Al-MukhtasarAl-'Adiyat · 100:1–11

Al-Mukhtasar · Tafsir · in Assamese

العاديات

Al-'Adiyat

The Courser · Meccan · 11 ayahs

100:1Page 599

وَٱلۡعَٰدِيَٰتِ ضَبۡحٗا ١

By the racers, panting,1

আল্লাহ তাআলাই সেই ঘোঁৰাৰ শপত কৰিছে, যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনা যায়।

100:2Page 599

فَٱلۡمُورِيَٰتِ قَدۡحٗا ٢

And the producers of sparks [when] striking1

আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায়।

100:3Page 599

فَٱلۡمُغِيرَٰتِ صُبۡحٗا ٣

And the chargers at dawn,1

আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰমণ কৰে।

100:4Page 599

فَأَثَرۡنَ بِهِۦ نَقۡعٗا ٤

Stirring up thereby [clouds of] dust,

আকৌ যিয়ে নিজ দৌৰৰ জৰিয়তে ধূলি উৰুৱাই।

100:5Page 599

فَوَسَطۡنَ بِهِۦ جَمۡعًا ٥

Arriving thereby in the center1 collectively,

আকৌ যিয়ে নিজ আৰোহীৰ সৈতে শত্ৰু দলৰ অভ্যন্তৰত সোমাই যায়।

100:6Page 599

إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٞ ٦

Indeed mankind, to his Lord, is ungrateful.

বাস্তৱত মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে।

100:7Page 599

وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٞ ٧

And indeed, he is to that a witness.1

আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। আৰু এয়া ইমান স্পষ্ট কথা যে ইয়াৰ অস্বীকাৰ কৰিব নোৱাৰি।

100:8Page 599

وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ ٨

And indeed he is, in love of wealth, intense.

আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই বিষয়ে সি কৃপণালিও কৰে।

100:9Page 599

۞ أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ ٩

But does he not know that when the contents of the graves are scattered

পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰা ব্যক্তিয়ে নাজানে নেকি, যেতিয়া আল্লাহে কবৰত থকা মৃত সকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। ঘটনা তেনে নহয় যিদৰে সিহঁতে ভাবিছে?

100:10Page 600

وَحُصِّلَ مَا فِي ٱلصُّدُورِ ١٠

And that within the breasts is obtained,1

আৰু অন্তৰৰ মাজত যি নিয়ত আৰু আস্থা আছে তাক প্ৰকাশ কৰা হব,

100:11Page 600

إِنَّ رَبَّهُم بِهِمۡ يَوۡمَئِذٖ لَّخَبِيرُۢ ١١

Indeed, their Lord with them, that Day, is [fully] Aware.1

নিশ্চয় সিহঁতৰ প্ৰতিপালক সিদিনাখন সম্পূৰ্ণ খবৰ ৰাখিব। আল্লাহৰ পৰা বান্দাৰ কোনো কথা লোকাই নাথাকিব আৰু আল্লাহে সিহঁতক তাৰ পৰিণাম দিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском