Al-MukhtasarAn‑Nahl · 16:81–117

Al-Mukhtasar · Tafsir · in Assamese

An-Nahl 16:81–117

16:81Page 276

وَٱللَّهُ جَعَلَ لَكُم مِّمَّا خَلَقَ ظِلَٰلٗا وَجَعَلَ لَكُم مِّنَ ٱلۡجِبَالِ أَكۡنَٰنٗا وَجَعَلَ لَكُمۡ سَرَٰبِيلَ تَقِيكُمُ ٱلۡحَرَّ وَسَرَٰبِيلَ تَقِيكُم بَأۡسَكُمۡۚ كَذَٰلِكَ يُتِمُّ نِعۡمَتَهُۥ عَلَيۡكُمۡ لَعَلَّكُمۡ تُسۡلِمُونَ ٨١

And Allāh has made for you, from that which He has created, shadows [i.e., shade] and has made for you from the mountains, shelters and has made for you garments which protect you from the heat and garments [i.e., coats of mail] which protect you from your [enemy in] battle. Thus does He complete His favor upon you that you might submit [to Him].

আল্লাহেই তোমালোকৰ সুবিধাৰ্থে গৰমৰ পৰা ৰক্ষা পাবলৈ গছ-গছনি আৰু ঘৰ আদিৰ ছাঁ বনাইছে। তোমালোকৰ বাবে পাহাৰত সুৰঙ, গুহা আদি বনাইছে, য’ত তোমালোকে শীত, গৰম আৰু শত্ৰুৰ পৰা আত্মগোপন কৰা। তোমালোকক সূতা তথা অন্যান্য কাপোৰ প্ৰদান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে শীত আৰু গৰমৰ পৰা ৰক্ষা পোৱা। আৰু তোমালোকক বৰ্ম প্ৰদান কৰিছে, যিটো তোমালোকক যুদ্ধত শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰে। যিদৰে আল্লাহে তোমালোকক উক্ত নিয়ামতবোৰ প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব, যাতে তোমালোকে কেৱল আল্লাহৰেই আনুগত্য কৰা, আৰু তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰা।

16:82Page 276

فَإِن تَوَلَّوۡاْ فَإِنَّمَا عَلَيۡكَ ٱلۡبَلَٰغُ ٱلۡمُبِينُ ٨٢

But if they turn away, [O Muḥammad] - then only upon you is [responsibility for] clear notification.

হে ৰাছুল! তথাপিও যদি সিহঁতে আপুনি লৈ অহা চৰীয়ত মানিবলৈ অস্বীকাৰ কৰে, আৰু ইয়াক সমৰ্থন নকৰে, তেন্তে জানি থওঁক, আপোনাৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া, যিটো আপোনাক পৌঁচাবলৈ আদেশ দিয়া হৈছে। সিহঁতক হিদায়ত দিয়াটো আপোনাৰ দায়িত্ব নহয়।

16:83Page 276

يَعۡرِفُونَ نِعۡمَتَ ٱللَّهِ ثُمَّ يُنكِرُونَهَا وَأَكۡثَرُهُمُ ٱلۡكَٰفِرُونَ ٨٣

They recognize the favor of Allāh; then they deny it. And most of them are disbelievers.

মুশ্বৰিকসকলে আল্লাহৰ নিয়ামতসমূহক ভালদৰেই চিনি পায়, যিবোৰ নিয়ামত আল্লাহে সিহঁতক প্ৰদান কৰিছে, তাৰে অন্যতম এটা নিয়ামত হৈছেঃ সিহঁতৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ। কিন্তু সিহঁতে তেওঁৰ নিয়ামতসমূহৰ কৃতজ্ঞতা নকৰাকৈ অৱজ্ঞা কৰে আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰে।

16:84Page 276

وَيَوۡمَ نَبۡعَثُ مِن كُلِّ أُمَّةٖ شَهِيدٗا ثُمَّ لَا يُؤۡذَنُ لِلَّذِينَ كَفَرُواْ وَلَا هُمۡ يُسۡتَعۡتَبُونَ ٨٤

And [mention] the Day when We will resurrect from every nation a witness [i.e., their prophet]. Then it will not be permitted to the disbelievers [to apologize or make excuses], nor will they be asked to appease [Allāh].

হে ৰাছুল! স্মৰণ কৰক, যিদিনা আল্লাহে প্ৰত্যেক সম্প্ৰদায়ৰ ৰাছুলক সেই সম্প্ৰদায়ৰ মুমিনসকলৰ ঈমান আৰু কাফিৰসকলৰ কুফৰীৰ সাক্ষীৰূপে উপস্থাপন কৰিব। সেইদিনা কোনো কাফিৰে নিজৰ কুফৰীৰ পৰা ৰক্ষা পাবলৈ অজুহাত দেখুৱাব নোৱাৰিব, আনহাতে আল্লাহৰ সন্তুষ্টিমূলক আমল কৰিবলৈ পৃথিৱীতো উভতি আহিব নোৱাৰিব। কিয়নো আখিৰাত হৈছে হিচাপ-নিকাচৰ ঠাই, আমলৰ ঘৰ নহয়।

16:85Page 276

وَإِذَا رَءَا ٱلَّذِينَ ظَلَمُواْ ٱلۡعَذَابَ فَلَا يُخَفَّفُ عَنۡهُمۡ وَلَا هُمۡ يُنظَرُونَ ٨٥

And when those who wronged see the punishment, it will not be lightened for them, nor will they be reprieved.

অন্যায়কাৰী মুশ্বৰিকসকলে যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তাৰ পিছত সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ'ব। আনহাতে সিহঁতৰ পৰা শাস্তি উঠাই লৈ অৱকাশো দিয়া নহ'ব। বৰং সিহঁতে তাত প্ৰৱেশ কৰিব আৰু তাতেই চিৰকাল থাকিব।

16:86Page 276

وَإِذَا رَءَا ٱلَّذِينَ أَشۡرَكُواْ شُرَكَآءَهُمۡ قَالُواْ رَبَّنَا هَٰٓؤُلَآءِ شُرَكَآؤُنَا ٱلَّذِينَ كُنَّا نَدۡعُواْ مِن دُونِكَۖ فَأَلۡقَوۡاْ إِلَيۡهِمُ ٱلۡقَوۡلَ إِنَّكُمۡ لَكَٰذِبُونَ ٨٦

And when those who associated others with Allāh see their "partners," they will say, "Our Lord, these are our partners [to You] whom we used to invoke [in worship] besides You." But they will throw at them the statement, "Indeed, you are liars."

মুশ্বৰিকসকলে কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ সেই উপাস্যবোৰক প্ৰত্যক্ষ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা পাঠ কৰিছিল, তেতিয়া সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! তোমাক এৰি আমি এইবোৰকে পূজা-পাঠ কৰিছিলো। এইটো এইকাৰণে ক'ব, যাতে সিহঁতৰ গুনাহৰ বোজা সেই উপাস্যবোৰৰ কান্ধত জাপি দিয়ে। ইয়াৰ পিছত আল্লাহে সিহঁতৰ উপাস্যবোৰক বাক শক্তি প্ৰদান কৰিব, ফলত উপাস্যবোৰে সিহঁতৰ দাবী খণ্ডন কৰি ক'বঃ হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আল্লাহৰ ইবাদতত অংশী স্থাপন কৰাৰ ক্ষেত্ৰত মিছলীয়া আছিলা, কাৰণ তেওঁৰ বাহিৰে উপাসনাৰ যোগ্য তেওঁৰ কোনো অংশীয়েই নাই।

16:87Page 276

وَأَلۡقَوۡاْ إِلَى ٱللَّهِ يَوۡمَئِذٍ ٱلسَّلَمَۖ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ ٨٧

And they will impart to Allāh that Day [their] submission, and lost from them is what they used to invent.

সেইদিনা মুশ্বৰিকসকলে আত্মসমৰ্পন কৰিব, এক আল্লাহৰ অনুসাৰী হৈ যাব। সিহঁতৰ মনে সজা এই দাবীবোৰ সেইদিনা নাইকীয়া হৈ যাব যে, এই মূৰ্তিবোৰে সিহঁতক আল্লাহৰ ওচৰত ছুপাৰিছ কৰিব।

16:88Page 277

ٱلَّذِينَ كَفَرُواْ وَصَدُّواْ عَن سَبِيلِ ٱللَّهِ زِدۡنَٰهُمۡ عَذَابٗا فَوۡقَ ٱلۡعَذَابِ بِمَا كَانُواْ يُفۡسِدُونَ ٨٨

Those who disbelieved and averted [others] from the way of Allāh - We will increase them in punishment over [their] punishment for what corruption they were causing.

যিসকল লোকে আল্লাহক অস্বীকাৰ কৰিছে আৰু আন আন লোকসকলকো আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে, সিহঁতে নিজৰ কুফৰীৰ কাৰণে যি শাস্তিৰ উপযুক্ত আছিল, সিহঁতৰ সেই শাস্তি বৃদ্ধি কৰি দিয়া হ'ব, কাৰণ সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিছিল আৰু বিপৰ্যয় সৃষ্টি কৰিছিল।

16:89Page 277

وَيَوۡمَ نَبۡعَثُ فِي كُلِّ أُمَّةٖ شَهِيدًا عَلَيۡهِم مِّنۡ أَنفُسِهِمۡۖ وَجِئۡنَا بِكَ شَهِيدًا عَلَىٰ هَٰٓؤُلَآءِۚ وَنَزَّلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ تِبۡيَٰنٗا لِّكُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ وَبُشۡرَىٰ لِلۡمُسۡلِمِينَ ٨٩

And [mention] the Day when We will resurrect among every nation a witness over them from themselves [i.e., their prophet]. And We will bring you, [O Muḥammad], as a witness over these [i.e., your nation]. And We have sent down to you the Book as clarification for all things and as guidance and mercy and good tidings for the Muslims.1

হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যেতিয়া আমি প্ৰত্যেক সম্প্ৰদায়ৰ একোজনকৈ ৰাছুল উপস্থিত কৰাম, তেওঁলোকে সেই সম্প্ৰদায়ৰ কুফৰী আৰু ঈমানৰ সাক্ষ্য দান কৰিব। ৰাছুলজন সেই সম্প্ৰদায়ৰে হ'ব আৰু সিহঁতৰ ভাষাতেই কথা ক'ব। হে ৰাছুল! আমি আপোনাক সকলো সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থাপন কৰিম। আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো যাতে আপুনি হালাল-হাৰাম, নেকী আৰু শাস্তিৰ বিষয়বোৰ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰ বৰ্ণনা কৰা আৱশ্যক। আমি ইয়াক মানুহৰ বাবে সত্যৰ পথপ্ৰদৰ্শক হিচাপে আৰু সেইসকল লোকৰ বাবে ৰহমত হিচাপে অৱতীৰ্ণ কৰিছোঁ যিসকলে ইয়াৰ প্ৰতি ঈমান আনিছে আৰু তাত থকা বিধি-বিধান অনুযায়ী আমল কৰিছে। লগতে এইখনক মুমিনসকলৰ বাবে আল্লাহৰ চিৰস্থায়ী নিয়ামতৰ সুসংবাদৰূপে অৱতীৰ্ণ কৰিছোঁ।

16:90Page 277

۞ إِنَّ ٱللَّهَ يَأۡمُرُ بِٱلۡعَدۡلِ وَٱلۡإِحۡسَٰنِ وَإِيتَآيِٕ ذِي ٱلۡقُرۡبَىٰ وَيَنۡهَىٰ عَنِ ٱلۡفَحۡشَآءِ وَٱلۡمُنكَرِ وَٱلۡبَغۡيِۚ يَعِظُكُمۡ لَعَلَّكُمۡ تَذَكَّرُونَ ٩٠

Indeed, Allāh orders justice and good conduct and giving [help] to relatives and forbids immorality and bad conduct and oppression. He admonishes you that perhaps you will be reminded.

নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক ন্যায়ৰ আদেশ দিয়ে, যাতে বান্দাই আল্লাহৰ আৰু বান্দাসকলৰ হক আদায় কৰে। মীমাংসাৰ সময়ত অন্যায়ভাৱে যাতে কাৰোবাক আন কাৰোবাৰ ওপৰত প্ৰাধান্য নিদিয়ে। লগতে উপকাৰৰ আদেশ দিয়ে, যাতে বান্দাই এনেকুৱা উপকাৰ কৰে যিটো তাৰ বাবে জৰুৰী নহয়, যেনেঃ ইচ্ছানুযায়ী ব্যায় কৰা আৰু অন্যায়কাৰীক ক্ষমা কৰি দিয়া। আত্মীয়সকলক সিহঁতৰ প্ৰয়োজনীয় বস্তু প্ৰদান কৰাৰ আদেশ দিয়ে। আৰু প্ৰত্যেক বেয়া কৰ্মৰ পৰা নিষেধ কৰে, সেই কৰ্মৰ সম্পৰ্ক কথাৰ লগতে হওক যেনেঃ বেয়া কথা কোৱা। অথবা কৰ্মৰ লগত, যেনেঃ ব্যভিচাৰ। আৰু সেই কৰ্মৰ পৰাও নিষেধ কৰে যিটো চৰীয়তৰ দৃষ্টিত অপছন্দনীয়, প্ৰত্যেক পাপকৰ্ম ইয়াৰ অন্তৰ্ভুক্ত। মানুহৰ প্ৰতি অন্যায় আৰু অহংকাৰ কৰিবলৈও নিষেধ কৰে। আল্লাহে এই আয়াতত তোমালোকক যিবোৰ বিষয়ৰ আদেশ দিছে আৰু যিবোৰ কৰ্মৰ পৰা নিষেধ কৰিছে, সেইবোৰ হৈছে তোমালোকৰ প্ৰতি তেওঁৰ উপদেশ। যাতে তোমালোকে এইবোৰ উপদেশ মানি চলা।

16:91Page 277

وَأَوۡفُواْ بِعَهۡدِ ٱللَّهِ إِذَا عَٰهَدتُّمۡ وَلَا تَنقُضُواْ ٱلۡأَيۡمَٰنَ بَعۡدَ تَوۡكِيدِهَا وَقَدۡ جَعَلۡتُمُ ٱللَّهَ عَلَيۡكُمۡ كَفِيلًاۚ إِنَّ ٱللَّهَ يَعۡلَمُ مَا تَفۡعَلُونَ ٩١

And fulfill the covenant of Allāh when you have taken it, [O believers], and do not break oaths after their confirmation while you have made Allāh, over you, a security [i.e., witness]. Indeed, Allāh knows what you do.

আল্লাহৰ লগত কৰা আৰু মানুহৰ লগত কৰা প্ৰত্যেক প্ৰতিশ্ৰুতি পূৰণ কৰিবা। মজবুতভাৱে আল্লাহৰ শপত খোৱাৰ পিছত সেইটো ভঙ্গ নকৰিবা। কাৰণ যি বিষয়ে তোমালোকে শপত গ্ৰহণ কৰিছা, সেই ক্ষেত্ৰত তোমালোকে আল্লাহক সাক্ষী ৰাখিছা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

16:92Page 277

وَلَا تَكُونُواْ كَٱلَّتِي نَقَضَتۡ غَزۡلَهَا مِنۢ بَعۡدِ قُوَّةٍ أَنكَٰثٗا تَتَّخِذُونَ أَيۡمَٰنَكُمۡ دَخَلَۢا بَيۡنَكُمۡ أَن تَكُونَ أُمَّةٌ هِيَ أَرۡبَىٰ مِنۡ أُمَّةٍۚ إِنَّمَا يَبۡلُوكُمُ ٱللَّهُ بِهِۦۚ وَلَيُبَيِّنَنَّ لَكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ مَا كُنتُمۡ فِيهِ تَخۡتَلِفُونَ ٩٢

And do not be like she who untwisted her spun thread after it was strong [by] taking your oaths as [means of] deceit between you because one community is more plentiful [in number or wealth] than another community.1 Allāh only tries you thereby. And He will surely make clear to you on the Day of Resurrection that over which you used to differ.

তোমালোকে প্ৰতিশ্ৰুতি ভঙ্গ কৰি কমবুদ্ধি তথা নিৰ্বোধ হোৱাৰ প্ৰমাণ নিদিবা। সেই মুৰ্খ মহিলাৰ দৰে, যিয়ে অতি কষ্টেৰে সূতা কটাৰ পিছত, নিজেই সেইবোৰ ছিঙি টুকুৰা-টুকুৰ কৰি পেলায়। তাই সূতা কটাত আৰু ছিঙাত, দুয়ো অৱস্থাতেই কষ্টহে কৰিছে কিন্তু লাভ একো হোৱা নাই। তোমালোকে শপতক ইজনে সিজনক প্ৰৱঞ্চনা কৰাৰ সাধন বনাই লৈছা, যাতে তোমালোকৰ সম্প্ৰদায় শত্ৰু সম্প্ৰদায়তকৈ সংখ্যাগৰিষ্ঠ তথা শক্তিশালী হয়। দৰাচলতে আল্লাহে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত তোমালোকক পৰীক্ষা কৰি আছে, তোমালোকে সেয়া পূৰণ কৰা নে ভঙ্গ কৰা, কিয়ামতৰ দিনা আল্লাহে সেই সকলো বিষয় স্পষ্ট কৰি দিব যিবোৰকলৈ তোমালোকে পৃথিৱীত মতভেদ কৰিছা। এতেকে তেওঁ প্ৰকাশ কৰি দিব, কোন সৎপথত আছিল আৰু কোন বিপথত আছিল। লগতে কোন সত্যবাদী আছিল আৰু কোন মিছলীয়া আছিল।

16:93Page 277

وَلَوۡ شَآءَ ٱللَّهُ لَجَعَلَكُمۡ أُمَّةٗ وَٰحِدَةٗ وَلَٰكِن يُضِلُّ مَن يَشَآءُ وَيَهۡدِي مَن يَشَآءُۚ وَلَتُسۡـَٔلُنَّ عَمَّا كُنتُمۡ تَعۡمَلُونَ ٩٣

And if Allāh had willed, He could have made you [of] one religion, but He sends astray whom He wills and guides whom He wills.1 And you will surely be questioned about what you used to do.

আল্লাহে ইচ্ছা কৰিলে তোমালোকক সত্যৰ ওপৰত প্ৰতিষ্ঠিত একেই উম্মতৰ অন্তৰ্ভুক্ত কৰিলেহেঁতেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে সত্যৰ পৰা আঁতৰ কৰি দিয়ে, আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বঞ্চিত কৰি দিয়ে। আৰু যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত সেয়া পূৰণ কৰিবলৈ তাওফীক দিয়ে। পৃথিৱীত তোমালোকে যি যি কৰিছা সেই সম্পৰ্কে কিয়ামতৰ দিনা অৱশ্যে প্ৰশ্ন কৰা হ'ব।

16:94Page 278

وَلَا تَتَّخِذُوٓاْ أَيۡمَٰنَكُمۡ دَخَلَۢا بَيۡنَكُمۡ فَتَزِلَّ قَدَمُۢ بَعۡدَ ثُبُوتِهَا وَتَذُوقُواْ ٱلسُّوٓءَ بِمَا صَدَدتُّمۡ عَن سَبِيلِ ٱللَّهِ وَلَكُمۡ عَذَابٌ عَظِيمٞ ٩٤

And do not take your oaths as [means of] deceit between you, lest a foot slip after it was [once] firm, and you would taste evil [in this world] for what [people] you diverted from the way of Allāh,1 and you would have [in the Hereafter] a great punishment.

তোমালোকে শপতক ঢাল বনাই ইজনে সিজনক প্ৰৱঞ্চনা নকৰিবা। এনেকুৱা যাতে নহয় যে, প্ৰবৃত্তিৰ অনুসৰণ কৰি যেতিয়া তেতিয়াই শপত ভঙ্গ কৰিবা আৰু যেতিয়া ইচ্ছা তেতিয়াই পূৰণ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে সঠিক পথত প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ তোমালোকৰ ভৰি বিচলিত হ'ব। আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আৰু আনকো পথভ্ৰষ্ট কৰাৰ ফলত তোমালোকে শাস্তি ভোগ কৰিবা, লগতে তোমালোকৰ বাবে থাকিব অতিৰিক্ত শাস্তি।

16:95Page 278

وَلَا تَشۡتَرُواْ بِعَهۡدِ ٱللَّهِ ثَمَنٗا قَلِيلًاۚ إِنَّمَا عِندَ ٱللَّهِ هُوَ خَيۡرٞ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ ٩٥

And do not exchange the covenant of Allāh for a small price. Indeed, what is with Allāh is best for you, if only you could know.

স্বল্পমূল্যৰ বিনিময়ত তোমালোকে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ভঙ্গ নকৰিবা, আৰু সেইটো পূৰণ কৰাৰ পৰা বিৰত নাথাকিবা। জানি থোৱা! আল্লাহে পৃথিৱীত যি সহায়-সহযোগিতা আৰু ধন-সম্পদ প্ৰদান কৰিব, লগতে আখিৰাতত তেওঁৰ ওচৰত যি চিৰস্থায়ী নিয়ামতবোৰ আছে, এই সকলোবোৰ অঙ্গীকাৰ ভঙ্গৰ ফলত লাভ কৰা নগণ্য বিনিময়ৰ তুলনাত অতি উত্তম।

16:96Page 278

مَا عِندَكُمۡ يَنفَدُ وَمَا عِندَ ٱللَّهِ بَاقٖۗ وَلَنَجۡزِيَنَّ ٱلَّذِينَ صَبَرُوٓاْ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ ٩٦

Whatever you have will end, but what Allāh has is lasting. And We will surely give those who were patient their reward according to the best of what they used to do.

হে মানৱজাতি! তোমালোকৰ ওচৰত যি ধন-সম্পদ, সুখ-সামগ্ৰী আৰু নিয়ামত আছে, সেইবোৰ যিমান পৰিমাণেই নাথাকক কিয়, এদিন সেইবোৰ সমাপ্ত হ'ব। কিন্তু আল্লাহৰ ওচৰত যি প্ৰতিদান আছে সেইবোৰ কেতিয়াও শেষ নহ'ব, সেইবোৰ হৈছে চিৰস্থায়ী। তেন্তে তোমালোকে চিৰস্থায়ী নিয়ামতক এৰি ধ্বংসশীল বস্তুৰ পিচে পিচে কিয় দৌৰি আছা? যিসকল লোকে অঙ্গীকাৰ পালনত ধৈৰ্য ধাৰণ কৰিছে, ফলত তেওঁলোকে অঙ্গীকাৰ ভঙ্গ কৰা নাই, তেওঁলোকক আমি তেওঁলোকৰ ছোৱাবৰ বিনিময়ত উত্তম প্ৰতিদান দান কৰিম। এতেকে প্ৰত্যেক ভাল কৰ্মৰ বিনিময়ত দহটা নেকী প্ৰদান কৰিম। আনকি সাত শ গুণ পৰ্যন্ত বৃদ্ধি কৰিম, আৰু কেতিয়াবা তাতকৈও বেছি।

16:97Page 278

مَنۡ عَمِلَ صَٰلِحٗا مِّن ذَكَرٍ أَوۡ أُنثَىٰ وَهُوَ مُؤۡمِنٞ فَلَنُحۡيِيَنَّهُۥ حَيَوٰةٗ طَيِّبَةٗۖ وَلَنَجۡزِيَنَّهُمۡ أَجۡرَهُم بِأَحۡسَنِ مَا كَانُواْ يَعۡمَلُونَ ٩٧

Whoever does righteousness, whether male or female, while he is a believer - We will surely cause him to live a good life, and We will surely give them their reward [in the Hereafter] according to the best of what they used to do.

চৰীয়ত অনুযায়ী যিয়েই নেক কৰ্ম কৰিব, নাৰীয়েই হওক অথবা পুৰুষ, যদি তেওঁ আল্লাহৰ প্ৰতি বিশ্বাসী হয় তেন্তে আমি তেওঁক আল্লাহৰ ফয়চালাৰ প্ৰতি সন্তুষ্ট, লোভ-লালসা নথকা আৰু নেক কৰ্মৰ তাওফীক ভৰা পৱিত্ৰ জীৱন প্ৰদান কৰিম। লগতে আখিৰাতত আমি তেওঁলোকক পৃথিৱীত কৰা নেক আমলৰ উত্তম প্ৰতিফল দান কৰিম।

16:98Page 278

فَإِذَا قَرَأۡتَ ٱلۡقُرۡءَانَ فَٱسۡتَعِذۡ بِٱللَّهِ مِنَ ٱلشَّيۡطَٰنِ ٱلرَّجِيمِ ٩٨

So when you recite the Qur’ān, [first] seek refuge in Allāh from Satan, the expelled [from His mercy].

হে মুমিন ব্যক্তি! যেতিয়া তুমি কোৰআন তিলাৱত কৰিবা, তেতিয়া বিতাড়িত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা।

16:99Page 278

إِنَّهُۥ لَيۡسَ لَهُۥ سُلۡطَٰنٌ عَلَى ٱلَّذِينَ ءَامَنُواْ وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ ٩٩

Indeed, there is for him no authority over those who have believed and rely upon their Lord.

সেইসকল লোকৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু নিজৰ সকলো কামতে আল্লাহৰ ওপৰত ভৰসা কৰে।

16:100Page 278

إِنَّمَا سُلۡطَٰنُهُۥ عَلَى ٱلَّذِينَ يَتَوَلَّوۡنَهُۥ وَٱلَّذِينَ هُم بِهِۦ مُشۡرِكُونَ ١٠٠

His authority is only over those who take him as an ally and those who through him associate others with Allāh.

কুমন্ত্ৰণাৰ ক্ষেত্ৰত চয়তানৰ প্ৰভাৱ সেইসকল লোকৰ ওপৰত পৰে, যিসকলে তাক নিজৰ অভিভাৱক বনাই লৈছে, আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰে। আৰু যিসকলে চয়তানৰ জালত পৰি আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ পূজা-পাঠ কৰে।

16:101Page 278

وَإِذَا بَدَّلۡنَآ ءَايَةٗ مَّكَانَ ءَايَةٖ وَٱللَّهُ أَعۡلَمُ بِمَا يُنَزِّلُ قَالُوٓاْ إِنَّمَآ أَنتَ مُفۡتَرِۭۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ١٠١

And when We substitute a verse in place of a verse - and Allāh is most knowing of what He sends down - they say, "You, [O Muḥammad], are but an inventor [of lies]." But most of them do not know.

আৰু আমি যেতিয়া কোৰআনৰ কোনো এটা আয়াত আন এটা আয়াতৰ দ্বাৰা ৰহিত কৰোঁ, (এই ক্ষেত্ৰত আল্লাহেই সৰ্বজ্ঞ, কোনটো আয়াত ৰহিত কৰা উচিত আৰু কোনটো নহয়) তেতিয়া সিহঁতে কয়ঃ হে মুহাম্মদ! তুমি এজন মিছলীয়া, আল্লাহ সম্পৰ্কে মিছা কথা বিয়পাই আছা। প্ৰকৃততে সিহঁতৰ অধিকাংশই নাজানে যে, ৰহিত কৰাৰ দায়িত্ব আল্লাহৰ হাতত, তেওঁ বিশেষ হিকমতত এনেকুৱা কৰে।

16:102Page 278

قُلۡ نَزَّلَهُۥ رُوحُ ٱلۡقُدُسِ مِن رَّبِّكَ بِٱلۡحَقِّ لِيُثَبِّتَ ٱلَّذِينَ ءَامَنُواْ وَهُدٗى وَبُشۡرَىٰ لِلۡمُسۡلِمِينَ ١٠٢

Say, [O Muḥammad], "The Pure Spirit [i.e., Gabriel] has brought it down from your Lord in truth to make firm those who believe and as guidance and good tidings to the Muslims."

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, এই কোৰআন আল্লাহৰ ফালৰ পৰা সত্য সহকাৰে জিব্ৰীল আলাইহিচ্ছালামে লৈ আহিছে, য'ত কোনো ধৰণৰ ত্ৰুটি নাই, পৰিবৰ্তন তথা বিকৃত কৰাৰো অৱকাশ নাই। যাতে মুমিনসকলৰ ঈমান আল্লাহৰ প্ৰতি আৰু অধিক মজবুত হয়, যেতিয়া কোনো নতুন আয়াত অৱতীৰ্ণ হয় অথবা কোনো আয়াত ৰহিত হয়। যাতে এই কোৰআন সিহঁতক সত্যৰ পথ দেখুৱায় আৰু মুছলিমসকলক উৎকৃষ্ট প্ৰতিদানৰ সুসংবাদ দিয়ে, যিবোৰ তেওঁলোকে আখিৰাতত লাভ কৰিব।

16:103Page 279

وَلَقَدۡ نَعۡلَمُ أَنَّهُمۡ يَقُولُونَ إِنَّمَا يُعَلِّمُهُۥ بَشَرٞۗ لِّسَانُ ٱلَّذِي يُلۡحِدُونَ إِلَيۡهِ أَعۡجَمِيّٞ وَهَٰذَا لِسَانٌ عَرَبِيّٞ مُّبِينٌ ١٠٣

And We certainly know that they say, "It is only a human being who teaches him [i.e., the Prophet (ﷺ)]." The tongue of the one they refer to is foreign,1 and this [recitation, i.e., Qur’ān] is [in] a clear Arabic language.

আমি জানো মুশ্বৰিকসকলে কয়ঃ কোনোবা এজন ব্যক্তিয়ে মুহাম্মদক কোৰআন শিকায়, অথচ সিহঁতৰ এই দাবী মিছা। কিয়নো সিহঁতে যিজন ব্যক্তি সম্পৰ্কে সন্দেহ কৰি আছে যিয়ে তেওঁক কোৰআন শিকায়, তেওঁ হৈছে এজন অনাৰবীয়ান। আনহাতে এই কোৰআন স্পষ্ট তথা উৎকৃষ্ট আৰবী ভাষাত অৱতীৰ্ণ। তেনেস্থলত সিহঁতে কেনেকৈ ধাৰণা কৰে যে, ইয়াক কোনো অনাৰবীয়ান ব্যক্তিৰ পৰা শিকা হৈছে?

16:104Page 279

إِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِـَٔايَٰتِ ٱللَّهِ لَا يَهۡدِيهِمُ ٱللَّهُ وَلَهُمۡ عَذَابٌ أَلِيمٌ ١٠٤

Indeed, those who do not believe in the verses of Allāh - Allāh will not guide them, and for them is a painful punishment.

নিশ্চয় যিসকলে আল্লাহৰ তৰফৰ অৱতীৰ্ণ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতে যেতিয়ালৈকে এই অভ্যাস পৰিত্যাগ নকৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰিব। আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহ অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।

16:105Page 279

إِنَّمَا يَفۡتَرِي ٱلۡكَذِبَ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِـَٔايَٰتِ ٱللَّهِۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡكَٰذِبُونَ ١٠٥

They only invent falsehood who do not believe in the verses of Allāh, and it is those who are the liars.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ তৰফৰ যি লৈ আহিছে সেই সম্পৰ্কে তেওঁ মিছলীয়া নহয়। মিছলীয়া হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ আয়াতসমূহক সত্য বুলি নামানে। কিয়নো সিহঁতে শাস্তিকো ভয় নকৰে আৰু প্ৰতিদানো আশা নকৰে। কুফৰীৰ পথত পৰিচালিত এইসকল লোকেই হৈছে মিছলীয়া। কিয়নো মিছা কথা কোৱা সিহঁতৰ অভ্যাসত পৰিণত হৈছে, যিটো সিহঁতৰ শিৰাই শিৰাই সোমাই আছে।

16:106Page 279

مَن كَفَرَ بِٱللَّهِ مِنۢ بَعۡدِ إِيمَٰنِهِۦٓ إِلَّا مَنۡ أُكۡرِهَ وَقَلۡبُهُۥ مُطۡمَئِنُّۢ بِٱلۡإِيمَٰنِ وَلَٰكِن مَّن شَرَحَ بِٱلۡكُفۡرِ صَدۡرٗا فَعَلَيۡهِمۡ غَضَبٞ مِّنَ ٱللَّهِ وَلَهُمۡ عَذَابٌ عَظِيمٞ ١٠٦

Whoever disbelieves in [i.e., denies] Allāh after his belief...1 except for one who is forced [to renounce his religion] while his heart is secure in faith. But those who [willingly] open their breasts to disbelief, upon them is wrath from Allāh, and for them is a great punishment;

যিয়ে ঈমান পোষণ কৰাৰ পিছত কুফৰী কৰিছে, কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া যাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হৈছে, ফলত তেওঁ মুখেৰে কুফৰী বাক্য উচ্চাৰণ কৰিছে কিন্তু তেওঁৰ অন্তৰ ঈমানকলৈ সন্তুষ্ট। আনহাতে যাৰ অন্তৰ কুফৰীকলৈ সন্তুষ্ট আৰু ঈমানৰ ঠাইত কুফৰীক প্ৰাধান্য দিয়ে, লগতে সন্তুষ্টচিত্তে ইয়াক স্বীকাৰ কৰে, তেনেকুৱা ব্যক্তি ইছলামৰ পৰা বহিস্কৃত (মুৰতাদ)। এনেকুৱা ব্যক্তিসকলৰ ওপৰতেই আল্লাহৰ ক্ৰোধ আছে, আৰু সিহঁতৰ বাবেই আছে কষ্টদায়ক শাস্তি।

16:107Page 279

ذَٰلِكَ بِأَنَّهُمُ ٱسۡتَحَبُّواْ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا عَلَى ٱلۡأٓخِرَةِ وَأَنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡكَٰفِرِينَ ١٠٧

That is because they preferred the worldly life over the Hereafter and that Allāh does not guide the disbelieving people.

ইছলামৰ পৰা আঁতৰি যোৱাৰ দুৰ্ভাগ্য সিহঁতৰ এই কাৰণে হৈছে যে, সিহঁতে কুফৰীৰ ফলস্বৰূপে পাৰ্থিৱ জীৱনৰ ধ্বংসাৱশেষক আখিৰাতৰ ওপৰত প্ৰাধান্য দিছে। সেয়ে আল্লাহে কাফিৰ সম্প্ৰদায়ক ঈমানৰ তাওফীক প্ৰদান নকৰে, বৰং সিহঁতক অপমানিত কৰে।

16:108Page 279

أُوْلَٰٓئِكَ ٱلَّذِينَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمۡ وَسَمۡعِهِمۡ وَأَبۡصَٰرِهِمۡۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡغَٰفِلُونَ ١٠٨

Those are the ones over whose hearts and hearing and vision Allāh has sealed, and it is those who are the heedless.

ঈমান পোষণ কৰাৰ পিছত এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই আঁতৰি যায়, যিসকলৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণেই সিহঁতে উপদেশ বুজি নাপায়। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, ফলত সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে শুনিব নোৱাৰে। সিহঁতৰ চকুত মোহৰ মাৰি দিছে, ফলত সিহঁতে ঈমানৰ প্ৰমাণ সাব্যস্ত কৰা নিদৰ্শনসমূহ চাব নোৱাৰে। এনেকুৱা লোকসকলেই সৌভাগ্য আৰু দুৰ্ভাগ্যৰ কাৰণসমূহৰ পৰা অমনোযোগী। লগতে সিহঁতে সেই শাস্তিৰ পৰাও অমনোযোগী, যিটো সিহঁতৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে।

16:109Page 279

لَا جَرَمَ أَنَّهُمۡ فِي ٱلۡأٓخِرَةِ هُمُ ٱلۡخَٰسِرُونَ ١٠٩

Assuredly, it is they, in the Hereafter, who will be the losers.

ইয়াত কোনো সন্দেহ নাই যে, ইহঁতেই কিয়ামতৰ দিনা ক্ষতিগ্ৰস্ত হ'ব, যিসকলে ঈমান পোষণ কৰাৰ পিছত পুনৰ কুফৰী কৰি নিজৰেই ক্ষতি কৰিছে, যদি সিহঁতে ঈমানৰ অৱস্থাতেই ব্ৰতী থাকিলহেঁতেন তেন্তে জান্নাতত প্ৰৱেশ কৰিলেহেঁতেন।

16:110Page 279

ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ هَاجَرُواْ مِنۢ بَعۡدِ مَا فُتِنُواْ ثُمَّ جَٰهَدُواْ وَصَبَرُوٓاْ إِنَّ رَبَّكَ مِنۢ بَعۡدِهَا لَغَفُورٞ رَّحِيمٞ ١١٠

Then, indeed your Lord, to those who emigrated after they had been compelled [to say words of disbelief] and thereafter fought [for the cause of Allāh] and were patient - indeed, your Lord, after that, is Forgiving and Merciful

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক সেইসকল দুৰ্বল মুমিনৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়াৱান যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ শাস্তি আৰু দ্বীন সম্পৰ্কীয় বিভিন্ন নিৰ্যাতন সহ্য কৰাৰ পিছত মদীনালৈ হিজৰত কৰিছে, আনকি তেওঁলোকে ঈমানৰ প্ৰতি সন্তুষ্ট থকাৰ পিছতো বাধ্য হৈ কুফৰী বাক্য উচ্চাৰণ কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিলে যাতে আল্লাহৰ বাক্য সুউচ্চ থাকে আৰু কাফিৰসকলৰ বাক্য নিম্নগামী হয়। লগতে তেওঁলোকে সকলো ধৰণৰ কঠিন পৰিস্থিতিত ধৈৰ্য ধাৰণ কৰিছিল। তেওঁলোকে এই পৰীক্ষাৰে পৰীক্ষিত হোৱাৰ পিছত আৰু বিভিন্ন শাস্তিৰ সন্মুখীন হোৱাৰ পিছত, আনকি মুখেৰে কুফৰী বাক্য উচ্চাৰণ কৰাৰ পিছতো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁলোকৰ প্ৰতি ক্ষমাশীল আৰু দয়াৱান, কাৰণ তেওঁলোকে বাধ্যত পৰিহে এনেকুৱা কুফৰী বাক্য উচ্চাৰণ কৰিছে।

16:111Page 280

۞ يَوۡمَ تَأۡتِي كُلُّ نَفۡسٖ تُجَٰدِلُ عَن نَّفۡسِهَا وَتُوَفَّىٰ كُلُّ نَفۡسٖ مَّا عَمِلَتۡ وَهُمۡ لَا يُظۡلَمُونَ ١١١

On the Day when every soul will come disputing [i.e., pleading] for itself, and every soul will be fully compensated for what it did, and they will not be wronged [i.e., treated unjustly].

হে ৰাছুল! স্মৰণ কৰক সেই দিৱসটো, যিদিনা প্ৰত্যেক মানুহে নিজৰ বিষয়ে বাদানুবাদ কৰিব। কোনেও বেলেগৰ হৈ বাদানুবাদ নকৰিব। প্ৰত্যেককে তাৰ ভাল বেয়া কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হ'ব। সিহঁতৰ ছোৱাব হ্ৰাস কৰি নাইবা গুনাহ বৃদ্ধিৰ দ্বাৰা সিহঁতৰ কোনো অন্যায় কৰা নহ'ব।

16:112Page 280

وَضَرَبَ ٱللَّهُ مَثَلٗا قَرۡيَةٗ كَانَتۡ ءَامِنَةٗ مُّطۡمَئِنَّةٗ يَأۡتِيهَا رِزۡقُهَا رَغَدٗا مِّن كُلِّ مَكَانٖ فَكَفَرَتۡ بِأَنۡعُمِ ٱللَّهِ فَأَذَٰقَهَا ٱللَّهُ لِبَاسَ ٱلۡجُوعِ وَٱلۡخَوۡفِ بِمَا كَانُواْ يَصۡنَعُونَ ١١٢

And Allāh presents an example: a city [i.e., Makkah] which was safe and secure, its provision coming to it in abundance from every location, but it denied the favors of Allāh. So Allāh made it taste the envelopment of hunger and fear for what they had been doing.

আল্লাহে এটা জনবসতিৰ উদাহৰণ দাঙি ধৰিছে (মক্কা নগৰীৰ), যিটো জনবসতিৰ অধিবাসীসকল নিশ্চিন্ত আৰু স্থায়ী আছিল, সিহঁতৰ কোনো ভয় নাছিল। সিহঁতৰ আশেপাশে থকা লোকসকলৰ কোনো নিশ্চয়তা নাছিল। পক্ষান্তৰে সিহঁতৰ জীৱিকা অতি সহজেই উপলব্ধ হৈছিল। কিন্তু এই জনবসতিৰ অধিবাসীসকলে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰাৰ পৰিবৰ্তে অকৃতজ্ঞতা প্ৰকাশ কৰিলে। ফলত আল্লাহে ইয়াৰ ফলস্বৰূপে সিহঁতৰ ওপৰত দুৰ্ভিক্ষ আৰু ভয়-ভীতি প্ৰদান কৰিলে, যাৰ প্ৰভাৱ সিহঁতৰ শৰীৰত ভয় আৰু দুৰ্বলতাৰ সৈতে প্ৰকাশ পাইছিল। আনকি এনেকুৱা লাগিছিল যেনিবা এই দুয়োটা বস্তু সিহঁতৰ পোছাক। ইয়াৰ একমাত্ৰ কাৰণ আছিল সিহঁতৰ কুফৰী আৰু অস্বীকাৰ কৰা কৰ্ম।

16:113Page 280

وَلَقَدۡ جَآءَهُمۡ رَسُولٞ مِّنۡهُمۡ فَكَذَّبُوهُ فَأَخَذَهُمُ ٱلۡعَذَابُ وَهُمۡ ظَٰلِمُونَ ١١٣

And there had certainly come to them a Messenger from among themselves, but they denied him; so punishment overtook them while they were wrongdoers.

মক্কাৰ অধিবাসীসকলৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিল, যাৰ সত্যবাদিতা আৰু আমানতদাৰিতা সম্পৰ্কে সিহঁত অধিক অৱগত আছিল। তেওঁ হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিন্তু সিহঁতে তেওঁক আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ ওপৰত যি অৱতীৰ্ণ কৰিছিল সেয়া অস্বীকাৰ কৰিলে। ফলস্বৰূপে সিহঁতৰ ওপৰত ভয় আৰু দুৰ্ভিক্ষৰূপে আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ল। সিহঁত নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল, কাৰণ সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰি আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰি নিজকে বিনাশৰ গৰালত পেলাইছিল।

16:114Page 280

فَكُلُواْ مِمَّا رَزَقَكُمُ ٱللَّهُ حَلَٰلٗا طَيِّبٗا وَٱشۡكُرُواْ نِعۡمَتَ ٱللَّهِ إِن كُنتُمۡ إِيَّاهُ تَعۡبُدُونَ ١١٤

Then eat of what Allāh has provided for you [which is] lawful and good. And be grateful for the favor of Allāh, if it is [indeed] Him that you worship.

গতিকে হে বান্দাসকল! তোমালোকে আল্লাহে প্ৰদান কৰা খোৱাৰ উপযোগী হালাল বস্তুবোৰ ভক্ষণ কৰা। লগতে আল্লাহৰ নিয়ামতক নিয়ামত গণ্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা, আৰু সেইবোৰক তেওঁৰ সন্তুষ্টিমূলক কৰ্মত ব্যৱহাৰ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ লগত আনক অংশী স্থপান নকৰা।

16:115Page 280

إِنَّمَا حَرَّمَ عَلَيۡكُمُ ٱلۡمَيۡتَةَ وَٱلدَّمَ وَلَحۡمَ ٱلۡخِنزِيرِ وَمَآ أُهِلَّ لِغَيۡرِ ٱللَّهِ بِهِۦۖ فَمَنِ ٱضۡطُرَّ غَيۡرَ بَاغٖ وَلَا عَادٖ فَإِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ ١١٥

He has only forbidden to you dead animals,1 blood, the flesh of swine, and that which has been dedicated to other than Allāh. But whoever is forced [by necessity], neither desiring [it] nor transgressing [its limit] - then indeed, Allāh is Forgiving and Merciful.

আল্লাহে যিবোৰ খোৱা বস্তু হাৰাম কৰিছে, সেইবোৰ হৈছেঃ এনেকুৱা জন্তু যিটো জবেহ নকৰাকৈ মৃত্যুবৰণ কৰিছে, প্ৰবাহিত তেজ, গাহৰিৰ প্ৰতিটো অংগ, লগতে এনেকুৱা জন্তু যিটোক আল্লাহৰ বাহিৰে আনৰ সন্তুষ্টিৰ বাবে জবেহ কৰা হৈছে। এই অবৈধতা সেই সময়ৰ বাবে প্ৰযোজ্য যেতিয়া মানুহে স্বেচ্ছাই ভক্ষণ কৰে। আনহাতে যদি কোনোবা ব্যক্তিয়ে উক্ত বস্তুবোৰ খাবলৈ বাধ্য হয়, ফলত প্ৰাণ ৰক্ষা কৰিবলৈ যদি অকণমান ভক্ষণ কৰে তেন্তে তাৰ কোনো গুনাহ নহ'ব। কিন্তু চৰ্ত হ'ল, সেই ব্যক্তিৰ অন্তৰ যাতে সেই বস্তুৰ পিনে আকৰ্ষিত নহয়, লগতে প্ৰয়োজনতকৈ বেছি যাতে ভক্ষণ নকৰে। নিশ্চয় আল্লাহ ক্ষমাশীল, সি যি ভক্ষণ কৰিছে সেয়া তেওঁ ক্ষমা কৰি দিব। তেওঁ বৰ দয়ালু, সেইকাৰণেই তেওঁ পৰিস্থিতিৰ সন্মুখত বাধ্য হ'লে উক্ত বস্তুবোৰ খোৱাৰ অনুমতি দিছে।

16:116Page 280

وَلَا تَقُولُواْ لِمَا تَصِفُ أَلۡسِنَتُكُمُ ٱلۡكَذِبَ هَٰذَا حَلَٰلٞ وَهَٰذَا حَرَامٞ لِّتَفۡتَرُواْ عَلَى ٱللَّهِ ٱلۡكَذِبَۚ إِنَّ ٱلَّذِينَ يَفۡتَرُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَ لَا يُفۡلِحُونَ ١١٦

And do not say about what your tongues assert of untruth, "This is lawful and this is unlawful," to invent falsehood about Allāh. Indeed, those who invent falsehood about Allāh will not succeed.

হে মুশ্বৰিকসকল! তোমালোকে নিজ মুখেৰে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি এই কথা নক'বা যে, এইটো বস্তু হালাল আৰু এইটো বস্তু হাৰাম। এই উদ্দেশ্যত যে, আল্লাহে যিটো বস্তু হালাল কৰা নাই সেইটো যাতে হালাল হৈ যায় আৰু তেওঁ যিটো বস্তু হাৰাম কৰা নাই সেইটো যাতে হাৰাম হৈ যায়। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে সিহঁতে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰিব। লগতে ভয়-ভীতিৰ পৰাও ৰক্ষা নাপাব।

16:117Page 280

مَتَٰعٞ قَلِيلٞ وَلَهُمۡ عَذَابٌ أَلِيمٞ ١١٧

[It is but] a brief enjoyment, and they will have a painful punishment.

প্ৰবৃত্তিৰ অনুসৰণৰ কাৰণে সিহঁতৰ বাবে পৃথিৱীত একেবাৰে নিম্নমানৰ কিছু ভোগ-সামগ্ৰী আছে, আনহাতে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском