Al-MukhtasarAl‑Munafiqun · 63:1–11

Al-Mukhtasar · Tafsir · in Assamese

المنافقون

Al-Munafiqun

The Hypocrites · Medinan · 11 ayahs

63:1Page 554

إِذَا جَآءَكَ ٱلۡمُنَٰفِقُونَ قَالُواْ نَشۡهَدُ إِنَّكَ لَرَسُولُ ٱللَّهِۗ وَٱللَّهُ يَعۡلَمُ إِنَّكَ لَرَسُولُهُۥ وَٱللَّهُ يَشۡهَدُ إِنَّ ٱلۡمُنَٰفِقِينَ لَكَٰذِبُونَ ١

When the hypocrites come to you, [O Muḥammad], they say, "We testify that you are the Messenger of Allāh." And Allāh knows that you are His Messenger, and Allāh testifies that the hypocrites are liars.

হে ৰাছুল! মুনাফিক যিসকলে ইছলাম গ্ৰহণ কৰা বুলি ভাৱ দেখুৱায় কিন্তু অন্তৰত কুফুৰ লোকাই ৰাখে, সিহঁত যেতিয়া আপোনাৰ ওচৰত আহে তেতিয়া কয়ঃ আমি সাক্ষী দিওঁ যে, আপুনি সঁচাই আল্লাহৰ ৰাছুল। অথচ আল্লাহে জানে যে, আপুনি তেওঁৰ প্ৰকৃত ৰাছুল। আৰু আল্লাহে সাক্ষ্য দিয়ে যে, সিহঁত নিজৰ দাবী কৰা সাক্ষ্যত মিছলীয়া যে, সিহঁতে নিজৰ অন্তৰৰ গভীৰতাৰ পৰা সাক্ষ্য দিয়ে আপুনি আল্লাহৰ ৰাছুল।

63:2Page 554

ٱتَّخَذُوٓاْ أَيۡمَٰنَهُمۡ جُنَّةٗ فَصَدُّواْ عَن سَبِيلِ ٱللَّهِۚ إِنَّهُمۡ سَآءَ مَا كَانُواْ يَعۡمَلُونَ ٢

They have taken their oaths as a cover, so they averted [people] from the way of Allāh. Indeed, it was evil that they were doing.

সিহঁতে ঈমান দাবী কৰিবলৈ খোৱা শপতবোৰক হত্যা আৰু গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ ঢাল বনাই লৈছে। আৰু সন্দেহ বিয়পাই মানুহক ঈমানৰ পৰা বিৰত ৰাখিছে। প্ৰকৃততে নিফাকৰ ওপৰত অবিচল থকা আৰু মিছা শপত খোৱা আদিবোৰ বহুত বেয়া কাম, যিবোৰ সিহঁতে কৰি আছে।

63:3Page 554

ذَٰلِكَ بِأَنَّهُمۡ ءَامَنُواْ ثُمَّ كَفَرُواْ فَطُبِعَ عَلَىٰ قُلُوبِهِمۡ فَهُمۡ لَا يَفۡقَهُونَ ٣

That is because they believed, and then they disbelieved; so their hearts were sealed over, and they do not understand.

ইয়াৰ কাৰণ হৈছে, সিহঁতে মানুহক দেখুৱাবলৈ ঈমান আনিছে আৰু সিহঁতৰ অন্তৰত ঈমান ঢুকি পোৱা নাই। তাৰ পিছত গোপনীয়তাৰে আল্লাহৰ লগত কুফুৰী কৰিছে। সেয়েহে আল্লাহে সিহঁতৰ কুফুৰীৰ কাৰণে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। গতিকে এতিয়া সিহঁতৰ অন্তৰত ঈমান সোমাব নোৱাৰে। এই মোহৰ লগাৰ কাৰণে সিহঁতে বুজিব নোৱাৰে যে, কোনটোত সিহঁতৰ বাবে কল্যাণ আছে তথা হিদায়ত আছে।

63:4Page 554

۞ وَإِذَا رَأَيۡتَهُمۡ تُعۡجِبُكَ أَجۡسَامُهُمۡۖ وَإِن يَقُولُواْ تَسۡمَعۡ لِقَوۡلِهِمۡۖ كَأَنَّهُمۡ خُشُبٞ مُّسَنَّدَةٞۖ يَحۡسَبُونَ كُلَّ صَيۡحَةٍ عَلَيۡهِمۡۚ هُمُ ٱلۡعَدُوُّ فَٱحۡذَرۡهُمۡۚ قَٰتَلَهُمُ ٱللَّهُۖ أَنَّىٰ يُؤۡفَكُونَ ٤

And when you see them, their forms please you, and if they speak, you listen to their speech. [They are] as if they were pieces of wood propped up1 - they think that every shout is against them. They are the enemy, so beware of them. May Allāh destroy them; how are they deluded?

হে দৰ্শনকাৰী! তুমি যেতিয়া সিহঁতক দেখিবা, সিহঁতৰ সতেজ আৰু নিয়ামতসমূহৰ মাজত লালিত-পালিত ৰূপ ৰেখাই তোমালোকক আকৰ্ষিত কৰিব। আৰু যদি সিহঁতে কথা কবলৈ ধৰে তেন্তে তোমালোকে সিহঁতৰ শুৱলা কথাবোৰ শুনিয়ে থাকিবা। হে ৰাছুল! সিহঁতে আপোনাৰ বৈঠকত এনেদৰে বহে যেন বেৰৰ সহায়ত থিয় হৈ থকা খুটা। সিহঁতে একো নুশুনেও আৰু বুজিও নাপায়। বৰং সিহঁতৰ কাপুৰুষতাৰ চৰম অৱস্থা এই যে, সিহঁতে প্ৰত্যেক কথাকে নিজৰ বিৰুদ্ধে ভাৱে। দৰাচলতে সিহঁতেই শত্ৰু। এতেকে হে ৰাছুল! আপুনি সিহঁতৰ পৰা সাৱধান থাকিব, যাতে সিহঁতে আপোনাৰ গোপন কৌশল প্ৰকাশ নকৰে, অথবা আপোনাৰ বিৰুদ্ধে কোনো চক্ৰান্ত নকৰে। সিহঁতৰ প্ৰতি আল্লাহৰ অভিসম্পাত। সিহঁতক ঈমানৰ পৰা কেনেকৈ বিমুখ কৰা হৈছে, অথচ ইয়াৰ প্ৰমাণ স্পষ্ট আৰু দলিল প্ৰকাশ্য।

63:5Page 555

وَإِذَا قِيلَ لَهُمۡ تَعَالَوۡاْ يَسۡتَغۡفِرۡ لَكُمۡ رَسُولُ ٱللَّهِ لَوَّوۡاْ رُءُوسَهُمۡ وَرَأَيۡتَهُمۡ يَصُدُّونَ وَهُم مُّسۡتَكۡبِرُونَ ٥

And when it is said to them, "Come, the Messenger of Allāh will ask forgiveness for you," they turn their heads aside and you see them evading while they are arrogant.

আৰু যেতিয়া এই মুনাফিকসকলক কোৱা হয় যে, তোমালোকৰ পৰা যি ভুল হৈছে তাৰ ক্ষমাৰ বাবে ৰাছুলৰ ওচৰত আহা, তেখেতে তোমালোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে বিদ্ৰূপ আৰু উপলুঙা কৰি নিজৰ মুখখন ঘূৰাই লয়। আৰু আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে সত্যক অগ্ৰাহ্য কৰি দম্ভালি মাৰি মুখ ঘূৰাই লয়, যিটোৰ আদেশ সিহঁতক দিয়া হৈছে।

63:6Page 555

سَوَآءٌ عَلَيۡهِمۡ أَسۡتَغۡفَرۡتَ لَهُمۡ أَمۡ لَمۡ تَسۡتَغۡفِرۡ لَهُمۡ لَن يَغۡفِرَ ٱللَّهُ لَهُمۡۚ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡفَٰسِقِينَ ٦

It is all the same for them whether you ask forgiveness for them or do not ask forgiveness for them; never will Allāh forgive them. Indeed, Allāh does not guide the defiantly disobedient people.

হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা বিচৰা আৰু নিবিচৰা উভয়ে সমান। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব। আল্লাহে সেই সম্প্ৰদায়ক তাওফীক নিদিয়ে যিসকলে গুনাহৰ ওপৰত অবিচল থাকি আল্লাহৰ আনুগত্যৰ পৰা ওলাই যায়।

63:7Page 555

هُمُ ٱلَّذِينَ يَقُولُونَ لَا تُنفِقُواْ عَلَىٰ مَنۡ عِندَ رَسُولِ ٱللَّهِ حَتَّىٰ يَنفَضُّواْۗ وَلِلَّهِ خَزَآئِنُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَٰكِنَّ ٱلۡمُنَٰفِقِينَ لَا يَفۡقَهُونَ ٧

They are the ones who say, "Do not spend on those who are with the Messenger of Allāh until they disband." And to Allāh belong the depositories of the heavens and the earth, but the hypocrites do not understand.

সিহঁতে কয়ঃ তোমালোকে নিজৰ ধন সেইসকল দুখীয়া আৰু মদীনাৰ ওচৰে-পাজৰে থকা দৰিদ্ৰ গাঁৱলীয়াৰ প্ৰতি খৰচ নকৰিবা, যিসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতে চলে, যাতে সিহঁত তেখেতৰ পৰা বিচ্ছিন্ন হৈ যায়। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ কেৱল আল্লাহৰ অধীনত। তেওঁ যাক ইচ্ছা কৰে প্ৰচুৰ জীৱিকা প্ৰদান কৰে। কিন্তু মুনাফিকসকলে এই কথা গমকে নাপায় যে, জীৱিকাৰ ভাণ্ডাৰ কেৱল আল্লাহৰ অধীনত।

63:8Page 555

يَقُولُونَ لَئِن رَّجَعۡنَآ إِلَى ٱلۡمَدِينَةِ لَيُخۡرِجَنَّ ٱلۡأَعَزُّ مِنۡهَا ٱلۡأَذَلَّۚ وَلِلَّهِ ٱلۡعِزَّةُ وَلِرَسُولِهِۦ وَلِلۡمُؤۡمِنِينَ وَلَٰكِنَّ ٱلۡمُنَٰفِقِينَ لَا يَعۡلَمُونَ ٨

They say, "If we return to al-Madīnah, the more honored [for power] will surely expel therefrom the more humble." And to Allāh belongs [all] honor, and to His Messenger, and to the believers, but the hypocrites do not know.

সিহঁতৰ নেতা আব্দুল্লাহ বিন উবাইয়ে কয়ঃ যদি আমি মদিনালৈ উভতি যাওঁ তেন্তে সন্মানিত লোকসকলে (অৰ্থাৎ মই আৰু মোৰ সঙ্গীসকলে) অপমানিত লোকসকলক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ সঙ্গীসকলক) বহিষ্কাৰ কৰিব। অথচ সন্মান হৈছে কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে, আব্দুল্লাহ বিন উবাই আৰু তাৰ সঙ্গীবিলাকৰ বাবে নহয়। কিন্তু মুনাফিকসকলে নাজানে যে, সন্মান কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে।

63:9Page 555

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُلۡهِكُمۡ أَمۡوَٰلُكُمۡ وَلَآ أَوۡلَٰدُكُمۡ عَن ذِكۡرِ ٱللَّهِۚ وَمَن يَفۡعَلۡ ذَٰلِكَ فَأُوْلَٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ ٩

O you who have believed, let not your wealth and your children divert you from the remembrance of Allāh. And whoever does that - then those are the losers.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! তোমালোকক তোমালোকৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যাতে ছালাত তথা ইছলামৰ অন্যান্য ফৰজ কৰ্মবোৰৰ পৰা অমনোযোগী নকৰে। আৰু যাক তাৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে ছালাত আদি আল্লাহে ফৰজ কৰা কৰ্মবোৰৰ পৰা অমনোযোগী কৰি দিয়ে, প্ৰকৃততে সিহঁতেই ক্ষতিগ্ৰস্ত। যিসকলে ক্বিয়ামতৰ দিনা নিজৰ তথা নিজ পৰিয়ালৰ ক্ষতি কৰিব।

63:10Page 555

وَأَنفِقُواْ مِن مَّا رَزَقۡنَٰكُم مِّن قَبۡلِ أَن يَأۡتِيَ أَحَدَكُمُ ٱلۡمَوۡتُ فَيَقُولَ رَبِّ لَوۡلَآ أَخَّرۡتَنِيٓ إِلَىٰٓ أَجَلٖ قَرِيبٖ فَأَصَّدَّقَ وَأَكُن مِّنَ ٱلصَّٰلِحِينَ ١٠

And spend [in the way of Allāh] from what We have provided you before death approaches one of you and he says, "My Lord, if only You would delay me for a brief term so I would give charity and be of the righteous."

তোমালোকৰ মৃত্যুৰ পূৰ্বেই আল্লাহৰ পথত সেই সম্পদৰ পৰা ব্যয় কৰা যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, অন্যথা মৃত্যুৰ পিছত নিজ প্ৰতিপালকক অভিযোগ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! মোক অলপ সময় অৱকাশ কিয় নিদিলা, মই তোমাৰ পথত মোৰ ধন ব্যয় কৰিলোহেঁতেন আৰু তোমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত হলোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।

63:11Page 555

وَلَن يُؤَخِّرَ ٱللَّهُ نَفۡسًا إِذَا جَآءَ أَجَلُهَاۚ وَٱللَّهُ خَبِيرُۢ بِمَا تَعۡمَلُونَ ١١

But never will Allāh delay a soul when its time has come. And Allāh is Aware of what you do.

আল্লাহে কোনো প্ৰাণীকেই সেই সময়ত সুযোগ নিদিব, যেতিয়া তাৰ আয়ু সমাপ্ত হৈ যাব আৰু তাৰ নিৰ্ধাৰিত সময় আহি পৰিব। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক প্ৰত্যেক কামৰ প্ৰতিদান দিব। যদি ভাল হয় তেন্তে ভাল, আৰু যদি বেয়া হয় তেন্তে তাৰ প্ৰতিদানো বেয়া।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском