Al-Mukhtasar · Tafsir · in Assamese
Al-Baqarah 2:37–73
2:37Page 6
فَتَلَقَّىٰٓ ءَادَمُ مِن رَّبِّهِۦ كَلِمَٰتٖ فَتَابَ عَلَيۡهِۚ إِنَّهُۥ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ ٣٧
Then Adam received from his Lord [some] words,1 and He accepted his repentance. Indeed, it is He who is the Accepting of Repentance,2 the Merciful.
তাৰ পিছত আল্লাহে আদম আলাইহিছ ছালামৰ অন্তৰত কেইটামান শব্দ অৱতীৰ্ণ কৰিলে আৰু তাৰ দ্বাৰা দুআ কৰিবলৈ আদমৰ অন্তৰত জনাই দিলে। সেই শব্দবোৰেৰে আদম আলাইহিছ ছালামে দুআ কৰিবলৈ ধৰিলে। দুআৰ সেই শব্দবোৰ আল্লাহৰ এই বাণীত উল্লেখ আছে। উভয়ে ক’লে, “হে আমাৰ ৰব্ব! আমি নিজেই নিজৰ প্ৰতি অন্যায় কৰিছো আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্থসকলৰ অন্তৰ্ভুক্ত হম”। (ছুৰা আল-আৰাফঃ ২৩) ফলত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিলে আৰু তেওঁলোকক ক্ষমা কৰি দিলে। তাওবা কিয় কবুল নকৰিব! তেওঁ বান্দাৰ তাওবা অতি আগ্ৰহেৰে কবুল কৰে আৰু তেওঁ বান্দাৰ প্ৰতি অতি দয়ালু।
2:38Page 7
قُلۡنَا ٱهۡبِطُواْ مِنۡهَا جَمِيعٗاۖ فَإِمَّا يَأۡتِيَنَّكُم مِّنِّي هُدٗى فَمَن تَبِعَ هُدَايَ فَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٣٨
We said, "Go down from it, all of you. And when guidance comes to you from Me, whoever follows My guidance - there will be no fear concerning them, nor will they grieve.
আমি সিহঁতক ক'লো, 'তোমালোক আটায়ে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুলসকলৰ জৰিয়তে হিদায়ত আহে, তেন্তে যিয়ে তাৰ অনুসৰণ কৰিব আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আখিৰাতত তাৰ কোনো ভয় নাই আৰু পৃথিৱীৰ অংশ নোপোৱাৰ কাৰণেও কোনো চিন্তা নাই'।
2:39Page 7
وَٱلَّذِينَ كَفَرُواْ وَكَذَّبُواْ بِـَٔايَٰتِنَآ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ٣٩
And those who disbelieve and deny Our signs - those will be companions of the Fire; they will abide therein eternally."
আনহাতে যিয়ে কুফৰী কৰিব আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সিহঁত হৈছে জাহান্নামী। তাৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব।
2:40Page 7
يَٰبَنِيٓ إِسۡرَٰٓءِيلَ ٱذۡكُرُواْ نِعۡمَتِيَ ٱلَّتِيٓ أَنۡعَمۡتُ عَلَيۡكُمۡ وَأَوۡفُواْ بِعَهۡدِيٓ أُوفِ بِعَهۡدِكُمۡ وَإِيَّٰيَ فَٱرۡهَبُونِ ٤٠
O Children of Israel, remember My favor which I have bestowed upon you and fulfill My covenant [upon you] that I will fulfill your covenant [from Me], and be afraid of [only] Me.
হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! তোমালোকৰ ওপৰত আল্লাহে পৰ্যায়ক্ৰমে কৰা নিয়ামতসমূহক স্মৰণ কৰা আৰু ইয়াৰ কৃতজ্ঞতা জ্ঞাপন কৰা। মোৰ ওপৰত আৰু মোৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰাৰ আৰু মোৰ চৰীয়তৰ ওপৰত আমল কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা। যদি তোমালোকে মোৰ লগত কৰা অঙ্গীকাৰ পূৰণ কৰা তেন্তে মই তোমালোকক পৃথিৱীত সৌভাগ্যশালী জীৱন আৰু আখিৰাতত উত্তম প্ৰতিদান দিয়াৰ যিটো প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিম। এতেকে কেৱল মোকেই ভয় কৰা আৰু মোৰ অঙ্গীকাৰ ভঙ্গ নকৰিবা।
2:41Page 7
وَءَامِنُواْ بِمَآ أَنزَلۡتُ مُصَدِّقٗا لِّمَا مَعَكُمۡ وَلَا تَكُونُوٓاْ أَوَّلَ كَافِرِۭ بِهِۦۖ وَلَا تَشۡتَرُواْ بِـَٔايَٰتِي ثَمَنٗا قَلِيلٗا وَإِيَّٰيَ فَٱتَّقُونِ ٤١
And believe in what I have sent down confirming that which is [already] with you, and be not the first to disbelieve in it. And do not exchange My signs for a small price, and fear [only] Me.
আৰু সেই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা যিটো মই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছো। যি পুথিয়ে অবিকৃত তৌৰাতৰ সত্যায়ন কৰে, য’ত আছে আল্লাহৰ একত্ববাদৰ কথা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়। এতেকে তোমালোকে ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহবা আৰু মোৰ আয়াতৰ পৰিবৰ্তে প্ৰতিষ্ঠা আৰু পদৰ তুচ্ছ মূল্য গ্ৰহণ নকৰিবা। এতেকে মোৰ ক্ৰোধ আৰু শাস্তিক ভয় কৰা।
2:42Page 7
وَلَا تَلۡبِسُواْ ٱلۡحَقَّ بِٱلۡبَٰطِلِ وَتَكۡتُمُواْ ٱلۡحَقَّ وَأَنتُمۡ تَعۡلَمُونَ ٤٢
And do not mix the truth with falsehood or conceal the truth while you know [it].
আৰু মই ৰাছুলসকলৰ প্ৰতি যি সত্য অৱতীৰ্ণ কৰিছো, তাক তোমালোকে নিজৰ মনেসজা কথাৰে মিশ্ৰিত নকৰিবা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈশিষ্ট্য সম্পৰ্কে তোমালোকৰ পুথিত থকা সত্যক জানি-বুজি তথা বিশ্বাস কৰাৰ পিছতো সেয়া গোপন নকৰিবা।
2:43Page 7
وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ وَٱرۡكَعُواْ مَعَ ٱلرَّٰكِعِينَ ٤٣
And establish prayer and give zakāh1 and bow with those who bow [in worship and obedience].
ছালাতক ইয়াৰ আৰকান, ওৱাজীবসমূহ আৰু ছুন্নতসমূহৰ সৈতে সম্পূৰ্ণ পদ্ধতিৰে আদায় কৰা। আৰু আল্লাহে দিয়া সম্পদৰ পৰা যাকাত আদায় কৰা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ যিসকল লোকে আল্লাহৰ সন্মুখত শিৰ নত কৰে তেওঁলোকৰ লগত তোমালোকেও শিৰ নত কৰা।
2:44Page 7
۞ أَتَأۡمُرُونَ ٱلنَّاسَ بِٱلۡبِرِّ وَتَنسَوۡنَ أَنفُسَكُمۡ وَأَنتُمۡ تَتۡلُونَ ٱلۡكِتَٰبَۚ أَفَلَا تَعۡقِلُونَ ٤٤
Do you order righteousness of the people and forget1 yourselves while you recite the Scripture? Then will you not reason?
কিমান বেয়া কথা যে, তোমালোকে আনক ঈমান আৰু সত্কৰ্মৰ আদেশ দিয়া কিন্তু নিজকে পাহৰি যোৱা তথা মুখ ঘূৰাই লোৱা। অথচ তোমালোকে নিজেই তাওৰাত অধ্যয়ন কৰা। তাত থকা আল্লাহৰ দ্বীনৰ অনুসৰণ আৰু ৰাছুলসকলক স্বীকাৰ কৰাৰ বিষয়টোও তোমালোকে জানা। তোমালোকে নিজৰ বিবেক-বুদ্ধিৰে কাম নোলোৱা নেকি?
2:45Page 7
وَٱسۡتَعِينُواْ بِٱلصَّبۡرِ وَٱلصَّلَوٰةِۚ وَإِنَّهَا لَكَبِيرَةٌ إِلَّا عَلَى ٱلۡخَٰشِعِينَ ٤٥
And seek help through patience and prayer; and indeed, it is difficult except for the humbly submissive [to Allāh]
তোমালোকে সকলো ধাৰ্মিক তথা সাংসাৰীক বিষয়সমূহত ধৈৰ্য আৰু ছালাতৰ জৰিয়তে সহায় প্ৰাৰ্থনা কৰা। ধৈৰ্য আৰু ছালাতে আল্লাহৰ নৈকট্য লাভ কৰায় আৰু তেওঁৰ লগত সুসম্পৰ্ক গঢ়ায়। সেয়ে আল্লাহে তোমালোকক সহায় কৰিব আৰু ৰক্ষা কৰিব আৰু তোমালোকৰ বিপদ-আপদ দূৰ কৰিব। নিশ্চয় ছালাত আদায় কৰা বৰ কঠিন কাম কিন্তু তেওঁলোকৰ বাবে কঠিন নহয় নিজ প্ৰতিপালকৰ প্ৰতি বিনীত।
2:46Page 7
ٱلَّذِينَ يَظُنُّونَ أَنَّهُم مُّلَٰقُواْ رَبِّهِمۡ وَأَنَّهُمۡ إِلَيۡهِ رَٰجِعُونَ ٤٦
Who are certain that they will meet their Lord and that they will return to Him.
কিয়নো তেওঁলোকে বিশ্বাস পোষণ কৰে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত উপস্থিত হব। ক্বিয়ামতৰ দিনা তেওঁৰ লগত সাক্ষাৎ হব আৰু তেওঁৰ পিনেই উভতি যাব লাগিব। যাতে প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়ে।
2:47Page 7
يَٰبَنِيٓ إِسۡرَٰٓءِيلَ ٱذۡكُرُواْ نِعۡمَتِيَ ٱلَّتِيٓ أَنۡعَمۡتُ عَلَيۡكُمۡ وَأَنِّي فَضَّلۡتُكُمۡ عَلَى ٱلۡعَٰلَمِينَ ٤٧
O Children of Israel, remember My favor that I have bestowed upon you and that I preferred you over the worlds [i.e., peoples].
হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! মই তোমালোকক প্ৰদান কৰা দ্বীনি আৰু দুনয়াবী অনুগ্ৰহসমূহ স্মৰণ কৰা। লগতে এইটোও স্মৰণ কৰা যে, মই তোমালোকক সমকালীন লোকসকলৰ ওপৰত নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰধান্য দিছিলো।
2:48Page 7
وَٱتَّقُواْ يَوۡمٗا لَّا تَجۡزِي نَفۡسٌ عَن نَّفۡسٖ شَيۡـٔٗا وَلَا يُقۡبَلُ مِنۡهَا شَفَٰعَةٞ وَلَا يُؤۡخَذُ مِنۡهَا عَدۡلٞ وَلَا هُمۡ يُنصَرُونَ ٤٨
And fear a Day when no soul will suffice for another soul1 at all, nor will intercession be accepted from it, nor will compensation be taken from it, nor will they be aided.
আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি ক্বিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু আল্লাহৰ আদেশ নোহোৱাকৈ বিপদমুক্ত কৰিবলৈ অথবা সফলতা লভিবলৈ কোনো মধ্যস্ততা স্বীকাৰ কৰা নহব, লগতে মুক্তিপণও গ্ৰহণ কৰা নহব। যদিও পৃথিৱীৰ সমান সোণ নহওক কিয়। সেইদিনা তাৰ কোনো সহায়ক নাথাকিব। এতেকে যেতিয়া কোনো মধ্যস্ততা অথবা মুক্তিপণ বা কোনো সহায়ক কোনো উপকাৰত নাহিব তেনে অৱস্থাত পলায়ন কৰি যাবনো ক’ত?
2:49Page 8
وَإِذۡ نَجَّيۡنَٰكُم مِّنۡ ءَالِ فِرۡعَوۡنَ يَسُومُونَكُمۡ سُوٓءَ ٱلۡعَذَابِ يُذَبِّحُونَ أَبۡنَآءَكُمۡ وَيَسۡتَحۡيُونَ نِسَآءَكُمۡۚ وَفِي ذَٰلِكُم بَلَآءٞ مِّن رَّبِّكُمۡ عَظِيمٞ ٤٩
And [recall] when We saved you [i.e., your forefathers] from the people of Pharaoh, who afflicted you with the worst torment, slaughtering your [newborn] sons and keeping your females alive. And in that was a great trial from your Lord.
হে বনী ইছৰাঈল! স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীবিলাকৰ পৰা মুক্তি প্ৰদান কৰিছিলো। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল যাতে তোমালোকৰ বংশধৰ নিঃশেষ হৈ যায়। আৰু তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল যাতে ডাঙৰ হৈ সিহঁতৰ সেৱা আগবঢ়ায়। এইবোৰ কৰিছিল কেৱল তোমালোকক লাঞ্ছনা কৰাৰ উদ্দেশ্যে। ফিৰআউন আৰু তাৰ অনুসাৰীৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা বৰ ডাঙৰ পৰীক্ষা আছিল যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
2:50Page 8
وَإِذۡ فَرَقۡنَا بِكُمُ ٱلۡبَحۡرَ فَأَنجَيۡنَٰكُمۡ وَأَغۡرَقۡنَآ ءَالَ فِرۡعَوۡنَ وَأَنتُمۡ تَنظُرُونَ ٥٠
And [recall] when We parted the sea for you and saved you and drowned the people of Pharaoh while you were looking on.
আমাৰ অগণন অনুগ্ৰহৰ ভিতৰত এইটোও স্মৰণ কৰা যে, আমিয়েই তোমালোকৰ বাবে সাগৰ দ্বিখণ্ডিত কৰি তাৰ মাজত শুকান পথ বনাইছিলো। যাৰ মাজেৰে খোজকাঢ়ি তোমালোকে সাগৰ পাৰ কৰিছিলা। এইদৰে আমি তোমালোকক মুক্তি প্ৰদান কৰিছিলো আৰু তোমালোকৰ শত্ৰু ফিৰআউন আৰু তাৰ সঙ্গীসকলক তোমালোকৰ চকুৰ সন্মুখতে ডুবাই মাৰিছিলো। এই ঘটনা তোমালোকে স্বচকুৰে প্ৰত্যক্ষ কৰিছিলা।
2:51Page 8
وَإِذۡ وَٰعَدۡنَا مُوسَىٰٓ أَرۡبَعِينَ لَيۡلَةٗ ثُمَّ ٱتَّخَذۡتُمُ ٱلۡعِجۡلَ مِنۢ بَعۡدِهِۦ وَأَنتُمۡ ظَٰلِمُونَ ٥١
And [recall] when We made an appointment with Moses for forty nights. Then you took [for worship] the calf after him [i.e., his departure], while you were wrongdoers.
এই অনুগ্ৰহসমূহৰ লগতে এটা অনুগ্ৰহ এইটোও স্মৰণ কৰা যে, আমিয়ে মূছাক চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলো যাতে তাওৰাত অৱতীৰ্ণৰ কাম সম্পন্ন হয়। যিটো আছিল জ্যোতি আৰু হিদায়ত। কিন্তু তোমালোকে এই সময়ছোৱাতে দামুৰিৰ পূজা-পাঠ আৰম্ভ কৰিলা। দৰাচলতে তোমালোকে এই কৰ্মৰ ফলতেই যালিমসকলৰ অন্তৰ্ভুক্ত হৈছিলা।
2:52Page 8
ثُمَّ عَفَوۡنَا عَنكُم مِّنۢ بَعۡدِ ذَٰلِكَ لَعَلَّكُمۡ تَشۡكُرُونَ ٥٢
Then We forgave you after that so perhaps you would be grateful.
তাৰ পিছত তোমালোকে তাওবা কৰিলা ফলত আমি ক্ষমা কৰি দিলো আৰু একো সোধ-পোছ কৰা নাই, যাতে তোমালোকে মনোযোগ সহকাৰে আল্লাহৰ ইবাদত আৰু আনুগত্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
2:53Page 8
وَإِذۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَٱلۡفُرۡقَانَ لَعَلَّكُمۡ تَهۡتَدُونَ ٥٣
And [recall] when We gave Moses the Scripture and criterion1 that perhaps you would be guided.
এই অনুগ্ৰহবিলাকৰ লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, আমি মূছা আলাইহিছ ছালামক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকাৰী তথা হিদায়ত আৰু পথভ্ৰষ্টতাৰ মাজত পৃথককাৰী পুথি তাওৰাত প্ৰদান কৰিছিলো যাতে তাৰ দ্বাৰা তোমালোকে সত্যৰ সন্ধান পোৱা।
2:54Page 8
وَإِذۡ قَالَ مُوسَىٰ لِقَوۡمِهِۦ يَٰقَوۡمِ إِنَّكُمۡ ظَلَمۡتُمۡ أَنفُسَكُم بِٱتِّخَاذِكُمُ ٱلۡعِجۡلَ فَتُوبُوٓاْ إِلَىٰ بَارِئِكُمۡ فَٱقۡتُلُوٓاْ أَنفُسَكُمۡ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ عِندَ بَارِئِكُمۡ فَتَابَ عَلَيۡكُمۡۚ إِنَّهُۥ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ ٥٤
And [recall] when Moses said to his people, "O my people, indeed you have wronged yourselves by your taking of the calf [for worship]. So repent to your Creator and kill yourselves [i.e., the guilty among you]. That is best for [all of] you in the sight of your Creator." Then He accepted your repentance; indeed, He is the Accepting of Repentance, the Merciful.
লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, তেৱেঁই তোমালোকক দামুৰিৰ পূজা-পাঠ এৰিবলৈ তাওবা কৰাৰ তাওফীক দান কৰিছিল। যেতিয়া মূছা আলাইহিছ ছালামে কৈছিলঃ তোমালোকে দামুৰিক উপাস্য হিচাপে লৈ তাৰ উপাসনা কৰি নিজৰ ওপৰতে অন্যায় কৰিছা। এতেকে তাওবা কৰা আৰু সৃষ্টিকৰ্তাৰ পিনে উভতি যোৱা। এই তাওবাৰ পদ্ধতি হৈছে তোমালোকে ইজনে সিজনক বধ কৰা। কুফৰৰ গভীৰতাত পতিত হৈ চিৰস্থায়ী জাহান্নামী হোৱাতকৈ এনেকুৱা তাওবাই তোমালোকৰ বাবে উত্তম। এতেকে যেতিয়া তোমালোকে আল্লাহৰ সহায় আৰু তাওফীকত এই তাওবা সম্পন্ন কৰিছিলা তেতিয়া আল্লাহে তোমালোকৰ সেই তাওবা কবুল কৰিছিল। কিয়নো আল্লাহ অধিক তাওবা কবুলকাৰী আৰু বান্দাৰ প্ৰতি পৰম দয়ালু।
2:55Page 8
وَإِذۡ قُلۡتُمۡ يَٰمُوسَىٰ لَن نُّؤۡمِنَ لَكَ حَتَّىٰ نَرَى ٱللَّهَ جَهۡرَةٗ فَأَخَذَتۡكُمُ ٱلصَّٰعِقَةُ وَأَنتُمۡ تَنظُرُونَ ٥٥
And [recall] when you said, "O Moses, we will never believe you until we see Allāh outright"; so the thunderbolt took you while you were looking on.
স্মৰণ কৰা সেই সময়টোক যেতিয়া তোমালোকৰ পূৰ্বপূৰুষ সকলে বৰ সাহসেৰে মূছা আলাইহিছ ছালামক কৈছিলঃ আমি আল্লাহক পৰ্দা নোহোৱাকৈ প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰো। ফলত জুয়ে সিহঁতক আক্ৰমণ কৰিলে আৰু সিহঁতে নিজ চকুৰে ইজনে সিজনৰ মৃত্যু প্ৰত্যক্ষ কৰি আছিল।
2:56Page 8
ثُمَّ بَعَثۡنَٰكُم مِّنۢ بَعۡدِ مَوۡتِكُمۡ لَعَلَّكُمۡ تَشۡكُرُونَ ٥٦
Then We revived you after your death that perhaps you would be grateful.
তাৰ পিছত আমি তোমালোকৰ মৃত্যু পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলো যাতে তোমালোকে এই উপকাৰৰ কাৰণে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
2:57Page 8
وَظَلَّلۡنَا عَلَيۡكُمُ ٱلۡغَمَامَ وَأَنزَلۡنَا عَلَيۡكُمُ ٱلۡمَنَّ وَٱلسَّلۡوَىٰۖ كُلُواْ مِن طَيِّبَٰتِ مَا رَزَقۡنَٰكُمۡۚ وَمَا ظَلَمُونَا وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ ٥٧
And We shaded you with clouds and sent down to you manna and quails, [saying], "Eat from the good things with which We have provided you." And they wronged Us not - but they were [only] wronging themselves.
তোমালোকৰ ওপৰত আমাৰ অনুগ্ৰহসমূহৰ অন্যতম আৰু এটা অনুগ্ৰহ হৈছে এই যে, যেতিয়া তোমালোকে পৃথিৱীত ইনাই বিনাই ঘূৰি আছিলা। তেতিয়া আমি তোমালোকক ৰ’দৰ গৰমৰ পৰা বচাবলৈ মেঘৰ ছাঁ প্ৰদান কৰিছিলো। এইদৰে পান কৰাৰ বাবে মৌৰ দৰে মিঠা দ্ৰব্য আৰু খোৱাৰ বাবে সুস্বাদু মাংসৰ এবিধ চৰাই প্ৰদান কৰিছিলো আৰু আমি তোমালোকক কৈছিলোঃ “আমি প্ৰদান কৰা পৱিত্ৰ বস্তুসমূহৰ পৰা আহাৰ কৰা”। সিহঁতে আমাৰ নিয়ামতসমূহৰ অস্বীকাৰ আৰু অকৃতজ্ঞতা কৰি আমাৰ কোনো ক্ষতি কৰা নাই বৰং নিজৰে ছোৱাব হ্ৰাস কৰি আৰু নিজকে শাস্তিৰ অধিকাৰী বনাই নিজৰ ওপৰত অন্যায় কৰিছে।
2:58Page 9
وَإِذۡ قُلۡنَا ٱدۡخُلُواْ هَٰذِهِ ٱلۡقَرۡيَةَ فَكُلُواْ مِنۡهَا حَيۡثُ شِئۡتُمۡ رَغَدٗا وَٱدۡخُلُواْ ٱلۡبَابَ سُجَّدٗا وَقُولُواْ حِطَّةٞ نَّغۡفِرۡ لَكُمۡ خَطَٰيَٰكُمۡۚ وَسَنَزِيدُ ٱلۡمُحۡسِنِينَ ٥٨
And [recall] when We said, "Enter this city [i.e., Jerusalem] and eat from it wherever you will in [ease and] abundance, and enter the gate bowing humbly1 and say, 'Relieve us of our burdens [i.e., sins].' We will [then] forgive your sins for you, and We will increase the doers of good [in goodness and reward]."
স্মৰণ কৰা এই অনুগ্ৰহটোক যেতিয়া আমি তোমালোকক কৈছিলোঃ বাইতুল মাকদিছত প্ৰৱেশ কৰা, আৰু তাৰ মাজত য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে পৱিত্ৰ জীৱিকা গ্ৰহণ কৰা। কিন্তু প্ৰৱেশ কৰাৰ সময়ত শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু আল্লাহৰ ওচৰত এই বুলি দুআ কৰিবাঃ “হে আল্লাহ! আমাৰ গুনাহসমূহ ক্ষমা কৰা”। আমি তোমালোকৰ দুআ কবুল কৰিম। বৰং আন্তৰিকতাৰে সত্কৰ্ম পালনকাৰীক তাৰ সত্কৰ্মৰ ফলস্বৰূপে তাতোকৈ অধিক ছোৱাব প্ৰদান কৰিম।
2:59Page 9
فَبَدَّلَ ٱلَّذِينَ ظَلَمُواْ قَوۡلًا غَيۡرَ ٱلَّذِي قِيلَ لَهُمۡ فَأَنزَلۡنَا عَلَى ٱلَّذِينَ ظَلَمُواْ رِجۡزٗا مِّنَ ٱلسَّمَآءِ بِمَا كَانُواْ يَفۡسُقُونَ ٥٩
But those who wronged changed [those words] to a statement other than that which had been said to them, so We sent down upon those who wronged a punishment [i.e., plague] from the sky because they were defiantly disobeying.
কিন্তু অন্যায়কাৰী বিলাকে কথা আৰু কৰ্ম দুয়োটা পৰিবৰ্তন কৰিলে। আৰু নিজৰ নিতম্ব চোঁচোৰাই প্ৰৱেশ কৰিলে আৰু আল্লাহৰ আদেশ উপলুঙা কৰি এই বাক্য দোহাৰিলে, হাব্বাতুন ফি শ্বাৰাতিন। ফলত আল্লাহে সেইসকল অন্যায়কাৰীৰ ওপৰত চৰীয়তৰ সীমালংঘন আৰু আদেশ অৱহেলা কৰাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলে।
2:60Page 9
۞ وَإِذِ ٱسۡتَسۡقَىٰ مُوسَىٰ لِقَوۡمِهِۦ فَقُلۡنَا ٱضۡرِب بِّعَصَاكَ ٱلۡحَجَرَۖ فَٱنفَجَرَتۡ مِنۡهُ ٱثۡنَتَا عَشۡرَةَ عَيۡنٗاۖ قَدۡ عَلِمَ كُلُّ أُنَاسٖ مَّشۡرَبَهُمۡۖ كُلُواْ وَٱشۡرَبُواْ مِن رِّزۡقِ ٱللَّهِ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ ٦٠
And [recall] when Moses prayed for water for his people, so We said, "Strike with your staff the stone." And there gushed forth from it twelve springs, and every people [i.e., tribe] knew its watering place. "Eat and drink from the provision of Allāh, and do not commit abuse on the earth, spreading corruption."
স্মৰণ কৰা সেই অনুগ্ৰহটোক যেতিয়া তোমালোকে ময়দানে তীহত ইনাই বিনাই ঘূৰি আছিলা আৰু তোমালোকক প্ৰচণ্ড পিয়াহ লাগিছিল। তেতিয়া মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে পানীৰ প্ৰাৰ্থনা কৰিলে। ফলত আমি লাঠিৰে শিলত সজোৰে আঘাত কৰিবলৈ নিৰ্দেশ দিলো। যেতিয়া তেওঁ শিলত আঘাত কৰিলে তেতিয়া তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা নিজৰা প্ৰবাহিত হল। আৰু আমি প্ৰত্যেক গোত্ৰৰ বাবে সিহঁতৰ পানী খোৱাৰ ঠাই নিৰ্দিষ্ট কৰি দিছিলো যাতে সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি নহয়। আৰু আমি তোমালোকক কৈছিলোঃ আল্লাহে প্ৰদান কৰা সেই জীৱিকাৰ পৰা আহাৰ কৰা যিটো তোমালোকক কষ্ট নকাৰকৈয়ে দিয়া হৈছে। আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
2:61Page 9
وَإِذۡ قُلۡتُمۡ يَٰمُوسَىٰ لَن نَّصۡبِرَ عَلَىٰ طَعَامٖ وَٰحِدٖ فَٱدۡعُ لَنَا رَبَّكَ يُخۡرِجۡ لَنَا مِمَّا تُنۢبِتُ ٱلۡأَرۡضُ مِنۢ بَقۡلِهَا وَقِثَّآئِهَا وَفُومِهَا وَعَدَسِهَا وَبَصَلِهَاۖ قَالَ أَتَسۡتَبۡدِلُونَ ٱلَّذِي هُوَ أَدۡنَىٰ بِٱلَّذِي هُوَ خَيۡرٌۚ ٱهۡبِطُواْ مِصۡرٗا فَإِنَّ لَكُم مَّا سَأَلۡتُمۡۗ وَضُرِبَتۡ عَلَيۡهِمُ ٱلذِّلَّةُ وَٱلۡمَسۡكَنَةُ وَبَآءُو بِغَضَبٖ مِّنَ ٱللَّهِۚ ذَٰلِكَ بِأَنَّهُمۡ كَانُواْ يَكۡفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَيَقۡتُلُونَ ٱلنَّبِيِّـۧنَ بِغَيۡرِ ٱلۡحَقِّۚ ذَٰلِكَ بِمَا عَصَواْ وَّكَانُواْ يَعۡتَدُونَ ٦١
And [recall] when you said, "O Moses, we can never endure one [kind of] food. So call upon your Lord to bring forth for us from the earth its green herbs and its cucumbers and its garlic and its lentils and its onions." [Moses] said, "Would you exchange what is better for what is less? Go into [any] settlement and indeed, you will have what you have asked." And they were covered with humiliation and poverty and returned with anger from Allāh [upon them]. That was because they [repeatedly] disbelieved in the signs of Allāh and killed the prophets without right. That was because they disobeyed and were [habitually] transgressing.
স্মৰণ কৰা সেই সময়ক যেতিয়া তোমালোকে নিজ প্ৰতিপালকৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিলা। এতেকে মান্না আৰু ছালৱাৰ ৰূপত আল্লাহে প্ৰদান কৰা জীৱিকা খাই ক্লান্ত হৈ কৈছিলাঃ আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিম যিটো কেতিয়াও পৰিবৰ্তন নহয়। তাৰ পিছত তোমালোকে মূছা আলাইহিচ্ছালামৰ ওচৰত আবেদন কৰিলা যাতে তেওঁ দুআ কৰে যে, আল্লাহে যেন ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উৎপাদন কৰে। মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকে কোনো কষ্ট নোহোৱাকৈ মান্না আৰু ছালৱাৰ দৰে যি উত্তম খাদ্য পাই আছা, ইয়াৰ পৰিবৰ্তে তোমালোকে এই নিম্নমানৰ আবেদন কিয় কৰি আছা, তোমালোকে এটা কাম কৰা, ইয়াৰ পৰা বেলেগ কোনো ঠাইলৈ গুচি যোৱা। তোমালোকে সেই ঠাইৰ খেতি আৰু বজাৰত সেই সকলো বস্তু তাত উপলব্ধ পাবা যিবোৰ তোমালোকে বিচাৰিছা। এতেকে প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহে প্ৰদান কৰা বস্তুৰ পৰা মুখ ঘূৰাই লোৱাৰ ফলত সিহঁতৰ ওপৰত তিৰস্কাৰ, দৰিদ্ৰতা আৰু লাঞ্ছনা আপতিত হ'ল। লগতে আল্লাহৰ অসন্তুষ্টিৰ পাত্ৰ হ'ল। কিয়নো সিহঁতে তেওঁৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছিল আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল লগতে তেওঁৰ নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালংঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।
2:62Page 10
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَٱلَّذِينَ هَادُواْ وَٱلنَّصَٰرَىٰ وَٱلصَّٰبِـِٔينَ مَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَعَمِلَ صَٰلِحٗا فَلَهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡ وَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ٦٢
Indeed, those who believed and those who were Jews or Christians or Sabeans [before Prophet Muḥammad (ﷺ)] - those [among them] who believed in Allāh and the Last Day and did righteousness - will have their reward with their Lord, and no fear will there be concerning them, nor will they grieve1.
এই উম্মতৰ যিসকলে ঈমান আনিছে আৰু এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে যিসকলে সেই সময়ৰ নবীৰ প্ৰতি ঈমান পোষণ কৰিছিল, যেনে- ইয়াহুদী, খৃষ্টান, ছাবেয়ী। এইসকল লোকৰ মাজত যিসকলে প্ৰকৃতাৰ্থত আল্লাহৰ প্ৰতি তথা আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছিল তেওঁলোকৰ ছোৱাব তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীতো কোনো বস্তু নোপোৱাৰ বাবে চিন্তিতও নহব।
2:63Page 10
وَإِذۡ أَخَذۡنَا مِيثَٰقَكُمۡ وَرَفَعۡنَا فَوۡقَكُمُ ٱلطُّورَ خُذُواْ مَآ ءَاتَيۡنَٰكُم بِقُوَّةٖ وَٱذۡكُرُواْ مَا فِيهِ لَعَلَّكُمۡ تَتَّقُونَ ٦٣
And [recall] when We took your covenant, [O Children of Israel, to abide by the Torah] and We raised over you the mount, [saying], "Take what We have given you with determination and remember what is in it that perhaps you may become righteous."
আল্লাহ তথা তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ সেই মজবুত প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰা যিটো আমি তোমালোকৰ পৰা লৈছিলো। লগতে ভয় দেখুৱাবলৈ তথা অঙ্গীকাৰ ভঙ্গ কৰাৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো আৰু আদেশ দিছিলো যে, আমি অৱতীৰ্ণ কৰা পুথি তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। সেই বিষয়ে কোনো ধৰণৰ অলসতা আৰু অৱহেলা নকৰিবা আৰু লিপিবদ্ধ কৰা বাণীসমূহক মনত ৰাখিবা আৰু গৱেষণা কৰিবা। সম্ভৱত এনে কৰিলে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবা।
2:64Page 10
ثُمَّ تَوَلَّيۡتُم مِّنۢ بَعۡدِ ذَٰلِكَۖ فَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ لَكُنتُم مِّنَ ٱلۡخَٰسِرِينَ ٦٤
Then you turned away after that. And if not for the favor of Allāh upon you and His mercy, you would have been among the losers.
কিন্তু তোমালোকে এই দৃঢ় প্ৰতিজ্ঞাৰ পিছতো মুখ ঘূৰাই লৈছিলা আৰু অৱজ্ঞা কৰিছিলা। এনে অৱস্থাত যদি আল্লাহে নিজ অনুগ্ৰহেৰে তোমালোকক ক্ষমা নকৰিলেহেঁতেন আৰু তোমালোকৰ তাওবা কবুল নকৰিলেহেঁতেন তেন্তে তোমালোকে এই বিমুখতা আৰু অৱজ্ঞাৰ ফলত ক্ষতিগ্ৰস্থৰ অন্তৰ্ভুক্ত হৈ গলাহেঁতেন!
2:65Page 10
وَلَقَدۡ عَلِمۡتُمُ ٱلَّذِينَ ٱعۡتَدَوۡاْ مِنكُمۡ فِي ٱلسَّبۡتِ فَقُلۡنَا لَهُمۡ كُونُواْ قِرَدَةً خَٰسِـِٔينَ ٦٥
And you had already known about those who transgressed among you concerning the sabbath, and We said to them, "Be apes, despised."
তোমালোকে নিজৰ সেই সকল পূৰ্বপুৰুষৰ বিষয়ে ভালকৈয়ে জানা যিসকলে শনিবাৰৰ দিনা চিকাৰ কৰা নিষেধ হোৱাৰ পিছতো সীমালংঘন কৰিছিল। সিহঁতে এইটো বাহানা অৱলম্বন কৰিছিল যে, শনিবাৰৰ আগতে জাল পাতিছিল আৰু ৰবিবাৰে জাল তুলিছিল। এতেকে আল্লাহে এই বাহানা কৰা লোক সকলক সিহঁতৰ বাহানা আৰু চক্ৰান্তৰ ফলত নিকৃষ্ট বান্দৰত পৰিণত কৰিলে।
2:66Page 10
فَجَعَلۡنَٰهَا نَكَٰلٗا لِّمَا بَيۡنَ يَدَيۡهَا وَمَا خَلۡفَهَا وَمَوۡعِظَةٗ لِّلۡمُتَّقِينَ ٦٦
And We made it a deterrent punishment for those who were present and those who succeeded [them] and a lesson for those who fear Allāh.
ফলত আমি এই অন্যায়কাৰী গাওঁখনক ওচৰ-চুবুৰীয়া গাওঁৰ বাবে দৃষ্টান্ত বনাই দিছো লগতে পৰবৰ্তী প্ৰজন্মৰ বাবে উপদেশস্বৰূপ বনাই দিছো। যাতে কোনেও এই ধৰণৰ আচৰণ কৰি এনেকুৱা শাস্তিৰ সন্মুখীন নহয়। লগতে আমি সেই গাওঁখনক মুত্তাক্বীসকলৰ বাবে যিসকলে আল্লাহৰ শাস্তিক ভয় কৰে তথা আল্লাহৰ সীমালংঘনৰ বেয়া পৰিণতিক ভয় কৰা ব্যক্তিসকলৰ বাবে নিদৰ্শন বনাই দিছো।
2:67Page 10
وَإِذۡ قَالَ مُوسَىٰ لِقَوۡمِهِۦٓ إِنَّ ٱللَّهَ يَأۡمُرُكُمۡ أَن تَذۡبَحُواْ بَقَرَةٗۖ قَالُوٓاْ أَتَتَّخِذُنَا هُزُوٗاۖ قَالَ أَعُوذُ بِٱللَّهِ أَنۡ أَكُونَ مِنَ ٱلۡجَٰهِلِينَ ٦٧
And [recall] when Moses said to his people, "Indeed, Allāh commands you to slaughter a cow." They said, "Do you take us in ridicule?" He said, "I seek refuge in Allāh from being among the ignorant."
তোমালোকৰ পূৰ্বপুৰুষসকলৰ সেই সমূহ ঘটনাক স্মৰণ কৰা যিবোৰ ঘটনা সিহঁতৰ আৰু মূছা আলাইহিছ ছালামৰ মাজত সংঘটিত হৈছিল। যেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক কৈছিল, আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে। তেতিয়া সিহঁতে আল্লাহৰ আদেশ পালনত ততাতৈয়া কৰাৰ পৰিবৰ্তে অৱহেলা তথা অভিমান প্ৰদৰ্শন কৰি কলেঃ তুমি আমাৰ লগত ধেমালি কৰি আছা নেকি? তেতিয়া মূছা আলাইহিছ ছালামে কলে, মই সেই সকল লোকৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো যিসকলে আল্লাহৰ ওপৰত মিছা আৰোপ কৰে আৰু মানুহক উপহাস কৰে।
2:68Page 10
قَالُواْ ٱدۡعُ لَنَا رَبَّكَ يُبَيِّن لَّنَا مَا هِيَۚ قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٞ لَّا فَارِضٞ وَلَا بِكۡرٌ عَوَانُۢ بَيۡنَ ذَٰلِكَۖ فَٱفۡعَلُواْ مَا تُؤۡمَرُونَ ٦٨
They said, "Call upon your Lord to make clear to us what it is." [Moses] said, "[Allāh] says, 'It is a cow which is neither old nor virgin, but median between that,' so do what you are commanded."
সিহঁতে মূছা আলাইহিছ ছালামক কলেঃ তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা যে, যিটো গৰু তেওঁ আমাক জবেহ কৰিবলৈ আদেশ দিছে তাৰ বৈশিষ্ট্য কি? মূছা আলাইহিছ ছালামে কলেঃ আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হব লাগে যিটো বুঢ়ীও নহয় পোৱালীও নহয় বৰং মধ্যবয়সী। এতেকে তোমালোকে অনতিপলমে নিজ প্ৰতিপালকৰ আদেশ পালন কৰা।
2:69Page 10
قَالُواْ ٱدۡعُ لَنَا رَبَّكَ يُبَيِّن لَّنَا مَا لَوۡنُهَاۚ قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٞ صَفۡرَآءُ فَاقِعٞ لَّوۡنُهَا تَسُرُّ ٱلنَّٰظِرِينَ ٦٩
They said, "Call upon your Lord to show us what is her color." He said, "He says, 'It is a yellow cow, bright in color - pleasing to the observers.'"
কিন্তু সিহঁতে বাদ-বিবাদ আৰু অবাধ্যতা পৰিহাৰ নকৰিলে আৰু মূছা আলাইহিছ ছালামক কলেঃ তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, গাইজনীৰ ৰং কেনেকুৱা হব? মূছা আলাইহিছ ছালামে কলেঃ গাইজনী হালধীয়া ৰঙৰ হব লাগে অতি উজ্জ্বল ৰং বিশিষ্ট, যিটো দৰ্শকসকলক আনন্দ দিয়ে।
2:70Page 11
قَالُواْ ٱدۡعُ لَنَا رَبَّكَ يُبَيِّن لَّنَا مَا هِيَ إِنَّ ٱلۡبَقَرَ تَشَٰبَهَ عَلَيۡنَا وَإِنَّآ إِن شَآءَ ٱللَّهُ لَمُهۡتَدُونَ ٧٠
They said, "Call upon your Lord to make clear to us what it is. Indeed, [all] cows look alike to us. And indeed we, if Allāh wills, will be guided."
সিহঁতে ধৃষ্টতাত আৰু এখোজ আগুৱাই গৈ কলেঃ তুমি তোমাৰ প্ৰতিপালকক আমাৰ হৈ দুআ কৰা, তেওঁ যাতে আৰু অধিক কিছুমান বৈশিষ্ট্য আমাৰ বাবে উল্লেখ কৰে। কিয়নো এতিয়া লৈকে উল্লেখ কৰা বৈশিষ্ট্যৰ অধিকাৰী গাই বহুত, ইয়াৰ মাজত নিৰ্দিষ্টি কৰা আমাৰ বাবে কঠিন। লগতে সিহঁতে এই কথাও স্পষ্ট কৰিলে যে, যদি আল্লাহে ইচ্ছা কৰে তেন্তে নিশ্চয় আমি সেইজনী গাই পাম যিটো জবেহ কৰিবলৈ আল্লাহে আমাক নিৰ্দেশ দিছে।
2:71Page 11
قَالَ إِنَّهُۥ يَقُولُ إِنَّهَا بَقَرَةٞ لَّا ذَلُولٞ تُثِيرُ ٱلۡأَرۡضَ وَلَا تَسۡقِي ٱلۡحَرۡثَ مُسَلَّمَةٞ لَّا شِيَةَ فِيهَاۚ قَالُواْ ٱلۡـَٰٔنَ جِئۡتَ بِٱلۡحَقِّۚ فَذَبَحُوهَا وَمَا كَادُواْ يَفۡعَلُونَ ٧١
He said, "He says, 'It is a cow neither trained to plow the earth nor to irrigate the field, one free from fault with no spot upon her.'" They said, "Now you have come with the truth." So they slaughtered her, but they could hardly do it.
তেতিয়া মূছা আলাইহিছ ছালামে ক’লেঃ আল্লাহ তাআলাই কৈছেঃ সেইজনী এনেকুৱা গাই হ’ব লাগিব যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই লগতে গাইজনী নিখুঁত হ’ব লাগিব। আৰু তাৰ ওপৰত হালধীয়া ৰঙৰ বাহিৰে আন কোনো ৰঙৰ যাতে এটা দাগো নাথাকে। তেতিয়া সিহঁতে ক’লেঃ এতিয়া তুমি বৈশিষ্ট্যৰ সুক্ষ্ম বৰ্ণনা দিছা। এই বৰ্ণনাই সঠিক গাই পোৱাত সহজ হ’ব। তাৰ পিছত সিহঁতে গাই জবেহ কৰিলে। দৰাচলতে সিহঁতৰ বাদ-বিবাদ আৰু আকোঁৰগোজে এইটো প্ৰকাশ কৰিছিল যে সিহঁতে গাই জবেহ নকৰিব।
2:72Page 11
وَإِذۡ قَتَلۡتُمۡ نَفۡسٗا فَٱدَّٰرَٰءۡتُمۡ فِيهَاۖ وَٱللَّهُ مُخۡرِجٞ مَّا كُنتُمۡ تَكۡتُمُونَ ٧٢
And [recall] when you slew a man and disputed1 over it, but Allāh was to bring out that which you were concealing.
আৰু সেই সময়ছোৱাক স্মৰণ কৰা যেতিয়া তোমালোকে নিজৰ সম্প্ৰদায়ৰে এজন ব্যক্তিক হত্যা কৰি ইজনে সিজনক দোষাৰোপ কৰিছিলা। প্ৰত্যেকেই নিজকে দোষমুক্ত আৰু আনক অপৰাধী বনোৱাৰ প্ৰয়াস কৰি আছিলা। অৱশেষত পৰস্পৰে কাজিয়াত লিপ্ত হৈছিলা। আনহাতে আল্লাহে সেই নিৰপৰাধ ব্যক্তিৰ হত্যাৰ বিষয়টো প্ৰকাশ কৰিব বিচাৰিছিল যিটো তোমালোকে গোপন কৰিব বিচাৰিছিলা।
2:73Page 11
فَقُلۡنَا ٱضۡرِبُوهُ بِبَعۡضِهَاۚ كَذَٰلِكَ يُحۡيِ ٱللَّهُ ٱلۡمَوۡتَىٰ وَيُرِيكُمۡ ءَايَٰتِهِۦ لَعَلَّكُمۡ تَعۡقِلُونَ ٧٣
So We said, "Strike him [i.e., the slain man] with part of it."1 Thus does Allāh bring the dead to life, and He shows you His signs that you might reason.
তাৰ পিছত আমি কলোঃ নিহত ব্যক্তিৰ শৰীৰত গাই গৰুৰ কোনো এটা মাংসৰ টুকুৰাৰে আঘাত কৰা যিজনী গাই জবেহ কৰিবলৈ আদেশ দিয়া হৈছিল। আল্লাহে তাক হত্যাকাৰীৰ বিষয়ে জনাবলৈ জীৱিত কৰিব। এতেকে সিহঁতে তেনেকুৱা কৰিলে আৰু মৃত ব্যক্তি জীৱিত হৈ হত্যাকাৰী সম্পৰ্কে জনাই দিলে। এতেকে শুনা! যিদৰে আল্লাহে এই মৃত ব্যক্তিক জীৱিত কৰিলে সেইদৰে ক্বিয়ামতৰ দিনাও আল্লাহে সকলো মৃত ব্যক্তিক পুনৰ জীৱিত কৰিব। আল্লাহ তাআলাই তেওঁৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ দেখুৱালে যাতে তোমালোকে বুজি পোৱা আৰু আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰা।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences