Al-Mukhtasar · Tafsir · in Assamese
سبإ
Saba
Sheba · Meccan · 54 ayahs
34:1Page 428
ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَلَهُ ٱلۡحَمۡدُ فِي ٱلۡأٓخِرَةِۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ ١
[All] praise is [due] to Allāh, to whom belongs whatever is in the heavens and whatever is in the earth, and to Him belongs [all] praise in the Hereafter. And He is the Wise, the Aware.
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যাৰ অধীনত আছে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই সিহঁতক সৃষ্টি কৰিছে, তেৱেঁই সেইবোৰৰ মালিক, আৰু তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে। সেই পৱিত্ৰ আল্লাহৰ বাবেই আছে আখিৰাতত প্ৰশংসা। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। বান্দাৰ অৱস্থা সম্পৰ্কে তেওঁ সম্যক অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়।
34:2Page 428
يَعۡلَمُ مَا يَلِجُ فِي ٱلۡأَرۡضِ وَمَا يَخۡرُجُ مِنۡهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعۡرُجُ فِيهَاۚ وَهُوَ ٱلرَّحِيمُ ٱلۡغَفُورُ ٢
He knows what penetrates into the earth and what emerges from it and what descends from the heaven and what ascends therein. And He is the Merciful, the Forgiving.
তেওঁ সেই সকলো বস্তু সম্পৰ্কে অৱগত যিবোৰ মাটিৰ ভিতৰত সোমায়, উদাহৰণস্বৰূপে পানী আৰু গছৰ শিপা আদি। তেওঁ সেই বিষয়েও জানে যিবোৰ মাটিৰ পৰা ওলায়, যেনে উদ্ভিদ আদি। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ, ফিৰিস্তা আৰু জীৱিকা সম্পৰ্কেও তেওঁ অৱগত। আনহাতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাৰ আমল আৰু সিহঁতৰ প্ৰাণ সম্পৰ্কেও অৱগত। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু। তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।
34:3Page 428
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَا تَأۡتِينَا ٱلسَّاعَةُۖ قُلۡ بَلَىٰ وَرَبِّي لَتَأۡتِيَنَّكُمۡ عَٰلِمِ ٱلۡغَيۡبِۖ لَا يَعۡزُبُ عَنۡهُ مِثۡقَالُ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَلَآ أَصۡغَرُ مِن ذَٰلِكَ وَلَآ أَكۡبَرُ إِلَّا فِي كِتَٰبٖ مُّبِينٖ ٣
But those who disbelieve say, "The Hour will not come to us." Say, "Yes, by my Lord, it will surely come to you. [Allāh is] the Knower of the unseen." Not absent from Him is an atom's weight1 within the heavens or within the earth or [what is] smaller than that or greater, except that it is in a clear register -
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ কিয়ামত কেতিয়াও সংঘটিত নহ’ব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, কিয় নাহিব; আল্লাহৰ শপত! নিশ্চয় কিয়ামত সংঘটিত হ’ব যিটোক তোমালোকে অস্বীকাৰ কৰি আছা। কিন্তু ইয়াৰ সঠিক তথা নিৰ্ধাৰিত সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পৱিত্ৰ আল্লাহেই অদৃশ্য বিষয়াদি যেনে কিয়ামত সম্পৰ্কে অৱগত। আকাশমণ্ডল আৰু পৃথিৱীত সৰুতকৈও সৰু এটা পৰুৱাৰ সমানো কোনো বস্তু নাই, যিটো তেওঁৰ জ্ঞানৰ বাহিৰত আছে। আনকি ইয়াতকৈ সৰুৱে হওক অথবা ডাঙৰ, একোৱেই তেওঁৰ পৰা গোপন নহয়। সেই সকলোবোৰ এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ হৈ আছে। সেই গ্ৰন্থত কিয়ামত পৰ্যন্ত হ’বলগীয়া সকলো বস্তু লিপিবদ্ধ আছে।
34:4Page 428
لِّيَجۡزِيَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِۚ أُوْلَٰٓئِكَ لَهُم مَّغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ ٤
That He may reward those who believe and do righteous deeds. Those will have forgiveness and noble provision.
আল্লাহে লওহে মাহফুজত যি যি লিপিবদ্ধ কৰি ৰাখিছে, তাৰ অন্যতম কাৰণ হৈছে যাতে সেই অনুপাতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক আৰু সৎকৰ্ম কৰা লোকসকলক তেওঁ প্ৰতিদান দিব পাৰে। এনেকুৱা লোকৰ বাবেই আল্লাহৰ ওচৰত আছে গুনাহৰ মাগফিৰাত। তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ'ব। তথা তেওঁলোকৰ বাবে আছে উত্তম জীৱিকা, অৰ্থাৎ কিয়ামতৰ দিনা জান্নাতত সেইবোৰ তেওঁলোকে লাভ কৰিব।
34:5Page 428
وَٱلَّذِينَ سَعَوۡ فِيٓ ءَايَٰتِنَا مُعَٰجِزِينَ أُوْلَٰٓئِكَ لَهُمۡ عَذَابٞ مِّن رِّجۡزٍ أَلِيمٞ ٥
But those who strive against Our verses [seeking] to cause failure1 - for them will be a painful punishment of foul nature.
আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহক যিসকলে বাতিল হিচাপে প্ৰতীয়মান কৰাবলৈ প্ৰয়াস কৰে, সিহঁতে আমাৰ আয়াতসমূহক যাদু বুলি কয়। তথা আমাৰ ৰাছুলক যাদুকৰ আৰু কবি বুলি আখ্যায়িত কৰে। এনেকুৱা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে অতি নিকৃষ্ট তথা অতি কঠিন শাস্তি।
34:6Page 428
وَيَرَى ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ ٱلَّذِيٓ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَ هُوَ ٱلۡحَقَّ وَيَهۡدِيٓ إِلَىٰ صِرَٰطِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ ٦
And those who have been given knowledge see that what is revealed to you from your Lord is the truth, and it guides to the path of the Exalted in Might, the Praiseworthy.
চাহাবাসকলৰ মাজৰ বিদ্যানসকলে আৰু আহলে কিতাবসকলৰ মাজৰ যিসকল বিদ্যান লোকে ঈমান আনিছে, তেওঁলোকে এই সাক্ষ্য প্ৰদান কৰে যে, আল্লাহে আপোনাৰ প্ৰতি অহীৰ দ্বাৰা যি অৱতীৰ্ণ কৰিছে সেয়া পৰম সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। এই সত্যই সেই মহাপৰাক্ৰমশালী সত্তাৰ পথ দেখুৱায়, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ পৃথিৱী আৰু আখিৰাত উভয়তে প্ৰশংসিত।
34:7Page 428
وَقَالَ ٱلَّذِينَ كَفَرُواْ هَلۡ نَدُلُّكُمۡ عَلَىٰ رَجُلٖ يُنَبِّئُكُمۡ إِذَا مُزِّقۡتُمۡ كُلَّ مُمَزَّقٍ إِنَّكُمۡ لَفِي خَلۡقٖ جَدِيدٍ ٧
But those who disbelieve say, "Shall we direct you to a man who will inform you [that] when you have disintegrated in complete disintegration, you will [then] be [recreated] in a new creation?
কাফিৰসকলে পৰস্পৰে পৰস্পৰক ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি তথা সেইবোৰক উপলুঙা কৰি কয়ঃ আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে জনাম নেকি, যিয়ে তোমালোকক কয় যে, যেতিয়া তোমালোক মৃত্যুবৰণ কৰিবা আৰু তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ যাব, তাৰ পিছত আকৌ তোমালোকক নতুনকৈ পুনৰ্জীৱিত কৰা হ’ব?
34:8Page 429
أَفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَم بِهِۦ جِنَّةُۢۗ بَلِ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ فِي ٱلۡعَذَابِ وَٱلضَّلَٰلِ ٱلۡبَعِيدِ ٨
Has he invented about Allāh a lie or is there in him madness?" Rather, they who do not believe in the Hereafter will be in the punishment and [are in] extreme error.
সিহঁতে কয়ঃ এই মানুহজনে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা নাই জানো, সেইকাৰণেই তেওঁ আমাৰ মৃত্যুৰ পিছত পুনৰ্জীৱনৰ দাবী কৰি আছে? অথবা তেওঁ উন্মাদ হৈছে, সেইকাৰণেই মুখেৰে যি আহে সেইটোৱে কয়, যিবোৰৰ কোনো বাস্তৱিকতা নাই? বিষয়টো তেনেকুৱা নহয়, যিদৰে ইহঁতে ভাৱি আছে। বৰং প্ৰকৃততে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, কিয়ামতৰ দিনা সিহঁত কঠিন শাস্তিৰ সন্মুখীন হ’ব, আনহাতে পৃথিৱীত সিহঁত সত্যৰ পৰা বিভ্ৰান্ত হৈ বহু দূৰ আঁতৰি থাকিব।
34:9Page 429
أَفَلَمۡ يَرَوۡاْ إِلَىٰ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِن نَّشَأۡ نَخۡسِفۡ بِهِمُ ٱلۡأَرۡضَ أَوۡ نُسۡقِطۡ عَلَيۡهِمۡ كِسَفٗا مِّنَ ٱلسَّمَآءِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّكُلِّ عَبۡدٖ مُّنِيبٖ ٩
Then, do they not look at what is before them and what is behind them of the heaven and earth? If We should will, We could cause the earth to swallow them or [could] let fall upon them fragments from the sky. Indeed in that is a sign for every servant turning back [to Allāh].
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে পৃথিৱী আৰু আকাশখনক দেখা নাপায় নেকি? আমি ইচ্ছা কৰিলে সিহঁতৰ ভৰিৰ তলত ভূমিস্খলন সৃষ্টি কৰিব পাৰোঁ আৰু সিহঁতক ভূগৰ্ভত বিলীন কৰিব পাৰোঁ। লগতে আমি সিহঁতৰ ওপৰত আকাশৰ কোনো এটা টুকুৰা ভাঙি পেলাবলৈ ইচ্ছা কৰিলে, সেইটোও কৰিব পাৰোঁ। নিশ্চয় ইয়াত প্ৰত্যেক সেই বান্দাৰ বাবে এটা নিৰ্ণায়ক সংকেত আছে, যিয়ে নিজ প্ৰতিপালকৰ ওচৰলৈ অধিক প্ৰত্যাৱৰ্তন কামনা কৰে। তথা ইয়াক আল্লাহৰ ক্ষমতাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰে। কিয়নো যি সত্তাই এইবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছত তথা তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হোৱাৰ পিছতো তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম।
34:10Page 429
۞ وَلَقَدۡ ءَاتَيۡنَا دَاوُۥدَ مِنَّا فَضۡلٗاۖ يَٰجِبَالُ أَوِّبِي مَعَهُۥ وَٱلطَّيۡرَۖ وَأَلَنَّا لَهُ ٱلۡحَدِيدَ ١٠
And We certainly gave David from Us bounty. [We said], "O mountains, repeat [Our] praises with him, and the birds [as well]." And We made pliable for him iron,
নিশ্চয় আমি আমাৰ ফালৰ পৰা দাঊদ আলাইহিচ্ছালামক নবুওৱত প্ৰদান কৰিছিলোঁ আৰু ৰাজত্ব প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতসমূহক কৈছিলোঁ, হে পৰ্বতসমূহ! তোমালোকে দাঊদৰ সৈতে তছবীহ পাঠ কৰা। এই নিৰ্দেশ আমি চৰাই-চিৰিকটিবিলাককো দিছিলোঁ। আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে প্ৰয়োজনীয় সা-সামগ্ৰী আদি বনাব পাৰে।
34:11Page 429
أَنِ ٱعۡمَلۡ سَٰبِغَٰتٖ وَقَدِّرۡ فِي ٱلسَّرۡدِۖ وَٱعۡمَلُواْ صَٰلِحًاۖ إِنِّي بِمَا تَعۡمَلُونَ بَصِيرٞ ١١
[Commanding him], "Make full coats of mail and calculate [precisely] the links, and work [all of you] righteousness. Indeed I, of what you do, am Seeing."
হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তুত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তুত কৰাৰ সময়ত) পেঁচ-গজালবোৰ ইমান পাতলকৈ নবনাবা যিবোৰ ফুটাত খাপ নাখায়, আৰু ইমান মোটাকৈ নবনাবা যিবোৰ ফুটাত নোসোমায়। তথা সৎকৰ্ম কৰি যোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়। শীঘ্ৰেই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।
34:12Page 429
وَلِسُلَيۡمَٰنَ ٱلرِّيحَ غُدُوُّهَا شَهۡرٞ وَرَوَاحُهَا شَهۡرٞۖ وَأَسَلۡنَا لَهُۥ عَيۡنَ ٱلۡقِطۡرِۖ وَمِنَ ٱلۡجِنِّ مَن يَعۡمَلُ بَيۡنَ يَدَيۡهِ بِإِذۡنِ رَبِّهِۦۖ وَمَن يَزِغۡ مِنۡهُمۡ عَنۡ أَمۡرِنَا نُذِقۡهُ مِنۡ عَذَابِ ٱلسَّعِيرِ ١٢
And to Solomon [We subjected] the wind - its morning [journey was that of] a month - and its afternoon [journey was that of] a month, and We made flow for him a spring of [liquid] copper. And among the jinn were those who worked for him by the permission of his Lord. And whoever deviated among them from Our command - We will make him taste of the punishment of the Blaze.
বতাহক আমি দাঊদৰ পুত্ৰ ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ। পুৱাৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল আৰু সন্ধিয়াৰ ভাগত এমাহৰ দূৰত্ব অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ, যাতে তেওঁ নিজ ইচ্ছামতে তামৰ সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। তথা এনেকুৱা কিছুমান জিনক আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিসকলে নিজ প্ৰতিপালকৰ আদেশত তেওঁৰ সন্মুখত কাম কৰিছিল। জিনসকলৰ মাজৰ যিয়েই আমাৰ আদেশৰ পৰা বিমুখ হ’ব, আমি তাক জ্বলন্ত অগ্নিৰ শাস্তি উপভোগ কৰাম।
34:13Page 429
يَعۡمَلُونَ لَهُۥ مَا يَشَآءُ مِن مَّحَٰرِيبَ وَتَمَٰثِيلَ وَجِفَانٖ كَٱلۡجَوَابِ وَقُدُورٖ رَّاسِيَٰتٍۚ ٱعۡمَلُوٓاْ ءَالَ دَاوُۥدَ شُكۡرٗاۚ وَقَلِيلٞ مِّنۡ عِبَادِيَ ٱلشَّكُورُ ١٣
They made for him what he willed of elevated chambers,1 statues,2 bowls like reservoirs, and stationary kettles. [We said], "Work, O family of David, in gratitude." And few of My servants are grateful.
এই জিনসকলে ছুলাইমানে বিচৰা সকলো বস্তু নিৰ্মাণ কৰিছিল। যেনে- চালাতৰ বাবে মছজিদ নিৰ্মাণ, অট্টালিকা, তথা তেওঁ বিচৰা দৃশ্যৰ ছবি, জলাশয় সদৃশ বৃহদাকাৰৰ পানী থোৱাৰ পাত্ৰ, লগতে সুদৃঢ়ভাৱে স্থাপিত সহজে লৰাব নোৱাৰা ৰন্ধন-পাত্ৰ নিৰ্মাণ কৰিছিল। আমি তেওঁলোকক কৈছিলোঁ, হে দাঊদ-পৰিয়াল! আল্লাহে তোমালোকৰ ওপৰত যিবোৰ উপকাৰ কৰিছে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। কাৰণ মোৰ উপকাৰৰ বহুত কম সংখ্যক লোকেই কৃতজ্ঞতা প্ৰকাশ কৰে।
34:14Page 429
فَلَمَّا قَضَيۡنَا عَلَيۡهِ ٱلۡمَوۡتَ مَا دَلَّهُمۡ عَلَىٰ مَوۡتِهِۦٓ إِلَّا دَآبَّةُ ٱلۡأَرۡضِ تَأۡكُلُ مِنسَأَتَهُۥۖ فَلَمَّا خَرَّ تَبَيَّنَتِ ٱلۡجِنُّ أَن لَّوۡ كَانُواْ يَعۡلَمُونَ ٱلۡغَيۡبَ مَا لَبِثُواْ فِي ٱلۡعَذَابِ ٱلۡمُهِينِ ١٤
And when We decreed for him [i.e., Solomon] death, nothing indicated to them [i.e., the jinn] his death except a creature of the earth eating his staff.1 But when he fell, it became clear to the jinn that if they had known the unseen, they would not have remained in humiliating punishment.2
কিন্তু যেতিয়া আমি ছুলাইমানৰ মৃত্যু চূড়ান্ত কৰিছিলোঁ, তেতিয়াও জিনসকলে একো গ'ম পোৱা নাছিল, সিহঁতে গ'ম পাইছিল সেইবোৰ কীটৰ মাধ্যমত, যিবোৰে ছুলাইমানে ভৰ কৰি থকা লাখুটিডালক খাই আছিল। এতেকে যেতিয়া তেওঁ মাটিত বাগৰি পৰিল, তেতিয়াহে জিনসকলে বুজি পালে যে, সিহঁতে গায়েব সম্পৰ্কে একো নাজানে। যদি সিহঁতে গায়েব সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় এই লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ হৈ নাথাকিলহেঁতেন। অৰ্থাৎ সেই কঠিন কামবোৰ ধাৰাবাহিকভাৱে নকৰিলেহেঁতেন, যিবোৰ সিহঁতে ছুলাইমান আলাইহিচ্ছালামক জীৱিত বুলি ভাৱি কৰি আছিল। সিহঁতে ভাৱিছিল যে, ছুলাইমান আলাইহিচ্ছালামে সিহঁতক দেখি আছে।
34:15Page 430
لَقَدۡ كَانَ لِسَبَإٖ فِي مَسۡكَنِهِمۡ ءَايَةٞۖ جَنَّتَانِ عَن يَمِينٖ وَشِمَالٖۖ كُلُواْ مِن رِّزۡقِ رَبِّكُمۡ وَٱشۡكُرُواْ لَهُۥۚ بَلۡدَةٞ طَيِّبَةٞ وَرَبٌّ غَفُورٞ ١٥
There was for [the tribe of] Saba’ in their dwelling place a sign: two [fields of] gardens on the right and on the left. [They were told], "Eat from the provisions of your Lord and be grateful to Him. A good land [have you], and a forgiving Lord."
ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে।
34:16Page 430
فَأَعۡرَضُواْ فَأَرۡسَلۡنَا عَلَيۡهِمۡ سَيۡلَ ٱلۡعَرِمِ وَبَدَّلۡنَٰهُم بِجَنَّتَيۡهِمۡ جَنَّتَيۡنِ ذَوَاتَيۡ أُكُلٍ خَمۡطٖ وَأَثۡلٖ وَشَيۡءٖ مِّن سِدۡرٖ قَلِيلٖ ١٦
But they turned away [refusing], so We sent upon them the flood of the dam,1 and We replaced their two [fields of] gardens with gardens of bitter fruit, tamarisks and something of sparse lote trees.
তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞ হোৱাৰ পৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হৈছিল। ফলত আমি সিহঁতৰ সেই নিয়ামতসমূহক শাস্তিলৈ ৰূপান্তৰিত কৰিছিলোঁ। তথা সিহঁতৰ ওপৰত সংহাৰী জলপ্ৰলয় প্ৰেৰণ কৰিছিলোঁ। যি বানে সিহঁতৰ মথাউৰি ধ্বংস কৰিছিল আৰু সিহঁতৰ খেতি-পথাৰ বুৰাই পেলাইছিল। লগতে সিহঁতৰ সেই বাগান দুখনক এনেকুৱা বাগানত পৰিণত কৰিছিলোঁ, যিয়ে তিক্ত আৰু কেহেটা ফল প্ৰদান কৰিছিল। লগতে তাত আছিল কিছুমান ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
34:17Page 430
ذَٰلِكَ جَزَيۡنَٰهُم بِمَا كَفَرُواْۖ وَهَلۡ نُجَٰزِيٓ إِلَّا ٱلۡكَفُورَ ١٧
[By] that We repaid them because they disbelieved. And do We [thus] repay except the ungrateful?
এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে, সিহঁতে কুফৰী কৰিছিল আৰু নিয়ামতসমূহৰ পৰা বিমুখ হৈ অকৃতজ্ঞ হৈছিল। এই কঠিন শাস্তি আমি কেৱল সেইসকল লোকক প্ৰদান কৰোঁ, যিসকলে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে কুফৰী কৰে।
34:18Page 430
وَجَعَلۡنَا بَيۡنَهُمۡ وَبَيۡنَ ٱلۡقُرَى ٱلَّتِي بَٰرَكۡنَا فِيهَا قُرٗى ظَٰهِرَةٗ وَقَدَّرۡنَا فِيهَا ٱلسَّيۡرَۖ سِيرُواْ فِيهَا لَيَالِيَ وَأَيَّامًا ءَامِنِينَ ١٨
And We placed between them and the cities which We had blessed1 [many] visible cities. And We determined between them the [distances of] journey,2 [saying], "Travel between them by night or by day in safety."
য়ামানত আমি ছাবা-বাসীসকলৰ মাজত আৰু ছিৰিয়াত যিবোৰ জনবসতিৰ ওপৰত আমি বৰকত প্ৰদান কৰিছিলোঁ, সেইবোৰৰ ওচৰে-পাঁজৰে অন্য আৰু কিছুমান গাওঁ আমি গঢ়ি তুলিছিলোঁ। সিহঁতে এটাৰ পিছত এটা জনবসতি অতিক্ৰম কৰি সহজেই ছিৰিয়াতগৈ উপনীত হ’ব পাৰিছিল। আমি সিহঁতক কৈছিলোঁ, তোমালোকে নিজ ইচ্ছা অনুসৰি ৰাতিতেই হওক অথবা দিনত, যেতিয়াই ইচ্ছা তেতিয়াই নিৰাপদভাৱে সহজে ভ্ৰমণ কৰিব পাৰা। শত্ৰু, ভোক-পিয়াহ আদিৰ কোনো ভয় নাই।
34:19Page 430
فَقَالُواْ رَبَّنَا بَٰعِدۡ بَيۡنَ أَسۡفَارِنَا وَظَلَمُوٓاْ أَنفُسَهُمۡ فَجَعَلۡنَٰهُمۡ أَحَادِيثَ وَمَزَّقۡنَٰهُمۡ كُلَّ مُمَزَّقٍۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٖ ١٩
But [insolently] they said, "Our Lord, lengthen the distance between our journeys," and wronged themselves, so We made them narrations1 and dispersed them in total dispersion. Indeed in that are signs for everyone patient and grateful.
আল্লাহে সিহঁতৰ দূৰত্ব কম কৰি সিহঁতৰ প্ৰতি যি অনুগ্ৰহ কৰিছিল, সেই অনুগ্ৰহ পাই সিহঁতে অহংকাৰ কৰিবলৈ ধৰিলে। তথা সিহঁতে ক’লেঃ হে আমাৰ প্ৰতিপালক! এই জনবসতিবোৰ আঁতৰাই আমাৰ ভ্ৰমণৰ দূৰত্ব বৃদ্ধি কৰি দিয়া। যাতে আমি ভ্ৰমণত ভাগৰ উপলব্ধি কৰিব পাৰোঁ তথা ইয়াৰ ফলত যাতে আমাৰ বাহনবোৰৰ বিশেষত্য প্ৰকাশ পায়। দৰাচলতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ পাই অহংকাৰ কৰি আৰু তেওঁৰ কৃতজ্ঞতাৰ পৰা বিমুখ হৈ নিজৰ ওপৰতেই অন্যায় কৰিছিল, লগতে সিহঁতে সিহঁতৰ মাজৰ দুখীয়া দৰিদ্ৰসকলক দেখি ঈৰ্ষা কৰিছিল। ফলত আমি সিহঁতক কিচ্ছা-কাহিনীত পৰিণত কৰিলোঁ, যাতে পৰৱৰ্তী লোকসকলে সিহঁতৰ বিষয়ে চৰ্চা কৰে। তথা আমি সিহঁতক বিভিন্ন দেশত বিভক্ত কৰিছিলোঁ, যাতে সিহঁতে সহজেই ইজনে সিজনক লগ কৰিব নোৱাৰে। নিশ্চয় ইয়াৰ মাজত- অৰ্থাৎ ছাবাৰ অধিবাসীসকলক প্ৰদান কৰা আল্লাহৰ নিয়ামতসমূহৰ মাজত আৰু এই নিয়ামতবোৰক অহংকাৰ কৰি অস্বীকাৰ কৰাৰ ফলত আৰু কুফৰীৰ কৰাৰ ফলত সিহঁতৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ মাজত - প্ৰত্যেক সেইসকল লোকৰ বাবে আছে উপদেশ, যিসকলে আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰে, আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু আল্লাহৰ নিয়ামত লাভ কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
34:20Page 430
وَلَقَدۡ صَدَّقَ عَلَيۡهِمۡ إِبۡلِيسُ ظَنَّهُۥ فَٱتَّبَعُوهُ إِلَّا فَرِيقٗا مِّنَ ٱلۡمُؤۡمِنِينَ ٢٠
And Iblees had already confirmed through them1 his assumption,2 so they followed him, except for a party of believers.
ইবলিছৰ যিটো ধাৰণা আছিল যে, সি সিহঁতক পথভ্ৰষ্ট কৰিব আৰু সিহঁতক সত্যৰ পৰা আঁতৰাই নিব পাৰিব, সেই ধাৰণাটো সি বাস্তৱত পৰিণত কৰিলে। ফলত সিহঁতে কুফৰী আৰু পথভ্ৰষ্টতাত ইবলিছৰ অনুসৰণ কৰিবলৈ ধৰিলে। কিন্তু মুমিনসকলৰ এটা দলে তাৰ এই আকাংক্ষাক বিফল কৰিছিল। কাৰণ তেওঁলোকে ইবলিছৰ অনুসৰণ কৰা নাছিল।
34:21Page 430
وَمَا كَانَ لَهُۥ عَلَيۡهِم مِّن سُلۡطَٰنٍ إِلَّا لِنَعۡلَمَ مَن يُؤۡمِنُ بِٱلۡأٓخِرَةِ مِمَّنۡ هُوَ مِنۡهَا فِي شَكّٖۗ وَرَبُّكَ عَلَىٰ كُلِّ شَيۡءٍ حَفِيظٞ ٢١
And he had over them no authority except [it was decreed] that We might make evident who believes in the Hereafter from who is thereof in doubt. And your Lord, over all things, is Guardian.1
ইবলিছৰ ইমান শক্তি নাই যে, সি সিহঁতক পথভ্ৰষ্ট কৰিবলৈ বাধ্য কৰাব পাৰিব। বৰং সিহঁতৰ সন্মুখত সি গুনাহৰ কৰ্মবোৰ শোভনীয় কৰি উপস্থাপন কৰিছিল আৰু সিহঁতক সত্যৰ পৰা আঁতৰোৱাবলৈ প্ৰয়াস কৰিছিল। এই অনুমতি আমি তাক এইকাৰণে প্ৰদান কৰিছিলোঁ, যাতে ইয়াৰ দ্বাৰা প্ৰকাশ হয় যে, কোনে আখিৰাত আৰু তাৰ প্ৰতিদানক বিশ্বাস কৰে আৰু কোনে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সকলো বস্তুৰ সংৰক্ষক। তেৱেঁই বান্দাৰ সকলো কৰ্ম সংৰক্ষণ কৰে। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
34:22Page 430
قُلِ ٱدۡعُواْ ٱلَّذِينَ زَعَمۡتُم مِّن دُونِ ٱللَّهِ لَا يَمۡلِكُونَ مِثۡقَالَ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَمَا لَهُمۡ فِيهِمَا مِن شِرۡكٖ وَمَا لَهُۥ مِنۡهُم مِّن ظَهِيرٖ ٢٢
Say, [O Muḥammad], "Invoke those you claim [as deities] besides Allāh." They do not possess an atom's weight [of ability] in the heavens or on the earth, and they do not have therein any partnership [with Him], nor is there for Him from among them any assistant.
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ বাহিৰে তোমালোকে যিবোৰক নিজৰ উপাস্য বুলি ভাৱিছিলা, সেইবোৰক আজি মাতাচোন। যাতে সেইবোৰে আজি তোমালোকৰ কিবা উপকাৰ কৰিব পাৰে আৰু তোমালোকৰ বিপদ দূৰ কৰিব পাৰে। জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত সিহঁতৰ অণু পৰিমাণো কৰ্তৃত্ব নাই, লগতে আল্লাহৰ সৈতে সিহঁতৰ কোনো অংশীদাৰিত্বও নাই। সিহঁত আল্লাহৰ কোনো সহায়কো নহয় যে, কোনো কামত আল্লাহক সহায় কৰিব। নিশ্চয় আল্লাহ অংশীদাৰিত্বৰ পৰা আৰু সহায়ক আদিৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।
34:23Page 431
وَلَا تَنفَعُ ٱلشَّفَٰعَةُ عِندَهُۥٓ إِلَّا لِمَنۡ أَذِنَ لَهُۥۚ حَتَّىٰٓ إِذَا فُزِّعَ عَن قُلُوبِهِمۡ قَالُواْ مَاذَا قَالَ رَبُّكُمۡۖ قَالُواْ ٱلۡحَقَّۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ ٢٣
And intercession does not benefit with Him except for one whom He permits. [And those wait] until, when terror is removed from their hearts,1 they will say [to one another], "What has your Lord said?" They will say, "The truth." And He is the Most High, the Grand.
পৱিত্ৰ আল্লাহে যাক মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব তেওঁৰ বাহিৰে আন কাৰোৰেই মধ্যস্থতা ফলপ্ৰসূ নহ’ব। আনহাতে আল্লাহে তাকেই মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব, যাৰ প্ৰতি তেওঁ সন্তুষ্ট। এইটো দৰাচলতে তেওঁৰ মহানতাৰ এটা দৃশ্যহে। তেওঁৰ মহানতাৰ আন এটা দৃশ্য হৈছে এই যে, তেওঁ আকাশমণ্ডলত যেতিয়া কথা কয়, তেতিয়া ফিৰিস্তাসকলে তেওঁৰ আনুগত্যত নিজৰ পাখি পাৰি দিয়ে আৰু অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয়-ভীতি দূৰ হয় তেতিয়া সিহঁতে জিব্ৰীল আলাইহিচ্ছালামক সোধে, আপোনাৰ প্ৰতিপালকে কি ক’লে? জিব্ৰীলে কয়ঃ যি কৈছে সত্য কৈছে। তেওঁ সত্তাগতভাৱে আৰু ক্ষমতাৰ ফালেৰে অতি মহান, সকলো বস্তু তেওঁতকৈ সৰু।
34:24Page 431
۞ قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ قُلِ ٱللَّهُۖ وَإِنَّآ أَوۡ إِيَّاكُمۡ لَعَلَىٰ هُدًى أَوۡ فِي ضَلَٰلٖ مُّبِينٖ ٢٤
Say, "Who provides for you from the heavens and the earth?" Say, "Allāh. And indeed, we or you are either upon guidance or in clear error."
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধকঃ কোৱাচোন তোমালোকে, আকাশৰ পৰা পানী বৰ্ষণ কৰি আৰু পৃথিৱীৰ পৰা খাদ্যদ্ৰৱ্য তথা ফল-মূল আদি উৎপন্নক কৰি কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? আপুনি কৈ দিয়ক, আল্লাহেই তোমালোকক এইবোৰৰ দ্বাৰা জীৱিকা প্ৰদান কৰে। হে মুশ্বৰিকসকল! আমাৰ আৰু তোমালোকৰ এই দল দুটাৰ মাজৰ যিকোনো এটা দল নিশ্চয় হিদায়তৰ ওপৰত আছে আৰু আনটো স্পষ্ট বিভ্ৰান্তিত আছে। ইয়াত কোনো সন্দেহ নাই যে, মুমিনসকলেই হৈছে হিদায়তপ্ৰাপ্ত আৰু মুশ্বৰিকসকল হৈছে পথভ্ৰষ্ট।
34:25Page 431
قُل لَّا تُسۡـَٔلُونَ عَمَّآ أَجۡرَمۡنَا وَلَا نُسۡـَٔلُ عَمَّا تَعۡمَلُونَ ٢٥
Say, "You will not be asked about what we committed, and we will not be asked about what you do."
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আমি যিবোৰ পাপ কৰ্ম কৰিছোঁ সেই বিষয়ে কিয়ামতৰ দিনা তোমালোকক সোধ-পোচ কৰা নহ’ব। আনহাতে তোমালোকে যিবোৰ কৰ্ম কৰিছা সেই বিষয়েও আমাক জবাবদিহি কৰা নহ’ব।
34:26Page 431
قُلۡ يَجۡمَعُ بَيۡنَنَا رَبُّنَا ثُمَّ يَفۡتَحُ بَيۡنَنَا بِٱلۡحَقِّ وَهُوَ ٱلۡفَتَّاحُ ٱلۡعَلِيمُ ٢٦
Say, "Our Lord will bring us together; then He will judge between us in truth. And He is the Knowing Judge."1
আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে কিয়ামতৰ দিনা আমাক আৰু তোমালোকৰ আটাইকে একত্ৰিত কৰিব। তাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সত্যক অসত্যৰ পৰা স্পষ্টকৈ পৃথক কৰিব। তেৱেঁই বিচাৰক, যিয়ে ন্যায় সহকাৰে বিচাৰ কৰে। তেওঁ উচিত মীমাংসা সম্পৰ্কে সৰ্বজ্ঞ।
34:27Page 431
قُلۡ أَرُونِيَ ٱلَّذِينَ أَلۡحَقۡتُم بِهِۦ شُرَكَآءَۖ كـَلَّاۚ بَلۡ هُوَ ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢٧
Say, "Show me those whom you have attached to Him as partners. No! Rather, He [alone] is Allāh, the Exalted in Might, the Wise."
হে ৰাছুল! আপুনি সিহঁতক কওক যে, মোকো দেখুৱাচোন সেই উপাস্যবোৰ, যিবোৰক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছা, তথা ইবাদতত তেওঁৰ অংশী কৰি লৈছা। নহয়, কদাপিও নহয়। বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ধাৰণা কৰিছা যে, আল্লাহৰো অংশী আছে। বৰং আল্লাহ সেইজন, যিজন মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
34:28Page 431
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةٗ لِّلنَّاسِ بَشِيرٗا وَنَذِيرٗا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٢٨
And We have not sent you except comprehensively1 to mankind as a bringer of good tidings and a warner. But most of the people do not know.
হে ৰাছুল! আমি আপোনাক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছোঁ। যাতে আপুনি মুত্তাক্বীসকলক জান্নাতৰ সুসংবাদ দিয়ে। আনহাতে কাফিৰ আৰু পাপিষ্ঠসকলক জাহান্নামৰ পৰা সতৰ্ক কৰে। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। কিয়নো যদি জানিলেহেঁতেন তেন্তে কেতিয়াও আপোনাক অস্বীকাৰ নকৰিলেহেঁতেন।
34:29Page 431
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ ٢٩
And they say, "When is this promise, if you should be truthful?"
মুশ্বৰিকসকলক যিটো শাস্তিৰ বিষয়ে ভয় দেখুৱা হৈছে, সেই শাস্তি সম্পৰ্কে সিহঁতে খৰখেদা কৰি কয়ঃ যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন সেই শাস্তিৰ প্ৰতিশ্ৰুতিটো কেতিয়া বাস্তৱায়ন হ’ব?
34:30Page 431
قُل لَّكُم مِّيعَادُ يَوۡمٖ لَّا تَسۡتَـٔۡخِرُونَ عَنۡهُ سَاعَةٗ وَلَا تَسۡتَقۡدِمُونَ ٣٠
Say, "For you is the appointment of a Day [when] you will not remain thereafter an hour, nor will you precede [it]."
হে ৰাছুল! শাস্তিৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তেক সময়ো আগুৱাই নাহিব আৰু পিছুৱাইও নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন।
34:31Page 431
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَن نُّؤۡمِنَ بِهَٰذَا ٱلۡقُرۡءَانِ وَلَا بِٱلَّذِي بَيۡنَ يَدَيۡهِۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ مَوۡقُوفُونَ عِندَ رَبِّهِمۡ يَرۡجِعُ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ ٱلۡقَوۡلَ يَقُولُ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ لَوۡلَآ أَنتُمۡ لَكُنَّا مُؤۡمِنِينَ ٣١
And those who disbelieve say, "We will never believe in this Qur’ān nor in that before it." But if you could see when the wrongdoers are made to stand before their Lord, refuting each others' words...1 Those who were oppressed will say to those who were arrogant, "If not for you, we would have been believers."
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ আমি এই কোৰআনৰ প্ৰতি কদাপিও ঈমান পোষণ নকৰোঁ, যিখনৰ বিষয়ে মুহাম্মদে ধাৰণা কৰে যে, এইখন তেওঁৰ ওপৰত অৱতীৰ্ণ হৈছে। এইদৰে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ প্ৰতিও আমি ঈমান পোষণ নকৰোঁ। হে ৰাছুল! আপুনি যদি সেই অৱস্থাটো দেখা পালেহেঁতেন, যেতিয়া অন্যায়কাৰী সকলক কিয়ামতৰ দিনা সিহঁতৰ প্ৰতিপালকৰ সন্মুখত হিচাপ-নিকাচৰ বাবে থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদানুবাদ কৰিব আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই ইজনে সিজনৰ ওপৰত দোষ জাপি দিব আৰু ইজনে সিজনক ভৰ্ৎসনা কৰিব। এতেকে পৃথিৱীত নেতাসকলৰ তলতীয়া হৈ জীৱন-যাপন কৰা অনুসাৰীসকলে ক’বঃ যদি তোমালোকে আমাক পথভ্ৰষ্ট নকৰিলাহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন।
34:32Page 432
قَالَ ٱلَّذِينَ ٱسۡتَكۡبَرُواْ لِلَّذِينَ ٱسۡتُضۡعِفُوٓاْ أَنَحۡنُ صَدَدۡنَٰكُمۡ عَنِ ٱلۡهُدَىٰ بَعۡدَ إِذۡ جَآءَكُمۖ بَلۡ كُنتُم مُّجۡرِمِينَ ٣٢
Those who were arrogant will say to those who were oppressed, "Did we avert you from guidance after it had come to you? Rather, you were criminals."
অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি থকা লোকসকলে সেই অনুসাৰীসকলক উদ্দেশ্যি ক’ব, যিসকলক সিহঁতে দুৰ্বল বুলি ভাৱিছিলঃ মুহাম্মদে লৈ অহা হিদায়তৰ পৰা আমি তোমালোকক বাধা প্ৰদান কৰিছিলোঁ নেকি? নহয়, কেতিয়াও নহয়। বৰং তোমালোক নিজেই অন্যায়কাৰী আছিলা আৰু উপদ্ৰৱ সৃষ্টিকাৰী আছিলা তথা দূৰাচাৰী আছিলা।
34:33Page 432
وَقَالَ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ بَلۡ مَكۡرُ ٱلَّيۡلِ وَٱلنَّهَارِ إِذۡ تَأۡمُرُونَنَآ أَن نَّكۡفُرَ بِٱللَّهِ وَنَجۡعَلَ لَهُۥٓ أَندَادٗاۚ وَأَسَرُّواْ ٱلنَّدَامَةَ لَمَّا رَأَوُاْ ٱلۡعَذَابَۚ وَجَعَلۡنَا ٱلۡأَغۡلَٰلَ فِيٓ أَعۡنَاقِ ٱلَّذِينَ كَفَرُواْۖ هَلۡ يُجۡزَوۡنَ إِلَّا مَا كَانُواْ يَعۡمَلُونَ ٣٣
Those who were oppressed will say to those who were arrogant, "Rather, [it was your] conspiracy of night and day when you were ordering us to disbelieve in Allāh and attribute to Him equals." But they will [all] confide regret when they see the punishment; and We will put shackles on the necks of those who disbelieved. Will they be recompensed except for what they used to do?
অনুসাৰীসকলে সিহঁতৰ সেই নেতাসকলক উদ্দেশ্যি ক’ব, যিসকলে অহংকাৰ কৰি সত্যৰ পৰা আঁতৰি আছিল, তোমালোকৰ দিনে ৰাতি কৰা চক্ৰান্তই আমাক হিদায়তৰ পৰা বিৰত ৰাখিছিল। যেতিয়া তোমালোকে আমাক আল্লাহৰ লগত কুফৰী কৰিবলৈ আৰু তেওঁৰ বাহিৰে সৃষ্টিৰ উপাসনা কৰিবলৈ আদেশ দিছিলা। এতেকে যেতিয়া সিহঁতে স্বচক্ষে শাস্তি দেখিবলৈ পাব আৰু এই কথা নিশ্চিত হ’ব যে শাস্তি এতিয়া ভোগ কৰিব লাগিব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কুফৰীকলৈ মনে মনে আফচোচ কৰিব। আমি কাফিৰসকলৰ ডিঙিত শিকলি ওলোমাই দিম। সিহঁতক এই শাস্তি পৃথিৱীত কৰা কৰ্মৰ বিনিময়ত প্ৰদান কৰা হ’ব। উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰাৰ কাৰণে আৰু পাপকৰ্মত লিপ্ত থকাৰ কাৰণে।
34:34Page 432
وَمَآ أَرۡسَلۡنَا فِي قَرۡيَةٖ مِّن نَّذِيرٍ إِلَّا قَالَ مُتۡرَفُوهَآ إِنَّا بِمَآ أُرۡسِلۡتُم بِهِۦ كَٰفِرُونَ ٣٤
And We did not send into a city any warner except that its affluent said, "Indeed we, in that with which you were sent, are disbelievers."
যেতিয়াই আমি কোনো এটা জনবসতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তেতিয়াই সেই জনবসতিৰ ধনাট্য প্ৰভাৱশালী ব্যক্তিসকলে কৈছিলঃ হে ৰাছুল! তুমি যি লৈ আহিছা সেইটোক আমি নামানো।
34:35Page 432
وَقَالُواْ نَحۡنُ أَكۡثَرُ أَمۡوَٰلٗا وَأَوۡلَٰدٗا وَمَا نَحۡنُ بِمُعَذَّبِينَ ٣٥
And they1 said, "We are more [than the believers] in wealth and children, and we are not to be punished."
প্ৰভাৱশালী লোকসকলে অহংকাৰ কৰি তথা ফিতাহি মাৰি কৈছিলঃ আমি প্ৰচুৰ ধন-সম্পদৰ মালিক তথা সন্তান-সন্ততিৰ ক্ষেত্ৰতো অধিক মৰ্যাদাৱান। আনহাতে আমাক শাস্তি বিহা হ’ব বুলি তুমি যি দাবী কৰি আছা সেইটোও এটা গোকাট মিছা কথা। আমাক পৃথিৱীতো কোনো শাস্তি দিয়া নহ’ব আৰু আখিৰাততো নহয়।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences