Al-Mukhtasar · Tafsir · in Assamese
Yunus 10:73–109
10:73Page 217
فَكَذَّبُوهُ فَنَجَّيۡنَٰهُ وَمَن مَّعَهُۥ فِي ٱلۡفُلۡكِ وَجَعَلۡنَٰهُمۡ خَلَٰٓئِفَ وَأَغۡرَقۡنَا ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَاۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُنذَرِينَ ٧٣
And they denied him, so We saved him and those with him in the ship and made them successors, and We drowned those who denied Our signs. Then see how was the end of those who were warned.
তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে, আৰু তেওঁক সমৰ্থন নকৰিলে। ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে নাৱঁত আৰোহণ কৰা মুমিনসকলক ৰক্ষা কৰিলো। আৰু তেওঁলোকক পূৰ্বৱৰ্তী লোকসকলৰ উত্তৰাধিকাৰী কৰি দিলো। আৰু যিসকলে তেওঁ লৈ অহা নিদৰ্শন আৰু প্ৰমাণবোৰক অস্বীকাৰ কৰিছিল, সিহঁতক আমি তুফানৰ জৰিয়তে ধ্বংস কৰিলো। এতেকে হে ৰাছুল! চিন্তা কৰকচোন, যিসকলক নূহ আলাইহিছ ছালামে সতৰ্ক কৰিছিল কিন্তু সিহঁতে ঈমান পোষণ কৰা নাছিল, সেইসকল লোকৰ অন্তিম পৰিণাম কেনেকুৱা আছিল?
10:74Page 217
ثُمَّ بَعَثۡنَا مِنۢ بَعۡدِهِۦ رُسُلًا إِلَىٰ قَوۡمِهِمۡ فَجَآءُوهُم بِٱلۡبَيِّنَٰتِ فَمَا كَانُواْ لِيُؤۡمِنُواْ بِمَا كَذَّبُواْ بِهِۦ مِن قَبۡلُۚ كَذَٰلِكَ نَطۡبَعُ عَلَىٰ قُلُوبِ ٱلۡمُعۡتَدِينَ ٧٤
Then We sent after him messengers to their peoples, and they came to them with clear proofs. But they were not to believe in that which they had denied before.1 Thus We seal over the hearts of the transgressors.
নূহ আলাইহিছ ছালামৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো। তথা ৰাছুলসকলে তেওঁলোকৰ জাতিৰ ওচৰত নিদৰ্শন আৰু প্ৰমাণ লৈ আহিছিল। কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰাৰ সিহঁতৰ যি পুৰণি স্বভাৱ আছিল তাৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ কোনো লক্ষণ নাছিল। ফলত আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছিল। যিদৰে আমি পূৰ্বৱৰ্তী ৰাছুলসকলৰ অনুসাৰীসকলৰ অন্তৰত মোহৰ মাৰিছিলো, ঠিক সেইদৰে আমি প্ৰত্যেক ঠাই আৰু প্ৰত্যেক যুগৰ সেই কাফিৰসকলৰ অন্তৰত মোহৰ লগাই দিম, যিসকলে কুফৰৰ পন্থা অৱলম্বন কৰি আল্লাহৰ সীমালঙ্ঘন কৰে।
10:75Page 217
ثُمَّ بَعَثۡنَا مِنۢ بَعۡدِهِم مُّوسَىٰ وَهَٰرُونَ إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ بِـَٔايَٰتِنَا فَٱسۡتَكۡبَرُواْ وَكَانُواْ قَوۡمٗا مُّجۡرِمِينَ ٧٥
Then We sent after them Moses and Aaron to Pharaoh and his establishment with Our signs, but they behaved arrogantly and were a criminal people.
এটা দীৰ্ঘ সময়ৰ অন্তত এই ৰাছুলসকলৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাছ ছালামক মিচৰৰ ৰজা ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত প্ৰেৰণ কৰিলো। আমি তেওঁলোক দুয়োকে তেওঁলোকৰ সত্যতা প্ৰমাণকাৰী নিদৰ্শনৰ সৈতে প্ৰেৰণ কৰিছিলো। কিন্তু সিহঁতে অহংকাৰ কৰিলে আৰু তেওঁলোকে লৈ অহা বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰিলে। দৰাচলতে সিহঁত আছিল অপৰাধী সম্প্ৰদায়, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
10:76Page 217
فَلَمَّا جَآءَهُمُ ٱلۡحَقُّ مِنۡ عِندِنَا قَالُوٓاْ إِنَّ هَٰذَا لَسِحۡرٞ مُّبِينٞ ٧٦
So when there came to them the truth from Us, they said, "Indeed, this is obvious magic."
এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত মূছা আৰু তেওঁৰ ভাতৃয়ে লৈ অহা নিদৰ্শনসমূহ উপস্থাপন কৰা হ'ল, তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ লৈ অহা নিদৰ্শন সম্পৰ্কে মন্তব্য কৰি ক'লেঃ নিশ্চয় এইবোৰ স্পষ্ট যাদু, এইবোৰ বাস্তৱ নহয়।
10:77Page 217
قَالَ مُوسَىٰٓ أَتَقُولُونَ لِلۡحَقِّ لَمَّا جَآءَكُمۡۖ أَسِحۡرٌ هَٰذَا وَلَا يُفۡلِحُ ٱلسَّٰحِرُونَ ٧٧
Moses said, "Do you say [thus] about the truth when it has come to you? Is this magic? But magicians will not succeed."
মূছা আলাইহিছ ছালামে তেতিয়া সিহঁতক নিন্দা কৰি ক'লেঃ তোমালোকৰ ওচৰত সত্য অহাৰ পিছত সেইটোক তোমালোকে যাদু বুলি কৈ আছা? কেতিয়াও নহয়, এয়া যাদু নহয়। মই ভালদৰে জানো যাদুকৰ কেতিয়াও সফল হ'ব নোৱাৰে। তেন্তে মই কিয় এনেকুৱা পন্থাত লিপ্ত হ'ম?
10:78Page 217
قَالُوٓاْ أَجِئۡتَنَا لِتَلۡفِتَنَا عَمَّا وَجَدۡنَا عَلَيۡهِ ءَابَآءَنَا وَتَكُونَ لَكُمَا ٱلۡكِبۡرِيَآءُ فِي ٱلۡأَرۡضِ وَمَا نَحۡنُ لَكُمَا بِمُؤۡمِنِينَ ٧٨
They said, "Have you come to us to turn us away from that upon which we found our fathers and so that you two may have grandeur in the land? And we are not believers in you."
ফিৰআউনৰ সম্প্ৰদায়ে মূছা আলাইহিছ ছালামক এই বুলি উত্তৰ দিলে যে, তোমালোকে এই যাদু লৈ আমাৰ ওচৰত এই কাৰণে আহিছা, যাতে তোমালোকে আমাক আমাৰ সেই ধৰ্মৰ পৰা আঁতৰাব পাৰা যি ধৰ্মত আমি আমাৰ আজুককাসকলক পাইছিলো, আৰু যাতে তুমি আৰু তোমাৰ ভাতৃয়ে ৰাজত্ব লাভ কৰিব পাৰা? হে মূছা আৰু হাৰূন! দৰাচলতে আমি এইটো কেতিয়াও স্বীকাৰ নকৰো যে, তোমালোকক আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰা হৈছে।
10:79Page 218
وَقَالَ فِرۡعَوۡنُ ٱئۡتُونِي بِكُلِّ سَٰحِرٍ عَلِيمٖ ٧٩
And Pharaoh said, "Bring to me every learned magician."
ফিৰআউনে নিজ সম্প্ৰদায়ক আদেশ কৰি কলে, মোৰ ওচৰলৈ এনেকুৱা প্ৰত্যেক যাদুকৰসকলক উপস্থিত কৰা, যিসকল যাদুৰ ক্ষেত্ৰত পৰিপূৰ্ণ জ্ঞান ৰাখে তথা এই ক্ষেত্ৰত অতি দক্ষ।
10:80Page 218
فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالَ لَهُم مُّوسَىٰٓ أَلۡقُواْ مَآ أَنتُم مُّلۡقُونَ ٨٠
So when the magicians came, Moses said to them, "Throw down whatever you will throw."
,ফিৰআউনৰ ওচৰত যেতিয়া যাদুকৰসকলক অনা হ'ল, ইপিনে মূছা আলাহিছ ছালাম পূৰ্ণ বিশ্বাসী আছিল যে সিহঁতৰ ওপৰত তেৱেঁই বিজয় লাভ কৰিব, সেয়ে তেওঁ সিহঁতক উদ্দেশি ক'লেঃ হে যাদুকৰসকল! নিক্ষেপ কৰা, তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে।
10:81Page 218
فَلَمَّآ أَلۡقَوۡاْ قَالَ مُوسَىٰ مَا جِئۡتُم بِهِ ٱلسِّحۡرُۖ إِنَّ ٱللَّهَ سَيُبۡطِلُهُۥٓ إِنَّ ٱللَّهَ لَا يُصۡلِحُ عَمَلَ ٱلۡمُفۡسِدِينَ ٨١
And when they had thrown, Moses said, "What you have brought is [only] magic. Indeed, Allāh will expose its worthlessness. Indeed, Allāh does not amend the work of corrupters.
সিহঁতৰ ওচৰত যি নিক্ষেপ কৰিবলগীয়া আছিল, সিহঁতে যেতিয়া সেয়া নিক্ষেপ কৰিলে, তেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে যি দেখুৱাই আছা সেইটোহে যাদু। তোমালোকে যি দেখুৱাই আছা এইটোক আল্লাহে অৱশ্যে এনেকৈ বিনষ্ট কৰিব যে, ইয়াৰ কোনো চিহ্নও অৱশিষ্ট নাথাকিব। দৰাচলতে তোমালোকে যাদুৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছা। অৱশ্যে আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীৰ কৰ্ম সংশোধন নকৰে।
10:82Page 218
وَيُحِقُّ ٱللَّهُ ٱلۡحَقَّ بِكَلِمَٰتِهِۦ وَلَوۡ كَرِهَ ٱلۡمُجۡرِمُونَ ٨٢
And Allāh will establish the truth by His words, even if the criminals dislike it."
আল্লাহে ভাগ্য সম্পৰ্কীয় বাণীৰ দ্বাৰা আৰু চৰীয়তৰ মাজত থকা প্ৰমাণ আৰু যুক্তিৰে সত্যক সত্য বুলি প্ৰমাণিত কৰে তথা প্ৰতিষ্ঠিত কৰে। যদিও ফিৰআউন সম্প্ৰদায়ৰ অপৰাধী কাফিৰসকলে বেয়া পায়।
10:83Page 218
فَمَآ ءَامَنَ لِمُوسَىٰٓ إِلَّا ذُرِّيَّةٞ مِّن قَوۡمِهِۦ عَلَىٰ خَوۡفٖ مِّن فِرۡعَوۡنَ وَمَلَإِيْهِمۡ أَن يَفۡتِنَهُمۡۚ وَإِنَّ فِرۡعَوۡنَ لَعَالٖ فِي ٱلۡأَرۡضِ وَإِنَّهُۥ لَمِنَ ٱلۡمُسۡرِفِينَ ٨٣
But no one believed Moses, except [some] offspring [i.e., youths] among his people, for fear of Pharaoh and his establishment that they would persecute them. And indeed, Pharaoh was haughty within the land, and indeed, he was of the transgressors.
সিহঁত প্ৰত্যাখ্যান কৰাৰ স্থিতিত পৰিপূ্ৰ্ণভাৱে অটল আছিল। এতেকে মূছা আলাইহিছ ছালামে প্ৰকাশ্য নিদৰ্শন আৰু স্পষ্ট প্ৰমাণ অনাৰ পিছতো তেওঁৰ সম্প্ৰদায় অৰ্থাৎ বনী ইছৰাঈলৰ কেৱল কেইজন মান যুৱকেহে তেওঁক সমৰ্থন কৰিলে। তথাপিও তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ পৰা ভীত-সন্ত্ৰস্ত হৈ আছিল যে, যদি তেওঁলোকৰ বিষয়টো প্ৰকাশ পাই যায় তেন্তে সিহঁতে তেওঁলোকক শাস্তি প্ৰদান কৰি ঈমানৰ পৰা বিচলিত কৰিব। দৰাচলতে ফিৰআউন আছিল অহংকাৰী আৰু মিচৰ তথা ইয়াৰ অধিবাসীসকলৰ ওপৰত আছিল প্ৰভূত্বশালী। নিসন্দেহে সি কুফুৰীত আৰু বনী ইছৰাঈলক হত্যা কৰাৰ ক্ষেত্ৰত তথা সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সীমালঙ্ঘনকাৰী আছিল।
10:84Page 218
وَقَالَ مُوسَىٰ يَٰقَوۡمِ إِن كُنتُمۡ ءَامَنتُم بِٱللَّهِ فَعَلَيۡهِ تَوَكَّلُوٓاْ إِن كُنتُم مُّسۡلِمِينَ ٨٤
And Moses said, "O my people, if you have believed in Allāh, then rely upon Him, if you should be Muslims [i.e., submitting to Him]."
মূছা আলাইহিছ ছালামে নিজ সম্প্ৰদায়ক সম্বোধন কৰি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যদি তোমালোকে সঁচাই আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা, যদি তোমালোক প্ৰকৃত আত্মসমৰ্পনকাৰী। কাৰণ আল্লাহৰ প্ৰতি ভৰসা কৰিলে তোমালোকৰ বিপদ দূৰ হ'ব, আৰু কল্যাণ লাভ কৰিবা।
10:85Page 218
فَقَالُواْ عَلَى ٱللَّهِ تَوَكَّلۡنَا رَبَّنَا لَا تَجۡعَلۡنَا فِتۡنَةٗ لِّلۡقَوۡمِ ٱلظَّٰلِمِينَ ٨٥
So they said, "Upon Allāh do we rely. Our Lord, make us not [objects of] trial for the wrongdoing people
তেতিয়া তেওঁলোকে মূছা আলাইহিছ ছালামক উত্তৰ দি ক'লেঃ আমি কেৱল আল্লাহৰ প্ৰতি ভৰসা কৰিছো। হে আমাৰ প্ৰতিপালক! তুমি আমাক অন্যায়কাৰীসকলৰ অধীনস্থ নকৰিবা। কাৰণ সিহঁতে আমাক শাস্তি, হত্যা আৰু প্ৰলোভন প্ৰদান কৰি ধৰ্মৰ পৰা বিচলিত কৰিব।
10:86Page 218
وَنَجِّنَا بِرَحۡمَتِكَ مِنَ ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ ٨٦
And save us by Your mercy from the disbelieving people."
হে আমাৰ প্ৰতিপালক! তুমি আমাক তোমাৰ কৃপাত কাফিৰ ফিৰআউনৰ সম্প্ৰদায়ৰ হাতৰ পৰা ৰক্ষা কৰা। কাৰণ সিহঁতে আমাক দাস বনাই ৰাখিছে, লগতে আমাক শাস্তি আৰু হত্যাৰ দ্বাৰা নিৰ্যাতন চলাইছে।
10:87Page 218
وَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰ وَأَخِيهِ أَن تَبَوَّءَا لِقَوۡمِكُمَا بِمِصۡرَ بُيُوتٗا وَٱجۡعَلُواْ بُيُوتَكُمۡ قِبۡلَةٗ وَأَقِيمُواْ ٱلصَّلَوٰةَۗ وَبَشِّرِ ٱلۡمُؤۡمِنِينَ ٨٧
And We inspired to Moses and his brother, "Settle your people in Egypt in houses and make your houses [facing the] qiblah1 and establish prayer and give good tidings to the believers."
আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাচ্ছালামক অহীৰ জৰিয়তে নিৰ্দেশ দিছিলোঁ যে, তোমালোকে নিজ সম্প্ৰদায়ৰ বাবে কেৱল আল্লাহৰ ইবাদত কৰিবলৈ মিচৰত কিছুমান ঘৰ নিৰ্মাণ কৰা, যিবোৰৰ দিশ কিব্লা (বাইতুল মাক্বদিছ) অভিমুখে ৰাখিবা। আৰু পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰিবা। তথা হে মূছা! আপুনি মুমিনসকলক এই আনন্দদায়ক শুভসংবাদ দিয়ক যে, আল্লাহে তেওঁলোকক সহায় কৰিব, তেওঁলোকক সমৰ্থন কৰিব, তেওঁলোকৰ শত্ৰুক ধ্বংস কৰি তেওঁলোকক পৃথিৱীত উত্তৰাধিকাৰী বনাব।
10:88Page 218
وَقَالَ مُوسَىٰ رَبَّنَآ إِنَّكَ ءَاتَيۡتَ فِرۡعَوۡنَ وَمَلَأَهُۥ زِينَةٗ وَأَمۡوَٰلٗا فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا رَبَّنَا لِيُضِلُّواْ عَن سَبِيلِكَۖ رَبَّنَا ٱطۡمِسۡ عَلَىٰٓ أَمۡوَٰلِهِمۡ وَٱشۡدُدۡ عَلَىٰ قُلُوبِهِمۡ فَلَا يُؤۡمِنُواْ حَتَّىٰ يَرَوُاْ ٱلۡعَذَابَ ٱلۡأَلِيمَ ٨٨
And Moses said, "Our Lord, indeed You have given Pharaoh and his establishment splendor and wealth in the worldly life, our Lord, that they may lead [men] astray from Your way. Our Lord, obliterate their wealth and harden their hearts so that they will not believe until they see the painful punishment."
মূছা আলাইহিছ ছালামে প্ৰাৰ্থনা কৰি ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলক পাৰ্থিৱ জীৱনৰ মূল্যৱান সম্পদ আৰু ভোগ ও শোভা-সামগ্ৰী প্ৰদান কৰিছা আৰু সিহঁতক পৃথিৱীত ধন-সম্পত্তি প্ৰদান কৰিছা, তথাপিও সিহঁতে তুমি প্ৰদান কৰা নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰা নাই। আনকি ইয়াৰ দ্বাৰা সিহঁতে মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰিছে। হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ ধন-সম্পদ ধ্বংস কৰি দিয়া। আৰু সিহঁতৰ অন্তৰ কঠোৰ বনাই দিয়া, যাতে সিহঁতে কঠিন শাস্তি নিজ চকুৰে নেদেখালৈকে ঈমান পোষণ নকৰে, যি সময়ত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো উপকাৰ নকৰে।
10:89Page 219
قَالَ قَدۡ أُجِيبَت دَّعۡوَتُكُمَا فَٱسۡتَقِيمَا وَلَا تَتَّبِعَآنِّ سَبِيلَ ٱلَّذِينَ لَا يَعۡلَمُونَ ٨٩
[Allāh] said, "Your supplication has been answered."1 So remain on a right course and follow not the way of those who do not know."
আল্লাহে কৈছেঃ হে মূছা আৰু হাৰূন! ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ বিৰুদ্ধে কৰা তোমালোকৰ বদ্দুআ মই কবূল কৰিছো। এতেকে তোমালোকে নিজ ধৰ্মত অটল থাকা, ইয়াৰ পৰা বিমুখ হৈ অজ্ঞানীসকলৰ অনুসৰণ নকৰিবা, যিসকলৰ ওচৰত সত্যৰ পথ সম্পৰ্কে একো জ্ঞান নাই।
10:90Page 219
۞ وَجَٰوَزۡنَا بِبَنِيٓ إِسۡرَٰٓءِيلَ ٱلۡبَحۡرَ فَأَتۡبَعَهُمۡ فِرۡعَوۡنُ وَجُنُودُهُۥ بَغۡيٗا وَعَدۡوًاۖ حَتَّىٰٓ إِذَآ أَدۡرَكَهُ ٱلۡغَرَقُ قَالَ ءَامَنتُ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا ٱلَّذِيٓ ءَامَنَتۡ بِهِۦ بَنُوٓاْ إِسۡرَٰٓءِيلَ وَأَنَا۠ مِنَ ٱلۡمُسۡلِمِينَ ٩٠
And We took the Children of Israel across the sea, and Pharaoh and his soldiers pursued them in tyranny and enmity until, when drowning overtook him, he said, "I believe that there is no deity except that in whom the Children of Israel believe, and I am of the Muslims."
আৰু আমি সাগৰক দুভাগ কৰি বনী ইছৰাঈলৰ বাবে সাগৰ পাৰ কৰা সহজ কৰি দিছিলো, আনকি তেওঁলোক অতি সহজে সুৰক্ষিত অৱস্থাত সাগৰ পাৰ কৰিছিল। তথাপিও ফিৰআউন আৰু তাৰ সেনাবাহিনীয়ে অন্যায় অত্যাচাৰত লিপ্ত হৈ তেওঁলোকক চোঁচা ললে। কিন্তু যেতিয়া সাগৰৰ দুয়োভাগ মিলিত হ'ল আৰু সি ডুবিবলৈ ধৰিলে, আনকি তাৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় বিচাৰি নাপালে তেতিয়া সি ক'লেঃ মই ঈমান আনিলো, যাৰ বাহিৰে কোনো সত্য উপাস্য নাই, যি সত্ত্বাৰ প্ৰতি বনী ইছৰাঈলে ঈমান পোষণ কৰিছে। আৰু মই আল্লাহৰ আনুগত্যকাৰী বান্দাসকলৰ অন্তৰ্ভুক্ত হ'লো।
10:91Page 219
ءَآلۡـَٰٔنَ وَقَدۡ عَصَيۡتَ قَبۡلُ وَكُنتَ مِنَ ٱلۡمُفۡسِدِينَ ٩١
Now? And you had disobeyed [Him] before and were of the corrupters?
জীৱনৰ পৰা নিৰাশ হোৱাৰ পিছত এতিয়া ঈমান আনিছা? অথচ হে ফিৰআউন! আল্লাহৰ শাস্তি অৱতীৰ্ণ হোৱাৰ পূৰ্বে তাক অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ পথৰ পৰা মানুহক বিৰত ৰাখি আল্লাহৰ অবাধ্যতা কৰিছিলা, আৰু তুমি বিপৰ্যয় সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্তি আছিলা। কাৰণ তুমি নিজেই পথভ্ৰষ্ট আছিলা আৰু আনকো পথভ্ৰষ্ট কৰিছিলা।
10:92Page 219
فَٱلۡيَوۡمَ نُنَجِّيكَ بِبَدَنِكَ لِتَكُونَ لِمَنۡ خَلۡفَكَ ءَايَةٗۚ وَإِنَّ كَثِيرٗا مِّنَ ٱلنَّاسِ عَنۡ ءَايَٰتِنَا لَغَٰفِلُونَ ٩٢
So today We will save you in body1 that you may be to those who succeed you a sign. And indeed, many among the people, of Our signs, are heedless.
হে ফিৰআউন! আজি মই তোমাক সাগৰৰ পৰা উঠাই আনিম, আৰু এডোখৰ ওখ স্থানত থৈ দিম, যাতে তোমাৰ পিছত অহা লোকসকলে তোমাক দেখি শিক্ষা লাভ কৰে। দৰাচলতে অধিকাংশ মানুহ আমাৰ ক্ষমতাৰ প্ৰমাণ আৰু যুক্তি সম্পৰ্কে উদাসীন। সেই সম্পৰ্কে চিন্তা-চৰ্চা নকৰে।
10:93Page 219
وَلَقَدۡ بَوَّأۡنَا بَنِيٓ إِسۡرَٰٓءِيلَ مُبَوَّأَ صِدۡقٖ وَرَزَقۡنَٰهُم مِّنَ ٱلطَّيِّبَٰتِ فَمَا ٱخۡتَلَفُواْ حَتَّىٰ جَآءَهُمُ ٱلۡعِلۡمُۚ إِنَّ رَبَّكَ يَقۡضِي بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ ٩٣
And We had certainly settled the Children of Israel in an agreeable settlement and provided them with good things. And they did not differ until [after] knowledge had come to them. Indeed, your Lord will judge between them on the Day of Resurrection concerning that over which they used to differ.
আৰু আমি বনী ইছৰাঈলক শ্বাম দেশৰ বৰকতময় ভূমিত এটা সুখ-দায়ক স্থান আৰু মনোমোহা, মনোৰম ভূমি প্ৰদান কৰিছিলো, আৰু তেওঁলোকক খাবলৈ হালাল তথা পৱিত্ৰ জীৱিকা দান কৰিছিলো। তেতিয়া তেওঁলোকে নিজৰ ধৰ্ম সম্পৰ্কে মতভেদ সৃষ্টি কৰা নাছিল। অৱশেষত যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন আহিল, যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেইসমূহ বৈশিষ্ট্যৰ সমৰ্থন কৰে যিবোৰ তেওঁলোকে তাওৰাতত পঢ়িছিল। তেওঁলোকে যেতিয়া ইয়াক অস্বীকাৰ কৰিলে তেতিয়া তেওঁলোকৰ পৰা তেওঁলোকৰ দেশ কাঢ়ি লোৱা হ'ল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ক্বিয়ামতৰ দিনা সিহঁতৰ মাজত যি বিষয়ে মতভেদ হৈছিল তাৰ মীমাংসা কৰিব। তাৰ পিছত তেওঁ সত্যবাদী আৰু অসত্যবাদীক নিজ নিজ যোগ্যতা অনুযায়ী প্ৰতিফল দিব।
10:94Page 219
فَإِن كُنتَ فِي شَكّٖ مِّمَّآ أَنزَلۡنَآ إِلَيۡكَ فَسۡـَٔلِ ٱلَّذِينَ يَقۡرَءُونَ ٱلۡكِتَٰبَ مِن قَبۡلِكَۚ لَقَدۡ جَآءَكَ ٱلۡحَقُّ مِن رَّبِّكَ فَلَا تَكُونَنَّ مِنَ ٱلۡمُمۡتَرِينَ ٩٤
So if you are in doubt, [O Muḥammad], about that which We have revealed to you, then ask those who have been reading the Scripture before you. The truth has certainly come to you from your Lord, so never be among the doubters.
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ বাস্তৱতা সম্পৰ্কে যদি আপুনি সংশয় তথা সন্দেহত আছে তেন্তে ঈমান পোষণ কৰা সেইসকল ইয়াহুদীক সুধি চাওক যিসকলে তাওৰাত অধ্যয়ন কৰে আৰু সেইসকল খৃষ্টানক সুধি চাওক যিসকলে ঈঞ্জীল পাঠ কৰে। তেওঁলোকে আপোনাক অৱগত কৰাব যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া সত্য। কিয়নো তেওঁলোকৰ কিতাপত ইয়াৰ বৈশিষ্ট্য বৰ্ণনা হৈছে। প্ৰকৃততে আপোনাৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য আহি পাইছে, যাৰ মাজত কোনো সন্দেহ নাই। এতেকে আপুনি কেতিয়া সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ'ব।
10:95Page 219
وَلَا تَكُونَنَّ مِنَ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِ ٱللَّهِ فَتَكُونَ مِنَ ٱلۡخَٰسِرِينَ ٩٥
And never be of those who deny the signs of Allāh and [thus] be among the losers.1
আপুনি কেতিয়াও সেইসকল লোকৰ অন্তৰ্ভুক্ত নহ'ব যিসকলে আল্লাহৰ স্পষ্ট প্ৰমাণ আৰু যুক্তিক অস্বীকাৰ কৰিছে। অন্যথা ইয়াৰ ফলত আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত হৈ যাব, যিসকলে কুফুৰী কৰাৰ কাৰণে নিজে নিজকে বিনাশৰ গৰালত ঠেলি দি নিজকে ক্ষতি সাধন কৰিছে। দৰাচলতে এই সতৰ্কতা হৈছে সন্দেহ আৰু অস্বীকাৰৰ ক্ষতি তথা ভয়াৱহতা বৰ্ণনা কৰা উদ্দেশ্যে, অন্যথা নবী হৈছে নিৰ্দোষী নিৰপৰাধ, তেওঁৰ ফালৰ পৰা এনেকুৱা কোনো কৰ্ম কেতিয়াও সম্ভৱ নহয়।
10:96Page 219
إِنَّ ٱلَّذِينَ حَقَّتۡ عَلَيۡهِمۡ كَلِمَتُ رَبِّكَ لَا يُؤۡمِنُونَ ٩٦
Indeed, those upon whom the word [i.e., decree] of your Lord has come into effect will not believe,
নিশ্চয় যিসকলৰ বিৰুদ্ধে আল্লাহৰ এই ফয়চালা সাব্যস্ত হৈছে যে, সিহঁত কুফুৰীৰ ওপৰত অটল থকাৰ কাৰণে কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিব, সেইসকল লোকে কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব।
10:97Page 219
وَلَوۡ جَآءَتۡهُمۡ كُلُّ ءَايَةٍ حَتَّىٰ يَرَوُاْ ٱلۡعَذَابَ ٱلۡأَلِيمَ ٩٧
Even if every sign should come to them, until they see the painful punishment.
যদিও সিহঁতৰ ওচৰত চৰীয়তি আৰু পাৰ্থিৱ সকলো ধৰণৰ নিদৰ্শন আহি পৰে (তথাপিও সিহঁতে ঈমান পোষণ নকৰিব)। কিন্তু কষ্টদায়ক শাস্তি নিজ চকুৰে দেখিলেহে সিহঁতে ঈমান পোষণ কৰিব, অথচ সেই সময়ৰ ঈমানে সিহঁতক কোনো উপকাৰ নকৰিব।
10:98Page 220
فَلَوۡلَا كَانَتۡ قَرۡيَةٌ ءَامَنَتۡ فَنَفَعَهَآ إِيمَٰنُهَآ إِلَّا قَوۡمَ يُونُسَ لَمَّآ ءَامَنُواْ كَشَفۡنَا عَنۡهُمۡ عَذَابَ ٱلۡخِزۡيِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَمَتَّعۡنَٰهُمۡ إِلَىٰ حِينٖ ٩٨
Then has there not been a [single] city that believed so its faith benefited it except the people of Jonah? When they believed, We removed from them the punishment of disgrace in worldly life and gave them enjoyment [i.e., provision] for a time.
আমি ৰাছুল প্ৰেৰণ কৰা এনেকুৱা কোনো জনবসতি নাই, যি জনবসতিয়ে শাস্তি প্ৰত্যক্ষ কৰি ঈমান আনিছে আৰু সিহঁতৰ ঈমানে কোনো উপকাৰ সাধিছে, কিন্তু ইউনুছ আলাইহিছ ছালামৰ সম্প্ৰদায় এই ক্ষেত্ৰত ব্যতিক্ৰম। কিয়নো তেওঁলোকে যেতিয়া সঁচা ঈমান পোষণ কৰিছিল তেতিয়া আমি তেওঁলোকৰ ওপৰৰ পৰা পাৰ্থিৱ জীৱনৰ অপমান আৰু তিৰস্কাৰমূলক শাস্তি উঠাই লৈছিলো। আৰু তেওঁলোকক মৃত্যু পৰ্যন্ত পাৰ্থিৱ জীৱনৰ সামগ্ৰীৰ দ্বাৰা উপকৃত হোৱাৰ অৱকাশ দিছিলো।
10:99Page 220
وَلَوۡ شَآءَ رَبُّكَ لَأٓمَنَ مَن فِي ٱلۡأَرۡضِ كُلُّهُمۡ جَمِيعًاۚ أَفَأَنتَ تُكۡرِهُ ٱلنَّاسَ حَتَّىٰ يَكُونُواْ مُؤۡمِنِينَ ٩٩
And had your Lord willed, those on earth would have believed - all of them entirely. Then, [O Muḥammad], would you compel the people in order that they become believers?
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যদি পৃথিৱীৰ সকলো মানুহকে মুমিন বনাব বিচাৰিলেহেঁতেন, তেন্তে সকলোৱে ঈমান পোষণ কৰিলেহেঁতেন। কিন্তু তেওঁ বিশেষ হিকমত (প্ৰজ্ঞা) অনুযায়ী এয়া বিচৰা নাই। এতেকে তেওঁ যাক ইচ্ছা কৰে তেওঁৰ ন্যায় সিদ্ধান্তৰে সঠিক পথৰ পৰা আঁতৰাই দিয়ে, আৰু যাক ইচ্ছা কৰে নিজ কৃপাত সঠিক পথত পৰিচালিত কৰে। সেয়ে আপুনি মানুহক ঈমান পোষণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। কিয়নো সিহঁতক ঈমান পোষণ কৰাৰ তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা।
10:100Page 220
وَمَا كَانَ لِنَفۡسٍ أَن تُؤۡمِنَ إِلَّا بِإِذۡنِ ٱللَّهِۚ وَيَجۡعَلُ ٱلرِّجۡسَ عَلَى ٱلَّذِينَ لَا يَعۡقِلُونَ ١٠٠
And it is not for a soul [i.e., anyone] to believe except by permission of Allāh, and He will place defilement1 upon those who will not use reason.
কোনো ব্যক্তিৰ পক্ষেই সম্ভৱ নহয় যে, সি আল্লাহৰ অনুমতি অবিহনে নিজে নিজেই ঈমান পোষণ কৰিব। যিহেতু আল্লাহৰ ইচ্ছা নোহোৱাকৈ ঈমান লাভ কৰা সম্ভৱ নহয়, সেয়ে আপুনি সিহঁতকলৈ পৰিতাপ নকৰিব। আল্লাহে সেইসকল লোকৰ ওপৰত শাস্তি আৰু অপমান জাপি দিয়ে, যিসকলে তেওঁৰ প্ৰমাণ আৰু যুক্তিসমূহ তথা তেওঁৰ আদেশ-নিষেধসমূহ বুজিবলৈ যত্ন নকৰে।
10:101Page 220
قُلِ ٱنظُرُواْ مَاذَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَمَا تُغۡنِي ٱلۡأٓيَٰتُ وَٱلنُّذُرُ عَن قَوۡمٖ لَّا يُؤۡمِنُونَ ١٠١
Say, "Observe what is in the heavens and the earth." But of no avail will be signs or warners to a people who do not believe.
হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাৰ ওচৰত নিদৰ্শন সম্পৰ্কে প্ৰশ্ন কৰেঃ ভাৱি চোৱাচোন, আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু একত্ববাদ সাব্যস্ত কৰা প্ৰমাণসমূহ কি কি আছে। যিসকলে কুফুৰীত অটল থকাৰ কাৰণে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নহয়, সিহঁতৰ বাবে ৰাছুল প্ৰেৰণ, যুক্তি আৰু আয়াত অৱতীৰ্ণই কোনো উপকাৰ নকৰে।
10:102Page 220
فَهَلۡ يَنتَظِرُونَ إِلَّا مِثۡلَ أَيَّامِ ٱلَّذِينَ خَلَوۡاْ مِن قَبۡلِهِمۡۚ قُلۡ فَٱنتَظِرُوٓاْ إِنِّي مَعَكُم مِّنَ ٱلۡمُنتَظِرِينَ ١٠٢
So do they wait except for like [what occurred in] the days of those who passed on before them? Say, "Then wait; indeed, I am with you among those who wait."
তেন্তে এই অস্বীকাৰকাৰীসকলে তেনেকুৱা দুৰ্ঘটনাৰ অপেক্ষাত আছে নেকি, যেনেকুৱা দুৰ্ঘটনাত আল্লাহে পূৰ্বে অতিবাহিত অস্বীকাৰকাৰী সম্প্ৰদায়ক পতিত কৰিছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ শাস্তিৰ অপেক্ষা কৰা, আৰু মই তোমালোকৰ লগত মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ অপেক্ষাত আছো।
10:103Page 220
ثُمَّ نُنَجِّي رُسُلَنَا وَٱلَّذِينَ ءَامَنُواْۚ كَذَٰلِكَ حَقًّا عَلَيۡنَا نُنجِ ٱلۡمُؤۡمِنِينَ ١٠٣
Then We will save Our messengers and those who have believed. Thus, it is an obligation upon Us that We save the believers.1
তাৰ পিছত আমি সিহঁতক শাস্তি বিহিলো আৰু আমাৰ ৰাছুলসকলক উদ্ধাৰ কৰিলো তথা তেওঁলোকৰ লগত থকা মুমিনসকলকো ৰক্ষা কৰিলো। ফলত তেওঁলোক সিহঁতৰ দৰে ক্ষতিগ্ৰস্ত হোৱা নাছিল। যিদৰে আমি সেই ৰাছুলসকলক আৰু তেওঁলোকৰ লগত থকা মুমিনসকলক ৰক্ষা কৰিছিলো, ঠিক সেইদৰে আমি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু তেওঁৰ লগত থকা মুমিনসকলক ৰক্ষা কৰিম। আৰু এয়া বাস্তৱ তথা নিশ্চিত।
10:104Page 220
قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِن كُنتُمۡ فِي شَكّٖ مِّن دِينِي فَلَآ أَعۡبُدُ ٱلَّذِينَ تَعۡبُدُونَ مِن دُونِ ٱللَّهِ وَلَٰكِنۡ أَعۡبُدُ ٱللَّهَ ٱلَّذِي يَتَوَفَّىٰكُمۡۖ وَأُمِرۡتُ أَنۡ أَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ ١٠٤
Say, [O Muḥammad], "O people, if you are in doubt as to my religion - then I do not worship those which you worship besides Allāh; but I worship Allāh, who causes your death. And I have been commanded to be of the believers
হে ৰাছুল! আপুনি কওঁক, হে মানৱজাতি! যদি তোমালোক মই আহ্বান কৰা দ্বীন সম্পৰ্কে সন্দেহত আছা, যিটো তাওহীতৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন। তেন্তে জানি থোৱা! মই নিশ্চিত তোমালোকৰ ধৰ্ম যে ভ্ৰষ্ট, সেই কাৰণেই মই সেইটোৰ অনুসৰণ নকৰো। এতেকে মই সেইবোৰ উপাস্যৰ উপাসনা নকৰো, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। কিন্তু মই সেই আল্লাহৰ ইবাদত কৰো, যিয়ে তোমালোকক মৃত্যু দান কৰিব। মোক আদেশ দিয়া হৈছে মই যেন নিষ্ঠাৱান মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।
10:105Page 220
وَأَنۡ أَقِمۡ وَجۡهَكَ لِلدِّينِ حَنِيفٗا وَلَا تَكُونَنَّ مِنَ ٱلۡمُشۡرِكِينَ ١٠٥
And [commanded], 'Direct your face [i.e., self] toward the religion, inclining to truth, and never be of those who associate others with Allāh;
এইদৰে তেওঁ মোক আৰু আদেশ দিছে যে, মই যেন সত্য দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ। লগতে সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল সেই দ্বীনৰ ওপৰতেই অবিচল থাকোঁ। লগতে মোক মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে।
10:106Page 220
وَلَا تَدۡعُ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكَ وَلَا يَضُرُّكَۖ فَإِن فَعَلۡتَ فَإِنَّكَ إِذٗا مِّنَ ٱلظَّٰلِمِينَ ١٠٦
And do not invoke1 besides Allāh that which neither benefits you nor harms you, for if you did, then indeed you would be of the wrongdoers.'"2
হে ৰাছুল! আপুনি আল্লাহৰ বাহিৰে মূৰ্তি আৰু প্ৰতিমাসমূহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, সেইবোৰ কোনো উপকাৰ কৰাৰ অধিকাৰ নাৰাখে যে আপোনাক উপকাৰ কৰিব। আৰু কোনো ক্ষতি কৰাৰো অধিকাৰ নাই যে আপোনাৰ ক্ষতি সাধন কৰিব। যদি আপুনি সেইবোৰৰ উপাসনা কৰে তেন্তে আপুনি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হব, যিসকলে আল্লাহৰ আৰু নিজৰ অধিকাৰ খৰ্ব কৰি সীমালঙ্ঘন কৰে।
10:107Page 221
وَإِن يَمۡسَسۡكَ ٱللَّهُ بِضُرّٖ فَلَا كَاشِفَ لَهُۥٓ إِلَّا هُوَۖ وَإِن يُرِدۡكَ بِخَيۡرٖ فَلَا رَآدَّ لِفَضۡلِهِۦۚ يُصِيبُ بِهِۦ مَن يَشَآءُ مِنۡ عِبَادِهِۦۚ وَهُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ١٠٧
And if Allāh should touch you with adversity, there is no remover of it except Him; and if He intends for you good, then there is no repeller of His bounty. He causes it to reach whom He wills of His servants. And He is the Forgiving, the Merciful.
হে ৰাছুল! আল্লাহে যদি আপোনাক কোনো বিপদত পেলায়, আৰু আপুনি যদি নিজকে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰে তেন্তে আল্লাহৰ বাহিৰে ইয়াক কোনেও দূৰ কৰিব নোৱাৰিব। এতেকে আল্লাহে যদি আপোনাৰ কল্যাণ বিচাৰে তেন্তে কোনেও তেওঁৰ অনুগ্ৰহক প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সন্মানিত কৰে। এতেকে তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অত্যন্ত ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
10:108Page 221
قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ قَدۡ جَآءَكُمُ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَنِ ٱهۡتَدَىٰ فَإِنَّمَا يَهۡتَدِي لِنَفۡسِهِۦۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيۡهَاۖ وَمَآ أَنَا۠ عَلَيۡكُم بِوَكِيلٖ ١٠٨
Say, "O mankind, the truth has come to you from your Lord, so whoever is guided is only guided for [the benefit of] his soul, and whoever goes astray only goes astray [in violation] against it. And I am not over you a manager."
হে ৰাছুল! আপুনি কৈ দিয়কঃ হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআন আহি পৰিছে। এতেকে যিয়ে সঠিক পথ অৱলম্বন কৰিব আৰু তাৰ প্ৰতি ঈমান পোষণ কৰিব, তাৰ উপকাৰ সি নিজেই লাভ কৰিব। কিয়নো আল্লাহ তাআলা বান্দাসকলৰ আনুগত্যৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে পথভ্ৰষ্টতাৰ পথ অৱলম্বন কৰিব, সেই পথভ্ৰষ্টতাৰ প্ৰভাৱ অকল তাৰ ওপৰতেই পৰিব। কিয়নো বান্দাৰ অবাধ্যতাই আল্লাহৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে। মই তোমালোকৰ কৰ্মৰ নিৰীক্ষক নহয় যে সেইবোৰ মই গণনা কৰিম, আৰু তোমালোকৰ পৰা তাৰ হিচাপ-নিকাচ বিচাৰিম।
10:109Page 221
وَٱتَّبِعۡ مَا يُوحَىٰٓ إِلَيۡكَ وَٱصۡبِرۡ حَتَّىٰ يَحۡكُمَ ٱللَّهُۚ وَهُوَ خَيۡرُ ٱلۡحَٰكِمِينَ ١٠٩
And follow what is revealed to you, [O Muḥammad], and be patient until Allāh will judge. And He is the best of judges.
হে ৰাছুল! আপুনি সেই অহীৰ অনুসৰণ কৰক, যিটো আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছে, আৰু সেই অনুসৰি কৰ্ম কৰক। তথা আপুনি আপোনাৰ সম্প্ৰদায়ৰ বিৰোধী লোকসকলৰ কষ্ট প্ৰদানত ধৈৰ্য ধাৰণ কৰক, লগতে যিটো বাৰ্তা আপোনাক পৌঁচাই দিয়াৰ দায়িত্ব দিয়া হৈছে সেই ক্ষেত্ৰতো ধৈৰ্য ধাৰণ কৰক। সিহঁতৰ বিষয়ে আল্লাহে ফয়চালা নকৰালৈকে আপুনি নিৰবিচ্ছিন্নভাৱে এনেকুৱা ব্যৱহাৰত অবিচল থাকক। অৱশেষত আল্লাহে আপোনাক পৃথিৱীত সিহঁতৰ ওপৰত বিজয় প্ৰদান কৰিব, আৰু কুফুৰী অৱস্থাত যদি সিহঁত মৃত্যুবৰণ কৰে তেন্তে আখিৰাতত সিহঁতক শাস্তি প্ৰদান কৰিব।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences