Al-MukhtasarAsh‑Shu'ara · 26:1–67

Al-Mukhtasar · Tafsir · in Assamese

الشعراء

Ash-Shu'ara

The Poets · Meccan · 227 ayahs

26:1Page 367

طسٓمٓ ١

Ṭā, Seen, Meem.1

(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।

26:2Page 367

تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ ٢

These are the verses of the clear Book.

এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত, যিবোৰে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰে।

26:3Page 367

لَعَلَّكَ بَٰخِعٞ نَّفۡسَكَ أَلَّا يَكُونُواْ مُؤۡمِنِينَ ٣

Perhaps, [O Muḥammad], you would kill yourself with grief that they will not be believers.

হে ৰাছুল! আপুনি সিহঁতৰ হিদায়তপ্ৰাপ্তিৰ বাবে ইমান আগ্ৰহী যে, এনেকুৱা লাগে যেনিবা সিহঁতৰ হিদায়তৰ আগ্ৰহত আৰু হিদায়ত নোপোৱাৰ শোকত আপুনি নিজকে ধ্বংস কৰি পেলাব।

26:4Page 367

إِن نَّشَأۡ نُنَزِّلۡ عَلَيۡهِم مِّنَ ٱلسَّمَآءِ ءَايَةٗ فَظَلَّتۡ أَعۡنَٰقُهُمۡ لَهَا خَٰضِعِينَ ٤

If We willed, We could send down to them from the sky a sign for which their necks would remain humbled.1

আমি সিহঁতৰ ওপৰত (সিহঁতৰ ইচ্ছানুসাৰে) আকাশৰ পৰা কোনো নিদৰ্শন অৱতীৰ্ণ কৰিব বিচাৰিলে, অৱশ্যে অৱতীৰ্ণ কৰিলোহেঁতেন; তেতিয়া অপমান আৰু লাঞ্ছনাত সিহঁতে শিৰনত কৰিলেহেঁতেন। কিন্তু আমি সিহঁতক পৰীক্ষা কৰাৰ উদ্দেশ্যে এইটো কৰা নাছিলোঁ। চাওঁ সিহঁতে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে নে নকৰে?

26:5Page 367

وَمَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّنَ ٱلرَّحۡمَٰنِ مُحۡدَثٍ إِلَّا كَانُواْ عَنۡهُ مُعۡرِضِينَ ٥

And no mention [i.e., revelation] comes to them anew from the Most Merciful except that they turn away from it.

যেতিয়াই এই মুশ্বৰিকসকলৰ ওচৰলৈ ৰহমানৰ ফালৰ পৰা কোনো নতুন উপদেশ আহে, যিটোৱে তেওঁৰ তাওহীদৰ প্ৰমাণ বহন কৰে তথা তেওঁৰ নবীৰ সত্যতা স্পষ্ট কৰে, তেতিয়াই সিহঁতে সেইটো শুনাৰ পৰা আৰু সেইটোক সমৰ্থন কৰাৰ পৰা বিমুখ হৈ পৰে।

26:6Page 367

فَقَدۡ كَذَّبُواْ فَسَيَأۡتِيهِمۡ أَنۢبَٰٓؤُاْ مَا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٦

For they have already denied, but there will come to them the news of that which they used to ridicule.

সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে যি বাৰ্তা লৈ আহিছিল, সেইটোক সিহঁতে অস্বীকাৰ কৰিছে। এতেকে এতিয়া অতিশীঘ্ৰেই সিহঁতৰ ওচৰলৈ সেই বাৰ্তাৰ বাস্তৱতা আহি পৰিব যিটোকলৈ সিহঁতে উপহাস কৰিছিল। তথা সিহঁতৰ ওপৰত শাস্তি নামি আহিব।

26:7Page 367

أَوَلَمۡ يَرَوۡاْ إِلَى ٱلۡأَرۡضِ كَمۡ أَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجٖ كَرِيمٍ ٧

Did they not look at the earth - how much We have produced therein from every noble kind?

এই মুশ্বৰিকসকল এতিয়াও কুফৰীত অটল আছেনে, সিহঁতে পৃথিৱীত চকু মেলি নাচায় নেকি যে, আমি তাত বিভিন্ন প্ৰকাৰৰ অতি সুন্দৰ আৰু লাভদায়ক গছ-গছনি তথা উদ্ভিদ উৎপন্ন কৰিছোঁ?!

26:8Page 367

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ٨

Indeed in that is a sign, but most of them were not to be believers.

পৃথিৱীত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰি সেউজীয়া কৰাৰ মাজত এই কথাৰ স্পষ্ট প্ৰমাণ পোৱা যায় যে, তেওঁ নিশ্চিতভাৱে মৃতসকলক জীৱিত কৰিবলৈ সক্ষম। কিন্তু ইয়াৰ পিছতো সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ নকৰে।

26:9Page 367

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ٩

And indeed, your Lord - He is the Exalted in Might, the Merciful.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক ইমান শক্তিশালী যে, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে তথা তেওঁ বান্দাসকলৰ প্ৰতি অতি দয়ালু।

26:10Page 367

وَإِذۡ نَادَىٰ رَبُّكَ مُوسَىٰٓ أَنِ ٱئۡتِ ٱلۡقَوۡمَ ٱلظَّٰلِمِينَ ١٠

And [mention] when your Lord called Moses, [saying], "Go to the wrongdoing people -

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে মুছাক অত্যাচাৰী সম্প্ৰদায়ৰ ওচৰলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল। যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু মুছাৰ সম্প্ৰদায়ক দাসত পৰিণত কৰি ৰাখিছিল।

26:11Page 367

قَوۡمَ فِرۡعَوۡنَۚ أَلَا يَتَّقُونَ ١١

The people of Pharaoh. Will they not fear Allāh?"

সেই সম্প্ৰদায়ৰ দ্বাৰা ফিৰআউন সম্প্ৰদায়ক বুজোৱা হৈছে। তাতগৈ সিহঁতক আদেশ দিয়ক যে, সিহঁতে যেন আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে তথা তেওঁক ভয় কৰে।

26:12Page 367

قَالَ رَبِّ إِنِّيٓ أَخَافُ أَن يُكَذِّبُونِ ١٢

He said, "My Lord, indeed I fear that they will deny me

মুছা আলাইহিচ্ছালামে ক’লেঃ মই আপোনাৰ ফালৰ পৰা যি আদেশ সিহঁতক পৌঁচাবলৈ গৈ আছোঁ, মোৰ আশংকা হয় সিহঁতে সেইটোক অস্বীকাৰ কৰিব।

26:13Page 367

وَيَضِيقُ صَدۡرِي وَلَا يَنطَلِقُ لِسَانِي فَأَرۡسِلۡ إِلَىٰ هَٰرُونَ ١٣

And that my breast will tighten and my tongue will not be fluent, so send for Aaron.

সিহঁতে মোক অস্বীকাৰ কৰিব বুলি মোৰ বুকু সংকুচিত হৈ আছে, তথা মই স্বাভাৱিকভাৱে কথাও ক’ব পৰা নাই। এতেকে জিব্ৰীলৰ দ্বাৰা মোৰ ভাতৃৰ ওচৰলৈও অহী প্ৰেৰণ কৰা, যাতে তেওঁ মোৰ সহায়ক হয়।

26:14Page 367

وَلَهُمۡ عَلَيَّ ذَنۢبٞ فَأَخَافُ أَن يَقۡتُلُونِ ١٤

And they have upon me a [claim due to] sin, so I fear that they will kill me."

আনহাতে সিহঁতৰ মাজৰ এজন কিবতীক মই হত্যা কৰিছিলোঁ, ফলত মই সিহঁতৰ ওচৰত অপৰাধী। গতিকে মোৰ আশংকা হয়, সিহঁতে মোক হত্যা কৰিব।

26:15Page 367

قَالَ كـَلَّاۖ فَٱذۡهَبَا بِـَٔايَٰتِنَآۖ إِنَّا مَعَكُم مُّسۡتَمِعُونَ ١٥

[Allāh] said, "No. Go both of you with Our signs; indeed, We are with you, listening.

আল্লাহে মুছা আলাইহিচ্ছালামক ক'লেঃ নহয়, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। কেতিয়াও সিহঁতে আপোনাক হত্যা কৰিব নোৱাৰে। এতেকে আপুনি আৰু আপোনাৰ ভাই হাৰূন দুয়ো মিলি আমাৰ নিদৰ্শনসমূহ লৈ যাওক, যিবোৰে আপোনালোকৰ সত্যতা প্ৰমাণ কৰিব। নিশ্চয় আমি আপোনালোক দুয়োকে সহায়-সমৰ্থন কৰিম। আপোনালোকে সিহঁতক আৰু সিহঁতে আপোনালোকক যি যি ক’ব, সেইবোৰ মই শুনিম। একোৱেই আমাৰ পৰা এৰি নাযাব।

26:16Page 367

فَأۡتِيَا فِرۡعَوۡنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلۡعَٰلَمِينَ ١٦

Go to Pharaoh and say, 'We are the messengers1 of the Lord of the worlds,

আপোনালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যাওক, আৰু কওকঃ নিশ্চয় আমি দুয়ো গোটেই সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ।

26:17Page 367

أَنۡ أَرۡسِلۡ مَعَنَا بَنِيٓ إِسۡرَٰٓءِيلَ ١٧

[Commanded to say], "Send with us the Children of Israel."'"

এতেকে তুমি আমাৰ সৈতে বনী ইছৰাঈলক যাবলৈ দিয়া।

26:18Page 367

قَالَ أَلَمۡ نُرَبِّكَ فِينَا وَلِيدٗا وَلَبِثۡتَ فِينَا مِنۡ عُمُرِكَ سِنِينَ ١٨

[Pharaoh] said, "Did we not raise you among us as a child, and you remained among us for years of your life?

ফিৰআউনে মুছা আলাইহিচ্ছালামক ক’লেঃ হে মুছা! আমি তোমাক বাল্যকালত আমাৰ ইয়াত লালন-পালন কৰা নাছিলোনে? তুমি আমাৰ মাজত জীৱনৰ কেইবাটাও বছৰ অতিবাহিত কৰা নাছিলানে, তেন্তে কি ভিত্তিত তুমি নবুওৱতৰ দাবীদাৰ হৈ পৰিলা?

26:19Page 367

وَفَعَلۡتَ فَعۡلَتَكَ ٱلَّتِي فَعَلۡتَ وَأَنتَ مِنَ ٱلۡكَٰفِرِينَ ١٩

And [then] you did your deed which you did,1 and you were of the ungrateful."

লগতে তুমি তোমাৰ সম্প্ৰদায়ৰ এজনক সহায় কৰিবলৈ গৈ এজন কিবতীক হত্যা কৰি মহা অপৰাধ কৰিছিলা। গতিকে তুমি আমাৰ অনুগ্ৰহৰ এজন অকৃতজ্ঞ ব্যক্তি।

26:20Page 368

قَالَ فَعَلۡتُهَآ إِذٗا وَأَنَا۠ مِنَ ٱلضَّآلِّينَ ٢٠

[Moses] said, "I did it, then, while I was of those astray [i.e., ignorant].

মুছা আলাইহিচ্ছালামে সেই অপৰাধ স্বীকাৰ কৰি ক’লেঃ মই সেই ব্যক্তিজনক সেই সময়ত হত্যা কৰিছিলোঁ যেতিয়া মই অজ্ঞ আছিলোঁ আৰু মোৰ ওচৰত অহী অহা নাছিল।

26:21Page 368

فَفَرَرۡتُ مِنكُمۡ لَمَّا خِفۡتُكُمۡ فَوَهَبَ لِي رَبِّي حُكۡمٗا وَجَعَلَنِي مِنَ ٱلۡمُرۡسَلِينَ ٢١

So I fled from you when I feared you. Then my Lord granted me judgement [i.e., wisdom and prophethood] and appointed me [as one] of the messengers.

তাৰ পিছত মই যেতিয়া আশংকা কৰিলোঁ যে, তোমালোকে মোক হত্যাৰ অপৰাধত হত্যা কৰিবা, তেতিয়া মই মাদিয়ানৰ পিনে পলায়ন কৰিছিলোঁ। তাতেই মোৰ প্ৰতিপালকে মোক জ্ঞান দান কৰিছে। তথা মোক সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত কৰিছে, যিসকলক তেওঁ মানুহৰ ওচৰলৈ প্ৰেৰণ কৰে।

26:22Page 368

وَتِلۡكَ نِعۡمَةٞ تَمُنُّهَا عَلَيَّ أَنۡ عَبَّدتَّ بَنِيٓ إِسۡرَٰٓءِيلَ ٢٢

And is this a favor of which you remind me - that you have enslaved the Children of Israel?"

এইটো সত্য যে, তুমি মোক বনী ইছৰাঈলৰ দৰে দাস বনোৱাৰ পৰিবৰ্তে যত্ন সহকাৰে লালন-পালন কৰিছিলা। এই উপকাৰৰ বিষয়ে গাই ফুৰাটো তোমাৰ পক্ষে ঠিকেই আছে। কিন্তু মই তোমাক আল্লাহৰ পিনে আহ্বান কৰিব নোৱাৰিম বুলি এইটোৱে প্ৰমাণ বহন নকৰে।

26:23Page 368

قَالَ فِرۡعَوۡنُ وَمَا رَبُّ ٱلۡعَٰلَمِينَ ٢٣

Said Pharaoh, "And what is the Lord of the worlds?"

ফিৰআউনে মুছাক উভতি ধৰি ক'লেঃ কোন এইজন বিশ্বজগতৰ ৰব্ব, যাৰ ফালৰ পৰা তুমি নিজকে ৰাছুল বুলি দাবী কৰি আছা?!

26:24Page 368

قَالَ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُم مُّوقِنِينَ ٢٤

[Moses] said, "The Lord of the heavens and earth and that between them, if you should be convinced."

মুছাই ফিৰআউনক উত্তৰ দি ক’লেঃ বিশ্বজগতৰ ৰব্ব হৈছে সেই সত্ত্বা, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ ৰব্ব, তথা এই দুয়োৰে মাজত থকা সকলো বস্তুৰে ৰব্ব। এতেকে যদি তুমি বিশ্বাস কৰা যে, তেওঁ সকলোৰে ৰব্ব, তেন্তে তুমি একমাত্ৰ তেওঁৰেই ইবাদত কৰা।

26:25Page 368

قَالَ لِمَنۡ حَوۡلَهُۥٓ أَلَا تَسۡتَمِعُونَ ٢٥

[Pharaoh] said to those around him, "Do you not hear?"

ফিৰআউনে তাৰ ওচৰে পাঁজৰে থকা নেতাসকলক উদ্দেশ্য কৰি ক’লেঃ তোমালোকে মুছাৰ উত্তৰৰ পিনে লক্ষ্য কৰিছানে, তেওঁ কিদৰে মিছা দাবী কৰি আছে?!

26:26Page 368

قَالَ رَبُّكُمۡ وَرَبُّ ءَابَآئِكُمُ ٱلۡأَوَّلِينَ ٢٦

[Moses] said, "Your Lord and the Lord of your first forefathers."

মুছাই সিহঁতক ক’লেঃ আল্লাহ কেৱল তোমালোকৰেই ৰব্ব নহয়, বৰং তোমালোকৰ পিতৃপুৰুষ সকলৰো ৰব্ব।

26:27Page 368

قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِيٓ أُرۡسِلَ إِلَيۡكُمۡ لَمَجۡنُونٞ ٢٧

[Pharaoh] said,1 "Indeed, your 'messenger' who has been sent to you is mad."

ফিৰআউনে ক'লেঃ যিয়ে তোমালোকৰ পিনে ৰাছুল হৈ অহা বুলি দাবী কৰি আছে, সি হৈছে এজন উন্মাদ। সি এইটোও নাজানে যে, কেনেকৈ উত্তৰ দিব লাগে। আনকি সি নিজে যি কয়, সেইটো সি নিজেই বুজি নাপায়।

26:28Page 368

قَالَ رَبُّ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُمۡ تَعۡقِلُونَ ٢٨

[Moses] said, "Lord of the east and the west and that between them, if you were to reason."

মুছাই ক'লেঃ মই যি আল্লাহৰ প্ৰতি তোমালোকক আহ্বান কৰি আছোঁ, তেওঁ পূৱ, পশ্চিম আৰু এই দুয়োৰে মাজত থকা সকলোৰে ৰব্ব। যদি তোমালোকৰ বিবেক আছে, ভাৱি চোৱা।

26:29Page 368

قَالَ لَئِنِ ٱتَّخَذۡتَ إِلَٰهًا غَيۡرِي لَأَجۡعَلَنَّكَ مِنَ ٱلۡمَسۡجُونِينَ ٢٩

[Pharaoh] said, "If you take a god other than me, I will surely place you among those imprisoned."

মুছা আলাইহিচ্ছালামৰ যুক্তি খণ্ডন কৰিব নোৱাৰি ফিৰআউনে ক'লেঃ যদি তুমি মোৰ বাহিৰে আন কোনো উপাস্যৰ উপাসনা কৰা, তেন্তে মই তোমাক কাৰাবন্দী কৰিম।

26:30Page 368

قَالَ أَوَلَوۡ جِئۡتُكَ بِشَيۡءٖ مُّبِينٖ ٣٠

[Moses] said, "Even if I brought you something [i.e., proof] manifest?"

মুছা আলাইহিচ্ছালামে ফিৰআউনক ক’লেঃ শুনা! মই যদি তোমাৰ ওচৰলৈ এনেকুৱা এটা বস্তু লৈ আহোঁ, যিটোৱে মই আল্লাহৰ ফালৰ পৰা তোমাৰ ওচৰলৈ লৈ অহা বিষয়টোৰ সত্যতা প্ৰমাণ কৰিব, তথাপিও তুমি মোক কাৰাৰুদ্ধ কৰিবানে?!

26:31Page 368

قَالَ فَأۡتِ بِهِۦٓ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ ٣١

[Pharaoh] said, "Then bring it, if you should be of the truthful."

তেতিয়া সি ক’লেঃ যদি তুমি তোমাৰ দাবীত সত্যবাদী তেন্তে আনাগৈ, কি আনিবা তোমাৰ সত্যতা প্ৰমাণ কৰিবলৈ।

26:32Page 368

فَأَلۡقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعۡبَانٞ مُّبِينٞ ٣٢

So [Moses] threw his staff, and suddenly it was a serpent manifest.1

তেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ লাখুটিডাল মাটিত নিক্ষেপ কৰিলে, হঠাৎ সেইডাল অজগৰ সাপত পৰিণত হ’ল, যিটোক প্ৰকাশ্যভাৱে দেখা পোৱা গৈছিল।

26:33Page 368

وَنَزَعَ يَدَهُۥ فَإِذَا هِيَ بَيۡضَآءُ لِلنَّٰظِرِينَ ٣٣

And he drew out his hand; thereupon it was white for the observers.

তেওঁ নিজৰ হাতখন কাষলতিত সোমাই দিলে, কিন্তু তাৰ পৰা যেতিয়া উলিয়াই আনিলে তেতিয়া তেওঁৰ হাতখন শুভ্ৰ উজ্জ্বল হৈ জিলিকিবলৈ ধৰিলে। এইটো কোনো বেমাৰৰ কাৰণে হোৱা নাছিল। কিন্তু প্ৰত্যক্ষদৰ্শীসকলে তেনেকুৱাই দেখি আছিল।

26:34Page 368

قَالَ لِلۡمَلَإِ حَوۡلَهُۥٓ إِنَّ هَٰذَا لَسَٰحِرٌ عَلِيمٞ ٣٤

[Pharaoh] said to the eminent ones around him, "Indeed, this is a learned magician.

ফিৰআউনে তাৰ ওচৰে পাঁজৰে থকা নেতাসকলক ক'লেঃ এওঁ দেখোন দক্ষ যাদুকৰ। যাদুৰ সম্পৰ্কে পাকৈত।

26:35Page 368

يُرِيدُ أَن يُخۡرِجَكُم مِّنۡ أَرۡضِكُم بِسِحۡرِهِۦ فَمَاذَا تَأۡمُرُونَ ٣٥

He wants to drive you out of your land by his magic, so what do you advise?"

দৰাচলতে এওঁ যাদুৰ জৰিয়তে তোমালোকক তোমালোকৰ জন্মভূমিৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। গতিকে এই বিষয়ে তোমালোকৰ মন্তব্য কি? এই বিষয়ে কি সিদ্ধান্ত লোৱা উচিত?

26:36Page 368

قَالُوٓاْ أَرۡجِهۡ وَأَخَاهُ وَٱبۡعَثۡ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ ٣٦

They said, "Postpone [the matter of] him and his brother and send among the cities gatherers

সিহঁতে ফিৰআউনক ক’লেঃ মুছা আৰু তেওঁৰ ভাতৃক কিছুসময় অৱকাশ দিয়া যাওক। তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ খৰধৰ কৰা উচিত নহ’ব। ইপিনে মিচৰৰ বিভিন্ন চহৰলৈ বাৰ্তাবাহক প্ৰেৰণ কৰক, সিহঁতে যাতে সুদক্ষ যাদুকৰসকলক একত্ৰিত কৰে।

26:37Page 368

يَأۡتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٖ ٣٧

Who will bring you every learned, skilled magician."

সিহঁতে আপোনাৰ ওচৰলৈ সুদক্ষ, পৰিপক্ক, নিপুণ আৰু পাৰদৰ্শী যাদুকৰবিলাকক লৈ আহিব।

26:38Page 368

فَجُمِعَ ٱلسَّحَرَةُ لِمِيقَٰتِ يَوۡمٖ مَّعۡلُومٖ ٣٨

So the magicians were assembled for the appointment of a well-known day.1

ইপিনে ফিৰআউনে তাৰ যাদুকৰবিলাকক মুছাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ এটা নিৰ্ধাৰিত সময়ত নিৰ্দিষ্ট ঠাইত একত্ৰিত কৰিলে।

26:39Page 368

وَقِيلَ لِلنَّاسِ هَلۡ أَنتُم مُّجۡتَمِعُونَ ٣٩

And it was said to the people, "Will you congregate

তথা মানুহৰ মাজতো ঘোষণা কৰি দিয়া হ’ল যে, তোমালোকেও একত্ৰিত হ’বা, যাতে তোমালোকেও চাব পাৰা, কোনে বিজয় লাভ কৰে, মুছা নে যাদুকৰসকল?

26:40Page 369

لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُواْ هُمُ ٱلۡغَٰلِبِينَ ٤٠

That we might follow the magicians if they are the predominant?"

এই আশাত যে, যদি যাদুকৰবিলাকে মুছাক পৰাজিত কৰিব পাৰে, তেন্তে আমি সেই যাদুকৰবিলাকৰ অনুসৰণ কৰিম।

26:41Page 369

فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُواْ لِفِرۡعَوۡنَ أَئِنَّ لَنَا لَأَجۡرًا إِن كُنَّا نَحۡنُ ٱلۡغَٰلِبِينَ ٤١

And when the magicians arrived, they said to Pharaoh, "Is there indeed for us a reward if we are the predominant?"

যেতিয়া যাদুকৰসকলে মুছাক পৰাজিত কৰিবলৈ ফিৰআউনৰ ওচৰত আহি উপস্থিত হ’ল, তেতিয়া সিহঁতে তাক ক’লেঃ যদি আমি মুছাক পৰাজিত কৰিবলৈ সক্ষম হওঁ, তেন্তে আমাক আৰ্থিক অথবা নৈতিকভাৱে কোনো পুৰস্কাৰ দিয়া হ’বনে?

26:42Page 369

قَالَ نَعَمۡ وَإِنَّكُمۡ إِذٗا لَّمِنَ ٱلۡمُقَرَّبِينَ ٤٢

He said, "Yes, and indeed, you will then be of those near [to me]."

ফিৰআউনে সিহঁতক ক’লেঃ নিশ্চয় তোমালোকে পুৰস্কাৰ লাভ কৰিবা। তোমালোকে বিজয় লাভ কৰাৰ লগে লগে মোৰ নিকটৱৰ্তীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা আৰু মই তোমালোকক উচ্চ পদত অধিষ্ঠিত কৰিম।

26:43Page 369

قَالَ لَهُم مُّوسَىٰٓ أَلۡقُواْ مَآ أَنتُم مُّلۡقُونَ ٤٣

Moses said to them, "Throw whatever you will throw."

প্ৰথমেই মুছা আলাইহিচ্ছালামে আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস ৰাখি এই কথা স্পষ্ট কৰিলে যে, তেওঁৰ ওচৰত যি আছে সেইবোৰ যাদু নহয়। তাৰ পিছত তেওঁ যাদুকৰবিলাকক ক’লেঃ তোমালোকৰ ৰছী আৰু লাখুটি, যি যি আছে নিক্ষেপ কৰা।

26:44Page 369

فَأَلۡقَوۡاْ حِبَالَهُمۡ وَعِصِيَّهُمۡ وَقَالُواْ بِعِزَّةِ فِرۡعَوۡنَ إِنَّا لَنَحۡنُ ٱلۡغَٰلِبُونَ ٤٤

So they threw their ropes and their staffs and said, "By the might of Pharaoh, indeed it is we who are predominant."

ইয়াৰ পিছত সিহঁতে ফিৰআউনৰ প্ৰভুত্বৰ শপত খাই নিজৰ লাখুটি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে আৰু ক’লেঃ নিশ্চয় আমি বিজয়ী হ’ম, তথা মুছা হ’ব পৰাজিত।

26:45Page 369

فَأَلۡقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِيَ تَلۡقَفُ مَا يَأۡفِكُونَ ٤٥

Then Moses threw his staff, and at once it devoured what they falsified.

তাৰ পিছত মুছা আলাইহিচ্ছালামে নিজৰ লাখুটিডাল নিক্ষেপ কৰিলে, তথা চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ’ল, আৰু সিহঁতে যাদুৰ জৰিয়তে মানুহক ঠগিবলৈ যি বনাইছিল, সেইবোৰক গিলি খাবলৈ আৰম্ভ কৰিলে।

26:46Page 369

فَأُلۡقِيَ ٱلسَّحَرَةُ سَٰجِدِينَ ٤٦

So the magicians fell down in prostration [to Allāh].

যাদুকৰসকলে যেতিয়া মুছা আলাইহিচ্ছালামৰ লাখুটিডালক অজগৰ সাপ হৈ সিহঁতৰ যাদুৰ প্ৰভাৱত সৃষ্টি হোৱা বস্তুবোৰক গিলি খোৱা দেখিলে, তেতিয়া সিহঁত সকলোৱে ছাজদাৱনত হ'ল।

26:47Page 369

قَالُوٓاْ ءَامَنَّا بِرَبِّ ٱلۡعَٰلَمِينَ ٤٧

They said, "We have believed in the Lord of the worlds,

সিহঁতে ক’লেঃ আমি সৃষ্টিজগতৰ ৰব্ব আল্লাহৰ প্ৰতি ঈমান আনিছোঁ।

26:48Page 369

رَبِّ مُوسَىٰ وَهَٰرُونَ ٤٨

The Lord of Moses and Aaron."

যিজন মুছা আৰু হাৰূনৰ ৰব্ব।

26:49Page 369

قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِي عَلَّمَكُمُ ٱلسِّحۡرَ فَلَسَوۡفَ تَعۡلَمُونَۚ لَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ وَلَأُصَلِّبَنَّكُمۡ أَجۡمَعِينَ ٤٩

[Pharaoh] said, "You believed him [i.e., Moses] before I gave you permission. Indeed, he is your leader who has taught you magic, but you are going to know. I will surely cut off your hands and your feet on opposite sides, and I will surely crucify you all."

ফিৰআউনে যাদুকৰসকলৰ ঈমানক অস্বীকাৰ কৰি ক'লেঃ মই অনুমতি দিয়াৰ পূৰ্বেই তোমালোকে মুছাৰ প্ৰতি ঈমান পোষণ কেনেকৈ কৰিলা, নিশ্চয় মুছাই হৈছে তোমালোকৰ গুৰু, তেৱেঁই তোমালোকক যাদুবিদ্যা শিকাইছে। নিশ্চয় তোমালোক আটায়ে মিলি মিচৰৰ অধিবাসীসকলক সিহঁতৰ জন্মভূমিৰ পৰা বহিষ্কাৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছা। তোমালোকে অচিৰেই গম পাবা, ইয়াৰ শাস্তি কি হ'ব পাৰে। নিশ্চিতভাৱে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু তোমালোক আটাইকে খেজুৰ গছত ফাঁচি দিম, এজনকো এৰি নিদিওঁ।

26:50Page 369

قَالُواْ لَا ضَيۡرَۖ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ ٥٠

They said, "No harm. Indeed, to our Lord we will return.

যাদুকৰসকলে ফিৰআউনক ক’লেঃ পাৰ্থিৱ জীৱনত তুমি আমাৰ হাত-ভৰি কাটি পেলোৱাৰ আৰু আমাক ফাঁচি দিয়াৰ যি ধমকি দি আছা, সেইটোক আমি অকণো ভ্ৰূক্ষেপ নকৰোঁ। এই শাস্তি অচিৰেই সমাপ্ত হ’ব। কাৰণ আমি আমাৰ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰি আছোঁ। তেওঁ অতিশীঘ্ৰে আমাক তেওঁৰ চিৰস্থায়ী কৃপাত প্ৰৱেশ কৰাব।

26:51Page 369

إِنَّا نَطۡمَعُ أَن يَغۡفِرَ لَنَا رَبُّنَا خَطَٰيَٰنَآ أَن كُنَّآ أَوَّلَ ٱلۡمُؤۡمِنِينَ ٥١

Indeed, we aspire that our Lord will forgive us our sins because we were the first of the believers."

নিশ্চয় আল্লাহে আমাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিব। কাৰণ আমিয়ে সৰ্বপ্ৰথম মুছাৰ প্ৰতি ঈমান আনিছোঁ আৰু তেওঁক সত্য বুলি স্বীকাৰ কৰিছোঁ।

26:52Page 369

۞ وَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنۡ أَسۡرِ بِعِبَادِيٓ إِنَّكُم مُّتَّبَعُونَ ٥٢

And We inspired to Moses, "Travel by night with My servants; indeed, you will be pursued."

তথা আমি মুছাক অহী কৰিছিলোঁ যে, তুমি ৰাতিৰ ভিতৰতেই বনী ইছৰাঈলক লগত লৈ ইয়াৰ পৰা গুচি যোৱা। আৰু ইপিনে ফিৰআউন আৰু তাৰ সঙ্গীসকলে তেওঁলোকক ওভোতাই আনিবলৈ চোঁচা ল’ব।

26:53Page 369

فَأَرۡسَلَ فِرۡعَوۡنُ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ ٥٣

Then Pharaoh sent among the cities gatherers1

যেতিয়া ফিৰআউনে গম পালে যে, বনী ইছৰাঈল মিছৰৰ পৰা পলায়ন কৰিছে, তেতিয়া সি কিছুমান লোকৰ জৰিয়তে নগৰসমূহত সেনাবাহিনী একত্ৰিত কৰাৰ নিৰ্দেশ দি পঠিয়ালে। যাতে সিহঁতে বনী ইছৰাঈলক ওভোতাই আনিব পাৰে।

26:54Page 369

إِنَّ هَٰٓؤُلَآءِ لَشِرۡذِمَةٞ قَلِيلُونَ ٥٤

[And said], "Indeed, those are but a small band,

ফিৰআউনে বনী ইছৰাঈলক তুচ্ছ বুলি ভাৱি ক’লেঃ নিশ্চয় সিহঁত সংখ্যালঘু।

26:55Page 369

وَإِنَّهُمۡ لَنَا لَغَآئِظُونَ ٥٥

And indeed, they are enraging us,

তথাপিও সিহঁতে এনেকুৱা কাম কৰে, যাৰ ফলত সিহঁতৰ প্ৰতি আমাৰ ক্ৰোধ বৃদ্ধি পায়।

26:56Page 369

وَإِنَّا لَجَمِيعٌ حَٰذِرُونَ ٥٦

And indeed, we are a cautious society..."

নিশ্চয় আমি সিহঁতৰ বিষয়ে সদায় প্ৰস্তুত তথা সাৱধান থকা লোক।

26:57Page 369

فَأَخۡرَجۡنَٰهُم مِّن جَنَّٰتٖ وَعُيُونٖ ٥٧

So We removed them from gardens and springs

এইদৰেই আমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক ঘন বাগান থকা আৰু প্ৰবাহিত নিজৰা থকা মিছৰৰ পৰা বহিষ্কাৰ কৰিছিলোঁ।

26:58Page 369

وَكُنُوزٖ وَمَقَامٖ كَرِيمٖ ٥٨

And treasures and honorable station1 -

তথা সেই ভূমিৰ পৰা, য’ত আছিল ধন ভাণ্ডাৰ আৰু সৌন্দৰ্যময় বাসস্থান।

26:59Page 369

كَذَٰلِكَۖ وَأَوۡرَثۡنَٰهَا بَنِيٓ إِسۡرَٰٓءِيلَ ٥٩

Thus. And We caused to inherit it the Children of Israel.

যিদৰে আমি এই নিয়ামতসমূহৰ পৰা ফিৰআউন তথা তাৰ সম্প্ৰদায়ক বহিষ্কাৰ কৰি বঞ্চিত কৰিছিলোঁ, ঠিক তেনেকুৱা নিয়ামত আমি বনী ইছৰাঈলক শ্বাম (ছিৰিয়া) দেশত প্ৰদান কৰিছিলোঁ।

26:60Page 369

فَأَتۡبَعُوهُم مُّشۡرِقِينَ ٦٠

So they pursued them at sunrise.

এতেকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ লোকসকলে বনী ইছৰাঈলক কৰায়ত্ত্ব কৰিবলৈ সূৰ্যোদয়ৰ সময়ত ওলাই পৰিল।

26:61Page 370

فَلَمَّا تَرَٰٓءَا ٱلۡجَمۡعَانِ قَالَ أَصۡحَٰبُ مُوسَىٰٓ إِنَّا لَمُدۡرَكُونَ ٦١

And when the two companies saw one another, the companions of Moses said, "Indeed, we are to be overtaken!"

এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মুছা আৰু তেওঁৰ সম্প্ৰদায়ৰ মুখামুখি হ'ল, তথা দুয়ো দলে ইজনে সিজনক প্ৰত্যক্ষ কৰিছিল। তেতিয়া মুছা আলাইহিচ্ছালামৰ সঙ্গীসকলে ক'লেঃ নিশ্চয় ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে আজি আমাক কৰায়ত্ত্ব কৰিবই, আজি ৰক্ষা পোৱাৰ কোনো অৱকাশ নাই।

26:62Page 370

قَالَ كـَلَّآۖ إِنَّ مَعِيَ رَبِّي سَيَهۡدِينِ ٦٢

[Moses] said, "No! Indeed, with me is my Lord; He will guide me."

মুছা আলাইহিচ্ছালামে নিজ সম্প্ৰদায়ক ক'লেঃ তোমালোকে যিদৰে ভাৱি আছা, তেনেকুৱা কেতিয়াও নহয়। মোৰ প্ৰতিপালকে মোক সহায় আৰু সমৰ্থন কৰিবলৈ নিশ্চিতভাৱে সদায় তৎপৰ। নিশ্চয় তেওঁ মোক পথ দেখুৱাব তথা মুক্তিৰ ৰাস্তা দেখুৱাই দিব।

26:63Page 370

فَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡبَحۡرَۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرۡقٖ كَٱلطَّوۡدِ ٱلۡعَظِيمِ ٦٣

Then We inspired to Moses, "Strike with your staff the sea," and it parted, and each portion was like a great towering mountain.

ইপিনে আমি এই আদেশ প্ৰদান কৰি মুছালৈ অহী কৰিলোঁ যে, আপুনি আপোনাৰ লাখুটিডালেৰে সাগৰত আঘাত কৰক। এতেকে তেওঁ যেতিয়া সাগৰত বেত্ৰাঘাত কৰিলে, ইয়াৰ ফলত সাগৰত ফাট মেলি বনী ইছৰাঈলৰ গোত্ৰৰ সংখ্যা অনুসাৰে বাৰটা পথ তৈয়াৰ হ’ল। প্ৰত্যেক পথৰ দুয়োটা অংশ পৰ্বতৰ দৰে মজবুত আৰু বিশাল আছিল। এটোপাল পানীও তাৰ পৰা নিৰ্গত হোৱা নাছিল।

26:64Page 370

وَأَزۡلَفۡنَا ثَمَّ ٱلۡأٓخَرِينَ ٦٤

And We advanced thereto the others [i.e., the pursuers].

ইয়াৰ পিছত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক আমি তেওঁলোকৰ ওচৰ চপাই দিলোঁ, অৱশেষত সিহঁতেও সেই সাগৰীয় পথত প্ৰৱেশ কৰিলে, তথা ভাৱিলে যে, পথটোৰে সাগৰ অতিক্ৰম কৰিব পাৰি।

26:65Page 370

وَأَنجَيۡنَا مُوسَىٰ وَمَن مَّعَهُۥٓ أَجۡمَعِينَ ٦٥

And We saved Moses and those with him, all together.

ইপিনে আমি মুছা আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলৰ সকলো লোককে ৰক্ষা কৰিছিলোঁ, তেওঁলোকৰ কোনেও ধ্বংস হোৱা নাছিল।

26:66Page 370

ثُمَّ أَغۡرَقۡنَا ٱلۡأٓخَرِينَ ٦٦

Then We drowned the others.

আনহাতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক সাগৰত ডুবাই ধ্বংস কৰিছিলোঁ।

26:67Page 370

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ٦٧

Indeed in that is a sign, but most of them were not to be believers.

মুছা আলাইহিচ্ছালামৰ বাবে সাগৰত পথ তৈয়াৰ হোৱা, তাৰ পৰা ৰক্ষা পোৱা, লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ধ্বংসৰ মাজত আছে এনেকুৱা নিদৰ্শন, যিবোৰে মুছা আলাইহিচ্ছালামৰ সত্যতা প্ৰমাণ কৰে। ফিৰআউনৰ লগত থকা অধিকাংশই মুমিন নাছিল।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском