Al-Mukhtasar · Tafsir · in Assamese
القمر
Al-Qamar
The Moon · Meccan · 55 ayahs
54:1Page 528
ٱقۡتَرَبَتِ ٱلسَّاعَةُ وَٱنشَقَّ ٱلۡقَمَرُ ١
The Hour has come near, and the moon has split [in two].1
কিয়ামত নিকটৱৰ্তী হৈছে, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চন্দ্ৰ দ্বিখণ্ডিত হৈছিল। লগতে চন্দ্ৰ দ্বিখণ্ডিত হোৱা বিষয়টো হৈছে বাস্তৱ নিদৰ্শন।
54:2Page 528
وَإِن يَرَوۡاْ ءَايَةٗ يُعۡرِضُواْ وَيَقُولُواْ سِحۡرٞ مُّسۡتَمِرّٞ ٢
And if they see a sign [i.e., miracle], they turn away and say, "Passing magic."1
মুশ্বৰিকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কে কোনো প্ৰমাণ দেখিলেই মুখ ঘূৰাই লয়, তথা সেইবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। লগতে কয়ঃ আমি দেখা এই প্ৰমাণবোৰ হৈছে যাদু তথা অসত্য।
54:3Page 528
وَكَذَّبُواْ وَٱتَّبَعُوٓاْ أَهۡوَآءَهُمۡۚ وَكُلُّ أَمۡرٖ مُّسۡتَقِرّٞ ٣
And they denied and followed their inclinations. But for every matter is a [time of] settlement.
সিহঁতৰ ওচৰলৈ অহা সত্যক সিহঁতে অস্বীকাৰ কৰিছে, আৰু এইক্ষেত্ৰত সিহঁতে নিজৰ ইচ্ছাৰ অনুসৰণ কৰিছে। ভাল হওক অথবা বেয়া, কিয়ামতৰ দিনা প্ৰত্যেকেই উচিত প্ৰাপ্য লাভ কৰিব।
54:4Page 528
وَلَقَدۡ جَآءَهُم مِّنَ ٱلۡأَنۢبَآءِ مَا فِيهِ مُزۡدَجَرٌ ٤
And there has already come to them of information that in which there is deterrence.
নিশ্চয় সিহঁতৰ ওচৰলৈ সেইসমূহ উম্মতৰ সংবাদ আহি পৰিছে, যিসকলক আল্লাহে সিহঁতৰ কুফৰী আৰু অন্যায় কৰ্মৰ বাবে ধ্বংস কৰিছিল। এতেকে এই সংবাদেই সিহঁতক কুফৰী আৰু অন্যায় কৰ্মৰ পৰা বিৰত ৰাখিবলৈ যথেষ্ট।
54:5Page 528
حِكۡمَةُۢ بَٰلِغَةٞۖ فَمَا تُغۡنِ ٱلنُّذُرُ ٥
Extensive wisdom - but warning does not avail [them].
সিহঁতৰ ওচৰলৈ যি সংবাদ আহি পৰিছে, সেয়া হিকমতেৰে পৰিপূৰ্ণ, যাতে সিহঁতৰ বাবে অজুহাত উত্থাপনৰ সকলো দুৱাৰ বন্ধ হৈ যায়। গতিকে যিসকল লোকে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতক সতৰ্কবাণীয়ে কোনো ধৰণৰ উপকাৰ নকৰে।
54:6Page 528
فَتَوَلَّ عَنۡهُمۡۘ يَوۡمَ يَدۡعُ ٱلدَّاعِ إِلَىٰ شَيۡءٖ نُّكُرٍ ٦
So leave them, [O Muḥammad]. The Day the Caller1 calls to something forbidding,
যিহেতু সিহঁতে সঠিক পথ অৱলম্বন কৰা নাই, গতিকে হে ৰাছুল! আপুনি সিহঁতক এৰি দিয়ক আৰু সিহঁতৰ পৰা মুখ ঘূৰাই থাকক; লগতে অপেক্ষা কৰক সেই দিৱসলৈ, যিদিনা নিয়োজিত ফিৰিস্তাই শিঙাত ফুঁ মাৰি এনেকুৱা এটা অপ্ৰিয় বিষয়ৰ প্ৰতি আহ্বান কৰিব, যিটো বিষয় ইয়াৰ পূৰ্বে কোনো সৃষ্টিয়েই মুখামুখি হোৱা নাই।
54:7Page 529
خُشَّعًا أَبۡصَٰرُهُمۡ يَخۡرُجُونَ مِنَ ٱلۡأَجۡدَاثِ كَأَنَّهُمۡ جَرَادٞ مُّنتَشِرٞ ٧
Their eyes humbled, they will emerge from the graves as if they were locusts spreading,
সিহঁতৰ চকুবোৰ অপদস্ত হৈ থাকিব। সিহঁতে কবৰৰ পৰা উঠি হিচাপ-নিকাচৰ ময়দানলৈ বিক্ষিপ্ত পতঙ্গৰ দৰে অগ্রসৰ হ’ব।
54:8Page 529
مُّهۡطِعِينَ إِلَى ٱلدَّاعِۖ يَقُولُ ٱلۡكَٰفِرُونَ هَٰذَا يَوۡمٌ عَسِرٞ ٨
Racing ahead toward the Caller. The disbelievers will say, "This is a difficult Day."
অৱস্থানৰ সেই ঠাইলৈ আহ্বানকাৰীৰ পিনে খৰখেদাকৈ দৌৰি যাব। তেতিয়া কাফিৰসকলে ক’ব: এই দিৱসটো অতি কঠিন দিৱস। কিয়নো, ইয়াত আছে বিভীষিকা আৰু ভয়াৱহতা।
54:9Page 529
۞ كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ فَكَذَّبُواْ عَبۡدَنَا وَقَالُواْ مَجۡنُونٞ وَٱزۡدُجِرَ ٩
The people of Noah denied before them, and they denied Our servant and said, "A madman," and he was repelled.
হে ৰাছুল! আপোনাৰ দাৱাত অগ্রাহ্য কৰা এই লোকসকলৰ পূর্বেও নূহ সম্প্ৰদায়ে আমাৰ বান্দা নূহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া আমি তেওঁক সিহঁতৰ ওচৰলৈ প্রেৰণ কৰিছিলোঁ। লগতে সিহঁতে তেওঁৰ বিষয়ে কৈছিলঃ তেওঁ হৈছে এজন উন্মাদ ব্যক্তি। যেতিয়া তেওঁ সিহঁতক দাৱাত প্রদানৰ পৰা বিৰত নহ'ল তেতিয়া সিহঁতে তেওঁক বিভিন্ন প্ৰকাৰৰ গালি-শপনি পাৰিছিল তথা হুমকিও প্ৰদান কৰিছিল।
54:10Page 529
فَدَعَا رَبَّهُۥٓ أَنِّي مَغۡلُوبٞ فَٱنتَصِرۡ ١٠
So he invoked his Lord, "Indeed, I am overpowered, so help."
তেতিয়া নূহ আলাইহিচ্ছালামে নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অসহায় অৱস্থাত ঠেলি দিছে আৰু সিহঁতে মোৰ আহ্বানত সঁহাৰি জনোৱা নাই, গতিকে আপুনি সিহঁতৰ ওপৰত শাস্তি অৱতীর্ণ কৰি মোক শক্তিশালী কৰক।
54:11Page 529
فَفَتَحۡنَآ أَبۡوَٰبَ ٱلسَّمَآءِ بِمَآءٖ مُّنۡهَمِرٖ ١١
Then We opened the gates of the heaven with rain pouring down
ফলত আমি আকাশৰ দুৱাৰ খুলি দিলোঁ আৰু ধাৰাসাৰ পানী বর্ষণ কৰিলোঁ।
54:12Page 529
وَفَجَّرۡنَا ٱلۡأَرۡضَ عُيُونٗا فَٱلۡتَقَى ٱلۡمَآءُ عَلَىٰٓ أَمۡرٖ قَدۡ قُدِرَ ١٢
And caused the earth to burst with springs, and the waters met for a matter already predestined.
আৰু আমি পৃথিৱীক বিদীৰ্ণ কৰিলোঁ, ফলত ই ঝর্নালৈ ৰূপান্তৰিত হ’ল আৰু তাৰ পৰা পানী প্রবাহিত হ’বলৈ ধৰিলে। ইয়াৰ পিছত পূৰ্ব নির্ধাৰিত আল্লাহৰ ফয়চালা অনুযায়ী আকাশৰ পৰা বর্ষিত পানীয়ে পৃথিৱীৰ পানীৰ সৈতে মিশ্ৰিত হৈ সকলোকে ডুবাই মাৰিলে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে সুৰক্ষা প্ৰদান কৰিছিল।
54:13Page 529
وَحَمَلۡنَٰهُ عَلَىٰ ذَاتِ أَلۡوَٰحٖ وَدُسُرٖ ١٣
And We carried him on a [construction of] planks and nails,
আৰু আমি নূহ আলাইহিচ্ছালামক ফলক আৰু পেৰেক বিশিষ্ট নাঁৱত আৰোহণ কৰাই তেওঁক আৰু তেওঁৰ সৈতে আৰোহণ কৰা লোকসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।
54:14Page 529
تَجۡرِي بِأَعۡيُنِنَا جَزَآءٗ لِّمَن كَانَ كُفِرَ ١٤
Sailing under Our observation as reward for he who had been denied.
সেই নাও মোৰ চকুৰ সন্মুখত তথা মোৰ প্ৰত্যক্ষ তত্ত্বাৱধানত পানীৰ উত্তাল তৰঙ্গমালাৰ ওপৰেৰে গতি কৰিছিল। এয়া আছিল নূহ আলাইহিচ্ছালামক সহায় কৰাৰ নিমিত্তে, কাৰণ তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিছিল, আৰু তেওঁ সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল, তাক সিহঁতে অস্বীকাৰ কৰিছিল।
54:15Page 529
وَلَقَد تَّرَكۡنَٰهَآ ءَايَةٗ فَهَلۡ مِن مُّدَّكِرٖ ١٥
And We left it as a sign, so is there any who will remember?
নিশ্চয় আমি এই শাস্তিক পৰৱর্তীসকলৰ মাজত উপদেশ হিচাপে ৰাখি দিছোঁ। এতেকে, ইয়াৰ পৰা উপদেশ গ্রহণকাৰী কোনোবা আছেনে?!
মিথ্যাৰোপকাৰীসকলৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! তথা সিহঁতক ধ্বংস কৰা মোৰ এই শাস্তিৰ মাধ্যমত মোৰ সতর্ক-সংকেত কেনেকুৱা আছিল?!
54:17Page 529
وَلَقَدۡ يَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرٖ ١٧
And We have certainly made the Qur’ān easy for remembrance, so is there any who will remember?
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
54:18Page 529
كَذَّبَتۡ عَادٞ فَكَيۡفَ كَانَ عَذَابِي وَنُذُرِ ١٨
ʿAad denied; and how [severe] were My punishment and warning.
আদ সম্প্রদায়েও সিহঁতৰ নবী হূদ আলাইহিচ্ছালামক মিথ্যাৰোপ কৰিছিল। এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
54:19Page 529
إِنَّآ أَرۡسَلۡنَا عَلَيۡهِمۡ رِيحٗا صَرۡصَرٗا فِي يَوۡمِ نَحۡسٖ مُّسۡتَمِرّٖ ١٩
Indeed, We sent upon them a screaming wind on a day of continuous misfortune,
আমি সিহঁতৰ ওপৰত এটা ক’লা আৰু অশনি দিৱসত প্রচণ্ড শীতল বতাহ প্রবাহিত কৰিছিলোঁ। যিটো সিহঁতৰ ওপৰত জাহান্নামত পতিত নোহোৱা পর্যন্ত অব্যাহত থাকিব।
54:20Page 529
تَنزِعُ ٱلنَّاسَ كَأَنَّهُمۡ أَعۡجَازُ نَخۡلٖ مُّنقَعِرٖ ٢٠
Extracting the people1 as if they were trunks of palm trees uprooted.
যি বতাহে মানুহক মাটিৰ পৰা উঠাই সিহঁতৰ মূৰৰ ওপৰেৰে নিক্ষেপ কৰিছিল। ফলত সিহঁত উঘালি পেলোৱা খেজুৰ গছৰ দৰে পৰি আছিল।
এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
54:22Page 529
وَلَقَدۡ يَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرٖ ٢٢
And We have certainly made the Qur’ān easy for remembrance, so is there any who will remember?
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
ছামূদ সম্প্রদায়েও অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতৰ ৰাছুল ছলেহ আলাইহিচ্ছালামে সিহঁতক সতৰ্ক কৰিছিল।
54:24Page 529
فَقَالُوٓاْ أَبَشَرٗا مِّنَّا وَٰحِدٗا نَّتَّبِعُهُۥٓ إِنَّآ إِذٗا لَّفِي ضَلَٰلٖ وَسُعُرٍ ٢٤
And said, "Is it one human being1 among us that we should follow? Indeed, we would then be in error and madness.
সিহঁতে অনিহা প্রকাশ কৰি কৈছিলঃ আমি আমাৰ দৰেই এজন মানুহৰ অনুসৰণ কৰিম নেকি?! এনেকুৱা কৰিলে দেখোন আমি সৰল পথৰ পৰা বিচ্যুত হৈ যাম আৰু চৰম বিবেকহীন বুলি চিহ্নিত হ'ম।
54:25Page 529
أَءُلۡقِيَ ٱلذِّكۡرُ عَلَيۡهِ مِنۢ بَيۡنِنَا بَلۡ هُوَ كَذَّابٌ أَشِرٞ ٢٥
Has the message been sent down upon him from among us? Rather, he is an insolent liar."
আমাক এৰি অকল এওঁৰ ওপৰতেই অহী অৱতীর্ণ কৰা হৈছে নেকি?! নহয়, এওঁ প্ৰকৃততে এজন অহংকাৰী মিছলীয়া।
54:26Page 529
سَيَعۡلَمُونَ غَدٗا مَّنِ ٱلۡكَذَّابُ ٱلۡأَشِرُ ٢٦
They will know tomorrow who is the insolent liar.
দৰাচলতে সিহঁতে শীঘ্ৰেই কিয়ামতৰ দিনা জানিবলৈ পাব যে, কোন মহা মিছলীয়া। ছলেহ, নে সিহঁত নিজেই?
54:27Page 529
إِنَّا مُرۡسِلُواْ ٱلنَّاقَةِ فِتۡنَةٗ لَّهُمۡ فَٱرۡتَقِبۡهُمۡ وَٱصۡطَبِرۡ ٢٧
Indeed, We are sending the she-camel as trial for them, so watch them and be patient.1
নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ শিলৰ পৰা উট উলিয়াই আনিম। গতিকে হে ছলেহ! আপুনি অপেক্ষা কৰক। আৰু চাই থাকক, সিহঁতে কি কৰে আৰু সিহঁতৰ লগত কি আচৰণ কৰা হয়। লগতে সিহঁতে দিয়া কষ্টত আপুনি ধৈৰ্য্য ধাৰণ কৰক।
54:28Page 530
وَنَبِّئۡهُمۡ أَنَّ ٱلۡمَآءَ قِسۡمَةُۢ بَيۡنَهُمۡۖ كُلُّ شِرۡبٖ مُّحۡتَضَرٞ ٢٨
And inform them that the water is shared between them,1 each [day of] drink attended [by turn].
আপুনি সিহঁতক জনাই দিয়ক যে, সিহঁতৰ কুঁৱাৰ পানী সিহঁতৰ আৰু সেই উটৰ মাজত বন্টন কৰি দিয়া হৈছে। এদিন সিহঁতৰ বাবে নিৰ্ধাৰিত আৰু এদিন উটৰ বাবে নিৰ্ধাৰিত। প্রত্যেকেই নিজ নিজ পাল অনুসাৰে উপস্থিত হ’ব।
54:29Page 530
فَنَادَوۡاْ صَاحِبَهُمۡ فَتَعَاطَىٰ فَعَقَرَ ٢٩
But they called their companion,1 and he dared2 and hamstrung [her].
কিন্তু সিহঁতে উটজনীক বধ কৰিবলৈ সিহঁতৰ সঙ্গীক আহ্বান কৰিলে। ফলত সি তৰোৱাল হাতত লৈ জাতিৰ নির্দেশ পালন কৰি উটজনীক হত্যা কৰিলে।
এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
54:31Page 530
إِنَّآ أَرۡسَلۡنَا عَلَيۡهِمۡ صَيۡحَةٗ وَٰحِدَةٗ فَكَانُواْ كَهَشِيمِ ٱلۡمُحۡتَظِرِ ٣١
Indeed, We sent upon them one shriek [i.e., blast from the sky], and they became like the dry twig fragments of an [animal] pen.
নিশ্চয় আমি সিহঁতৰ ওপৰত এটা প্ৰচণ্ড বজ্রপাত পঠিয়াইছিলোঁ, যি শব্দই সিহঁতক ধ্বংস কৰিছিল। ফলত সিহঁত গোহালি সজা শুকান খৰিত পৰিণত হৈছিল।
54:32Page 530
وَلَقَدۡ يَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرٖ ٣٢
And We have certainly made the Qur’ān easy for remembrance, so is there any who will remember?
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
লূত সম্প্ৰদায়েও লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতৰ ৰাছুল লূত আলাইহিচ্ছালামে সিহঁতক সতর্ক কৰিছিল।
54:34Page 530
إِنَّآ أَرۡسَلۡنَا عَلَيۡهِمۡ حَاصِبًا إِلَّآ ءَالَ لُوطٖۖ نَّجَّيۡنَٰهُم بِسَحَرٖ ٣٤
Indeed, We sent upon them a storm of stones, except the family of Lot - We saved them before dawn.
নিশ্চয় আমি সিহঁতৰ ওপৰত শিল নিক্ষেপকাৰী প্ৰচণ্ড বতাহ প্রেৰণ কৰিছিলোঁ, যি বতাহে লূত পৰিয়ালৰ বাহিৰে সকলোকে আঘাত কৰিছিল। তেওঁলোকক শাস্তিয়ে স্পৰ্শ কৰা নাছিল। কাৰণ, আমি তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিছিলোঁ। যিহেতু তেওঁ ৰাতিৰ শেষ ভাগতেই শাস্তি সংঘটিত হোৱাৰ পূর্বেই তেওঁলোকক লগত লৈ সেই অঞ্চলৰ পৰা ওলাই আহিছিল।
54:35Page 530
نِّعۡمَةٗ مِّنۡ عِندِنَاۚ كَذَٰلِكَ نَجۡزِي مَن شَكَرَ ٣٥
As favor from Us. Thus do We reward he who is grateful.
আমি তেওঁলোকক পুৰস্কাৰ স্বৰূপে শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে আমি লূত আলাইহিচ্ছালামক পুৰস্কৃত কৰিছোঁ, ঠিক সেইদৰেই আমি প্রত্যেক সেই ব্যক্তিক পুৰস্কৃত কৰোঁ, যিয়ে আমাৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
54:36Page 530
وَلَقَدۡ أَنذَرَهُم بَطۡشَتَنَا فَتَمَارَوۡاْ بِٱلنُّذُرِ ٣٦
And he had already warned them of Our assault, but they disputed the warning.
নিশ্চয় লূত আলাইহিচ্ছালামে সিহঁতক আমাৰ শাস্তিৰ পৰা ভীতি প্রদর্শন কৰিছিল। কিন্তু সিহঁতে এই সতর্ক-সংকেতক লৈ পৰস্পৰে বাদানুবাদত লিপ্ত হৈছিল, তথা সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল।
54:37Page 530
وَلَقَدۡ رَٰوَدُوهُ عَن ضَيۡفِهِۦ فَطَمَسۡنَآ أَعۡيُنَهُمۡ فَذُوقُواْ عَذَابِي وَنُذُرِ ٣٧
And they had demanded from him his guests, but We obliterated their eyes, [saying], "Taste My punishment and warning."
লূত সম্প্ৰদায়ে লূত আলাইহিচ্ছালামৰ ওচৰত আহি তেওঁৰ ফিৰিস্তা অতিথিসকলৰ কাষ চাপিবলৈ ঠেলা হেঁচা আৰম্ভ কৰিলে, যাতে তেওঁলোকৰ ওচৰতগৈ অসৎ উদ্দেশ্য পূৰণ কৰিব পাৰে। ফলত আমি সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি অন্ধ কৰি দিছিলোঁ। ফলত সিহঁতে তেওঁলোকক দেখিব পৰা নাছিল। আৰু আমি সিহঁতক কৈছিলোঁ: এতিয়া মোৰ শাস্তিৰ সোৱাদ লোৱা, এইটোৱে হৈছে মোৰ সতর্ক-সংকেতৰ পৰিণাম।
54:38Page 530
وَلَقَدۡ صَبَّحَهُم بُكۡرَةً عَذَابٞ مُّسۡتَقِرّٞ ٣٨
And there came upon them by morning an abiding punishment.
প্রভাতৰ সময়তেই সিহঁতৰ ওচৰত শাস্তি আহি পৰিছিল। এই শাস্তি সিহঁতৰ ওপৰত অবিচল থাকিব। অৱশেষত পৰকালৰ শাস্তি সিহঁতৰ ওচৰলৈ আহি পাব।
সিহঁতক কোৱা হ’ব, তোমালোকে মোৰ ফালৰ পৰা প্রেৰিত শাস্তিৰ আৰু লূত আলাইহিচ্ছালামৰ সতর্ক-সংকেতৰ পৰিণতি আস্বাদন কৰা।
54:40Page 530
وَلَقَدۡ يَسَّرۡنَا ٱلۡقُرۡءَانَ لِلذِّكۡرِ فَهَلۡ مِن مُّدَّكِرٖ ٤٠
And We have certainly made the Qur’ān easy for remembrance, so is there any who will remember?
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
54:41Page 530
وَلَقَدۡ جَآءَ ءَالَ فِرۡعَوۡنَ ٱلنُّذُرُ ٤١
And there certainly came to the people of Pharaoh warning.
নিশ্চয় ফিৰআউন পৰিয়ালৰ ওচৰলৈও মুছা আৰু হাৰূন (আলাইহিমাচ্ছালাম)ৰ মাধ্যমত আমাৰ সতর্ক-সংকেত আহিছিল।
54:42Page 530
كَذَّبُواْ بِـَٔايَٰتِنَا كُلِّهَا فَأَخَذۡنَٰهُمۡ أَخۡذَ عَزِيزٖ مُّقۡتَدِرٍ ٤٢
They denied Our signs, all of them, so We seized them with a seizure of one Exalted in Might and Perfect in Ability.
সিহঁতে আমাৰ ফালৰ পৰা অহা দলীল-প্রমাণাদিক অবিশ্বাস কৰিছিল। ফলত আমি সিহঁতৰ এই অস্বীকাৰ কাৰ্যৰ কাৰণে সিহঁতক মহা পৰাক্রমশালী আল্লাহৰ শাস্তি প্রদান কৰিছিলোঁ, যাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ মহা ক্ষমতাধৰ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।
54:43Page 530
أَكُفَّارُكُمۡ خَيۡرٞ مِّنۡ أُوْلَٰٓئِكُمۡ أَمۡ لَكُم بَرَآءَةٞ فِي ٱلزُّبُرِ ٤٣
Are your disbelievers better than those [former ones], or have you immunity in the scriptures?
হে মক্কাৰ অধিবাসীসকল! উক্ত কাফিৰসকলতকৈ তোমালোকৰ কাফিৰসকল অধিক উত্তম নেকি, যেনেঃ নূহ সম্প্ৰদায়, আদ, ছামূদ, লূত সম্প্ৰদায়, ফিৰআউন আৰু তাৰ জাতি?! নে তোমালোক আল্লাহৰ সেই শাস্তিৰ পৰা সুৰক্ষিত, যি শাস্তিৰ বৰ্ণনা ঐশী কিতাবসমূহত বর্ণিত হৈছে?
54:44Page 530
أَمۡ يَقُولُونَ نَحۡنُ جَمِيعٞ مُّنتَصِرٞ ٤٤
Or do they say, "We are an assembly supporting [each other]"?
বৰং মক্কাৰ এই কাফিৰসকলে এই কথা কয় নেকি যে, আমাক অনিষ্ট কৰা লোকসকলৰ বিৰুদ্ধে তথা যিসকলে আমাৰ একতা বিনষ্ট কৰিব বিচাৰে সেইসকল লোকৰ বিৰুদ্ধে আমি সংঘবদ্ধ অপৰাজেয় দল?!
54:45Page 530
سَيُهۡزَمُ ٱلۡجَمۡعُ وَيُوَلُّونَ ٱلدُّبُرَ ٤٥
[Their] assembly will be defeated, and they will turn their backs [in retreat].1
অচিৰেই এই কাফিৰসকলে পৰাজিত হ’ব আৰু সিহঁতে মু’মিনসকলৰ সন্মুখৰ পৰা পৃষ্ঠ প্রদর্শন কৰি পলায়ন কৰিব। বদৰ যুদ্ধৰ দিনা এইটো বাস্তৱত সংঘটিত হৈছিল।
54:46Page 530
بَلِ ٱلسَّاعَةُ مَوۡعِدُهُمۡ وَٱلسَّاعَةُ أَدۡهَىٰ وَأَمَرُّ ٤٦
But the Hour is their appointment [for due punishment], and the Hour is more disastrous and more bitter.
বৰং সিহঁতৰ আচল শাস্তিৰ ঠাই হৈছে সেই কিয়ামত দিৱস, যিটোক সিহঁতে অস্বীকাৰ কৰিছে। আনহাতে কিয়ামত দিৱসৰ শাস্তি, পাৰ্থিৱ জীৱনত পোৱা বদৰ যুদ্ধৰ শাস্তিতকৈও অধিক ভয়াৱহ আৰু কঠিন।
54:47Page 530
إِنَّ ٱلۡمُجۡرِمِينَ فِي ضَلَٰلٖ وَسُعُرٖ ٤٧
Indeed, the criminals are in error and madness.1.
কুফৰী আৰু পাপকৰ্মত লিপ্ত অপৰাধীসকল নিশ্চিতভাৱে সত্যৰ পৰা বহু দূৰ আঁতৰি আছে, লগতে শাস্তি আৰু কষ্টৰ মাজত পতিত হৈ আছে।
54:48Page 530
يَوۡمَ يُسۡحَبُونَ فِي ٱلنَّارِ عَلَىٰ وُجُوهِهِمۡ ذُوقُواْ مَسَّ سَقَرَ ٤٨
The Day they are dragged into the Fire on their faces [it will be said], "Taste the touch of Saqar."1
যিদিনা সিহঁতক উবৰি খোৱা অৱস্থাত চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ তোমালোকে অগ্নিৰ সোৱাদ উপভোগ কৰা।
54:49Page 530
إِنَّا كُلَّ شَيۡءٍ خَلَقۡنَٰهُ بِقَدَرٖ ٤٩
Indeed, all things We created with predestination.
নিশ্চয় আমি সৃষ্টিজগতৰ প্রতিটো বস্তুক আমাৰ পূর্ব নির্ধাৰণ, জ্ঞান, ইচ্ছা আৰু লাওহে মাহফুজত লিখিত ফায়চালা অনুযায়ীহে সৃষ্টি কৰিছোঁ।
54:50Page 531
وَمَآ أَمۡرُنَآ إِلَّا وَٰحِدَةٞ كَلَمۡحِۭ بِٱلۡبَصَرِ ٥٠
And Our command is but one, like a glance of the eye.
আমি যেতিয়া কোনো কাম কৰিব বিচাৰোঁ, তেতিয়া কেৱল এটাই কথা কওঁ আৰু সেয়া হৈছে ‘হ’। তেতিয়া লগে লগে আমি বিচৰা বস্তুটো চকুৰ পলকতে দ্ৰুত বাস্তৱত পৰিণত হৈ যায়।
54:51Page 531
وَلَقَدۡ أَهۡلَكۡنَآ أَشۡيَاعَكُمۡ فَهَلۡ مِن مُّدَّكِرٖ ٥١
And We have already destroyed your kinds,1 so is there any who will remember?
তোমালোকৰ দৰেই পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজৰ কাফিৰসকলক আমি ধ্বংস কৰিছোঁ। এতেকে কোনোবা আছেনে এইবোৰৰ পৰা উপদেশ গ্রহণ কৰি কুফৰী কৰ্মৰ পৰা বিৰত থাকিব?!
54:52Page 531
وَكُلُّ شَيۡءٖ فَعَلُوهُ فِي ٱلزُّبُرِ ٥٢
And everything they did is in written records.
বান্দাসকলে যি যি কৰ্ম কৰে সেয়া সংৰক্ষক ফিৰিস্তাসকলে পুথিত লিপিবদ্ধ কৰি ৰাখে। একোৱেই তেওঁলোকৰ পৰা এৰা নপৰে।
54:53Page 531
وَكُلُّ صَغِيرٖ وَكَبِيرٖ مُّسۡتَطَرٌ ٥٣
And every small and great [thing] is inscribed.
সৰু-বৰ সকলো কথা আৰু কৰ্মই আমলনামা তথা লাওহে মাহফুজত লিপিবদ্ধ আছে। শীঘ্ৰেই ইয়াৰ ভিত্তিত প্রতিদান দিয়া হ’ব।
54:54Page 531
إِنَّ ٱلۡمُتَّقِينَ فِي جَنَّٰتٖ وَنَهَرٖ ٥٤
Indeed, the righteous will be among gardens and rivers,
নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে জান্নাতৰ মাজত আৰু প্ৰবাহিত নদ-নদীসমূহৰ মাজত তেওঁৰ নিয়ামতসমূহ উপভোগ কৰিব।
54:55Page 531
فِي مَقۡعَدِ صِدۡقٍ عِندَ مَلِيكٖ مُّقۡتَدِرِۭ ٥٥
In a seat of honor near a Sovereign, Perfect in Ability.1
যথাযোগ্য আসনত তেওঁলোকে অৱস্থান কৰিব। য’ত কোনো ধৰণৰ অলাগতিয়াল তথা গুনাহৰ কথা আলোচিত নহ’ব। মহা অধিপতিৰ সান্নিধ্যত অৱস্থান কৰিব, যিজন সকলো বস্তুৰ অধিপতি, তেওঁ সৰ্বশক্তিমান, একোৱেই তেওঁৰ সাধ্যাতীত নহয়। গতিকে তেওঁলোকে তাত কিমান উৎকৃষ্ট চিৰস্থায়ী ভোগসামগ্রী লাভ কৰিব সেই বিষয়ে কোনো প্ৰশ্নই নুঠে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences