Al-Mukhtasar · Tafsir · in Assamese
Al-Baqarah 2:139–171
2:139Page 21
قُلۡ أَتُحَآجُّونَنَا فِي ٱللَّهِ وَهُوَ رَبُّنَا وَرَبُّكُمۡ وَلَنَآ أَعۡمَٰلُنَا وَلَكُمۡ أَعۡمَٰلُكُمۡ وَنَحۡنُ لَهُۥ مُخۡلِصُونَ ١٣٩
Say, [O Muḥammad], "Do you argue with us about Allāh while He is our Lord and your Lord? For us are our deeds, and for you are your deeds. And we are sincere [in deed and intention] to Him."
হে নবী আপুনি কওঁক, হে আহলে কিতাব! তোমালোকে মোৰ লগত এই কথাত বিতৰ্ক কৰা নেকি যে, তোমালোকে আমাৰ তুলনাত আল্লাহ আৰু তেওঁৰ ধৰ্মৰ বেছি হকদাৰ, এই কাৰণে নেকি যে, তোমালোকৰ ধৰ্ম পুৰণি আৰু তোমালোকৰ পুথি আগতে অৱতীৰ্ণ হৈছে? তেন্তে শুনা! ইয়াৰ দ্বাৰা তোমালোকৰ কোনো লাভ নহব। কিয়নো আল্লাহ আমাৰ সকলোৰে ৰব্ব, অকল তোমালোকৰ ৰব্ব নহয়। আমাৰ বাবে আমাৰ কৰ্ম, আমাৰ কৰ্ম সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহব। আৰু তোমালোকৰ বাবে তোমালোকৰ কৰ্ম, তোমালোকৰ কৰ্ম সম্পৰ্কে আমাক সোধ-পোচ কৰা নহব। প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হব। আমি কেৱল আল্লাহৰ ইবাদত আৰু অনুসৰণ কৰো। তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো।
2:140Page 21
أَمۡ تَقُولُونَ إِنَّ إِبۡرَٰهِـۧمَ وَإِسۡمَٰعِيلَ وَإِسۡحَٰقَ وَيَعۡقُوبَ وَٱلۡأَسۡبَاطَ كَانُواْ هُودًا أَوۡ نَصَٰرَىٰۗ قُلۡ ءَأَنتُمۡ أَعۡلَمُ أَمِ ٱللَّهُۗ وَمَنۡ أَظۡلَمُ مِمَّن كَتَمَ شَهَٰدَةً عِندَهُۥ مِنَ ٱللَّهِۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ ١٤٠
Or do you say that Abraham and Ishmael and Isaac and Jacob and the Descendants were Jews or Christians? Say, "Are you more knowing or is Allāh?" And who is more unjust than one who conceals a testimony1 he has from Allāh? And Allāh is not unaware of what you do.
হে আহলে কিতাব! তোমালোকে এইটো কোৱা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁলোকৰ বংশধৰ সকলৰ আন আন নবীসকল ইয়াহুদী অথবা খৃষ্টান আছিল? হে নবী! সিহঁতক উত্তৰ দি কওঁক, তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে? যদি সিহঁতে এইটো ভাৱে যে, সকলো নবী সিহঁতৰ ধৰ্মৰ অনুসাৰী আছিল তেন্তে সিহঁত মিছলীয়া। কিয়নো তেওঁলোকৰ মৃত্যু তাওৰাত আৰু ইঞ্জীল অৱতীৰ্ণ হোৱাৰ আগতেই হৈছিল। ইয়াৰ দ্বাৰা বুজা গল যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰিছিল। আৰু সিহঁতে সেই সত্য গোপন কৰিছিল যিটো সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছিল। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোন হব পাৰে যিয়ে নিজৰ ওচৰত থকা আল্লাহৰ প্ৰমাণিত সাক্ষী গোপন কৰে। যেনে- আহলে কিতাবসকলে কৰিছিল। আল্লাহে তোমালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয় আৰু তেওঁ নিশ্চয় ইয়াৰ প্ৰতিদান দিব।
2:141Page 21
تِلۡكَ أُمَّةٞ قَدۡ خَلَتۡۖ لَهَا مَا كَسَبَتۡ وَلَكُم مَّا كَسَبۡتُمۡۖ وَلَا تُسۡـَٔلُونَ عَمَّا كَانُواْ يَعۡمَلُونَ ١٤١
That is a nation which has passed on. It will have [the consequence of] what it earned, and you will have what you have earned. And you will not be asked about what they used to do.
সেয়া তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা এটা সম্প্ৰদায়। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে তেওঁলোকৰ কৰ্ম তেওঁলোকৰ, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব। আৰু কোনেও আনৰ গুনাহৰ বাবে জবাবদিহী নহব। লগতে কোনেও আনৰ আমলেৰে লাভাম্বিত নহব। বৰং প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হব।
2:142Page 22
۞ سَيَقُولُ ٱلسُّفَهَآءُ مِنَ ٱلنَّاسِ مَا وَلَّىٰهُمۡ عَن قِبۡلَتِهِمُ ٱلَّتِي كَانُواْ عَلَيۡهَاۚ قُل لِّلَّهِ ٱلۡمَشۡرِقُ وَٱلۡمَغۡرِبُۚ يَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ١٤٢
The foolish among the people will say, "What has turned them away from their qiblah,1 which they used to face?"2 Say, "To Allāh belongs the east and the west. He guides whom He wills to a straight path."
অজ্ঞান তথা নিৰ্বোধ ইয়াহুদী আৰু সিহঁতৰ লগত হয় ভৰ দিয়া মুনাফিকসকলে নিশ্চয় কব যে, ইতিপূৰ্বে দেখুন মুছলিমসকলৰ কিবলা বাইতুল মাক্বদিছ আছিল, এতিয়া কিয় সেই কিবলা পৰিত্যাগ কৰিলে? হে নবী! আপুনি কৈ দিয়ক, পূৱ, পশ্চিম আৰু সকলো দিশৰ ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ তেওঁৰ বান্দাসকলক যিপিনে ইচ্ছা সেই পিনেই মুখ কৰিবলৈ আদেশ দিব পাৰে। তেওঁ নিজ বান্দাসকলৰ যাকে ইচ্ছা তাকেই পোন বাটৰ হিদায়ত দিয়ে যি বাটত কোনো বক্ৰতা নাই আৰু ভ্ৰষ্টতাও নাই।
2:143Page 22
وَكَذَٰلِكَ جَعَلۡنَٰكُمۡ أُمَّةٗ وَسَطٗا لِّتَكُونُواْ شُهَدَآءَ عَلَى ٱلنَّاسِ وَيَكُونَ ٱلرَّسُولُ عَلَيۡكُمۡ شَهِيدٗاۗ وَمَا جَعَلۡنَا ٱلۡقِبۡلَةَ ٱلَّتِي كُنتَ عَلَيۡهَآ إِلَّا لِنَعۡلَمَ مَن يَتَّبِعُ ٱلرَّسُولَ مِمَّن يَنقَلِبُ عَلَىٰ عَقِبَيۡهِۚ وَإِن كَانَتۡ لَكَبِيرَةً إِلَّا عَلَى ٱلَّذِينَ هَدَى ٱللَّهُۗ وَمَا كَانَ ٱللَّهُ لِيُضِيعَ إِيمَٰنَكُمۡۚ إِنَّ ٱللَّهَ بِٱلنَّاسِ لَرَءُوفٞ رَّحِيمٞ ١٤٣
And thus We have made you a median [i.e., just] community that you will be witnesses over the people and the Messenger will be a witness over you. And We did not make the qiblah which you used to face except that We might make evident who would follow the Messenger from who would turn back on his heels.1 And indeed, it is difficult except for those whom Allāh has guided. And never would Allāh have caused you to lose your faith [i.e., your previous prayers]. Indeed Allāh is, to the people, Kind and Merciful.
যিদৰে আমি তোমালোকৰ বাবে নিজৰ পছন্দ অনুযায়ী কিবলা নিৰ্বাচন কৰিছো, সেইদৰে আমি তোমালোকক আক্বীদাহ, ইবাদত আৰু লেনদেনৰ ক্ষেত্ৰতো সকলো উম্মতৰ মাজত উত্তম, ন্যায় পথত পৰিচালিত তথা মধ্যৱৰ্তী উম্মত বনাইছো। যাতে তোমালোকে কিয়ামতৰ দিনা সকলো ৰাছুলৰ সপক্ষে সাক্ষী হব পাৰা যে, তেওঁলোকে নিজ উম্মতক আল্লাহৰ দ্বীন পৌঁচাই দিছিল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ বিষয়ে এই সাক্ষ্য প্ৰদান কৰিব যে, তেওঁ তোমালোকক আল্লাহৰ দ্বীন পৌঁচাই দিছে। আৰু আমি বাইতুল মাক্বদিছৰ ঠাইত কাবা ঘৰক কিবলা এই কাৰণে বনাইছো, যাতে এই কথা স্পষ্ট হয় যে, আল্লাহৰ ফয়চালাত কোন সন্তুষ্ট হৈ শিৰ নত কৰে আৰু ৰাছুলৰ অনুসৰণ কৰে। লগতে এই কথাও যাতে স্পষ্ট হয় যে, কোন তেওঁৰ ধৰ্মৰ পৰা আঁতৰি প্ৰবৃত্তিৰ অনুসৰণ কৰে আৰু আল্লাহৰ ফয়চালাক অৱজ্ঞা কৰে। যদিও প্ৰথম কিবলা পৰিবৰ্তনৰ আদেশটো আছিল বৰ ডাঙৰ বিষয়, কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু এই কথা বিশ্বাস কৰে যে, আল্লাহৰ কোনো আদেশেই ৰহস্যহীন নহয় তেনে ব্যক্তিৰ বাবে এই আদেশটো কোনো ডাঙৰ কথা নহয়। আৰু আল্লাহে তোমালোকৰ ঈমান বিনষ্ট নকৰিব; কিবলা পৰিবৰ্তন হোৱাৰ পূৰ্বে আদায় কৰা ছলাতসমূহ ঈমানৰেই অন্তৰ্ভুক্ত। প্ৰকৃততে আল্লাহ মানুহৰ বাবে অত্যন্ত কৰুণাময়, দয়াৱান। সেয়ে তেওঁ তোমালোকক কষ্টও দিব নিবিচাৰে আৰু তোমালোকৰ কৰ্মকো ব্যৰ্থ কৰিব নোৱাৰে।
2:144Page 22
قَدۡ نَرَىٰ تَقَلُّبَ وَجۡهِكَ فِي ٱلسَّمَآءِۖ فَلَنُوَلِّيَنَّكَ قِبۡلَةٗ تَرۡضَىٰهَاۚ فَوَلِّ وَجۡهَكَ شَطۡرَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِۚ وَحَيۡثُ مَا كُنتُمۡ فَوَلُّواْ وُجُوهَكُمۡ شَطۡرَهُۥۗ وَإِنَّ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ لَيَعۡلَمُونَ أَنَّهُ ٱلۡحَقُّ مِن رَّبِّهِمۡۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا يَعۡمَلُونَ ١٤٤
We have certainly seen the turning of your face, [O Muḥammad], toward the heaven, and We will surely turn you to a qiblah with which you will be pleased. So turn your face [i.e., yourself] toward al-Masjid al-Ḥarām.1 And wherever you [believers] are, turn your faces [i.e., yourselves] toward it [in prayer]. Indeed, those who have been given the Scripture [i.e., the Jews and the Christians] well know that it is the truth from their Lord. And Allāh is not unaware of what they do.
হে নবী! আমি আপোনাৰ মুখমণ্ডল আৰু দৃষ্টিক বাৰে বাৰে আকাশৰ পিনে উঠোৱা লক্ষ্য কৰিছো। আপুনি এই আশাত আছে যে, আপোনাৰ পছন্দৰ কিবলাৰ পিনে মুখ কৰি ছালাত আদায় কৰাৰ অনুমতি প্ৰাপ্ত হওঁক। এতেকে আমি অনতিপলমে বৰ্তমানৰ কিবলা বাইতুল মাক্বদিছৰ পৰিবৰ্তে আপোনাৰ পছন্দৰ কিবলা অৰ্থাৎ কাবা ঘৰৰ পিনে মুখ ঘূৰাই দিম। গতিকে এতিয়া মক্কাত অৱস্থিত পৱিত্ৰ ঘৰৰ পিনে মুখ কৰি লওঁক। হে মুছলিমসকল! তোমালোকে য’তে নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। দৰাচলতে ইয়াহুদী আৰু খৃষ্টানসকলে এই কথা অৱগত যে, কিবলা পৰিবৰ্তনৰ আদেশ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে আৰু ইয়াৰ সত্যতাত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিয়নো সিহঁতৰ পুথিত ইয়াৰ উল্লেখ আছে। এনেকুৱা সত্যৰ পৰা পলায়নকাৰী সকলৰ কৰ্ম সম্পৰ্কে আল্লাহ অমনোযোগী নহয়। বৰং আল্লাহ সেই বিষয়ে সম্যক অৱগত আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।
2:145Page 22
وَلَئِنۡ أَتَيۡتَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ بِكُلِّ ءَايَةٖ مَّا تَبِعُواْ قِبۡلَتَكَۚ وَمَآ أَنتَ بِتَابِعٖ قِبۡلَتَهُمۡۚ وَمَا بَعۡضُهُم بِتَابِعٖ قِبۡلَةَ بَعۡضٖۚ وَلَئِنِ ٱتَّبَعۡتَ أَهۡوَآءَهُم مِّنۢ بَعۡدِ مَا جَآءَكَ مِنَ ٱلۡعِلۡمِ إِنَّكَ إِذٗا لَّمِنَ ٱلظَّٰلِمِينَ ١٤٥
And if you brought to those who were given the Scripture every sign, they would not follow your qiblah. Nor will you be a follower of their qiblah. Nor would they be followers of one another's qiblah. So if you were to follow their desires after what has come to you of knowledge, indeed, you would then be among the wrongdoers.
আল্লাহৰ শপত! হে নবী আপুনি যদি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানৰ সন্মুখত সকলো প্ৰকাৰৰ নিদৰ্শন ও দলীল-প্ৰমাণ দাঙি ধৰি প্ৰমাণ কৰে যে, কিবলা পৰিবৰ্তন হোৱাৰ আদেশ সত্য; তথাপিও সিহঁতে শত্ৰুতা আৰু সত্যৰ অনুসৰণৰ পৰা অহংকাৰ কৰি আপোনাৰ কিবলাৰ পিনে মুখ নকৰিব। আনহাতে আপুনিও সিহঁতৰ কিবলাৰ অনুসৰণ নকৰিব যিহেতু আল্লাহে আপোনাক তাৰ পৰা ওভোতাই আনিছে। বৰং সিহঁতৰো কোনো পক্ষই ইজনে সিজনৰ কিবলাৰ অনুসৰণ নকৰিব। কাৰণ সিহঁতৰ প্ৰত্যেক দলে ইজনে সিজনক কাফিৰ বুলি ভাৱে। যদি আপুনি কিবলা তথা আন কোনো চৰীয়তি বিষয়ৰ ক্ষেত্ৰত, আপোনাৰ ওচৰত সন্দেহমুক্ত সঠিক জ্ঞান অহাৰ পিছতো সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে তেন্তে নিশ্চয় আপুনি হিদায়ত ত্যাগ কৰি প্ৰবৃত্তিৰ অনুসৰণত লিপ্ত হোৱাৰ ফলত অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাব। এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি এই কাৰণেই কোৱা হৈছে যাতে আহলে কিতাবৰ অনুসৰণৰ ক্ষতি ও ভয়াৱহতা স্পষ্ট কৰিব পৰা যায়। অন্যথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণৰ পৰা স্বয়ং আল্লাহে সুৰক্ষা প্ৰদান কৰিছে। দৰাচলতে এয়া তেখেতৰ উম্মতৰ বাবে সতৰ্কবাণী।
2:146Page 23
ٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يَعۡرِفُونَهُۥ كَمَا يَعۡرِفُونَ أَبۡنَآءَهُمۡۖ وَإِنَّ فَرِيقٗا مِّنۡهُمۡ لَيَكۡتُمُونَ ٱلۡحَقَّ وَهُمۡ يَعۡلَمُونَ ١٤٦
Those to whom We gave the Scripture know him [i.e., Prophet Muḥammad (ﷺ)] as they know their own sons. But indeed, a party of them conceal the truth while they know [it].
যিসকলক আমি কিতাব প্ৰদান কৰিছো অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ধৰ্ম গুৰুসকলে কিবলা পৰিবৰ্তনৰ এই বিষয়টো যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ নিদৰ্শনসমূহৰ এটা নিদৰ্শন, এই কথাটো সিহঁতে সেই দৰেই জানে যিদৰে সিহঁতে নিজৰ সন্তানক চিনি পায় বা সিহঁতৰ মাজত পাৰ্থক্য কৰিব পাৰে। ইয়াৰ পিছতো সিহঁতৰ এটা দলে সত্য গোপন কৰে। দৰাচলতে সিহঁতে সত্য জনাৰ পিছতো কেৱল ঈৰ্ষাৰ ফলত সেয়া গোপন কৰে।
2:147Page 23
ٱلۡحَقُّ مِن رَّبِّكَ فَلَا تَكُونَنَّ مِنَ ٱلۡمُمۡتَرِينَ ١٤٧
The truth is from your Lord, so never be among the doubters.
হে ৰাছুল! এইটোৱে আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। এতেকে আপুনি কদাপিও ইয়াৰ সত্যতাত সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহব।
2:148Page 23
وَلِكُلّٖ وِجۡهَةٌ هُوَ مُوَلِّيهَاۖ فَٱسۡتَبِقُواْ ٱلۡخَيۡرَٰتِۚ أَيۡنَ مَا تَكُونُواْ يَأۡتِ بِكُمُ ٱللَّهُ جَمِيعًاۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ١٤٨
For each [religious following] is a [prayer] direction toward which it faces. So race to [all that is] good. Wherever you may be, Allāh will bring you forth [for judgement] all together. Indeed, Allāh is over all things competent.
প্ৰত্যেক উম্মতৰে এটা নিৰ্দিষ্ট দিশ আছে, যিফালে সিহঁতে মুখ কৰে। সেই দিশটো বাহ্যিক হওঁক অথবা আভ্যন্তৰীণ। এই কাৰণেই বেলেগ বেলেগ সম্প্ৰদায়ৰ বেলেগ বেলেগ কিবলা আৰু বেলেগ বেলেগ চৰীয়তি আদেশ। সেয়ে যদি দিশৰ এই ভিন্নতা আল্লাহৰ আদেশ আৰু তেওঁৰ চৰীয়ত অনুসাৰে হয় তেন্তে তো কোনো অসুবিধা থকাৰ কথা নহয়। এতেকে হে মুমিনসকল! সত্কৰ্মত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰা যিটো কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। তোমালোকে যতেই নাথাকা কিয় কিয়ামতৰ দিনা আল্লাহে তোমালোকক একত্ৰিত কৰিব, যাতে তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। এতেকে তোমালোকক একত্ৰিত কৰা আৰু প্ৰতিদান দিয়া তেওঁৰ বাবে কোনো কঠিন কাম নহয়।
2:149Page 23
وَمِنۡ حَيۡثُ خَرَجۡتَ فَوَلِّ وَجۡهَكَ شَطۡرَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِۖ وَإِنَّهُۥ لَلۡحَقُّ مِن رَّبِّكَۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ ١٤٩
So from wherever you go out [for prayer, O Muḥammad], turn your face toward al-Masjid al-Ḥarām, and indeed, it is the truth from your Lord. And Allāh is not unaware of what you do.
হে নবী! আপুনি আৰু আপোনাৰ অনুসাৰীসকলে য’ৰ পৰাই নোলাওঁক আৰু যি ঠাইতে অৱস্থান নকৰক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লয় যেন। কাৰণ এইটোৱে আপোনাৰ প্ৰতিপালকৰ সত্য আদেশ যিটো অহীৰ দ্বাৰা আপোনাক জনোৱা হৈছে। আল্লাহ আপোনালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয়। তেওঁ এই বিষয়ে সম্যক অৱগত আৰু তেওঁ ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।
2:150Page 23
وَمِنۡ حَيۡثُ خَرَجۡتَ فَوَلِّ وَجۡهَكَ شَطۡرَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِۚ وَحَيۡثُ مَا كُنتُمۡ فَوَلُّواْ وُجُوهَكُمۡ شَطۡرَهُۥ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَيۡكُمۡ حُجَّةٌ إِلَّا ٱلَّذِينَ ظَلَمُواْ مِنۡهُمۡ فَلَا تَخۡشَوۡهُمۡ وَٱخۡشَوۡنِي وَلِأُتِمَّ نِعۡمَتِي عَلَيۡكُمۡ وَلَعَلَّكُمۡ تَهۡتَدُونَ ١٥٠
And from wherever you go out [for prayer], turn your face toward al-Masjid al-Ḥarām. And wherever you [believers] may be, turn your faces toward it in order that the people will not have any argument against you, except for those of them who commit wrong; so fear them not but fear Me. And [it is] so I may complete My favor upon you and that you may be guided,
হে নবী! আপুনি য’ৰ পৰাই নোলাওক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লওক। লগতে হে মুমিনসকল! তোমালোকে য’তেই নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। যাতে মানুহে তোমালোকৰ বিৰুদ্ধে কোনো দলীল বিচাৰি নাপায়। কিন্তু অন্যায়কাৰী লোকসকলৰ কথাটো বেলেগ। কিয়নো সিহঁত বিদ্বেষপূৰ্ণ আচৰণত অটল থাকিব আৰু তোমালোকৰ বিৰুদ্ধে দুৰ্বলতকৈ দুৰ্বল প্ৰমাণ প্ৰস্তুত কৰি থাকিব। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, বৰং নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰকৃততে আল্লাহে কাবা ঘৰৰ পিনে মুখ কৰাৰ আদেশ এই কাৰণেই দিছে যাতে তোমালোকক আন আন সম্প্ৰদায়ৰ পৰা পৃথক পৰিচয় প্ৰদান কৰি তোমালোকৰ ওপৰত তেওঁৰ নিয়ামতসমূহ সম্পূৰ্ণ কৰিব পাৰে লগতে যাতে তোমালোকক সৰ্বশ্ৰেষ্ঠ কিবলাৰ পিনে হিদায়ত দিয়ে।
2:151Page 23
كَمَآ أَرۡسَلۡنَا فِيكُمۡ رَسُولٗا مِّنكُمۡ يَتۡلُواْ عَلَيۡكُمۡ ءَايَٰتِنَا وَيُزَكِّيكُمۡ وَيُعَلِّمُكُمُ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَيُعَلِّمُكُم مَّا لَمۡ تَكُونُواْ تَعۡلَمُونَ ١٥١
Just as We have sent among you a messenger from yourselves reciting to you Our verses and purifying you and teaching you the Book and wisdom1 and teaching you that which you did not know.
যিদৰে আমি ইতিপূৰ্বে তোমালোকৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছো, তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছো, তেওঁ তোমালোকক আমাৰ আয়াতসমূহ পাঠ কৰি শুনায়। তোমালোকক সদাচৰণ তথা সত্কৰ্মৰ আদেশ আৰু অসৎ আচৰণ তথা অসৎ কৰ্মৰ পৰা নিষেধ কৰি পৱিত্ৰ কৰে। লগতে তোমালোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা দিয়ে। লগতে তোমালোকক দ্বীন দুনীয়া সম্পৰ্কে এনেকুৱা শিক্ষা দিয়ে যিটো তোমাকে আগতে জনা নাছিলা।
2:152Page 23
فَٱذۡكُرُونِيٓ أَذۡكُرۡكُمۡ وَٱشۡكُرُواْ لِي وَلَا تَكۡفُرُونِ ١٥٢
So remember Me; I will remember you. And be grateful to Me and do not deny Me.
তোমালোকে নিজৰ অন্তৰ আৰু শৰীৰৰ দ্বাৰা মোক স্মৰণ কৰা। মই তোমালোকক প্ৰশংসা আৰু সুৰক্ষা প্ৰদানৰ দ্বাৰা স্মৰণ কৰিম। কিয়নো প্ৰতিদান অনুৰূপ কৰ্মৰ দ্বাৰাই প্ৰদান কৰা হয়। মোৰ সেইসমূহ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যিবোৰ মই তোমালোকৰ ওপৰত কৰিছো। সেইবোৰ অস্বীকাৰ কৰি আৰু সেইবোৰ অবৈধ কৰ্মত ব্যৱহাৰ কৰি মোৰ অকৃতজ্ঞতা নকৰিবা।
2:153Page 23
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱسۡتَعِينُواْ بِٱلصَّبۡرِ وَٱلصَّلَوٰةِۚ إِنَّ ٱللَّهَ مَعَ ٱلصَّٰبِرِينَ ١٥٣
O you who have believed, seek help through patience and prayer. Indeed, Allāh is with the patient.
হে ঈমান্দাৰসকল! মোৰ আনুগত্য আৰু আদেশ পালন কৰিবলৈ ধৈৰ্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে, তেওঁ তেওঁলোকক সামৰ্থ প্ৰদান কৰে তথা তেওঁলোকৰ সহায় কৰে।
2:154Page 24
وَلَا تَقُولُواْ لِمَن يُقۡتَلُ فِي سَبِيلِ ٱللَّهِ أَمۡوَٰتُۢۚ بَلۡ أَحۡيَآءٞ وَلَٰكِن لَّا تَشۡعُرُونَ ١٥٤
And do not say about those who are killed in the way of Allāh, "They are dead." Rather, they are alive, but you perceive [it] not.
হে মুমিনসকল! যিসকলে আল্লাহৰ পথত জিহাদ কৰি শ্বহীদ হৈছে, তেওঁলোকৰ বিষয়ে এইটো নাভাবিবা যে, তেওঁলোকে সাধাৰণ ব্যক্তিৰ দৰে মৃত্যুবৰণ কৰিছে। বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত। কিন্তু তোমালোকে তেওঁলোকৰ জীৱনক ঠাৱৰ কৰিব নোৱাৰিবা। কাৰণ তেওঁলোকক এটা বিশেষ জীৱন দান দিয়া হয়। এই বিষয়ে অৱগত হোৱাৰ একমাত্ৰ মাধ্যম হৈছে অহী।
2:155Page 24
وَلَنَبۡلُوَنَّكُم بِشَيۡءٖ مِّنَ ٱلۡخَوۡفِ وَٱلۡجُوعِ وَنَقۡصٖ مِّنَ ٱلۡأَمۡوَٰلِ وَٱلۡأَنفُسِ وَٱلثَّمَرَٰتِۗ وَبَشِّرِ ٱلصَّٰبِرِينَ ١٥٥
And We will surely test you with something of fear and hunger and a loss of wealth and lives and fruits, but give good tidings to the patient,
আমি তোমালোকক অৱশ্যে বিভিন্ন প্ৰকাৰৰ বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰিম। কেতিয়াবা শত্ৰুৰ ভয় আকৌ কেতিয়াবা খাদ্য বস্তুৰ অনাটনৰ বাবে ভোকৰ জৰিয়তে, কেতিয়াবা ধন-সম্পত্তিত ক্ষয়-ক্ষতি আকৌ কেতিয়াবা সেয়া অৰ্জনত বাধাৰ জৰিয়তে পৰীক্ষা কৰা হব। কেতিয়াবা বিপদ-আপদত জীৱন ধ্বংস অথবা আল্লাহৰ পথত শ্বহীদ হোৱাৰ ফলত প্ৰাণ হেৰুৱাৰ দ্বাৰা পৰীক্ষা কৰা হব। আকৌ কেতিয়াবা ভূমিজাত শস্যৰ উত্পাদনত হ্ৰাস পাব। এতেকে হে নবী! এনেকুৱা বিপদত ধৈৰ্য ধাৰণকাৰী সকলক পৃথিৱী আৰু আখিৰাতত আনন্দৰ সুসংবাদ দিয়ক।
2:156Page 24
ٱلَّذِينَ إِذَآ أَصَٰبَتۡهُم مُّصِيبَةٞ قَالُوٓاْ إِنَّا لِلَّهِ وَإِنَّآ إِلَيۡهِ رَٰجِعُونَ ١٥٦
Who, when disaster strikes them, say, "Indeed we belong to Allāh, and indeed to Him we will return."
যেতিয়া তেওঁলোকে এইসমূহ বিপদৰ পৰা কোনো এটা বিপদত আক্ৰান্ত হয় তেতিয়া তেওঁলোকে আল্লাহৰ সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰি কয়ঃ আমি আল্লাহৰেই সম্পত্তি, আল্লাহে আমাক যি অৱস্থাত ৰাখিব সেইটোৱে উত্তম আৰু নিশ্চয় আমি ক্বিয়ামতৰ দিনা তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিম। তেৱেঁই আমাক সৃষ্টি কৰিছে আৰু তেওঁৰ অশেষ কৃপাত আমাক বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহ প্ৰদান কৰিছে। তেওঁৰ পিনেই আমি উভতি যাব লাগিব আৰু এয়াই আমাৰ অন্ত।
2:157Page 24
أُوْلَٰٓئِكَ عَلَيۡهِمۡ صَلَوَٰتٞ مِّن رَّبِّهِمۡ وَرَحۡمَةٞۖ وَأُوْلَٰٓئِكَ هُمُ ٱلۡمُهۡتَدُونَ ١٥٧
Those are the ones upon whom are blessings from their Lord and mercy. And it is those who are the [rightly] guided.
এই ধৰণৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিৰেই আল্লাহে তেওঁৰ নিকটৱৰ্তী ফিৰিস্তাসকলৰ মাজত প্ৰশংসা কৰে। এওঁলোকৰ ওপৰতেই আল্লাহৰ ৰহমত অৱতীৰ্ণ হয় আৰু এওঁলোকেই হিদায়ত প্ৰাপ্ত।
2:158Page 24
۞ إِنَّ ٱلصَّفَا وَٱلۡمَرۡوَةَ مِن شَعَآئِرِ ٱللَّهِۖ فَمَنۡ حَجَّ ٱلۡبَيۡتَ أَوِ ٱعۡتَمَرَ فَلَا جُنَاحَ عَلَيۡهِ أَن يَطَّوَّفَ بِهِمَاۚ وَمَن تَطَوَّعَ خَيۡرٗا فَإِنَّ ٱللَّهَ شَاكِرٌ عَلِيمٌ ١٥٨
Indeed, aṣ-Ṣafā and al-Marwah are among the symbols1 of Allāh. So whoever makes ḥajj [pilgrimage] to the House or performs ʿumrah - there is no blame upon him for walking between them.2 And whoever volunteers good - then indeed, Allāh is Appreciative3 and Knowing.
চাফা আৰু মাৰৱা কাবা ঘৰৰ ওচৰতে অৱস্থিত সকলোৰে পৰিচিত দুটা পৰ্বত। উক্ত পৰ্বত দুটা চৰীয়তৰ বাহ্য চিহ্ন। এতেকে যিয়ে হজ্জ অথবা উমৰাহ কৰিবলৈ কাবা ঘৰত যাব, তেওঁ যদি এই দুটা পৰ্বতৰ মাজত প্ৰদক্ষিণ কৰে তেন্তে কোনো গুনাহ নহয়। ইয়াত গুনাহ নোহোৱাৰ কথাটো উল্লেখ কৰি সেই সকল মুছলিমক সান্তনা দিয়া হৈছে যিসকলে ইয়াৰ মাজত কৰা প্ৰদক্ষিণক অজ্ঞতা যুগৰ কৰ্ম বুলি ভাৱিছিল। এতেকে আল্লাহে স্পষ্ট কৰি দিলে যে, এইটোও হজ্জৰ এটা কৰ্ম। গতিকে যিয়ে মুস্তাহাব ইবাদত নিৰ্ভেজালভাৱে পালন কৰিব, আল্লাহে তাৰ ইবাদতক মৰ্যদা প্ৰদান কৰিব আৰু সেয়া কবুল কৰি তাক প্ৰতিদান দিব। আল্লাহে ভালদৰে জানে কোনে সত্কৰ্ম কৰে আৰু কোন ছোৱাবৰ অধিকাৰী।
2:159Page 24
إِنَّ ٱلَّذِينَ يَكۡتُمُونَ مَآ أَنزَلۡنَا مِنَ ٱلۡبَيِّنَٰتِ وَٱلۡهُدَىٰ مِنۢ بَعۡدِ مَا بَيَّنَّٰهُ لِلنَّاسِ فِي ٱلۡكِتَٰبِ أُوْلَٰٓئِكَ يَلۡعَنُهُمُ ٱللَّهُ وَيَلۡعَنُهُمُ ٱللَّٰعِنُونَ ١٥٩
Indeed, those who conceal what We sent down of clear proofs and guidance after We made it clear for the people in the Scripture - those are cursed by Allāh and cursed by those who curse,1
ইয়াহুদী আৰু খৃষ্টানসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ইছলামৰ সত্যতা প্ৰকাশ কৰা নিদৰ্শনসমূহক গোপন কৰে, অথচ সেইবোৰ সিহঁতৰ পুথিত লিপিবদ্ধ আছে, তেনেকুৱা ব্যক্তিক আল্লাহে তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে। লগতে সকলো ফিৰিস্তা, নবীসকল আৰু সকলো মানুহে এই দুআ কৰে যে, আল্লাহে যেন সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখে।
2:160Page 24
إِلَّا ٱلَّذِينَ تَابُواْ وَأَصۡلَحُواْ وَبَيَّنُواْ فَأُوْلَٰٓئِكَ أَتُوبُ عَلَيۡهِمۡ وَأَنَا ٱلتَّوَّابُ ٱلرَّحِيمُ ١٦٠
Except for those who repent and correct themselves and make evident [what they concealed]. Those - I will accept their repentance, and I am the Accepting of Repentance,1 the Merciful.
আনহাতে যিয়ে এই স্পষ্ট নিদৰ্শনসমূহ গোপন কৰাৰ কাৰণে অনুতপ্ত হৈ আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব লগতে নিজৰ বাহ্যিক আৰু আভ্যন্তৰীণ কৰ্মসমূহ শুধৰাই লব লগতে এই কথাও স্পষ্ট কৰিব যে, সি কি কি সত্য আৰু হিদায়ত গোপন কৰিছিল তেন্তে মই মোৰ আনুগত্যত সিহঁতৰ এই প্ৰত্যাৱৰ্তন স্বীকাৰ কৰিম। কিয়নো মই মোৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰো আৰু সিহঁতৰ প্ৰতি দয়া কৰোঁ।
2:161Page 24
إِنَّ ٱلَّذِينَ كَفَرُواْ وَمَاتُواْ وَهُمۡ كُفَّارٌ أُوْلَٰٓئِكَ عَلَيۡهِمۡ لَعۡنَةُ ٱللَّهِ وَٱلۡمَلَٰٓئِكَةِ وَٱلنَّاسِ أَجۡمَعِينَ ١٦١
Indeed, those who disbelieve and die while they are disbelievers - upon them will be the curse of Allāh and of the angels and the people, all together,
নিশ্চয় যিসকলে কুফৰ কৰিছে আৰু তাওবা নকৰাকৈ কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। লগতে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে আৰু সকলো ফিৰিস্তা তথা সকলো মানুহে সিহঁতৰ বাবে আল্লাহৰ ৰহমতৰ পৰা দূৰত্বৰ বদ দুআ কৰে।
2:162Page 24
خَٰلِدِينَ فِيهَا لَا يُخَفَّفُ عَنۡهُمُ ٱلۡعَذَابُ وَلَا هُمۡ يُنظَرُونَ ١٦٢
Abiding eternally therein. The punishment will not be lightened for them, nor will they be reprieved.
সিহঁত সদায় এই অভিশাপত থাকিব। এদিনৰ কাৰণেও সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহব আনকি কিয়ামতৰ দিনাও সিহঁতক অৱসৰ দিয়া নহব।
2:163Page 24
وَإِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ لَّآ إِلَٰهَ إِلَّا هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ ١٦٣
And your god is one God. There is no deity [worthy of worship] except Him, the Entirely Merciful, the Especially Merciful.
হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই। তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ফালৰ পৰাও অদ্বিতীয়। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰম দয়ালু, বান্দাৰ প্ৰতি অতি দয়াশীল। সেয়ে তেওঁ বান্দাসকলক অসংখ্য- অগণন অনুগ্ৰহ দান কৰিছে।
2:164Page 25
إِنَّ فِي خَلۡقِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ وَٱلۡفُلۡكِ ٱلَّتِي تَجۡرِي فِي ٱلۡبَحۡرِ بِمَا يَنفَعُ ٱلنَّاسَ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن مَّآءٖ فَأَحۡيَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَا وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٖ وَتَصۡرِيفِ ٱلرِّيَٰحِ وَٱلسَّحَابِ ٱلۡمُسَخَّرِ بَيۡنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِ لَأٓيَٰتٖ لِّقَوۡمٖ يَعۡقِلُونَ ١٦٤
Indeed, in the creation of the heavens and the earth, and the alternation of the night and the day, and the [great] ships which sail through the sea with that which benefits people, and what Allāh has sent down from the heavens of rain, giving life thereby to the earth after its lifelessness and dispersing therein every [kind of] moving creature, and [His] directing of the winds and the clouds controlled between the heaven and earth are signs for a people who use reason.
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত আৰু এই দুয়োৰ মাজত থকা অদ্ভূত সৃষ্টিৰ মাজত লগতে দিন ৰাতিৰ আৱৰ্তনত আৰু খাদ্য, বস্ত্ৰ আৰু ব্যৱসায়-বাণিজ্যৰ পণ্য আদি মানুহৰ লাগতীয়াল বস্তু লৈ সাগৰত চলাচল কৰা জাহাজৰ মাজত আৰু আল্লাহে আকাশৰ পৰা অৱতীৰ্ণ কৰা পানীৰ মাজত, যাৰ দ্বাৰা আল্লাহে পৃথিৱীক সজীৱ কৰি তোলে আৰু যাৰ দ্বাৰা উত্পাদন হয় শস্য আৰু ঘাঁহ-বন লগতে পৃথিৱীত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ মাজত আৰু বতাহক ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাই দিয়াৰ মাজত আৰু আকাশত উৰি ফুৰা মেঘৰ মাজত, এই সকলোবোৰৰ মাজত আছে আল্লাহৰ একত্ববাদৰ স্পষ্ট প্ৰমাণ। সেই ব্যক্তিৰ বাবে যিয়ে প্ৰমাণ বুজি পায়।
2:165Page 25
وَمِنَ ٱلنَّاسِ مَن يَتَّخِذُ مِن دُونِ ٱللَّهِ أَندَادٗا يُحِبُّونَهُمۡ كَحُبِّ ٱللَّهِۖ وَٱلَّذِينَ ءَامَنُوٓاْ أَشَدُّ حُبّٗا لِّلَّهِۗ وَلَوۡ يَرَى ٱلَّذِينَ ظَلَمُوٓاْ إِذۡ يَرَوۡنَ ٱلۡعَذَابَ أَنَّ ٱلۡقُوَّةَ لِلَّهِ جَمِيعٗا وَأَنَّ ٱللَّهَ شَدِيدُ ٱلۡعَذَابِ ١٦٥
And [yet], among the people are those who take other than Allāh as equals [to Him]. They love them as they [should] love Allāh. But those who believe are stronger in love for Allāh. And if only they who have wronged would consider [that] when they see the punishment, [they will be certain] that all power belongs to Allāh and that Allāh is severe in punishment.
এই স্পষ্ট প্ৰমাণসমূহ আৰু নিদৰ্শনসমূহৰ পিছতো কিছুমান মানুহ এনেকুৱা আছে, যিসকলে আনক আল্লাহৰ সমকক্ষ আৰু সমতুল্য কৰি লয়। আৰু সিহঁতৰ লগতো তেনেকুৱাই মুহাব্বত কৰে যেনেকুৱা মুহাব্বত আল্লাহৰ লগত কৰে। আনহাতে এই অসত্য উপাস্যবোৰক ইহঁতে যিমান ভালপায় তাতোকৈ অধিক ঈমান্দাৰসকলে আল্লাহক ভালপায়। কিয়নো তেওঁলোকে কাকো আল্লাহৰ সমকক্ষ নকৰে। লগতে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহক ভালপায়। আনহাতে অসত্য উপাস্যবোৰৰ পূজাৰীসকলে কেৱল সুখৰ সময়ত সিহঁতক ভালপায় আৰু দুখৰ সময়ত কেৱল আল্লাহৰ ওচৰতহে প্ৰাৰ্থনা কৰে। শ্বিৰ্ক আৰু গুনাহত লিপ্ত যালিমসকলে আখিৰাতত শাস্তি দেখি সিহঁতৰ যি অৱস্থা হব সেয়া যদি আজি দেখিলেহেঁতেন তেন্তে বিশ্বাস কৰিলেহেঁতেন যে, বিশ্বজগতত কেৱল আল্লাহেই সৰ্বশক্তিমান। নিশ্চয় তেওঁ পাপিষ্ঠসকলক অতি কঠোৰ শাস্তি প্ৰদান কৰিব। যদি সিহঁতে সেই অৱস্থা দেখিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত অংশী স্থাপন নকৰিলেহেঁতেন।
2:166Page 25
إِذۡ تَبَرَّأَ ٱلَّذِينَ ٱتُّبِعُواْ مِنَ ٱلَّذِينَ ٱتَّبَعُواْ وَرَأَوُاْ ٱلۡعَذَابَ وَتَقَطَّعَتۡ بِهِمُ ٱلۡأَسۡبَابُ ١٦٦
[And they should consider that] when those who have been followed disassociate themselves from those who followed [them], and they [all] see the punishment, and cut off from them are the ties [of relationship],
এইটো সেই সময়ত হব যেতিয়া পৃথিৱীত অনুসৰণ কৰা নেতাসকল কিয়ামত দিৱসৰ ভিষণ পৰিস্থিতি দেখি নিজৰ দুৰ্বল অনুসাৰীসকলৰ পৰা আঁতৰি যাব। লগতে যেতিয়া অনুসাৰীসকলৰ মুক্তিৰ সকলো মাধ্যম বিচ্ছিন্ন হব।
2:167Page 25
وَقَالَ ٱلَّذِينَ ٱتَّبَعُواْ لَوۡ أَنَّ لَنَا كَرَّةٗ فَنَتَبَرَّأَ مِنۡهُمۡ كَمَا تَبَرَّءُواْ مِنَّاۗ كَذَٰلِكَ يُرِيهِمُ ٱللَّهُ أَعۡمَٰلَهُمۡ حَسَرَٰتٍ عَلَيۡهِمۡۖ وَمَا هُم بِخَٰرِجِينَ مِنَ ٱلنَّارِ ١٦٧
Those who followed will say, "If only we had another turn [at worldly life] so we could disassociate ourselves from them as they have disassociated themselves from us." Thus will Allāh show them their deeds as regrets upon them. And they are never to emerge from the Fire.
দুৰ্বল অনুসাৰীসকলে কবঃ হায়! আমি যদি পুনৰ পৃথিৱীত উভতি যোৱাৰ অৱকাশ পালোহেঁতেন! তেন্তে আমিও আমাৰ নেতাসকলৰ পৰা সেইদৰেই সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যিদৰে সিহঁতে আজি আমাৰ লগত কৰিছে। দৰাচলতে আল্লাহে সিহঁতক আখিৰাতৰ কঠিন শাস্তি দেখুৱাব লগতে সিহঁতৰ নেতাসকলৰ অসত্য অনুসৰণৰ শাস্তিও দেখুৱাব, লাঞ্ছিত ও অপমান কৰাৰ বাবে। আৰু সিহঁত জাহান্নামৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
2:168Page 25
يَٰٓأَيُّهَا ٱلنَّاسُ كُلُواْ مِمَّا فِي ٱلۡأَرۡضِ حَلَٰلٗا طَيِّبٗا وَلَا تَتَّبِعُواْ خُطُوَٰتِ ٱلشَّيۡطَٰنِۚ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٌ ١٦٨
O mankind, eat from whatever is on earth [that is] lawful and good and do not follow the footsteps of Satan. Indeed, he is to you a clear enemy.
হে মানৱজাতি! পৃথিৱীত উপলব্ধ জীৱ-জন্তু, গছ, তৃণ-লতা আদিৰ যিবোৰ হালালৰূপে প্ৰাপ্ত হয় লগতে যিবোৰ পৱিত্ৰ সেইবোৰ তোমালোকে ভক্ষণ কৰা। আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু। এতেকে কোনো বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও নিজৰ শত্ৰুৰ কথা মতে নচলিব, যি শত্ৰুৱে সদায় তাক নিৰ্যাতন কৰিবলৈ আৰু পথভ্ৰষ্ট কৰিবলৈ প্ৰয়াস কৰে।
2:169Page 25
إِنَّمَا يَأۡمُرُكُم بِٱلسُّوٓءِ وَٱلۡفَحۡشَآءِ وَأَن تَقُولُواْ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ ١٦٩
He only orders you to evil and immorality and to say about Allāh what you do not know.
সি তোমালোকক ঘৃণনীয় পাপ কৰ্ম আৰু ডাঙৰ ডাঙৰ গুনাহৰ আদেশ দিয়ে, লগতে সি তোমালোকক এই প্ৰেৰণাও যোগায় যে, তোমালোকে যাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা পোৱা জ্ঞান অবিহনে আক্বীদাহ আৰু চৰীয়ত সম্পৰ্কে কথা কোৱা তথা আল্লাহৰ ওপৰত মিছা আৰোপ কৰা।
2:170Page 26
وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُواْ مَآ أَنزَلَ ٱللَّهُ قَالُواْ بَلۡ نَتَّبِعُ مَآ أَلۡفَيۡنَا عَلَيۡهِ ءَابَآءَنَآۚ أَوَلَوۡ كَانَ ءَابَآؤُهُمۡ لَا يَعۡقِلُونَ شَيۡـٔٗا وَلَا يَهۡتَدُونَ ١٧٠
And when it is said to them, "Follow what Allāh has revealed," they say, "Rather, we will follow that which we found our fathers doing." Even though their fathers understood nothing, nor were they guided?
যেতিয়া এই কাফিৰসকলক কোৱা হয় যে, আল্লাহে অৱতীৰ্ণ কৰা হিদায়ত আৰু জ্যোতিৰ অনুসৰণ কৰা, তেতিয়া সিহঁতে অহংকাৰ কৰি কয়ঃ “আমি সেইসমূহ আস্থা আৰু ৰীতি-নীতিৰ অনুসৰণ কৰিম যিটোৰ ওপৰত আমি আমাৰ পূৰ্বপুৰুষসকলক পাইছো”। যদিও সিহঁতৰ পূৰ্বপুৰুষ সকলে হিদায়ত আৰু নূৰ বুজি পোৱা নাছিল লগতে সেই সত্যৰ পথো পোৱা নাছিল যিটোক আল্লাহে পছন্দ কৰে তথাপিও এইসকল লোকে সিহঁতৰেই অনুসৰণ কৰিবনে?
2:171Page 26
وَمَثَلُ ٱلَّذِينَ كَفَرُواْ كَمَثَلِ ٱلَّذِي يَنۡعِقُ بِمَا لَا يَسۡمَعُ إِلَّا دُعَآءٗ وَنِدَآءٗۚ صُمُّۢ بُكۡمٌ عُمۡيٞ فَهُمۡ لَا يَعۡقِلُونَ ١٧١
The example of those who disbelieve is like that of one who shouts at what hears nothing but calls and cries [i.e., cattle or sheep] - deaf, dumb and blind, so they do not understand.
পূৰ্বপুৰুষৰ অনুসৰণৰ ক্ষেত্ৰত কাফিৰসকলৰ উদাহৰণ হৈছে সেই গৰখীয়াৰ দৰে, যিয়ে নিজৰ চতুষ্পদ জন্তুবোৰক চিঞৰি চিঞৰি মাতে। জন্তুৱে তাৰ মাত শুনে কিন্তু তাৰ কথা বুজি নাপায়। এইদৰে এই কাফিৰসকল হৈছে বধিৰ; উপকৃত হোৱাৰ উদ্দেশ্যে সত্য শুনিবলৈ নাপায়। লগতে ইহঁত হৈছে বোবা; সত্য কোৱাৰ ক্ষমতাৰ পৰা বঞ্চিত। আৰু হৈছে অন্ধ; সত্য দেখিবলৈ সক্ষম নহয়। এই কাৰণেই ইহঁতে হিদায়ত বুজি নাপায়, যিফালে আপুনি ইহঁতক মাতি আছে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences