Al-Mukhtasar · Tafsir · in Assamese
الروم
Ar-Rum
The Romans · Meccan · 60 ayahs
(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
পাৰস্যসকলে ৰোমানসকলক পৰাজিত কৰিছে।
30:3Page 404
فِيٓ أَدۡنَى ٱلۡأَرۡضِ وَهُم مِّنۢ بَعۡدِ غَلَبِهِمۡ سَيَغۡلِبُونَ ٣
In the nearest land.1 But they, after their defeat, will overcome
শ্বাম দেশৰ সেইবোৰ ক্ষেত্ৰত যিবোৰ পাৰস্যদেশৰ নিকটৱৰ্তী। আনহাতে ৰোমানসকলে পাৰস্যসকলৰ ওচৰত পৰাজিত হোৱাৰ পিছত শীঘ্ৰেই বিজয় লাভ কৰিব।
30:4Page 404
فِي بِضۡعِ سِنِينَۗ لِلَّهِ ٱلۡأَمۡرُ مِن قَبۡلُ وَمِنۢ بَعۡدُۚ وَيَوۡمَئِذٖ يَفۡرَحُ ٱلۡمُؤۡمِنُونَ ٤
Within three to nine years. To Allāh belongs the command [i.e., decree] before and after. And that day the believers will rejoice
অতি কম সময়ৰ ভিতৰত অৰ্থাৎ তিনি বছৰৰ পৰা দহ বছৰ সময়ছোৱাৰ ভিতৰত। দৰাচলতে সকলো বিষয়ৰ নিয়ন্ত্ৰণ আল্লাহৰ হাতত। ৰোমানসকলৰ বিজয়ৰ আগতো আৰু পিছতো। এতেকে যিদিনা ৰোমানসকলে পাৰস্যবাসীক পৰাজিত কৰিব, সেইদিনা মুমিনসকল উৎফুল্লিত হ’ব।
30:5Page 404
بِنَصۡرِ ٱللَّهِۚ يَنصُرُ مَن يَشَآءُۖ وَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ٥
In the victory of Allāh.1 He gives victory to whom He wills, and He is the Exalted in Might, the Merciful.
ৰোমানসকলে আল্লাহৰ সহায় লাভ কৰাৰ বাবে মুমিনসকল আনন্দিত হ'ব। কাৰণ সিহঁত হৈছে আহলে কিতাব। আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ বিৰুদ্ধে ইচ্ছা কৰে সহায় কৰে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
30:6Page 405
وَعۡدَ ٱللَّهِۖ لَا يُخۡلِفُ ٱللَّهُ وَعۡدَهُۥ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٦
[It is] the promise of Allāh. Allāh does not fail in His promise, but most of the people do not know.
এই সহায়টো দৰাচলতে আল্লাহৰ প্ৰতিশ্ৰুতি আছিল। আল্লাহে নিজৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। এইটো পূৰণ হোৱাৰ পিছত, সহায়ৰ বাবে আল্লাহে দিয়া আন আন প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত মুমিনসকলৰ বিশ্বাস আৰু অধিক মজবুত হৈছে। কিন্তু অধিকাংশ লোকে কুফৰীত লিপ্ত থকাৰ কাৰণে এই বিষয়টো বুজি নাপায়।
30:7Page 405
يَعۡلَمُونَ ظَٰهِرٗا مِّنَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَهُمۡ عَنِ ٱلۡأٓخِرَةِ هُمۡ غَٰفِلُونَ ٧
They know what is apparent of the worldly life, but they, of the Hereafter, are unaware.
সিহঁতে ঈমান সম্পৰ্কেও নাজানে আৰু চৰীয়ত সম্পৰ্কেও অৱগত নহয়। সিহঁতে কেৱল পাৰ্থিৱ জীৱনৰ বাহ্যিক দিশটোহে জানে। অৰ্থাৎ সিহঁতৰ সম্পৰ্ক কেৱল জীৱিকা উপাৰ্জন আৰু ভৌতিক সভ্যতাৰ লগত। বাস্তৱিক জীৱনৰ ঘৰ অৰ্থাৎ আখিৰাতৰ পৰা সিহঁত বিমুখ হৈ আছে। ইয়াৰ প্ৰতি সিহঁতে অকণো মনোনিৱেশ নকৰে।
30:8Page 405
أَوَلَمۡ يَتَفَكَّرُواْ فِيٓ أَنفُسِهِمۗ مَّا خَلَقَ ٱللَّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَآ إِلَّا بِٱلۡحَقِّ وَأَجَلٖ مُّسَمّٗىۗ وَإِنَّ كَثِيرٗا مِّنَ ٱلنَّاسِ بِلِقَآيِٕ رَبِّهِمۡ لَكَٰفِرُونَ ٨
Do they not contemplate within themselves?1 Allāh has not created the heavens and the earth and what is between them except in truth and for a specified term. And indeed, many of the people, in the meeting with their Lord, are disbelievers.
এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে নিজৰ অস্তিত্বক লৈ চিন্তা-চৰ্চা নকৰে নেকি, কিদৰে আল্লাহে সিহঁতক সৃষ্টি কৰিছে আৰু কেনেকৈ সঠিক আকৃতি প্ৰদান কৰিছে? আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক তথা এই দুয়োৰে মাজত থকা সকলো বস্তুক সত্য সহকাৰে সৃষ্টি কৰিছে। এইবোৰক তেওঁ অনৰ্থক সৃষ্টি কৰা নাই। এইবোৰৰ কাৰণে তেওঁ এটা ম্যাদো নিৰ্ধাৰণ কৰিছে। নিশ্চয় বহুতো মানুহে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে। সেইকাৰণেই সিহঁতে নিজ প্ৰতিপালকৰ সন্তুষ্টিমূলক নেক কৰ্মবোৰ কৰি পুনৰুত্থানৰ বাবে প্ৰস্তুতি গ্ৰহণ নকৰে।
30:9Page 405
أَوَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَيَنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبۡلِهِمۡۚ كَانُوٓاْ أَشَدَّ مِنۡهُمۡ قُوَّةٗ وَأَثَارُواْ ٱلۡأَرۡضَ وَعَمَرُوهَآ أَكۡثَرَ مِمَّا عَمَرُوهَا وَجَآءَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِۖ فَمَا كَانَ ٱللَّهُ لِيَظۡلِمَهُمۡ وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ ٩
Have they not traveled through the earth and observed how was the end of those before them? They were greater than them in power, and they plowed [or excavated] the earth and built it up more than they [i.e., the Makkans] have built it up, and their messengers came to them with clear evidences. And Allāh would not ever have wronged them, but they were wronging themselves.
ইহঁতে পৃথিৱীত চলাফুৰা নকৰে নেকি, তেতিয়াহে চিন্তা-চৰ্চা কৰিব পাৰিলেহেঁতেন যে, ইহঁতৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কি দশা হৈছিল? সেই উম্মতসমূহ ইহঁততকৈও শক্তিশালী আছিল। সিহঁতে প্ৰচুৰ পৰিমাণে খেতি-বাতি কৰিছিল আৰু নিৰ্মাণ কাৰ্য্য কৰিছিল। ইহঁততকৈ সিহঁতেই অধিক উন্নতি কৰিছিল। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে যেতিয়া আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণসমূহ লৈ আগমন কৰিছিল, তেতিয়া সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। এতেকে আল্লাহে সিহঁতক ধ্বংস কৰি অন্যায় কৰা নাই। বৰং সিহঁতে কুফৰী কৰি আৰু নিজকে ধ্বংসৰ গৰাহত নিক্ষেপ কৰি নিজৰেই ক্ষতি কৰিছিল।
30:10Page 405
ثُمَّ كَانَ عَٰقِبَةَ ٱلَّذِينَ أَسَٰٓـُٔواْ ٱلسُّوٓأَىٰٓ أَن كَذَّبُواْ بِـَٔايَٰتِ ٱللَّهِ وَكَانُواْ بِهَا يَسۡتَهۡزِءُونَ ١٠
Then the end of those who did evil was the worst [consequence] because they denied the signs of Allāh and used to ridicule them.
যিসকলে নিজৰ কৰ্মক কলুষিত কৰি আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল আৰু পাপকৰ্মত লিপ্ত আছিল, সিহঁতৰ পৰিণাম খুবেই বেয়া হৈছিল। কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু সেইবোৰক উপহাস কৰিছিল তথা তিৰস্কাৰ কৰিছিল।
30:11Page 405
ٱللَّهُ يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ ثُمَّ إِلَيۡهِ تُرۡجَعُونَ ١١
Allāh begins creation; then He will repeat it; then to Him you will be returned.
পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আল্লাহেই সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। তেৱেঁই এইবোৰক ধ্বংস কৰিব আৰু তেৱেঁই পুনৰুত্থিত কৰিব। তাৰ পিছত তোমালোকে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
30:12Page 405
وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ يُبۡلِسُ ٱلۡمُجۡرِمُونَ ١٢
And the Day the Hour appears the criminals will be in despair.
যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব। তথা সিহঁতৰ আশাৰ বান্ধোন বিচ্ছিন্ন হৈ যাব। কাৰণ সিহঁতে আল্লাহৰ সন্মুখত কুফৰক সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিব।
30:13Page 405
وَلَمۡ يَكُن لَّهُم مِّن شُرَكَآئِهِمۡ شُفَعَٰٓؤُاْ وَكَانُواْ بِشُرَكَآئِهِمۡ كَٰفِرِينَ ١٣
And there will not be for them among their [alleged] partners any intercessors, and they will [then] be disbelievers in their partners.
পৃথিৱীত সিহঁতে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰৰ কোনেও সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ মধ্যস্ততা কৰাৰ বাবে আগবাঢ়ি নাহিব। সিহঁতে নিজৰ অংশীদাৰ স্থাপনৰ বিষয়টোক অস্বীকাৰ কৰি বহিব। কাৰণ সিহঁতে প্ৰকৃত প্ৰয়োজনৰ সময়ত সিহঁতক প্ৰৱঞ্চনা কৰিছে। আনহাতে ধ্বংসৰ ক্ষেত্ৰত সিহঁত সকলোৱেই সমান পৰ্যায়ৰ।
30:14Page 405
وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ يَوۡمَئِذٖ يَتَفَرَّقُونَ ١٤
And the Day the Hour appears - that Day they will become separated.
যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা মানুহ পৃথিৱীত কৰা সিহঁতৰ কৰ্মানুসাৰে প্ৰতিদান পোৱাৰ ক্ষেত্ৰত বেলেগ বেলেগ হ’ব। কিছুমান থাকিব জান্নাতৰ সুউচ্চ স্থানত। আকৌ আন কিছুমানক আটাইতকৈ নিকৃষ্ট স্থানত নিক্ষেপ কৰা হ’ব।
30:15Page 405
فَأَمَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فَهُمۡ فِي رَوۡضَةٖ يُحۡبَرُونَ ١٥
And as for those who had believed and done righteous deeds, they will be in a garden [of Paradise], delighted.
এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু এনেকুৱা সৎকৰ্ম কৰিছে যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়; তেওঁলোকে জান্নাতৰ এনেকুৱা নিয়ামতৰ মাজত অৱস্থান কৰিব, যিবোৰ নিয়ামত কেতিয়াও সমাপ্ত নহ’ব।
30:16Page 406
وَأَمَّا ٱلَّذِينَ كَفَرُواْ وَكَذَّبُواْ بِـَٔايَٰتِنَا وَلِقَآيِٕ ٱلۡأٓخِرَةِ فَأُوْلَٰٓئِكَ فِي ٱلۡعَذَابِ مُحۡضَرُونَ ١٦
But as for those who disbelieved and denied Our verses and the meeting of the Hereafter, those will be brought into the punishment [to remain].
আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে আৰু আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছে, লগতে আখিৰাতৰ জীৱন আৰু হিচাপ-নিকাচক অস্বীকাৰ কৰিছে, সেইসকল লোককেই শাস্তিৰ বাবে উপস্থিত কৰা হ’ব আৰু সিহঁত সদায় শাস্তিয়ে উপভোগ কৰিব।
30:17Page 406
فَسُبۡحَٰنَ ٱللَّهِ حِينَ تُمۡسُونَ وَحِينَ تُصۡبِحُونَ ١٧
So exalted is Allāh when you reach the evening and when you reach the morning.
এতেকে তোমালোকে সন্ধীয়াপৰত নিয়মীয়াকৈ আল্লাহৰ পৱিত্ৰতা ঘোষণা কৰা। অৰ্থাৎ মাগৰিব আৰু ঈশ্বাৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতাৰ গুণগান কৰা প্ৰভাতৰ সময়ত, অৰ্থাৎ ফজৰৰ চালাতৰ সময়ত।
30:18Page 406
وَلَهُ ٱلۡحَمۡدُ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَعَشِيّٗا وَحِينَ تُظۡهِرُونَ ١٨
And to Him is [due all] praise throughout the heavens and the earth. And [exalted is He] at night and when you are at noon.
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ পৱিত্ৰ আল্লাহৰ বাবে, আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰে ফিৰিস্তাসকলে। আৰু পৃথিৱীত তেওঁৰ প্ৰশংসা কৰে বিভিন্ন সৃষ্টিসমূহে। গতিকে তোমালোকে তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰা দিনৰ তৃতীয়াংশত, অৰ্থাৎ আচৰৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতা বৰ্ণনা কৰা জোহৰৰ সময়ত।
30:19Page 406
يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَيُخۡرِجُ ٱلۡمَيِّتَ مِنَ ٱلۡحَيِّ وَيُحۡيِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَاۚ وَكَذَٰلِكَ تُخۡرَجُونَ ١٩
He brings the living out of the dead and brings the dead out of the living and brings to life the earth after its lifelessness. And thus will you be brought out.1
তেৱেঁই জীৱক নিৰ্জীৱৰ পৰা উলিয়ায়, উদাহৰণস্বৰূপে পানীৰ টোপালৰ পৰা মানৱ আৰু কণীৰ পৰা কুকুৰাৰ শাৱক। আৰু তেৱেঁই মৃতক জীৱিতৰ পৰা উলিয়ায়, যেনেঃ মানুহৰ পৰা বীৰ্যৰ টোপাল, কুকুৰাৰ পৰা কণী। তথা তেৱেঁই পানী বৰ্ষণ কৰি শুকান মৃত ভূমিক সেউজীয়া কৰি তোলে। এতেকে যিদৰে ভূমিৰ পৰা উদ্ভিদ উৎপন্ন হৈ সেউজীয়া হৈ পৰে, ঠিক সেইদৰেই তোমালোকক হিচাপ-নিকাচৰ বাবে কবৰৰ পৰা উলিওৱা হ’ব।
30:20Page 406
وَمِنۡ ءَايَٰتِهِۦٓ أَنۡ خَلَقَكُم مِّن تُرَابٖ ثُمَّ إِذَآ أَنتُم بَشَرٞ تَنتَشِرُونَ ٢٠
And of His signs is that He created you from dust; then, suddenly you were human beings dispersing [throughout the earth].
হে মানৱ! আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ এটা অন্যতম প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকক মাটিৰে সৃষ্টি কৰিছে, অৰ্থাৎ তোমালোকৰ আদি পিতা আদমক তেওঁ মাটিৰে সৃষ্টি কৰিছিল। তাৰ পিছতহে তোমালোকে বংশানুক্ৰমৰ মাধ্যমত বংশবৃদ্ধি কৰিছা আৰু পৃথিৱীত বিস্তৃত হৈছা।
30:21Page 406
وَمِنۡ ءَايَٰتِهِۦٓ أَنۡ خَلَقَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَٰجٗا لِّتَسۡكُنُوٓاْ إِلَيۡهَا وَجَعَلَ بَيۡنَكُم مَّوَدَّةٗ وَرَحۡمَةًۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ ٢١
And of His signs is that He created for you from yourselves mates that you may find tranquility in them; and He placed between you affection and mercy. Indeed in that are signs for a people who give thought.
এইদৰেই তেওঁৰ ক্ষমতা আৰু তাওহীদৰ আৰু এটা অন্যতম প্ৰতীক হৈছে এই যে, হে পুৰুষসকল! তেওঁ তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই সহধৰ্মিণী সৃষ্টি কৰিছে। যাতে সজাতি হোৱাৰ কাৰণে তোমালোকৰ অন্তৰে প্ৰশান্তি লাভ কৰিব পাৰে। সিহঁতৰ আৰু তোমালোকৰ মাজত সৃষ্টি কৰি দিছে মুহাব্বত আৰু দয়া। নিশ্চয় এইবোৰৰ মাজত সেইসকল লোকৰ বাবে বহুতো স্পষ্ট প্ৰমাণ আৰু নিৰ্দেশনা আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই নিজৰ বিবেকৰ সদ্ব্যৱহাৰ কৰি উপকৃত হয়।
30:22Page 406
وَمِنۡ ءَايَٰتِهِۦ خَلۡقُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَٱخۡتِلَٰفُ أَلۡسِنَتِكُمۡ وَأَلۡوَٰنِكُمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّلۡعَٰلِمِينَ ٢٢
And of His signs is the creation of the heavens and the earth and the diversity of your languages and your colors. Indeed in that are signs for those of knowledge.
তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তোমালোকৰ বিবিধ ভাষা আৰু নানা তৰহৰ ৰং আদিও এটা ইয়াৰ প্ৰতীক। উক্ত বিষয়বোৰৰ মাজত সেইসকল লোকৰ বাবে দলিল আৰু প্ৰমাণ আছে, যিসকল প্ৰকৃততে জ্ঞানী তথা বিবেকৱান।
30:23Page 406
وَمِنۡ ءَايَٰتِهِۦ مَنَامُكُم بِٱلَّيۡلِ وَٱلنَّهَارِ وَٱبۡتِغَآؤُكُم مِّن فَضۡلِهِۦٓۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَسۡمَعُونَ ٢٣
And of His signs is your sleep by night and day and your seeking of His bounty. Indeed in that are signs for a people who listen.
বিভিন্ন পৰিশ্ৰমত ক্লান্তিৰ পিছত ৰাতিৰ টোপনি আৰু দিনৰ বিশ্ৰাম আদিও তেওঁৰ ক্ষমতা আৰু তাওহীদৰ এটা অন্যতম ডাঙৰ প্ৰতীক। তেওঁৰ আন এটা প্ৰতীক হৈছে এই যে, তেওঁ তোমালোকৰ বাবে দিন সৃষ্টি কৰিছে, যাতে তাত তোমালোকে নিজ প্ৰতিপালকে দিয়া জীৱিকাসমূহ অনুসন্ধান কৰিব পাৰা। নিশ্চিতভাৱে উক্ত বিষয়বোৰৰ মাজত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলে চিন্তা-চৰ্চা কৰে তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে মনোযোগ সহকাৰে শুনে।
30:24Page 406
وَمِنۡ ءَايَٰتِهِۦ يُرِيكُمُ ٱلۡبَرۡقَ خَوۡفٗا وَطَمَعٗا وَيُنَزِّلُ مِنَ ٱلسَّمَآءِ مَآءٗ فَيُحۡيِۦ بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَآۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَعۡقِلُونَ ٢٤
And of His signs is [that] He shows you the lightning [causing] fear and aspiration, and He sends down rain from the sky by which He brings to life the earth after its lifelessness. Indeed in that are signs for a people who use reason.
তেওঁৰ ক্ষমতা আৰু তাওহীদৰ অন্যতম আন এটা ডাঙৰ প্ৰতীক হৈছে এই যে, তেৱেঁই তোমালোকক আকাশত বিজুলীৰ চমকণি দেখুৱায়। তোমালোকৰ বাবে তাত বৰষুণৰ আশা আৰু বজ্ৰপাতৰ ভয় একত্ৰিত কৰি দিয়ে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী অৱতীৰ্ণ কৰে আৰু সেই পানীৰে শুকান ভূমিত উদ্ভিদ উৎপন্ন কৰি সেউজীয়া কৰি তোলে। নিশ্চিতভাৱে উক্ত বিষয়বোৰৰ মাজত স্পষ্ট দলিল-প্ৰমাণ আছে সেইসকল লোকৰ বাবে যিসকলে নিজৰ বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। গতিকে তেওঁলোকেই ইয়াৰ দ্বাৰা মৃত্যুৰ পিছত হ’বলগীয়া আখিৰাতৰ হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰমাণ গ্ৰহণ কৰে।
30:25Page 407
وَمِنۡ ءَايَٰتِهِۦٓ أَن تَقُومَ ٱلسَّمَآءُ وَٱلۡأَرۡضُ بِأَمۡرِهِۦۚ ثُمَّ إِذَا دَعَاكُمۡ دَعۡوَةٗ مِّنَ ٱلۡأَرۡضِ إِذَآ أَنتُمۡ تَخۡرُجُونَ ٢٥
And of His signs is that the heaven and earth stand [i.e., remain] by His command. Then when He calls you with a [single] call from the earth, immediately you will come forth.
আল্লাহৰ ক্ষমতা আৰু তাওহীদৰ এটোও এটা ডাঙৰ প্ৰতীক যে, আকাশমণ্ডল প্ৰতিষ্ঠিত হৈ আছে, ভাঙি পৰা নাই। পৃথিৱী স্থিৰ হৈ আছে, বিদীৰ্ণ হোৱা নাই। এইবোৰ সকলো সেই পৱিত্ৰ আল্লাহৰ আদেশত হৈ আছে। অৱশেষত তেওঁ যেতিয়া ফিৰিস্তাৰ জৰিয়তে শিঙাত ফুঁ দিয়াব, তেতিয়া তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে কবৰৰ পৰা ওলাই পৰিবা।
30:26Page 407
وَلَهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ كُلّٞ لَّهُۥ قَٰنِتُونَ ٢٦
And to Him belongs whoever is in the heavens and earth. All are to Him devoutly obedient.
আকাশমণ্ডলত যি যি আছে সেইসকলো একমাত্ৰ তেওঁৰেই। আৰু পৃথিৱীত যি যি আছে সেইসকলো তেওঁৰেই। তেৱেঁই মালিক, তেৱেঁই সৃষ্টিকৰ্তা আৰু তেৱেঁই সঞ্চালনকাৰী। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়েই তেওঁৰ আদেশ মানিবলৈ বাধ্য আৰু তেওঁৰ ওচৰতেই সকলোৱে আত্মসমৰ্পন কৰে।
30:27Page 407
وَهُوَ ٱلَّذِي يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ وَهُوَ أَهۡوَنُ عَلَيۡهِۚ وَلَهُ ٱلۡمَثَلُ ٱلۡأَعۡلَىٰ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢٧
And it is He who begins creation; then He repeats it, and that is [even] easier for Him. To Him belongs the highest description [i.e., attribute] in the heavens and earth. And He is the Exalted in Might, the Wise.
তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ধ্বংসৰ পিছত তেৱেঁই এইবোৰক পুনৰ সৃষ্টি কৰিব। প্ৰথমবাৰৰ সৃষ্টিৰ তুলনাত পুনৰ সৃষ্টি কৰাটো অতি সহজ। যদিও দুয়োটাই তেওঁৰ বাবে সহজ। কাৰণ তেওঁ যেতিয়া কোনো বস্তুক সৃষ্টি কৰিব বিচাৰে, তেতিয়া কেৱল কয় ‘হ’ তৎক্ষণাত সেইটো হৈ যায়। আল্লাহক যিবোৰ গুণেৰে বিশেষিত কৰা হয় যেনেঃ প্ৰতাপ আৰু পৰিপূৰ্ণ ও পূৰ্ণাংগ গুণ, সেইসকলো গুণবোৰত তেওঁ সৰ্বোচ্চ। তেওঁ প্ৰবলপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁ মহা প্ৰজ্ঞাৱান।
30:28Page 407
ضَرَبَ لَكُم مَّثَلٗا مِّنۡ أَنفُسِكُمۡۖ هَل لَّكُم مِّن مَّا مَلَكَتۡ أَيۡمَٰنُكُم مِّن شُرَكَآءَ فِي مَا رَزَقۡنَٰكُمۡ فَأَنتُمۡ فِيهِ سَوَآءٞ تَخَافُونَهُمۡ كَخِيفَتِكُمۡ أَنفُسَكُمۡۚ كَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡقِلُونَ ٢٨
He presents to you an example from yourselves. Do you have among those whom your right hands possess [i.e., slaves] any partners in what We have provided for you so that you are equal therein [and] would fear them as your fear of one another [within a partnership]?1 Thus do We detail the verses for a people who use reason.
হে মুশ্বৰিকসকল! আল্লাহে তোমালোকৰ বাবে এটা উদাহৰণ দাঙি ধৰিছে, যিটো তোমালোকৰ পৰাই লোৱা হৈছে। কোৱাচোন, তোমালোকৰ দাস-দাসীৰ মাজৰ তথা তোমালোকৰ অধীনস্থ ব্যক্তিসকলৰ মাজৰ কোনোবাই তোমালোকৰ অংশীদাৰ আছে নেকি, যিজন তোমালোকৰ ধন-সম্পত্তিত সমানভাৱে অংশীদাৰ? নিশ্চয় তোমালোকে সিহঁতৰ ক্ষেত্ৰতো তেনেকৈয়ে ভয় কৰা, যিদৰে তোমালোকে ধন-সম্পত্তিৰ ভাগত স্বাধীন ব্যক্তিৰ অংশীদাৰিত্বক ভয় কৰা। তোমালোকে নিজৰ বাবে দাস-দাসীৰ এই অংশীদাৰিত্বক পছন্দ কৰিবানে? নিঃসন্দেহে তোমালোকে এইটো অপছন্দ কৰিবা। এতেকে আল্লাহৰ দাস আৰু তেওঁৰ সৃষ্টিক তেওঁৰ ৰাজত্বত অংশীদাৰ কৰাটো তুলনামূলকভাৱে আৰু অধিক সমীচীন নহয়। এনেকুৱা উদাহৰণ উপস্থাপন কৰি আমি বিভিন্ন প্ৰকাৰৰ দলিল-প্ৰমাণ দাঙি ধৰোঁ, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধিৰ সদ্ব্যৱহাৰ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।
30:29Page 407
بَلِ ٱتَّبَعَ ٱلَّذِينَ ظَلَمُوٓاْ أَهۡوَآءَهُم بِغَيۡرِ عِلۡمٖۖ فَمَن يَهۡدِي مَنۡ أَضَلَّ ٱللَّهُۖ وَمَا لَهُم مِّن نَّٰصِرِينَ ٢٩
But those who wrong follow their [own] desires without knowledge. Then who can guide one whom Allāh has sent astray? And for them there are no helpers.
সিহঁতৰ পথভ্ৰষ্টতাৰ মূল কাৰণ দলিল-প্ৰমাণৰ স্বল্পতা আৰু ব্যাখ্যাৰ অবিহনে নহয়, বৰং প্ৰকৃত কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ আৰু পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণ। সিহঁতৰ ওপৰত থকা আল্লাহৰ হক সম্পৰ্কে সিহঁতে অজ্ঞ আছিল। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাকনো কোনে হিদায়তৰ তাওফীক দিব পাৰে? নিঃসন্দেহে কোনেও তাওফীক দিব নোৱাৰে। সিহঁতৰ বাবে এনেকুৱা কোনো সহায়কো নাথাকিব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
30:30Page 407
فَأَقِمۡ وَجۡهَكَ لِلدِّينِ حَنِيفٗاۚ فِطۡرَتَ ٱللَّهِ ٱلَّتِي فَطَرَ ٱلنَّاسَ عَلَيۡهَاۚ لَا تَبۡدِيلَ لِخَلۡقِ ٱللَّهِۚ ذَٰلِكَ ٱلدِّينُ ٱلۡقَيِّمُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ ٣٠
So direct your face [i.e., self] toward the religion, inclining to truth. [Adhere to] the fiṭrah1 of Allāh upon which He has created [all] people. No change should there be in the creation of Allāh.2 That is the correct religion, but most of the people do not know.
হে ৰাছুল! আপুনি আৰু আপোনাৰ সঙ্গীসকলে সেইফালে মনোনিৱেশ কৰক, যিফালে মনোনিৱেশ কৰাৰ আল্লাহে নিৰ্দেশ দিছে। সকলো ধৰ্মৰ পৰা ধ্যান আঁতৰাই একমাত্ৰ তেওঁৰ ওচৰলৈকে ধাৱমান হওক। এইটোৱেই হৈছে ইছলাম ধৰ্ম, স্বভাৱগতভাৱে যিটো ধৰ্ম প্ৰদান কৰি আল্লাহে মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিত কোনো ধৰণৰ পৰিবৰ্তন নাই। এইটোৱেই হৈছে সঠিক ধৰ্ম, যিটো সকলো প্ৰকাৰ বক্ৰতাৰ পৰা পৱিত্ৰ। কিন্তু অধিকাংশ লোকেই নাজানে যে, সঠিক ধৰ্মটোৱে হৈছে ইছলাম ধৰ্ম।
30:31Page 407
۞ مُنِيبِينَ إِلَيۡهِ وَٱتَّقُوهُ وَأَقِيمُواْ ٱلصَّلَوٰةَ وَلَا تَكُونُواْ مِنَ ٱلۡمُشۡرِكِينَ ٣١
[Adhere to it], turning in repentance to Him, and fear Him and establish prayer and do not be of those who associate others with Allāh
তোমালোকে নিজৰ গুনাহৰ পৰা তাওবা কৰি পৱিত্ৰ আল্লাহৰ ফালে উভতি আহা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। পৰিপূৰ্ণৰূপে চালাত প্ৰতিষ্ঠা কৰা। তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি স্বভাৱগত ধৰ্মৰ বিৰোধিতা কৰে।
30:32Page 407
مِنَ ٱلَّذِينَ فَرَّقُواْ دِينَهُمۡ وَكَانُواْ شِيَعٗاۖ كُلُّ حِزۡبِۭ بِمَا لَدَيۡهِمۡ فَرِحُونَ ٣٢
[Or] of those who have divided their religion and become sects, every faction rejoicing in what it has.1
তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে নিজৰ ধৰ্মক বিকৃত কৰিছে। তাৰে কিছুমান বিধানক সিহঁতে মানি লৈছে আৰু কিছুমানক নাকচ কৰিছে, এইদৰে সিহঁতে বিভিন্ন গোটত বিভক্ত হৈছে। প্ৰত্যেক গোটৰ ব্যক্তিবৰ্গই সিহঁতৰ ওচৰত থকা অসত্যক লৈ আনন্দিত। সিহঁতে ধাৰণা কৰে যে, সত্যৰ ওপৰত কেৱল সিহঁতেই আছে। আৰু সিহঁতৰ বাহিৰে সকলোৱে অসত্যৰ পথত পৰিচালিত।
30:33Page 408
وَإِذَا مَسَّ ٱلنَّاسَ ضُرّٞ دَعَوۡاْ رَبَّهُم مُّنِيبِينَ إِلَيۡهِ ثُمَّ إِذَآ أَذَاقَهُم مِّنۡهُ رَحۡمَةً إِذَا فَرِيقٞ مِّنۡهُم بِرَبِّهِمۡ يُشۡرِكُونَ ٣٣
And when adversity touches the people, they call upon their Lord, turning in repentance to Him. Then when He lets them taste mercy from Him, at once a party of them associate others with their Lord,
মুশ্বৰিকসকলে যেতিয়া বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা নাইবা অভাৱ অনাটনৰ সন্মুখীন হয়, তেতিয়া সিহঁতে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰে আৰু বিনীত হৈ এই দুআ কৰে যে, তেওঁ যেন সিহঁতৰ বিপদ-আপদ দূৰ কৰি দিয়ে। এতেকে তেওঁ যেতিয়া সিহঁতৰ দুখ-দৈন্যতা আৰু বিপদ-আপদ দূৰ কৰি দিয়ে তেতিয়া সিহঁতৰ মাজৰ এটা দল শ্বিৰ্কৰ পথলৈ আকৌ উভতি যায়, আৰু দুআত আনকো অংশীদাৰ কৰে।
30:34Page 408
لِيَكۡفُرُواْ بِمَآ ءَاتَيۡنَٰهُمۡۚ فَتَمَتَّعُواْ فَسَوۡفَ تَعۡلَمُونَ ٣٤
So that they will deny what We have granted them.1 Then enjoy yourselves, for you are going to know.
আল্লাহৰ নিয়ামতবোৰক যিহেতু সিহঁতে অস্বীকাৰ কৰিছে, বিপদ-আপদ দূৰ কৰাও এটা নিয়ামত, লগতে পাৰ্থিৱ জীৱনত যি যি সামগ্ৰী লাভ কৰিছে সেইবোৰ কৃতজ্ঞতা নকৰাকৈয়ে উপভোগ কৰি আছে, সেয়ে কিয়ামতৰ দিনা সিহঁতে শীঘ্ৰেই অনুভৱ কৰিব যে, সিহঁত নিশ্চিততভাৱে স্পষ্ট বিভ্ৰান্তিত লিপ্ত আছিল।
30:35Page 408
أَمۡ أَنزَلۡنَا عَلَيۡهِمۡ سُلۡطَٰنٗا فَهُوَ يَتَكَلَّمُ بِمَا كَانُواْ بِهِۦ يُشۡرِكُونَ ٣٥
Or have We sent down to them an authority [i.e., a proof or scripture], and it speaks of what they have been associating with Him?
আল্লাহৰ লগত শ্বিৰ্ক কৰিবলৈ সিহঁতক কিহে আহ্বান কৰিছিল, অথচ সিহঁতৰ ওচৰত কোনো প্ৰমাণ নাছিল? আমি সিহঁতৰ ওপৰত কিতাব আকাৰেও কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাছিলোঁ, যাৰ দ্বাৰা শ্বিৰ্ক প্ৰমাণিত হ’ব। আনহাতে সিহঁতৰ ওচৰত কোনো কিতাবো নাই, যাৰ মাজত শ্বিৰ্ক কৰাৰ দলিল বিচাৰি পাব। অথবা সিহঁতে অৱস্থান কৰা কুফৰীক সঠিক বুলি প্ৰমাণ কৰিবলৈও একো বিচাৰি নাপাব।
30:36Page 408
وَإِذَآ أَذَقۡنَا ٱلنَّاسَ رَحۡمَةٗ فَرِحُواْ بِهَاۖ وَإِن تُصِبۡهُمۡ سَيِّئَةُۢ بِمَا قَدَّمَتۡ أَيۡدِيهِمۡ إِذَا هُمۡ يَقۡنَطُونَ ٣٦
And when We let the people taste mercy, they rejoice therein, but if evil afflicts them for what their hands have put forth, immediately they despair.
যেতিয়া আমি মানুহক কোনো নিয়ামতৰ সোৱাদ লবলৈ দিওঁ, উদাহৰণস্বৰূপে সুস্বাস্থ্য আৰু ধন-সম্পদ আদি, তেতিয়া সিহঁতে গৌৰৱ আৰু অহংকাৰ কৰিবলৈ ধৰে। পক্ষান্তৰে সিহঁতৰ গুনাহৰ ফলস্বৰূপে যদি আমি সিহঁতক কোনো বেমাৰ-আজাৰ অথবা অভাৱ অনাটনত আক্ৰান্ত কৰোঁ তেন্তে সিহঁতে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে, আনকি সিহঁত ইমান হতাশাগ্ৰস্ত হয় যে, যেনিবা এই বিপদ সিহঁতৰ পৰা কেতিয়াও আঁতৰি নাযাব।
30:37Page 408
أَوَلَمۡ يَرَوۡاْ أَنَّ ٱللَّهَ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ ٣٧
Do they not see that Allāh extends provision for whom He wills and restricts [it]? Indeed in that are signs for a people who believe.
সিহঁতে লক্ষ্য নকৰে নেকি যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে; ইয়াৰ একমাত্ৰ কাৰণ হৈছে তাক পৰীক্ষা কৰা, সি আল্লাহৰ কৃতজ্ঞ হয় নে অকৃতজ্ঞ? আনহাতে তেওঁ যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এইটো পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে অধৈৰ্য্য হৈ ক্ৰোধান্বিত হয়? কিছুমানৰ জীৱিকা প্ৰশস্ত কৰা আৰু কিছুমানক সংকীৰ্ণ কৰি দিয়া বিষয়টোত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আল্লাহৰ কৃপা আৰু অনুগ্ৰহৰ প্ৰমাণ নিহিত হৈ আছে।
30:38Page 408
فَـَٔاتِ ذَا ٱلۡقُرۡبَىٰ حَقَّهُۥ وَٱلۡمِسۡكِينَ وَٱبۡنَ ٱلسَّبِيلِۚ ذَٰلِكَ خَيۡرٞ لِّلَّذِينَ يُرِيدُونَ وَجۡهَ ٱللَّهِۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ٣٨
So give the relative his right, as well as the needy and the traveler. That is best for those who desire the face [i.e., approval] of Allāh, and it is they who will be the successful.
হে মুছলিমসকল! তোমালোকে নিকটাত্মীয়সকলৰ লগত এনেকুৱা সদাচৰণ কৰিবা যিটো তেওঁলোকৰ প্ৰাপ্য। অভাৱীক দান কৰা, যাতে সি নিজৰ অভাৱ দূৰ কৰিব পাৰে। তথা সেই ভ্ৰমণকাৰীকো দান কৰা, যিয়ে অভাৱত ঘৰলৈ উভতি যাব পৰা নাই। এই নেকীৰ শিতানবোৰত দান কৰাটো সেইসকল লোকৰ বাবে অতি কল্যাণকৰ, যিসকলে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব বিচাৰে। এইবোৰ সহায়-সহযোগিতা আৰু অধিকাৰক যিসকল লোকে প্ৰাধান্য দিয়ে, সেইসকল লোকেই নিজৰ উদ্দেশ্যত অৰ্থাৎ জান্নাত লাভ কৰাত সফল হ’ব, লগতে তেওঁলোকে ভয় কৰা শাস্তিৰ পৰা সুৰক্ষিত থাকিব।
30:39Page 408
وَمَآ ءَاتَيۡتُم مِّن رِّبٗا لِّيَرۡبُوَاْ فِيٓ أَمۡوَٰلِ ٱلنَّاسِ فَلَا يَرۡبُواْ عِندَ ٱللَّهِۖ وَمَآ ءَاتَيۡتُم مِّن زَكَوٰةٖ تُرِيدُونَ وَجۡهَ ٱللَّهِ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُضۡعِفُونَ ٣٩
And whatever you give for interest [i.e., advantage] to increase within the wealth of people1 will not increase with Allāh. But what you give in zakāh,2 desiring the face [i.e., approval] of Allāh - those are the multipliers.3
তোমালোকে অধিক বৃদ্ধিকৈ পোৱাৰ আশাত যদি কাৰোবাক ধন-সম্পদ প্ৰদান কৰা, তেন্তে জানি থোৱা আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব বৃদ্ধি নহয়। আনহাতে যদি কাৰোবাৰ অভাৱ দূৰ কৰিবলৈ তথা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ধন দান কৰা, যাৰ বিনিময়ত তোমালোকে মৰ্যাদা কামনা নকৰা আৰু মানুহৰ প্ৰশংসা বিচৰাটোও তোমালোকৰ উদ্দেশ্য নহয়, তেন্তে জানি থোৱা, তেনেকুৱা লোককেই তেওঁলোকৰ ছোৱাব আল্লাহৰ ওচৰত অধিক বৃদ্ধিকৈ প্ৰদান কৰা হ’ব।
30:40Page 408
ٱللَّهُ ٱلَّذِي خَلَقَكُمۡ ثُمَّ رَزَقَكُمۡ ثُمَّ يُمِيتُكُمۡ ثُمَّ يُحۡيِيكُمۡۖ هَلۡ مِن شُرَكَآئِكُم مَّن يَفۡعَلُ مِن ذَٰلِكُم مِّن شَيۡءٖۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٤٠
Allāh is the one who created you, then provided for you, then will cause you to die, and then will give you life. Are there any of your "partners" who does anything of that? Exalted is He and high above what they associate with Him.
একমাত্ৰ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক জীৱিকা দান কৰিছে, তথা তেৱেঁই তোমালোকক মৃত্যু দান কৰিব আৰু তাৰ পিছত তোমালোকক একত্ৰিত কৰিবলৈ পুনৰ্জীৱিত কৰিব। আল্লাহক এৰি তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰৰ মাজৰ কোনোবাই এইবোৰ কাম কৰিব পাৰিবনে? নিশ্চিতভাৱে আল্লাহ মহা পৱিত্ৰ সেই সকলো বিষয়ৰ পৰা, যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।
30:41Page 408
ظَهَرَ ٱلۡفَسَادُ فِي ٱلۡبَرِّ وَٱلۡبَحۡرِ بِمَا كَسَبَتۡ أَيۡدِي ٱلنَّاسِ لِيُذِيقَهُم بَعۡضَ ٱلَّذِي عَمِلُواْ لَعَلَّهُمۡ يَرۡجِعُونَ ٤١
Corruption has appeared throughout the land and sea by [reason of] what the hands of people have earned so He [i.e., Allāh] may let them taste part of [the consequence of] what they have done that perhaps they will return [to righteousness].
জল আৰু স্থলত বিপৰ্যয় সৃষ্টি হৈছে, যিবোৰ দুৰ্ভিক্ষ, কেতিয়াবা বৰষুণৰ নাটনি আকৌ কেতিয়াবা অধিক বৃষ্টি, শৰীৰত অচিন ৰোগ আৰু মহামাৰী আদিৰ ৰূপত প্ৰকাশ পাইছে। এইবোৰ সংঘটিত হোৱাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ পাপকৰ্ম। আল্লাহে সিহঁতক সিহঁতৰ কিছুমান বেয়া কৰ্মৰ পৰিণাম এই পৃথিৱীতেই ভোগ কৰায়, যাতে সিহঁতে তাওবা কৰি আল্লাহৰ ফালে উভতি আহিব পাৰে।
30:42Page 409
قُلۡ سِيرُواْ فِي ٱلۡأَرۡضِ فَٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبۡلُۚ كَانَ أَكۡثَرُهُم مُّشۡرِكِينَ ٤٢
Say, [O Muḥammad], "Travel through the land and observe how was the end of those before. Most of them were associators [of others with Allāh].
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, তোমালোকৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল? নিশ্চয় সিহঁতৰ পৰিণাম অতি বেয়া আছিল। সিহঁতৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল। তেওঁৰ সৈতে অন্যান্য উপাস্যৰো উপাসনা কৰিছিল। গতিকে আল্লাহৰ লগত এই শ্বিৰ্ক কৰাৰ কাৰণেই সিহঁতক ধ্বংস কৰা হৈছে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences