Al-Mukhtasar · Tafsir · in Assamese
الكوثر
Al-Kawthar
The Abundance · Meccan · 3 ayahs
108:1Page 602
إِنَّآ أَعۡطَيۡنَٰكَ ٱلۡكَوۡثَرَ ١
Indeed, We have granted you, [O Muḥammad], al-Kawthar.
হে ৰাছুল, আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছো। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ।
গতিকে এই অনুগ্ৰহ বা অৱদানৰ প্ৰতি আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তাৰ বাবেই ছালাত আদায় কৰক আৰু কোৰবানী কৰক। যিহেতু সাধাৰণ মুশ্বৰিক সকলৰ অৱস্থা হৈছে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী বা জন্তু বলিদান কৰি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগি থাকে।
নিঃ সন্দেহে ৰাছুলৰ সৈতে বিদ্বেষ ৰখা ব্যক্তিয়েই সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত হব।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences