Al-Mukhtasar · Tafsir · in Assamese
القارعة
Al-Qari'ah
The Calamity · Meccan · 11 ayahs
সেই ভয়াৱহ সময়, যিয়ে মানুহৰ অন্তৰক কম্পিত কৰিব।
মানুহৰ অন্তৰ কপোৱা সেই ভয়াৱহ সময়টোনো কি?
101:3Page 600
وَمَآ أَدۡرَىٰكَ مَا ٱلۡقَارِعَةُ ٣
And what can make you know what is the Striking Calamity?
হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময় কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামতৰ সময়।
101:4Page 600
يَوۡمَ يَكُونُ ٱلنَّاسُ كَٱلۡفَرَاشِ ٱلۡمَبۡثُوثِ ٤
It is the Day when people will be like moths, dispersed,1
যিদিনাখন অন্তৰবোৰ ভীতিপ্ৰদ হব সেইদিনা মানুহ বিক্ষিপ্ত কীট- পতঙ্গৰ দৰে হব।
101:5Page 600
وَتَكُونُ ٱلۡجِبَالُ كَٱلۡعِهۡنِ ٱلۡمَنفُوشِ ٥
And the mountains will be like wool, fluffed up.1
আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত চলিবলৈ ধৰিব।
101:6Page 600
فَأَمَّا مَن ثَقُلَتۡ مَوَٰزِينُهُۥ ٦
Then as for one whose scales are heavy [with good deeds],
এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হব।
তেওঁ জান্নাতত মনে বিচৰা দৰে আনন্দ লাভ কৰিব।
আৰু যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হব।
ফলত ক্বিয়ামতৰ দিনা তাৰ ঠিকনা আৰু স্থান হব জাহান্নাম।
হে ৰাছুল, আপুনি কি জানে সেইটো কি?
সেয়া হৈছে অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences