Al-Mukhtasar · Tafsir · in Assamese
الإخلاص
Al-Ikhlas
The Sincerity · Meccan · 4 ayahs
হে ৰাছুল, আপুনি কৈ দিয়ক, কেৱল একমাত্ৰ আল্লাহ তাআলাই ইবাদতৰ অধিকাৰী, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই।
আল্লাহ হৈছে উচ্চ সত্ত্বা, পৰিপূৰ্ণ আৰু সৌন্দৰ্যৰ বিশেষণতাৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টিয়ে নিজ নিজ প্ৰয়োজনবোৰ উত্থাপন কৰে।
যিয়ে কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই।
আৰু সৃষ্টিৰ মাজত তেওঁৰ সমপৰ্যায়ৰ কোনো নাই।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences