Al-MukhtasarAl‑Humazah · 104:1–9

Al-Mukhtasar · Tafsir · in Assamese

الهمزة

Al-Humazah

The Traducer · Meccan · 9 ayahs

104:1Page 601

وَيۡلٞ لِّكُلِّ هُمَزَةٖ لُّمَزَةٍ ١

Woe to every scorner and mocker

বিনাশ আৰু কঠোৰ শাস্তি সেই সকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফুৰে।

104:2Page 601

ٱلَّذِي جَمَعَ مَالٗا وَعَدَّدَهُۥ ٢

Who collects wealth and [continuously] counts it.1

যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেয়া বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আৰু আন কোনো উদ্দেশ্য নাই।

104:3Page 601

يَحۡسَبُ أَنَّ مَالَهُۥٓ أَخۡلَدَهُۥ ٣

He thinks that his wealth will make him immortal.

সি ভাৱে যে, তাৰ ধন-সম্পদ, যিবোৰ সি জমা কৰিছে, সেইবোৰে তাক মৃত্যুৰ পৰা বচাব আৰু পৃথিৱীত অমৰ হৈ থাকিব।

104:4Page 601

كـَلَّاۖ لَيُنۢبَذَنَّ فِي ٱلۡحُطَمَةِ ٤

No! He will surely be thrown into the Crusher.1

বিষয়টো তেনেকুৱা নহয় যিদৰে এই মূৰ্খই ভাবিছে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হব। যি জুয়ে তাৰ মাজত নিক্ষেপ কৰা সকলো বস্তুকে ধূলি কণা বনাই দিয়ে।

104:5Page 601

وَمَآ أَدۡرَىٰكَ مَا ٱلۡحُطَمَةُ ٥

And what can make you know what is the Crusher?

হে ৰাছুল, আপোনাক কিহে জনাব যে সেই অগ্নি কি?

104:6Page 601

نَارُ ٱللَّهِ ٱلۡمُوقَدَةُ ٦

It is the fire of Allāh, [eternally] fueled,

সেয়া আল্লাহৰ অতি উত্তপ্ত অগ্নি।

104:7Page 601

ٱلَّتِي تَطَّلِعُ عَلَى ٱلۡأَفۡـِٔدَةِ ٧

Which mounts directed at the hearts.1

যিয়ে মানুহৰ শৰীৰ অতিক্ৰম কৰি তাৰ অন্তৰলৈ ঢুকি পাব।

104:8Page 601

إِنَّهَا عَلَيۡهِم مُّؤۡصَدَةٞ ٨

Indeed, it [i.e., Hellfire] will be closed down upon them

তাৰ ভিতৰত শাস্তি দিয়া ব্যক্তিসকলৰ কাৰণে সেইটো বন্ধ কৰি দিয়া হব।

104:9Page 601

فِي عَمَدٖ مُّمَدَّدَةِۭ ٩

In extended columns.1

দীঘল দীঘল স্তম্ভৰ সৈতে, যাতে ওলাব নোৱাৰে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском