Al-MukhtasarAl‑Kahf · 18:80–110

Al-Mukhtasar · Tafsir · in Assamese

Al-Kahf 18:80–110

18:80Page 302

وَأَمَّا ٱلۡغُلَٰمُ فَكَانَ أَبَوَاهُ مُؤۡمِنَيۡنِ فَخَشِينَآ أَن يُرۡهِقَهُمَا طُغۡيَٰنٗا وَكُفۡرٗا ٨٠

And as for the boy, his parents were believers, and we feared that he would overburden them by transgression and disbelief.

আনহাতে শিশুৰ বিষয়টো, যিজন শিশুক হত্যা কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই শিশুজনৰ পিতৃ-মাতৃ উভয়ে আছিল ঈমান্দাৰ। কিন্তু আল্লাহৰ জ্ঞান অনুসাৰে সেই শিশুজন আছিল কাফিৰ (নাস্তিক)। সেয়ে আমি আশংকা কৰিছিলোঁ যে, সি ডাঙৰ হৈ নিজৰ পিতৃ-মাতৃক কুফৰীলৈ ওভোতাই লৈ নিব, কিয়নো পিতৃ-মাতৃয়ে সন্তান-সন্ততিক সীমাহীন ভালপায় তথা সিহঁত তেওঁলোকৰ অতি প্ৰয়োজনীয় আপোনজন।

18:81Page 302

فَأَرَدۡنَآ أَن يُبۡدِلَهُمَا رَبُّهُمَا خَيۡرٗا مِّنۡهُ زَكَوٰةٗ وَأَقۡرَبَ رُحۡمٗا ٨١

So we intended that their Lord should substitute for them one better than him in purity and nearer to mercy.

সেয়ে আমি ভাৱিলোঁ আল্লাহে তেওঁলোকক ইয়াৰ পৰিবৰ্তে আন এজন এনেকুৱা সন্তান প্ৰদান কৰক, যিজন হ'ব অতি দ্বীনদাৰ, পৰহেজগাৰ আৰু পাপকৰ্মৰ পৰা দূৰত্ব অৱলম্বনকাৰী। তথা পিতৃ-মাতৃৰ প্ৰতি অধিক মনোযোগ প্ৰদানকাৰী।

18:82Page 302

وَأَمَّا ٱلۡجِدَارُ فَكَانَ لِغُلَٰمَيۡنِ يَتِيمَيۡنِ فِي ٱلۡمَدِينَةِ وَكَانَ تَحۡتَهُۥ كَنزٞ لَّهُمَا وَكَانَ أَبُوهُمَا صَٰلِحٗا فَأَرَادَ رَبُّكَ أَن يَبۡلُغَآ أَشُدَّهُمَا وَيَسۡتَخۡرِجَا كَنزَهُمَا رَحۡمَةٗ مِّن رَّبِّكَۚ وَمَا فَعَلۡتُهُۥ عَنۡ أَمۡرِيۚ ذَٰلِكَ تَأۡوِيلُ مَا لَمۡ تَسۡطِع عَّلَيۡهِ صَبۡرٗا ٨٢

And as for the wall, it belonged to two orphan boys in the city, and there was beneath it a treasure for them, and their father had been righteous. So your Lord intended that they reach maturity and extract their treasure, as a mercy from your Lord. And I did it not of my own accord. That is the interpretation of that about which you could not have patience."

আনহাতে যিখন প্ৰাচীৰ মই মেৰামতি কৰি দিছিলোঁ, যি বিষয়ে আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই প্ৰাচীৰখন আছিল সেই চহৰৰ দুজন সৰু ল’ৰাৰ। তেওঁলোকৰ পিতৃ-মাতৃ আছিল অতি পূণ্যৱান। পিতা-মাতা উভয়ে মৃত্যুবৰণ কৰিছিল আৰু সেই প্ৰাচীৰখনৰ তলত পুতি থোৱা আছিল তেওঁলোকৰ ধন-সম্পদ। সেয়ে হে মুছা! আপোনাৰ প্ৰতিপালকে ইচ্ছা পোষণ কৰিলে যে, সেই ল’ৰা দুজন ডাঙৰ দীঘল তথা প্ৰাপ্তবয়সত উপনীত হওক আৰু তাৰ পিচত যাতে তেওঁলোকে প্ৰাচীৰৰ তলত থকা তেওঁলোকৰ সম্পদ উলিয়াব পাৰে। কিয়নো এতিয়া যদি তেওঁলোকৰ সেই প্ৰাচীৰখন ভাঙি পৰিলহেঁতেন তেন্তে তেওঁলোকৰ সম্পদ উন্মুক্ত হ'লহেঁতেন আৰু বিনষ্ট হ'লহেঁতেন। দৰাচলতে এই প্ৰক্ৰিয়া আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সেই ল’ৰা দুজনৰ বাবে এক প্ৰকাৰ ৰহমত। মই মোৰ বুদ্ধিৰে একো কৰা নাছিলোঁ। উক্ত ঘটনাবোৰৰ এইটোৱে হৈছে বাস্তৱিকতা, যিবোৰ দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।

18:83Page 302

وَيَسۡـَٔلُونَكَ عَن ذِي ٱلۡقَرۡنَيۡنِۖ قُلۡ سَأَتۡلُواْ عَلَيۡكُم مِّنۡهُ ذِكۡرًا ٨٣

And they ask you, [O Muḥammad], about Dhul-Qarnayn. Say, "I will recite to you about him a report."

হে ৰাছুল! মুশ্বৰিকসকলে আৰু ইয়াহুদীসকলে আপোনাক পৰীক্ষা কৰাৰ বাবে জুল-কাৰ্ণাইন সম্পৰ্কে সোধ-পোচ কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, মই তোমালোকৰ সন্মুখত তেওঁৰ কিছুমান ঘটনা দাঙি ধৰিম, যাতে তোমালোকে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰা তথা উপদেশ ল'ব পাৰা।

18:84Page 303

إِنَّا مَكَّنَّا لَهُۥ فِي ٱلۡأَرۡضِ وَءَاتَيۡنَٰهُ مِن كُلِّ شَيۡءٖ سَبَبٗا ٨٤

Indeed, We established him upon the earth, and We gave him from everything a way [i.e., means].

নিশ্চয় আমি তেওঁক পৃথিৱীত প্ৰভাৱশালী বনাইছিলোঁ আৰু তেওঁক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছিলোঁ যিটোৰ জৰিয়তে তেওঁ নিজৰ লক্ষ্যস্থলত উপনীত হ'ব পাৰিছিল।

18:85Page 303

فَأَتۡبَعَ سَبَبًا ٨٥

So he followed a way

তেওঁৰ লক্ষ্যস্থলত উপনীত হ'বলৈ আমি তেওঁক যিবোৰ উপায় আৰু মাধ্যম প্ৰদান কৰিছিলোঁ, সেইবোৰৰ জৰিয়তে তেওঁ পশ্চিমফালে ৰাওনা হ'ল।

18:86Page 303

حَتَّىٰٓ إِذَا بَلَغَ مَغۡرِبَ ٱلشَّمۡسِ وَجَدَهَا تَغۡرُبُ فِي عَيۡنٍ حَمِئَةٖ وَوَجَدَ عِندَهَا قَوۡمٗاۖ قُلۡنَا يَٰذَا ٱلۡقَرۡنَيۡنِ إِمَّآ أَن تُعَذِّبَ وَإِمَّآ أَن تَتَّخِذَ فِيهِمۡ حُسۡنٗا ٨٦

Until, when he reached the setting of the sun [i.e., the west], he found it [as if] setting in a body of dark water,1 and he found near it a people. We [i.e., Allāh] said, "O Dhul-Qarnayn, either you punish [them] or else adopt among them [a way of] goodness."

তেওঁ পৃথিৱীত ভ্ৰমণ অব্যাহত ৰাখিলে, অৱশেষত তেওঁ যেতিয়া পশ্চিমফালে সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্য্যাস্তৰৰ ঠাই বুলি লাগে, তাত তেওঁ লক্ষ্য কৰিলে সূৰ্য্য যেনিবা ক'লা বোকা মাটিৰ জলাশয়ত ডুব গৈ আছে। তেওঁ সেই ঠাইত এনেকুৱা এটা জাতিক লগ পালে যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা নাছিল। আমি তেওঁক দুটা বিকল্প দেখুৱাই ক'লোঃ হে জুল-কাৰ্ণাইন! তুমি ইচ্ছা কৰিলে সিহঁতক হত্যা কৰিব পাৰা অথবা অন্য কোনো শাস্তি দিব পাৰা। নাইবা সিহঁতৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰা।

18:87Page 303

قَالَ أَمَّا مَن ظَلَمَ فَسَوۡفَ نُعَذِّبُهُۥ ثُمَّ يُرَدُّ إِلَىٰ رَبِّهِۦ فَيُعَذِّبُهُۥ عَذَابٗا نُّكۡرٗا ٨٧

He said, "As for one who wrongs,1 we will punish him. Then he will be returned to his Lord, and He will punish him with a terrible punishment [i.e., Hellfire].

জুল-কাৰ্ণাইনে ক'লেঃ যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব আৰু আল্লাহৰ ইবাদতৰ ফালে আহ্বান কৰাৰ পিছতো সেই শ্বিৰ্কত বৰ্তী থাকিব তেন্তে তেনেকুৱা ব্যক্তিক আমি পৃথিৱীতেই মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰিম। আকৌ কিয়ামতৰ দিনা যেতিয়া নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব তেতিয়া ইয়াতকৈও কঠিন শাস্তিৰ সন্মুখীন হ'ব।

18:88Page 303

وَأَمَّا مَنۡ ءَامَنَ وَعَمِلَ صَٰلِحٗا فَلَهُۥ جَزَآءً ٱلۡحُسۡنَىٰۖ وَسَنَقُولُ لَهُۥ مِنۡ أَمۡرِنَا يُسۡرٗا ٨٨

But as for one who believes and does righteousness, he will have a reward of the best [i.e., Paradise], and we [i.e., Dhul-Qarnayn] will speak to him from our command with ease."

কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব তাৰ বাবে আছে জান্নাত। এইটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁৰ বাবে তেওঁৰ ঈমান আৰু সৎকৰ্মৰ প্ৰতিফল। তথা আমি তেওঁক আদেশ দিয়াৰ সময়তো সহজ আৰু সৰলতা অৱলম্বন কৰিম।

18:89Page 303

ثُمَّ أَتۡبَعَ سَبَبًا ٨٩

Then he followed a way

তাৰ পিচত তেওঁ আগৰ পথ এৰি আন এটা পথেৰে সূৰ্য্যোদয়ৰ দিশত অৰ্থাৎ পূৱ ফালে ৰাওনা হ'ল।

18:90Page 303

حَتَّىٰٓ إِذَا بَلَغَ مَطۡلِعَ ٱلشَّمۡسِ وَجَدَهَا تَطۡلُعُ عَلَىٰ قَوۡمٖ لَّمۡ نَجۡعَل لَّهُم مِّن دُونِهَا سِتۡرٗا ٩٠

Until, when he came to the rising of the sun [i.e., the east], he found it rising on a people for whom We had not made against it any shield.

গৈ গৈ তেওঁ যেতিয়া সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্যোদয়ৰ স্থান বুলি লাগে, তেতিয়া তেওঁ সূৰ্য্যক এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হোৱা দেখিলে যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ ঘৰ দুৱাৰ তথা গছ বৃক্ষৰ কোনো অন্তৰাল নাছিল।

18:91Page 303

كَذَٰلِكَۖ وَقَدۡ أَحَطۡنَا بِمَا لَدَيۡهِ خُبۡرٗا ٩١

Thus.1 And We had encompassed [all] that he had in knowledge.

জুল-কাৰ্ণাইনৰ বিষয়বোৰ এনেকুৱাই আছিল, তেওঁৰ ওচৰত যি শক্তি সামৰ্থ আৰু ৰাজত্ব আছিল সেই সম্পৰ্কে আমাৰ পূৰ্ণ জ্ঞান আছে।

18:92Page 303

ثُمَّ أَتۡبَعَ سَبَبًا ٩٢

Then he followed a way

তাৰ পিচত তেওঁ সেই পথ এৰি পূৱ আৰু পশ্চিমৰ মাজৰ আন এটা পথ ধৰিলে।

18:93Page 303

حَتَّىٰٓ إِذَا بَلَغَ بَيۡنَ ٱلسَّدَّيۡنِ وَجَدَ مِن دُونِهِمَا قَوۡمٗا لَّا يَكَادُونَ يَفۡقَهُونَ قَوۡلٗا ٩٣

Until, when he reached [a pass] between two mountains, he found beside them a people who could hardly understand [his] speech.

গৈ গৈ তেওঁ যেতিয়া দুই পৰ্বতৰ মাজৰ উপত্যকা এখন পালে, সেই পৰ্বত দুখনৰ সিপাৰে এনেকুৱা এটা জাতিক লগ পালে, যিসকলে অন্য লোকৰ ভাষা বুজি পাবলৈ সক্ষম নাছিল।

18:94Page 303

قَالُواْ يَٰذَا ٱلۡقَرۡنَيۡنِ إِنَّ يَأۡجُوجَ وَمَأۡجُوجَ مُفۡسِدُونَ فِي ٱلۡأَرۡضِ فَهَلۡ نَجۡعَلُ لَكَ خَرۡجًا عَلَىٰٓ أَن تَجۡعَلَ بَيۡنَنَا وَبَيۡنَهُمۡ سَدّٗا ٩٤

They said, "O Dhul-Qarnayn, indeed Gog and Magog1 are [great] corrupters in the land. So may we assign for you an expenditure that you might make between us and them a barrier?"

সেইসকল লোকে ক'লেঃ হে জুল-কাৰ্ণাইন! ইয়াজুজ আৰু মাজুজ (তেওঁলোকৰ মতে আদম সন্তানৰ দুটা ডাঙৰ সম্প্ৰদায়) হত্যা আদিৰ জৰিয়তে ভূপৃষ্ঠত উপদ্ৰৱ চলায়। আমি আপোনাক কিছু অৰ্থ সম্পদেৰে সহায় কৰিম নেকি যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে?

18:95Page 303

قَالَ مَا مَكَّنِّي فِيهِ رَبِّي خَيۡرٞ فَأَعِينُونِي بِقُوَّةٍ أَجۡعَلۡ بَيۡنَكُمۡ وَبَيۡنَهُمۡ رَدۡمًا ٩٥

He said, "That in which my Lord has established me is better [than what you offer], but assist me with strength [i.e., manpower]; I will make between you and them a dam.

জুল-কাৰ্ণাইনে ক'লেঃ মোৰ প্ৰতিপালকে মোক যি শক্তি সামৰ্থ আৰু ৰাজত্ব প্ৰদান কৰিছে, সেয়া তোমালোকে দিব বিচৰা সম্পদতকৈ বহুগুণে উত্তম। এতেকে তোমালোকে মোক জনবল আৰু উপাদানেৰে সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিম।

18:96Page 303

ءَاتُونِي زُبَرَ ٱلۡحَدِيدِۖ حَتَّىٰٓ إِذَا سَاوَىٰ بَيۡنَ ٱلصَّدَفَيۡنِ قَالَ ٱنفُخُواْۖ حَتَّىٰٓ إِذَا جَعَلَهُۥ نَارٗا قَالَ ءَاتُونِيٓ أُفۡرِغۡ عَلَيۡهِ قِطۡرٗا ٩٦

Bring me bars of iron" - until, when he had leveled [them] between the two mountain walls, he said, "Blow [with bellows]," until when he had made it [like] fire, he said, "Bring me, that I may pour over it molten copper."

তোমালোকে লোৰ যোগান ধৰা। এতেকে তেওঁলোকে লোৰ যোগান ধৰিলে, আৰু তেওঁ সেইবোৰেৰে দুই পৰ্বতৰ মাজত প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অৱশেষত প্ৰাচীৰ যেতিয়া দুয়ো পৰ্বতৰ সমান হৈ গ'ল, তেতিয়া তেওঁ শ্ৰমিকসকলক ক'লেঃ এই লোৰ টুকুৰাবোৰক জুয়েৰে উত্তপ্ত কৰা। লোৰ টুকুৰাবোৰ যেতিয়া ৰঙা হৈ গ'ল তেতিয়া তেওঁ ক'লেঃ এতিয়া তাম লৈ আহা, যাতে ইয়াৰ ওপৰত ঢালি দিব পাৰো।

18:97Page 303

فَمَا ٱسۡطَٰعُوٓاْ أَن يَظۡهَرُوهُ وَمَا ٱسۡتَطَٰعُواْ لَهُۥ نَقۡبٗا ٩٧

So they [i.e., Gog and Magog] were unable to pass over it, nor were they able [to effect] in it any penetration.

এতেকে ইয়াজুজ আৰু মাজুজ সেই প্ৰাচীৰৰ উচ্চতাৰ কাৰণে সেইটো বগাব নোৱাৰিলে। লগতে ইয়াৰ মজবুতিৰ ফলত তলফালেৰেও শিং লগাব পৰা নাছিল।

18:98Page 304

قَالَ هَٰذَا رَحۡمَةٞ مِّن رَّبِّيۖ فَإِذَا جَآءَ وَعۡدُ رَبِّي جَعَلَهُۥ دَكَّآءَۖ وَكَانَ وَعۡدُ رَبِّي حَقّٗا ٩٨

[Dhul-Qarnayn] said, "This is a mercy from my Lord; but when the promise of my Lord1 comes [i.e., approaches], He will make it level, and ever is the promise of my Lord true."

জুল-কাৰ্ণাইনে ক'লেঃ এই বান্ধটো হৈছে মোৰ প্ৰতিপালকৰ এক প্ৰকাৰ দয়া। যিটো প্ৰাচীৰে ইয়াজুজ আৰু মাজুজৰ পৃথিৱীত কৰা উপদ্ৰৱ প্ৰতিৰোধ কৰিব। কিন্তু যেতিয়া সেই সময় আহি পৰিব, কিয়ামতৰ পূৰ্বে সিহঁতৰ ওলোৱাৰ যিটো সময় আল্লাহে নিৰ্ধাৰণ কৰি ৰাখিছে, তেতিয়া আল্লাহে সেই প্ৰাচীৰ ধ্বংস কৰি দিব। সেই প্ৰাচীৰ ধ্বংস কৰি মাটিত মিহলোৱা আৰু ইয়াজুজ মাজুজ ওলোৱাৰ ক্ষেত্ৰত আল্লাহৰ যি প্ৰতিশ্ৰুতি সেয়া অটল তথা দৃঢ়, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নাহে।

18:99Page 304

۞ وَتَرَكۡنَا بَعۡضَهُمۡ يَوۡمَئِذٖ يَمُوجُ فِي بَعۡضٖۖ وَنُفِخَ فِي ٱلصُّورِ فَجَمَعۡنَٰهُمۡ جَمۡعٗا ٩٩

And We will leave them that day1 surging over each other, and [then] the Horn will be blown, and We will assemble them in [one] assembly.

শেষ সময়ছোৱাত আমি মানুহক এনেকুৱা অৱস্থাত এৰি দিম, সিহঁতে সাগৰৰ ঢৌৰ দৰে পৰস্পৰে মিশ্ৰিত হ'ব। ইপিনে যেতিয়া শিঙাত ফুঁ দিয়া হ'ব তেতিয়া আমি সকলো প্ৰাণীকে হিচাপ কিতাপৰ বাবে আৰু প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিম।

18:100Page 304

وَعَرَضۡنَا جَهَنَّمَ يَوۡمَئِذٖ لِّلۡكَٰفِرِينَ عَرۡضًا ١٠٠

And We will present Hell that Day to the disbelievers, on display -

আমি কাফিৰসকলৰ বাবে জাহান্নাম স্পষ্টৰূপে প্ৰকট কৰিম, যাতে সিহঁতে নিজ চকুৰে সেয়া দেখা পায়।

18:101Page 304

ٱلَّذِينَ كَانَتۡ أَعۡيُنُهُمۡ فِي غِطَآءٍ عَن ذِكۡرِي وَكَانُواْ لَا يَسۡتَطِيعُونَ سَمۡعًا ١٠١

Those whose eyes had been within a cover [removed] from My remembrance,1 and they were not able to hear.2

আমি সেইখনক সেইসকল কাফিৰৰ বাবে প্ৰকট কৰিম, যিসকলে পাৰ্থিৱ জীৱনত অন্ধ আছিল তথা আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী আছিল। কিয়নো সিহঁতৰ চকুৰ ওপৰত আছিল আৱৰণ, যিটোৱে সিহঁতক ইয়াৰ পৰা আঁতৰাই ৰাখিছিল। তথা সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে আল্লাহৰ আয়াত শুনিবলৈ সক্ষম নাছিল।

18:102Page 304

أَفَحَسِبَ ٱلَّذِينَ كَفَرُوٓاْ أَن يَتَّخِذُواْ عِبَادِي مِن دُونِيٓ أَوۡلِيَآءَۚ إِنَّآ أَعۡتَدۡنَا جَهَنَّمَ لِلۡكَٰفِرِينَ نُزُلٗا ١٠٢

Then do those who disbelieve think that they can take My servants instead of Me as allies? Indeed, We have prepared Hell for the disbelievers as a lodging.

আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলে ফিৰিস্তা, ৰাছুল আৰু চয়তানক (যিবোৰ মোৰেই বান্দা) মোৰ বাহিৰে তেওঁলোকক উপাস্য বনাই লব বুলি ভাৱিছে নেকি? তেন্তে সেইসকল লোকে মনোযোগ সহকাৰে শুনা উচিত, নিশ্চয় আমি কাফিৰসকলৰ বাবে জাহান্নামক বাসস্থানৰূপে প্ৰস্তুত কৰি ৰাখিছোঁ।

18:103Page 304

قُلۡ هَلۡ نُنَبِّئُكُم بِٱلۡأَخۡسَرِينَ أَعۡمَٰلًا ١٠٣

Say, [O Muḥammad], "Shall we [believers] inform you of the greatest losers as to [their] deeds?

হে ৰাছুল! আপুনি কওক যে, হে মানৱজাতি! মই তোমালোকক জনামনে যে, আমলৰ ফালৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত কোনসকল লোক?

18:104Page 304

ٱلَّذِينَ ضَلَّ سَعۡيُهُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَهُمۡ يَحۡسَبُونَ أَنَّهُمۡ يُحۡسِنُونَ صُنۡعًا ١٠٤

[They are] those whose effort is lost in worldly life, while they think that they are doing well in work."

সিহঁত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা প্ৰত্যক্ষ কৰিব যে, পৃথিৱীত কৰা সিহঁতৰ সকলো কৰ্ম অথলে গৈছে। অথচ সিহঁতে পৃথিৱীত ভাৱিছিল যে সিহঁতে ভাল কৰি আছে, তথা সিহঁতে এইবোৰ কৰ্মৰ দ্বাৰা লাভান্বিত হ'ব। কিন্তু বাস্তৱিকতা ইয়াৰ পৰিপন্থী।

18:105Page 304

أُوْلَٰٓئِكَ ٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ رَبِّهِمۡ وَلِقَآئِهِۦ فَحَبِطَتۡ أَعۡمَٰلُهُمۡ فَلَا نُقِيمُ لَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ وَزۡنٗا ١٠٥

Those are the ones who disbelieve in the verses of their Lord and in [their] meeting Him, so their deeds have become worthless; and We will not assign to them on the Day of Resurrection any weight [i.e., importance].

এইসকল লোকেই নিজ প্ৰতিপালকৰ সেইসমূহ আয়াত অস্বীকাৰ কৰিছিল যিবোৰ আয়াত আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰে। লগতে সিহঁতে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছিল। এই অস্বীকাৰৰ ফলতেই সিহঁতৰ সকলো আমল বাতিল হৈছে। সেয়ে কিয়ামতৰ দিনা আল্লাহৰ ওচৰত সিহঁতৰ কোনো মৰ্যাদা নাই।

18:106Page 304

ذَٰلِكَ جَزَآؤُهُمۡ جَهَنَّمُ بِمَا كَفَرُواْ وَٱتَّخَذُوٓاْ ءَايَٰتِي وَرُسُلِي هُزُوًا ١٠٦

That is their recompense - Hell - for what they denied and [because] they took My signs and My messengers in ridicule.

সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা প্ৰতিদান হৈছে জাহান্নাম। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছে, তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহক আৰু তেওঁৰ ৰাছুলসকলক উপহাসৰ পাত্ৰ বনাইছে।

18:107Page 304

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ كَانَتۡ لَهُمۡ جَنَّٰتُ ٱلۡفِرۡدَوۡسِ نُزُلًا ١٠٧

Indeed, those who have believed and done righteous deeds - they will have the Gardens of Paradise1 as a lodging,

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক সন্মানস্বৰূপ জান্নাতৰ আটাইতকৈ উচ্চ স্থানত বসবাস কৰাৰ ঠাই দিয়া হ'ব।

18:108Page 304

خَٰلِدِينَ فِيهَا لَا يَبۡغُونَ عَنۡهَا حِوَلٗا ١٠٨

Wherein they abide eternally. They will not desire from it any transfer.

তাত তেওঁলোক চিৰকাল বসবাস কৰিব, তাৰ পৰা তেওঁলোক স্থানান্তৰ হ'ব নিবিচাৰিব। কিয়নো ইয়াৰ সমান আন কোনো প্ৰতিদান হ'বই নোৱাৰে।

18:109Page 304

قُل لَّوۡ كَانَ ٱلۡبَحۡرُ مِدَادٗا لِّكَلِمَٰتِ رَبِّي لَنَفِدَ ٱلۡبَحۡرُ قَبۡلَ أَن تَنفَدَ كَلِمَٰتُ رَبِّي وَلَوۡ جِئۡنَا بِمِثۡلِهِۦ مَدَدٗا ١٠٩

Say, "If the sea were ink for [writing] the words1 of my Lord, the sea would be exhausted before the words of my Lord were exhausted, even if We brought the like of it in [continual] supplement."

হে ৰাছুল! আপুনি কৈ দিয়ক! নিশ্চয় মোৰ প্ৰতিপালক সম্পৰ্কে বাক্য অধিক। এতেকে যদি সেইবোৰ লিখিবলৈ সাগৰক চিয়াঁহী বনোৱা হয়, তেন্তে পৱিত্ৰ আল্লাহ সম্পৰ্কে কথা সমাপ্ত হোৱাৰ পূৰ্বেই সাগৰৰ পানী শেষ হৈ যাব। বৰং আমি আৰু যদি কেইবাখন সাগৰ সৃষ্টি কৰোঁ, সেইবোৰো শেষ হৈ যাব।

18:110Page 304

قُلۡ إِنَّمَآ أَنَا۠ بَشَرٞ مِّثۡلُكُمۡ يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ فَمَن كَانَ يَرۡجُواْ لِقَآءَ رَبِّهِۦ فَلۡيَعۡمَلۡ عَمَلٗا صَٰلِحٗا وَلَا يُشۡرِكۡ بِعِبَادَةِ رَبِّهِۦٓ أَحَدَۢا ١١٠

Say, "I am only a man like you, to whom has been revealed that your god is one God. So whoever would hope for the meeting with his Lord - let him do righteous work and not associate in the worship of his Lord anyone."

হে ৰাছুল! আপুনি কৈ দিয়ক, মই তোমালোকৰ দৰেই এজন মানুহ। মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ তাআলা। এতেকে যিয়ে আল্লাহৰ লগত সাক্ষাৎ কৰাৰ আশা পোষণ কৰে, সিয়ে আল্লাহৰ প্ৰতি নিষ্ঠাৱান হৈ তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা উচিত, আৰু নিজ প্ৰতিপালকৰ ইবাদতত কাকো অংশীদাৰ কৰা উচিত নহয়।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском