Al-MukhtasarAli 'Imran · 3:1–35

Al-Mukhtasar · Tafsir · in Assamese

آل عمران

Ali 'Imran

Family of Imran · Medinan · 200 ayahs

3:1Page 50

الٓمٓ ١

Alif, Lām, Meem.1

আলিফ-লাম-মীম, এইবোৰক হৰূফে মুকাত্তাআত বুলি কোৱা হয়। এনেকুৱা আখৰ ছুৰা বাক্বাৰাৰ আৰম্ভণিতো আহিছে। এইবোৰ আখৰৰ জৰিয়তে ইংগিত কৰা হৈছে যে, গোটেই আৰববাসী আপ্ৰাণ চেষ্টা কৰাৰ পিছতো এনেকুৱা কুৰআন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। যদিও সম্পূৰ্ণ কোৰআন এইবোৰ আখৰৰেই সমষ্টি যিবোৰ এই ছুৰাৰ আৰম্ভণিত আহিছে আৰু যিবোৰ আখৰেৰে সিহঁতে শব্দ গঠণ কৰি কথা কয়।

3:2Page 50

ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُ ٢

Allāh - there is no deity except Him, the Ever-Living, the Self-Sustaining.1

আল্লাহ সেইজন যাৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। তেওঁ এনেকুৱা পূৰ্ণ জীৱনৰ অধিকাৰী য’ত কোনো ত্ৰুটি নাই আৰু তেওঁৰ মৃত্যুও নাই।তেওঁ সকলো সত্ত্বাৰ ধাৰক, তেওঁ স্বয়ং প্ৰতিষ্ঠিত। সেয়ে তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। আনহাতে সকলো সৃষ্টি তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত, সেয়ে সিহঁত কোনো অৱস্থাতেই তেওঁৰ অমুখাপেক্ষী নহয়।

3:3–4Page 50

نَزَّلَ عَلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ وَأَنزَلَ ٱلتَّوۡرَىٰةَ وَٱلۡإِنجِيلَ ٣

He has sent down upon you, [O Muḥammad], the Book in truth, confirming what was before it. And He revealed the Torah and the Gospel

مِن قَبۡلُ هُدٗى لِّلنَّاسِ وَأَنزَلَ ٱلۡفُرۡقَانَۗ إِنَّ ٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ ٱللَّهِ لَهُمۡ عَذَابٞ شَدِيدٞۗ وَٱللَّهُ عَزِيزٞ ذُو ٱنتِقَامٍ ٤

Before, as guidance for the people. And He revealed the Criterion [i.e., the Qur’ān]. Indeed, those who disbelieve in the verses of Allāh will have a severe punishment, and Allāh is Exalted in Might, the Owner of Retribution.1

হে নবী! তেওঁ আপোনাৰ ওপৰত সত্য সংবাদসহ আৰু ন্যায়পূৰ্ণ বিধানৰ সৈতে কোৰআন অৱতীৰ্ণ কৰিছে, ই পূৰ্বৱৰ্তী ঐশীপূথিসমূহৰ সমৰ্থক। উক্ত পুথিসমূহৰ মাজত কোনো মতবিৰোধ নাই। আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰাৰ পূৰ্বে মূছাৰ ওপৰত তাওৰাত আৰু ঈছাৰ ওপৰত ইঞ্জীল অৱতীৰ্ণ কৰিছিল। এই সকলো ঐশী পুথি মানুহৰ বাবে দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ফালে পথপ্ৰদৰ্শক। আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে যাৰ জৰিয়তে সত্য আৰু অসত্য পাৰ্থক্য কৰিব পাৰি আৰু হিদায়ত আৰু ভ্ৰষ্টতা চিহ্নিত কৰিব পাৰি। আৰু যিয়ে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ অস্বীকাৰ কৰিব তাৰ বাবে আছে কঠোৰ শাস্তি। আল্লাহ পৰাক্ৰমশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ নিজ ৰাছুলসকলক অস্বীকাৰকাৰী সকলৰ আৰু তেওঁৰ আদেশ অমান্যকাৰী সকলৰ প্ৰতিশোধ লব।

3:5Page 50

إِنَّ ٱللَّهَ لَا يَخۡفَىٰ عَلَيۡهِ شَيۡءٞ فِي ٱلۡأَرۡضِ وَلَا فِي ٱلسَّمَآءِ ٥

Indeed, from Allāh nothing is hidden in the earth nor in the heaven.

আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয়। তেওঁৰ জ্ঞানে সকলো প্ৰকাশ্য অপ্ৰকাশ্য বস্তু আৱৰি আছে।

3:6Page 50

هُوَ ٱلَّذِي يُصَوِّرُكُمۡ فِي ٱلۡأَرۡحَامِ كَيۡفَ يَشَآءُۚ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٦

It is He who forms you in the wombs however He wills. There is no deity except Him, the Exalted in Might, the Wise.

তেৱেঁই তোমালোকক মাকৰ পেটত বিভিন্ন ৰূপত, নাৰী অথবা পুৰুষ, ভাল অথবা বেয়া, কলা অথবা বগা যিদৰে বিচাৰে সৃষ্টি কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যক নাই। তেওঁ প্ৰভূত্বশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ সৃষ্টি কাৰ্যত, নিয়ন্ত্ৰণত আৰু বিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

3:7Page 50

هُوَ ٱلَّذِيٓ أَنزَلَ عَلَيۡكَ ٱلۡكِتَٰبَ مِنۡهُ ءَايَٰتٞ مُّحۡكَمَٰتٌ هُنَّ أُمُّ ٱلۡكِتَٰبِ وَأُخَرُ مُتَشَٰبِهَٰتٞۖ فَأَمَّا ٱلَّذِينَ فِي قُلُوبِهِمۡ زَيۡغٞ فَيَتَّبِعُونَ مَا تَشَٰبَهَ مِنۡهُ ٱبۡتِغَآءَ ٱلۡفِتۡنَةِ وَٱبۡتِغَآءَ تَأۡوِيلِهِۦۖ وَمَا يَعۡلَمُ تَأۡوِيلَهُۥٓ إِلَّا ٱللَّهُۗ وَٱلرَّٰسِخُونَ فِي ٱلۡعِلۡمِ يَقُولُونَ ءَامَنَّا بِهِۦ كُلّٞ مِّنۡ عِندِ رَبِّنَاۗ وَمَا يَذَّكَّرُ إِلَّآ أُوْلُواْ ٱلۡأَلۡبَٰبِ ٧

It is He who has sent down to you, [O Muḥammad], the Book; in it are verses [that are] precise - they are the foundation of the Book - and others unspecific.1 As for those in whose hearts is deviation [from truth], they will follow that of it which is unspecific, seeking discord and seeking an interpretation [suitable to them]. And no one knows its [true] interpretation except Allāh. But those firm in knowledge say, "We believe in it. All [of it] is from our Lord." And no one will be reminded except those of understanding,

হে নবী! তেৱেঁই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। ইয়াত কিছুমান আয়াত আছে যাৰ অৰ্থ স্পষ্ট, যাৰ মাজত কোনো ধৰণৰ অস্পষ্টতা নাই। এইবোৰেই পুথিৰ মূল আৰু ইয়াৰ সংখ্যাও অধিক লগতে মতভেদৰ সময়ত এইবোৰ আয়াতেই মীমাংসাৰ উত্স। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ একাধিক অৰ্থ থকাৰ সম্ভাৱনা থাকে। লগতে অধিকাংশ মানুহৰ বাবে সেইবোৰৰ অৰ্থ নিৰ্ণয় কৰা জটিল হয়। সেয়ে যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে মুহকাম (স্পষ্ট অৰ্থ থকা) আয়াতবোৰক আওকাণ কৰি মুতাশ্বাবিহ (একাধিক অৰ্থ থকা) আয়াতৰ পিছত লাগি থাকে। দৰাচল সিহঁতে ইয়াৰ দ্বাৰা সন্দেহ সৃষ্টি কৰিব বিচাৰে আৰু মানুহক বিভ্ৰান্ত কৰিব বিচাৰে আৰু নিজৰ ফালৰ পৰা এনেকুৱা ব্যাখ্যা কৰিব বিচাৰে যিটো সিহঁতৰ কু-মানসিকতাৰ অনুকূল। অথচ ইয়াৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যাখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পক্ষান্তৰে গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, আমি সম্পূৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ কৰো, কিয়নো ই সম্পূৰ্ণৰূপে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁলোকে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াত অনুসাৰে কৰে। উপদেশ কেৱল সঠিক বিবেকৱান সকলেহে গ্ৰহণ কৰে।

3:8Page 50

رَبَّنَا لَا تُزِغۡ قُلُوبَنَا بَعۡدَ إِذۡ هَدَيۡتَنَا وَهَبۡ لَنَا مِن لَّدُنكَ رَحۡمَةًۚ إِنَّكَ أَنتَ ٱلۡوَهَّابُ ٨

[Who say], "Our Lord, let not our hearts deviate after You have guided us and grant us from Yourself mercy. Indeed, You are the Bestower.1

আৰু এই গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, হে আমাৰ প্ৰতিপালক! আমাক হিদায়ত দিয়াৰ পিছত আমাৰ অন্তৰসমূহক সত্যৰ পৰা আঁতৰ নকৰিবা।লগতে সত্যৰ পৰা পথভ্ৰষ্ট লোকৰ পৰিণামৰ পৰা আমাৰ সুৰক্ষিত ৰাখিবা। লগতে তুমি আমাক ব্যাপক কৃপা দান কৰা, যি কৃপায় আমাৰ অন্তৰসমূহক পথ দেখুৱাব আৰু আমাক ভ্ৰষ্টতাৰ পৰা সুৰক্ষিত কৰিব। হে আমাৰ প্ৰতিপালক! তুমি অত্যন্ত মহান দাতা।

3:9Page 50

رَبَّنَآ إِنَّكَ جَامِعُ ٱلنَّاسِ لِيَوۡمٖ لَّا رَيۡبَ فِيهِۚ إِنَّ ٱللَّهَ لَا يُخۡلِفُ ٱلۡمِيعَادَ ٩

Our Lord, surely You will gather the people for a Day about which there is no doubt. Indeed, Allāh does not fail in His promise."

হে আমাৰ প্ৰতিপালক! তুমি নিশ্চয় এনেকুৱা এটা দিনত সকলো মানুহক হিচাপ নিকাচৰ একত্ৰিত কৰিবা যিটো দিন সম্পৰ্কে কোনো সন্দেহ নাই। হে আমাৰ প্ৰতিপালক! তুমি নিশ্চয় তুমি কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।

3:10Page 51

إِنَّ ٱلَّذِينَ كَفَرُواْ لَن تُغۡنِيَ عَنۡهُمۡ أَمۡوَٰلُهُمۡ وَلَآ أَوۡلَٰدُهُم مِّنَ ٱللَّهِ شَيۡـٔٗاۖ وَأُوْلَٰٓئِكَ هُمۡ وَقُودُ ٱلنَّارِ ١٠

Indeed, those who disbelieve - never will their wealth or their children avail them against Allāh at all. And it is they who are fuel for the Fire.

যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তিয়ে আৰু সিহঁতৰ সন্তান-সন্ততিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, পৃথিৱীতো নোৱাৰিব আৰু আখিৰাততো নোৱাৰিব। এইসকল লোকেই ক্বিয়ামতৰ দিনা জাহান্নামৰ ইন্ধন হ'ব, যাৰ দ্বাৰা জুই জ্বলোৱা হ'ব।

3:11Page 51

كَدَأۡبِ ءَالِ فِرۡعَوۡنَ وَٱلَّذِينَ مِن قَبۡلِهِمۡۚ كَذَّبُواْ بِـَٔايَٰتِنَا فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمۡۗ وَٱللَّهُ شَدِيدُ ٱلۡعِقَابِ ١١

[Theirs is] like the custom of the people of Pharaoh and those before them. They denied Our signs, so Allāh seized them for their sins. And Allāh is severe in penalty.

এইসকল কাফিৰ অৱস্থা ফিৰআউনৰ সঙ্গী-সাৰথিসকলৰ আৰু সিহঁতৰ পূৰ্বৰ লোকসকলৰ দৰে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ গুনাহৰ কাৰণে আল্লাহে সিহঁতক শাস্তি বিহিছিল কিন্তু সিহঁতৰ সম্পত্তি আৰু সিহঁতৰ সন্তান-সন্ততিয়ে কোনো উপকাৰ কৰিব পৰা নাছিল। আৰু নিশ্চয় আল্লাহে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব যিসকলে তেওঁক অস্বীকাৰ কৰে আৰু তেওঁৰ নিদৰ্শনক অমান্য কৰে।

3:12Page 51

قُل لِّلَّذِينَ كَفَرُواْ سَتُغۡلَبُونَ وَتُحۡشَرُونَ إِلَىٰ جَهَنَّمَۖ وَبِئۡسَ ٱلۡمِهَادُ ١٢

Say to those who disbelieve, "You will be overcome and gathered together to Hell, and wretched is the resting place."

হে নবী! বিভিন্ন ধৰ্মৰ কাফিৰসকলক কৈ দিয়ক, অতিশীঘ্ৰে মুমিনসকলে তোমালোকৰ ওপৰত বিজয় প্ৰাপ্ত হব। তোমালোক কুফুৰী অৱস্থাত মৃত্যুবৰণ কৰিবা আৰু আল্লাহে তোমালোকক একত্ৰিত কৰি জাহান্নামত নিক্ষেপ কৰিব। সেয়া কিমান যে নিকৃষ্ট বিছনা।

3:13Page 51

قَدۡ كَانَ لَكُمۡ ءَايَةٞ فِي فِئَتَيۡنِ ٱلۡتَقَتَاۖ فِئَةٞ تُقَٰتِلُ فِي سَبِيلِ ٱللَّهِ وَأُخۡرَىٰ كَافِرَةٞ يَرَوۡنَهُم مِّثۡلَيۡهِمۡ رَأۡيَ ٱلۡعَيۡنِۚ وَٱللَّهُ يُؤَيِّدُ بِنَصۡرِهِۦ مَن يَشَآءُۚ إِنَّ فِي ذَٰلِكَ لَعِبۡرَةٗ لِّأُوْلِي ٱلۡأَبۡصَٰرِ ١٣

Already there has been for you a sign in the two armies which met [in combat at Badr] - one fighting in the cause of Allāh and another of disbelievers. They saw them [to be] twice their [own] number by [their] eyesight.1 But Allāh supports with His victory whom He wills. Indeed in that is a lesson for those of vision.

তোমালোকৰ বাবে এটা সংকেত আৰু এটা শিক্ষা আছে সেই দুই দলৰ মাজত, যি দুটা দলে বদৰৰ যুদ্ধৰ দিনা পৰস্পৰে মুখামুখি হৈছিল। তাৰে মাজৰ এটা দল ঈমান্দাৰসকলৰ আছিল, আৰু সেইটো আছিল আল্লাহৰ ৰাছুল আৰু তেওঁৰ ছাহাবীসকলৰ। তেওঁলোকে আল্লাহৰ পথত এই কাৰণে যুদ্ধ কৰি আছিল যাতে আল্লাহৰ কথা সৰ্বোচ্চ মৰ্যদা পায় আৰু কাফিৰসকলৰ কথা তলত পৰি থাকে। আনহাতে আনটো দল আছিল কাফিৰসকলৰ। এইসকল কাফিৰ আছিল মক্কাৰ অধিবাসী, সিহঁতে অহংকাৰ, গৌৰৱ আৰু বিদ্বেষৰ সৈতে ওলাই আহিছিল। ঈমান্দাৰসকলক সিহঁতৰ দৃষ্টিত বাস্তৱত দ্বিগুন দেখি আছিল। আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰিলে, নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে নিজ সহায়েৰে সমৰ্থন কৰে। ইয়াত শিক্ষা আৰু উপদেশ আছে বিবেকৱানসকলৰ বাবে, যাতে সিহঁতে গম পায় যে, সহায়তা কেৱল ঈমান্দাৰসকলেহে পায় যদিও সিহঁতৰ সংখ্যা কম নহওঁক কিয়। আনহাতে পৰাজয় বাতিলপন্থীসকলৰ বাবে যদিও সিহঁত সংখ্যা গৰিষ্ঠ নহওঁক কিয়।

3:14Page 51

زُيِّنَ لِلنَّاسِ حُبُّ ٱلشَّهَوَٰتِ مِنَ ٱلنِّسَآءِ وَٱلۡبَنِينَ وَٱلۡقَنَٰطِيرِ ٱلۡمُقَنطَرَةِ مِنَ ٱلذَّهَبِ وَٱلۡفِضَّةِ وَٱلۡخَيۡلِ ٱلۡمُسَوَّمَةِ وَٱلۡأَنۡعَٰمِ وَٱلۡحَرۡثِۗ ذَٰلِكَ مَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَٱللَّهُ عِندَهُۥ حُسۡنُ ٱلۡمَـَٔابِ ١٤

Beautified for people is the love of that which they desire - of women and sons, heaped-up sums of gold and silver, fine branded horses, and cattle and tilled land. That is the enjoyment of worldly life, but Allāh has with Him the best return [i.e., Paradise].

আল্লাহে জনাই দিছে যে, তেওঁ মানুহক পৰীক্ষা কৰিবলৈ পৃথিৱীৰ মনোমোহা বস্তুবোৰৰ মুহাব্বতক সৌন্দৰ্যময় কৰি দিছে। যেনে- নাৰী, সন্তান-সন্ততি, সোণ-ৰূপৰ স্তুপ, উত্কৃষ্ট চিহ্নিত ঘোড়া তথা উট, গৰু আৰু ছাগলীৰ দৰে জন্তু লগতে শস্য-খেতি। এই সকলোবোৰ পাৰ্থিৱ জীৱনৰ বস্তু. যিবোৰৰ দ্বাৰা খন্তেক সময়ৰ বাবে উপকৃত হোৱা যায়, তাৰ পিছত নিঃশেষ হৈ যায়। সেয়ে মুমিনসকলৰ বাবে ইয়াৰ লগত অসীম আন্তৰিকতা সমীচিন নহয়। উত্তম আৱাস একমাত্ৰ আল্লাহৰ ওচৰত, আৰু সেয়া হৈছে জান্নাত। যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান।

3:15Page 51

۞ قُلۡ أَؤُنَبِّئُكُم بِخَيۡرٖ مِّن ذَٰلِكُمۡۖ لِلَّذِينَ ٱتَّقَوۡاْ عِندَ رَبِّهِمۡ جَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَا وَأَزۡوَٰجٞ مُّطَهَّرَةٞ وَرِضۡوَٰنٞ مِّنَ ٱللَّهِۗ وَٱللَّهُ بَصِيرُۢ بِٱلۡعِبَادِ ١٥

Say, "Shall I inform you of [something] better than that? For those who fear Allāh will be gardens in the presence of their Lord beneath which rivers flow, wherein they abide eternally, and purified spouses and approval from Allāh. And Allāh is Seeing [i.e., aware] of [His] servants -

হে নবী! কৈ দিয়ক যে, মই তোমালোকক এনেকুৱা এটা সংবাদ নিদিমনে, যিটো এইবোৰ আকৰ্ষিত বস্তুতকৈয়ো উত্তম? যিসকলে আল্লাহৰ আনুগত্য কৰি তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকে এনেকুৱা উদ্যান থাকিব যাৰ অট্টালিকা আৰু বৃক্ষৰ তলেদি নিজৰা প্ৰবাহিত হ'ব। তেওঁলোক তাত চিৰকাল থাকিব। তাত তেওঁলোকৰ মৃত্যুও নহব আৰু তেওঁলোক ধ্বংসও নহ'ব। তাত তেওঁলোকৰ বাবে আকাৰ আকৃতি আৰু চৰিত্ৰৰ ত্ৰুটিমুক্ত স্ত্ৰী থাকিব। ইয়াৰ বাহিৰেও তেওঁলোকে আল্লাহৰ সন্তুষ্টি লাভ কৰিব আৰু তেওঁ কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহব। আৰু আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। অচিৰেই তেওঁ সিহঁতক প্ৰতিদান দিব।

3:16Page 52

ٱلَّذِينَ يَقُولُونَ رَبَّنَآ إِنَّنَآ ءَامَنَّا فَٱغۡفِرۡ لَنَا ذُنُوبَنَا وَقِنَا عَذَابَ ٱلنَّارِ ١٦

Those who say, 'Our Lord, indeed we have believed, so forgive us our sins and protect us from the punishment of the Fire,' "

জান্নাতৰ এই অধিবাসীসকলেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান আনিছো আৰু সেইসমূহ পুথিৰ প্ৰতিও ঈমান আনিছো যিবোৰ তুমি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছা। লগতে আমি তোমাৰ চৰীয়ত পালন কৰিছো। তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।

3:17Page 52

ٱلصَّٰبِرِينَ وَٱلصَّٰدِقِينَ وَٱلۡقَٰنِتِينَ وَٱلۡمُنفِقِينَ وَٱلۡمُسۡتَغۡفِرِينَ بِٱلۡأَسۡحَارِ ١٧

The patient, the true, the obedient, those who spend [in the way of Allāh], and those who seek forgiveness before dawn.

তেওঁলোকে সত্কৰ্ম পালনত আৰু অসত্কৰ্ম ত্যাগ কৰাত লগতে এই পথত যি কষ্ট সহ্য কৰিবলগীয়া হয় তাত ধৈৰ্য ধাৰণ কৰে। তেওঁলোক নিজৰ কথা আৰু কৰ্মত সত্যবাদী। আল্লাহৰ পূৰ্ণ আনুগত্যকাৰী। তেওঁলোকেই আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে আৰু তেওঁলোকে ৰাতি শেষ ভাগত ক্ষমা প্ৰাৰ্থনা কৰে। কিয়নো এই সময়ত দুআ অধিক কবুল হয় লগতে অন্তৰ অন্যান্য ব্যস্ততাৰ পৰা মুক্ত থাকে।

3:18Page 52

شَهِدَ ٱللَّهُ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا هُوَ وَٱلۡمَلَٰٓئِكَةُ وَأُوْلُواْ ٱلۡعِلۡمِ قَآئِمَۢا بِٱلۡقِسۡطِۚ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ١٨

Allāh witnesses that there is no deity except Him, and [so do] the angels and those of knowledge - [that He is] maintaining [creation] in justice. There is no deity except Him, the Exalted in Might, the Wise.

আল্লাহে সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই একমাত্ৰ সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এয়া তেওঁ ধৰ্ম তথা বিশ্ব সম্বন্ধীয় নিদৰ্শনসমূহ প্ৰতিষ্ঠা কৰি সাব্যস্ত কৰিছে, যিবোৰে তেওঁৰ একক উপাস্য হোৱাৰ প্ৰমাণ বহন কৰে। এই সাক্ষ্য ফিৰিস্তাসকলেও প্ৰদান কৰিছে আৰু জ্ঞানৱান লোকসকলেও তাওহীদ বৰ্ণনা কৰি মানুহক এইপিনে আহ্বান কৰি এই সাক্ষ্য প্ৰদান কৰিছে। এই সকলো লোকে আটাইতকৈ ডাঙৰ তথ্য অৰ্থাৎ এই সাক্ষ্য দিছে যে, আল্লাহ একক আৰু তেওঁ সৃষ্টিৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰস্তুত কৰা বিষয়ত ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

3:19Page 52

إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ وَمَا ٱخۡتَلَفَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ إِلَّا مِنۢ بَعۡدِ مَا جَآءَهُمُ ٱلۡعِلۡمُ بَغۡيَۢا بَيۡنَهُمۡۗ وَمَن يَكۡفُرۡ بِـَٔايَٰتِ ٱللَّهِ فَإِنَّ ٱللَّهَ سَرِيعُ ٱلۡحِسَابِ ١٩

Indeed, the religion in the sight of Allāh is Islām. And those who were given the Scripture did not differ except after knowledge had come to them - out of jealous animosity between themselves. And whoever disbelieves in the verses of Allāh, then indeed, Allāh is swift in [taking] account.

নিশ্চয় আল্লাহৰ ওচৰত ইছলামেই হৈছে একমাত্ৰ মনোনীত ধৰ্ম। ইছলামৰ অৰ্থ হৈছে, একনিষ্ঠভাৱে কেৱল আল্লাহৰ আনুগত্য কৰা আৰু নিজকে তেওঁৰ ইবাদতৰ বাবে নিয়োজিত কৰা। লগতে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, বিশেষকৈ সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যাৰ জৰিয়তে ৰাছুলৰ শৃংখলা সমাপ্ত কৰা হৈছে। এতেকে তেওঁৰ চৰীয়তৰ বাহিৰে আন কোনো চৰীয়ত গ্ৰহণযোগ্য নহয়। ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্মৰ মাজত যি বিভেদ সৃষ্টি কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, ইয়াৰ একমাত্ৰ কাৰণ হৈছে, জ্ঞান আৰু প্ৰমাণ অহাৰ পিছতো পাৰ্থিৱ জীৱনৰ প্ৰতি সিহঁতৰ লোভ-লালসা আৰু ঈৰ্ষা। এতেকে যিয়ে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সি জনা উচিত যে, আল্লাহে কুফৰকাৰীক আৰু ৰাছুলসকলক অস্বীকাৰকাৰীক অনতিপলমে শাস্তি বিহিব।

3:20Page 52

فَإِنۡ حَآجُّوكَ فَقُلۡ أَسۡلَمۡتُ وَجۡهِيَ لِلَّهِ وَمَنِ ٱتَّبَعَنِۗ وَقُل لِّلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ وَٱلۡأُمِّيِّـۧنَ ءَأَسۡلَمۡتُمۡۚ فَإِنۡ أَسۡلَمُواْ فَقَدِ ٱهۡتَدَواْۖ وَّإِن تَوَلَّوۡاْ فَإِنَّمَا عَلَيۡكَ ٱلۡبَلَٰغُۗ وَٱللَّهُ بَصِيرُۢ بِٱلۡعِبَادِ ٢٠

So if they argue with you, say, "I have submitted myself to Allāh [in Islām], and [so have] those who follow me." And say to those who were given the Scripture and [to] the unlearned,1 "Have you submitted yourselves?" And if they submit [in Islām], they are rightly guided; but if they turn away - then upon you is only the [duty of] notification. And Allāh is Seeing of [His] servants.

হে ৰাছুল! সিহঁতে যদি আপোনাৰ লগত সেই সত্য সম্পৰ্কে বিতৰ্ক কৰে যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মই তথা মোৰ অনুসাৰী মুমিনসকল আল্লাহৰ অনুগত। আৰু হে ৰাছুল! ঐশী পুথি প্ৰাপ্তসকলক আৰু মুশ্বৰিকসকলক সোধক! তোমালোকে একনিষ্ঠতাৰে আল্লাহৰ আনুগত্য কৰিবানে আৰু মই যি লৈ আহিছো তাৰ অনুসৰণ কৰিবানে? যদি সিহঁতে আল্লাহৰ আনুগত্যকাৰী হৈ যায় আৰু আপোনাৰ চৰীয়ত মতে আমল কৰে তেন্তে সিহঁত সঠিক পথ প্ৰাপ্ত। আনহাতে যদি সিহঁতে ইছলামৰ পৰা মুখ ঘূৰাই লয় তেন্তে আপোনাৰ কৰ্তব্য কেৱল আপোনাৰ কথা সিহঁতক জনাই দিয়া। আৰু সিহঁতৰ বিষয়টো আল্লাহৰ অধীনত। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱগত। আৰু তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ ফলাফল দান কৰিব।

3:21Page 52

إِنَّ ٱلَّذِينَ يَكۡفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَيَقۡتُلُونَ ٱلنَّبِيِّـۧنَ بِغَيۡرِ حَقّٖ وَيَقۡتُلُونَ ٱلَّذِينَ يَأۡمُرُونَ بِٱلۡقِسۡطِ مِنَ ٱلنَّاسِ فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ ٢١

Those who disbelieve in the signs of Allāh and kill the prophets without right and kill those who order justice from among the people - give them tidings of a painful punishment.

যিসকলে আল্লাহে অৱতীৰ্ণ কৰা প্ৰমাণসমূহ অস্বীকাৰ কৰে আৰু নবীসকলৰ প্ৰতি অত্যাচাৰ, শত্ৰুতা, বিদ্বেষ পোষণ কৰি অন্যায়ভাৱে হত্যা কৰে আৰু সেইসকল লোকক হত্যা কৰে যিসকলে ন্যায়ৰ আদেশ দিয়ে অৰ্থাৎ যিসকলে সত্কৰ্মৰ আদেশ দিয়ে আৰু অসত্কৰ্মৰ পৰা মানুহক নিষেধ কৰে। এনেকুৱা হত্যাকাৰী কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক।

3:22Page 52

أُوْلَٰٓئِكَ ٱلَّذِينَ حَبِطَتۡ أَعۡمَٰلُهُمۡ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِ وَمَا لَهُم مِّن نَّٰصِرِينَ ٢٢

They are the ones whose deeds have become worthless in this world and the Hereafter, and for them there will be no helpers.

এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকৰেই আমলসমূহ বিনষ্ট হৈছে। এতেকে সিহঁতে ইয়াৰ দ্বাৰা পৃথিৱীতো উপকৃত হব নোৱাৰে আৰু আখিৰাততো নহয়। কিয়নো আল্লাহৰ প্ৰতি সিহঁতৰ ঈমান নাই। সেয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।

3:23Page 53

أَلَمۡ تَرَ إِلَى ٱلَّذِينَ أُوتُواْ نَصِيبٗا مِّنَ ٱلۡكِتَٰبِ يُدۡعَوۡنَ إِلَىٰ كِتَٰبِ ٱللَّهِ لِيَحۡكُمَ بَيۡنَهُمۡ ثُمَّ يَتَوَلَّىٰ فَرِيقٞ مِّنۡهُمۡ وَهُم مُّعۡرِضُونَ ٢٣

Do you not consider, [O Muḥammad], those who were given a portion of the Scripture? They are invited to the Scripture of Allāh that it should arbitrate between them;1 then a party of them turns away, and they are refusing.

হে নবী! আপুনি সেইসকল ইয়াহুদীৰ অৱস্থা দেখা নাইনে, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ এটা অংশ তথা তাত থকা আপোনাৰ নবুওৱতৰ নিদৰ্শন সম্পৰ্কে জ্ঞান দিছিল। যেতিয়া সিহঁতক আল্লাহৰ পুথি তাওৰাতৰ পিনে আহ্বান কৰা হৈছিল যাতে ইয়াৰ দ্বাৰা সিহঁতৰ বিবাদসমূহৰ মীমাংসা কৰা যায়, তেতিয়া সিহঁতৰ ধৰ্মগুৰু আৰু প্ৰমূখ লোকসকলৰ এটা দলে ইয়াৰ পৰা মুখ ঘূৰাই লৈছিল, কিয়নো ইয়াৰ বিধান সিহঁতৰ আকংক্ষাৰ অনুকূল নাছিল। অথচ এইটো হব লাগিছিল যে, যিহেতু সিহঁতে তাওৰাতৰ প্ৰতি আমলৰ দাবী পোষণ কৰে, সেয়ে সিহঁতে ইয়াৰ মীমাংসাৰ প্ৰতি অধিক আগ্ৰহী হ'ব লাগিছিল।

3:24Page 53

ذَٰلِكَ بِأَنَّهُمۡ قَالُواْ لَن تَمَسَّنَا ٱلنَّارُ إِلَّآ أَيَّامٗا مَّعۡدُودَٰتٖۖ وَغَرَّهُمۡ فِي دِينِهِم مَّا كَانُواْ يَفۡتَرُونَ ٢٤

That is because they say, "Never will the Fire touch us except for [a few] numbered days," and [because] they were deluded in their religion by what they were inventing.

সত্যৰ পৰা মুখ ঘূৰাই লোৱা আৰু পলায়ন কৰাৰ এই অৱস্থা সিহঁতৰ এই বাবে যে, সিহঁতৰ দাবী ক্বিয়ামতৰ দিনা জুয়ে সিহঁতক কেৱল কেইদিন মানহে স্পৰ্শ কৰিব। তাৰ পিছত সিহঁতে জান্নাতত প্ৰৱেশ কৰিব। সিহঁতৰ এই মিছা আৰু অসত্য ভ্ৰমে সিহঁতক প্ৰৱঞ্চনাত ৰাখিছে আৰু সিহঁতে আল্লাহ আৰু তেওঁৰ দ্বীনৰ ওপৰত সাহস দেখুৱাইছে।

3:25Page 53

فَكَيۡفَ إِذَا جَمَعۡنَٰهُمۡ لِيَوۡمٖ لَّا رَيۡبَ فِيهِ وَوُفِّيَتۡ كُلُّ نَفۡسٖ مَّا كَسَبَتۡ وَهُمۡ لَا يُظۡلَمُونَ ٢٥

So how will it be when We assemble them for a Day about which there is no doubt? And each soul will be compensated [in full for] what it earned, and they will not be wronged.

উফ! কেনেকুৱা হ'ব সিহঁতৰ অৱস্থা আৰু কিমান যে সিহঁত পৰিতাপ কৰিব! নিশ্চয় সিহঁতৰ অৱস্থা অত্যন্ত শোচনীয় হব সেইদিনা যিদিনা আমি সিহঁতক হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰিম, যি দিন অহা সম্পৰ্কে কোনো সন্দেহ, সেয়া হৈছে ক্বিয়ামতৰ দিন। আৰু প্ৰত্যেক প্ৰাণীকেই তাৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিফল দিয়া হব। সিহঁতৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি সিহঁতক কোনো ধৰণৰ অন্যায় কৰা নহ'ব।

3:26Page 53

قُلِ ٱللَّهُمَّ مَٰلِكَ ٱلۡمُلۡكِ تُؤۡتِي ٱلۡمُلۡكَ مَن تَشَآءُ وَتَنزِعُ ٱلۡمُلۡكَ مِمَّن تَشَآءُ وَتُعِزُّ مَن تَشَآءُ وَتُذِلُّ مَن تَشَآءُۖ بِيَدِكَ ٱلۡخَيۡرُۖ إِنَّكَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٢٦

Say, "O Allāh, Owner of Sovereignty, You give sovereignty to whom You will and You take sovereignty away from whom You will. You honor whom You will and You humble whom You will. In Your hand1 is [all] good. Indeed, You are over all things competent.

হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু তেওঁৰ মহত্ব বৰ্ণনা কৰি কওকঃ হে আল্লাহ! তুমিয়েই পৃথিৱী আৰু আখিৰাতৰ গোটেই ৰাজত্বৰ অধিকাৰী। তোমাৰ সৃষ্টিৰ মাজৰ পৰা তুমি যাক ইচ্ছা কৰা ৰাজত্ব প্ৰদান কৰা আৰু তুমি যাৰ পৰা ইচ্ছা কৰা ৰাজত্ব কাঢ়ি লোৱা। তুমি যাক ইচ্ছা কৰা সন্মানিত কৰা আৰু যাক ইচ্ছা কৰা অপমানিত কৰা। এই সকলোবোৰ তোমাৰ হিকমত আৰু ন্যায়ৰ দ্বাৰাই হয়। সকলো ধৰণৰ কল্যাণ কেৱল তোমাৰেই হাতত, তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

3:27Page 53

تُولِجُ ٱلَّيۡلَ فِي ٱلنَّهَارِ وَتُولِجُ ٱلنَّهَارَ فِي ٱلَّيۡلِۖ وَتُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَتُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّۖ وَتَرۡزُقُ مَن تَشَآءُ بِغَيۡرِ حِسَابٖ ٢٧

You cause the night to enter the day, and You cause the day to enter the night; and You bring the living out of the dead, and You bring the dead out of the living. And You give provision to whom You will without account [i.e., limit or measure]."

তোমাৰ ক্ষমতাৰ নিদৰ্শনসমূহৰ অন্যতম নিদৰ্শন হৈছে, তুমি ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰোৱা, ফলত দিনৰ সময়ছোৱা দীৰ্ঘ হৈ যায়। আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা ফলত ৰাতি দীৰ্ঘ হৈ যায়। তুমিয়েই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনা। যেনে- কাফিৰৰ পৰা মুমিন আৰু শস্য দানাৰ পৰা খেতি। আনহাতে তুমিয়েই সজীৱৰ পৰা নিৰ্জীৱ উলিয়াই আনা। যেনে- ঈমান্দাৰসকলৰ পৰা কাফিৰ আৰু মুৰ্গীৰ পৰা কণী। আৰু তুমি যাক ইচ্ছা কৰা প্ৰচুৰ পৰিমাণে জীৱিকা দান কৰা।

3:28Page 53

لَّا يَتَّخِذِ ٱلۡمُؤۡمِنُونَ ٱلۡكَٰفِرِينَ أَوۡلِيَآءَ مِن دُونِ ٱلۡمُؤۡمِنِينَۖ وَمَن يَفۡعَلۡ ذَٰلِكَ فَلَيۡسَ مِنَ ٱللَّهِ فِي شَيۡءٍ إِلَّآ أَن تَتَّقُواْ مِنۡهُمۡ تُقَىٰةٗۗ وَيُحَذِّرُكُمُ ٱللَّهُ نَفۡسَهُۥۗ وَإِلَى ٱللَّهِ ٱلۡمَصِيرُ ٢٨

Let not believers take disbelievers as allies [i.e., supporters or protectors] rather than believers. And whoever [of you] does that has nothing [i.e., no association] with Allāh, except when taking precaution against them in prudence.1 And Allāh warns you of Himself, and to Allāh is the [final] destination.

হে ঈমান্দাৰসকল! তোমালোকে কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা আৰু মুমিনসকলক এৰি সিহঁতৰ লগত আন্তৰিকতা নকৰিবা আৰু সিহঁতক সহায় নকৰিবা। আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ আৰু আল্লাহৰ লগত তাৰ কোনো সম্পৰ্ক নাই। কিন্তু যদি তোমালোক সিহঁতৰ অধীনত থাকা আৰু সিহঁতৰ ফালৰ পৰা যদি প্ৰাণৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে তেন্তে এনেকুৱা পৰিস্থিতিত সিহঁতৰ অন্যায়ৰ পৰা বাচিবলৈ অন্তৰত বিদ্বেষ ৰাখি কথাত আৰু কৰ্মত কোমলতা প্ৰকাশ কৰিলেও কোনো অসুবিধা নাই। আৰু আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়, এতেকে তেওঁক ভয় কৰা। গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ চিকাৰ নহ'বা। আৰু সকলো বান্দাই নিজৰ কৰ্মৰ ফলাফল গ্ৰহণ কৰিবলৈ কিয়ামতৰ দিনা তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব।

3:29Page 53

قُلۡ إِن تُخۡفُواْ مَا فِي صُدُورِكُمۡ أَوۡ تُبۡدُوهُ يَعۡلَمۡهُ ٱللَّهُۗ وَيَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٢٩

Say, "Whether you conceal what is in your breasts or reveal it, Allāh knows it. And He knows that which is in the heavens and that which is on the earth. And Allāh is over all things competent.

হে নবী! কৈ দিয়ক যে, আল্লাহে তোমালোকক যিটোৰ পৰা নিষেধ কৰিছে, যেনে- কাফিৰসকলৰ লগত বন্ধুত্ব, ইয়াক তোমালোকে অন্তৰত গোপন ৰখা অথবা প্ৰকাশ কৰা আল্লাহে সকলো জানে আৰু তেওঁৰ পৰা একো গোপন নহয়। বৰং তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বিষয়ে অৱগত। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, একোৱেই তেওঁৰ শক্তিৰ বাহিৰত নহয়।

3:30Page 54

يَوۡمَ تَجِدُ كُلُّ نَفۡسٖ مَّا عَمِلَتۡ مِنۡ خَيۡرٖ مُّحۡضَرٗا وَمَا عَمِلَتۡ مِن سُوٓءٖ تَوَدُّ لَوۡ أَنَّ بَيۡنَهَا وَبَيۡنَهُۥٓ أَمَدَۢا بَعِيدٗاۗ وَيُحَذِّرُكُمُ ٱللَّهُ نَفۡسَهُۥۗ وَٱللَّهُ رَءُوفُۢ بِٱلۡعِبَادِ ٣٠

The Day every soul will find what it has done of good present [before it] and what it has done of evil, it will wish that between itself and that [evil] was a great distance. And Allāh warns you of Himself, and Allāh is Kind to [His] servants."

ক্বিয়ামতৰ দিনা প্ৰত্যেক জীৱই নিজৰ সত্কৰ্ম কোনো ধৰণৰ হ্ৰাস নোহোৱাকৈ সন্মুখত হাজিৰ পাব তথা যিয়ে অসত্কৰ্ম কৰিছিল সি কামনা কৰিব যে, তাৰ আৰু সেই অসত্কৰ্মৰ মাজত দীৰ্ঘ সময়ৰ ব্যৱধান হওঁক। কিন্তু তাৰ এই আশা কেনেকৈ পূৰণ হ'ব! আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়। এতেকে গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ অংশীদাৰ নহবা। নিশ্চয় আল্লাহ বান্দাসকলৰ প্ৰতি অতি দয়ালু। সেয়ে তেওঁ সিহঁতক ভয় দেখুৱায় আৰু সতৰ্ক কৰে।

3:31Page 54

قُلۡ إِن كُنتُمۡ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِي يُحۡبِبۡكُمُ ٱللَّهُ وَيَغۡفِرۡ لَكُمۡ ذُنُوبَكُمۡۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ ٣١

Say, [O Muḥammad], "If you should love Allāh, then follow me, [so] Allāh will love you and forgive you your sins. And Allāh is Forgiving and Merciful."

হে ৰাছুল! আপুনি কৈ দিয়ক, যদি তোমালোকে সঁচাকৈয়ে আল্লাহক ভালপোৱা তেন্তে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে মই লৈ অহা ধৰ্মৰ অনুসৰণ কৰা। এনে কৰিলে তোমালোকে আল্লাহৰ মুহাব্বত প্ৰাপ্ত হ'বা আৰু তেওঁ তোমালোকৰ পাপসমূহ মাৰ্জনা কৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি দয়াৱান।

3:32Page 54

قُلۡ أَطِيعُواْ ٱللَّهَ وَٱلرَّسُولَۖ فَإِن تَوَلَّوۡاْ فَإِنَّ ٱللَّهَ لَا يُحِبُّ ٱلۡكَٰفِرِينَ ٣٢

Say, "Obey Allāh and the Messenger. But if you turn away - then indeed, Allāh does not like the disbelievers."

হে ৰাছুল! কৈ দিয়ক যে, তোমালোকে আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। যদি সিহঁতে ইয়াৰ পৰা মুখ ঘূৰাই লয় তেন্তে জানি থোৱা! আল্লাহে তেওঁৰ আদেশ আৰু তেওঁৰ ৰাছুলৰ আদেশ অমান্যকাৰী কাফিৰসকলক পছন্দ নকৰে।

3:33Page 54

۞ إِنَّ ٱللَّهَ ٱصۡطَفَىٰٓ ءَادَمَ وَنُوحٗا وَءَالَ إِبۡرَٰهِيمَ وَءَالَ عِمۡرَٰنَ عَلَى ٱلۡعَٰلَمِينَ ٣٣

Indeed, Allāh chose Adam and Noah and the family of Abraham and the family of ʿImrān over the worlds -

নিসন্দেহে আল্লাহে আদমক নিৰ্বাচন কৰিছিল আৰু ফিৰিস্তাসকলৰ দ্বাৰাই তেওঁক ছাজদাহ কৰোৱাইছিল। আৰু নূহক নিৰ্বাচন কৰি পৃথিৱীবাসীৰ বাবে প্ৰথম ৰাছুল হিচাপে প্ৰেৰণ কৰিছিল। ইব্ৰাহীমৰ বংশ নিৰ্বাচন কৰি তেওঁৰ বংশত নবুওৱত অৱশিষ্ট ৰাখিছিল। আৰু নিৰ্বাচন কৰিছিল ইমৰাণৰ পৰিয়ালক। এই সকলোকে তেওঁ নিৰ্বাচন কৰিছিল আৰু তেওঁলোকক সমকালীন লোক সকলৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰিছিল।

3:34Page 54

ذُرِّيَّةَۢ بَعۡضُهَا مِنۢ بَعۡضٖۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ ٣٤

Descendants, some of them from others. And Allāh is Hearing and Knowing.

ওপৰত যিসকল নবীৰ নাম আৰু তেওঁলোকৰ অনুসাৰী সন্তানসকলৰ বৰ্ণনা কৰা হৈছে, তেওঁলোক ইজনে সিজনৰ বংশধৰ আৰু তেওঁলোকে পৰস্পৰৰ পৰা একেশ্বৰবাদ (তাওহীদ) আৰু সত্কৰ্মৰ শিক্ষা গ্ৰহণ কৰিছিল। লগতে তেওঁলোকে পৰস্পৰৰ সদ্ব্যৱহাৰ আৰু উত্কৃষ্ট বৈশিষ্ট্যসমূহৰ উত্তৰাধিকাৰী হৈছিল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰে আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। সেয়ে তেওঁ যাক ইচ্ছা কৰে নিৰ্বাচন কৰে আৰু যাক ইচ্ছা কৰে বাচনি কৰে।

3:35Page 54

إِذۡ قَالَتِ ٱمۡرَأَتُ عِمۡرَٰنَ رَبِّ إِنِّي نَذَرۡتُ لَكَ مَا فِي بَطۡنِي مُحَرَّرٗا فَتَقَبَّلۡ مِنِّيٓۖ إِنَّكَ أَنتَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٣٥

[Mention, O Muḥammad], when the wife of ʿImrān said, "My Lord, indeed I have pledged to You what is in my womb, consecrated [for Your service], so accept this from me. Indeed, You are the Hearing, the Knowing."

হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া ইমাৰণৰ পত্নী মৰিয়মৰ মাকে কৈছিলঃ হে মোৰ প্ৰতিপালক! মই মোৰ ওপৰত অনিবাৰ্য কৰি লৈছো যে, মোৰ গৰ্ভত যি সন্তান আছে তাক কেৱল তোমাৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে সকলো বস্তুৰ পৰা মুক্ত কৰি দিম, যাতে সেই সন্তানে তোমাৰ আৰু তোমাৰ ঘৰৰ সেৱা আগবঢ়াব পাৰে। তুমি মোৰ এই দুআ কবুল কৰা। নিশ্চয় তুমি মোৰ দুআ শ্ৰৱণকাৰী আৰু মোৰ নিয়্যত সম্পৰ্কে সম্যক অৱগত।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском