Al-MukhtasarAl‑Mu'minun · 23:1–58

Al-Mukhtasar · Tafsir · in Assamese

المؤمنون

Al-Mu'minun

The Believers · Meccan · 118 ayahs

23:1Page 342

قَدۡ أَفۡلَحَ ٱلۡمُؤۡمِنُونَ ١

Certainly will the believers have succeeded:

আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকল তথা তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁলোকে ভয় কৰা বস্তুৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।

23:2Page 342

ٱلَّذِينَ هُمۡ فِي صَلَاتِهِمۡ خَٰشِعُونَ ٢

They who are during their prayer humbly intent

তেওঁলোকে চালাতত ইমান বিনম্ৰতা অৱলম্বন কৰে যে, চালাত আদায় কৰাৰ সময়ত তেওঁলোকৰ শৰীৰৰ অংগ কোনো ধৰণৰ লৰচৰ নকৰে। লগতে তেওঁলোকৰ অন্তৰ সকলো চিন্তা-ভাৱনাৰ পৰা বিৰত থাকে।

23:3Page 342

وَٱلَّذِينَ هُمۡ عَنِ ٱللَّغۡوِ مُعۡرِضُونَ ٣

And they who turn away from ill speech

তেওঁলোকে অসত্য আৰু ব্যৰ্থ তথা সেই সকলো কথা-কৰ্মৰ পৰা বিৰত থাকে যিবোৰ গুনাহৰ কাৰণ হয়।

23:4Page 342

وَٱلَّذِينَ هُمۡ لِلزَّكَوٰةِ فَٰعِلُونَ ٤

And they who are observant of zakāh

তেওঁলোকে নিজকে সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখে, আৰু যাকাত আদায়ৰ মাধ্যমত নিজৰ সম্পত্তি পৱিত্ৰ কৰি ৰাখে।

23:5Page 342

وَٱلَّذِينَ هُمۡ لِفُرُوجِهِمۡ حَٰفِظُونَ ٥

And they who guard their private parts

তেওঁলোকে ব্যভিচাৰ, সমকামিতা আৰু সকলো প্ৰকাৰ অশ্লীলতাৰ পৰা নিজকে সুৰক্ষিত ৰাখে, তেওঁলোক সদায় পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ থাকে।

23:6Page 342

إِلَّا عَلَىٰٓ أَزۡوَٰجِهِمۡ أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُهُمۡ فَإِنَّهُمۡ غَيۡرُ مَلُومِينَ ٦

Except from their wives or those their right hands possess,1 for indeed, they will not be blamed -

কিন্তু সিহঁতৰ পত্নী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে। কিয়নো সিহঁতৰ সৈতে মিলনৰ মাধ্যমত উপকৃত হোৱা কোনো নিন্দনীয় বিষয় নহয়।

23:7Page 342

فَمَنِ ٱبۡتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُوْلَٰٓئِكَ هُمُ ٱلۡعَادُونَ ٧

But whoever seeks beyond that, then those are the transgressors -

কিন্তু যদি কোনোবাই নিজৰ স্ত্ৰী আৰু দাসীক এৰি আন কোনো পথেৰে উপকৃত হ’ব বিচাৰে, তেন্তে তেনেকুৱা ব্যক্তিয়েই হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লঙ্ঘনকাৰী। কাৰণ সি আল্লাহে হালাল কৰা যৌন-সম্ভোগৰ পথ এৰি, হাৰাম পথ অৱলম্বন কৰিছে।

23:8Page 342

وَٱلَّذِينَ هُمۡ لِأَمَٰنَٰتِهِمۡ وَعَهۡدِهِمۡ رَٰعُونَ ٨

And they who are to their trusts and their promises attentive

তথা তেওঁলোকে আল্লাহৰ আমানত আৰু বান্দাৰ আমানত, লগতে তেওঁলোকৰ বচন ৰক্ষা কৰে, কেতিয়াও ভঙ্গ নকৰে; বৰং সদায় পূৰণ কৰাৰ চেষ্টা কৰে।

23:9Page 342

وَٱلَّذِينَ هُمۡ عَلَىٰ صَلَوَٰتِهِمۡ يُحَافِظُونَ ٩

And they who carefully maintain their prayers -

তেওঁলোকে চালাতৰ আৰকান, ওৱাজিবাত আৰু মুস্তাহাবসমূহ ৰক্ষা কৰি সদায় যথাসময়ত নিয়মিতভাৱে চালাত আদায় কৰে।

23:10Page 342

أُوْلَٰٓئِكَ هُمُ ٱلۡوَٰرِثُونَ ١٠

Those are the inheritors

উপৰোক্ত বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তিসকলেই হৈছে ওৱাৰিচ তথা উত্তৰাধিকাৰী।

23:11Page 342

ٱلَّذِينَ يَرِثُونَ ٱلۡفِرۡدَوۡسَ هُمۡ فِيهَا خَٰلِدُونَ ١١

Who will inherit al-Firdaus.1 They will abide therein eternally.

তেওঁলোকেই হৈছে আটাইতকৈ উচ্চ জান্নাতৰ উত্তৰাধিকাৰী, য’ত তেওঁলোকে চিৰকাল অৱস্থান কৰিব, তাত তেওঁলোকে যিবোৰ নিয়ামত লাভ কৰিব সেইবোৰ কেতিয়াও শেষ নহ’ব।

23:12Page 342

وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ مِن سُلَٰلَةٖ مِّن طِينٖ ١٢

And certainly did We create man from an extract of clay.

মানুহৰ আদি পিতা আদমক আমি মাটিৰে সৃষ্টি কৰিছিলোঁ; আৰু সেই মাটি পৃথিৱীৰ বোকা মাটিৰ পৰা লোৱা হৈছিল।

23:13Page 342

ثُمَّ جَعَلۡنَٰهُ نُطۡفَةٗ فِي قَرَارٖ مَّكِينٖ ١٣

Then We placed him as a sperm-drop1 in a firm lodging [i.e., the womb].

ইয়াৰ পিছত তেওঁৰ সন্তানসকলক ধাৰাবাহিকভাৱে বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। যিটো মাকৰ গৰ্ভাশয়ত জন্ম নোহোৱালৈকে অৱস্থান কৰে।

23:14Page 342

ثُمَّ خَلَقۡنَا ٱلنُّطۡفَةَ عَلَقَةٗ فَخَلَقۡنَا ٱلۡعَلَقَةَ مُضۡغَةٗ فَخَلَقۡنَا ٱلۡمُضۡغَةَ عِظَٰمٗا فَكَسَوۡنَا ٱلۡعِظَٰمَ لَحۡمٗا ثُمَّ أَنشَأۡنَٰهُ خَلۡقًا ءَاخَرَۚ فَتَبَارَكَ ٱللَّهُ أَحۡسَنُ ٱلۡخَٰلِقِينَ ١٤

Then We made the sperm-drop into a clinging clot, and We made the clot into a lump [of flesh], and We made [from] the lump, bones, and We covered the bones with flesh; then We developed him into another creation. So blessed is Allāh, the best of creators.1

তাৰ পিছত আমি মাকৰ গৰ্ভাশয়ত অৱস্থান কৰা বীৰ্যক ৰঙা ৰক্তপিণ্ডলৈ ৰূপান্তৰিত কৰিছোঁ। ইয়াৰ পিছত সেই ৰক্তপিণ্ডক এটুকুৰা মাংসত ৰূপান্তৰিত কৰিছোঁ। ইয়াৰ পিছত মাংসৰ টুকুৰাৰে মজবুত হাড় সৃষ্টি কৰিছোঁ। ইয়াৰ পিছত সেই হাড়ক মাংস পৰিধান কৰাইছোঁ। তাৰ পিছত ইয়াৰ মাজত ৰূহ প্ৰদান কৰি এটা নতুন সৃষ্টিৰ ৰূপ দিছোঁ। লগতে ইয়াক পাৰ্থিৱ জীৱনৰ বাবে উলিয়াই আনিছোঁ। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ তাআলা কিমান বৰকতময়।

23:15Page 342

ثُمَّ إِنَّكُم بَعۡدَ ذَٰلِكَ لَمَيِّتُونَ ١٥

Then indeed, after that you are to die.

এতেকে শুনা হে মানৱজাতি! এই ধাপসমূহ শেষ হোৱাৰ পিছত, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা।

23:16Page 342

ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ تُبۡعَثُونَ ١٦

Then indeed you, on the Day of Resurrection, will be resurrected.

মৃত্যুৰ পিছত কিয়ামতৰ দিনা তোমালোকক কবৰৰ পৰা পুনৰুত্থিত কৰা হ’ব। যাতে তোমালোকে কৰা আমলৰ হিচাপ-কিতাপ লব পৰা যায়।

23:17Page 342

وَلَقَدۡ خَلَقۡنَا فَوۡقَكُمۡ سَبۡعَ طَرَآئِقَ وَمَا كُنَّا عَنِ ٱلۡخَلۡقِ غَٰفِلِينَ ١٧

And We have created above you seven layered heavens, and never have We been of [Our] creation unaware.

হে মানৱজাতি! নিশ্চয় আমি তোমালোকৰ ওপৰত এটাৰ ওপৰত এটাকৈ সাতখন আকাশ সৃষ্টি কৰিছোঁ। আমি আমাৰ সৃষ্টিৰ পৰা কেতিয়াও অমনোযোগী নহয়, আৰু সিহঁতক পাহৰাও নাই।

23:18Page 343

وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءَۢ بِقَدَرٖ فَأَسۡكَنَّٰهُ فِي ٱلۡأَرۡضِۖ وَإِنَّا عَلَىٰ ذَهَابِۭ بِهِۦ لَقَٰدِرُونَ ١٨

And We have sent down rain from the sky in a measured amount and settled it in the earth. And indeed, We are Able to take it away.

আকাশৰ পৰা আমি প্ৰয়োজন অনুসাৰে পানী বৰ্ষণ কৰোঁ, বেছিও নকৰোঁ যে বিপদ আহিব, আৰু কমো নিদিওঁ যে, যথেষ্ট নহ'ব। তথা সেই পানীক আমি পৃথিৱীত ৰখাই দিওঁ যাতে মানুহ আৰু জীৱ-জন্তুৱে উপকৃত হ'ব পাৰে। সেই পানীক আমি নাইকীয়া কৰিবলৈকো সক্ষম, ফলত তোমালোকে উপকৃত হ'ব নোৱাৰিবা।

23:19Page 343

فَأَنشَأۡنَا لَكُم بِهِۦ جَنَّٰتٖ مِّن نَّخِيلٖ وَأَعۡنَٰبٖ لَّكُمۡ فِيهَا فَوَٰكِهُ كَثِيرَةٞ وَمِنۡهَا تَأۡكُلُونَ ١٩

And We brought forth for you thereby gardens of palm trees and grapevines in which for you are abundant fruits and from which you eat.

সেই পানীৰ পৰাই আমি তোমালোকক খেজুৰ আৰু আঙুৰৰ বাগান সাজি দিছোঁ। তাত তোমালোকৰ বাবে আছে বিভিন্ন আকাৰৰ আৰু বিভিন্ন ৰঙৰ ফল-মূল। উদাহৰণস্বৰূপে ডিমৰু, ডালিম আৰু আপেল, যিবোৰ তোমালোকে ভক্ষণ কৰা।

23:20Page 343

وَشَجَرَةٗ تَخۡرُجُ مِن طُورِ سَيۡنَآءَ تَنۢبُتُ بِٱلدُّهۡنِ وَصِبۡغٖ لِّلۡأٓكِلِينَ ٢٠

And [We brought forth] a tree issuing from Mount Sinai which produces oil and food [i.e., olives] for those who eat.

সেই পানীৰ পৰাই আমি তোমালোকৰ বাবে উৎপন্ন কৰিছোঁ যায়তুন গছ, যিটো চিনাই পৰ্বতৰ অঞ্চলত উৎপাদিত হয়। সেই গছৰ ফলৰ পৰা তেল উলিওৱা হয়, আৰু সেইবোৰক তেল আৰু আঞ্জা হিচাপেও ব্যৱহাৰ কৰা হয়।

23:21Page 343

وَإِنَّ لَكُمۡ فِي ٱلۡأَنۡعَٰمِ لَعِبۡرَةٗۖ نُّسۡقِيكُم مِّمَّا فِي بُطُونِهَا وَلَكُمۡ فِيهَا مَنَٰفِعُ كَثِيرَةٞ وَمِنۡهَا تَأۡكُلُونَ ٢١

And indeed, for you in livestock is a lesson. We give you drink from that which is in their bellies, and for you in them are numerous benefits, and from them you eat.

হে মানৱজাতি! বাস্তৱতে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ (উট, গৰু আৰু ছাগলী)ৰ মাজত আছে ডাঙৰ শিক্ষা আৰু নিৰ্দেশনা, যাৰ দ্বাৰা তোমালোকে আল্লাহৰ ক্ষমতা আৰু তোমালোকৰ প্ৰতি তেওঁৰ দয়া তথা কৃপা অতি সহজে অনুভৱ কৰিব পাৰিবা। আমিয়েই তোমালোকক এইবোৰ চতুষ্পদ জন্তুৰ নিৰ্ভেজাল তথা সোৱাদ লগা গাখীৰ খোৱাওঁ। এইবোৰৰ দ্বাৰা তোমালোকে আৰু বহুতো প্ৰকাৰে উপকৃত হোৱা, যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊন সংগ্ৰহ কৰা, গোবৰ আৰু নোমৰ দ্বাৰাও তোমালোকে উপকৃত হোৱা। তথা তোমালোকে এইবোৰৰ মাংসও ভক্ষণ কৰা।

23:22Page 343

وَعَلَيۡهَا وَعَلَى ٱلۡفُلۡكِ تُحۡمَلُونَ ٢٢

And upon them and on ships you are carried.

স্থলত তোমালোকে চতুষ্পদ জন্তুবোৰৰ মাজৰ পৰা উটক পৰিবহন হিচাপে ব্যৱহাৰ কৰা, আনহাতে সাগৰত তোমালোকক প্ৰকাণ্ড জাহাজক পৰিবহণ হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিছোঁ।

23:23Page 343

وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦ فَقَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۚ أَفَلَا تَتَّقُونَ ٢٣

And We had certainly sent Noah to his people, and he said, "O my people, worship Allāh; you have no deity other than Him; then will you not fear Him?"

নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ ফালে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। ফলত নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। সেই পৱিত্ৰ সত্ত্বাৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তথাপিও তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰিবানে?!

23:24Page 343

فَقَالَ ٱلۡمَلَؤُاْ ٱلَّذِينَ كَفَرُواْ مِن قَوۡمِهِۦ مَا هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡ يُرِيدُ أَن يَتَفَضَّلَ عَلَيۡكُمۡ وَلَوۡ شَآءَ ٱللَّهُ لَأَنزَلَ مَلَٰٓئِكَةٗ مَّا سَمِعۡنَا بِهَٰذَا فِيٓ ءَابَآئِنَا ٱلۡأَوَّلِينَ ٢٤

But the eminent among those who disbelieved from his people said, "This is not but a man like yourselves who wishes to take precedence over you; and if Allāh had willed [to send a messenger], He would have sent down angels. We have not heard of this among our forefathers.

ইয়াৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ সন্মানিত আৰু প্ৰমূখ লোকসকলে (যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল) নিজৰ অনুসাৰীসকলক আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক’লেঃ “এই মানুহজন, যিজনে নিজকে ৰাছুল বুলি দাবী কৰে, তোমালোকৰ দৰেই দেখোন এজন মানুহ। দৰাচলতে এওঁ তোমালোকৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে আৰু তোমালোকৰ নেতা হ’ব বিচাৰে। সঁচাই যদি আল্লাহে আমাৰ ফালে ৰাছুল প্ৰেৰণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিলেহেঁতেন। মানুহক কেতিয়াও ৰাছুল হিচাপে প্ৰেৰণ নকৰিলেহেঁতেন। আমাৰ পূৰ্বপুৰুষসকলৰ মাজত এনেকুৱা দাবীদাৰ ব্যক্তিৰ বিষয়ে কেতিয়াও আমি শুনা নাছিলোঁ।”

23:25Page 343

إِنۡ هُوَ إِلَّا رَجُلُۢ بِهِۦ جِنَّةٞ فَتَرَبَّصُواْ بِهِۦ حَتَّىٰ حِينٖ ٢٥

He is not but a man possessed with madness, so wait concerning him for a time."

এওঁ দৰাচলতে এজন উন্মাদ ব্যক্তি। এওঁ নিজেই নাজানে, এওঁ কি কৈ আছে। গতিকে কিছু সময় অপেক্ষা কৰা, তেওঁৰ সকলো বিষয় মানুহৰ সন্মুখত প্ৰকাশ পাব।

23:26Page 343

قَالَ رَبِّ ٱنصُرۡنِي بِمَا كَذَّبُونِ ٢٦

[Noah] said, "My Lord, support me because they have denied me."

নূহ আলাইহিচ্ছালামে ক’লেঃ “হে মোৰ প্ৰতিপালক, সিহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। লগতে সিহঁতে মোক অস্বীকাৰ কৰিছে; গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা।”

23:27Page 343

فَأَوۡحَيۡنَآ إِلَيۡهِ أَنِ ٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا فَإِذَا جَآءَ أَمۡرُنَا وَفَارَ ٱلتَّنُّورُ فَٱسۡلُكۡ فِيهَا مِن كُلّٖ زَوۡجَيۡنِ ٱثۡنَيۡنِ وَأَهۡلَكَ إِلَّا مَن سَبَقَ عَلَيۡهِ ٱلۡقَوۡلُ مِنۡهُمۡۖ وَلَا تُخَٰطِبۡنِي فِي ٱلَّذِينَ ظَلَمُوٓاْ إِنَّهُم مُّغۡرَقُونَ ٢٧

So We inspired to him, "Construct the ship under Our observation and Our inspiration, and when Our command comes and the oven overflows,1 put into it [i.e., the ship] from each [creature] two mates and your family, except him for whom the decree [of destruction] has proceeded. And do not address Me concerning those who have wronged; indeed, they are to be drowned.

আমি নূহ আলাইহিচ্ছালামক সংবাদ প্ৰদান কৰিছিলোঁ যে, আপুনি আমাৰ চকুৰ সন্মুখত আৰু আমি কোৱো পদ্ধতিমতে এখন নাও বনাওক। সিহঁতৰ বিনাশ সম্পৰ্কীয় যেতিয়া আমাৰ আদেশ আহি পৰিব আৰু চৌকাত পানী উথলি উঠিব তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ মাজৰ পৰা এযোৰ এযোৰকৈ নাঁৱত উঠাই লব, যাতে সেইবোৰৰ বংশ পৃথিৱীত বাকী থাকে। লগতে আপোনাৰ পৰিয়ালকো উঠাই লব, কিন্তু সেইসকল লোকক নাঁৱত নুঠাব যিসকলৰ বিৰুদ্ধে আল্লাহে পূৰ্বেই সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেঃ আপোনাৰ স্ত্ৰী আৰু আপোনাৰ ল’ৰা। তথা সিহঁতৰ মুক্তি আৰু ৰক্ষাৰ বাবে আপুনি মোৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কিয়নো সিহঁতে কুফৰী কৰি অন্যায় কৰিছে। সিহঁত নিশ্চিতভাৱে পানীত ডুবি ধ্বংস হ'ব।

23:28Page 344

فَإِذَا ٱسۡتَوَيۡتَ أَنتَ وَمَن مَّعَكَ عَلَى ٱلۡفُلۡكِ فَقُلِ ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي نَجَّىٰنَا مِنَ ٱلۡقَوۡمِ ٱلظَّٰلِمِينَ ٢٨

And when you have boarded the ship, you and those with you, then say, 'Praise to Allāh who has saved us from the wrongdoing people.'

এতেকে আপুনি আৰু আপোনাৰ মুমিন সঙ্গীসকলে যেতিয়া নাঁৱত আৰোহণ কৰিব তেতিয়া ক’বঃ সকলো ধৰণৰ প্ৰশংসা সেই আল্লাহৰ বাবে, যিজনে আমাক কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰিছে আৰু সিহঁতক ধ্বংস কৰিছে।

23:29Page 344

وَقُل رَّبِّ أَنزِلۡنِي مُنزَلٗا مُّبَارَكٗا وَأَنتَ خَيۡرُ ٱلۡمُنزِلِينَ ٢٩

And say, 'My Lord, let me land at a blessed landing place, and You are the best to accommodate [us].'"

লগতে এই দুআ কৰিবঃ হে মোৰ প্ৰতিপালক! তুমি মোক বৰকতময় ভূমিত অৱতৰণ কৰোৱা, নিশ্চয় তুমিয়েই শ্ৰেষ্ঠ স্থান প্ৰদানকাৰী।

23:30Page 344

إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ وَإِن كُنَّا لَمُبۡتَلِينَ ٣٠

Indeed in that are signs, and indeed, We are ever testing [Our servants].

উপৰোক্ত বিষয়টোৱে অৰ্থাৎ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ মুমিন সঙ্গীসকলক ৰক্ষা কৰা আৰু কাফিৰসকলক ধ্বংস কৰাৰ বিষয়টোৱে এই কথা স্পষ্টৰূপে প্ৰমাণ কৰে যে, নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিবলৈ সক্ষম। দৰাচলতে আমি নূহ আলাইহিচ্ছালামক তেওঁৰ জাতিৰ মাজত প্ৰেৰণ কৰি সিহঁতক পৰীক্ষা কৰিব বিচাৰিছিলোঁ, যাতে কাফিৰৰ পৰা মুমিন আৰু গুনাহগাৰৰ পৰা আনুগত্যকাৰী স্পষ্টভাৱে প্ৰকাশ পায়।

23:31Page 344

ثُمَّ أَنشَأۡنَا مِنۢ بَعۡدِهِمۡ قَرۡنًا ءَاخَرِينَ ٣١

Then We produced after them a generation of others.

নূহ আলাইহিচ্ছালামৰ জাতিক ধ্বংস কৰাৰ পিছত, আমি আৰু এটা জাতিক সৃষ্টি কৰিছিলোঁ।

23:32Page 344

فَأَرۡسَلۡنَا فِيهِمۡ رَسُولٗا مِّنۡهُمۡ أَنِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۚ أَفَلَا تَتَّقُونَ ٣٢

And We sent among them a messenger1 from themselves, [saying], "Worship Allāh; you have no deity other than Him; then will you not fear Him?"

ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। এতেকে তেওঁ সিহঁতক সম্বোধন কৰি ক'লেঃ তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তেওঁ পৱিত্ৰ। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে?

23:33Page 344

وَقَالَ ٱلۡمَلَأُ مِن قَوۡمِهِ ٱلَّذِينَ كَفَرُواْ وَكَذَّبُواْ بِلِقَآءِ ٱلۡأٓخِرَةِ وَأَتۡرَفۡنَٰهُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا مَا هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡ يَأۡكُلُ مِمَّا تَأۡكُلُونَ مِنۡهُ وَيَشۡرَبُ مِمَّا تَشۡرَبُونَ ٣٣

And the eminent among his people who disbelieved and denied the meeting of the Hereafter while We had given them luxury in the worldly life said, "This is not but a man like yourselves. He eats of that from which you eat and drinks of what you drink.

তেওঁৰ জাতিৰ গণ্যমান্য আৰু প্ৰমুখ লোকসকলে যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল তথা আখিৰাতক নাকচ কৰিছিল আৰু আখিৰাতৰ প্ৰতিফল আৰু শাস্তিক অৱমাননা কৰিছিল, পৃথিৱীত থকা আমাৰ অগণন নিয়ামতে সিহঁতক স্বৈৰাচাৰী বনাইছিল, সেইসকল লোকে নিজৰ অনুসাৰী আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক'লেঃ এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ। তোমালোকে যি খোৱা, তেৱোঁ সেইটোৱেই খায়। তোমালোকে যি পান কৰা, তেৱোঁ সেইটোৱে পান কৰে। তেওঁৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই, যাৰ ভিত্তিত তেওঁক তোমালোকৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰা হ'ব।

23:34Page 344

وَلَئِنۡ أَطَعۡتُم بَشَرٗا مِّثۡلَكُمۡ إِنَّكُمۡ إِذٗا لَّخَٰسِرُونَ ٣٤

And if you should obey a man like yourselves, indeed, you would then be losers.

যদি তোমালোকে নিজৰ দৰেই এজন মানুহৰ অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ'বা। কাৰণ নিজৰ উপাস্যবোৰক এৰি এনেকুৱা লোকৰ আনুগত্য কৰাত কোনো ধৰণৰ উপকাৰ নাই। এনেকুৱা লোকৰ অনুসৰণতো কোনো লাভ নাই, যিজনৰ মাজত তোমালোকৰ ওপৰত প্ৰাধান্য লাভ কৰিব পাৰা কোনো বৈশিষ্ট্য নাই।

23:35Page 344

أَيَعِدُكُمۡ أَنَّكُمۡ إِذَا مِتُّمۡ وَكُنتُمۡ تُرَابٗا وَعِظَٰمًا أَنَّكُم مُّخۡرَجُونَ ٣٥

Does he promise you that when you have died and become dust and bones that you will be brought forth [once more]?

এই ৰাছুল বুলি দাবী কৰা ব্যক্তিজনে তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু মাটিত পৰিণত হ'বা আৰু তোমালোকৰ হাড়বোৰ গেলি-পচি যাব, তেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি তোলা হ’ব? বিষয়টো কিন্তু বোধগম্য নহয়।

23:36Page 344

۞ هَيۡهَاتَ هَيۡهَاتَ لِمَا تُوعَدُونَ ٣٦

How far, how far, is that which you are promised.1

এইটো এটা অসম্ভৱ বিষয়, যিটো তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে যে, তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক আকৌ জীৱিত কৰি তোলা হ'ব। যিহেতু তোমালোকৰ হাড়বোৰ গেলি পচি মাটিত পৰিণত হ'ব।

23:37Page 344

إِنۡ هِيَ إِلَّا حَيَاتُنَا ٱلدُّنۡيَا نَمُوتُ وَنَحۡيَا وَمَا نَحۡنُ بِمَبۡعُوثِينَ ٣٧

It [i.e., life] is not but our worldly life - we die and live, but we will not be resurrected.

শুনা! পাৰ্থিৱ জীৱনৰ বাহিৰে আন কোনো জীৱন নাই। আখিৰাতত কোনো জীৱন ব্যৱস্থা নাই। আমাৰ মাজৰ জীৱিতসকলেহে মৃত্যুবৰণ কৰে কিন্তু তেওঁলোক জীৱিত নহয়। আনহাতে অন্য লোকসকলে জন্ম লাভ কৰিহে এই পৃথিৱীত জীৱন-যাপন কৰে। আমি মৃত্যুবৰণ কৰাৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে কেতিয়াও পুনৰুত্থিত নহওঁ।

23:38Page 344

إِنۡ هُوَ إِلَّا رَجُلٌ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗا وَمَا نَحۡنُ لَهُۥ بِمُؤۡمِنِينَ ٣٨

He is not but a man who has invented a lie about Allāh, and we will not believe him."

ৰাছুল হিচাপে প্ৰেৰিত হোৱা বুলি দাবী কৰা এই ব্যক্তিজনে দৰাচলতে আল্লাহৰ ওপৰত মিছা আৰোপ কৰিছে। আমি এওঁৰ কথাক কেতিয়াও বিশ্বাস নকৰোঁ।

23:39Page 344

قَالَ رَبِّ ٱنصُرۡنِي بِمَا كَذَّبُونِ ٣٩

He said, "My Lord, support me because they have denied me."

তেতিয়া ৰাছুলে প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! ইহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। যিহেতু ইহঁতে মোক অস্বীকাৰ কৰিছে, গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা।

23:40Page 344

قَالَ عَمَّا قَلِيلٖ لَّيُصۡبِحُنَّ نَٰدِمِينَ ٤٠

[Allāh] said, "After a little, they will surely become regretful."

আল্লাহে তেওঁৰ প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই ক'লেঃ অচিৰেই তুমি লৈ অহা বাৰ্তাক অস্বীকাৰকাৰী এই লোকসকলে নিজৰ এই অপকৰ্মৰ বাবে অনুতপ্ত হ'ব।

23:41Page 344

فَأَخَذَتۡهُمُ ٱلصَّيۡحَةُ بِٱلۡحَقِّ فَجَعَلۡنَٰهُمۡ غُثَآءٗۚ فَبُعۡدٗا لِّلۡقَوۡمِ ٱلظَّٰلِمِينَ ٤١

So the shriek1 seized them in truth,2 and We made them as [plant] stubble. Then away with the wrongdoing people.

এতেকে যেতিয়া সিহঁত নিজৰ স্বৈৰাচাৰীতাৰ কাৰণে শাস্তিৰ উপযুক্ত হ'ল, তেতিয়া সিহঁতক প্ৰচণ্ড বিকট শব্দই আহি গ্ৰাস কৰিলে, আৰু সিহঁত প্লাৱিত ফেনৰ দৰে ধ্বংসস্তুপত পৰিণত হ'ল। এতেকে অন্যায়কাৰী জাতিৰ বাবে আছে কেৱল ধ্বংস।

23:42Page 344

ثُمَّ أَنشَأۡنَا مِنۢ بَعۡدِهِمۡ قُرُونًا ءَاخَرِينَ ٤٢

Then We produced after them other generations.

সিহঁতক বিনাশ কৰাৰ পিছত, আমি অন্যান্য সম্প্ৰদায় আৰু জাতি সৃষ্টি কৰিছিলোঁ, যেনেঃ লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়, শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায় আৰু ইউনুছ আলাইহিচ্ছালামৰ সম্প্ৰদায়।

23:43Page 345

مَا تَسۡبِقُ مِنۡ أُمَّةٍ أَجَلَهَا وَمَا يَسۡتَـٔۡخِرُونَ ٤٣

No nation will precede its time [of termination], nor will they remain [thereafter].

এই অস্বীকাৰকাৰী জাতিসকলৰ মাজৰ কোনেও বিনাশৰ বাবে নিৰ্ধাৰিত সময়ৰ পৰা আগবাঢ়িব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। সিহঁতৰ ওচৰত যিমানেই উপায় নাথাকক কিয়।

23:44Page 345

ثُمَّ أَرۡسَلۡنَا رُسُلَنَا تَتۡرَاۖ كُلَّ مَا جَآءَ أُمَّةٗ رَّسُولُهَا كَذَّبُوهُۖ فَأَتۡبَعۡنَا بَعۡضَهُم بَعۡضٗا وَجَعَلۡنَٰهُمۡ أَحَادِيثَۚ فَبُعۡدٗا لِّقَوۡمٖ لَّا يُؤۡمِنُونَ ٤٤

Then We sent Our messengers in succession. Every time there came to a nation its messenger, they denied him, so We made them follow one another [to destruction], and We made them narrations.1 So away with a people who do not believe.

আমি ধাৰাবাহিকভাৱে এজনৰ পিছত এজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ। কিন্তু যেতিয়াই সেই উম্মতসমূহৰ মাজত কোনো ৰাছুলৰ আগমণ ঘটিছিল সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। আমিও সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰিছিলোঁ। সেইসমূহ জাতিৰ ইতিহাসৰ বাহিৰে আন কোনো অস্তিত্ব নাছিল। ধ্বংস হওক সেইসকল লোক, যিসকলে ৰাছুলে লৈ অহা বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰে।

23:45Page 345

ثُمَّ أَرۡسَلۡنَا مُوسَىٰ وَأَخَاهُ هَٰرُونَ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ ٤٥

Then We sent Moses and his brother Aaron with Our signs and a clear authority1

তাৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূনক নটা নিদৰ্শন (যেনেঃ লাখুটি, শুভ্ৰ হাত, কাকতি ফৰিং, ওকণি, ভেকুলী, তেজ, ধুমুহা, দুৰ্ভিক্ষ, শস্যত ক্ষয়-খতি) আৰু স্পষ্ট নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ।

23:46Page 345

إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَٱسۡتَكۡبَرُواْ وَكَانُواْ قَوۡمًا عَالِينَ ٤٦

To Pharaoh and his establishment, but they were arrogant and were a haughty people.

আমি তেওঁলোক দুয়োকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল আৰু তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল। সিহঁত দৰাচলতে মানুহৰ ওপৰত অন্যায়-অত্যাচাৰ কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তি আছিল।

23:47Page 345

فَقَالُوٓاْ أَنُؤۡمِنُ لِبَشَرَيۡنِ مِثۡلِنَا وَقَوۡمُهُمَا لَنَا عَٰبِدُونَ ٤٧

They said, "Should we believe two men like ourselves while their people are for us in servitude?"

সিহঁতে ক'লেঃ আমি এনেকুৱা দুজন লোকৰ ওপৰত ঈমান পোষণ কৰিম নেকি, যি দুজনৰ কোনো বিশেষ বৈশিষ্ট্যও নাই, আনহাতে সিহঁতৰ জাতি (বনী ইছৰাঈল) দেখোন আমাৰেই অধীনস্থ তথা অনুগত?!

23:48Page 345

فَكَذَّبُوهُمَا فَكَانُواْ مِنَ ٱلۡمُهۡلَكِينَ ٤٨

So they denied them and were of those destroyed.

তেওঁলোক দুজনে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছিল সিহঁতে সেয়া অস্বীকাৰ কৰিলে। এই অস্বীকাৰ কৰাৰ ফলত সিহঁতক সাগৰত ডুবাই ধ্বংস কৰা হৈছিল।

23:49Page 345

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ لَعَلَّهُمۡ يَهۡتَدُونَ ٤٩

And We certainly gave Moses the Scripture that perhaps they1 would be guided.

নিশ্চয় আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, যাতে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ পথ পায় আৰু সেইমতে আমল কৰিব পাৰে।

23:50Page 345

وَجَعَلۡنَا ٱبۡنَ مَرۡيَمَ وَأُمَّهُۥٓ ءَايَةٗ وَءَاوَيۡنَٰهُمَآ إِلَىٰ رَبۡوَةٖ ذَاتِ قَرَارٖ وَمَعِينٖ ٥٠

And We made the son of Mary and his mother a sign and sheltered them within a high ground having level [areas] and flowing water.

আমি মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছাক আমাৰ অদ্ভুদ শক্তিৰ প্ৰতীক বনাইছিলোঁ। কিয়নো তেওঁ পিতৃ নোহোৱাকৈ জন্ম লাভ কৰিছিল। আমি দুয়োকে এটা ওখ স্থান আশ্ৰয় দিছিলোঁ। যি ঠাইডোখৰ আছিল সমতল আৰু বসবাস উপযোগী। লগতে তাত প্ৰবাহিত পানীৰো সুব্যৱস্থা আছিল।

23:51Page 345

يَٰٓأَيُّهَا ٱلرُّسُلُ كُلُواْ مِنَ ٱلطَّيِّبَٰتِ وَٱعۡمَلُواْ صَٰلِحًاۖ إِنِّي بِمَا تَعۡمَلُونَ عَلِيمٞ ٥١

[Allāh said], "O messengers, eat from the good foods and work righteousness. Indeed I, of what you do, am Knowing.

হে ৰাছুল! মই আপোনালোকৰ বাবে যিবোৰ পৱিত্ৰ বস্তু হালাল কৰিছোঁ সেইবোৰ ভক্ষণ কৰক। তথা চৰীয়ত মুতাবিক সৎকৰ্ম কৰক। আপোনালোকে কৰা সকলো কৰ্ম সম্পৰ্কে মই নিশ্চিতভাৱে অৱগত। আপোনালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়।

23:52Page 345

وَإِنَّ هَٰذِهِۦٓ أُمَّتُكُمۡ أُمَّةٗ وَٰحِدَةٗ وَأَنَا۠ رَبُّكُمۡ فَٱتَّقُونِ ٥٢

And indeed this, your religion, is one religion,1 and I am your Lord, so fear Me."

হে ৰাছুল! প্ৰকৃততে আপোনালোকৰ এটাই ধৰ্ম, আৰু সেইটো হৈছে ইছলাম। ময়েই আপোনালোকৰ ৰব্ব, মোৰ বাহিৰে আপোনালোকৰ আন কোনো প্ৰকৃত ৰব্ব নাই। গতিকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰক।

23:53Page 345

فَتَقَطَّعُوٓاْ أَمۡرَهُم بَيۡنَهُمۡ زُبُرٗاۖ كُلُّ حِزۡبِۭ بِمَا لَدَيۡهِمۡ فَرِحُونَ ٥٣

But they [i.e., the people] divided their religion among them into portions [i.e., sects] - each faction, in what it has,1 rejoicing.

কিন্তু তেওঁলোকৰ পিছত তেওঁলোকৰ অনুসাৰীসকলে দ্বীনৰ মাজত মতানৈক্য সৃষ্টি কৰিলে আৰু বহুধাবিভক্ত হৈ গ'ল। প্ৰত্যেকেই নিজৰ দলকলৈ আনন্দিত আছিল আৰু ভাৱিছিল সিহঁত যিটো দলত আছে সেইটোৱেই আল্লাহৰ ওচৰত মনোনীত। অন্যান্য দলৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাছিল।

23:54Page 345

فَذَرۡهُمۡ فِي غَمۡرَتِهِمۡ حَتَّىٰ حِينٍ ٥٤

So leave them in their confusion for a time.

হে ৰাছুল! আপুনি সিহঁতক সেই অজ্ঞনতা আৰু দোদুল্যমান অৱস্থাতে এৰি দিয়ক, যি অৱস্থাত সিহঁত বৰ্তমান আছে। অৱশেষত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ’ব।

23:55–56Page 345

أَيَحۡسَبُونَ أَنَّمَا نُمِدُّهُم بِهِۦ مِن مَّالٖ وَبَنِينَ ٥٥

Do they think that what We extend to them of wealth and children

نُسَارِعُ لَهُمۡ فِي ٱلۡخَيۡرَٰتِۚ بَل لَّا يَشۡعُرُونَ ٥٦

Is [because] We hasten for them good things? Rather, they do not perceive.1

পাৰ্থিৱ জীৱনত আমি সিহঁতক যিবোৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততি প্ৰদান কৰিছোঁ, নিজৰ দলকলৈ আনন্দিত লোকসকলে নিজকে সেইবোৰৰ উপযুক্ত বুলি ভাৱে নেকি? সিহঁতে যিটো ভাৱিছে বিষয়টো তেনেকুৱা নহয়। বৰং আমি সিহঁতক অৱকাশ দিবলৈ আৰু সুযোগ দিবলৈ এইবোৰ প্ৰদান কৰিছোঁ। কিন্তু সিহঁতে এইটো উপলব্ধি কৰা নাই।

23:57Page 345

إِنَّ ٱلَّذِينَ هُم مِّنۡ خَشۡيَةِ رَبِّهِم مُّشۡفِقُونَ ٥٧

Indeed, they who are apprehensive from fear of their Lord

নিশ্চয় যিসকলে ঈমান আৰু নেকপৰায়ণতাৰ সৈতে নিজ প্ৰতিপালকক ভয় কৰে।

23:58Page 345

وَٱلَّذِينَ هُم بِـَٔايَٰتِ رَبِّهِمۡ يُؤۡمِنُونَ ٥٨

And they who believe in the signs of their Lord

যিসকলে নিজ প্ৰতিপালকৰ কিতাবৰ প্ৰতি ঈমান পোষণ কৰে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском