Al-Mukhtasar · Tafsir · in Assamese
الزخرف
Az-Zukhruf
The Ornaments of Gold · Meccan · 89 ayahs
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
আল্লাহে সত্যৰ পথ দেখুৱা কোৰআনৰ শপত খাইছে।
43:3Page 489
إِنَّا جَعَلۡنَٰهُ قُرۡءَٰنًا عَرَبِيّٗا لَّعَلَّكُمۡ تَعۡقِلُونَ ٣
Indeed, We have made it an Arabic Qur’ān that you might understand.
নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তুত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰ ভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা।
43:4Page 489
وَإِنَّهُۥ فِيٓ أُمِّ ٱلۡكِتَٰبِ لَدَيۡنَا لَعَلِيٌّ حَكِيمٌ ٤
And indeed it is, in the Mother of the Book1 with Us, exalted and full of wisdom.2
নিশ্চয় এই কোৰআন লওহে মাহফুজত লিপিবদ্ধ আছে। এইখন সুউচ্চ মৰ্যাদাৱান, তথা হিকমত ভৰা গ্ৰন্থ। ইয়াৰ মাজত থকা আদেশ-নিষেধৰ বিধি-বিধানসমূহ হৈছে সুদৃঢ়।
43:5Page 489
أَفَنَضۡرِبُ عَنكُمُ ٱلذِّكۡرَ صَفۡحًا أَن كُنتُمۡ قَوۡمٗا مُّسۡرِفِينَ ٥
Then should We turn the message away, disregarding you, because you are a transgressing people?
তোমালোকে অধিক শ্বিৰ্ক আৰু গুনাহ কৰা বুলিয়ে আমি তোমালোকৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা এৰি দিম নেকি? আমি এনেকুৱা কেতিয়াও নকৰোঁ। বৰং আমাৰ দয়াৰ দাবী হৈছে ইয়াৰ পৰিপন্থী।
43:6Page 489
وَكَمۡ أَرۡسَلۡنَا مِن نَّبِيّٖ فِي ٱلۡأَوَّلِينَ ٦
And how many a prophet We sent among the former peoples,
পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো আমি বহুত নবী প্ৰেৰণ কৰিছিলোঁ।
43:7Page 489
وَمَا يَأۡتِيهِم مِّن نَّبِيٍّ إِلَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٧
But there would not come to them a prophet except that they used to ridicule him.
বিগত সেই উম্মতবোৰৰ মাজত আল্লাহৰ ফালৰ পৰা যেতিয়াই কোনো নবী আহিছিল, তেতিয়াই সিহঁতে সেই নবীক উপহাস কৰিছিল।
43:8Page 489
فَأَهۡلَكۡنَآ أَشَدَّ مِنۡهُم بَطۡشٗا وَمَضَىٰ مَثَلُ ٱلۡأَوَّلِينَ ٨
And We destroyed greater than them1 in [striking] power, and the example of the former peoples has preceded.
অৱশেষত আমি সেই শক্তিশালী উম্মতবোৰকো ধ্বংস কৰিছোঁ, গতিকে এই দুৰ্বল লোকসকলক ধ্বংস কৰাটো আমাৰ পক্ষে কোনো কঠিন বিষয় নহয় তথা আমি অপাৰগ নহয়। নিশ্চয় এই কোৰআনত পূৰ্বৱৰ্তী উম্মতবোৰৰ ধ্বংসৰ বৰ্ণনা কৰা হৈছে, যেনে- আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ বিষয়ে।
43:9Page 489
وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ خَلَقَهُنَّ ٱلۡعَزِيزُ ٱلۡعَلِيمُ ٩
And if you should ask them, "Who has created the heavens and the earth?" they would surely say, "They were created by the Exalted in Might, the Knowing,"
হে ৰাছুল! যদি আপুনি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডলক কোনে সৃষ্টি কৰিছে? আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি ক’বঃ নিশ্চয় এইবোৰক সৰ্বশক্তিমানে সৃষ্টি কৰিছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ।
43:10Page 489
ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ مَهۡدٗا وَجَعَلَ لَكُمۡ فِيهَا سُبُلٗا لَّعَلَّكُمۡ تَهۡتَدُونَ ١٠
[The one] who has made for you the earth a bed and made for you upon it roads that you might be guided
আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাস যোগ্য বনাইছে। তথা ইয়াত চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰিছে। তেৱেঁই পাহাৰ-পৰ্বত, ভৈয়াম আদিত তোমালোকৰ বাবে পথ উলিয়াই দিছে। যাতে চলাফুৰাৰ সময়ত তোমালোকে সঠিক গন্তব্যস্থলত উপনীত হ’ব পাৰা।
43:11Page 490
وَٱلَّذِي نَزَّلَ مِنَ ٱلسَّمَآءِ مَآءَۢ بِقَدَرٖ فَأَنشَرۡنَا بِهِۦ بَلۡدَةٗ مَّيۡتٗاۚ كَذَٰلِكَ تُخۡرَجُونَ ١١
And who sends down rain from the sky in measured amounts, and We revive thereby a dead land - thus will you be brought forth -
তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যি পানী তোমালোকৰ বাবে আৰু তোমালোকৰ জীৱ-জন্তু তথা খেতি-বাতিৰ বাবে যথেষ্ট। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক সেউজীয়া কৰি তোলোঁ। এতেকে চোৱা! যিদৰে আল্লাহে মৃত ভূমিক জীৱিত কৰি সেউজীয়া কৰি তোলে, ঠিক সেইদৰে তেওঁ মৃত লোকসকলক জীৱিত কৰি পুনৰুত্থিত কৰিব।
43:12Page 490
وَٱلَّذِي خَلَقَ ٱلۡأَزۡوَٰجَ كُلَّهَا وَجَعَلَ لَكُم مِّنَ ٱلۡفُلۡكِ وَٱلۡأَنۡعَٰمِ مَا تَرۡكَبُونَ ١٢
And who created the species, all of them, and has made for you of ships and animals those which you mount
তেৱেঁই তোমালোকৰ বাবে সকলো প্ৰকাৰ বস্তু সৃষ্টি কৰিছে, যেনে- দিন আৰু ৰাতি, নৰ আৰু নাৰী আদি। লগতে তেওঁ তোমালোকৰ বাবে নৌযান আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে ভ্ৰমণত পৰিবহন হিচাপে ব্যৱহাৰ কৰা। গতিকে সাগৰত তোমালোকে নৌযান আৰু স্থলত তোমালোকে জন্তুক পৰিবহন হিচাপে ব্যৱহাৰ কৰা।
43:13Page 490
لِتَسۡتَوُۥاْ عَلَىٰ ظُهُورِهِۦ ثُمَّ تَذۡكُرُواْ نِعۡمَةَ رَبِّكُمۡ إِذَا ٱسۡتَوَيۡتُمۡ عَلَيۡهِ وَتَقُولُواْ سُبۡحَٰنَ ٱلَّذِي سَخَّرَ لَنَا هَٰذَا وَمَا كُنَّا لَهُۥ مُقۡرِنِينَ ١٣
That you may settle yourselves upon their backs and then remember the favor of your Lord when you have settled upon them and say, "Exalted is He who has subjected this to us, and we could not have [otherwise] subdued it.1
এই সকলোবোৰ তেওঁ তোমালোকৰ বাবেই সৃষ্টি কৰিছে। যাতে ভ্ৰমণৰ সময়ত তোমালোকে এইবোৰ পৰিবহণত আৰোহণ কৰি আল্লাহৰ নিয়ামত স্মৰণ কৰিব পাৰা যে, তেৱেঁই এইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে। গতিকে তোমালোকে কোৱাঃ পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যিয়ে এই পৰিবহনক আমাৰ অধীনস্থ কৰি দিছে, ফলত আমি আমাৰ ইচ্ছা মতে ইয়াক সঞ্চালন কৰিব পাৰোঁ। কাৰণ আল্লাহে এইবোৰক আমাৰ অধীনস্থ কৰি নিদিলে, নিশ্চয় আমি এইবোৰক আমাৰ অধীনস্থ কৰিব নোৱাৰিলোহেঁতেন।
43:14Page 490
وَإِنَّآ إِلَىٰ رَبِّنَا لَمُنقَلِبُونَ ١٤
And indeed we, to our Lord, will [surely] return."
মৃত্যুৰ পিছত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ পিনেই উভতি যাব লাগিব।
43:15Page 490
وَجَعَلُواْ لَهُۥ مِنۡ عِبَادِهِۦ جُزۡءًاۚ إِنَّ ٱلۡإِنسَٰنَ لَكَفُورٞ مُّبِينٌ ١٥
But they have attributed to Him from His servants a portion.1 Indeed, man is clearly ungrateful.
মুশ্বৰিকসকলে ধাৰণা কৰে যে, কিছুমান সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ পৰা জন্ম লাভ কৰিছে। সেয়ে সিহঁতে কয়ঃ “ফিৰিস্তাসকল হৈছে আল্লাহৰ কন্যা”। নিশ্চয় এনেকুৱা ধাৰণা পোষণ কৰা ব্যক্তি হৈছে স্পষ্ট কাফিৰ তথা পথভ্ৰষ্ট।
43:16Page 490
أَمِ ٱتَّخَذَ مِمَّا يَخۡلُقُ بَنَاتٖ وَأَصۡفَىٰكُم بِٱلۡبَنِينَ ١٦
Or has He taken, out of what He has created, daughters and chosen you for [having] sons?
হে মুশ্বৰিকসকল! আল্লাহে তেওঁৰ সৃষ্টিৰ পৰাই নিজৰ বাবে কন্যা সন্তান গ্ৰহণ কৰিছে বুলি তোমালোকে কোৱা নেকি, আৰু তোমালোকৰ বাবে তেওঁ পুত্ৰ সন্তান বাছনি কৰিছে নেকি? এইটো কেনেকুৱা ভাগ-বতৰা, যিটো তোমালোকে নিজৰ ধাৰণা অনুযায়ী কৰিছা?
43:17Page 490
وَإِذَا بُشِّرَ أَحَدُهُم بِمَا ضَرَبَ لِلرَّحۡمَٰنِ مَثَلٗا ظَلَّ وَجۡهُهُۥ مُسۡوَدّٗا وَهُوَ كَظِيمٌ ١٧
And when one of them is given good tidings of that which he attributes to the Most Merciful in comparison [i.e., a daughter], his face becomes dark, and he suppresses grief.
(কিন্তু এই মুশ্বৰিকসকলৰ দুমুখীয়া নীতি চাওক) যেতিয়া সিহঁতক কন্যা সন্তানৰ সুসংবাদ দিয়া হয়, তেতিয়া গভীৰ শোকত সিহঁতৰ মুখ ক’লা পৰি যায়, অথচ সিহঁতেই আল্লাহৰ লগত কন্যা সন্তান সম্পৃক্ত কৰে। তেতিয়া সিহঁত খঙতে অগ্নিশৰ্মা হয় তথা দুখত ভাগি পৰি নিজকে আত্মগোপন কৰে। তেনেহ’লে কি ভিত্তিত সিহঁতে এই বিষয়টো আল্লাহৰ লগত সম্পৃক্ত কৰে, যিটোৰ সুসংবাদ পালে সিহঁত নিজেই দুশ্চিন্তাগ্ৰস্ত হয়?
43:18Page 490
أَوَمَن يُنَشَّؤُاْ فِي ٱلۡحِلۡيَةِ وَهُوَ فِي ٱلۡخِصَامِ غَيۡرُ مُبِينٖ ١٨
So is one brought up in ornaments while being during conflict unevident1 [attributed to Allāh]?
সিহঁতে নিজ প্ৰতিপালকৰ সৈতে সেইসকলক সম্পৃক্ত কৰিব বিচাৰে নেকি, যিসকলে অলংকাৰৰ মাজত লালিত-পালিত হয়, তথা বিবাদৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদান কৰাতো যিসকল সক্ষম নহয়?
43:19Page 490
وَجَعَلُواْ ٱلۡمَلَٰٓئِكَةَ ٱلَّذِينَ هُمۡ عِبَٰدُ ٱلرَّحۡمَٰنِ إِنَٰثًاۚ أَشَهِدُواْ خَلۡقَهُمۡۚ سَتُكۡتَبُ شَهَٰدَتُهُمۡ وَيُسۡـَٔلُونَ ١٩
And they described the angels, who are servants of the Most Merciful, as females. Did they witness their creation? Their testimony will be recorded, and they will be questioned.
সিহঁতে দয়াময় আল্লাহৰ বান্দা সন্মানীয় ফিৰিস্তাসকলক কন্যা সন্তান বুলি আখ্যায়িত কৰিছে। আল্লাহে যেতিয়া তেওঁলোকক সৃষ্টি কৰিছে, সিহঁত তেতিয়া তাত উপস্থিত আছিল নেকি, যাৰ ফলত সিহঁতে তেওঁলোকক নাৰী বুলি গম পাইছে? শীঘ্ৰেই ফিৰিস্তাসকলে সিহঁতৰ এই সাক্ষ্য লিপিবদ্ধ কৰি ৰাখিব, তথা কিয়ামতৰ দিনা সিহঁতক এই বিষয়ে সোধ-পোচ কৰা হ’ব, লগতে এই মিছা প্ৰচাৰৰ বাবে সিহঁতক শাস্তি বিহা হ’ব।
43:20Page 490
وَقَالُواْ لَوۡ شَآءَ ٱلرَّحۡمَٰنُ مَا عَبَدۡنَٰهُمۗ مَّا لَهُم بِذَٰلِكَ مِنۡ عِلۡمٍۖ إِنۡ هُمۡ إِلَّا يَخۡرُصُونَ ٢٠
And they said, "If the Most Merciful had willed, we would not have worshipped them." They have of that no knowledge. They are not but misjudging.
সিহঁতে ভাগ্যক প্ৰমাণ হিচাপে লৈ কয়ঃ আল্লাহে ইচ্ছা কৰিলে আমি কেতিয়াও ফিৰিস্তাসকলৰ ইবাদত নকৰিলোহেঁতেন। গতিকে তেওঁ বিচাৰিছে কাৰণেই আমি এইবোৰ কৰি আছোঁ, সেয়ে প্ৰমাণিত হয় যে তেওঁ আমাৰ ওপৰত সন্তুষ্ট। যদিও এই বিষয়ে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল মিছা মাতি আছে।
43:21Page 490
أَمۡ ءَاتَيۡنَٰهُمۡ كِتَٰبٗا مِّن قَبۡلِهِۦ فَهُم بِهِۦ مُسۡتَمۡسِكُونَ ٢١
Or have We given them a book before it [i.e., the Qur’ān] to which they are adhering?
অথবা এই মুশ্বৰিকসকলক কোৰআনৰ পূৰ্বে আমি কোনো গ্ৰন্থ প্ৰদান কৰিছিলোঁ নেকি, য’ত আল্লাহৰ বাহিৰে আনৰ উপাসনা বৈধ কৰা হৈছে? যিখন গ্ৰন্থক সিহঁতে মজবুতভাৱে ধাৰণ কৰি আছে তথা যিখনৰ দ্বাৰা সিহঁতে প্ৰমাণ উপস্থাপন কৰে?
43:22Page 490
بَلۡ قَالُوٓاْ إِنَّا وَجَدۡنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٖ وَإِنَّا عَلَىٰٓ ءَاثَٰرِهِم مُّهۡتَدُونَ ٢٢
Rather, they say, "Indeed, we found our fathers upon a religion, and we are in their footsteps [rightly] guided."
নহয়, এনেকুৱা কেতিয়াও হোৱা নাই। বৰং সিহঁতে পৰম্পৰাক দলিল হিচাপে লৈ কয়ঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এটা ধৰ্মৰ অনুসাৰী হিচাপেই পাইছিলোঁ। সিহঁতেও মূৰ্ত্তি পূজা কৰিছিল। গতিকে আমি তেওঁলোকৰ পদচিহ্নৰ অনুসৰণ কৰিয়ে সেইবোৰৰ উপাসনা কৰি আছোঁ।
43:23Page 491
وَكَذَٰلِكَ مَآ أَرۡسَلۡنَا مِن قَبۡلِكَ فِي قَرۡيَةٖ مِّن نَّذِيرٍ إِلَّا قَالَ مُتۡرَفُوهَآ إِنَّا وَجَدۡنَآ ءَابَآءَنَا عَلَىٰٓ أُمَّةٖ وَإِنَّا عَلَىٰٓ ءَاثَٰرِهِم مُّقۡتَدُونَ ٢٣
And similarly, We did not send before you any warner into a city except that its affluent said, "Indeed, we found our fathers upon a religion, and we are, in their footsteps, following."
যিদৰে এই লোকসকলে অস্বীকাৰ কৰিছে, তথা সিহঁতৰ পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণক প্ৰমাণ হিচাপে লৈছে, ঠিক সেইদৰে হে ৰাছুল! আমি আপোনাৰ পূৰ্বে যি ঠাইতেই ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ নিজ সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰে কিন্তু সেই ঠাইতেই তাত থকা ঐশৰ্যশীল নেতা তথা প্ৰমুখসকলে কৈছিলঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এই ধৰ্মৰ ওপৰতে পাইছিলোঁ। গতিকে আমি তেওঁলোকৰেই পদচিহ্ন অনুসৰণ কৰি আছোঁ। তথা এই ক্ষেত্ৰত আপোনাৰ সম্প্ৰদায়ে কোনো নতুনত্বৰ দেখা পোৱা নাই।
43:24Page 491
۞ قَٰلَ أَوَلَوۡ جِئۡتُكُم بِأَهۡدَىٰ مِمَّا وَجَدتُّمۡ عَلَيۡهِ ءَابَآءَكُمۡۖ قَالُوٓاْ إِنَّا بِمَآ أُرۡسِلۡتُم بِهِۦ كَٰفِرُونَ ٢٤
[Each warner] said, "Even if I brought you better guidance than that [religion] upon which you found your fathers?" They said, "Indeed we, in that with which you were sent, are disbelievers."
সিহঁতৰ ৰাছুলসকলে সিহঁতক কৈছিলঃ তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি সেই মতাদৰ্শতকৈও উত্তম কোনো ধৰ্ম লৈ আহোঁ, তথাপিও তোমালোকে তোমালোকৰ পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবানে? সিহঁতে ক’লেঃ আমি সেই ধৰ্মক অস্বীকাৰ কৰোঁ যিটো তুমি লৈ আহিছা তথা তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলে লৈ আহিছে।
43:25Page 491
فَٱنتَقَمۡنَا مِنۡهُمۡۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُكَذِّبِينَ ٢٥
So We took retribution from them; then see how was the end of the deniers.
এতেকে আমি সেইসকল লোকৰ পৰা প্ৰতিশোধ লৈছিলোঁ যিসকলে আপোনাৰ পূৰ্বে অহা ৰাছুলসকলক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰিছিলোঁ। এতেকে আপুনি ভাৱি চাওকচোন, ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলৰ শেষ পৰিণাম কেনেকুৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি আছিল অতি কৰুণ।
43:26Page 491
وَإِذۡ قَالَ إِبۡرَٰهِيمُ لِأَبِيهِ وَقَوۡمِهِۦٓ إِنَّنِي بَرَآءٞ مِّمَّا تَعۡبُدُونَ ٢٦
And [mention, O Muḥammad], when Abraham said to his father and his people, "Indeed, I am disassociated from that which you worship
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতা আৰু নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ “তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে সম্পৰ্কচ্ছেদ ঘোষণা কৰিলোঁ”।
43:27Page 491
إِلَّا ٱلَّذِي فَطَرَنِي فَإِنَّهُۥ سَيَهۡدِينِ ٢٧
Except for He who created me; and indeed, He will guide me."
একমাত্ৰ সেই আল্লাহৰ বাহিৰে, যি সত্ত্বাই মোক সৃষ্টি কৰিছে। তেৱেঁই মোক সঠিক ধৰ্মৰ পথ দেখুৱাব, যিটো মোৰ বাবে উপকাৰী।
43:28Page 491
وَجَعَلَهَا كَلِمَةَۢ بَاقِيَةٗ فِي عَقِبِهِۦ لَعَلَّهُمۡ يَرۡجِعُونَ ٢٨
And he made it1 a word remaining among his descendants that they might return [to it].
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ বংশধৰসকলৰ মাজত কলিমা লা ইলা-হা ইল্লাল্লাহক চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছিল। সেইকাৰণেই তেওঁলোকৰ মাজত সদায় এনেকুৱা লোকৰ উপস্থিতি আছিল, যিয়ে আল্লাহক একক বুলি স্বীকাৰ কৰিছিল আৰু তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা নাছিল। যাতে তেওঁলোকে শ্বিৰ্ক তথা পাপকৰ্মৰ পৰা তাওবা কৰি আল্লাহৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।
43:29Page 491
بَلۡ مَتَّعۡتُ هَٰٓؤُلَآءِ وَءَابَآءَهُمۡ حَتَّىٰ جَآءَهُمُ ٱلۡحَقُّ وَرَسُولٞ مُّبِينٞ ٢٩
However, I gave enjoyment to these [people of Makkah] and their fathers1 until there came to them the truth and a clear Messenger.2
মই এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত খৰধৰ কৰা নাছিলোঁ। বৰং পৃথিৱীক উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিছিলোঁ, আৰু সিহঁতৰ পূৰ্বে সিহঁতৰ পিতৃপুৰুষসকলকো উপভোগ কৰাৰ সুযোগ দিছিলোঁ। অৱশেষত সিহঁতৰ ওচৰলৈ কোৰআন আহিল আৰু স্পষ্টভাৱে সতৰ্ককাৰী ৰাছুলে আগমন কৰিলে।
43:30Page 491
وَلَمَّا جَآءَهُمُ ٱلۡحَقُّ قَالُواْ هَٰذَا سِحۡرٞ وَإِنَّا بِهِۦ كَٰفِرُونَ ٣٠
But when the truth came to them, they said, "This is magic, and indeed we are, concerning it, disbelievers."
যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন আহিল, যিখন চিৰসত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া সিহঁতে ক’লেঃ এয়া হৈছে যাদু। ইয়াৰ দ্বাৰা মুহাম্মদে আমাৰ ওপৰত যাদু কৰে। আমি ইয়াক অস্বীকাৰ কৰোঁ, তথা কদাপিও ইয়াক বিশ্বাস নকৰোঁ।
43:31Page 491
وَقَالُواْ لَوۡلَا نُزِّلَ هَٰذَا ٱلۡقُرۡءَانُ عَلَىٰ رَجُلٖ مِّنَ ٱلۡقَرۡيَتَيۡنِ عَظِيمٍ ٣١
And they said, "Why was this Qur’ān not sent down upon a great man from [one of] the two cities?"1
অস্বীকাৰকাৰী মুশ্বৰিকসকলে কয়ঃ আল্লাহে এই কোৰআনখন, মুহাম্মদৰ দৰে দৰিদ্ৰ তথা অনাথৰ ওপৰত অৱতীৰ্ণ কৰাৰ পৰিবৰ্তে মক্কা অথবা তায়েফৰ দুজন মহান ব্যক্তিৰ মাজৰ কোনো এজনৰ ওপৰত কিয় অৱতীৰ্ণ নকৰিলে?
43:32Page 491
أَهُمۡ يَقۡسِمُونَ رَحۡمَتَ رَبِّكَۚ نَحۡنُ قَسَمۡنَا بَيۡنَهُم مَّعِيشَتَهُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَرَفَعۡنَا بَعۡضَهُمۡ فَوۡقَ بَعۡضٖ دَرَجَٰتٖ لِّيَتَّخِذَ بَعۡضُهُم بَعۡضٗا سُخۡرِيّٗاۗ وَرَحۡمَتُ رَبِّكَ خَيۡرٞ مِّمَّا يَجۡمَعُونَ ٣٢
Do they distribute the mercy of your Lord? It is We who have apportioned among them their livelihood in the life of this world and have raised some of them above others in degrees [of rank] that they may make use of one another for service. But the mercy of your Lord is better than whatever they accumulate.
হে ৰাছুল! ইহঁতে আপোনাৰ প্ৰতিপালকৰ দয়া ভাগ-বতৰা কৰে নেকি যে, সিহঁতে যাক ইচ্ছা কৰিব দি দিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব, নে আল্লাহে এইবোৰ ভাগ-বতৰা কৰে? নিশ্চয় সিহঁতৰ মাজত আমিয়েই পাৰ্থিৱ জীৱিকা বন্টন কৰিছোঁ। সিহঁতৰ মাজৰ কিছুমানক ঐশৰ্যশীল বনাইছোঁ আৰু আন কিছুমানক বনাইছোঁ দৰিদ্ৰ। যাতে সিহঁতৰ মাজৰ কিছুমানে আন কিছুমানৰ অধীনত কাম কৰিব পাৰে। ইহঁতে ক্ষণস্থায়ী জীৱনৰ যিবোৰ সা-সামগ্ৰী সঞ্চয় কৰি আছে, এইবোৰতকৈ আখিৰাতত বান্দাসকলৰ প্ৰতি কৰা আপোনাৰ প্ৰতিপালকৰ দয়া বহু গুণে উত্তম।
43:33Page 491
وَلَوۡلَآ أَن يَكُونَ ٱلنَّاسُ أُمَّةٗ وَٰحِدَةٗ لَّجَعَلۡنَا لِمَن يَكۡفُرُ بِٱلرَّحۡمَٰنِ لِبُيُوتِهِمۡ سُقُفٗا مِّن فِضَّةٖ وَمَعَارِجَ عَلَيۡهَا يَظۡهَرُونَ ٣٣
And if it were not that the people would become one community [of disbelievers],1 We would have made for those who disbelieve in the Most Merciful - for their houses - ceilings and stairways of silver upon which to mount.
যদি কুফৰীৰ প্ৰতি ঢাপলি মেলাৰ সম্ভাৱনা নাথাকিলহেঁতেন তেন্তে আমি আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ ঘৰৰ চাদবোৰ ৰূপেৰে নিৰ্মিত কৰি দিলোহেঁতেন। তথা সিহঁতৰ বাবে চিৰিৰ ব্যৱস্থা কৰিলোহেঁতেন, যাৰ সহায়ত সিহঁতে আৰোহণ কৰিলেহেঁতেন।
43:34Page 492
وَلِبُيُوتِهِمۡ أَبۡوَٰبٗا وَسُرُرًا عَلَيۡهَا يَتَّكِـُٔونَ ٣٤
And for their houses - doors and couches [of silver] upon which to recline
লগতে সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ নিৰ্মাণ কৰি দিলোহেঁতেন, আৰু আউজি বহিবলৈ আসন বনাই দিলোহেঁতেন। সিহঁতক অৱকাশ দিয়াৰ উদ্দেশ্যে তথা সিহঁতক পৰীক্ষা কৰিবলৈ এইবোৰ দিলোহেঁতেন।
43:35Page 492
وَزُخۡرُفٗاۚ وَإِن كُلُّ ذَٰلِكَ لَمَّا مَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَٱلۡأٓخِرَةُ عِندَ رَبِّكَ لِلۡمُتَّقِينَ ٣٥
And gold ornament. But all that is not but the enjoyment of worldly life. And the Hereafter with your Lord is for the righteous.
লগতে সোণেৰেও নিৰ্মিত কৰি দিলোহেঁতেন। দৰাচলতে এইবোৰ পাৰ্থিৱ সা-সুবিধাৰ বাহিৰে আন একো নহয়। ইয়াৰ লাভ একেবাৰে নগন্য, কিয়নো এইবোৰ হৈছে ক্ষণস্থায়ী। হে ৰাছুল! আখিৰাতৰ নিয়ামতবোৰ সেইসকল লোকৰ বাবে উৎকৃষ্ট, যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
43:36Page 492
وَمَن يَعۡشُ عَن ذِكۡرِ ٱلرَّحۡمَٰنِ نُقَيِّضۡ لَهُۥ شَيۡطَٰنٗا فَهُوَ لَهُۥ قَرِينٞ ٣٦
And whoever is blinded from remembrance of the Most Merciful - We appoint for him a devil, and he is to him a companion.
যিয়ে কোৰআনখন মনোযোগ সহকাৰে নপঢ়াকৈ ইয়াৰ পৰা বিমুখ হয়, শাস্তিস্বৰূপে সেই ব্যক্তিৰ ওপৰত এজন চয়তান নিযুক্ত কৰা হয়। সেই চয়তান সদায় তাৰ লগত থাকে আৰু তাৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে।
43:37Page 492
وَإِنَّهُمۡ لَيَصُدُّونَهُمۡ عَنِ ٱلسَّبِيلِ وَيَحۡسَبُونَ أَنَّهُم مُّهۡتَدُونَ ٣٧
And indeed, they [i.e., the devils] avert them from the way [of guidance] while they think that they are [rightly] guided
কোৰআনৰ পৰা বিমুখ হোৱা লোকসকলৰ ওপৰত নিযুক্ত কৰা চয়তানে সিহঁতক আল্লাহৰ দ্বীন পালন কৰিবলৈ বাধা দিয়ে। সেইকাৰণেই সিহঁতে আল্লাহৰ আদেশ পালন নকৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত নাথাকে। লগতে সিহঁতে ভাবে যে, সিহঁত সত্যৰ হিদায়তপ্ৰাপ্ত। সেইকাৰণেই সিহঁতে নিজৰ পথভ্ৰষ্টতাৰ পৰা তাওবা নকৰে।
43:38Page 492
حَتَّىٰٓ إِذَا جَآءَنَا قَالَ يَٰلَيۡتَ بَيۡنِي وَبَيۡنَكَ بُعۡدَ ٱلۡمَشۡرِقَيۡنِ فَبِئۡسَ ٱلۡقَرِينُ ٣٨
Until, when he comes to Us [at Judgement], he says [to his companion], "How I wish there was between me and you the distance between the east and west; and what a wretched companion."
আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা এই ব্যক্তি যেতিয়া কিয়ামতৰ দিনা আমাৰ ওচৰলৈ আহি উপস্থিত হ’ব, তেতিয়া আফচোচ কৰি ক’বঃ হায়! হে সঙ্গী! তোমাৰ আৰু মোৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে দূৰত্ব হ’লহেঁতেন। তুমি মোৰ কিমান বেয়া সঙ্গী আছিলা!
43:39Page 492
وَلَن يَنفَعَكُمُ ٱلۡيَوۡمَ إِذ ظَّلَمۡتُمۡ أَنَّكُمۡ فِي ٱلۡعَذَابِ مُشۡتَرِكُونَ ٣٩
And never will it benefit you that Day, when you have wronged, that you are [all] sharing in the punishment.
কিয়ামতৰ দিনা আল্লাহে কাফিৰসকলক ক’বঃ আজি তোমালোকৰ এই আফচোচে কোনো লাভ নিদিব, যিহেতু তোমালোকে শ্বিৰ্ক আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছা। তোমালোক উভয়ে শাস্তিৰ যোগ্য। তোমালোকৰ অংশীদাৰসকলে তোমালোকৰ শাস্তিৰ এটা অংশও বহন নকৰিব।
43:40Page 492
أَفَأَنتَ تُسۡمِعُ ٱلصُّمَّ أَوۡ تَهۡدِي ٱلۡعُمۡيَ وَمَن كَانَ فِي ضَلَٰلٖ مُّبِينٖ ٤٠
Then will you make the deaf hear, [O Muḥammad], or guide the blind or he who is in clear error?
নিশ্চয় ইহঁত হৈছে বধিৰ, সত্য শুনা নাপায় তথা সত্যক দেখাও নাপায়। এতেকে হে ৰাছুল! আপুনি বধিৰক শুনাব পাৰিবনে? অথবা অন্ধক পথ দেখাব পাৰিবনে? নাইবা স্পষ্ট পথভ্ৰষ্ট ব্যক্তিক সঠিক পথৰ হিদায়ত দিব পাৰিবনে?!
43:41Page 492
فَإِمَّا نَذۡهَبَنَّ بِكَ فَإِنَّا مِنۡهُم مُّنتَقِمُونَ ٤١
And whether [or not] We take you away [in death], indeed, We will take retribution upon them.
(হে ৰাছুল!) আপোনাক যদি আমি উঠায়ো লওঁ -অৰ্থাৎ সিহঁতক শাস্তি বিহাৰ পূৰ্বেই যদি আপোনাক মৃত্যু দিওঁ- তথাপিও আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। পৃথিৱীতো আমি সিহঁতক শাস্তি বিহিম আৰু আখিৰাততো শাস্তি দিম।
43:42Page 492
أَوۡ نُرِيَنَّكَ ٱلَّذِي وَعَدۡنَٰهُمۡ فَإِنَّا عَلَيۡهِم مُّقۡتَدِرُونَ ٤٢
Or whether [or not] We show you that which We have promised them, indeed, We are Perfect in Ability.
নাইবা সিহঁতক আমি যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, তাৰে এটা অংশ আপোনাক দেখাবও পাৰোঁ। নিশ্চয় আমি এই ক্ষেত্ৰত পূৰ্ণ সামৰ্থৱান। কোনো ক্ষেত্ৰতেই সিহঁতে আমাৰ মোকাবিলা কৰিব নোৱাৰে।
43:43Page 492
فَٱسۡتَمۡسِكۡ بِٱلَّذِيٓ أُوحِيَ إِلَيۡكَۖ إِنَّكَ عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٤٣
So adhere to that which is revealed to you. Indeed, you are on a straight path.
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে আপোনালৈ যি অহী কৰিছে, সেইটোক আপুনি মজবুতভাৱে ধাৰণ কৰক তথা সেইমতে আমল কৰক। নিশ্চয় আপুনি সত্যৰ ওপৰত আছে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাই।
43:44Page 492
وَإِنَّهُۥ لَذِكۡرٞ لَّكَ وَلِقَوۡمِكَۖ وَسَوۡفَ تُسۡـَٔلُونَ ٤٤
And indeed, it is a remembrance1 for you and your people, and you [all] are going to be questioned.
নিশ্চয় এই কোৰআন আপোনাৰ বাবে আৰু আপোনাৰ উম্মতৰ বাবে হৈছে সন্মান। নিশ্চয় কিয়ামতৰ দিনা ইয়াৰ প্ৰতি ঈমান সম্পৰ্কে, ইয়াৰ দিশ-নিৰ্দেশনাৰ অনুসৰণ সম্পৰ্কে আৰু ইয়াৰ প্ৰতি আহ্বান সম্পৰ্কে আপোনালোকক সোধ-পোচ কৰা হ’ব।
43:45Page 492
وَسۡـَٔلۡ مَنۡ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رُّسُلِنَآ أَجَعَلۡنَا مِن دُونِ ٱلرَّحۡمَٰنِ ءَالِهَةٗ يُعۡبَدُونَ ٤٥
And ask those We sent before you of Our messengers; have We made besides the Most Merciful deities to be worshipped?
হে ৰাছুল! আপুনি আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলকো সুধি চাব পাৰে, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা কোনো উপাস্য নিৰ্ধাৰণ কৰিছিলোঁ নেকি?!
43:46Page 492
وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَآ إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَقَالَ إِنِّي رَسُولُ رَبِّ ٱلۡعَٰلَمِينَ ٤٦
And certainly did We send Moses with Our signs to Pharaoh and his establishment, and he said, "Indeed, I am the messenger of the Lord of the worlds."
নিশ্চয় আমি মুছাক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলৰ ওচৰলৈ নিদৰ্শন সহকাৰে প্ৰেৰণ কৰিছিলোঁ, তেওঁ সিহঁতক কৈছিলঃ নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল।
43:47Page 492
فَلَمَّا جَآءَهُم بِـَٔايَٰتِنَآ إِذَا هُم مِّنۡهَا يَضۡحَكُونَ ٤٧
But when he brought them Our signs, at once they laughed at them.
কিন্তু তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনসমূহ লৈ উপস্থিত হ'ল, তেতিয়া সিহঁতে তেওঁক ঠাট্টা-মস্কৰা তথা উপহাস কৰিবলৈ ধৰিলে।
43:48Page 493
وَمَا نُرِيهِم مِّنۡ ءَايَةٍ إِلَّا هِيَ أَكۡبَرُ مِنۡ أُخۡتِهَاۖ وَأَخَذۡنَٰهُم بِٱلۡعَذَابِ لَعَلَّهُمۡ يَرۡجِعُونَ ٤٨
And We showed them not a sign except that it was greater than its sister, and We seized them with affliction that perhaps they might return [to faith].
আমি মুছা আলাইহিচ্ছালামৰ চৰীয়তৰ সত্যতা প্ৰমাণ কৰিবলৈ ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলক যিবোৰ নিদৰ্শন দেখুৱাইছিলোঁ, সেইবোৰৰ প্ৰত্যেকটো নিদৰ্শন পূৰ্বৱৰ্তী নিদৰ্শনতকৈ ডাঙৰ আছিল। আমি সিহঁতক পৃথিৱীতেই শাস্তি বিহিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা বিৰত থাকে। কিন্তু ইয়াৰ কোনো সুফল নাছিল।
43:49Page 493
وَقَالُواْ يَٰٓأَيُّهَ ٱلسَّاحِرُ ٱدۡعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِندَكَ إِنَّنَا لَمُهۡتَدُونَ ٤٩
And they said [to Moses], "O magician, invoke for us your Lord by what He has promised you. Indeed, we will be guided."
এতেকে যেতিয়া সিহঁত কিছুমান শাস্তিৰ সন্মুখীন হ’ল, তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, যিহেতু তেওঁ প্ৰতিশ্ৰুতি দিছে যে, আমি ঈমান আনিলে তেওঁ আমাৰ পৰা এই শাস্তি উঠাই লব। গতিকে তেওঁ যদি এই শাস্তি উঠাই লয় তেন্তে আমি তেওঁৰ প্ৰতি ঈমান আনিম।
43:50Page 493
فَلَمَّا كَشَفۡنَا عَنۡهُمُ ٱلۡعَذَابَ إِذَا هُمۡ يَنكُثُونَ ٥٠
But when We removed from them the affliction, at once they broke their word.
কিন্তু যেতিয়া আমি সিহঁতৰ পৰা শাস্তি উঠাই ল’লোঁ, তেতিয়া দেখা গ’ল সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে আৰু কথা দি কথা নাৰাখিলে।
43:51Page 493
وَنَادَىٰ فِرۡعَوۡنُ فِي قَوۡمِهِۦ قَالَ يَٰقَوۡمِ أَلَيۡسَ لِي مُلۡكُ مِصۡرَ وَهَٰذِهِ ٱلۡأَنۡهَٰرُ تَجۡرِي مِن تَحۡتِيٓۚ أَفَلَا تُبۡصِرُونَ ٥١
And Pharaoh called out among his people; he said, "O my people, does not the kingdom of Egypt belong to me, and these rivers flowing beneath me; then do you not see?
ফিৰআউনে শাসনৰ নিচাত মতলীয়া হৈ প্ৰজাসকলক সম্বোধন কৰি ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মিচৰৰ শাসনভাৰ মোৰ হাতত নহয় জানো? তথা নীল নদীৰ পৰা মোৰ অট্টালিকাৰ তলদেশেৰে বৈ অহা এই নৈবোৰ মোৰ সাম্ৰাজ্যৰ অন্তৰ্গত নহয় জানো? তোমালোকে মোৰ সাম্ৰাজ্য দেখা নোপোৱা নেকি? তথা মোৰ মহানতা তোমালোকে চিনি নোপোৱা নেকি?
43:52Page 493
أَمۡ أَنَا۠ خَيۡرٞ مِّنۡ هَٰذَا ٱلَّذِي هُوَ مَهِينٞ وَلَا يَكَادُ يُبِينُ ٥٢
Or am I [not] better than this one [i.e., Moses] who is insignificant and hardly makes himself clear?1
নিশ্চয় মই মুছাতকৈ উত্তম। সি হৈছে বিতাৰিত, দুৰ্বল, যিয়ে ভালকৈ কথাও ক’ব নোৱাৰে।
43:53Page 493
فَلَوۡلَآ أُلۡقِيَ عَلَيۡهِ أَسۡوِرَةٞ مِّن ذَهَبٍ أَوۡ جَآءَ مَعَهُ ٱلۡمَلَٰٓئِكَةُ مُقۡتَرِنِينَ ٥٣
Then why have there not been placed upon him bracelets of gold or come with him the angels in conjunction?"
যদি এওঁ সঁচাই প্ৰেৰিত ৰাছুল, তেন্তে এওঁক প্ৰেৰণ কৰা আল্লাহে এওঁৰ ওপৰত সোণৰ খাৰু কিয় অৱতীৰ্ণ নকৰিলে, যাতে এই কথা স্পষ্ট হৈ পৰে যে, তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। অথবা তেওঁৰ ওচৰলৈ ধাৰাবাহিকভাৱে ফিৰিস্তা কিয় নাহে?
43:54Page 493
فَٱسۡتَخَفَّ قَوۡمَهُۥ فَأَطَاعُوهُۚ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ ٥٤
So he bluffed his people, and they obeyed him. Indeed, they were [themselves] a people defiantly disobedient [of Allāh].
এইদৰে ফিৰআউনে তাৰ সম্প্ৰদায়ক প্ৰতাৰণা কৰিলে, আৰু মানুহেও তাৰ এই বিভ্ৰান্তিমূলক কথাত বিশ্বাস কৰিলে। নিশ্চয় সিহঁত আছিল আল্লাহৰ অবাধ্যতাকাৰী লোক।
43:55Page 493
فَلَمَّآ ءَاسَفُونَا ٱنتَقَمۡنَا مِنۡهُمۡ فَأَغۡرَقۡنَٰهُمۡ أَجۡمَعِينَ ٥٥
And when they angered Us, We took retribution from them and drowned them all.
এতেকে কুফৰীৰ ওপৰত অবিচল থাকি সিহঁতে যেতিয়া আমাক ক্ৰোধান্বিত কৰিলে, তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences