Al-MukhtasarAs‑Saffat · 37:1–65

Al-Mukhtasar · Tafsir · in Assamese

الصافات

As-Saffat

Those who set the Ranks · Meccan · 182 ayahs

37:1Page 446

وَٱلصَّٰٓفَّٰتِ صَفّٗا ١

By those [angels] lined up in rows

আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে ইবাদতৰ সময়ত গলিত সীহেৰে নিৰ্মিত প্ৰাচীৰৰ দৰে শাৰীবদ্ধভাৱে থিয় হয়।

37:2Page 446

فَٱلزَّٰجِرَٰتِ زَجۡرٗا ٢

And those who drive [the clouds]

লগতে আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে মেঘপুঞ্জক খেদি লৈ যায় সেই স্থানলৈ, য’ত আল্লাহে পানী বৰ্ষণ কৰিব বিচাৰে।

37:3Page 446

فَٱلتَّٰلِيَٰتِ ذِكۡرًا ٣

And those who recite the message,1

তথা সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ বাণী তিলাৱত কৰে।

37:4Page 446

إِنَّ إِلَٰهَكُمۡ لَوَٰحِدٞ ٤

Indeed, your God is One,

হে মানৱজাতি! নিশ্চয় তোমালোকৰ সত্য উপাস্য কেৱল এজনেই। তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ।

37:5Page 446

رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا وَرَبُّ ٱلۡمَشَٰرِقِ ٥

Lord of the heavens and the earth and that between them and Lord of the sunrises.1

তেৱেঁই আকাশমণ্ডলৰ প্ৰতিপালক আৰু পৃথিৱীৰ প্ৰতিপালক, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলোৰে প্ৰতিপালক। সূৰ্য্য গোটেই বছৰ যি যি স্থানৰ পৰা উদয় হয় আৰু যি যি স্থানত অস্ত যায়, সেই ঠাইবোৰৰ আৰু সূৰ্যৰো তেৱেঁই প্ৰতিপালক।

37:6Page 446

إِنَّا زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنۡيَا بِزِينَةٍ ٱلۡكَوَاكِبِ ٦

Indeed, We have adorned the nearest heaven with an adornment of stars

আমিয়েই পৃথিৱীৰ নিকটতম আকাশক তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ। যিবোৰ দেখাত উজ্জ্বল হীৰাৰ দৰে।

37:7Page 446

وَحِفۡظٗا مِّن كُلِّ شَيۡطَٰنٖ مَّارِدٖ ٧

And as protection against every rebellious devil

নিশ্চয় আমি পৃথিৱীৰ নিকটৱৰ্তী আকাশখনক তৰাৰ জৰিয়তে পাপিষ্ঠ তথা আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত চয়তানৰ পৰা সুৰক্ষিত কৰিছোঁ। এতেকে তৰা নিক্ষেপ কৰি সিহঁতক আঘাত কৰা হয়।

37:8Page 446

لَّا يَسَّمَّعُونَ إِلَى ٱلۡمَلَإِ ٱلۡأَعۡلَىٰ وَيُقۡذَفُونَ مِن كُلِّ جَانِبٖ ٨

[So] they may not listen to the exalted assembly [of angels] and are pelted from every side,1

এইসকল চয়তানে আকাশত থকা ফিৰিস্তাসকলৰ কথা কোনো পধ্যেই শুনিব নোৱাৰে। যেতিয়া তেওঁলোকে চৰীয়ত আৰু ভাগ্য সম্পৰ্কীয় আদেশ তথা সিদ্ধান্ত সম্পৰ্কে চৰ্চা কৰে, আল্লাহে যিবোৰ তেওঁলোকৰ প্ৰতি অহী কৰিছে। কিবা প্ৰকাৰে যদি সিহঁতে শুনিবলৈও চেষ্টা কৰে তেন্তে সিহঁতক জ্বলন্ত অন্ধৰা নিক্ষেপ কৰা হয়।

37:9Page 446

دُحُورٗاۖ وَلَهُمۡ عَذَابٞ وَاصِبٌ ٩

Repelled; and for them is a constant punishment,

সিহঁতক গোপনে ফিৰিস্তাৰ কথা শুনাৰ পৰা খেদিবলৈ তথা আঁতৰাবলৈ (এই জুই নিক্ষেপ কৰা হয়)। তথা সিহঁতৰ বাবে আখিৰাততো আছে কষ্টদায়ক শাস্তি, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব।

37:10Page 446

إِلَّا مَنۡ خَطِفَ ٱلۡخَطۡفَةَ فَأَتۡبَعَهُۥ شِهَابٞ ثَاقِبٞ ١٠

Except one who snatches [some words] by theft, but they are pursued by a burning flame, piercing [in brightness].

এনেকুৱা বাৰ্তা যিবোৰ পৃথিৱীবাসীয়ে নাজানে সেইবোৰ বাৰ্তা ফিৰিস্তাসকলে ইজনে সিজনক পৌঁচাই দিয়াৰ সময়ত চয়তানে হঠাৎ কোনো কথা গোপনে শুনাটো সুকীয়া বিষয়। কিন্তু এনেকৈ গোপনে শুনাৰ সময়ত জ্বলন্ত জুয়ে তাক চোঁচা লয়, আৰু তাক পুৰি পেলায়। অথচ কেতিয়াবা কেতিয়াবা চয়তানে পুৰি যোৱাৰ আগতেই তাৰ সঙ্গীসকলক সেই বাৰ্তা পৌঁচাই দিবলৈ সক্ষম হয়। এইদৰে সেই বাৰ্তা জ্যোতিষীয়ে গম পায়। আৰু ইপিনে জ্যোতিষীয়ে এশ মিছা কথা মিহলাই সেই বাৰ্তা প্ৰচাৰ কৰে।

37:11Page 446

فَٱسۡتَفۡتِهِمۡ أَهُمۡ أَشَدُّ خَلۡقًا أَم مَّنۡ خَلَقۡنَآۚ إِنَّا خَلَقۡنَٰهُم مِّن طِينٖ لَّازِبِۭ ١١

Then inquire of them, [O Muḥammad], "Are they a stronger [or more difficult] creation or those [others] We have created?" Indeed, We created them [i.e., men] from sticky clay.

হে মুহাম্মদ! আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই কাফিৰসকলক আপুনি সোধকচোন, আমি সৃষ্টি কৰা আকাশমণ্ডল, পৃথিৱী আৰু ফিৰিস্তাসকলতকৈ ইহঁত অধিক মজবুত নেকি, তথা ইহঁত অধিক শক্তিশালী আৰু অধিক পুৰঠ তথা মহা অংগ-প্ৰত্যংগৰ অধিকাৰী নেকি? আমি ইহঁতক পিচল মাটিৰে সৃষ্টি কৰিছোঁ। তথাপিও ইহঁতে কিদৰে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰে, অথচ ইহঁত হৈছে দুৰ্বল সৃষ্টি, যিসকলক পিচল মাটিৰে সৃষ্টি কৰা হৈছে?

37:12Page 446

بَلۡ عَجِبۡتَ وَيَسۡخَرُونَ ١٢

But you wonder, while they mock,

বৰং হে মুহাম্মদ! আপুনি আল্লাহৰ ক্ষমতা আৰু তেওঁৰ মখলুকৰ নিয়ন্ত্ৰণকলৈ বিস্মিত, লগতে মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ সম্পৰ্কে বিস্মিত। কিন্তু এই মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইমান তললৈ নামিছে যে, সেই বিষয়ে আপুনি যি কথাকেই নকওক কিয়, সিহঁতে তাৰ উপহাস কৰে।

37:13Page 446

وَإِذَا ذُكِّرُواْ لَا يَذۡكُرُونَ ١٣

And when they are reminded, they remember not.

এই মুশ্বৰিকসকলক যেতিয়া কোনো উপদেশ দিয়া হয়, তেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰে আৰু ইয়াৰ দ্বাৰা উপকৃতও নহয়। কাৰণ সিহঁতৰ অন্তৰ কঠিন হৈ পৰিছে।

37:14Page 446

وَإِذَا رَأَوۡاْ ءَايَةٗ يَسۡتَسۡخِرُونَ ١٤

And when they see a sign, they ridicule.

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কীয় যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখিবলৈ পায়, তেতিয়া সিহঁতে সেই নিদৰ্শনকলৈ চৰম পৰ্যায়ৰ বিদ্ৰুপ কৰে, তথা আশ্চৰ্য প্ৰকাশ কৰে।

37:15Page 446

وَقَالُوٓاْ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٌ ١٥

And say, "This is not but obvious magic.

লগতে কয়, মুহাম্মদে যি যি লৈ আহিছে, সেইবোৰ স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।

37:16Page 446

أَءِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَبۡعُوثُونَ ١٦

When we have died and become dust and bones, are we indeed to be resurrected?

যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটিত পৰিণত হ’ম তথা আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক জীৱিত কৰা হ’ব নেকি? এইটো অসম্ভৱ কথা দেখোন!

37:17Page 446

أَوَءَابَآؤُنَا ٱلۡأَوَّلُونَ ١٧

And our forefathers [as well]?"

আমাৰ পিতৃ-পুৰুষসকলো পুনৰ্জীৱিত হ’ব নেকি, যিসকল আমাৰ পূৰ্বে মৃত্যুবৰণ কৰিছে?

37:18Page 446

قُلۡ نَعَمۡ وَأَنتُمۡ دَٰخِرُونَ ١٨

Say, "Yes, and you will be [rendered] contemptible."

হে মুহাম্মদ! আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওক, হয়! তোমালোক মাটিত পৰিণত হোৱাৰ পিছতো তথা তোমালোকৰ হাড়বোৰ গেলি-পচি যোৱাৰ পিছতো তোমালোকক আকৌ জীৱিত কৰা হ’ব। লগতে তোমালোকৰ পূৰ্ব-পুৰুষসকলকো জীৱিত কৰা হ’ব। আনকি তোমালোক আটাইকে জীৱিত কৰি তোলা হ’ব, তেতিয়া তোমালোক অপমানিত তথা লাঞ্ছিত হ’বা।

37:19Page 446

فَإِنَّمَا هِيَ زَجۡرَةٞ وَٰحِدَةٞ فَإِذَا هُمۡ يَنظُرُونَ ١٩

It will be only one shout, and at once they will be observing.

ইয়াৰ বাবে শিঙাত মাত্ৰ এটা ফুঁ দিয়াৰ প্ৰয়োজন (এইটো হ’ব দ্বিতীয় ফুঁ), ফলত লগে লগে মানুহে কিয়ামতৰ ভয়াৱহ দৃশ্যাদি লক্ষ্য কৰিব, তথা মানুহে প্ৰতীক্ষা কৰিব আল্লাহে সিহঁতৰ সৈতে কি বা আচৰণ কৰে।

37:20Page 446

وَقَالُواْ يَٰوَيۡلَنَا هَٰذَا يَوۡمُ ٱلدِّينِ ٢٠

They will say, "O woe to us! This is the Day of Recompense."

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলে ক’বঃ হায় আমাৰ বিনাশ! এইটো দেখোন সেই দিৱস, যিদিনা আল্লাহে তেওঁৰ বান্দাসকলক পৃথিৱীত কৰা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।

37:21Page 446

هَٰذَا يَوۡمُ ٱلۡفَصۡلِ ٱلَّذِي كُنتُم بِهِۦ تُكَذِّبُونَ ٢١

[They will be told], "This is the Day of Judgement which you used to deny."

তেতিয়া সিহঁতক কোৱা হ’ব, এইটোৱে বান্দাসকলৰ মাজত হ’বলগীয়া ফয়চালাৰ দিন, যিটোক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা আৰু অগ্ৰাহ্য কৰিছিলা।

37:22–23Page 446

۞ ٱحۡشُرُواْ ٱلَّذِينَ ظَلَمُواْ وَأَزۡوَٰجَهُمۡ وَمَا كَانُواْ يَعۡبُدُونَ ٢٢

[The angels will be ordered], "Gather those who committed wrong, their kinds,1 and what they used to worship

مِن دُونِ ٱللَّهِ فَٱهۡدُوهُمۡ إِلَىٰ صِرَٰطِ ٱلۡجَحِيمِ ٢٣

Other than Allāh, and guide them to the path of Hellfire

সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁতৰ ঠিকনা।

37:24Page 446

وَقِفُوهُمۡۖ إِنَّهُم مَّسۡـُٔولُونَ ٢٤

And stop them; indeed, they are to be questioned."

সিহঁতক জাহান্নামত নিক্ষেপ কৰাৰ আগতে হিচাপ-নিকাচৰ বাবে ৰখাই দিয়া। কাৰণ সিহঁতক সোধ-পোচ কৰা হ’ব। তাৰপিছত সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা।

37:25Page 447

مَا لَكُمۡ لَا تَنَاصَرُونَ ٢٥

[They will be asked], "What is [wrong] with you? Why do you not help each other?"

সিহঁতক ধমক দি কোৱা হ’ব, কি হ’ল তোমালোকৰ, পৃথিৱীত তোমালোকে যিদৰে ইজনে সিজনৰ সহায় কৰিছিলা, আজি কিয় তোমালোকে ইজনে সিজনক সহায় নকৰা? তথা তোমালোকে জানো ভৱা নাছিলা যে, তোমালোকৰ মূৰ্ত্তিবোৰে তোমালোকক সহায় কৰিব?!

37:26Page 447

بَلۡ هُمُ ٱلۡيَوۡمَ مُسۡتَسۡلِمُونَ ٢٦

But they, that Day, are in surrender.

কিন্তু সিহঁত সেইদিনা আল্লাহৰ আদেশ পালন কৰিবলৈ তৎপৰ হ’ব, ফলত অপমানিত হ’ব। সিহঁত ইমান বিৱশ আৰু অসহায় হৈ পৰিব যে, ইজনে সিজনক সহায়ও কৰিব নোৱাৰিব।

37:27Page 447

وَأَقۡبَلَ بَعۡضُهُمۡ عَلَىٰ بَعۡضٖ يَتَسَآءَلُونَ ٢٧

And they will approach one another asking [i.e., blaming] each other.

সিহঁতে ইজনে সিজনক সম্বোধন কৰি ভৰ্ৎসনা কৰিব আৰু বিবাদ কৰিব। যদিও সেইদিনা সিহঁতৰ এই ভৰ্ৎসনা আৰু বিবাদ কোনো কামত নাহিব।

37:28Page 447

قَالُوٓاْ إِنَّكُمۡ كُنتُمۡ تَأۡتُونَنَا عَنِ ٱلۡيَمِينِ ٢٨

They will say, "Indeed, you used to come at us from the right."1

সেইদিনা অনুসাৰীসকলে অনুসৰণ কৰা লোকসকলক উদ্দেশ্যি ক’বঃ হে আমাৰ নেতাসকল! তোমালোকে ধৰ্মৰ পোছাক পৰিধান কৰি সত্যৰ সুযোগলৈ আমাৰ দৃষ্টিত কুফৰী আৰু শ্বিৰ্কক শোভনীয় কৰি দিছিলা, যাতে আমি গুনাহত লিপ্ত থাকোঁ। তথা আমাক সেই সত্যৰ পৰা আঁতৰা ৰাখিছিলা, যিটো ৰাছুলসকলে আল্লাহৰ পৰা লৈ আহিছিল।

37:29Page 447

قَالُواْ بَل لَّمۡ تَكُونُواْ مُؤۡمِنِينَ ٢٩

They [i.e., the oppressors] will say, "Rather, you [yourselves] were not believers,

তেতিয়া যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে অনুসাৰীসকলক উদ্দেশ্যি ক’বঃ বিষয়টো তেনেকুৱা নহয়, যিদৰে তোমালোকে ভাৱি আছা। বৰং তোমালোক কুফৰীৰ ওপৰত অবিচল আছিলা আৰু ঈমান পোষণ কৰা নাছিলা। বৰং তোমালোক আছিলা অস্বীকাৰকাৰী।

37:30Page 447

وَمَا كَانَ لَنَا عَلَيۡكُم مِّن سُلۡطَٰنِۭۖ بَلۡ كُنتُمۡ قَوۡمٗا طَٰغِينَ ٣٠

And we had over you no authority, but you were a transgressing people.

হে অনুসাৰীসকল! তোমালোকক কুফৰী আৰু শ্বিৰ্ক গুনাহত লিপ্ত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাছিল। বৰং তোমালোকে নিজেই কুফৰী আৰু পথভ্ৰষ্টতাৰ সীমা চেৰাই গৈছিলা।

37:31Page 447

فَحَقَّ عَلَيۡنَا قَوۡلُ رَبِّنَآۖ إِنَّا لَذَآئِقُونَ ٣١

So the word [i.e., decree] of our Lord has come into effect upon us; indeed, we will taste [punishment].

গতিকে আমাৰ আৰু তোমালোকৰ বিষয়ে আল্লাহে কৰা প্ৰতিশ্ৰুতি এতিয়া পূৰণ হৈছে, তেওঁ আগতীয়াকৈ জনাইছিল যে, (‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰণ কৰিম’।) (ছুৰা চোৱাদঃ ৮৫) গতিকে আমাৰ প্ৰতিপালকে যি কথা দিছিল, সেইমতে এতিয়া আমি শাস্তি ভোগ কৰিবই লাগিব।

37:32Page 447

فَأَغۡوَيۡنَٰكُمۡ إِنَّا كُنَّا غَٰوِينَ ٣٢

And we led you to deviation; indeed, we were deviators."

সেয়েহে আমি তোমালোকক পথভ্ৰষ্ট তথা কুফৰী পথৰ পিনে আহ্বান কৰিছিলোঁ। দৰাচলতে আমি নিজেই সত্যৰ পথৰ পৰা আঁতৰি আছিলোঁ।

37:33Page 447

فَإِنَّهُمۡ يَوۡمَئِذٖ فِي ٱلۡعَذَابِ مُشۡتَرِكُونَ ٣٣

So indeed they, that Day, will be sharing in the punishment.

যিসকলক অনুসৰণ কৰা হৈছিল আৰু যিসকলে অনুসৰণ কৰিছিল, সিহঁত সকলোকে কিয়ামতৰ দিনা শাস্তিত পতিত কৰা হ’ব।

37:34Page 447

إِنَّا كَذَٰلِكَ نَفۡعَلُ بِٱلۡمُجۡرِمِينَ ٣٤

Indeed, that is how We deal with the criminals.

যিদৰে আমি এই লোকসকলক শাস্তিৰ সোৱাদ উপভোগ কৰাইছোঁ, ঠিক সেইদৰে আমি অন্যান্য অপৰাধীবিলাককো শাস্তি বিহিম।

37:35Page 447

إِنَّهُمۡ كَانُوٓاْ إِذَا قِيلَ لَهُمۡ لَآ إِلَٰهَ إِلَّا ٱللَّهُ يَسۡتَكۡبِرُونَ ٣٥

Indeed they, when it was said to them, "There is no deity but Allāh," were arrogant

এই মুশ্বৰিকসকলক পৃথিৱীত যেতিয়া কোৱা হৈছিল যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, যাতে ইয়াৰ দাবী অনুযায়ী আমল কৰে আৰু ইয়াৰ পৰিপন্থী বিষয়বোৰ পৰিত্যাগ কৰে। তেতিয়া সিহঁতে সত্যৰ পৰা গৌৰৱ-অহংকাৰ কৰি আঁতৰি আছিল।

37:36Page 447

وَيَقُولُونَ أَئِنَّا لَتَارِكُوٓاْ ءَالِهَتِنَا لِشَاعِرٖ مَّجۡنُونِۭ ٣٦

And were saying, "Are we to leave our gods for a mad poet?"

সিহঁতে নিজৰ কুফৰী কৰ্মক বৈধ সাব্যস্ত কৰিবলৈ কয়ঃ এজন কবি আৰু উন্মাদ ব্যক্তিৰ কথামতে আমি আমাৰ উপাস্যবোৰৰ উপাসনা এৰি দিম নেকি? ইয়াৰ দ্বাৰা সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বুজাইছে।

37:37Page 447

بَلۡ جَآءَ بِٱلۡحَقِّ وَصَدَّقَ ٱلۡمُرۡسَلِينَ ٣٧

Rather, he [i.e., the Prophet (ﷺ)] has come with the truth and confirmed the [previous] messengers.

সিহঁতে মহা মিছা আৰোপ কৰিছে। কাৰণ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম উন্মাদো নহয়, কবিও নহয়। বৰং তেওঁ কোৰআন লৈ প্ৰেৰিত হৈছে, যিয়ে আল্লাহৰ তাওহীদ আৰু ৰাছুলৰ অনুসৰণৰ পিনে আহ্বান কৰে। তথা ৰাছুলসকলে আল্লাহৰ ফালৰ পৰা তাওহীদ আৰু আখিৰাতৰ যি বাৰ্তা লৈ আহিছিল তাক সমৰ্থন কৰে। কোনো বিষয়তেই তেওঁলোকৰ বিৰোধিতা কৰা নাছিল।

37:38Page 447

إِنَّكُمۡ لَذَآئِقُواْ ٱلۡعَذَابِ ٱلۡأَلِيمِ ٣٨

Indeed, you [disbelievers] will be tasters of the painful punishment,

হে মুশ্বৰিকসকল! তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে নিশ্চিতভাৱে কিয়ামতৰ দিনা কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰিবা।

37:39Page 447

وَمَا تُجۡزَوۡنَ إِلَّا مَا كُنتُمۡ تَعۡمَلُونَ ٣٩

And you will not be recompensed except for what you used to do -

হে মুশ্বৰিকসকল! তোমালোকক কেৱল সেই কৰ্মৰহে প্ৰতিদান দিয়া হ’ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা, যেনে আল্লাহৰ লগত কৰা কুফৰী কৰ্ম আৰু বিভিন্ন প্ৰকাৰৰ গুনাহৰ কৰ্মৰ।

37:40Page 447

إِلَّا عِبَادَ ٱللَّهِ ٱلۡمُخۡلَصِينَ ٤٠

But not the chosen servants of Allāh.

কিন্তু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন বান্দাসকলৰ বাহিৰে, যিসকলক আল্লাহে তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰি লৈছে। তথা তেওঁলোকে নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰে। তেওঁলোকে এই শাস্তিৰ পৰা ৰক্ষা পাব।

37:41Page 447

أُوْلَٰٓئِكَ لَهُمۡ رِزۡقٞ مَّعۡلُومٞ ٤١

Those will have a provision determined -

তেওঁলোকেই হৈছে আল্লাহৰ প্ৰকৃত বান্দা, তেওঁলোকৰ বাবে আছে আল্লাহৰ ফালৰ পৰা উত্তম জীৱিকা। এই জীৱিকাৰ স্বচ্ছতা, সৌন্দৰ্য আৰু স্থায়িত্ব নিৰ্ধাৰিত।

37:42Page 447

فَوَٰكِهُ وَهُم مُّكۡرَمُونَ ٤٢

Fruits;1 and they will be honored

এই জীৱিকাৰ মাজত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফল-মূল, যিবোৰ তেওঁলোকে খোৱাৰ কামনা কৰিব। ইয়াতকৈও ওপৰত যিটো মৰ্যাদা তেওঁলোকক প্ৰদান কৰা হ’ব সেইটো হৈছে এই যে, তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰি তেওঁলোকক সন্মানিত কৰা হ’ব, লগতে তেওঁলোকে আল্লাহৰ মহা সন্মানিত চেহেৰা দেখা পোৱাৰ সৌভাগ্য লাভ কৰিব।

37:43Page 447

فِي جَنَّٰتِ ٱلنَّعِيمِ ٤٣

In gardens of pleasure

এই সকলোবোৰ বস্তু তেওঁলোকে জান্নাতত লাভ কৰিব, যি জান্নাতৰ নিয়ামত চিৰস্থায়ী, কেতিয়াও সমাপ্ত নহয়।

37:44Page 447

عَلَىٰ سُرُرٖ مُّتَقَٰبِلِينَ ٤٤

On thrones facing one another.

তেওঁলোকে মৰ্যাদাপূৰ্ণ আসনত আউজি বহি ইজনে সিজনক দৰ্শন কৰিব।

37:45Page 447

يُطَافُ عَلَيۡهِم بِكَأۡسٖ مِّن مَّعِينِۭ ٤٥

There will be circulated among them a cup [of wine] from a flowing spring,

তেওঁলোকৰ সন্মুখত এনেকুৱা মদিৰাৰ পিয়লা উপস্থাপন কৰা হ’ব, যিটো প্ৰবাহিত পানীৰ দৰে নিকা আৰু স্বচ্চ হ’ব।

37:46Page 447

بَيۡضَآءَ لَذَّةٖ لِّلشَّٰرِبِينَ ٤٦

White and delicious to the drinkers;

শুভ্ৰ বৰণৰ হ'ব। উপভোগকাৰীয়ে পৰিপূৰ্ণৰূপে উপভোগ কৰিব।

37:47Page 447

لَا فِيهَا غَوۡلٞ وَلَا هُمۡ عَنۡهَا يُنزَفُونَ ٤٧

No bad effect is there in it, nor from it will they be intoxicated.

তাত উপলব্ধ মদিৰাবোৰ, পাৰ্থিৱ মদিৰাৰ দৰে নহয়। সেই মদিৰাত এনেকুৱা কোনো নিচা নাই, যিটোৱে মানুহৰ বিবেকক প্ৰভাৱিত কৰে। সেই মদিৰা গ্ৰহণ কৰিলে মূৰৰ বিষো অনুভৱ নহ'ব। আনকি ইয়াৰ ফলত শৰীৰ আৰু বিবেক সম্পূৰ্ণৰূপে সুস্থ থাকিব।

37:48Page 447

وَعِندَهُمۡ قَٰصِرَٰتُ ٱلطَّرۡفِ عِينٞ ٤٨

And with them will be women limiting [their] glances,1 with large, [beautiful] eyes,

জান্নাতত তেওঁলোকৰ বাবে থাকিব এনেকুৱা পৱিত্ৰ স্ত্ৰীসকল, যিসকলৰ দৃষ্টি তেওঁলোকৰ স্বামীৰ বাহিৰে আন কাৰো প্ৰতি নপৰিব। তেওঁলোকৰ চকুযোৰ হ’ব অতি আকৰ্ষণীয়।

37:49Page 447

كَأَنَّهُنَّ بَيۡضٞ مَّكۡنُونٞ ٤٩

As if they were [delicate] eggs, well-protected.

তেওঁলোকৰ শৰীৰৰ ৰং পাতল সোণ বৰণীয়া শুভ্ৰোজ্জ্বল ইমান ধুনীয়া হ’ব যে, যেনিবা চৰাইৰ কণী। যিটোক কোনো হাতে স্পৰ্শ কৰা নাই।

37:50Page 447

فَأَقۡبَلَ بَعۡضُهُمۡ عَلَىٰ بَعۡضٖ يَتَسَآءَلُونَ ٥٠

And they will approach one another, inquiring of each other.

এতেকে জান্নাতীসকলৰ কিছুমানে আন কিছুমানক তেওঁলোকৰ অতীত সম্পৰ্কে জিজ্ঞাসাবাদ কৰিব, তথা এই কথা জানিবলৈ কৌতূহল সৃষ্টি হ’ব যে, পৃথিৱীত তেওঁলোকৰ সৈতে কি কি সংঘটিত হৈছে।

37:51Page 447

قَالَ قَآئِلٞ مِّنۡهُمۡ إِنِّي كَانَ لِي قَرِينٞ ٥١

A speaker among them will say, "Indeed, I had a companion [on earth].

সেই মুমিনসকলৰ মাজৰ কোনোবাই ক’বঃ পৃথিৱীত মোৰ এজন বন্ধু আছিল, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল।

37:52Page 448

يَقُولُ أَءِنَّكَ لَمِنَ ٱلۡمُصَدِّقِينَ ٥٢

Who would say, 'Are you indeed of those who believe

সি অস্বীকাৰ কৰি আৰু মোক উপহাস কৰি কৈছিল, হে বন্ধু! তুমিও এই আখিৰাতৰ জীৱনক বিশ্বাস কৰা নেকি?

37:53Page 448

أَءِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَدِينُونَ ٥٣

That when we have died and become dust and bones, we will indeed be recompensed?'"

আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম, ইপিনে আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক পুনৰ্জীৱিত কৰা হ’ব নেকি? লগতে পৃথিৱীত কৰা আমাৰ কৰ্মবোৰৰ প্ৰতিদান আমাক দিয়া হ’ব নেকি?

37:54Page 448

قَالَ هَلۡ أَنتُم مُّطَّلِعُونَ ٥٤

He will say,1 "Would you [care to] look?"

তাৰ মুমিন বন্ধুজনে তেওঁৰ জান্নাতী সংগীসকলক ক’বঃ আহকচোন চাওঁ, মোৰ সেই বন্ধুজনৰ কি অৱস্থা এতিয়া, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল?

37:55Page 448

فَٱطَّلَعَ فَرَءَاهُ فِي سَوَآءِ ٱلۡجَحِيمِ ٥٥

And he will look and see him1 in the midst of the Hellfire.

এতেকে তেওঁলোকে ভুমুকি মাৰি চাব, আৰু তাৰ সেই বন্ধুজনক জাহান্নামৰ মাজ মজিয়াত দেখা পাব।

37:56Page 448

قَالَ تَٱللَّهِ إِن كِدتَّ لَتُرۡدِينِ ٥٦

He will say, "By Allāh, you almost ruined me.

এই দেখি তেওঁ ক’বঃ আল্লাহৰ শপত! হে মোৰ সঙ্গী, তুমি দেখোন মোকো জাহান্নামৰ অধিবাসী বনালাহেঁতেন, যদি মই তোমাৰ সেই কুফৰী কৰ্মক সমৰ্থন কৰিলোহেঁতেন আৰু আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিলোহেঁতেন।

37:57Page 448

وَلَوۡلَا نِعۡمَةُ رَبِّي لَكُنتُ مِنَ ٱلۡمُحۡضَرِينَ ٥٧

If not for the favor of my Lord, I would have been of those brought in [to Hell].

যদি মোৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নহ’লহেঁতেন, যিয়ে মোক ঈমানৰ পথ দেখুৱাইছে আৰু হিদায়তৰ তাওফীক প্ৰদান কৰিছে, তেন্তে ময়ো তোমাৰ দৰে জাহান্নামত নিক্ষিপ্ত হ’লোহেঁতেন।

37:58Page 448

أَفَمَا نَحۡنُ بِمَيِّتِينَ ٥٨

Then, are we not to die

শুনা! আমি জান্নাতৰ অধিবাসীসকল কেতিয়াও মৃত্যুবৰণ নকৰোঁ।

37:59Page 448

إِلَّا مَوۡتَتَنَا ٱلۡأُولَىٰ وَمَا نَحۡنُ بِمُعَذَّبِينَ ٥٩

Except for our first death, and we will not be punished?"

আমাৰ মৃত্যু কেৱল এবাৰেই আছিল, যিটোৰ সোৱাদ আমি পৃথিৱীতে গ্ৰহণ কৰিছোঁ। বৰং এতিয়া আমি জান্নাতত চিৰকাল বসবাস কৰিম। আনহাতে আমি কাফিৰসকলৰ দৰে শাস্তিৰ সন্মুখীনো নহওঁ।

37:60Page 448

إِنَّ هَٰذَا لَهُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ٦٠

Indeed, this is the great attainment.

এই যিটো প্ৰতিদান আমাৰ প্ৰতিপালকে আমাক প্ৰদান কৰিছে, (যেনে- জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ, জাহান্নামৰ পৰা সুৰক্ষা আদি) এইটো হৈছে মহা সফলতা। কোনো সফলতাই ইয়াৰ সমান হ’ব নোৱাৰে।

37:61Page 448

لِمِثۡلِ هَٰذَا فَلۡيَعۡمَلِ ٱلۡعَٰمِلُونَ ٦١

For the like of this let the workers [on earth] work.

এনেকুৱা মহা প্ৰতিদানৰ বাবেই আমলকাৰীয়ে আমল কৰা উচিত। কিয়নো এইটোৱেই হৈছে লাভদায়ক ব্যৱসায়।

37:62Page 448

أَذَٰلِكَ خَيۡرٞ نُّزُلًا أَمۡ شَجَرَةُ ٱلزَّقُّومِ ٦٢

Is that [i.e., Paradise] a better accommodation or the tree of zaqqūm?

উপৰোক্ত যিবোৰ নিয়ামত বৰ্ণনা কৰা হ’ল, যিবোৰ আল্লাহে তেওঁৰ নিষ্ঠাৱান বান্দাসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে, সন্মান আৰু আতিথ্যৰ বাবে সেইবোৰ নিয়ামত উত্তম নে সেই গছ উত্তম, যিটোক কোৰআনত অভিশপ্ত বুলি কোৱা হৈছে? যিটো গছ কাফিৰসকলক খাবলৈ দিয়া হ’ব, যি খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবাৰণ নকৰিব।

37:63Page 448

إِنَّا جَعَلۡنَٰهَا فِتۡنَةٗ لِّلظَّٰلِمِينَ ٦٣

Indeed, We have made it a torment for the wrongdoers.

আমি এই গছজোপাক এটা পৰীক্ষাস্বৰূপ বনাইছোঁ। ইয়াৰ দ্বাৰা সেইসকল লোকৰ পৰীক্ষা লোৱা হয়, যিসকলে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। সিহঁতে কয়ঃ জুয়ে গছ-গছনি খৰি আদিক পুৰি পেলায়, গতিকে জুইৰ মাজত গছ হোৱাটো সম্ভৱ নহয়।

37:64Page 448

إِنَّهَا شَجَرَةٞ تَخۡرُجُ فِيٓ أَصۡلِ ٱلۡجَحِيمِ ٦٤

Indeed, it is a tree issuing from the bottom of the Hellfire,

নিশ্চিতভাৱে যাক্কুম গছ উৎপন্ন হয় নিকৃষ্ট ঠাইত। কিয়নো সেই গছ উৎপন্ন হয় জাহান্নামৰ গহীন গহ্বৰত।

37:65Page 448

طَلۡعُهَا كَأَنَّهُۥ رُءُوسُ ٱلشَّيَٰطِينِ ٦٥

Its emerging fruit as if it was heads of the devils.

সেই গছৰ পৰা উৎপন্ন হোৱা ফল দেখাত অত্যন্ত কুৎসিত, যেনিবা চয়তানৰ মূৰ। আকাৰ আকৃতিয়ে প্ৰমাণ কৰে যে, ই অত্যন্ত দুৰ্গন্ধযুক্ত। অৰ্থাৎ ইয়াৰ ফল অত্যন্ত নিকৃষ্ট সোৱাদযুক্ত।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском