Al-MukhtasarAn‑Nahl · 16:41–80

Al-Mukhtasar · Tafsir · in Assamese

An-Nahl 16:41–80

16:41Page 271

وَٱلَّذِينَ هَاجَرُواْ فِي ٱللَّهِ مِنۢ بَعۡدِ مَا ظُلِمُواْ لَنُبَوِّئَنَّهُمۡ فِي ٱلدُّنۡيَا حَسَنَةٗۖ وَلَأَجۡرُ ٱلۡأٓخِرَةِ أَكۡبَرُۚ لَوۡ كَانُواْ يَعۡلَمُونَ ٤١

And those who emigrated for [the cause of] Allāh after they had been wronged - We will surely settle them in this world in a good place; but the reward of the Hereafter is greater, if only they could know.

যিসকল লোকে কাফিৰসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত, নিজৰ ঘৰ-দুৱাৰ, পৰিয়াল আৰু সা-সম্পত্তি পৰিত্যাগ কৰি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে কুফৰীৰ দেশৰ পৰা ইছলামী দেশলৈ হিজৰত কৰিছে, আমি সেইসকল লোকক পৃথিৱীত এনেকুৱা বাসস্থান দান কৰিম, য’ত তেওঁলোকৰ প্ৰভুত্ব থাকিব, আনহাতে আখিৰাতৰ প্ৰতিদান ইয়াতকৈও ডাঙৰ, কাৰণ তাত থাকিব জান্নাত। হিজৰত নকৰা লোকসকলে যদি হিজৰতৰ মহত্ব বুজি পালেহেঁতেন তেন্তে কেতিয়াও তেওঁলোক হিজৰতৰ পৰা পিছুৱাই নাথাকিলেহেঁতেন।

16:42Page 271

ٱلَّذِينَ صَبَرُواْ وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ ٤٢

[They are] those who endured patiently and upon their Lord relied.

আল্লাহৰ পথত হিজৰতকাৰী লোকসকল হৈছে সেইসকল লোক, যিসকলে নিজ সম্প্ৰদায়ৰ শাস্তি আৰু পৰিয়াল-পৰিজন ত্যাগ কৰাৰ ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিছে, আল্লাহৰ আনুগত্য পালনত ব্ৰতী আছিল, তেওঁলোকে নিজৰ সকলো কামতে আল্লাহৰ প্ৰতি ভৰসা কৰিছিল। সেয়ে আল্লাহে তেওঁলোকক এই মহান প্ৰতিফল দান কৰিছে।

16:43Page 272

وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ إِلَّا رِجَالٗا نُّوحِيٓ إِلَيۡهِمۡۖ فَسۡـَٔلُوٓاْ أَهۡلَ ٱلذِّكۡرِ إِن كُنتُمۡ لَا تَعۡلَمُونَ ٤٣

And We sent not before you except men to whom We revealed [Our message]. So ask the people of the message [i.e., former scriptures] if you do not know.

হে ৰাছুল! আমি আপোনাৰ পূৰ্বে মানৱৰ মাজৰ পৰা কেৱল পুৰুষকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিছো, তেওঁলোকৰ প্ৰতি আমি অহী প্ৰেৰণ কৰিছিলো। আমি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাছিলো। এইটোৱে আমাৰ নীতি। যদি তোমালোকে এই বিষয়টোক অস্বীকাৰ কৰা তেন্তে পূৰ্বৱৰ্তী ঐশী পুথি লাভ কৰা লোকসকলক সুধি লোৱা, তেওঁলোকে তোমালোকক জনাই দিব যে, ৰাছুল কেৱল মানৱেই আছিল, ফিৰিস্তা নাছিল। যদি তোমালোক নাজানা যে, তেওঁলোক মানৱ আছিল।

16:44Page 272

بِٱلۡبَيِّنَٰتِ وَٱلزُّبُرِۗ وَأَنزَلۡنَآ إِلَيۡكَ ٱلذِّكۡرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيۡهِمۡ وَلَعَلَّهُمۡ يَتَفَكَّرُونَ ٤٤

[We sent them] with clear proofs and written ordinances. And We revealed to you the message [i.e., the Qur’ān] that you may make clear to the people what was sent down to them and that they might give thought.

আমি এই ৰাছুলসকলক স্পষ্ট প্ৰমাণ আৰু ঐশী গ্ৰন্থসহ প্ৰেৰণ কৰিছিলো। হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে প্ৰয়োজন অনুসাৰে আপুনি মানুহক বিশ্লেষণ কৰি দিয়ে। যাতে সিহঁতে বিবেক-বুদ্ধিৰে কাম লয়, আৰু কোৰআনত বৰ্ণিত বাণীৰে শিক্ষা লয়।

16:45Page 272

أَفَأَمِنَ ٱلَّذِينَ مَكَرُواْ ٱلسَّيِّـَٔاتِ أَن يَخۡسِفَ ٱللَّهُ بِهِمُ ٱلۡأَرۡضَ أَوۡ يَأۡتِيَهُمُ ٱلۡعَذَابُ مِنۡ حَيۡثُ لَا يَشۡعُرُونَ ٤٥

Then, do those who have planned evil deeds feel secure that Allāh will not cause the earth to swallow them or that the punishment will not come upon them from where they do not perceive?

মানুহক আল্লাহৰ পথৰ পৰা বাধা দিবলৈ যিসকল লোকে ষড়যন্ত্ৰ ৰচে, সিহঁত নিশ্চিন্ত হৈছে নেকি যে, আল্লাহে সিহঁতক কাৰূনৰ দৰে পৃথিৱীৰ গহ্বৰত পুতি নিদিব অথবা সিহঁতৰ ওচৰত এনেকুৱা শাস্তি নাহিব, যি শাস্তিৰ সিহঁতে কামনা কৰা নাছিল?

16:46Page 272

أَوۡ يَأۡخُذَهُمۡ فِي تَقَلُّبِهِمۡ فَمَا هُم بِمُعۡجِزِينَ ٤٦

Or that He would not seize them during their [usual] activity, and they could not cause failure [i.e., escape from Him]?

অথবা জীৱিকা সন্ধানৰ বাবে ভ্ৰমণত থকা অৱস্থাত সিহঁতৰ ওচৰত শাস্তি আহিব পাৰে। এতেকে সিহঁত আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰাও হাত সাৰিব নোৱাৰে আৰু নিজকেও ৰক্ষা কৰিব নোৱাৰে।

16:47Page 272

أَوۡ يَأۡخُذَهُمۡ عَلَىٰ تَخَوُّفٖ فَإِنَّ رَبَّكُمۡ لَرَءُوفٞ رَّحِيمٌ ٤٧

Or that He would not seize them gradually [in a state of dread]?1 But indeed, your Lord is Kind and Merciful.2

অথবা সিহঁত এই বিষয়ত নিশ্চিন্ত হৈছে নেকি যে, ভয়-ভীতিৰ সময়ত সিহঁতৰ ওচৰত আল্লাহৰ শাস্তি নাহিব। নিশ্চয় আল্লাহ সকলো অৱস্থাতেই শাস্তি দিবলৈ সক্ষম। নিঃসন্দেহে আপোনাৰ প্ৰতিপালক কৰুণাময় আৰু দয়াৱান। তেওঁ বান্দাসকলক শাস্তি প্ৰদানত খৰধৰ নকৰে, কাৰণ হয়তো বান্দা তেওঁৰ পিনে উভতি আহিব পাৰে।

16:48Page 272

أَوَلَمۡ يَرَوۡاْ إِلَىٰ مَا خَلَقَ ٱللَّهُ مِن شَيۡءٖ يَتَفَيَّؤُاْ ظِلَٰلُهُۥ عَنِ ٱلۡيَمِينِ وَٱلشَّمَآئِلِ سُجَّدٗا لِّلَّهِ وَهُمۡ دَٰخِرُونَ ٤٨

Have they not considered what things Allāh has created? Their shadows incline to the right and to the left, prostrating to Allāh, while they [i.e., those creations] are humble.

এই অস্বীকাৰকাৰী লোকসকলে আল্লাহৰ সৃষ্টিসমূহৰ প্ৰতি লক্ষ্য নকৰে নেকি, যিবোৰ সৃষ্টিৰ ছাঁ দিনত সূৰ্যৰ গতি অনুসাৰে আৰু ৰাতিত চন্দ্ৰৰ গতি অনুসাৰে নিজ প্ৰতিপালকৰ সন্মুখত নত হৈ বাস্তৱিক ছাজদাহ কৰি সোঁৱে-বাওঁৱে বাগৰ দিয়ে।

16:49Page 272

وَلِلَّهِۤ يَسۡجُدُۤ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ مِن دَآبَّةٖ وَٱلۡمَلَٰٓئِكَةُ وَهُمۡ لَا يَسۡتَكۡبِرُونَ ٤٩

And to Allāh prostrates whatever is in the heavens and whatever is on the earth of creatures, and the angels [as well], and they are not arrogant.

তথা আকাশমণ্ডলত থকা আৰু পৃথিৱীত বাস কৰা সকলো জীৱে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰে, আৰু ফিৰিস্তাসকলেও কেৱল তেওঁকেই ছাজদাহ কৰে। তেওঁলোকে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য পালনত কেতিয়াও অহংকাৰ নকৰে।

16:50Page 272

يَخَافُونَ رَبَّهُم مِّن فَوۡقِهِمۡ وَيَفۡعَلُونَ مَا يُؤۡمَرُونَ۩ ٥٠

They fear their Lord above them, and they do what they are commanded.

তেওঁলোকে অবিৰামভাৱে ইবাদত আৰু আনুগত্য কৰাৰ পিছতো আল্লাহক ভয় কৰে, আল্লাহ নিজৰ সত্ত্বাগত, শক্তি সামৰ্থ আৰু প্ৰভুত্বৰ দিশেৰে তেওঁলোকৰ বহু ওপৰত। তেওঁলোকে সেইটোৱে কৰে, যিটো কৰিবলৈ তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক আদেশ দিয়ে।

16:51Page 272

۞ وَقَالَ ٱللَّهُ لَا تَتَّخِذُوٓاْ إِلَٰهَيۡنِ ٱثۡنَيۡنِۖ إِنَّمَا هُوَ إِلَٰهٞ وَٰحِدٞ فَإِيَّٰيَ فَٱرۡهَبُونِ ٥١

And Allāh has said, "Do not take for yourselves two1 deities. He [i.e., Allāh] is but one God, so fear only Me."

আল্লাহে তেওঁৰ সকলো বান্দাকেই কৈছেঃ তোমালোকে কেতিয়াও দুজন উপাস্য গ্ৰহণ নকৰিবা। প্ৰকৃত উপাস্য কেৱল এজন। তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী অথবা অংশীদাৰ নাই। এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা। মোৰ বাহিৰে আন কাকো ভয় নকৰিবা।

16:52Page 272

وَلَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَهُ ٱلدِّينُ وَاصِبًاۚ أَفَغَيۡرَ ٱللَّهِ تَتَّقُونَ ٥٢

And to Him belongs whatever is in the heavens and the earth, and to Him is [due] worship constantly. Then is it other than Allāh that you fear?

আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো তেওঁৰেই। তেৱেঁই সৃষ্টি কৰিছে। তেৱেঁই মালিক আৰু তেৱেঁই সঞ্চালক। আনুগত্য একমাত্ৰ তেওঁৰেই। তেওঁৰ সন্মুখতেই নত হোৱা উচিত আৰু তেওঁৰ বাবেই সকলো নেক কাম কৰা উচিত। তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক ভয় কৰা নেকি? তেনেকুৱা নকৰিবা, কেৱল তেওঁকেই ভয় কৰিবা।

16:53Page 272

وَمَا بِكُم مِّن نِّعۡمَةٖ فَمِنَ ٱللَّهِۖ ثُمَّ إِذَا مَسَّكُمُ ٱلضُّرُّ فَإِلَيۡهِ تَجۡـَٔرُونَ ٥٣

And whatever you have of favor - it is from Allāh. Then when adversity touches you, to Him you cry for help.

হে মানৱ! তোমালোকৰ ওচৰত দ্বীন আৰু দুনিয়া সম্পৰ্কীয় যিমান নিয়ামত আছে, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। তেওঁৰ বাহিৰে আন কাৰো নহয়। এতেকে যেতিয়া তোমালোকৰ ওপৰত কোনো বিপদ, বেমাৰ অথবা দুৰ্ভিক্ষ নামি আহে, তেতিয়া তোমালোকে কেৱল তেওঁৰ ওচৰতেই নত হৈ দুআ কৰা, যাতে তোমালোকৰ সেই কষ্ট দূৰ হয়। এতেকে যিয়ে নিয়ামত প্ৰদান কৰে আৰু কষ্ট দূৰ কৰে, কেৱল তেৱেঁই ইবাদত বন্দেগীৰ যোগ্য।

16:54Page 272

ثُمَّ إِذَا كَشَفَ ٱلضُّرَّ عَنكُمۡ إِذَا فَرِيقٞ مِّنكُم بِرَبِّهِمۡ يُشۡرِكُونَ ٥٤

Then when He removes the adversity from you, at once a party of you associates others with their Lord

তাৰ পিছত যেতিয়া তেওঁ তোমালোকৰ প্ৰাৰ্থনা স্বীকাৰ কৰে আৰু তোমালোকৰ বিপদ দূৰ কৰি দিয়ে, তেতিয়া তোমালোকৰ মাজৰ কিছুমানে নিজ প্ৰতিপালকৰ লগত অংশীদাৰ স্থাপন কৰে, তেওঁৰ সৈতে আনৰো উপাসনা কৰা আৰম্ভ কৰে। এইটো কেনেকুৱা কথা?

16:55Page 273

لِيَكۡفُرُواْ بِمَآ ءَاتَيۡنَٰهُمۡۚ فَتَمَتَّعُواْ فَسَوۡفَ تَعۡلَمُونَ ٥٥

So they will deny what We have given them. Then enjoy yourselves, for you are going to know.

আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ ফলত সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিছে, তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, বিপদ-আপদ দূৰ কৰা। সেই কাৰণে সিহঁতক কোৱা হৈছেঃ তোমালোকক যি নিয়ামত দান কৰা হৈছে, সেইবোৰ কিছুসময় উপভোগ কৰা, কাৰণ তোমালোকৰ ওপৰত আগতীয়াকৈ হওক অথবা পলমকৈ আল্লাহৰ আযাব আহিবই।

16:56Page 273

وَيَجۡعَلُونَ لِمَا لَا يَعۡلَمُونَ نَصِيبٗا مِّمَّا رَزَقۡنَٰهُمۡۗ تَٱللَّهِ لَتُسۡـَٔلُنَّ عَمَّا كُنتُمۡ تَفۡتَرُونَ ٥٦

And they assign to what they do not know1 [i.e., false deities] a portion of that which We have provided them. By Allāh, you will surely be questioned about what you used to invent.

মুশ্বৰিকসকলে আমি প্ৰদান কৰা ধন-সম্পদৰ এটা অংশ সিহঁতৰ মূৰ্তিবোৰৰ কাৰণেও নিৰ্দিষ্ট কৰে, যিবোৰে একোৱে নাজানে। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ, সেইবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে ইয়াৰ দ্বাৰা নৈকট্য লাভ কৰিব বিচাৰে। হে মুশ্বৰিকসকল! আল্লাহৰ শপত! তোমালোকক কিয়ামতৰ দিনা তোমালোকৰ এই ধাৰণা সম্পৰ্কে নিশ্চয় প্ৰশ্ন কৰা হ'ব যে, এই মূৰ্তিবোৰ উপাস্য হয় নে নহয়, আৰু তোমালোকৰ ধন-সম্পদত সেইবোৰৰ নিৰ্দিষ্ট অংশ থকাটো সঁচানে।

16:57Page 273

وَيَجۡعَلُونَ لِلَّهِ ٱلۡبَنَٰتِ سُبۡحَٰنَهُۥ وَلَهُم مَّا يَشۡتَهُونَ ٥٧

And they attribute to Allāh daughters1 - exalted is He - and for them is what they desire [i.e., sons].

মুশ্বৰিকসকলে আল্লাহৰ জীয়ৰি আছে বুলি ধাৰণা পোষণ কৰে, সিহঁতৰ মতে আল্লাহৰ জীয়ৰি হৈছে ফিৰিস্তাসকল। সিহঁতে আল্লাহৰ বাবে সেইবোৰ নিৰ্বাচন কৰে যিবোৰ সিহঁতে নিজৰ বাবে পছন্দ নকৰে। সিহঁতৰ এই কৰ্মৰ পৰা আল্লাহ পৱিত্ৰ। আনহাতে সিহঁতে কিন্তু নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰে। ইয়াতকৈ ডাঙৰ অপৰাধ আৰুনো কি হ’ব পাৰে?

16:58Page 273

وَإِذَا بُشِّرَ أَحَدُهُم بِٱلۡأُنثَىٰ ظَلَّ وَجۡهُهُۥ مُسۡوَدّٗا وَهُوَ كَظِيمٞ ٥٨

And when one of them is informed of [the birth of] a female, his face becomes dark, and he suppresses grief.

এইসকল মুশ্বৰিকৰ মাজৰ কাৰোবাক যদি কন্যা সন্তান জন্ম লাভ কৰাৰ সুসংবাদ দিয়া হয়, তেতিয়া সিহঁতৰ মুখ ক'লা পৰি যায় আৰু সিহঁতৰ অন্তৰ দুখত ভাগি পৰে, এনেকুৱা সংবাদক সিহঁতে ইমান অপছন্দ কৰে। আকৌ সেই ব্যক্তিয়েই আল্লাহৰ বাবে সেইটো পছন্দ কৰে, যিটো নিজৰ বাবে অপছন্দ কৰে।

16:59Page 273

يَتَوَٰرَىٰ مِنَ ٱلۡقَوۡمِ مِن سُوٓءِ مَا بُشِّرَ بِهِۦٓۚ أَيُمۡسِكُهُۥ عَلَىٰ هُونٍ أَمۡ يَدُسُّهُۥ فِي ٱلتُّرَابِۗ أَلَا سَآءَ مَا يَحۡكُمُونَ ٥٩

He hides himself from the people because of the ill of which he has been informed. Should he keep it in humiliation or bury it in the ground? Unquestionably, evil is what they decide.

কন্যা সন্তান জন্ম লাভৰ সংবাদ সিহঁতৰ ওচৰত ইমান নিন্দনীয় যে, তেনেকুৱা খবৰ পালে সিহঁতে মানুহৰ পৰা আত্মগোপন কৰি ফুৰে। সি মনে মনে ভাৱে, এই নৱজাত শিশুটিকলৈ অপমান সহ্য কৰি জীয়াই ৰাখিম নে তাইক জীৱিত অৱস্থাতেই দাফন কৰিম? মুশ্বৰিকসকলৰ সিদ্ধান্ত কিমান নিকৃষ্ট, সিহঁতে নিজৰ বাবে যিটো অপছন্দ কৰে সেইটো নিজ প্ৰতিপালকৰ বাবে পছন্দ কৰে।

16:60Page 273

لِلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ مَثَلُ ٱلسَّوۡءِۖ وَلِلَّهِ ٱلۡمَثَلُ ٱلۡأَعۡلَىٰۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٦٠

For those who do not believe in the Hereafter is the description [i.e., an attribute] of evil;1 and for Allāh is the highest attribute. And He is Exalted in Might, the Wise.

আখিৰাতৰ প্ৰতি বিশ্বাস নকৰা কাফিৰসকলৰ বেয়া গুণ যেনেঃ সন্তানৰ চাহিদা, মুৰ্খতা আৰু কুফৰী আদি। আনহাতে আল্লাহৰ বৈশিষ্ট্য হৈছে প্ৰশংসনীয় আৰু সুউচ্চ। যেনেঃ প্ৰতাপশালী, স্বয়ংসম্পূৰ্ণ, অমুখাপেক্ষী আৰু সৰ্বজ্ঞ। তেওঁ মহাপৱিত্ৰ, ক্ষমতাত মহাপৰাক্ৰমশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।

16:61Page 273

وَلَوۡ يُؤَاخِذُ ٱللَّهُ ٱلنَّاسَ بِظُلۡمِهِم مَّا تَرَكَ عَلَيۡهَا مِن دَآبَّةٖ وَلَٰكِن يُؤَخِّرُهُمۡ إِلَىٰٓ أَجَلٖ مُّسَمّٗىۖ فَإِذَا جَآءَ أَجَلُهُمۡ لَا يَسۡتَـٔۡخِرُونَ سَاعَةٗ وَلَا يَسۡتَقۡدِمُونَ ٦١

And if Allāh were to impose blame on the people for their wrongdoing, He would not have left upon it [i.e., the earth] any creature, but He defers them for a specified term. And when their term has come, they will not remain behind an hour, nor will they precede [it].

মানুহৰ অন্যায়-অত্যাচাৰ আৰু কুফৰীৰ কাৰণে যদি আল্লাহে সিহঁতক শাস্তি দিয়া আৰম্ভ কৰে তেন্তে পৃথিৱীৰ বুকুত কোনো মানুহ তথা প্ৰাণীয়ে ৰেহাই নাপাব। কিন্তু তেওঁ সিহঁতক জানি বুজি এটা নিৰ্দিষ্ট সময়লৈকে অৱকাশ দিয়ে। অৱশেষত যেতিয়া সেই নিৰ্দিষ্ট সময় আহি পৰে, তেতিয়া অলপ আগুৱাইয়ো নাযায় আৰু পিছুৱাইয়ো নাযায়।

16:62Page 273

وَيَجۡعَلُونَ لِلَّهِ مَا يَكۡرَهُونَۚ وَتَصِفُ أَلۡسِنَتُهُمُ ٱلۡكَذِبَ أَنَّ لَهُمُ ٱلۡحُسۡنَىٰۚ لَا جَرَمَ أَنَّ لَهُمُ ٱلنَّارَ وَأَنَّهُم مُّفۡرَطُونَ ٦٢

And they attribute to Allāh that which they dislike [i.e., daughters], and their tongues assert the lie that they will have the best [from Him]. Assuredly, they will have the Fire, and they will be [therein] neglected.1

সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে, অথচ নিজৰ বাবে সেইটোক অপছন্দ কৰে। সিহঁতে আৰু এটা মিছা দাবী কৰে যে, মুছলিমসকলৰ কোৱা মতে যদি সঁচাই সিহঁতক পুনৰ্জীৱিত কৰা হয় তেন্তে আল্লাহৰ ওচৰত সিহঁতৰ বাবে থাকিব উত্তম স্থান। প্ৰকৃততে সিহঁতৰ বাবে আছে জাহান্নাম। সেই জাহান্নামত সিহঁতক এৰি দিয়া হ'ব, আৰু তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।

16:63Page 273

تَٱللَّهِ لَقَدۡ أَرۡسَلۡنَآ إِلَىٰٓ أُمَمٖ مِّن قَبۡلِكَ فَزَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ أَعۡمَٰلَهُمۡ فَهُوَ وَلِيُّهُمُ ٱلۡيَوۡمَ وَلَهُمۡ عَذَابٌ أَلِيمٞ ٦٣

By Allāh, We did certainly send [messengers] to nations before you, but Satan made their deeds attractive to them. And he is their [i.e., the disbelievers] ally today [as well], and they will have a painful punishment.

আল্লাহৰ শপত! হে ৰাছুল! আমি আপোনাৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায় সমূহৰ ওচৰতো ৰাছুল প্ৰেৰণ কৰিছিলো। কিন্তু চয়তানে সেইসমূহ সম্প্ৰদায়ৰ বেয়া কৰ্মবোৰক যেনেঃ শ্বিৰ্ক, কুফৰী আৰু বিভিন্ন গুনাহক সিহঁতৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰিছিল। সিহঁতৰ ধাৰণা মতে কিয়ামতৰ দিনা সিয়ে সিহঁতক সহায় কৰিব, সেয়ে যাতে সিহঁতে তাৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। প্ৰকৃততে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।

16:64Page 273

وَمَآ أَنزَلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ إِلَّا لِتُبَيِّنَ لَهُمُ ٱلَّذِي ٱخۡتَلَفُواْ فِيهِ وَهُدٗى وَرَحۡمَةٗ لِّقَوۡمٖ يُؤۡمِنُونَ ٦٤

And We have not revealed to you the Book, [O Muḥammad], except for you to make clear to them that wherein they have differed and as guidance and mercy for a people who believe.

হে ৰাছুল! আমি আপোনাৰ প্ৰতি এই কোৰআন এইবাবে অৱতীৰ্ণ কৰিছো, যাতে আপুনি সকলো লোকৰ সন্মুখত তাওহীদ, পুনৰুত্থান আৰু চৰীয়তৰ বিধি-বিধান স্পষ্টভাৱে বৰ্ণনা কৰি দিব পাৰে। আৰু যাতে এই কোৰআন আৰু ইয়াৰ শিক্ষা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু ৰহমত হয়। সত্যৰ দ্বাৰা কেৱল তেওঁলোকেই উপকৃত হয়।

16:65Page 274

وَٱللَّهُ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَآۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَسۡمَعُونَ ٦٥

And Allāh has sent down rain from the sky and given life thereby to the earth after its lifelessness. Indeed in that is a sign for a people who listen.

আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানীৰ জৰিয়তে তেওঁ শুকান ভূমিক সুগম কৰি তাৰ পৰা উদ্ভিদ উৎপন্ন কৰে। নিশ্চয় আকাশৰ পৰা পানী বৰ্ষণত আৰু ভূমিৰ পৰা উদ্ভিদ উৎপন্ন কৰাৰ মাজত সেইসকল লোকৰ বাবে স্পষ্ট প্ৰমাণ আছে, যিসকলে আল্লাহৰ বাণী মনোযোগ সহকাৰে শ্ৰৱণ কৰে আৰু এইবোৰকলৈ গৱেষণা কৰে।

16:66Page 274

وَإِنَّ لَكُمۡ فِي ٱلۡأَنۡعَٰمِ لَعِبۡرَةٗۖ نُّسۡقِيكُم مِّمَّا فِي بُطُونِهِۦ مِنۢ بَيۡنِ فَرۡثٖ وَدَمٖ لَّبَنًا خَالِصٗا سَآئِغٗا لِّلشَّٰرِبِينَ ٦٦

And indeed, for you in grazing livestock is a lesson. We give you drink from what is in their bellies - between excretion and blood - pure milk, palatable to drinkers.

হে মানৱজাতি! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলীৰ মাজতো আছে পাঠ, যিটো তোমালোকে গ্ৰহণ কৰিব পাৰা। আমি তোমালোকক এইবোৰ জন্তুৰ ওহাৰৰ পৰা গাখীৰ প্ৰদান কৰো। যিবোৰ পেটৰ মাজত থকা গোবৰ আৰু শৰীৰৰ মাজত থকা তেজৰ মাজৰ পৰা ওলাই আহে। তথাপিও এই গাখীৰ নিৰ্ভেজাল তথা বিশুদ্ধ, আৰু পানকাৰী সকলৰ বাবে কিমান সুস্বাদু!

16:67Page 274

وَمِن ثَمَرَٰتِ ٱلنَّخِيلِ وَٱلۡأَعۡنَٰبِ تَتَّخِذُونَ مِنۡهُ سَكَرٗا وَرِزۡقًا حَسَنًاۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَعۡقِلُونَ ٦٧

And from the fruits of the palm trees and grapevines you take intoxicant and good provision.1 Indeed in that is a sign for a people who reason.

আৰু তোমালোকৰ বাবে আমি প্ৰদান কৰা খেজুৰ আৰু আঙুৰ আদি ফলৰ মাজতো আছে শিক্ষা। সেইবোৰৰ দ্বাৰা তোমালোকে মাদক দ্ৰৱ্য বনোৱা, যি দ্ৰৱ্যই তোমালোকৰ বিবেক-বুদ্ধি কাঢ়ি নিয়ে। এইটো ভাল বস্তু নহয়। আনহাতে তোমালোকে এইবোৰ ফলৰ দ্বাৰা ভাল বস্তুও তৈয়াৰ কৰা, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা, যেনেঃ শুকান খেজুৰ, কিচমিচ, ছিৰ্কা আৰু জুচ আদি। এইবোৰ বস্তুত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা আৰু অনুগ্ৰহৰ প্ৰমাণ আছে, যিসকলে বিবেক-বুদ্ধিৰ দ্বাৰা কাম লয়। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।

16:68Page 274

وَأَوۡحَىٰ رَبُّكَ إِلَى ٱلنَّحۡلِ أَنِ ٱتَّخِذِي مِنَ ٱلۡجِبَالِ بُيُوتٗا وَمِنَ ٱلشَّجَرِ وَمِمَّا يَعۡرِشُونَ ٦٨

And your Lord inspired to the bee, "Take for yourself among the mountains, houses [i.e., hives], and among the trees and [in] that which they construct.

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে মৌ-মাখিক শিকাইছে আৰু পথপ্ৰদৰ্শন কৰাই কৈছে যে, তোমালোকে পৰ্বতত ঘৰ বনোৱা, গছ-বৃক্ষত ঘৰ বনোৱা, লগতে মানুহৰ ঘৰ আৰু চাদতো বনোৱা।

16:69Page 274

ثُمَّ كُلِي مِن كُلِّ ٱلثَّمَرَٰتِ فَٱسۡلُكِي سُبُلَ رَبِّكِ ذُلُلٗاۚ يَخۡرُجُ مِنۢ بُطُونِهَا شَرَابٞ مُّخۡتَلِفٌ أَلۡوَٰنُهُۥ فِيهِ شِفَآءٞ لِّلنَّاسِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَتَفَكَّرُونَ ٦٩

Then eat from all the fruits1 and follow the ways of your Lord laid down [for you]." There emerges from their bellies a drink, varying in colors, in which there is healing for people. Indeed in that is a sign for a people who give thought.

তাৰ পিছত যিটো ইচ্ছা সেই ফল ভক্ষণ কৰা, আৰু তোমাৰ প্ৰতিপালকে দেখুৱাই দিয়া সৰল পথত পৰিচালিত হোৱা। সেইবোৰ মৌ-মাখিৰ পেটৰ পৰা বিভিন্ন ৰঙৰ মৌ ওলায়। কিছুমান শুভ্ৰ, আৰু কিছুমান হালধীয়া আৰু কিছুমান অন্যান্য ৰঙৰ। তাত আছে মানুহৰ বাবে শ্বিফা (আৰোগ্য)। ইয়াৰ দ্বাৰা বেমাৰৰ চিকিৎসা কৰা হয়। মৌ মাখিৰ প্ৰশিক্ষণৰ মাজত আৰু সিহঁতৰ পেটৰ পৰা ওলোৱা মৌৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ আৰু তেওঁৰ উত্তম ব্যৱস্থাপনাৰ প্ৰমাণ আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।

16:70Page 274

وَٱللَّهُ خَلَقَكُمۡ ثُمَّ يَتَوَفَّىٰكُمۡۚ وَمِنكُم مَّن يُرَدُّ إِلَىٰٓ أَرۡذَلِ ٱلۡعُمُرِ لِكَيۡ لَا يَعۡلَمَ بَعۡدَ عِلۡمٖ شَيۡـًٔاۚ إِنَّ ٱللَّهَ عَلِيمٞ قَدِيرٞ ٧٠

And Allāh created you; then He will take you in death. And among you is he who is reversed to the most decrepit [old] age so that he will not know, after [having had] knowledge, a thing. Indeed, Allāh is Knowing and Competent.

আল্লাহে তোমালোকক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তোমালোকৰ আয়ু সমাপ্ত হ'লে তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। আনহাতে তোমালোকৰ কিছুমানৰ বয়স বৃদ্ধি কৰি বেয়া অৱস্থাত উপনীত কৰায় অৰ্থাৎ বৃদ্ধাৱস্থাত, যাতে সি প্ৰথমে যি জানিছিল সেয়া জানিব নোৱাৰে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।

16:71Page 274

وَٱللَّهُ فَضَّلَ بَعۡضَكُمۡ عَلَىٰ بَعۡضٖ فِي ٱلرِّزۡقِۚ فَمَا ٱلَّذِينَ فُضِّلُواْ بِرَآدِّي رِزۡقِهِمۡ عَلَىٰ مَا مَلَكَتۡ أَيۡمَٰنُهُمۡ فَهُمۡ فِيهِ سَوَآءٌۚ أَفَبِنِعۡمَةِ ٱللَّهِ يَجۡحَدُونَ ٧١

And Allāh has favored some of you over others in provision. But those who were favored [i.e., given more] would not hand over their provision to those whom their right hands possess [i.e., slaves] so they would be equal to them therein.1 Then is it the favor of Allāh they reject?

আল্লাহে জীৱিকাৰ ক্ষেত্ৰত তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত প্ৰাধান্য দিছে। তোমালোকৰ কিছুমানক ধনী বনাইছে, আকৌ আন কিছুমানক দুখীয়া। কিছুমানক ৰজা বনাইছে, আকৌ আন কিছুমানক বনাইছে প্ৰজা। এতেকে আল্লাহে যাক ধন-সম্পত্তিত প্ৰাধান্য দিছে, সি কেতিয়াও নিজৰ ধন-সম্পত্তি নিজৰ দাসক অৰ্পন নকৰিব, কাৰণ ধন-সম্পত্তিৰ ক্ষেত্ৰত সিও যাতে তাৰ সমপৰ্যায় নাপায়গৈ। তেন্তে সিহঁতে কেনেকৈ আল্লাহৰ লগত অংশী স্থাপন কৰে, অথচ সিহঁতে নিজৰ ক্ষেত্ৰত এইটো অপছন্দ কৰে যে, তাৰ দাস যাতে তাৰ সমপৰ্যায় নাপায়। এইটো কেনেকুৱা অন্যায়? আল্লাহৰ নিয়ামত অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইয়াতকৈ ডাঙৰ পাপ আৰু কি হ’ব পাৰে?

16:72Page 274

وَٱللَّهُ جَعَلَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَٰجٗا وَجَعَلَ لَكُم مِّنۡ أَزۡوَٰجِكُم بَنِينَ وَحَفَدَةٗ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِۚ أَفَبِٱلۡبَٰطِلِ يُؤۡمِنُونَ وَبِنِعۡمَتِ ٱللَّهِ هُمۡ يَكۡفُرُونَ ٧٢

And Allāh has made for you from yourselves mates and has made for you from your mates sons and grandchildren and has provided for you from the good things. Then in falsehood do they believe and in the favor of Allāh they disbelieve?

হে মানৱজাতি! আল্লাহে তোমালোকৰ মাজৰ পৰাই তোমালোকৰ বাবে স্ত্ৰী বনাইছে, যিসকলৰ পৰা তোমালোকে প্ৰশান্তি লাভ কৰা। তোমালোকৰ স্ত্ৰীসকলৰ পৰা তোমালোকৰ বাবে সন্তান আৰু নাতি-নাতিনী বনাইছে। লগতে তোমালোকক প্ৰদান কৰিছে খাদ্য বস্তু, যেনেঃ মাংস, শস্য আৰু ফল-মূল। তথাপিও সিহঁতে অসত্য বস্তু যেনেঃ মূৰ্তি আৰু অসত্য উপাস্যবোৰৰ প্ৰতি বিশ্বাস স্থাপন কৰিবনে, আৰু সিহঁতে আল্লাহৰ সেই অসংখ্য নিয়ামতবোৰ অস্বীকাৰ কৰিব নেকি, যিবোৰ সিহঁতে গণনা কৰিও শেষ কৰিব নোৱাৰে, সিহঁতে এক আল্লাহৰ বিশ্বাস পোষণ কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে কিয়?

16:73Page 275

وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَمۡلِكُ لَهُمۡ رِزۡقٗا مِّنَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ شَيۡـٔٗا وَلَا يَسۡتَطِيعُونَ ٧٣

And they worship besides Allāh that which does not possess for them [the power of] provision from the heavens and the earth at all, and [in fact], they are unable.

এই মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ পূজা কৰে, যিবোৰে আকাশমণ্ডল তথা পৃথিৱীৰ পৰা সিহঁতক জীৱিকা প্ৰদান কৰিবলৈ সক্ষম নহয়। আৰু এয়া সিহঁতৰ অধীনতো নহয়। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ প্ৰাণো নাই, জ্ঞানো নাই।

16:74Page 275

فَلَا تَضۡرِبُواْ لِلَّهِ ٱلۡأَمۡثَالَۚ إِنَّ ٱللَّهَ يَعۡلَمُ وَأَنتُمۡ لَا تَعۡلَمُونَ ٧٤

So do not assert similarities to Allāh.1 Indeed, Allāh knows and you do not know.

এতেকে হে মানৱজাতি! তোমালোকে এই মূৰ্তিবোৰক আল্লাহৰ সমকক্ষ স্থিৰ নকৰিবা। যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আল্লাহৰ ইবাদতত অংশী হ'ব পৰা কোনো নাই। নিশ্চয় আল্লাহে জানে, তেওঁৰ মাজত কি কি প্ৰতাপ আৰু পৰিপূৰ্ণতাৰ বৈশিষ্ট্য আছে, যিবোৰ তোমালোকে নাজানা। সেই কাৰণেই তোমালোকে তেওঁৰ লগত অংশী স্থাপন কৰাৰ সাহস কৰা, আৰু তোমালোকৰ মূৰ্তিবোৰক তেওঁৰ সমকক্ষ বুলি দাবী কৰা।

16:75Page 275

۞ ضَرَبَ ٱللَّهُ مَثَلًا عَبۡدٗا مَّمۡلُوكٗا لَّا يَقۡدِرُ عَلَىٰ شَيۡءٖ وَمَن رَّزَقۡنَٰهُ مِنَّا رِزۡقًا حَسَنٗا فَهُوَ يُنفِقُ مِنۡهُ سِرّٗا وَجَهۡرًاۖ هَلۡ يَسۡتَوُۥنَۚ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٧٥

Allāh presents an example: a slave [who is] owned and unable to do a thing and he to whom We have provided from Us good provision, so he spends from it secretly and publicly. Can they be equal? Praise to Allāh! But most of them do not know.

আল্লাহে মুশ্বৰিকসকলৰ দাবী খণ্ডন কৰিবলৈ এটা উদাহৰণ দাঙি ধৰিছে। ধৰি লোৱা, এজন পৰাধীন দাস আছে, যাৰ হাতত কোনো অধিকাৰ নাই। ব্যয় কৰিবলৈও তাৰ হাতত একো নাই। আনহাতে এজন স্বাধীন ব্যক্তি আছে, যাক আমি প্ৰচুৰ পৰিমাণে বৈধ সম্পদ প্ৰদান কৰিছো, সি নিজ ইচ্ছা মতে ব্যয় কৰিব পাৰে। প্ৰকাশ্য, অপ্ৰকাশ্য যি ধৰণে ইচ্ছা কৰে ব্যয় কৰে। এই দুয়োজন ব্যক্তি তুলনামূলকভাৱে কেতিয়াও সমান হ'ব নোৱাৰে। তেন্তে তোমালোকে আল্লাহক, যাৰ হাতত নিজ ইচ্ছা মতে ব্যয় কৰাৰ ক্ষমতা আছে, সেই মূৰ্তিবোৰৰ লগত কিয় তুলনা কৰা যিবোৰ স্বয়ং বিৱশ? সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কেৱল তেৱেঁই প্ৰশংসাৰ অধিকাৰী। কিন্তু অধিকাংশ মুশ্বৰিকে এই সত্য সম্পৰ্কে অৱগত নহয় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ হকদাৰ, আৰু কেৱল তেওঁৰেই ইবাদত কৰা উচিত।

16:76Page 275

وَضَرَبَ ٱللَّهُ مَثَلٗا رَّجُلَيۡنِ أَحَدُهُمَآ أَبۡكَمُ لَا يَقۡدِرُ عَلَىٰ شَيۡءٖ وَهُوَ كَلٌّ عَلَىٰ مَوۡلَىٰهُ أَيۡنَمَا يُوَجِّههُّ لَا يَأۡتِ بِخَيۡرٍ هَلۡ يَسۡتَوِي هُوَ وَمَن يَأۡمُرُ بِٱلۡعَدۡلِ وَهُوَ عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٧٦

And Allāh presents an example of two men, one of them dumb and unable to do a thing, while he is a burden to his guardian. Wherever he directs him, he brings no good. Is he equal to one who commands justice, while he is on a straight path?

সিহঁতৰ দাবী খণ্ডন কৰিবলৈ আল্লাহে আৰু এটা উদাহৰণ দাঙি ধৰিছেঃ দুজন ব্যক্তি আছে। তাৰে এজন হৈছে বোবা, কথা ক’ব নোৱাৰে, শুনিবও নোৱাৰে আৰু বুজিবও নোৱাৰে। এনেকুৱা বিৱশ যিয়ে নিজৰো উপকাৰ কৰিব নোৱাৰে আৰু আনৰো উপকাৰ সাধিব নোৱাৰে। সি নিজৰ অভিভাৱকৰ ওপৰত এটা ডাঙৰ বোজাস্বৰূপ। তাক য’তেই প্ৰেৰণ কৰা নহওঁক কিয়, সি কেতিয়াও কল্যাণ কঢ়িয়াই আনিব নোৱাৰে। (এতিয়া কোৱা) এনেকুৱা এজন ব্যক্তি, সেই ব্যক্তিৰ দৰে হ’ব পাৰে নেকি, যিয়ে ভালদৰে শুনিব পাৰে, ভালদৰে কথা ক’ব পাৰে, আনকি আনকো উপকাৰ কৰিব পাৰে, মানুহক ন্যায়ৰ আদেশ দিয়ে, নিজেও সঠিক পথত পৰিচালিত, যি পথত কোনো ধৰণৰ সন্দেহ নাই আৰু বক্ৰতাও নাই? হে মুশ্বৰিকসকল! তোমালোকে আল্লাহক (যিজন প্ৰতাপ আৰু সকলো প্ৰকাৰ পৰিপূৰ্ণ গুণাৱলীৰ অধিকাৰী সত্ত্বাক) কেনেকৈ সেইবোৰ মূৰ্তিৰ লগত তুলনা কৰা, যিবোৰে একোৱে শুনিব নোৱাৰে আৰু কথাও ক’ব নোৱাৰে, আনকি উপকাৰো কৰিব নোৱাৰে আৰু বিপদ-আপদো দূৰ কৰিব নোৱাৰে?

16:77Page 275

وَلِلَّهِ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَمَآ أَمۡرُ ٱلسَّاعَةِ إِلَّا كَلَمۡحِ ٱلۡبَصَرِ أَوۡ هُوَ أَقۡرَبُۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٧٧

And to Allāh belongs the unseen [aspects] of the heavens and the earth. And the command for the Hour is not but as a glance of the eye or even nearer. Indeed, Allāh is over all things competent.

আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন তথ্যৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত আছে। এই জ্ঞান কেৱল তেওঁৰ বাবে নিৰ্দিষ্ট, তেওঁৰ কোনো সৃষ্টিয়েই এই বিষয়ে অৱগত নহয়। কিয়ামত সংঘটিত হোৱাৰ সঠিক সময়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। ই ইমান ক্ষীপ্ৰতাৰে সংঘটিত হ'ব যিমান সময় পলক বন্ধ কৰোঁতে আৰু খোলোতে লাগে। বৰং ইয়াতকৈও নিকটৱৰ্তী। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যেতিয়া কোনো বস্তুক অস্তিত্ব প্ৰদান কৰিব বিচাৰে তেতিয়া কেৱল কয়ঃ “হ” তৎক্ষণাত সেইটো হৈ যায়।

16:78Page 275

وَٱللَّهُ أَخۡرَجَكُم مِّنۢ بُطُونِ أُمَّهَٰتِكُمۡ لَا تَعۡلَمُونَ شَيۡـٔٗا وَجَعَلَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَٱلۡأَفۡـِٔدَةَ لَعَلَّكُمۡ تَشۡكُرُونَ ٧٨

And Allāh has extracted you from the wombs of your mothers not knowing a thing, and He made for you hearing and vision and hearts [i.e., intellect] that perhaps you would be grateful.

হে মানৱজাতি! আল্লাহে তোমালোকক তোমালোকৰ মাতৃ গৰ্ভৰ পৰা, গৰ্ভৰ সময় শেষ হোৱাৰ পিছত শিশুৰূপে ভূমিষ্ট কৰাইছে, তোমালোকে একোৱে জনা নাছিলা। তোমালোকক কাণ দিছে, যাতে শুনিব পাৰা; চকু দিছে, যাতে দেখিব পাৰা; আৰু হৃদয় দিছে, যাতে বুজিব পাৰা। এইবোৰ দিয়াৰ উদ্দেশ্য হৈছে, যাতে তোমালোকে উক্ত নিয়ামতবোৰৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

16:79Page 275

أَلَمۡ يَرَوۡاْ إِلَى ٱلطَّيۡرِ مُسَخَّرَٰتٖ فِي جَوِّ ٱلسَّمَآءِ مَا يُمۡسِكُهُنَّ إِلَّا ٱللَّهُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ ٧٩

Do they not see the birds controlled in the atmosphere of the sky? None holds them up except Allāh. Indeed in that are signs for a people who believe.

মুশ্বৰিকসকলে চৰাই-চিৰকটিক দেখা নাপায় নেকি যে, আল্লাহে সেইবোৰক পাখি প্ৰদান কৰি আৰু বায়ুৰ ভৰ হ্ৰাস কৰি তথা পাখি প্ৰসাৰ কৰা আৰু গুটাই লোৱাৰ শিক্ষা প্ৰদান কৰি কেনেকৈ উৰি ফুৰাৰ যোগ্য বনাইছে? শূন্যত সেইবোৰক কেৱল ক্ষমতাৱান আল্লাহেই ধৰি ৰাখে। নিশ্চয় এই উৰাৰ প্ৰশিক্ষণ আৰু মাটিত পৰি যোৱাৰ পৰা ৰক্ষা কৰাৰ মাজত সেইসকল লোকৰ বাবে প্ৰমাণ আছে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই এইবোৰ শিক্ষা আৰু প্ৰমাণৰ দ্বাৰা উপকৃত হয়।

16:80Page 276

وَٱللَّهُ جَعَلَ لَكُم مِّنۢ بُيُوتِكُمۡ سَكَنٗا وَجَعَلَ لَكُم مِّن جُلُودِ ٱلۡأَنۡعَٰمِ بُيُوتٗا تَسۡتَخِفُّونَهَا يَوۡمَ ظَعۡنِكُمۡ وَيَوۡمَ إِقَامَتِكُمۡ وَمِنۡ أَصۡوَافِهَا وَأَوۡبَارِهَا وَأَشۡعَارِهَآ أَثَٰثٗا وَمَتَٰعًا إِلَىٰ حِينٖ ٨٠

And Allāh has made for you from your homes a place of rest and made for you from the hides of the animals tents which you find light on your day of travel and your day of encampment; and from their wool, fur and hair is furnishing and enjoyment [i.e., provision] for a time.

তোমালোকে শিল তথা অন্যান্য বস্তু আদিৰে নিৰ্মাণ কৰা তোমালোকৰ ঘৰসমূহক আল্লাহেই থকাৰ বাবে শান্তিস্থল বনাইছে। উট, গৰু আৰু ছাগলীৰ চামৰাৰে নিৰ্মিত শিবিৰ বনাইছে, যিবোৰ তোমালোকে ভ্ৰমণত তথা অন্যান্য স্থলত অতি সহজেই কঢ়িয়াই লৈ যাব পাৰা। ক’ৰবাত অৱস্থান কৰিলে অতি সহজেই তম্বু সাজিব পাৰা। লগতে ছাগলী, উট আৰু ভেড়াৰ ঊণেৰে তোমালোকৰ বাবে বনাইছে ঘৰোৱা সামগ্ৰী, ঊণী কাপোৰ, চাদৰ আদি। যিবোৰৰ দ্বাৰা তোমালোকে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ'ব পাৰা।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском