Al-Mukhtasar · Tafsir · in Assamese
Al-Kahf 18:38–79
18:38Page 298
لَّٰكِنَّا۠ هُوَ ٱللَّهُ رَبِّي وَلَآ أُشۡرِكُ بِرَبِّيٓ أَحَدٗا ٣٨
But as for me, He is Allāh, my Lord, and I do not associate with my Lord anyone.
কিন্তু মই তোমাৰ দৰে কেতিয়াও নকওঁ। বৰং মই কওঁ যে, পৱিত্ৰ আল্লাহ তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই আমাক বিভিন্ন নিয়ামত প্ৰদান কৰি উপকাৰ কৰিছে। তেওঁৰ ইবাদতত মই কাকো অংশীদাৰ নকৰোঁ।
18:39Page 298
وَلَوۡلَآ إِذۡ دَخَلۡتَ جَنَّتَكَ قُلۡتَ مَا شَآءَ ٱللَّهُ لَا قُوَّةَ إِلَّا بِٱللَّهِۚ إِن تَرَنِ أَنَا۠ أَقَلَّ مِنكَ مَالٗا وَوَلَدٗا ٣٩
And why did you, when you entered your garden, not say, 'What Allāh willed [has occurred]; there is no power except in Allāh'? Although you see me less than you in wealth and children,
বাগানত প্ৰৱেশ কৰাৰ সময়ত তুমি এই কথা কিয় কোৱা নাছিলা যে, আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে হয়। আল্লাহৰ বাহিৰে আন কাৰো কোনো শক্তি নাই। তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁ মহাশক্তিশালী। যদি তুমি মোক তোমাতকৈ দৰিদ্ৰ আৰু কম সন্তান-সন্ততিৰ অধিকাৰী বুলি ভাৱি আছা-
18:40Page 298
فَعَسَىٰ رَبِّيٓ أَن يُؤۡتِيَنِ خَيۡرٗا مِّن جَنَّتِكَ وَيُرۡسِلَ عَلَيۡهَا حُسۡبَانٗا مِّنَ ٱلسَّمَآءِ فَتُصۡبِحَ صَعِيدٗا زَلَقًا ٤٠
It may be that my Lord will give me [something] better than your garden and will send upon it a [disastrous] penalty from the sky, and it will become a smooth, dusty ground,
তেন্তে শুনা, আল্লাহে মোক তোমাৰ বাগানতকৈ উত্তম বস্তু দান কৰিব পাৰে, আনহাতে মই আশংকা কৰোঁ তোমাৰ বাগানত আল্লাহে আকাশৰ পৰা কোনো শাস্তি প্ৰেৰণ কৰিব পাৰে। তেনেকুৱা হ'লে তোমাৰ বাগান এনেকুৱা ভূমিত পৰিণত হ'ব, য'ত কোনো গছ-গছনি নাথাকিব আৰু খোজকাঁঢ়িলে ভৰি পিচল খাব।
18:41Page 298
أَوۡ يُصۡبِحَ مَآؤُهَا غَوۡرٗا فَلَن تَسۡتَطِيعَ لَهُۥ طَلَبٗا ٤١
Or its water will become sunken [into the earth], so you would never be able to seek it."
অথবা ইয়াৰ পানী ইমান গভিৰলৈ গুচি যাব যে, তুমি কোনো উপায়েৰেই সেই পানী সংগ্ৰহ কৰিব নোৱাৰিবা। এতেকে যদি পানী গভিৰলৈ গুচি যায় তেন্তে এই বাগান জীৱিত ৰখা অসম্ভৱ।
18:42Page 298
وَأُحِيطَ بِثَمَرِهِۦ فَأَصۡبَحَ يُقَلِّبُ كَفَّيۡهِ عَلَىٰ مَآ أَنفَقَ فِيهَا وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَيَقُولُ يَٰلَيۡتَنِي لَمۡ أُشۡرِكۡ بِرَبِّيٓ أَحَدٗا ٤٢
And his fruits were encompassed [by ruin], so he began to turn his hands about [in dismay] over what he had spent on it, while it had collapsed upon its trellises, and said, "Oh, I wish I had not associated with my Lord anyone."1
মুমিন ব্যক্তিজনে আশংকা কৰাটোৱে অৱশেষত সংঘটিত হ'ল। ফলত সেই কাফিৰৰ ফলৰ বাগানক বিনাশে আৱৰি ধৰিলে। ইপিনে কাফিৰ ব্যক্তিজনে তেওঁৰ বাগানক ৰক্ষাবেক্ষণ আৰু বিকাশৰ বাবে যি সম্পদ ব্যয় কৰিছিল তাৰ প্ৰতি পৰিতাপ কৰি মূৰে কপালে হাত দিলে। বাগানৰ গছ-গছনি আঙুৰৰ লতা পাৰি দিয়া চাঙৰ ওপৰত বাগৰি পৰিছিল। সি ক'বলৈ ধৰিলেঃ হায়! মই যদি এককভাৱে মোৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন, আৰু ইবাদতৰ ক্ষেত্ৰত তেওঁৰ লগত যদি কাকো অংশীদাৰ স্থাপন নকৰিলোহেঁতেন।
18:43Page 298
وَلَمۡ تَكُن لَّهُۥ فِئَةٞ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مُنتَصِرًا ٤٣
And there was for him no company to aid him other than Allāh, nor could he defend himself.
সেই কাফিৰৰ এনেকুৱা কোনো জনবল নাছিল, যিয়ে তাক এই শাস্তিৰ পৰা ৰক্ষা কৰিলেহেঁতেন। যদিও সি নিজৰ জনবলকলৈ অহংকাৰ কৰিছিল। আনকি সি নিজেও আল্লাহৰ এই বিনাশৰ পৰা নিজৰ বাগানক ৰক্ষা কৰিব নোৱাৰিলে।
18:44Page 298
هُنَالِكَ ٱلۡوَلَٰيَةُ لِلَّهِ ٱلۡحَقِّۚ هُوَ خَيۡرٞ ثَوَابٗا وَخَيۡرٌ عُقۡبٗا ٤٤
There1 the authority is [completely] for Allāh, the Truth. He is best in reward and best in outcome.
সেই স্থানত সহায় কেৱল আল্লাহেই কৰিব পাৰিলেহেঁতেন। পৱিত্ৰ মহান আল্লাহ তেৱেঁই মুমিনসকলক উত্তম প্ৰতিদান দিয়ে। কাৰণ তেৱেঁই তেওঁলোকক কেইবাগুণ বৃদ্ধি কৰি ছোৱাব প্ৰদান কৰিব, আৰু তেৱেঁই তেওঁলোকৰ পৰিণাম উত্তম বনাই দিব।
18:45Page 298
وَٱضۡرِبۡ لَهُم مَّثَلَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَآءٍ أَنزَلۡنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخۡتَلَطَ بِهِۦ نَبَاتُ ٱلۡأَرۡضِ فَأَصۡبَحَ هَشِيمٗا تَذۡرُوهُ ٱلرِّيَٰحُۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ مُّقۡتَدِرًا ٤٥
And present to them the example of the life of this world, [its being] like rain which We send down from the sky, and the vegetation of the earth mingles with it1 and [then] it becomes dry remnants, scattered by the winds. And Allāh is ever, over all things, Perfect in Ability.
হে ৰাছুল! পৃথিৱীৰ মোহত পৰি থকা লোকসকলক এটা উদাহৰণ দিয়ক। পৃথিৱীৰ ধ্বংস আৰু ইয়াৰ সোনকালে সমাপ্ত হোৱাৰ উদাহৰণ হৈছে আকাশৰ পৰা অৱতীৰ্ণ বৰষুণৰ দৰে। বৰষুণৰ সেই পানীৰ দ্বাৰাই পৃথিৱীৰ উদ্ভিদ জন্মে আৰু বিভিন্ন প্ৰকাৰৰ ফল-মূল উৎপন্ন হয়। অৱশেষত এটা সময়ত সেই গছ-গছনি শুকাই খৰিত পৰিণত হয়। বতাহে সেইবোৰ গছৰ ডাল পাত বিভিন্ন ঠাইত উৰুৱাই লৈ যায়। এনেকুৱা এটা সময় আহি পৰে যে, ভূমি আকৌ আগৰ দৰে হৈ যায়, যিদৰে উদ্ভিদ গজালি মেলাৰ পূৰ্বে আছিল। আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। তেওঁক একোৱেই বিৱশ কৰিব নোৱাৰে। তেওঁ যাক ইচ্ছা কৰে জীৱন দান কৰে আৰু যাক ইচ্ছা কৰে ধ্বংস কৰে।
18:46Page 299
ٱلۡمَالُ وَٱلۡبَنُونَ زِينَةُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَٱلۡبَٰقِيَٰتُ ٱلصَّٰلِحَٰتُ خَيۡرٌ عِندَ رَبِّكَ ثَوَابٗا وَخَيۡرٌ أَمَلٗا ٤٦
Wealth and children are [but] adornment of the worldly life. But the enduring good deeds are better to your Lord1 for reward and better for [one's] hope.
ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য। আখিৰাতত ধন-সম্পদৰ উপকাৰ সেই অনুপাতেই হ'ব যি অনুপাতে সি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে ব্যয় কৰিছে। সন্তুষ্টিমূলক কথা আৰু কৰ্ম আল্লাহৰ দৃষ্টিত পাৰ্থিৱ জীৱনৰ সকলো সৌন্দৰ্যতকৈ উত্তম। সেইটো অতি উত্তম, যিটো মানুহে কামনা কৰে। কিয়নো পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য হৈছে ধ্বংসশীল, আনহাতে আল্লাহক সন্তুষ্ট কৰিব পৰা কথা কৰ্মৰ ছোৱাব হৈছে চিৰস্থায়ী।
18:47Page 299
وَيَوۡمَ نُسَيِّرُ ٱلۡجِبَالَ وَتَرَى ٱلۡأَرۡضَ بَارِزَةٗ وَحَشَرۡنَٰهُمۡ فَلَمۡ نُغَادِرۡ مِنۡهُمۡ أَحَدٗا ٤٧
And [warn of] the Day when We will remove the mountains and you will see the earth exposed,1 and We will gather them and not leave behind from them anyone.
সেই দিনটোক স্মৰণ কৰা যেতিয়া আমি পৰ্বতবোৰক স্থানান্তৰ কৰিম। তেতিয়া তুমি পৃথিৱীখনক সমতল খালি ভূমি দেখিবলৈ পাবা, তাত কোনো পৰ্বত নাথাকিব, কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰো নাথাকিব। আৰু সকলো সৃষ্টিকে একত্ৰিত কৰিম, কোনো প্ৰাণীকেই পুনৰুত্থিত নকৰাকৈ এৰি দিয়া নহ'ব।
18:48Page 299
وَعُرِضُواْ عَلَىٰ رَبِّكَ صَفّٗا لَّقَدۡ جِئۡتُمُونَا كَمَا خَلَقۡنَٰكُمۡ أَوَّلَ مَرَّةِۭۚ بَلۡ زَعَمۡتُمۡ أَلَّن نَّجۡعَلَ لَكُم مَّوۡعِدٗا ٤٨
And they will be presented before your Lord in rows, [and He will say], "You have certainly come to Us just as We created you the first time. But you claimed that We would never make for you an appointment."
মানুহক আপোনাৰ প্ৰতিপালকৰ সন্মুখত শাৰী শাৰীকৈ থিয় কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব। সিহঁতক কোৱা হ'বঃ নিশ্চয় তোমালোকে মোৰ ওচৰলৈ অকলেই আহিছা, খালি ভৰি, বস্ত্ৰহীন আৰু খাতনাহীনভাৱে যেনেকৈ আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ। কিন্তু তোমালোকে দেখোন ধাৰণা কৰিছিলা যে, তোমালোকক কেতিয়াও পুনৰুত্থিত কৰা নহ'ব, আৰু আমি তোমালোকৰ বাবে কোনো সময় আৰু স্থান নিৰ্ধাৰিত নকৰিম য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।
18:49Page 299
وَوُضِعَ ٱلۡكِتَٰبُ فَتَرَى ٱلۡمُجۡرِمِينَ مُشۡفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَٰوَيۡلَتَنَا مَالِ هَٰذَا ٱلۡكِتَٰبِ لَا يُغَادِرُ صَغِيرَةٗ وَلَا كَبِيرَةً إِلَّآ أَحۡصَىٰهَاۚ وَوَجَدُواْ مَا عَمِلُواْ حَاضِرٗاۗ وَلَا يَظۡلِمُ رَبُّكَ أَحَدٗا ٤٩
And the record [of deeds] will be placed [open], and you will see the criminals fearful of that within it, and they will say, "Oh, woe to us! What is this book that leaves nothing small or great except that it has enumerated it?" And they will find what they did present [before them]. And your Lord does injustice to no one.
কৰ্মপুথি সন্মুখত ৰখা হ'ব। কিছুমানে নিজৰ কৰ্মপুথি সোঁহাতত ধাৰণ কৰিব আৰু কিছুমানে বাওঁ হাতত। হে মানৱ! তুমি কাফিৰসকলক ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা, কাৰণ সিহঁতে ভালদৰেই জানে যে, সিহঁতে পৃথিৱীত কি কি গুনাহৰ কাম আৰু কুফৰী কৰি আহিছে। সিহঁতে ক'বঃ হায়! আমাৰ ধ্বংস আৰু হায় আমাৰ বিপদ! এইখন কেনেকুৱা পুথি য’ত আমাৰ সৰু বৰ সকলো কৰ্ম সংৰক্ষিত আৰু গণনা কৰি ৰখা হৈছে। সিহঁতে পাৰ্থিৱ জীৱনত কৰা সকলো গুনাহ সেই পুথিত লিপিবদ্ধ পাব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো নিৰ্দোষী ব্যক্তিক দোষী সাব্যস্ত কৰি অথবা কোনো পূণ্যৱান ব্যক্তিৰ ছোৱাব হ্ৰাস কৰি অন্যায় নকৰিব।
18:50Page 299
وَإِذۡ قُلۡنَا لِلۡمَلَٰٓئِكَةِ ٱسۡجُدُواْ لِأٓدَمَ فَسَجَدُوٓاْ إِلَّآ إِبۡلِيسَ كَانَ مِنَ ٱلۡجِنِّ فَفَسَقَ عَنۡ أَمۡرِ رَبِّهِۦٓۗ أَفَتَتَّخِذُونَهُۥ وَذُرِّيَّتَهُۥٓ أَوۡلِيَآءَ مِن دُونِي وَهُمۡ لَكُمۡ عَدُوُّۢۚ بِئۡسَ لِلظَّٰلِمِينَ بَدَلٗا ٥٠
And [mention] when We said to the angels, "Prostrate to Adam," and they prostrated, except for Iblees. He was of the jinn and departed from [i.e., disobeyed] the command of his Lord. Then will you take him and his descendants as allies other than Me while they are enemies to you? Wretched it is for the wrongdoers as an exchange.
স্মৰণ কৰক সেই সময়ক যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ তোমালোকে আদমক অভিবাদনমূলক ছাজদাহ কৰাঁ। তেতিয়া নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁলোক সকলোৱে ছাজদাহ কৰিছিল, কিন্তু ইবলিছে কৰা নাছিল। সি ফিৰিস্তা নাছিল বৰং জ্বিন আছিল। সি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। এইদৰে সি নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গ'ল। হে মানৱজাতি! এতিয়া তোমালোকে মোক এৰি ইয়াক আৰু ইয়াৰ সন্তান-সন্ততিক মিত্ৰ বনাই লবা নেকি, অথচ সি তোমালোকৰ শত্ৰু। কেনেকৈ তোমালোকে নিজৰ ঘোৰ শত্ৰুক বন্ধু বনাই লব বিচৰা? দৰাচলতে এই অন্যায়কাৰীসকলৰ কৃতকৰ্ম অতিকৈ জঘন্য, যিসকলে আল্লাহৰ পৰিবৰ্তে চয়তানক নিজৰ অভিভাৱক মানি লৈছে।
18:51Page 299
۞ مَّآ أَشۡهَدتُّهُمۡ خَلۡقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَا خَلۡقَ أَنفُسِهِمۡ وَمَا كُنتُ مُتَّخِذَ ٱلۡمُضِلِّينَ عَضُدٗا ٥١
I did not make them witness to the creation of the heavens and the earth or to the creation of themselves, and I would not have taken the misguiders as assistants.
মোক এৰি তোমালোকে যিসকলক অভিভাৱক বনাই লৈছা, সেইসকল তোমালোকৰ দৰেই একো একোজন বান্দা। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী ৰখা নাছিলোঁ। বৰং সেই সময়ত সিহঁতৰ অস্তিত্বই নাছিল। এয়াও নহয় যে, মই সিহঁতৰ মাজৰ কিছুমানক সৃষ্টি কৰাৰ সময়ত আন কিছুমান সাক্ষী কৰিছিলোঁ। পৰিচালনা আৰু সৃষ্টিৰ ক্ষেত্ৰত মই একক। জ্বিন আৰু মানৱ চয়তানৰ বিভ্ৰান্ত লোকসকলক মই কেতিয়াও সহায়ক হিচাপে গ্ৰহণ কৰা নাছিলোঁ। কিয়নো নিশ্চিতভাৱে মই অমুখাপেক্ষী, মোক কোনো সহায়ৰ প্ৰয়োজন নাই।
18:52Page 299
وَيَوۡمَ يَقُولُ نَادُواْ شُرَكَآءِيَ ٱلَّذِينَ زَعَمۡتُمۡ فَدَعَوۡهُمۡ فَلَمۡ يَسۡتَجِيبُواْ لَهُمۡ وَجَعَلۡنَا بَيۡنَهُم مَّوۡبِقٗا ٥٢
And [warn of] the Day when He will say, "Call My 'partners' whom you claimed," and they will invoke them, but they will not respond to them. And We will put between them [a valley of] destruction.
হে ৰাছুল! সিহঁতৰ সন্মুখত কিয়ামত দিৱসৰ চৰ্চা কৰক, যিদিনা আল্লাহে পৃথিৱীত শ্বিৰ্ক কৰা লোকসকলক উদ্দেশ্যি ক'বঃ সেইবোৰ উপাস্যক মাতি আনা যিবোৰক তোমালোকে মোৰ সমকক্ষ বুলি ধাৰণা কৰিছিলা, সম্ভৱতঃ সিহঁতে তোমালোকক কিবা সহায় কৰিব পাৰিব। এই শুনি সিহঁতে আহ্বান কৰিব, কিন্তু সিহঁতৰ আহ্বানত কোনো সঁহাৰি নাপাব আৰু সহায়ও নকৰিব। এতেকে আমি পূজাৰী আৰু উপাস্য উভয়ৰ মাজতে এখন বিনাশস্থল বনাই দিম, য’ত সিহঁতে শাস্তি ভোগ কৰিব। সেয়া হৈছে জাহান্নাম।
18:53Page 299
وَرَءَا ٱلۡمُجۡرِمُونَ ٱلنَّارَ فَظَنُّوٓاْ أَنَّهُم مُّوَاقِعُوهَا وَلَمۡ يَجِدُواْ عَنۡهَا مَصۡرِفٗا ٥٣
And the criminals will see the Fire and will be certain that they are to fall therein. And they will not find from it a way elsewhere.
মুশ্বৰিকসকল নিজ চকুৰে যেতিয়া জাহান্নাম প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতৰ পূৰ্ণ বিশ্বাস হ'ব যে, এতিয়া সিহঁত সেই জাহান্নামৰ অগ্নিত নিক্ষিপ্ত হ'ব। তেতিয়া সিহঁতে পলায়ন কৰিবলৈ কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।
18:54Page 300
وَلَقَدۡ صَرَّفۡنَا فِي هَٰذَا ٱلۡقُرۡءَانِ لِلنَّاسِ مِن كُلِّ مَثَلٖۚ وَكَانَ ٱلۡإِنسَٰنُ أَكۡثَرَ شَيۡءٖ جَدَلٗا ٥٤
And We have certainly diversified in this Qur’ān for the people from every [kind of] example; but man has ever been, most of anything, [prone to] dispute.
নিশ্চয় মুহাম্মদৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত আমি সকলো প্ৰকাৰৰ উদাহৰণ স্পষ্টভাৱে তথা বিভিন্নৰূপত বৰ্ণনা কৰিছোঁ। যাতে মানুহে স্মৰণ কৰে আৰু শিক্ষা লাভ কৰে। কিন্তু মানুহৰ ফালৰ পৰা যিটো বিষয় আটাইতকৈ বেছি প্ৰকাশ পায় (বিশেষকৈ কাফিৰসকলৰ ফালৰ পৰা) সেয়া হৈছে অযথা বাক-বিতণ্ডা।
18:55Page 300
وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤۡمِنُوٓاْ إِذۡ جَآءَهُمُ ٱلۡهُدَىٰ وَيَسۡتَغۡفِرُواْ رَبَّهُمۡ إِلَّآ أَن تَأۡتِيَهُمۡ سُنَّةُ ٱلۡأَوَّلِينَ أَوۡ يَأۡتِيَهُمُ ٱلۡعَذَابُ قُبُلٗا ٥٥
And nothing has prevented the people from believing when guidance came to them and from asking forgiveness of their Lord except that there [must] befall them the [accustomed] precedent of the former peoples1 or that the punishment should come [directly] before them.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু স্বৈৰাচাৰী কাফিৰসকলৰ মাজত তথা আল্লাহৰ ওচৰত নিজৰ গুনাহৰ ক্ষমা প্ৰাৰ্থনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অস্পষ্ট বৰ্ণনাই বাধা প্ৰদান কৰা নাই। কিয়নো নিশ্চিতভাৱে কোৰআনত সিহঁতৰ বাবে উদাহৰণ দাঙি ধৰা হৈছে। তথা সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। বৰং বাধা প্ৰদান কৰিছে সিহঁতৰ স্বৈৰাচাৰী স্বভাৱে আৰু সিহঁতৰ এই দাবীয়ে যে, সিহঁতৰ ওপৰতো বিগত সম্প্ৰদায়ৰ ওপৰত অহা শাস্তি আহিব লাগে। যাতে সিহঁতে সেই শাস্তিক নিজ চকুৰে চাব পাৰে যিটোৰ জৰিয়তে সিহঁতক ভয় দেখুৱা হৈছে।
18:56Page 300
وَمَا نُرۡسِلُ ٱلۡمُرۡسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَۚ وَيُجَٰدِلُ ٱلَّذِينَ كَفَرُواْ بِٱلۡبَٰطِلِ لِيُدۡحِضُواْ بِهِ ٱلۡحَقَّۖ وَٱتَّخَذُوٓاْ ءَايَٰتِي وَمَآ أُنذِرُواْ هُزُوٗا ٥٦
And We send not the messengers except as bringers of good tidings and warners. And those who disbelieve dispute by [using] falsehood to [attempt to] invalidate thereby the truth and have taken My verses, and that of which they are warned, in ridicule.
আমি যেতিয়াই কোনো ৰাছুল প্ৰেৰণ কৰোঁ, তেওঁক মুমিনসকলৰ বাবে আৰু আনুগত্যকাৰীসকলৰ বাবে সুসংবাদবাহক হিচাপে প্ৰেৰণ কৰোঁ, লগতে কাফিৰ আৰু পাপিষ্ঠসকলক ভয় দেখুৱাবলৈ প্ৰেৰণ কৰোঁ। সিহঁতক হিদায়ত দিবলৈ সেই ৰাছুলৰ কোনো ক্ষমতা নাথাকে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী কাফিৰসকলে স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো কাজিয়াত লিপ্ত হয়। যাতে সিহঁতৰ অসত্য তথ্যৰ জৰিয়তে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ সত্যক মোহাৰি পেলাব পাৰে। সিহঁতে কোৰআনক আৰু সিহঁতক ভয় দেখুৱা শাস্তিক উপহাসৰ পাত্ৰ বনাই লৈছে।
18:57Page 300
وَمَنۡ أَظۡلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ فَأَعۡرَضَ عَنۡهَا وَنَسِيَ مَا قَدَّمَتۡ يَدَاهُۚ إِنَّا جَعَلۡنَا عَلَىٰ قُلُوبِهِمۡ أَكِنَّةً أَن يَفۡقَهُوهُ وَفِيٓ ءَاذَانِهِمۡ وَقۡرٗاۖ وَإِن تَدۡعُهُمۡ إِلَى ٱلۡهُدَىٰ فَلَن يَهۡتَدُوٓاْ إِذًا أَبَدٗا ٥٧
And who is more unjust than one who is reminded of the verses of his Lord but turns away from them and forgets what his hands have put forth? Indeed, We have placed over their hearts coverings, lest they understand it, and in their ears deafness. And if you invite them to guidance - they will never be guided, then - ever.
সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক নিজ প্ৰতিপালকৰ আয়াতৰ দ্বাৰা বুজোৱাৰ পিছতো সি শাস্তিক ভ্ৰূক্ষেপ নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। পাৰ্থিৱ জীৱনত কৰা কুফৰী আৰু গুনাহক পাহৰি যায় তথা সেইবোৰৰ পৰা তাওবাও নকৰে। এনেকুৱা স্বভাৱৰ লোকৰ অন্তৰত আমি পৰ্দা আঁৰি দিছো, ফলত সিহঁতে কোৰআন বুজিব নোৱাৰে। লগতে সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিছো, ফলত সিহঁতে স্বীকাৰ কৰাৰ বাবে শুনিব নোৱাৰে। এতেকে আপুনি যদি সিহঁতক ঈমানৰ ফালে আহ্বান কৰে তেন্তে সিহঁতে তেতিয়ালৈকে এই আহ্বানত সঁহাৰি দিব নোৱাৰিব যেতিয়ালৈকে সিহঁতৰ অন্তৰত পৰ্দা থাকিব আৰু সিহঁতৰ কাণত গধূৰতা থাকিব।
18:58Page 300
وَرَبُّكَ ٱلۡغَفُورُ ذُو ٱلرَّحۡمَةِۖ لَوۡ يُؤَاخِذُهُم بِمَا كَسَبُواْ لَعَجَّلَ لَهُمُ ٱلۡعَذَابَۚ بَل لَّهُم مَّوۡعِدٞ لَّن يَجِدُواْ مِن دُونِهِۦ مَوۡئِلٗا ٥٨
And your Lord is the Forgiving, the possessor of mercy. If He were to impose blame upon them for what they earned, He would have hastened for them the punishment. Rather, for them is an appointment from which they will never find an escape.
যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰকাৰীসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, সেইকাৰণে আল্লাহে কৈছেঃ হে ৰাছুল! আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁ অতি দয়ালু, তেওঁৰ দয়া প্ৰত্যেক বস্তুকে আৱৰি আছে। এইটোও তেওঁৰ দয়া যে, তেওঁ পাপিষ্ঠসকলক অৱকাশ দিয়ে যাতে সিহঁতে তাওবা কৰে। যদি আল্লাহে এই অৱজ্ঞাকাৰীসকলক শাস্তি দিব বিচাৰিলেহেঁতেন তেন্তে অৱশ্যে এই পৃথিৱীতেই সিহঁতক শাস্তি প্ৰদান কৰিলেহেঁতেন। কিন্তু তেওঁ অতি সহনশীল তথা দয়ালু। তেওঁ সিহঁতৰ পৰা শাস্তিক পিচুৱাই দিছে যাতে সিহঁতে তাওবা কৰে। বৰং সিহঁতৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছে, য’ত সিহঁতক কুফৰী আৰু অৱজ্ঞাৰ শাস্তি দিয়া হ’ব, যদি সিহঁতে তাওবা নকৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সুৰক্ষা প্ৰদানকাৰী নাই, য’ত সিহঁতে আশ্ৰয় লব পাৰিব।
18:59Page 300
وَتِلۡكَ ٱلۡقُرَىٰٓ أَهۡلَكۡنَٰهُمۡ لَمَّا ظَلَمُواْ وَجَعَلۡنَا لِمَهۡلِكِهِم مَّوۡعِدٗا ٥٩
And those cities - We destroyed them when they wronged, and We made for their destruction an appointed time.
তোমালোকৰ ওচৰতে বসবাস কৰা কাফিৰ জনবসতিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছিল। সিহঁতৰ বিনাশৰ বাবে আমি এটা সময় নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ।
18:60Page 300
وَإِذۡ قَالَ مُوسَىٰ لِفَتَىٰهُ لَآ أَبۡرَحُ حَتَّىٰٓ أَبۡلُغَ مَجۡمَعَ ٱلۡبَحۡرَيۡنِ أَوۡ أَمۡضِيَ حُقُبٗا ٦٠
And [mention] when Moses said to his boy [i.e., servant], "I will not cease [traveling] until I reach the junction of the two seas or continue for a long period."
হে ৰাছুল! স্মৰণ কৰক সেই সময়ক, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱক ইউশ্বা বিন নূনক কৈছিলঃ মই এটা ভ্ৰমণত আগুৱাই গৈয়ে থাকিম যেতিয়ালৈকে মই দুই সাগৰৰ সংগমস্থল গৈ নাপাওঁ। অথবা দীৰ্ঘ সময় মই ভ্ৰমণ কৰিম যেতিয়ালৈকে মই পূণ্যৱান ব্যক্তিজনক বিচাৰি নাপাওঁ, তেওঁৰ পৰা মই জ্ঞান অৰ্জন কৰিম।
18:61Page 300
فَلَمَّا بَلَغَا مَجۡمَعَ بَيۡنِهِمَا نَسِيَا حُوتَهُمَا فَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ سَرَبٗا ٦١
But when they reached the junction between them, they forgot their fish, and it took its course into the sea, slipping away.
এতেকে তেওঁলোক দুয়ো যেতিয়া সাগৰৰ সংগমস্থল পালে, তেতিয়া তেওঁলোকৰ সেই মাছটো হেৰাই গ'ল যিটোক তেওঁলোকে ভ্ৰমণত খাবলৈ আনিছিল। আল্লাহে সেই মাছটোক জীৱন দান কৰিলে আৰু সেই মাছটো সুৰংগৰ দৰে ৰাস্তা বনাই পানীত গুচি গ'ল।
18:62Page 301
فَلَمَّا جَاوَزَا قَالَ لِفَتَىٰهُ ءَاتِنَا غَدَآءَنَا لَقَدۡ لَقِينَا مِن سَفَرِنَا هَٰذَا نَصَبٗا ٦٢
So when they had passed beyond it, [Moses] said to his boy, "Bring us our morning meal. We have certainly suffered in this, our journey, [much] fatigue."
যেতিয়া তেওঁলোক নিৰ্দিষ্ট স্থান পাৰ হৈ আগুৱাই গ'ল, মূছাই তেওঁৰ সেৱকক উদ্দেশ্যি ক'লেঃ আমাৰ দুপুৰিয়াৰ আহাৰ উলিওৱাচোন, নিশ্চয় আমি আমাৰ এই ভ্ৰমণত বৰ ক্লান্ত হৈছো।
18:63Page 301
قَالَ أَرَءَيۡتَ إِذۡ أَوَيۡنَآ إِلَى ٱلصَّخۡرَةِ فَإِنِّي نَسِيتُ ٱلۡحُوتَ وَمَآ أَنسَىٰنِيهُ إِلَّا ٱلشَّيۡطَٰنُ أَنۡ أَذۡكُرَهُۥۚ وَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ عَجَبٗا ٦٣
He said, "Did you see when we retired to the rock? Indeed, I forgot [there] the fish. And none made me forget it except Satan - that I should mention it. And it took its course into the sea amazingly."
সেৱকে ক'লেঃ আপুনি লক্ষ্য কৰা নাইনে যেতিয়া আমি শিলাখণ্ডৰ ওচৰত বিশ্ৰাম লৈছিলো তেতিয়া কি সংঘটিত হৈছিল? দৰাচলতে মাছৰ ঘটনাটো আপোনাক বৰ্ণনা কৰিবলৈ মই পাহৰি গৈছিলোঁ। মই নিশ্চিত যে মোক চয়তানেই উক্ত ঘটনাটো বৰ্ণনা কৰিবলৈ পাহৰাই দিছিল। ঘটনাটো হৈছে, সেই মাছবিধ জীৱিত হৈ পানীত আশ্চৰ্যজনক পথ বনাই গুচি গৈছিল।
18:64Page 301
قَالَ ذَٰلِكَ مَا كُنَّا نَبۡغِۚ فَٱرۡتَدَّا عَلَىٰٓ ءَاثَارِهِمَا قَصَصٗا ٦٤
[Moses] said, "That is what we were seeking." So they returned, following their footprints.
মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱকক ক'লেঃ সেই স্থানটোৱে হৈছে আমাৰ উদ্দেশ্য। দৰাচলতে এইটোৱে হৈছে সেই পূণ্যৱান ব্যক্তিৰ ঠাইৰ প্ৰতীক। এতেকে দুয়ো নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গল, যাতে পথ হেৰাই নাযায়। অৱশেষত তেওঁলোক শিলাখণ্ডৰ ওচৰলৈ পালেগৈ, আৰু তাৰ পৰা মাছৰ প্ৰৱেশস্থলত উপস্থিত হ'ল।
18:65Page 301
فَوَجَدَا عَبۡدٗا مِّنۡ عِبَادِنَآ ءَاتَيۡنَٰهُ رَحۡمَةٗ مِّنۡ عِندِنَا وَعَلَّمۡنَٰهُ مِن لَّدُنَّا عِلۡمٗا ٦٥
And they found a servant from among Our servants [i.e., al-Khiḍr] to whom We had given mercy from Us and had taught him from Us a [certain] knowledge.
মাছ হেৰাই যোৱা ঠাইত যেতিয়া তেওঁলোক দুয়ো আহি উপস্থিত হ'ল, তাত তেওঁলোকে আমাৰ এজন নেক বান্দাক লগ পালে (তেওঁ আছিল খাজিৰ আলাইহিচ্ছালাম)। আমি আমাৰ ফালৰ পৰা তেওঁক দয়া কৰিছিলোঁ আৰু এনেকুৱা জ্ঞান দান কৰিছিলো যিটো মানুহৰ ওচৰত নাছিল। সেই জ্ঞানৰ কথাকেই ইয়াত বৰ্ণনা কৰা হৈছে।
18:66Page 301
قَالَ لَهُۥ مُوسَىٰ هَلۡ أَتَّبِعُكَ عَلَىٰٓ أَن تُعَلِّمَنِ مِمَّا عُلِّمۡتَ رُشۡدٗا ٦٦
Moses said to him, "May I follow you on [the condition] that you teach me from what you have been taught of sound judgement?"
মূছা আলাইহিচ্ছালামে তেওঁক বিনম্ৰতা প্ৰকাশ কৰি ক'লেঃ মই আপোনাৰ অনুসৰণ কৰিব পাৰোঁনে, যাতে আল্লাহে আপোনাক যি জ্ঞান দান কৰিছে, যাৰ দ্বাৰা সত্যৰ পথ পোৱা যায় তাৰ পৰা কিবা শিকিব পাৰিম?
18:67Page 301
قَالَ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا ٦٧
He said, "Indeed, with me you will never be able to have patience.
খাজিৰ আলাইহিচ্ছালামে ক'লেঃ তুমি মোৰ জ্ঞানৰ যি দৃশ্য দেখিবা, মই নিশ্চিত যে তুমি সেয়া দেখি কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিবা। কিয়নো তোমাৰ ওচৰত থকা জ্ঞানৰ লগত ইয়াৰ কোনো সংগতি বিচাৰি নাপাবা।
18:68Page 301
وَكَيۡفَ تَصۡبِرُ عَلَىٰ مَا لَمۡ تُحِطۡ بِهِۦ خُبۡرٗا ٦٨
And how can you have patience for what you do not encompass in knowledge?"
তুমি সেইবোৰ কৰ্ম দেখি কেনেকৈ ধৈৰ্য ধাৰণ কৰিবা? যিবোৰ কৰ্মৰ উচিত কোনো কাৰণ তোমাৰ জনা নাই। কিয়নো তুমি তোমাৰ ওচৰত থকা জ্ঞান অনুসাৰেহে সিদ্ধান্ত গ্ৰহণ কৰিবা।
18:69Page 301
قَالَ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ صَابِرٗا وَلَآ أَعۡصِي لَكَ أَمۡرٗا ٦٩
[Moses] said, "You will find me, if Allāh wills, patient, and I will not disobey you in [any] order."
মূছা আলাইহিচ্ছালামে ক'লেঃ আপোনাৰ ফালৰ পৰা সংঘটিত সকলো বিষয়তে ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্য ধাৰণকাৰী হিচাপে পাব। মই আপোনাৰ সকলো সিদ্ধান্ত মানি লম। মই আপোনাৰ কোনো আদেশক উলংঘা নকৰোঁ।
18:70Page 301
قَالَ فَإِنِ ٱتَّبَعۡتَنِي فَلَا تَسۡـَٔلۡنِي عَن شَيۡءٍ حَتَّىٰٓ أُحۡدِثَ لَكَ مِنۡهُ ذِكۡرٗا ٧٠
He said, "Then if you follow me, do not ask me about anything until I make to you about it mention [i.e., explanation]."
খাজিৰে মূছাক ক'লেঃ যদি তুমি সঁচাকৈয়ে মোৰ অনুসৰণ কৰিব বিচৰা তেন্তে শুনা! মোক যি কামেই কৰোঁতে দেখিবা সেই বিষয়ে তুমি মোক প্ৰশ্ন নকৰিবা, যেতিয়ালৈকে মই নিজেই সেই কৰ্ম সম্পৰ্কে তোমাক নজনাওঁ।
18:71Page 301
فَٱنطَلَقَا حَتَّىٰٓ إِذَا رَكِبَا فِي ٱلسَّفِينَةِ خَرَقَهَاۖ قَالَ أَخَرَقۡتَهَا لِتُغۡرِقَ أَهۡلَهَا لَقَدۡ جِئۡتَ شَيۡـًٔا إِمۡرٗا ٧١
So they set out, until when they had embarked on the ship, he [i.e., al-Khiḍr] tore it open. [Moses] said, "Have you torn it open to drown its people? You have certainly done a grave thing."
যেতিয়া দুয়ো একমত হ'ল তেতিয়া উভয়ে সাগৰৰ পাৰলৈ ৰাওনা হ'ল। তাত গৈ তেওঁলোকে এখন নাও পালে, উভয়ে তাত আৰোহণ কৰিলে। খাজিৰ আলাইহিচ্ছালামৰ সন্মানাৰ্থে তেওঁলোকে ভাড়াও দিবলগীয়া নহ'ল। ইপিনে খাজিৰ আলাইহিচ্ছালামে নাওখনত এখন ফুটা কৰি দিলে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এখন নাও ফুটা কৰিলে যিখন নাৱৰ মালিকে আমাৰ পৰা ভাড়াও লোৱা নাই। আপুনি তেওঁক ডুবাই মাৰিব বিচাৰে নেকি? আপুনি নিশ্চয় এটা অনুচিত কাম কৰিছে।
18:72Page 301
قَالَ أَلَمۡ أَقُلۡ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا ٧٢
[Al-Khiḍr] said, "Did I not say that with me you would never be able to have patience?"
খাজিৰে ক'লেঃ মই তোমাক কোৱা নাছিলোনে যে, তুমি মোৰ কাম দেখি ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিবা?
18:73Page 301
قَالَ لَا تُؤَاخِذۡنِي بِمَا نَسِيتُ وَلَا تُرۡهِقۡنِي مِنۡ أَمۡرِي عُسۡرٗا ٧٣
[Moses] said, "Do not blame me for what I forgot and do not overwhelm me in my matter with difficulty."
মূছা আলাইহিচ্ছালামে ক'লেঃ ভুলবশতঃ মই আপোনাক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছোঁ, গতিকে অনুগ্ৰহ কৰি ইয়াৰ ফলত আপুনি কোনো বিহিত ব্যৱস্থা নলব। তথা মোক সংকীৰ্ণতাৰ ফালে ঠেলি নিদিব আৰু আপোনাৰ লগত থকাৰ ক্ষেত্ৰত কোনো জটিলতাৰ সৃষ্টি নকৰিব।
18:74Page 301
فَٱنطَلَقَا حَتَّىٰٓ إِذَا لَقِيَا غُلَٰمٗا فَقَتَلَهُۥ قَالَ أَقَتَلۡتَ نَفۡسٗا زَكِيَّةَۢ بِغَيۡرِ نَفۡسٖ لَّقَدۡ جِئۡتَ شَيۡـٔٗا نُّكۡرٗا ٧٤
So they set out, until when they met a boy, he [i.e., al-Khiḍr] killed him. [Moses] said, "Have you killed a pure soul for other than [having killed] a soul? You have certainly done a deplorable thing."
নাৱৰ পৰা অৱতৰণ কৰাৰ পিছত দুয়ো সাগৰৰ পাৰে পাৰে ৰাওনা হ'ল, তেওঁলোকে এজন শিশুক অন্য কিছুমান শিশুৰ সৈতে খেলি থকা অৱস্থাত দেখিলে। শিশুটি এতিয়াও বুজিব পৰা বয়সত উপনীত হোৱা নাছিল। কিন্তু খাজিৰ আলাইহিচ্ছালামে তাক হত্যা কৰি পেলালে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এজন শিশুক হত্যা কৰিলে, যিয়ে বুজিব পৰা বয়সতো উপনীত হোৱা নাই, সি এজন নিৰ্দোষী নিৰপৰাধ, যিয়ে কোনো গুনাহও কৰা নাই ? নিশ্চয় আপুনি এইটো নিকৃষ্ট কাম কৰিছে।
18:75Page 302
۞ قَالَ أَلَمۡ أَقُل لَّكَ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا ٧٥
[Al-Khiḍr] said, "Did I not tell you that with me you would never be able to have patience?"
খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ হে মুছা! মই আপোনাক আগতেই কৈছিলো, আপুনি মোৰ কৰ্মবোৰ চাই ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব।
18:76Page 302
قَالَ إِن سَأَلۡتُكَ عَن شَيۡءِۭ بَعۡدَهَا فَلَا تُصَٰحِبۡنِيۖ قَدۡ بَلَغۡتَ مِن لَّدُنِّي عُذۡرٗا ٧٦
[Moses] said, "If I should ask you about anything after this, then do not keep me as a companion. You have obtained from me an excuse."
মুছা আলাইহিচ্ছালামে ক'লেঃ এইবাৰৰ পিচত পুনৰ যদি মই কোনো বিষয়ে প্ৰশ্ন উত্থাপন কৰোঁ তেন্তে আপুনি মোক পৃথক কৰি দিব পাৰে, কিয়নো দুবাৰ আপোনাৰ বিৰোধিতা কৰাৰ পিচত আপোনাৰ লগত থকাটো মোৰ বাবে উচিত নহ'ব।
18:77Page 302
فَٱنطَلَقَا حَتَّىٰٓ إِذَآ أَتَيَآ أَهۡلَ قَرۡيَةٍ ٱسۡتَطۡعَمَآ أَهۡلَهَا فَأَبَوۡاْ أَن يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارٗا يُرِيدُ أَن يَنقَضَّ فَأَقَامَهُۥۖ قَالَ لَوۡ شِئۡتَ لَتَّخَذۡتَ عَلَيۡهِ أَجۡرٗا ٧٧
So they set out, until when they came to the people of a town, they asked its people for food, but they refused to offer them hospitality. And they found therein a wall about to collapse, so he [i.e., al-Khiḍr] restored it. [Moses] said, "If you wished, you could have taken for it a payment."
ইয়াৰ পিচত দুয়ো আকৌ ৰাওনা হ'ল, অৱশেষত এখন গাওঁত প্ৰৱেশ কৰিলে আৰু তাৰ অধিবাসীসকলৰ ওচৰত খাদ্যৰ বাবে আবেদন কৰিলে। গাওঁবাসীয়ে তেওঁলোকৰ আবেদন নাকচ কৰিলে আৰু তেওঁলোকক খুৱাবলৈ মান্তি নহ'ল। তেওঁলোকে সেই গাওঁখনতে এখন প্ৰাচীৰ দেখা পালে, যিখন পৰি যোৱাৰ উপক্ৰম হৈছিল। খাজিৰে সেই প্ৰাচীৰখন মেৰামতি কৰি দিলে। এই দেখি মুছা আলাইহিচ্ছালামে খাজিৰক ক'লেঃ আপুনি ইচ্ছা কৰিলে সিহঁতৰ পৰা এই পৰিশ্ৰমৰ পাৰিশ্ৰমিক ল'ব পাৰিলেহেঁতেন, যিহেতু সিহঁতে আমাক আপ্যায়ন কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে এইটো লোৱা আমাৰ বাবে প্ৰয়োজন আছিল।
18:78Page 302
قَالَ هَٰذَا فِرَاقُ بَيۡنِي وَبَيۡنِكَۚ سَأُنَبِّئُكَ بِتَأۡوِيلِ مَا لَمۡ تَسۡتَطِع عَّلَيۡهِ صَبۡرًا ٧٨
[Al-Khiḍr] said, "This is parting between me and you. I will inform you of the interpretation of that about which you could not have patience.
খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ প্ৰাচীৰ মেৰামতিৰ বাবে মই পাৰিশ্ৰমিক নোলোৱাৰ ক্ষেত্ৰত আপোনাৰ এই অভিযোগে মোক আৰু আপোনাক পৃথক হোৱাটো নিশ্চিত কৰি দিছে। এতিয়া মই আপোনাক উক্ত বিষয়বোৰৰ বাস্তৱিকতা সম্পৰ্কে অৱগত কৰাব বিচাৰিছোঁ, যিবোৰ কৰ্ম মোক কৰা দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।
18:79Page 302
أَمَّا ٱلسَّفِينَةُ فَكَانَتۡ لِمَسَٰكِينَ يَعۡمَلُونَ فِي ٱلۡبَحۡرِ فَأَرَدتُّ أَنۡ أَعِيبَهَا وَكَانَ وَرَآءَهُم مَّلِكٞ يَأۡخُذُ كُلَّ سَفِينَةٍ غَصۡبٗا ٧٩
As for the ship, it belonged to poor people working at sea. So I intended to cause defect in it as there was after them a king who seized every [good] ship by force.
এতেকে নাও সম্পৰ্কীয় বিষয়টো প্ৰথমে মই আপোনাক জনাওঁ, যিখন নাও ত্ৰুটিযুক্ত কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, দৰাচলতে সেই নাওখনৰ স্বত্তাধিকাৰী হৈছে কেইজনমান দৰিদ্ৰ লোক, তেওঁলোকে সেই নাওখনেৰে সাগৰত কাম কৰিছিল কিন্তু তেওঁলোক ইয়াক ৰক্ষা কৰিবলৈ সক্ষম নাছিল। সেয়ে মই সেই নাওখনক ত্ৰুটিযুক্ত কৰিছিলোঁ যাতে এই নাওখনক সেই অত্যাচাৰী ৰজাই কাঢ়ি লব নোৱাৰে, যিয়ে প্ৰত্যেক ভাল তথা উৎকৃষ্ট নাও বলপূৰ্বকভাৱে মানুহৰ পৰা কাঢ়ি লয় আৰু ত্ৰুটিযুক্ত নাওসমূহ এৰি দিয়ে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences