Al-Mukhtasar · Tafsir · in Assamese
غافر
Ghafir
The Forgiver · Meccan · 85 ayahs
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
40:2Page 467
تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡعَلِيمِ ٢
The revelation of the Book [i.e., the Qur’ān] is from Allāh, the Exalted in Might, the Knowing,
পৱিত্ৰ কোৰআন মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যি সত্ত্বাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। এইখন তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ।
40:3Page 467
غَافِرِ ٱلذَّنۢبِ وَقَابِلِ ٱلتَّوۡبِ شَدِيدِ ٱلۡعِقَابِ ذِي ٱلطَّوۡلِۖ لَآ إِلَٰهَ إِلَّا هُوَۖ إِلَيۡهِ ٱلۡمَصِيرُ ٣
The forgiver of sin, acceptor of repentance, severe in punishment, owner of abundance. There is no deity except Him; to Him is the destination.
তেৱেঁই পাপীসকলৰ পাপ মাৰ্জনাকাৰী। তেৱেঁই তাওবাকাৰী বান্দাসকলৰ তাওবা গ্ৰহণকাৰী। কিন্তু তেওঁ তাওবা নকৰা ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদানকাৰী। তেওঁ অনুগ্ৰহশীল, উপকাৰকাৰী সত্ত্বা। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কিয়ামতৰ দিনা বান্দাসকলৰ শেষ প্ৰত্যাৱৰ্তন একমাত্ৰ তেওঁৰ ওচৰতেই। তেৱেঁই বান্দাসকলক প্ৰাপ্য অনুযায়ী প্ৰতিদান দান কৰিব।
40:4Page 467
مَا يُجَٰدِلُ فِيٓ ءَايَٰتِ ٱللَّهِ إِلَّا ٱلَّذِينَ كَفَرُواْ فَلَا يَغۡرُرۡكَ تَقَلُّبُهُمۡ فِي ٱلۡبِلَٰدِ ٤
No one disputes concerning the signs of Allāh except those who disbelieve, so be not deceived by their [uninhibited] movement throughout the land.
আল্লাহৰ তাওহীদ আৰু তেওঁৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰা আয়াতসমূহকলৈ কেৱল সেইসকল লোকেই বাক-বিতণ্ডা কৰে, যিসকলে বিবেকহীনতাৰ কাৰণে আল্লাহৰ লগত কুফৰী কৰিছে। গতিকে সিহঁতকলৈ আপুনি চিন্তিত নহ’ব। তথা সিহঁতক প্ৰদান কৰা প্ৰশস্ত জীৱিকা আৰু নিয়ামতবোৰকলৈও আপুনি ভুল নবুজিব। কাৰণ সেইবোৰ সিহঁতক অৱকাশ দিয়াৰ বাবে আৰু চক্ৰান্তমূলকভাৱে প্ৰদান কৰা হৈছে।
40:5Page 467
كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَٱلۡأَحۡزَابُ مِنۢ بَعۡدِهِمۡۖ وَهَمَّتۡ كُلُّ أُمَّةِۭ بِرَسُولِهِمۡ لِيَأۡخُذُوهُۖ وَجَٰدَلُواْ بِٱلۡبَٰطِلِ لِيُدۡحِضُواْ بِهِ ٱلۡحَقَّ فَأَخَذۡتُهُمۡۖ فَكَيۡفَ كَانَ عِقَابِ ٥
The people of Noah denied before them and the [disbelieving] factions after them, and every nation intended [a plot] for their messenger to seize him, and they disputed by [using] falsehood to [attempt to] invalidate thereby the truth. So I seized them, and how [terrible] was My penalty.
ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়েও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰদায়ৰ পিছত বহুতো সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰদায়, মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁতৰ ওপৰত আমাৰ শাস্তি কেনেকুৱা আছিল। কিয়নো সিহঁতক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল।
40:6Page 467
وَكَذَٰلِكَ حَقَّتۡ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ كَفَرُوٓاْ أَنَّهُمۡ أَصۡحَٰبُ ٱلنَّارِ ٦
And thus has the word [i.e., decree] of your Lord come into effect upon those who disbelieved that they are companions of the Fire.
হে ৰাছুল! যিদৰে আল্লাহে পূৰ্বৱৰ্তী অস্বীকাৰ কৰা উম্মতবোৰৰ বিষয়ে সিহঁতক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছিল, ঠিক সেইদৰেই কাফিৰসকলৰ প্ৰতিও আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত অনিবাৰ্য হৈ পৰিছে যে, নিশ্চিতভাৱে সিহঁত জাহান্নামী।
40:7Page 467
ٱلَّذِينَ يَحۡمِلُونَ ٱلۡعَرۡشَ وَمَنۡ حَوۡلَهُۥ يُسَبِّحُونَ بِحَمۡدِ رَبِّهِمۡ وَيُؤۡمِنُونَ بِهِۦ وَيَسۡتَغۡفِرُونَ لِلَّذِينَ ءَامَنُواْۖ رَبَّنَا وَسِعۡتَ كُلَّ شَيۡءٖ رَّحۡمَةٗ وَعِلۡمٗا فَٱغۡفِرۡ لِلَّذِينَ تَابُواْ وَٱتَّبَعُواْ سَبِيلَكَ وَقِهِمۡ عَذَابَ ٱلۡجَحِيمِ ٧
Those [angels] who carry the Throne and those around it exalt [Allāh] with praise of their Lord and believe in Him and ask forgiveness for those who have believed, [saying], "Our Lord, You have encompassed all things in mercy and knowledge, so forgive those who have repented and followed Your way and protect them from the punishment of Hellfire.
হে ৰাছুল! যিসকল ফিৰিস্তাই আপোনাৰ প্ৰতিপালকৰ আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে পৰিবেষ্টন কৰি আছে, তেওঁলোক আটায়ে নিজ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰে, প্ৰত্যেক সেইবোৰ বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে অনুচিত। তেওঁলোকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত প্ৰাৰ্থনা কৰে। তেওঁলোকে দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তোমাৰ জ্ঞান আৰু তোমাৰ ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। গতিকে সেইসকল লোকৰ গুনাহ মাৰ্জনা কৰি দিয়া, যিসকলে নিজৰ গুনাহৰ পৰা তাওবা কৰিছে আৰু তোমাৰ দ্বীনৰ অনুসৰণ কৰিছে। তথা তেওঁলোকক জাহান্নামৰ অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা।
40:8Page 468
رَبَّنَا وَأَدۡخِلۡهُمۡ جَنَّٰتِ عَدۡنٍ ٱلَّتِي وَعَدتَّهُمۡ وَمَن صَلَحَ مِنۡ ءَابَآئِهِمۡ وَأَزۡوَٰجِهِمۡ وَذُرِّيَّٰتِهِمۡۚ إِنَّكَ أَنتَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٨
Our Lord, and admit them to gardens of perpetual residence which You have promised them and whoever was righteous among their forefathers, their spouses and their offspring. Indeed, it is You who is the Exalted in Might, the Wise.
ফিৰিস্তাসকলে কয়ঃ হে আমাৰ প্ৰতিপালক! মুমিনসকলক সেই চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা, যি জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা। তেওঁলোকৰ সৈতে তেওঁলোকৰ পূৰ্বপুৰুষ, স্ত্ৰী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে নেক আমল কৰিছিল, তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি মহা পৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তুমি যোগান ধৰাত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
40:9Page 468
وَقِهِمُ ٱلسَّيِّـَٔاتِۚ وَمَن تَقِ ٱلسَّيِّـَٔاتِ يَوۡمَئِذٖ فَقَدۡ رَحِمۡتَهُۥۚ وَذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ ٩
And protect them from the evil consequences [of their deeds]. And he whom You protect from evil consequences that Day - You will have given him mercy. And that is the great attainment."
তথা তেওঁলোকক তেওঁলোকৰ বেয়া কৰ্মৰ দুষ্পৰিণামৰ পৰা সুৰক্ষা প্ৰদান কৰা, সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক শাস্তি নিবিহিবা। এই কথা নিশ্চিত যে, কিয়ামতৰ দিনা যাক তুমি বেয়া কৰ্মৰ শাস্তিৰ পৰা সুৰক্ষিত ৰাখিবা, তেওঁ নিশ্চয় ৰহমতপ্ৰাপ্ত। দৰাচলতে শাস্তিৰ পৰা ৰক্ষা পোৱা আৰু জান্নাতত প্ৰৱেশ কৰাৰ কৃপা আদিয়েই হৈছে মহা সফলতা। কোনো সফলতাৰেই ইয়াক তুলনা কৰিব নোৱাৰি।
40:10Page 468
إِنَّ ٱلَّذِينَ كَفَرُواْ يُنَادَوۡنَ لَمَقۡتُ ٱللَّهِ أَكۡبَرُ مِن مَّقۡتِكُمۡ أَنفُسَكُمۡ إِذۡ تُدۡعَوۡنَ إِلَى ٱلۡإِيمَٰنِ فَتَكۡفُرُونَ ١٠
Indeed, those who disbelieve will be addressed, "The hatred of Allāh for you was [even] greater than your hatred of yourselves [this Day in Hell] when you were invited to faith, but you disbelieved [i.e., refused]."
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনা সিহঁতে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব তথা নিজেই নিজকে ভৰ্ৎসনা কৰিব আৰু অভিশাপ কৰিব তেতিয়া সিহঁতক মাতি কোৱা হ’বঃ আজি তোমালোকে নিজৰ ওপৰত যিমান ক্ৰোধান্বিত হৈছা, ইয়াতকৈও অধিক আল্লাহ তাআলা তোমালোকৰ ওপৰত ক্ৰোধান্বিত হৈছিল যেতিয়া তোমালোকে পৃথিৱীত আল্লাহৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰিছিলা। আৰু তেওঁৰ সৈতে বহুতো উপাস্য গ্ৰহণ কৰিছিলা।
40:11Page 468
قَالُواْ رَبَّنَآ أَمَتَّنَا ٱثۡنَتَيۡنِ وَأَحۡيَيۡتَنَا ٱثۡنَتَيۡنِ فَٱعۡتَرَفۡنَا بِذُنُوبِنَا فَهَلۡ إِلَىٰ خُرُوجٖ مِّن سَبِيلٖ ١١
They will say, "Our Lord, You made us lifeless twice and gave us life twice, and we have confessed our sins. So is there to an exit any way?"
কাফিৰসকলে সেইসময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিব যেতিয়া সিহঁতৰ স্বীকাৰোক্তি আৰু তাওবা একোৱে কামত নাহিব। সিহঁতে ক’বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা, প্ৰথমবাৰ যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল, তুমিয়েই আমাক অস্তিত্ব প্ৰদান কৰিছা। আৰু দ্বিতীয় মৃত্যু, সেই অস্তিত্বৰ পিছত তুমি আমাক মৃত্যু প্ৰদান কৰিছা। তথা দুবাৰকৈ আমাক জীৱনো দান কৰিছা। যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল তেতিয়া তুমিয়ে আমাক জীৱন দান কৰিছা, আৰু দ্বিতীয়বাৰ আমাক জীৱন দান কৰিছা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰি। গতিকে আমি এতিয়া আমাৰ অপৰাধবোৰ স্বীকাৰ কৰিছোঁ। এতেকে জাহান্নামৰ পৰা উলিওৱাৰ কোনো উপায় আছেনে? যাতে আমি পাৰ্থিৱ জীৱনলৈ উভতি গৈ আমাৰ আমলসমূহ সংশোধন কৰিব পাৰোঁ, যাতে তুমি সন্তুষ্ট হোৱা!
40:12Page 468
ذَٰلِكُم بِأَنَّهُۥٓ إِذَا دُعِيَ ٱللَّهُ وَحۡدَهُۥ كَفَرۡتُمۡ وَإِن يُشۡرَكۡ بِهِۦ تُؤۡمِنُواْۚ فَٱلۡحُكۡمُ لِلَّهِ ٱلۡعَلِيِّ ٱلۡكَبِيرِ ١٢
[They will be told], "That is because, when Allāh was called upon alone, you disbelieved; but if others were associated with Him, you believed. So the judgement is with Allāh, the Most High, the Grand."
তোমালোকক এই শাস্তি দিয়াৰ কাৰণ হৈছে, তোমালোকক যেতিয়া এক আল্লাহৰ প্ৰতি আহ্বান কৰা হৈছিল আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিবলৈ বাৰণ কৰা হৈছিল, তেতিয়া তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা আৰু আল্লাহৰ লগত শ্বিৰ্ক কৰিছিলা। কিন্তু যেতিয়া আল্লাহৰ সৈতে অন্য উপাস্যক অংশী কৰা হৈছিল, তেতিয়া সেইটো তোমালোকে সহজেই মানি লৈছিলা। এতেকে শুনা! আজি চূড়ান্ত সিদ্ধান্ত প্ৰদানৰ দায়িত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সত্ত্বাগতভাৱে, ক্ষমতাৰ ক্ষেত্ৰত আৰু প্ৰতাপৰ ক্ষেত্ৰত অতি উচ্চ। তেওঁ আটাইতকৈ মহান, সকলো বস্তু তেওঁতকৈ সৰু।
40:13Page 468
هُوَ ٱلَّذِي يُرِيكُمۡ ءَايَٰتِهِۦ وَيُنَزِّلُ لَكُم مِّنَ ٱلسَّمَآءِ رِزۡقٗاۚ وَمَا يَتَذَكَّرُ إِلَّا مَن يُنِيبُ ١٣
It is He who shows you His signs and sends down to you from the sky, provision. But none will remember except he who turns back [in repentance].
আল্লাহেই তোমালোকক মহাকাশত আৰু স্বয়ং তোমালোকৰ মাজত তেওঁৰ নিদৰ্শনসমূহ দেখুৱায়। যাতে তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু তাওহীদ সম্পৰ্কে পৰিচিত কৰাব পাৰে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যাতে ইয়াৰ দ্বাৰা গছ-গছনি আৰু শস্য আদি উৎপন্ন হয় যিবোৰ তোমালোকে ভক্ষণ কৰা। আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপদেশ গ্ৰহণ কৰে, যিসকলে নিৰ্ভেজালভাৱে তাওবা কৰি তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰে।
40:14Page 468
فَٱدۡعُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ وَلَوۡ كَرِهَ ٱلۡكَٰفِرُونَ ١٤
So invoke Allāh, [being] sincere to Him in religion, although the disbelievers dislike it.
এতেকে হে মুমিনসকল! তোমালোকে নিৰ্ভেজালভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ওচৰত দুআ কৰা। তেওঁৰ সৈতে শ্বিৰ্ক নকৰিবা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰক অথবা ক্ৰোধান্বিত হওক।
40:15Page 468
رَفِيعُ ٱلدَّرَجَٰتِ ذُو ٱلۡعَرۡشِ يُلۡقِي ٱلرُّوحَ مِنۡ أَمۡرِهِۦ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦ لِيُنذِرَ يَوۡمَ ٱلتَّلَاقِ ١٥
[He is] the Exalted above [all] degrees, Owner of the Throne; He places the inspiration of His command [i.e., revelation] upon whom He wills of His servants to warn of the Day of Meeting.
নিৰ্ভেজাল আনুগত্য আৰু নিৰ্ভেজাল দুআৰ একমাত্ৰ তেৱেঁই উপযুক্ত। কাৰণ তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰু গোটেই সৃষ্টিজগতৰ পৰা পৃথক। তেৱেঁই মহা আৰছৰ প্ৰতিপালক। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰতেই অহী প্ৰেৰণ কৰে। যাতে তেওঁলোক নিজেও সতৰ্ক থাকে আৰু আনকো সতৰ্ক কৰিব পাৰে। তথা সেই কিয়ামত সম্পৰ্কে যাতে মানুহক সতৰ্ক কৰে যিদিনা পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলোৱে একত্ৰিত হ’ব।
40:16Page 468
يَوۡمَ هُم بَٰرِزُونَۖ لَا يَخۡفَىٰ عَلَى ٱللَّهِ مِنۡهُمۡ شَيۡءٞۚ لِّمَنِ ٱلۡمُلۡكُ ٱلۡيَوۡمَۖ لِلَّهِ ٱلۡوَٰحِدِ ٱلۡقَهَّارِ ١٦
The Day they come forth nothing concerning them will be concealed from Allāh. To whom belongs [all] sovereignty this Day? To Allāh, the One, the Prevailing.1
যিদিনা সকলোৱে এটা স্থানতে একত্ৰিত হ'ব। সিহঁতৰ কোনো বিষয়েই আল্লাহৰ পৰা গোপন নাথাকিব। সিহঁতৰ ব্যক্তিত্ব সম্পৰ্কেই হওক অথবা সিহঁতৰ কৰ্ম সম্পৰ্কে নাইবা সিহঁতৰ প্ৰতিফল সম্পৰ্কে। তেওঁ সুধিবঃ আজি ৰাজত্ব কাৰ, আজি এটা উত্তৰৰ বাহিৰে আন কোনো উপায় নাই। ৰাজত্ব একমাত্ৰ আল্লাহৰ, যিজন সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক। তেওঁ সৰ্বশক্তিমান, প্ৰত্যেক বস্তু তেওঁৰেই অধীনস্থ। তথা প্ৰত্যেকেই তেওঁৰ আগত শিৰনত কৰিবলৈ বাধ্য।
40:17Page 469
ٱلۡيَوۡمَ تُجۡزَىٰ كُلُّ نَفۡسِۭ بِمَا كَسَبَتۡۚ لَا ظُلۡمَ ٱلۡيَوۡمَۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلۡحِسَابِ ١٧
This Day every soul will be recompensed for what it earned. No injustice today! Indeed, Allāh is swift in account.
আজি প্ৰত্যেক প্ৰাণীকেই নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়া হ’ব। কৰ্ম ভাল হ’লে, প্ৰতিফল ভাল পাব। আনহাতে বেয়া হ’লে, বেয়া প্ৰতিফল পাব। আজি কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কাৰণ ফয়চালাকাৰী হৈছে স্বয়ং আল্লাহ, তেওঁ সদায় ন্যায় ফয়চালা কৰে। নিশ্চয় আল্লাহ বান্দাসকলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী। কিয়নো তেওঁৰ জ্ঞানে সিহঁতক পৰিবেষ্টন কৰি আছে।
40:18Page 469
وَأَنذِرۡهُمۡ يَوۡمَ ٱلۡأٓزِفَةِ إِذِ ٱلۡقُلُوبُ لَدَى ٱلۡحَنَاجِرِ كَٰظِمِينَۚ مَا لِلظَّٰلِمِينَ مِنۡ حَمِيمٖ وَلَا شَفِيعٖ يُطَاعُ ١٨
And warn them, [O Muḥammad], of the Approaching Day, when hearts are at the throats, filled [with distress]. For the wrongdoers there will be no devoted friend and no intercessor [who is] obeyed.
হে ৰাছুল! আপুনি ইহঁতক কিয়ামত দিৱস সম্পৰ্কে সতৰ্ক কৰক। নিশ্চয় কিয়ামত নিকটৱৰ্তী, তথা অৱশ্যম্ভাৱী। জানি থোৱা উচিত যে, প্ৰত্যেক আহিবলগীয়া বিষয়েই হৈছে নিকটৱৰ্তী। সেইদিনাৰ পৰিৱেশ ইমান ভয়াৱহ হ’ব যে, কষ্টত মানুহৰ প্ৰাণ কণ্ঠগত হ’ব। সকলোৱে মৌন হৈ থাকিব। কেৱল সেই ব্যক্তিয়ে কথা কোৱাৰ সাহস কৰিব, যাক ৰহমানে কথা কোৱাৰ অনুমতি প্ৰদান কৰিব। যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতৰ কোনো বন্ধুও নাথাকিব আৰু কোনো নিকটৱৰ্তী লোকো নাথাকিব। তথা এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব, যাৰ মধ্যস্ততা গ্ৰহণ কৰা হ’ব।
40:19Page 469
يَعۡلَمُ خَآئِنَةَ ٱلۡأَعۡيُنِ وَمَا تُخۡفِي ٱلصُّدُورُ ١٩
He knows that which deceives the eyes and what the breasts conceal.
গোপনে দৃষ্টিপাত কৰা ব্যক্তিৰ দৃষ্টি সম্পৰ্কেও আল্লাহে অৱগত, আৰু অন্তৰত থকা গোপন বিষয় সম্পৰ্কেও অৱগত। মহান আল্লাহৰ পৰা একোৱেই গোপন নহয়।
40:20Page 469
وَٱللَّهُ يَقۡضِي بِٱلۡحَقِّۖ وَٱلَّذِينَ يَدۡعُونَ مِن دُونِهِۦ لَا يَقۡضُونَ بِشَيۡءٍۗ إِنَّ ٱللَّهَ هُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ٢٠
And Allāh judges with truth, while those they invoke1 besides Him judge not with anything. Indeed, Allāh - He is the Hearing, the Seeing.
আল্লাহে ন্যায়ৰ সৈতে ফয়চালা কৰিব। কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা কাৰোবাৰ গুনাহ বৃদ্ধি কৰি কাৰো অন্যায় নকৰিব। মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সিহঁতৰ ফয়চালা কৰাৰ কোনো অধিকাৰ নাই। কিয়নো সিহঁত একোৰেই অধিকাৰী নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী। তথা সিহঁতৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে অৱগত। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
40:21Page 469
۞ أَوَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَيَنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ كَانُواْ مِن قَبۡلِهِمۡۚ كَانُواْ هُمۡ أَشَدَّ مِنۡهُمۡ قُوَّةٗ وَءَاثَارٗا فِي ٱلۡأَرۡضِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمۡ وَمَا كَانَ لَهُم مِّنَ ٱللَّهِ مِن وَاقٖ ٢١
Have they not traveled through the land and observed how was the end of those who were before them? They were greater than them in strength and in impression on the land, but Allāh seized them for their sins. And they had not from Allāh any protector.
এই মুশ্বৰিকসকলে পৃথিৱীত চলাফুৰা কৰা নাই নেকি, তেতিয়াহে চিন্তা কৰিব পাৰিলেহেঁতেন যে, বিগত অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল। নিশ্চিতভাৱে সিহঁতৰ শেষ পৰিণাম বেয়া আছিল। সেইবোৰ উম্মতৰ লোকসকল ইহঁততকৈও শক্তিশালী আছিল। পৃথিৱীৰ বুকুত এনেকুৱা এনেকুৱা অট্টালিকা নিৰ্মাণ কৰিছিল যিবোৰ ইহঁতৰ দ্বাৰা সম্ভৱ নহয়। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছিল। কোনেও সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
40:22Page 469
ذَٰلِكَ بِأَنَّهُمۡ كَانَت تَّأۡتِيهِمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِ فَكَفَرُواْ فَأَخَذَهُمُ ٱللَّهُۚ إِنَّهُۥ قَوِيّٞ شَدِيدُ ٱلۡعِقَابِ ٢٢
That was because their messengers were coming to them with clear proofs, but they disbelieved, so Allāh seized them. Indeed, He is Powerful and severe in punishment.
এই শাস্তি সিহঁতে এইকাৰণে ভোগ কৰিবলগীয়া হৈছিল, কাৰণ সিহঁতৰ ওচৰত ধাৰাহিকভাৱে আল্লাহৰ ফালৰ পৰা ৰাছুল আৰু স্পষ্ট দলিল-প্ৰমাণ তথা অকাট্য যুক্তি আহিছিল, তথাপিও সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক ধ্বংস কৰিছিল। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিব, নিশ্চয় আল্লাহে তাক কঠোৰ শাস্তি বিহিব। আল্লাহ সৰ্বশক্তিমান, অতি পৱিত্ৰ।
40:23Page 469
وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ ٢٣
And We did certainly send Moses with Our signs and a clear authority1
নিশ্চয় আমি মুছা আলাইহিচ্ছালামক স্পষ্ট নিদৰ্শন আৰু অকাট্য প্ৰমাণৰ সৈতে প্ৰেৰণ কৰিছিলোঁ।
40:24Page 469
إِلَىٰ فِرۡعَوۡنَ وَهَٰمَٰنَ وَقَٰرُونَ فَقَالُواْ سَٰحِرٞ كَذَّابٞ ٢٤
To Pharaoh, Hāmān and Qārūn, but they said, "[He is] a magician and a liar."
ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান আৰু কাৰূনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সিহঁতে কৈছিলঃ মুছা হৈছে এজন যাদুকৰ। তথা তেওঁ ৰাছুল হোৱাৰ যি দাবী কৰি আছে, এই ক্ষেত্ৰত তেওঁ এজন মিছলীয়া।
40:25Page 469
فَلَمَّا جَآءَهُم بِٱلۡحَقِّ مِنۡ عِندِنَا قَالُواْ ٱقۡتُلُوٓاْ أَبۡنَآءَ ٱلَّذِينَ ءَامَنُواْ مَعَهُۥ وَٱسۡتَحۡيُواْ نِسَآءَهُمۡۚ وَمَا كَيۡدُ ٱلۡكَٰفِرِينَ إِلَّا فِي ضَلَٰلٖ ٢٥
And when he brought them the truth from Us, they said, "Kill the sons of those who have believed with him and keep their women alive." But the plan of the disbelievers is not except in error.
যেতিয়া মুছাই সিহঁতৰ ওচৰলৈ তেওঁৰ সত্যতাৰ প্ৰমাণ লৈ উপস্থিত হ'ল, তেতিয়া ফিৰআউনে ক’লেঃ যিসকলে তেওঁৰ ওপৰত ঈমান আনিছে, সিহঁতৰ সন্তানসকলক হত্যা কৰা, আৰু সিহঁতৰ স্ত্ৰীসকলক অপমানিত অৱস্থাত জীৱিত ৰখা। কাফিৰসকলে মুমিনসকলৰ সংখ্যা হ্ৰাস কৰাৰ যি চক্ৰান্ত কৰিছিল, নিশ্চিতভাৱে সেই চক্ৰান্ত ধ্বংস হ’বলগীয়াই আছিল। যাৰ কোনো প্ৰভাৱ নাই।
40:26Page 470
وَقَالَ فِرۡعَوۡنُ ذَرُونِيٓ أَقۡتُلۡ مُوسَىٰ وَلۡيَدۡعُ رَبَّهُۥٓۖ إِنِّيٓ أَخَافُ أَن يُبَدِّلَ دِينَكُمۡ أَوۡ أَن يُظۡهِرَ فِي ٱلۡأَرۡضِ ٱلۡفَسَادَ ٢٦
And Pharaoh said, "Let me kill Moses and let him call upon his Lord. Indeed, I fear that he will change your religion or that he will cause corruption1 in the land."
ফিৰআউনে ক’লেঃ মোক এৰি দিয়া মই মুছাক শাস্তিস্বৰূপে মৃত্যুদণ্ড প্ৰদান কৰিম। সিও নিজ প্ৰতিপালকক আহ্বান কৰা উচিত, যাতে মোক প্ৰতিৰোধ কৰিব পাৰে। তেওঁৰ প্ৰতিপালকক আহ্বান কৰাৰ ক্ষেত্ৰত তেওঁৰ বাবে মোৰ ফালৰ পৰা সম্পূৰ্ণ অনুমতি আছে, মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। মই কেৱল এইটো আশংকা কৰি আছোঁ যে, সি তোমালোকৰ ধৰ্মক পৰিবৰ্তন কৰি পেলাব নাইবা হত্যা আৰু ধ্বংসজজ্ঞৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিব।
40:27Page 470
وَقَالَ مُوسَىٰٓ إِنِّي عُذۡتُ بِرَبِّي وَرَبِّكُم مِّن كُلِّ مُتَكَبِّرٖ لَّا يُؤۡمِنُ بِيَوۡمِ ٱلۡحِسَابِ ٢٧
But Moses said, "Indeed, I have sought refuge in my Lord and your Lord from every arrogant one who does not believe in the Day of Account."
মুছা আলাইহিচ্ছালামে ফিৰআউনৰ সকীয়নি গম পাই ক’লেঃ নিশ্চয় মই মোৰ তথা তোমালোকৰ প্ৰতিপালকৰ আশ্ৰয় গ্ৰহণ কৰিছোঁ, প্ৰত্যেক সেই ব্যক্তিৰ পৰা যিয়ে সত্য তথা ইয়াৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰে। লগতে যিয়ে কিয়ামত দিৱস, আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তিৰ প্ৰতি ঈমান পোষণ নকৰে।
40:28Page 470
وَقَالَ رَجُلٞ مُّؤۡمِنٞ مِّنۡ ءَالِ فِرۡعَوۡنَ يَكۡتُمُ إِيمَٰنَهُۥٓ أَتَقۡتُلُونَ رَجُلًا أَن يَقُولَ رَبِّيَ ٱللَّهُ وَقَدۡ جَآءَكُم بِٱلۡبَيِّنَٰتِ مِن رَّبِّكُمۡۖ وَإِن يَكُ كَٰذِبٗا فَعَلَيۡهِ كَذِبُهُۥۖ وَإِن يَكُ صَادِقٗا يُصِبۡكُم بَعۡضُ ٱلَّذِي يَعِدُكُمۡۖ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ مُسۡرِفٞ كَذَّابٞ ٢٨
And a believing man from the family of Pharaoh who concealed his faith said, "Do you kill a man [merely] because he says, 'My Lord is Allāh' while he has brought you clear proofs from your Lord? And if he should be lying, then upon him is [the consequence of] his lie; but if he should be truthful, there will strike you some of what he promises you. Indeed, Allāh does not guide one who is a transgressor and a liar.
ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে, যিয়ে নিজৰ ঈমান গোপন কৰি ৰাখিছিল, মুছা আলাইহিচ্ছালামৰ হত্যা সম্পৰ্কীয় সিদ্ধান্তক গৰিহণা দি ক'লেঃ তোমালোকে এজন নিৰ্দোষী ব্যক্তিক এইকাৰণে শাস্তি দিব বিচৰা নেকি, যাৰ দোষ কেৱল এইটো যে সি কয়ঃ মোৰ প্ৰতিপালক হৈছে একমাত্ৰ আল্লাহ তাআলা। অথচ তেওঁ এনেকুৱা স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছে, যিবোৰে তেওঁৰ দাবীৰ সত্যতা প্ৰমাণ কৰে যে তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদি এই কথা মানিও লোৱা যায় যে, তেওঁ নিজৰ দাবীত মিছলীয়া, তথাপি সেই শাস্তি তেওঁ নিজেই ভোগ কৰিব। আনহাতে যদি তেওঁ সত্যবাদী হয়, তেন্তে তেওঁ তোমালোকক যি শাস্তিৰ পৰা সতৰ্ক কৰি আছে, অচিৰেই সেই শাস্তিয়ে তোমালোকৰ কিছুমানক স্পৰ্শ কৰিব। জানি থোৱা! যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা উলঙ্ঘা কৰে তথা তেওঁৰ ওপৰত আৰু ৰাছুলৰ ওপৰত মিছা অপবাদ জাপি দিয়ে, নিশ্চিতভাৱে আল্লাহে তেনেকুৱা ব্যক্তিক সত্যৰ তাওফীক প্ৰদান নকৰে।
40:29Page 470
يَٰقَوۡمِ لَكُمُ ٱلۡمُلۡكُ ٱلۡيَوۡمَ ظَٰهِرِينَ فِي ٱلۡأَرۡضِ فَمَن يَنصُرُنَا مِنۢ بَأۡسِ ٱللَّهِ إِن جَآءَنَاۚ قَالَ فِرۡعَوۡنُ مَآ أُرِيكُمۡ إِلَّا مَآ أَرَىٰ وَمَآ أَهۡدِيكُمۡ إِلَّا سَبِيلَ ٱلرَّشَادِ ٢٩
O my people, sovereignty is yours today, [your being] dominant in the land. But who would protect us from the punishment of Allāh if it came to us?" Pharaoh said, "I do not show you except what I see, and I do not guide you except to the way of right conduct."
হে মোৰ জাতিৰ লোকসকল! আজি মিচৰৰ শাসনভাৰ তোমালোকৰ হাতত আছে, তথা তোমালোক ইয়াত প্ৰভাৱশালী। কিন্তু মুছাক হত্যা কৰাৰ ফলত যদি আমাৰ ওপৰত আল্লাহৰ শাস্তি আহি পৰে তেন্তে কোনে আমাক ৰক্ষা কৰিব? ফিৰআউনে ক’লেঃ মোৰ পৰামৰ্শই হৈছে সঠিক পৰামৰ্শ, তথা মোৰ সিদ্ধান্তই হৈছে চূড়ান্ত সিদ্ধান্ত। গতিকে ফিতনা ফাছাদ আৰু উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ মোৰ সিদ্ধান্ত হৈছে মুছাক হত্যা কৰা হওক। মই তোমালোকক সঠিক তথা শুদ্ধ পথহে দেখুৱাই আছোঁ।
40:30Page 470
وَقَالَ ٱلَّذِيٓ ءَامَنَ يَٰقَوۡمِ إِنِّيٓ أَخَافُ عَلَيۡكُم مِّثۡلَ يَوۡمِ ٱلۡأَحۡزَابِ ٣٠
And he who believed said, "O my people, indeed I fear for you [a fate] like the day of the companies1 -
ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিক উপদেশ দি ক’লেঃ শুনা! তোমালোকে যদি শত্ৰুতা পোষণ কৰি অন্যায়ভাৱে মুছাক হত্যা কৰা তেন্তে মই আশংকা কৰি আছোঁ, হয়তো তোমালোকৰ ওপৰতো তেনেকুৱা শাস্তি আহিব পাৰে যিদৰে পূৰ্বৱৰ্তী লোকসকলৰ ওপৰত আহিছিল, যিসকলে ৰাছুলসকলৰ বিৰুদ্ধে দল গঠন কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছিল।
40:31Page 470
مِثۡلَ دَأۡبِ قَوۡمِ نُوحٖ وَعَادٖ وَثَمُودَ وَٱلَّذِينَ مِنۢ بَعۡدِهِمۡۚ وَمَا ٱللَّهُ يُرِيدُ ظُلۡمٗا لِّلۡعِبَادِ ٣١
Like the custom of the people of Noah and of ʿAad and Thamūd and those after them. And Allāh wants no injustice for [His] servants.
সেইসকল লোকৰ দৰে যিসকলে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ সম্প্ৰদায়, আদ আৰু ছামূদ সম্প্ৰদায়, আৰু যিসকলে সিহঁতৰ পিছত আহিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে বান্দাসকলৰ লগত অন্যায় কৰিব নিবিচাৰে। তেওঁ সিহঁতক কেৱল সিহঁতৰ গুনাহৰ কাৰণেহে উপযুক্ত শাস্তি বিহে।
40:32Page 470
وَيَٰقَوۡمِ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ يَوۡمَ ٱلتَّنَادِ ٣٢
And O my people, indeed I fear for you the Day of Calling1 -
হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে কিয়ামত দিৱস সম্পৰ্কে ভয় কৰোঁ, যিদিনা মানুহে ইজনে সিজনক আত্মীয়তা আৰু পদমৰ্যাদাৰ আধাৰত আহ্বান কৰিব, এই আশাত যে হয়তো এই ভয়াৱহ পৰিস্থিতিত তেওঁ কিছু হ’লেও উপকাৰ কৰিব।
40:33Page 470
يَوۡمَ تُوَلُّونَ مُدۡبِرِينَ مَا لَكُم مِّنَ ٱللَّهِ مِنۡ عَاصِمٖۗ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِنۡ هَادٖ ٣٣
The Day you will turn your backs fleeing; there is not for you from Allāh any protector. And whoever Allāh sends astray - there is not for him any guide.
যিদিনা তোমালোকে জাহান্নামক দেখি পিছ হোঁহকা দি পলায়ন কৰিব বিচৰিবা, তেতিয়া কোনেও তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহে যাক নিলগীয়া কৰিব তথা তেওঁ যাক ঈমান পোষণ কৰাৰ তাওফীক নিদিব, তাক কোনেও হিদায়ত দিব নোৱাৰে। কিয়নো হিদায়তৰ বাবে তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত।
40:34Page 471
وَلَقَدۡ جَآءَكُمۡ يُوسُفُ مِن قَبۡلُ بِٱلۡبَيِّنَٰتِ فَمَا زِلۡتُمۡ فِي شَكّٖ مِّمَّا جَآءَكُم بِهِۦۖ حَتَّىٰٓ إِذَا هَلَكَ قُلۡتُمۡ لَن يَبۡعَثَ ٱللَّهُ مِنۢ بَعۡدِهِۦ رَسُولٗاۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَنۡ هُوَ مُسۡرِفٞ مُّرۡتَابٌ ٣٤
And Joseph had already come to you before with clear proofs, but you remained in doubt of that which he brought to you, until when he died, you said, 'Never will Allāh send a messenger after him.' Thus does Allāh leave astray he who is a transgressor and skeptic."
মুছা আলাইহিচ্ছালামৰ পূৰ্বে নিশ্চয় ইউছুফ আলাইহিচ্ছালামে তোমালোকৰ ওচৰলৈ আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। কিন্তু তেওঁ লৈ অহা বাৰ্তাক তোমালোকে সন্দেহ কৰিছিলা আৰু তেওঁক নবী হিচাপে অস্বীকাৰ কৰিছিলা। আনকি তেওঁৰ মৃত্যুৰ পিছত তোমালোকৰ সন্দেহ তথা সংশয় আৰু অধিক বৃদ্ধি পাইছিল। তোমালোকে এইটোও কৈছিলা যে, তেওঁৰ পিছত আল্লাহে কোনো ৰাছুলেই প্ৰেৰণ নকৰিব। যিদৰে এইক্ষেত্ৰত তোমালোকে সত্যৰ পৰা বিভ্ৰান্ত হৈছা, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিক পথভ্ৰষ্টত ৰাখে যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰে আৰু তেওঁৰ তাওহীদত সন্দেহ পোষণ কৰে।
40:35Page 471
ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِ ٱللَّهِ بِغَيۡرِ سُلۡطَٰنٍ أَتَىٰهُمۡۖ كَبُرَ مَقۡتًا عِندَ ٱللَّهِ وَعِندَ ٱلَّذِينَ ءَامَنُواْۚ كَذَٰلِكَ يَطۡبَعُ ٱللَّهُ عَلَىٰ كُلِّ قَلۡبِ مُتَكَبِّرٖ جَبَّارٖ ٣٥
Those who dispute concerning the signs of Allāh without an authority1 having come to them - great is hatred [of them] in the sight of Allāh and in the sight of those who have believed. Thus does Allāh seal over every heart [belonging to] an arrogant tyrant.
যিসকলে কোনো দলিল-প্ৰমাণ নোহোৱাকৈ আল্লাহৰ আয়াতসমূহকলৈ বিবাদ কৰে, তথা সেইবোৰক অসত্য বুলি প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে। সিহঁতৰ এই বিতৰ্ক আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণনীয়। এই আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰা ব্যক্তিসকলৰ অন্তৰত আল্লাহে যিদৰে মোহৰ মাৰি দিছে, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, তথা অন্যায় কৰে। এতেকে সি কেতিয়াও সত্যৰ হিদায়ত নাপাব, আনকি কল্যাণৰ সন্ধানো নাপাব।
40:36Page 471
وَقَالَ فِرۡعَوۡنُ يَٰهَٰمَٰنُ ٱبۡنِ لِي صَرۡحٗا لَّعَلِّيٓ أَبۡلُغُ ٱلۡأَسۡبَٰبَ ٣٦
And Pharaoh said, "O Hāmān, construct for me a tower that I might reach the ways1 -
ফিৰআউনে তাৰ মন্ত্ৰী হামানক ক’লেঃ হে হামান! মোৰ বাবে এটা সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে মই কোনো পথ বিচাৰি পাওঁ।
40:37Page 471
أَسۡبَٰبَ ٱلسَّمَٰوَٰتِ فَأَطَّلِعَ إِلَىٰٓ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُۥ كَٰذِبٗاۚ وَكَذَٰلِكَ زُيِّنَ لِفِرۡعَوۡنَ سُوٓءُ عَمَلِهِۦ وَصُدَّ عَنِ ٱلسَّبِيلِۚ وَمَا كَيۡدُ فِرۡعَوۡنَ إِلَّا فِي تَبَابٖ ٣٧
The ways into the heavens - so that I may look at the deity of Moses; but indeed, I think he is a liar." And thus was made attractive to Pharaoh the evil of his deed, and he was averted from the [right] way. And the plan of Pharaoh was not except in ruin.
যাতে মই মহাকাশত যাব পৰা কোনো পথ বিচাৰি পাওঁ, আৰু মুছাৰ উপাস্যজনক দেখিব পাৰোঁ, যাৰ বিষয়ে মুছাই ধাৰণা কৰে যে তেওঁ সত্য উপাস্য। নিশ্চয় মই মুছাক তেওঁৰ এই দাবীত মিছলীয়া বুলি ভাৱোঁ। এইদৰে ফিৰআউনৰ বাবে তাৰ বেয়া কৰ্মবোৰক শোভনীয় কৰি দিয়া হৈছিল, সেইকাৰণেই সি হামানক উক্ত আদেশ প্ৰদান কৰিছিল। তাক সত্য পথৰ পৰা আঁতৰাই অসত্য পথত পৰিচালিত কৰা হৈছিল। বাতিলক বিকশিত কৰা আৰু মুছাই লৈ অহা সত্যক পৰাস্ত কৰিবলৈ কৰা ফিৰআউনৰ চক্ৰান্ত বিনষ্ট হোৱাটোৱে নিশ্চিত আছিল। অৱশেষত তাৰ এই প্ৰয়াস বিফল হৈছিল আৰু সি এনেকুৱা দুৰ্ভাগ্যগ্ৰস্ত হৈছিল যিটো কেতিয়াও সমাপ্ত নহ’ব।
40:38Page 471
وَقَالَ ٱلَّذِيٓ ءَامَنَ يَٰقَوۡمِ ٱتَّبِعُونِ أَهۡدِكُمۡ سَبِيلَ ٱلرَّشَادِ ٣٨
And he who believed said, "O my people, follow me; I will guide you to the way of right conduct.
ফিৰআউন বংশৰ সেই ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিৰ লোকসকলক উপদেশ প্ৰদান কৰি তথা সত্যৰ পথ দেখুৱাই ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মোৰ কথা মানি লোৱা, মই তোমালোকক সঠিক পথ দেখুৱাই আছোঁ। এইটোৱে সত্যৰ হিদায়ত।
40:39Page 471
يَٰقَوۡمِ إِنَّمَا هَٰذِهِ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا مَتَٰعٞ وَإِنَّ ٱلۡأٓخِرَةَ هِيَ دَارُ ٱلۡقَرَارِ ٣٩
O my people, this worldly life is only [temporary] enjoyment, and indeed, the Hereafter - that is the home of [permanent] settlement.
হে মোৰ জাতিৰ লোকসকল! পাৰ্থিৱ জীৱনৰ এই সুখ-সুবিধাবোৰ হৈছে কেৱল অস্থায়ী ভোগ সামগ্ৰী। গতিকে তোমালোকে এইবোৰৰ মোহত পৰি প্ৰবঞ্চিত নহ’বা। পক্ষান্তৰে আখিৰাতৰ ঘৰ হৈছে চিৰস্থায়ী তথা কেতিয়াও সমাপ্ত নোহোৱা নিয়ামতেৰে ভৰা বাসস্থান। এতেকে আল্লাহৰ আনুগত্য কৰি আখিৰাতৰ বাবে আমল কৰি যোৱা। আৰু পাৰ্থিৱ জীৱনৰ কৰ্মত ব্যস্ত হৈ আখিৰাতৰ প্ৰস্তুতিৰ পৰা অমনোযোগী নহ’বা।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences