Al-Mukhtasar · Tafsir · in Assamese
النبإ
An-Naba
The Tidings · Meccan · 40 ayahs
আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামক পঠোৱাৰ পিছতো মুশ্বৰিক সকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে।
সিহঁতে ডাঙৰ খবৰৰ বিষয়ে পৰস্পৰে সুধি আছে আৰু সেয়া হৈছে এই কোৰআন, যিটো তেওঁলোকৰ ৰছুলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ বাৰ জীৱিত কৰি উঠোৱাৰ সংবাদ আছে।
এই কোৰআন নো কি, এই সম্পৰ্কে সিহঁতৰ মাজতেই মতভেদ আছে। কোনোবাই ইয়াক যাদু বুলি কয়, কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহানী বুলি কয়।
সিহঁতে যিদৰে ভাবিছে ঘটনাটো তেনেকুৱা নহয়। কোৰআনক অস্বীকাৰকাৰী সকলে অচিৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হব।
আকৌ সিহঁতৰ আগত ইয়াৰ পুষ্টি হৈ যাব।
আমি পৃথিৱীখনক সিহঁতৰ বাবে বিছনা বনোৱা নাইনে? যাতে সিহঁতে ইয়াৰ ওপৰত থাকিব পাৰে।
আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ যিবোৰে পৃথিৱীখনক লৰচৰৰ পৰা বিৰত ৰাখিব পাৰে।
আৰু আমি তোমালোকক পুৰুষ আৰু মহিলাৰূপে সৃষ্টি কৰিছোঁ।
আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তিৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছো, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা।
আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ স্বৰূপে বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা।
আৰু দিনক উপাৰ্জন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছো।
78:12Page 582
وَبَنَيۡنَا فَوۡقَكُمۡ سَبۡعٗا شِدَادٗا ١٢
And constructed above you seven strong [heavens]
আৰু তোমালোকৰ ওপৰত সাতটা মজবুত আকাশ বনাইছোঁ।
আৰু সূৰ্যক তীব্ৰ প্ৰজ্বলন আৰু পোহৰ দিয়া প্ৰদীপ বনাইছোঁ।
78:14Page 582
وَأَنزَلۡنَا مِنَ ٱلۡمُعۡصِرَٰتِ مَآءٗ ثَجَّاجٗا ١٤
And sent down from the rain clouds pouring water
মেঘৰ পৰা ধাৰাষাৰ বৰষুণ বৰ্ষণ কৰিছোঁ।
78:15Page 582
لِّنُخۡرِجَ بِهِۦ حَبّٗا وَنَبَاتٗا ١٥
That We may bring forth thereby grain and vegetation
যাতে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ অন্ন আৰু নানা প্ৰকাৰৰ বনস্পতি উদ্ভিদ গজাব পাৰোঁ।
আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ।
78:17Page 582
إِنَّ يَوۡمَ ٱلۡفَصۡلِ كَانَ مِيقَٰتٗا ١٧
Indeed, the Day of Judgement is an appointed time -
নিশ্চয় মাখলোকৰ (সৃষ্টিসকলৰ) মাজত বিচাৰৰ এটা সময় নিৰ্ধাৰিত আছে, সেয়া ইফাল-সিফাল নহয়।
78:18Page 582
يَوۡمَ يُنفَخُ فِي ٱلصُّورِ فَتَأۡتُونَ أَفۡوَاجٗا ١٨
The Day the Horn is blown and you will come forth in multitudes
যিদিনাখন ফিৰিস্তাই দ্বিতীয় বাৰ শিঙাত ফু দিব তেতিয়া তোমালোকে দলে দলে আহিবা।
78:19Page 582
وَفُتِحَتِ ٱلسَّمَآءُ فَكَانَتۡ أَبۡوَٰبٗا ١٩
And the heaven is opened and will become gateways
আৰু আকাশ খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব।
78:20Page 582
وَسُيِّرَتِ ٱلۡجِبَالُ فَكَانَتۡ سَرَابًا ٢٠
And the mountains are removed and will be [but] a mirage.
আৰু পাহাৰবোৰক গতি দিয়া হব তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব।
নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰি আছে।
যালিমসকলৰ ওভতি যোৱাৰ ঠাই, যত সিহঁতে ওভতি যাব লাগিব।
তাৰ ভিতৰত ইমান দীৰ্ঘকাল লৈকে থাকিব যাৰ কোনো অন্ত নাই।
78:24Page 582
لَّا يَذُوقُونَ فِيهَا بَرۡدٗا وَلَا شَرَابًا ٢٤
They will not taste therein [any] coolness or drink.
যাৰ ভিতৰত জাহান্নামৰ জুই ঠাণ্ডা কৰিব পৰা বতাহ নাপাব আৰু স্বাদযুক্ত কোনো পানীও সেৱন কৰিবলৈ নাপাব।
অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামী সকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে একোৱে নাথাকিব।
এয়া সিহঁতৰ সেই কুফুৰী ( অস্বীকাৰ) আৰু পথভ্ৰষ্টৰ অনূৰূপ পৰিণাম যাৰ ওপৰত সিহঁতে পৃথিৱীত জীৱন-যাপন কৰিছিল।
নিশ্চয় তেওঁলোকে আল্লাহে হিচাপ লোৱাৰ প্ৰতি ভয় কৰা নাছিল। কিয়নো তেওঁলোকে পুনৰ উত্থানৰ প্ৰতি বিশ্বাস কৰা নাছিল। যদি পুনৰ জীৱনৰ প্ৰতি ভয় থাকিলেহেঁতেন তেন্তে তেওঁলোকে আল্লাহৰ প্ৰতি ইমান আনিলেহেঁতেন আৰু সৎ কৰ্ম কৰিলেহেঁতেন।
আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰ অস্বীকাৰ কৰিছিল।
আৰু আমি তেওঁলোকৰ সকলো কৰ্ম সঠিকৰূপে হিচাপ কৰি ৰাখিছো আৰু সেয়া তেওঁলোকৰ আমল নামাত লিখা আছে।
78:30Page 582
فَذُوقُواْ فَلَن نَّزِيدَكُمۡ إِلَّا عَذَابًا ٣٠
"So taste [the penalty], and never will We increase you except in torment."1
গতিকে হে অপৰাধীসকল! এই চিৰ শাস্তি উপভোগ কৰি থাকা আৰু আমি তোমালোকৰ শাস্তি বৃদ্ধি কৰিয়ে থাকিম।
নিশ্চয় যি সকলে তেওঁলোকৰ পালন কৰ্তাৰ আদেশ পালন কৰি আৰু নিষেধাজ্ঞাৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰে তেওঁলোকৰ বাবে এনেকুৱা সফলদায়ক স্থান আছে যত তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিব পাৰিব, সেয়া হৈছে জান্নাত।
বাগান আৰু আঙুৰ আছে।
আৰু সম বয়সীয়া নৱ-যুৱতীসকল।
আৰু মদ ভৰা গিলাছ।
78:35Page 583
لَّا يَسۡمَعُونَ فِيهَا لَغۡوٗا وَلَا كِذَّٰبٗا ٣٥
No ill speech will they hear therein or any falsehood -
তেওঁলোকে জান্নাতত কোনো অনাৰ্থক আৰু মিছা কথা নুশুনিব লগতে কোনেও কাকো মিছা কথা নকব।
78:36Page 583
جَزَآءٗ مِّن رَّبِّكَ عَطَآءً حِسَابٗا ٣٦
[As] reward from your Lord, [a generous] gift [made due by] account,1
যিয়ে আকাশ আৰু পৃথিৱী তথা এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুৰ পালনকৰ্তা তেওঁ ইহকাল আৰু পৰকাল দুয়ো স্থানতে কৰুণাময়। পৃথিৱী আৰু আকাশৰ সকলোৱে আল্লাহৰ অনুমতি অবিহনে একুৱে কৰিব নোৱাৰিব।
78:37Page 583
رَّبِّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلرَّحۡمَٰنِۖ لَا يَمۡلِكُونَ مِنۡهُ خِطَابٗا ٣٧
[From] the Lord of the heavens and the earth and whatever is between them, the Most Merciful. They possess not from Him [authority for] speech.1
তেৱেঁই আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, তেওঁ পৃথিৱী আৰু আখিৰাতত পৰম কৰুণাময়, পৃথিৱী আৰু আকাশত থকা কোনেও তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব নোৱাৰিব।
78:38Page 583
يَوۡمَ يَقُومُ ٱلرُّوحُ وَٱلۡمَلَٰٓئِكَةُ صَفّٗاۖ لَّا يَتَكَلَّمُونَ إِلَّا مَنۡ أَذِنَ لَهُ ٱلرَّحۡمَٰنُ وَقَالَ صَوَابٗا ٣٨
The Day that the Spirit [i.e., Gabriel] and the angels will stand in rows, they will not speak except for one whom the Most Merciful permits, and he will say what is correct.
যিদিনাখন জিব্ৰাইল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হব, সিদিনাখন আল্লাহ তাআলা যাক চুপাৰিশৰ কাৰণে অনুমতি দিব তাৰ বাহিৰে কোনেও চুপাৰিশৰ কাৰণে মুখ খুলিব নোৱাৰিব। আৰু তেওঁলোকে সঠিক কথাই কব যেনে, কলিমা তৌহিদ আদি।
78:39Page 583
ذَٰلِكَ ٱلۡيَوۡمُ ٱلۡحَقُّۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا ٣٩
That is the True [i.e., certain] Day; so he who wills may take to his Lord a [way of] return.1
তোমালোকৰ আগত যি দিনৰ কথা বৰ্ণনা কৰা হৈছে সেয়া সেই দিন যাৰ অৱস্থিতিত কোনো সন্দেহ নাই। গতিকে যিয়ে সেই দিনত আল্লাহৰ শাস্তিৰ পৰা মুক্তি পাব বিচাৰে সি যেন আল্লাহক সন্তুষ্ট কৰা সত্কৰ্মৰ পথ বিচাৰি লয়।
78:40Page 583
إِنَّآ أَنذَرۡنَٰكُمۡ عَذَابٗا قَرِيبٗا يَوۡمَ يَنظُرُ ٱلۡمَرۡءُ مَا قَدَّمَتۡ يَدَاهُ وَيَقُولُ ٱلۡكَافِرُ يَٰلَيۡتَنِي كُنتُ تُرَٰبَۢا ٤٠
Indeed, We have warned you of an impending punishment on the Day when a man will observe what his hands have put forth1 and the disbeliever will say, "Oh, I wish that I were dust!"
(হে মানৱ) আমি তোমালোকক এনেকুৱা শাস্তিৰ পৰা সাৱধান কৰি দিছো যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানুহে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব আৰু কাফিৰে শাস্তিৰ পৰা মুক্তি পোৱাৰ কামনা কৰি কব – মই যদি জীৱ-জন্তুৰ দৰে মাটি হৈ গলোহেঁতেন! এই কথা সেই সময়ত কব যেতিয়া ক্বিয়ামতৰ দিনা জীৱ-জন্তুক কোৱা হবঃ তোমালোকে মাটি হৈ যোৱা।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences