Al-MukhtasarAt‑Takathur · 102:1–8

Al-Mukhtasar · Tafsir · in Assamese

التكاثر

At-Takathur

The Rivalry in world increase · Meccan · 8 ayahs

102:1Page 600

أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ ١

Competition in [worldly] increase diverts you

হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।

102:2Page 600

حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ ٢

Until you visit the graveyards.1

যেতিয়ালৈকে তোমালোকৰ মৃত্যু নাহে আৰু কবৰত উপনীত নোহোৱা।

102:3Page 600

كـَلَّا سَوۡفَ تَعۡلَمُونَ ٣

No! You are going to know.

ধন, সন্তানৰ গৌৰৱৰ কাৰণে আল্লাহৰ ইবাদতৰ পৰা তোমালোকে অমনোযোগী হব নালাগিছিল। তোমালোকে এই অমনোযোগীৰ পৰিণাম নিশ্চয় জানিবলৈ পাবা।

102:4Page 600

ثُمَّ كـَلَّا سَوۡفَ تَعۡلَمُونَ ٤

Then, no! You are going to know.

তাৰ পিছত তুমি অতি সোনকালে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত হবা।

102:5Page 600

كـَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡيَقِينِ ٥

No! If you only knew with knowledge of certainty...1

সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম দিব। তেন্তে ধন, সন্তানৰ গৌৰৱত তোমালোকে আল্লাহৰ প্ৰতি অমনোযোগী নহলাহেঁতেন।

102:6Page 600

لَتَرَوُنَّ ٱلۡجَحِيمَ ٦

You will surely see the Hellfire.

আল্লাহৰ শপত! তোমালোকে ক্বিয়ামতৰ দিনা জাহান্নাম অৱশ্যই দেখিবলৈ পাবা।

102:7Page 600

ثُمَّ لَتَرَوُنَّهَا عَيۡنَ ٱلۡيَقِينِ ٧

Then you will surely see it with the eye of certainty.1

আকৌ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।

102:8Page 600

ثُمَّ لَتُسۡـَٔلُنَّ يَوۡمَئِذٍ عَنِ ٱلنَّعِيمِ ٨

Then you will surely be asked that Day about pleasure.1

তাৰ পিছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন- সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে অৱশ্যই সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском