Al-MukhtasarAl‑Fil · 105:1–5

Al-Mukhtasar · Tafsir · in Assamese

الفيل

Al-Fil

The Elephant · Meccan · 5 ayahs

105:1Page 601

أَلَمۡ تَرَ كَيۡفَ فَعَلَ رَبُّكَ بِأَصۡحَٰبِ ٱلۡفِيلِ ١

Have you not considered, [O Muḥammad], how your Lord dealt with the companions of the elephant?1

হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।

105:2Page 601

أَلَمۡ يَجۡعَلۡ كَيۡدَهُمۡ فِي تَضۡلِيلٖ ٢

Did He not make their plan into misguidance?1

আল্লাহ তাআলাই সিহঁতৰ কাবা ধ্বংস কৰাৰ চক্ৰান্ত বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।

105:3Page 601

وَأَرۡسَلَ عَلَيۡهِمۡ طَيۡرًا أَبَابِيلَ ٣

And He sent against them birds in flocks,

আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল।

105:4Page 601

تَرۡمِيهِم بِحِجَارَةٖ مِّن سِجِّيلٖ ٤

Striking them with stones of hard clay,

যিবোৰে সিহঁতৰ ওপৰত টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।

105:5Page 601

فَجَعَلَهُمۡ كَعَصۡفٖ مَّأۡكُولِۭ ٥

And He made them like eaten straw.1

ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском