আহে।

32:22Page 417

وَمَنۡ أَظۡلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ ثُمَّ أَعۡرَضَ عَنۡهَآۚ إِنَّا مِنَ ٱلۡمُجۡرِمِينَ مُنتَقِمُونَ ٢٢

And who is more unjust than one who is reminded of the verses of his Lord; then he turns away from them? Indeed We, from the criminals, will take retribution.

সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক আল্লাহৰ আয়াতৰ দ্বাৰা উপদেশ দিয়া হয়, তথাপিও সি সেই উপদেশ গ্ৰহণ নকৰে। তথা সেই উপদেশক কেৰেপ নকৰি মুখ ঘূৰাই লয়। আল্লাহৰ আয়াতসমূহৰ পৰা বিমুখ হোৱা তথা কুফৰী আৰু গুনাহৰ দ্বাৰা অপৰাধ কৰা লোকসকলৰ পৰা নিশ্চয় আমি প্ৰতিশোধ লম।

32:23Page 417

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ فَلَا تَكُن فِي مِرۡيَةٖ مِّن لِّقَآئِهِۦۖ وَجَعَلۡنَٰهُ هُدٗى لِّبَنِيٓ إِسۡرَٰٓءِيلَ ٢٣

And We certainly gave Moses the Scripture, so do not be in doubt over his meeting.1 And We made it [i.e., the Torah] guidance for the Children of Israel.

নিশ্চয় আমি মুছাক তাওৰাত প্ৰদান কৰিছিলোঁ। এতেকে হে ৰাছুল! ইছৰা আৰু মিৰাজৰ ৰাতি আপুনি মুছাৰ লগত কৰা সাক্ষাৎ সম্পৰ্কে সন্দেহ পোষণ নকৰিব। আমি মুছাৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থক বনী ইছৰাঈলৰ বাবে বিভ্ৰান্তিৰ পৰা উদ্ধাৰ হোৱাৰ পথপ্ৰদৰ্শক বনাইছিলোঁ।

32:24Page 417

وَجَعَلۡنَا مِنۡهُمۡ أَئِمَّةٗ يَهۡدُونَ بِأَمۡرِنَا لَمَّا صَبَرُواْۖ وَكَانُواْ بِـَٔايَٰتِنَا يُوقِنُونَ ٢٤

And We made from among them leaders guiding by Our command when they were patient and [when] they were certain of Our signs.

আমি বনী ইছৰাঈলৰ মাজত কিছুমান প্ৰতিনিধি বনাইছিলোঁ, সত্যৰ সন্ধানত মানুহে তেওঁলোকৰ অনুসৰণ কৰিছিল। আমাৰ আদেশত তেওঁলোকে সত্যৰ পথ দেখুৱাইছিল। আৰু আমি তেওঁলোকক শক্তিশালী কৰিছিলোঁ, তেওঁলোকে এই মৰ্যাদা এইকাৰণে লাভ কৰিছিল যে, তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছিল। লগতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে সকলো কঠিন পৰিস্থিতিক নেওচি দৃঢ়ভাৱে মোকাবিলা কৰিছিল। লগতে আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ ৰাছুলসকলৰ প্ৰতি অৱতীৰ্ণ হোৱা আয়াতসমূহক পূৰ্ণ সমৰ্থনৰ সৈতে বিশ্বাস পোষণ কৰিছিল।

32:25Page 417

إِنَّ رَبَّكَ هُوَ يَفۡصِلُ بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ ٢٥

Indeed, your Lord will judge between them on the Day of Resurrection concerning that over which they used to differ.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ মীমাংসা কৰি দিব, যিবোৰ বিষয়ক লৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে তেতিয়া স্পষ্ট হৈ পৰিব, কোন সৎ পথত আছিল আৰু কোন অসৎ পথত আছিল। লগতে তেওঁ প্ৰত্যেককে উচিত প্ৰতিফল দান কৰিব।

32:26Page 417

أَوَلَمۡ يَهۡدِ لَهُمۡ كَمۡ أَهۡلَكۡنَا مِن قَبۡلِهِم مِّنَ ٱلۡقُرُونِ يَمۡشُونَ فِي مَسَٰكِنِهِمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٍۚ أَفَلَا يَسۡمَعُونَ ٢٦

Has it not become clear to them how many generations We destroyed before them, [as] they walk among their dwellings? Indeed in that are signs; then do they not hear?

ইহঁত অন্ধ হৈ পৰিছে নেকি, ইহঁতে গ'ম পোৱা নাই নেকি যে, ইহঁতৰ পূৰ্বে আমি কিমান উম্মত ধ্বংস কৰিছোঁ?! অথচ ইহঁতে সিহঁতৰ সেই বাসস্থানসমূহৰ মাজেৰে চলাফুৰা কৰে যিবোৰত সিহঁতে ধ্বংস হোৱাৰ পূৰ্বে বাস কৰিছিল। তথাপিও ইহঁতে সিহঁতৰ অৱস্থাৰ পৰা উপদেশ গ্ৰহণ নকৰে। কুফৰ আৰু গুনাহৰ বাবে ধ্বংস হোৱা সেই উম্মতসমূহৰ মাজত নিশ্চয় কেইটামান উপদেশ আছে, যিবোৰৰ দ্বাৰা সিহঁতৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণিত হয়, যিসকল আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ প্ৰেৰিত হৈছিল। আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা এই লোকসকলে কবূল কৰাৰ তথা উপদেশ গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে নেকি?

32:27Page 417

أَوَلَمۡ يَرَوۡاْ أَنَّا نَسُوقُ ٱلۡمَآءَ إِلَى ٱلۡأَرۡضِ ٱلۡجُرُزِ فَنُخۡرِجُ بِهِۦ زَرۡعٗا تَأۡكُلُ مِنۡهُ أَنۡعَٰمُهُمۡ وَأَنفُسُهُمۡۚ أَفَلَا يُبۡصِرُونَ ٢٧

Have they not seen that We drive water [in clouds] to barren land and bring forth thereby crops from which their livestock eat and [they] themselves? Then do they not see?

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে দেখা নাপায় নেকি যে, আমি এনেকুৱা মৃত ভূমিত বৰষুণৰ পানী অৱতীৰ্ণ কৰোঁ য’ত উদ্ভিদৰ কোনো নাম গোন্ধ নাই, এতেকে সেই পানীৰ জৰিয়তেই আমি বিভিন্ন উদ্ভিদ আৰু খেতি-বাতি উৎপন্ন কৰোঁ, যিবোৰ সিহঁতৰ উট, গৰু, ছাগলী আদিয়ে ভক্ষণ কৰে, আনকি সিহঁত নিজেও ভক্ষণ কৰে? এইবোৰ সিহঁতে দেখা নাপায় নেকি? লগতে এই কথা সিহঁতে কিয় বুজি নাপায় যে, যি সত্তাই মৃত ভূমিক উদ্ভিদ উৎপন্নৰ বাবে উপযোগী কৰি তুলিব পাৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰি তুলিবলৈ সক্ষম?

32:28Page 417

وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡفَتۡحُ إِن كُنتُمۡ صَٰدِقِينَ ٢٨

And they say, "When will be this conquest,1 if you should be truthful?"

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তিসকলে সোনকালে শাস্তি বিচাৰি কয়ঃ “এই ফয়চালা কেতিয়া কৰা হ’ব, যিটোৰ বিষয়ে তোমালোকে দাবী কৰা যে, আমাৰ আৰু তোমালোকৰ মাজত কিয়ামতৰ দিনা মীমাংসা হ’ব; যিদিনা আমাক জাহান্নামত নিক্ষেপ কৰা হ’ব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰোৱা হ’ব”।

32:29Page 417

قُلۡ يَوۡمَ ٱلۡفَتۡحِ لَا يَنفَعُ ٱلَّذِينَ كَفَرُوٓاْ إِيمَٰنُهُمۡ وَلَا هُمۡ يُنظَرُونَ ٢٩

Say, [O Muḥammad], "On the Day of Conquest the belief of those who had disbelieved will not benefit them, nor will they be reprieved."

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, এই প্ৰতিশ্ৰুতি কিয়ামতৰ দিনা পূৰণ হ’ব। বান্দাসকলৰ মাজত সেইদিনাই মীমাংসা কৰা হ’ব। নিজ চকুৰে কিয়ামত প্ৰত্যক্ষ কৰাৰ পিছত পৃথিৱীত আল্লাহক অস্বীকাৰ কৰা লোকসকলে সেইদিনা বিশ্বাস কৰিলেও কোনো কামত নাহিব। সেইদিনা সিহঁতক অৱকাশো দিয়া নহ’ব যে, যাতে নিজ প্ৰতিপালকৰ ওচৰত তাওবা কৰিব পাৰে নাইবা তেওঁৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।

32:30Page 417

فَأَعۡرِضۡ عَنۡهُمۡ وَٱنتَظِرۡ إِنَّهُم مُّنتَظِرُونَ ٣٠

So turn away from them and wait. Indeed, they are waiting.

হে ৰাছুল! ইহঁত যিহেতু পথভ্ৰষ্টতাত বহু দূৰ আগুৱাই গৈছে, গতিকে ইহঁতৰ পৰা আপুনি মুখ ঘূৰাই লওক। আৰু অপেক্ষা কৰক সিহঁতৰ পৰিণাম কি হয়। ইহঁত দৰাচলতে সেই শাস্তিৰ অপেক্ষাত আছে, যি শাস্তিৰ প্ৰতিশ্ৰুতি আপুনি সিহঁতক প্ৰদান কৰিছে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском