Al-MukhtasarIbrahim · 14:1–34

Al-Mukhtasar · Tafsir · in Assamese

ابراهيم

Ibrahim

Abraham · Meccan · 52 ayahs

14:1Page 255

الٓرۚ كِتَٰبٌ أَنزَلۡنَٰهُ إِلَيۡكَ لِتُخۡرِجَ ٱلنَّاسَ مِنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ بِإِذۡنِ رَبِّهِمۡ إِلَىٰ صِرَٰطِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ ١

Alif, Lām, Rā.1 [This is] a Book which We have revealed to you, [O Muḥammad], that you might bring mankind out of darknesses into the light by permission of their Lord - to the path of the Exalted in Might, the Praiseworthy -

(আলিফ-লাম-ৰা)। এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা বাক্বাৰাৰ আৰম্ভণিতে আলোকপাত কৰা হৈছে। হে ৰাছুল! এই কোৰআনখন হৈছে এখন গ্ৰন্থ, যিখন মই আপোনালৈ অৱতীৰ্ণ কৰিছোঁ। যাতে আপুনি আল্লাহৰ ইচ্ছাত আৰু তেওঁৰ সহায়ত মানুহক কুফৰ, অজ্ঞতা আৰু পথভ্ৰষ্টতাৰ পৰা ঈমান, জ্ঞান আৰু হিদায়তৰ পথলৈ অৰ্থাৎ ইছলাম ধৰ্মৰ প্ৰতি লৈ আহিব পাৰে। যিটো প্ৰকৃততে পৰাক্ৰমশালী আল্লাহৰ পথ, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সকলো ক্ষেত্ৰতে প্ৰশংসিত।

14:2Page 255

ٱللَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ وَوَيۡلٞ لِّلۡكَٰفِرِينَ مِنۡ عَذَابٖ شَدِيدٍ ٢

Allāh, to whom belongs whatever is in the heavens and whatever is on the earth. And woe [i.e., destruction] to the disbelievers from a severe punishment -

তেৱেঁই আল্লাহ, যিজন আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো বস্তুৰ একমাত্ৰ স্বত্বাধিকাৰ। এতেকে কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৃষ্টিজগতৰ কাকো তেওঁৰ অংশীদাৰ স্থাপন কৰা ঠিক নহয়। কাফিৰসকলে অতিশীঘ্ৰে কঠিন শাস্তিৰ সন্মুখীন হ'ব।

14:3Page 255

ٱلَّذِينَ يَسۡتَحِبُّونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا عَلَى ٱلۡأٓخِرَةِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبۡغُونَهَا عِوَجًاۚ أُوْلَٰٓئِكَ فِي ضَلَٰلِۭ بَعِيدٖ ٣

The ones who prefer the worldly life over the Hereafter and avert [people] from the way of Allāh, seeking to make it [seem] deviant. Those are in extreme error.

যিসকলে কুফুৰী কৰে সিহঁতে পাৰ্থিৱ জীৱনক আৰু তাত থকা ক্ষণস্থায়ী নিয়ামতবোৰক আখিৰাতৰ ওপৰত তথা তাত থকা চিৰস্থায়ী নিয়ামতবোৰৰ ওপৰত প্ৰাধান্য দিয়ে। মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, তেওঁৰ পথক বিকৃত কৰি, সত্যৰ পৰা আঁতৰাই তথা বক্ৰতা অৱলম্বন কৰি উপস্থাপন কৰে, যাতে কোনেও সেই পথত পৰিচালিত নহয়। এনেকুৱা প্ৰকৃতিৰ লোকসকলেই সত্যৰ পৰা তথা সঠিকতাৰ পৰা বহু আঁতৰত অৱস্থান কৰিছে।

14:4Page 255

وَمَآ أَرۡسَلۡنَا مِن رَّسُولٍ إِلَّا بِلِسَانِ قَوۡمِهِۦ لِيُبَيِّنَ لَهُمۡۖ فَيُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهۡدِي مَن يَشَآءُۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٤

And We did not send any messenger except [speaking] in the language of his people to state clearly for them, and Allāh sends astray [thereby] whom He wills1 and guides whom He wills. And He is the Exalted in Might, the Wise.

আমি যি ৰাছুলেই প্ৰেৰণ কৰিছো, প্ৰত্যেককে তেওঁলোকৰ স্ব-জাতিৰ ভাষাত কথা ক'ব পৰাকৈ প্ৰেৰণ কৰিছিলো। যাতে ৰাছুলে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে সেয়া সহজতে তেওঁলোকে বুজিব পাৰে। আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ বাধ্য কৰোৱাৰ বাবে ৰাছুল প্ৰেৰণ কৰা নাছিলো। কিয়নো আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত হিদায়তৰ তাওফীক প্ৰদান কৰে। তেওঁ মহা পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি আৰু নিয়ন্ত্ৰণত মহা প্ৰজ্ঞাৱান।

14:5Page 255

وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَآ أَنۡ أَخۡرِجۡ قَوۡمَكَ مِنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ وَذَكِّرۡهُم بِأَيَّىٰمِ ٱللَّهِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٖ ٥

And We certainly sent Moses with Our signs, [saying], "Bring out your people from darknesses into the light and remind them of the days1 of Allāh." Indeed in that are signs for everyone patient and grateful.

নিশ্চয় আমি মূছাক নবী হিচাপে প্ৰেৰণ কৰিছিলো, লগতে তেওঁক স্পষ্ট নিদৰ্শনৰ জৰিয়তে তেওঁৰ সত্যতাক সমৰ্থন কৰিছিলো আৰু তেওঁ যে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল তাৰ প্ৰমাণ দাঙি ধৰিছিলো। আৰু তেওঁক আদেশ প্ৰদান কৰিছিলো, তেওঁ যেন নিজ সম্প্ৰদায়ক কুফুৰী আৰু অজ্ঞানতাৰ পৰা ঈমান আৰু জ্ঞানৰ পিনে উলিয়াই আনে। লগতে তেওঁ যেন তেওঁলোকক আল্লাহৰ অনুগ্ৰহৰ দিনবোৰ স্মৰণ কৰাই দিয়ে। নিশ্চয় সেই দিনবোৰত আছে আল্লাহৰ তাওহীদ আৰু তেওঁৰ অসীম ক্ষমতাৰ প্ৰমাণ, লগতে মুমিনসকলৰ ওপৰত অনুগ্ৰহ কৰাৰ স্পষ্ট প্ৰমাণ আছে। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই লাভান্বিত হয়, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য ধাৰণ কৰে, লগতে যিসকলে তেওঁৰ নিয়ামত আৰু পুৰষ্কাৰৰ প্ৰতি সদায় কৃতজ্ঞতা জ্ঞাপন কৰে।

14:6Page 256

وَإِذۡ قَالَ مُوسَىٰ لِقَوۡمِهِ ٱذۡكُرُواْ نِعۡمَةَ ٱللَّهِ عَلَيۡكُمۡ إِذۡ أَنجَىٰكُم مِّنۡ ءَالِ فِرۡعَوۡنَ يَسُومُونَكُمۡ سُوٓءَ ٱلۡعَذَابِ وَيُذَبِّحُونَ أَبۡنَآءَكُمۡ وَيَسۡتَحۡيُونَ نِسَآءَكُمۡۚ وَفِي ذَٰلِكُم بَلَآءٞ مِّن رَّبِّكُمۡ عَظِيمٞ ٦

And [recall, O Children of Israel], when Moses said to his people, "Remember the favor of Allāh upon you when He saved you from the people of Pharaoh, who were afflicting you with the worst torment and were slaughtering your [newborn] sons and keeping your females alive. And in that was a great trial from your Lord.

হে ৰাছুল! স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি বনী ইছৰাঈলক আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিয়ামতসমূহ স্মৰণ কৰোৱাই কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক ফিৰআউনীসকলৰ পৰা ৰক্ষা কৰিছিল, আৰু সিহঁতৰ শাস্তিৰ পৰা পৰিত্ৰান দান কৰিছিল। সিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল, যাতে এনেকুৱা কোনো পুত্ৰ সন্তান জন্ম লভিব নোৱাৰে যিয়ে ফিৰআউনৰ ৰাজত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। আনহাতে তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল, যাতে তেওঁলোকক অপমানিত আৰু লাঞ্ছিত কৰিব পাৰে। সিহঁতৰ এই কৰ্মকাণ্ডত তোমালোকৰ বাবে আছিল মহা পৰীক্ষা, লগতে কঠোৰ ধৈৰ্যৰ প্ৰয়োজন আছিল। এতেকে এই পৰীক্ষাত তোমালোকৰ ধৈৰ্য ধাৰণৰ ফলত আল্লাহে তোমালোকক ফিৰআউন বাহিনীৰ পৰা ৰক্ষা কৰিলে।

14:7Page 256

وَإِذۡ تَأَذَّنَ رَبُّكُمۡ لَئِن شَكَرۡتُمۡ لَأَزِيدَنَّكُمۡۖ وَلَئِن كَفَرۡتُمۡ إِنَّ عَذَابِي لَشَدِيدٞ ٧

And [remember] when your Lord proclaimed, 'If you are grateful, I will surely increase you [in favor]; but if you deny, indeed, My punishment is severe.'"

আৰু মূছাই সিহঁতক ক'লেঃ তোমালোকে সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে তোমালোকক গুৰুত্ব সহকাৰে জনাইছিল যে, যদি তোমালোকে আল্লাহে প্ৰদান কৰা নিয়ামতবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তেন্তে তেওঁ তোমালোকক আৰু অধিক নিয়ামত তথা তেওঁৰ অনুগ্ৰহ দান কৰিব। আনহাতে যদি তোমালোকে তেওঁৰ নিয়ামতসমূহ অস্বীকাৰ কৰি তেওঁৰ অকৃতজ্ঞতা প্ৰকাশ কৰা তেন্তে জানি থোৱা, তেওঁৰ নিয়ামত অস্বীকাৰকাৰী সকলৰ বাবে আৰু অকৃতজ্ঞ সকলৰ বাবে তেওঁৰ শাস্তি নিশ্চয় অতি কঠোৰ।

14:8Page 256

وَقَالَ مُوسَىٰٓ إِن تَكۡفُرُوٓاْ أَنتُمۡ وَمَن فِي ٱلۡأَرۡضِ جَمِيعٗا فَإِنَّ ٱللَّهَ لَغَنِيٌّ حَمِيدٌ ٨

And Moses said, "If you should disbelieve, you and whoever is on the earth entirely - indeed, Allāh is Free of need and Praiseworthy."

মূছাই তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ক'লেঃ যদি তোমালোকে কুফুৰী কৰা আৰু তোমালোকৰ সৈতে পৃথিৱীৰ সকলোৱে যদি কুফুৰী কৰে, তেন্তে সেই কুফুৰীৰ পৰিণাম তোমালোকেই ভোগ কৰিব লাগিব। কাৰণ নিশ্চিতভাৱে আল্লাহ অমুখাপেক্ষী। তেওঁ স্বয়ং প্ৰশংসিত। তেওঁক মুমিনসকলৰ ঈমানেও উপকাৰ নকৰে তথা কাফিৰসকলৰ কুফুৰীয়েও ক্ষতি নকৰে।

14:9Page 256

أَلَمۡ يَأۡتِكُمۡ نَبَؤُاْ ٱلَّذِينَ مِن قَبۡلِكُمۡ قَوۡمِ نُوحٖ وَعَادٖ وَثَمُودَ وَٱلَّذِينَ مِنۢ بَعۡدِهِمۡ لَا يَعۡلَمُهُمۡ إِلَّا ٱللَّهُۚ جَآءَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ فَرَدُّوٓاْ أَيۡدِيَهُمۡ فِيٓ أَفۡوَٰهِهِمۡ وَقَالُوٓاْ إِنَّا كَفَرۡنَا بِمَآ أُرۡسِلۡتُم بِهِۦ وَإِنَّا لَفِي شَكّٖ مِّمَّا تَدۡعُونَنَآ إِلَيۡهِ مُرِيبٖ ٩

Has there not reached you the news of those before you - the people of Noah and ʿAad and Thamūd and those after them? No one knows them [i.e., their number] but Allāh. Their messengers brought them clear proofs, but they returned their hands to their mouths1 and said, "Indeed, we disbelieve in that with which you have been sent, and indeed we are, about that to which you invite us, in disquieting doubt."

হে কাফিৰসকল! তোমালোকৰ ওচৰত পূৰ্বৱৰ্তী অস্বীকাৰকাৰী লোকসকলৰ বাৰ্তা আহি পোৱা নাই নে, নূহ জাতি, আদ সম্প্ৰদায়, হুদ সম্প্ৰদায়, ছামূদ সম্প্ৰদায়, ছলেহ সম্প্ৰদায় আৰু সিহঁতৰ পিছত আগমন কৰা সম্প্ৰদায়সমূহ, যিবোৰৰ সংখ্যা অত্যাধিক, সঠিক সংখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আগমন কৰিছিল। কিন্তু সিহঁতে ৰাছুলৰ প্ৰতি ক্ৰোধান্বিত হৈ নিজৰ হাতৰ আঙুলি নিজেই কামুৰিছিল। আৰু ৰাছুলসকলক উদ্দেশ্যি কৈছিলঃ আপুনি যি লৈ আহিছে সেয়া আমি অস্বীকাৰ কৰো। আপুনি আমাক যিটোৰ পিনে আহ্বান কৰি আছে, সেই বিষয়ে আমি মহা সন্দেহত আছো।

14:10Page 256

۞ قَالَتۡ رُسُلُهُمۡ أَفِي ٱللَّهِ شَكّٞ فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يَدۡعُوكُمۡ لِيَغۡفِرَ لَكُم مِّن ذُنُوبِكُمۡ وَيُؤَخِّرَكُمۡ إِلَىٰٓ أَجَلٖ مُّسَمّٗىۚ قَالُوٓاْ إِنۡ أَنتُمۡ إِلَّا بَشَرٞ مِّثۡلُنَا تُرِيدُونَ أَن تَصُدُّونَا عَمَّا كَانَ يَعۡبُدُ ءَابَآؤُنَا فَأۡتُونَا بِسُلۡطَٰنٖ مُّبِينٖ ١٠

Their messengers said, "Can there be doubt about Allāh, Creator of the heavens and earth? He invites you that He may forgive you of your sins, and He delays you [i.e., your death] for a specified term." They said, "You are not but men like us who wish to avert us from what our fathers were worshipping. So bring us a clear authority [i.e., evidence]."

সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ আল্লাহৰ তাওহীদত তথা তেওঁ যে অকলেই ইবাদতৰ যোগ্য এই ক্ষেত্ৰত তোমালোকে সন্দেহ পোষণ কৰিছা নেকি? অথচ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ এই দুয়োটাক সৃষ্টি কৰিছে? তেওঁ তোমালোকক ঈমানৰ পিনে আহ্বান কৰি আছে, যাতে তোমালোকৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে তথা পাৰ্থিৱ জীৱনত তোমালোকৰ নিৰ্ধাৰিত সময় পূৰণ কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁলোকৰ সম্প্ৰদায়ে তেওঁলোকক ক'লেঃ আপোনালোক আমাৰ দৰেই মানৱ, আমাতকৈ পৃথক কোনো বিশেষত্ব আপোনালোকৰ মাজত নাই। আপোনালোকে আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বিৰত ৰাখিব বিচাৰে যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। তেন্তে কোনো স্পষ্ট প্ৰমাণ লৈ আহক, যিটোৱে আপোনালোকৰ এই দাবীৰ সত্যতা প্ৰমাণ কৰিব যে, আপোনালোক আল্লাহৰ ফালৰ পৰা আমাৰ পিনে প্ৰেৰিত ৰাছুল।

14:11Page 257

قَالَتۡ لَهُمۡ رُسُلُهُمۡ إِن نَّحۡنُ إِلَّا بَشَرٞ مِّثۡلُكُمۡ وَلَٰكِنَّ ٱللَّهَ يَمُنُّ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦۖ وَمَا كَانَ لَنَآ أَن نَّأۡتِيَكُم بِسُلۡطَٰنٍ إِلَّا بِإِذۡنِ ٱللَّهِۚ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ ١١

Their messengers said to them, "We are only men like you, but Allāh confers favor upon whom He wills of His servants. It has never been for us to bring you evidence except by permission of Allāh. And upon Allāh let the believers rely.

সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ হয়, আমি তোমালোকৰ দৰেই একো একোজন মানুহ। এই কথা আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। কিন্তু এই সামঞ্জস্যতাই প্ৰমাণ নকৰে যে আমি সকলো ক্ষেত্ৰতেই তোমালোকৰ সমান। কিয়নো আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে বিশেষ অনুগ্ৰহৰ দ্বাৰা বিভূষিত কৰে। আৰু তেওঁলোকক নিৰ্বাচিত কৰি মানুহৰ ফালে ৰাছুল হিচাপে প্ৰেৰিত কৰে। এতেকে আমাৰ বাবে এয়া সম্ভৱ নহয় যে আল্লাহৰ অনুমতি নোহোৱাকৈ আমি তোমালোকৰ প্ৰস্তাৱিত নিদৰ্শন লৈ আহিম। কাৰণ নিদৰ্শন লৈ অহা আমাৰ সাধ্যাতীত। বৰং এই ক্ষেত্ৰত একমাত্ৰ আল্লাহেই ক্ষমতাৱান। মুমিনসকলে তেওঁলোকৰ সকলো কৰ্মতে কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰে।

14:12Page 257

وَمَا لَنَآ أَلَّا نَتَوَكَّلَ عَلَى ٱللَّهِ وَقَدۡ هَدَىٰنَا سُبُلَنَاۚ وَلَنَصۡبِرَنَّ عَلَىٰ مَآ ءَاذَيۡتُمُونَاۚ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُتَوَكِّلُونَ ١٢

And why should we not rely upon Allāh while He has guided us to our [good] ways. And we will surely be patient against whatever harm you should cause us. And upon Allāh let those who would rely [indeed] rely."

কি আছে এনেকুৱা যিয়ে আমাক আল্লাহৰ ওপৰত ভৰসা কৰাৰ পৰা বিৰত ৰাখিব, অথচ তেওঁ আমাক আটাইতকৈ পোন তথা স্পষ্ট পথ দেখুৱাইছে, তোমালোকে আমাক অস্বীকাৰ কৰি আৰু উপহাসৰ দ্বাৰা যি কষ্ট দি আছা এই ক্ষেত্ৰত আমি অৱশ্যে ধৈৰ্য্য ধাৰণ কৰিম। কাৰণ ধৈৰ্য্য ধাৰণকাৰীসকলে নিজৰ সকলো ক্ষেত্ৰতে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।

14:13Page 257

وَقَالَ ٱلَّذِينَ كَفَرُواْ لِرُسُلِهِمۡ لَنُخۡرِجَنَّكُم مِّنۡ أَرۡضِنَآ أَوۡ لَتَعُودُنَّ فِي مِلَّتِنَاۖ فَأَوۡحَىٰٓ إِلَيۡهِمۡ رَبُّهُمۡ لَنُهۡلِكَنَّ ٱلظَّٰلِمِينَ ١٣

And those who disbelieved said to their messengers, "We will surely drive you out of our land, or you must return to our religion." So their Lord inspired to them, "We will surely destroy the wrongdoers.

ৰাছুলসকলৰ সম্প্ৰদায়ৰ কাফিৰসকলে যেতিয়া তেওঁলোকৰ কথাৰ উত্তৰ দিব নোৱাৰিলে তেতিয়া সিহঁতে ক'লেঃ আমি তোমালোকক অৱশ্যে আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিম, অন্যথা তোমালোকে নিজৰ ধৰ্ম ত্যাগ কৰি আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব লাগিব। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলসকলক সান্তনা প্ৰদান কৰি অহী কৰিলে যে, আমি এই অন্যায়কাৰী সকলক অৱশ্যে ধ্বংস কৰিম, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে।

14:14Page 257

وَلَنُسۡكِنَنَّكُمُ ٱلۡأَرۡضَ مِنۢ بَعۡدِهِمۡۚ ذَٰلِكَ لِمَنۡ خَافَ مَقَامِي وَخَافَ وَعِيدِ ١٤

And We will surely cause you to dwell in the land after them. That is for he who fears My position1 and fears My threat."

হে ৰাছুল আৰু তেওঁৰ অনুসাৰীসকল! আমি সিহঁতক ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিম। অস্বীকাৰকাৰী কাফিৰসকলক ধ্বংস কৰাৰ পিছত, ৰাছুল আৰু মুমিনসকলক প্ৰতিষ্ঠিত কৰাৰ যি কথা কোৱা হৈছে সেয়া সেইসকল লোকৰ বাবে যিয়ে মোৰ মহানতাক মূল্যায়ন কৰে তথা সদায় মনত ৰাখে যে আমি তাক পৰ্যবেক্ষণ কৰি আছো, লগতে যিয়ে মোৰ শাস্তিক ভয় কৰে।

14:15Page 257

وَٱسۡتَفۡتَحُواْ وَخَابَ كُلُّ جَبَّارٍ عَنِيدٖ ١٥

And they requested decision [i.e., victory from Allāh], and disappointed, [therefore], was every obstinate tyrant.

ৰাছুলসকলে নিজ প্ৰতিপালকৰ ওচৰত শত্ৰুৰ বিৰুদ্ধে সহায় প্ৰাৰ্থনা কৰিলে, ফলত প্ৰত্যেক অহংকাৰী, সত্যৰ ঘোৰ বিৰোধীসকল ধ্বংস হ'ল, যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছতো তাক মানি লোৱা নাছিল।

14:16Page 257

مِّن وَرَآئِهِۦ جَهَنَّمُ وَيُسۡقَىٰ مِن مَّآءٖ صَدِيدٖ ١٦

Before him1 is Hell, and he will be given a drink of purulent water.2

ক্বিয়ামতৰ দিনা অহংকাৰীৰ সন্মুখত থাকিব জাহান্নাম। জাহান্নাম তাৰ বাবে খাপ পাতি ৰৈ আছে। তাত সেই ব্যক্তিক জাহান্নামৰ অধিবাসীসকলৰ শৰীৰৰ পৰা নিগৰি পৰা পুঁজ পান কৰিবলৈ দিয়া হ'ব। তথাপিও তাৰ পিয়াহ দূৰ নহ'ব। এতেকে তাক পিয়াহৰ শাস্তিৰ লগতে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হ'ব।

14:17Page 257

يَتَجَرَّعُهُۥ وَلَا يَكَادُ يُسِيغُهُۥ وَيَأۡتِيهِ ٱلۡمَوۡتُ مِن كُلِّ مَكَانٖ وَمَا هُوَ بِمَيِّتٖۖ وَمِن وَرَآئِهِۦ عَذَابٌ غَلِيظٞ ١٧

He will gulp it but will hardly [be able to] swallow it. And death will come to him from everywhere, but he is not to die. And before him is a massive punishment.

সি সেইটো বাৰে বাৰে খোৱাৰ চেষ্টা কৰিব, কিন্তু ইয়াৰ তিতা ভাৱ, উষ্ণতা আৰু দুৰ্গোন্ধৰ কাৰণে গিলিব নোৱাৰিব। কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ ফলত কেউফালৰ পৰা সি কেৱল মৃত্যু দেখিব, কিন্তু ৰক্ষা পাবলৈ সি কেতিয়াও মৃত্যুবৰণ কৰিব নোৱাৰিব। বৰং জীৱিত থাকিব আৰু শাস্তি ভোগ কৰি থাকিব। তাৰ সন্মুখত আৰু এটা অপেক্ষামান কঠোৰ শাস্তি আছে।

14:18Page 257

مَّثَلُ ٱلَّذِينَ كَفَرُواْ بِرَبِّهِمۡۖ أَعۡمَٰلُهُمۡ كَرَمَادٍ ٱشۡتَدَّتۡ بِهِ ٱلرِّيحُ فِي يَوۡمٍ عَاصِفٖۖ لَّا يَقۡدِرُونَ مِمَّا كَسَبُواْ عَلَىٰ شَيۡءٖۚ ذَٰلِكَ هُوَ ٱلضَّلَٰلُ ٱلۡبَعِيدُ ١٨

The example of those who disbelieve in their Lord is [that] their deeds are like ashes which the wind blows forcefully on a stormy day; they are unable [to keep] from what they earned a [single] thing. That is what is extreme error.

কাফিৰসকলে যিবোৰ পূণ্যৰ কৰ্ম কৰে, যেনে- দান কৰা, উপকাৰ কৰা আৰু দুৰ্বলৰ প্ৰতি কৃপা কৰা আদি, ইয়াৰ উদাহৰণ হৈছে সেই ছাইৰ দৰে যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ বেলেগ বেলেগ ঠাইত এনেকৈ বিস্তৃত কৰে যে, তাৰ চিহ্নও বাকী নাথাকে। এইটোৱে হৈছে কাফিৰসকলৰ পূণ্যৰ অৱস্থা, যিটোৰ ওপৰত কুফুৰীৰ প্ৰবল ধুমুহা আহিছে। সেয়ে ক্বিয়ামতৰ দিনা কাফিৰসকলক এইবোৰে একো উপকাৰ সাধন নকৰিব। দৰাচলতে যি কৰ্ম ঈমানৰ ভিত্তিত কৰা নহয়, সেইটো হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থান কৰা পথভ্ৰষ্টতা।

14:19Page 258

أَلَمۡ تَرَ أَنَّ ٱللَّهَ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۚ إِن يَشَأۡ يُذۡهِبۡكُمۡ وَيَأۡتِ بِخَلۡقٖ جَدِيدٖ ١٩

Have you not seen [i.e., considered] that Allāh created the heavens and the earth in truth? If He wills, He can do away with you and produce a new creation.

হে মানৱ! তুমি নাজানা নেকি যে, আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীক সত্যসহ সৃষ্টি কৰিছে। তেওঁ এনেই সৃষ্টি কৰা নাই। হে মানৱজাতি! তেওঁ যদি তোমালোকক নিঃশেষ কৰিব বিচাৰে অথবা তোমালোকৰ ঠাইত আন কোনো মখলুক আনিব বিচাৰে, যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব তেন্তে তেওঁ তোমালোকক নিঃশেষ কৰি তোমালোকৰ ঠাইত বেলেগ মখলুকক আনিবলৈ সক্ষম যিসকলে তেওঁৰ ইবাদত কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। তেওঁৰ বাবে এইটো অতি সহজ তথা একেবাৰে সামান্য কৰ্ম।

14:20Page 258

وَمَا ذَٰلِكَ عَلَى ٱللَّهِ بِعَزِيزٖ ٢٠

And that is not difficult for Allāh.

তোমালোকক ধ্বংস কৰি বেলেগ মখলুক অনাটো আল্লাহৰ পক্ষে কোনো কঠিন কৰ্ম নহয়। তেওঁ সকলো বিষয়ে ক্ষমতাৱান, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।

14:21Page 258

وَبَرَزُواْ لِلَّهِ جَمِيعٗا فَقَالَ ٱلضُّعَفَٰٓؤُاْ لِلَّذِينَ ٱسۡتَكۡبَرُوٓاْ إِنَّا كُنَّا لَكُمۡ تَبَعٗا فَهَلۡ أَنتُم مُّغۡنُونَ عَنَّا مِنۡ عَذَابِ ٱللَّهِ مِن شَيۡءٖۚ قَالُواْ لَوۡ هَدَىٰنَا ٱللَّهُ لَهَدَيۡنَٰكُمۡۖ سَوَآءٌ عَلَيۡنَآ أَجَزِعۡنَآ أَمۡ صَبَرۡنَا مَا لَنَا مِن مَّحِيصٖ ٢١

And they will come out [for judgement] before Allāh all together, and the weak will say to those who were arrogant, "Indeed, we were your followers, so can you avail us anything against the punishment of Allāh?" They will say, "If Allāh had guided us, we would have guided you. It is all the same for us whether we show intolerance or are patient: there is for us no place of escape."

নিৰ্ধাৰিত সময়ত সকলো সৃষ্টিয়ে কবৰৰ পৰা উঠি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। তেতিয়া অনুসাৰী দুৰ্বল লোকসকলে নিজ নিজ নেতৃবৃন্দক উদ্দেশ্যি ক'বঃ হে নেতৃবৃন্দ! নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিছিলো, তোমালোকৰ আদেশ পালন কৰিছিলো, তোমালোকে নিষেধ কৰা বিষয়ৰ পৰা দূৰত থাকিছিলো। এতিয়া তোমালোকে আমাৰ ওপৰত আল্লাহৰ এই শাস্তিৰ কিছু অংশ দূৰ কৰিব পাৰিবানে, তেতিয়া সেই নেতাসকলে ক'বঃ যদি আল্লাহে আমাক হিদায়ত প্ৰদান কৰিলেহেঁতেন তেন্তে তোমালোককো আমি সেই পথ দেখুৱালোহেঁতেন আৰু আমি সকলোৱে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পালোহেঁতেন। কিন্তু যিহেতু আমি পথভ্ৰষ্ট আছিলো, সেয়ে তোমালোককো পথভ্ৰষ্ট কৰিছিলো। গতিকে এতিয়া আমাৰ আৰু তোমালোকৰ একেই অৱস্থা, নত হৈ শাস্তি সহ্য কৰা নাইবা শাস্তি সহিবলৈ ধৈৰ্য ধাৰণ কৰা। শাস্তিৰ পৰা পলায়ন কৰাৰ কোনো সুযোগ নাই।

14:22Page 258

وَقَالَ ٱلشَّيۡطَٰنُ لَمَّا قُضِيَ ٱلۡأَمۡرُ إِنَّ ٱللَّهَ وَعَدَكُمۡ وَعۡدَ ٱلۡحَقِّ وَوَعَدتُّكُمۡ فَأَخۡلَفۡتُكُمۡۖ وَمَا كَانَ لِيَ عَلَيۡكُم مِّن سُلۡطَٰنٍ إِلَّآ أَن دَعَوۡتُكُمۡ فَٱسۡتَجَبۡتُمۡ لِيۖ فَلَا تَلُومُونِي وَلُومُوٓاْ أَنفُسَكُمۖ مَّآ أَنَا۠ بِمُصۡرِخِكُمۡ وَمَآ أَنتُم بِمُصۡرِخِيَّ إِنِّي كَفَرۡتُ بِمَآ أَشۡرَكۡتُمُونِ مِن قَبۡلُۗ إِنَّ ٱلظَّٰلِمِينَ لَهُمۡ عَذَابٌ أَلِيمٞ ٢٢

And Satan will say when the matter has been concluded, "Indeed, Allāh had promised you the promise of truth. And I promised you, but I betrayed you. But I had no authority over you except that I invited you, and you responded to me. So do not blame me; but blame yourselves. I cannot be called to your aid, nor can you be called to my aid. Indeed, I deny your association of me [with Allāh] before.1 Indeed, for the wrongdoers is a painful punishment."

যেতিয়া জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া ইবলিছে ক'বঃ নিশ্চয় আল্লাহে তোমালোকক সত্য প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ সেয়া পুৰণ কৰিলে। আনহাতে মই তোমালোকক অসত্য প্ৰতিশ্ৰুতি দিছিলো, আৰু সেই বচন মই পূৰণ নকৰিলো। পৃথিৱীত তোমালোকক কুফৰী কৰিবলৈ আৰু পথভ্ৰষ্ট হ'বলৈ বাধ্য কৰিব পৰা মোৰ সিমান শক্তি নাছিল। মই কেৱল তোমালোকক কুফুৰীৰ পিনে আহ্বান কৰিছিলো, আৰু তোমালোকৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিলো, ফলত তোমালোক দ্ৰুত গতিত মোৰ অনুসৰণ কৰিছিলা। এতেকে তোমালোকে নিজৰ বিভ্ৰান্তিৰ বাবে মোক নিন্দা নকৰিবা, বৰং এতিয়া নিজকে ভৰ্ৎসনা কৰা। কাৰণ তোমালোক নিজেই ভৰ্ৎসনাৰ অধিক যোগ্য। এতিয়া ময়ো তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিম আৰু তোমালোকেও মোৰ পৰা শাস্তি দূৰীভূত কৰিব নোৱাৰিবা। তোমালোকে আল্লাহৰ ইবাদতত মোক যে অংশী কৰিছিলা সেই কথা মই নিশ্চিতভাৱে অস্বীকাৰ কৰিছো। নিশ্চয় পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি আৰু তেওঁৰ লগত কুফুৰী কৰি যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।

14:23Page 258

وَأُدۡخِلَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَا بِإِذۡنِ رَبِّهِمۡۖ تَحِيَّتُهُمۡ فِيهَا سَلَٰمٌ ٢٣

And those who believed and did righteous deeds will be admitted to gardens beneath which rivers flow, abiding eternally therein by permission of their Lord; and their greeting therein will be, "Peace!"

অন্যায়কাৰীসকলৰ বিপৰীতে যিসকলে ঈমান পোষণ কৰিছে আৰু নেক আমল কৰিছে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱা হ'ব, যাৰ অট্টালিকা আৰু গছ-গছনিৰ তলদেশত নদী প্ৰবাহিত। তেওঁলোকে নিজ প্ৰতিপালকৰ ক্ষমতাত আৰু তেওঁৰ অনুমতিত চিৰকাল থাকিব। তেওঁলোকে ইজনে সিজনক অভিবাদন জনাব। ফিৰিস্তাসকলেও স্বাগতম জনাব আৰু তেওঁলোকৰ প্ৰতিপালকেও স্বাগতম জনাব। এই স্বাগতম জনোৱা হব ছালামৰ জৰিয়তে।

14:24Page 258

أَلَمۡ تَرَ كَيۡفَ ضَرَبَ ٱللَّهُ مَثَلٗا كَلِمَةٗ طَيِّبَةٗ كَشَجَرَةٖ طَيِّبَةٍ أَصۡلُهَا ثَابِتٞ وَفَرۡعُهَا فِي ٱلسَّمَآءِ ٢٤

Have you not considered how Allāh presents an example, [making] a good word like a good tree, whose root is firmly fixed and its branches [high] in the sky?

হে ৰাছুল! আপুনি গম পোৱা নাইনে যে, আল্লাহে কেনেকৈ কলিমা তাওহীদ অৰ্থাৎ লা ইলা-হা ইল্লাল্লাহৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ ইয়াৰ উদাহৰণ দিছে পৱিত্ৰ বৃক্ষ অৰ্থাৎ খেজুৰ গছৰ দ্বাৰা। যি গছৰ কাণ্ডৰ একাংশ মাটিৰ তলত থাকে, যিয়ে শিপাৰ দ্বাৰা পানী সংগ্ৰহ কৰে আৰু তাৰ ঠাল-ঠেঙুলিবোৰ ওপৰত নিয়ঁৰ খাই উত্তম বতাহ দিয়ে।

14:25Page 259

تُؤۡتِيٓ أُكُلَهَا كُلَّ حِينِۭ بِإِذۡنِ رَبِّهَاۗ وَيَضۡرِبُ ٱللَّهُ ٱلۡأَمۡثَالَ لِلنَّاسِ لَعَلَّهُمۡ يَتَذَكَّرُونَ ٢٥

It produces its fruit all the time, by permission of its Lord. And Allāh presents examples for the people that perhaps they will be reminded.

এই গছে নিজ প্ৰতিপালকৰ অনুমতিত সদায় সোৱাদিষ্ট ফল দিয়ে। পৱিত্ৰ আৰু মহান আল্লাহে এইবোৰ উদাহৰণ এই কাৰণে দিয়ে যাতে মানুহে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।

14:26Page 259

وَمَثَلُ كَلِمَةٍ خَبِيثَةٖ كَشَجَرَةٍ خَبِيثَةٍ ٱجۡتُثَّتۡ مِن فَوۡقِ ٱلۡأَرۡضِ مَا لَهَا مِن قَرَارٖ ٢٦

And the example of a bad word is like a bad tree, uprooted from the surface of the earth, not having any stability.

নিকৃষ্ট শ্বিৰ্কীয়া কলিমাৰ উদাহৰণ হৈছে, বেয়া গছৰ দৰে। যেনে- তিতা তৰমুজ গছ, যি গছৰ শিপা উঘালি পেলোৱা হৈছে, ফলত তাৰ মাটিত প্ৰতিষ্ঠিত থকাৰ কোনো সুবিধা নাই, আনকি তাৰ ঠাল-ঠেঙুলি আকাশৰ পিনে উঠাৰো কোনো প্ৰশ্ন নাহে। অৱশেষত সেই গছ মৰি যায় আৰু বতাহে তাক উৰুৱাই লৈ ফুৰে। এতেকে কুফুৰী কথাৰ পৰিণাম হৈছে বিনাশ। আৰু কুফুৰী কাৰ্যত লিপ্ত থকা ব্যক্তিৰ কোনো নেক আমলেই আল্লাহৰ পিনে গতি নকৰে।

14:27Page 259

يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ بِٱلۡقَوۡلِ ٱلثَّابِتِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ وَيُضِلُّ ٱللَّهُ ٱلظَّٰلِمِينَۚ وَيَفۡعَلُ ٱللَّهُ مَا يَشَآءُ ٢٧

Allāh keeps firm those who believe, with the firm word,1 in worldly life and in the Hereafter.2 And Allāh sends astray the wrongdoers. And Allāh does what He wills.

আল্লাহে মুমিনসকলক কলিমা তাওহীদৰ দ্বাৰা পৰিপূৰ্ণ ঈমান প্ৰদান কৰি পাৰ্থিৱ জীৱনত প্ৰতিষ্ঠিত কৰে। অৱশেষত ঈমানৰ অৱস্থাতেই তেওঁলোকৰ মৃত্যু হয়। বাৰঝাখ জীৱন অৰ্থাৎ কবৰত থকা সময়ছোৱাত প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত আৰু ক্বিয়ামত দিৱসত তেওঁলোকক দৃঢ়তা প্ৰদান কৰে। আনহাতে অন্যায়কাৰী সকলক আৰু যিসকলে আল্লাহৰ লগত কুফৰ আৰু শ্বিৰ্ক কৰে, সিহঁতক আল্লাহে সত্যৰ পৰা আৰু হিদায়তৰ পৰা বহুুুু আঁতৰ কৰি দিয়ে। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক পথভ্ৰষ্ট কৰিব বিচাৰে, তাক ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক হিদায়ত দিব বিচাৰে, তাক নিজ অনুগ্ৰহত হিদায়ত প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।

14:28Page 259

۞ أَلَمۡ تَرَ إِلَى ٱلَّذِينَ بَدَّلُواْ نِعۡمَتَ ٱللَّهِ كُفۡرٗا وَأَحَلُّواْ قَوۡمَهُمۡ دَارَ ٱلۡبَوَارِ ٢٨

Have you not considered those who exchanged the favor of Allāh for disbelief1 and settled their people [in] the home of ruin?

নিশ্চয় আপুনি কুৰাইছ বংশৰ সেইসকল কাফিৰৰ অৱস্থা লক্ষ্য কৰিছে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতে সন্মানিত ঠাইত নিৰাপত্তা সহকাৰে জীৱন-যাপন কৰিবলৈ পোৱা আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল তথা সিহঁতৰ ওচৰলৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণকো অস্বীকাৰ কৰিছিল, সিহঁতে নিজ প্ৰতিপালকৰ পৰা অহা চৰীয়তক অস্বীকাৰ কৰাৰ ফলত নিজৰ অনুসাৰীসকলকো বিনাশৰ ঘৰত পতিত কৰিছিল, যিসকলৰ সিহঁতৰ দৰেই কুফুৰীত পতিত আছিল।

14:29Page 259

جَهَنَّمَ يَصۡلَوۡنَهَاۖ وَبِئۡسَ ٱلۡقَرَارُ ٢٩

[It is] Hell, which they will [enter to] burn, and wretched is the settlement.

বিনাশৰ ঘৰৰ দ্বাৰা জাহান্নামক বুজোৱা হৈছে, যত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ আৱাসস্থল হব অতি নিকৃষ্ট আৱাসস্থল।

14:30Page 259

وَجَعَلُواْ لِلَّهِ أَندَادٗا لِّيُضِلُّواْ عَن سَبِيلِهِۦۗ قُلۡ تَمَتَّعُواْ فَإِنَّ مَصِيرَكُمۡ إِلَى ٱلنَّارِ ٣٠

And they have attributed to Allāh equals to mislead [people] from His way. Say, "Enjoy yourselves, for indeed, your destination is the Fire."

মুশ্বৰিকসকলে আল্লাহৰ বহুতো অংশীদাৰ তথা সমকক্ষ স্থিৰ কৰিছে, যাতে আল্লাহৰ পথৰ পৰা নিজে পথভ্ৰষ্ট হোৱাৰ পিছত আনকো পথভ্ৰষ্ট কৰিব পাৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এতিয়া এই সুখ-শান্তি আনন্দেচিত্তে উপভোগ কৰা, আৰু পাৰ্থিৱ জীৱনত ইচ্ছানুসাৰে সন্দেহ-সংশয় বিয়পাই দিয়া, কাৰণ ক্বিয়ামতৰ দিনা তোমালোকে জাহান্নামৰ পিনেই প্ৰত্যাৱৰ্তন কৰিবা। তাৰ পৰা ওলোৱাৰ কোনো উপায় নাই।

14:31Page 259

قُل لِّعِبَادِيَ ٱلَّذِينَ ءَامَنُواْ يُقِيمُواْ ٱلصَّلَوٰةَ وَيُنفِقُواْ مِمَّا رَزَقۡنَٰهُمۡ سِرّٗا وَعَلَانِيَةٗ مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا بَيۡعٞ فِيهِ وَلَا خِلَٰلٌ ٣١

[O Muḥammad], tell My servants who have believed to establish prayer and spend from what We have provided them, secretly and publicly, before a Day comes in which there will be no exchange [i.e., ransom], nor any friendships.

হে ৰাছুল! আপুনি মুমিনসকলক কৈ দিয়ক, হে মুমিনসকল! পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, আল্লাহে প্ৰদান কৰা সম্পদ ওৱাজিব আৰু মুস্তাহাব কৰ্মত ব্যয় কৰা। ৰিয়াৰ (লোকক দেখুৱাবলৈ কৰা দান, যাতে মানুহে দানশীল বুলি কয়) ভয়ত গোপনে ব্যয় কৰিবা। আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে ব্যয় কৰিবা যাতে মানুহে প্ৰেৰণা পায়। সেই দিন অহাৰ পূৰ্বেই দান কৰা, যিদিনা আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ ক্ৰয়-বিক্ৰয় অথবা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব, আনকি সিদিনা কোনো বন্ধুত্বও কামত নাহিব যে, বন্ধুৱে বন্ধুৰ বাবে মধ্যস্ততা কৰিব।

14:32Page 259

ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجَ بِهِۦ مِنَ ٱلثَّمَرَٰتِ رِزۡقٗا لَّكُمۡۖ وَسَخَّرَ لَكُمُ ٱلۡفُلۡكَ لِتَجۡرِيَ فِي ٱلۡبَحۡرِ بِأَمۡرِهِۦۖ وَسَخَّرَ لَكُمُ ٱلۡأَنۡهَٰرَ ٣٢

It is Allāh who created the heavens and the earth and sent down rain from the sky and produced thereby some fruits as provision for you and subjected for you1 the ships to sail through the sea by His command and subjected for you the rivers.

তেৱেঁই আল্লাহ, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে, আৰু সেই পানীৰে হে মানৱজাতি! তোমালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ ফলমূল সৃষ্টি কৰে। আৰু তেৱেঁই প্ৰকাণ্ড প্ৰকাণ্ড জাহাজক তোমালোকৰ আয়ত্ত্বাধীন কৰি দিছে, যিবোৰ তেওঁৰ আদেশতেই পানীত চলাচল কৰে। লগতে নদীসমূহকো তোমালোকৰ বশৱৰ্তী কৰি দিছে, যাতে তোমালোকে তাৰ পানী খাব পাৰা, লগতে খেতি-বাতিত দিব পাৰা আৰু জীৱ-জন্তুক খোৱাব পাৰা।

14:33Page 259

وَسَخَّرَ لَكُمُ ٱلشَّمۡسَ وَٱلۡقَمَرَ دَآئِبَيۡنِۖ وَسَخَّرَ لَكُمُ ٱلَّيۡلَ وَٱلنَّهَارَ ٣٣

And He subjected for you the sun and the moon, continuous [in orbit], and subjected for you the night and the day.

সূৰ্য আৰু চন্দ্ৰকো তোমালোকৰ বাবে কৰ্মত নিয়োজিত কৰি দিছো। দুয়ো ধাৰাবাহিকভাৱে গতিশীল, লগতে দিন আৰু ৰাতিকো তোমালোকৰ কৰ্মত নিয়োজিত কৰিছো, উভয়ে এটাৰ পিছত এটা আহি থাকে। ৰাতি হৈছে তোমালোকৰ টোপনি আৰু বিশ্ৰামৰ বাবে, আনহাতে দিন হৈছে তোমালোকৰ কৰ্ম আৰু প্ৰচেষ্টাৰ বাবে।

14:34Page 260

وَءَاتَىٰكُم مِّن كُلِّ مَا سَأَلۡتُمُوهُۚ وَإِن تَعُدُّواْ نِعۡمَتَ ٱللَّهِ لَا تُحۡصُوهَآۗ إِنَّ ٱلۡإِنسَٰنَ لَظَلُومٞ كَفَّارٞ ٣٤

And He gave you from all you asked of Him.1 And if you should count the favor [i.e., blessings] of Allāh, you could not enumerate them. Indeed, mankind is [generally] most unjust and ungrateful.2

তেৱেঁই তোমালোকক সেই সকলো বস্তু প্ৰদান কৰিছে যিবোৰ তোমালোকে বিচাৰিছিলা আৰু যিবোৰ তোমালোকে বিচৰা নাছিলা। আল্লাহৰ নিয়ামত সংখ্যাত ইমান বেছি যে, যদি সেইবোৰ তোমালোকে গণনা কৰিব বিচৰা তেন্তে কেতিয়াও সেয়া গণি শেষ কৰিব নোৱাৰিবা। তোমালোকৰ সন্মুখত বৰ্ণিত নিয়ামতসমূহ হৈছে কেৱল কিছুমান উদাহৰণ মাত্ৰ। নিশ্চয় মানুহ নিজৰ প্ৰতি নিজেই অন্যায়কাৰী, তথা আল্লাহৰ নিয়ামতসমূহক অধিক অস্বীকাৰকাৰী।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском