Al-Mukhtasar · Tafsir · in Assamese
Al-Baqarah 2:74–105
2:74Page 11
ثُمَّ قَسَتۡ قُلُوبُكُم مِّنۢ بَعۡدِ ذَٰلِكَ فَهِيَ كَٱلۡحِجَارَةِ أَوۡ أَشَدُّ قَسۡوَةٗۚ وَإِنَّ مِنَ ٱلۡحِجَارَةِ لَمَا يَتَفَجَّرُ مِنۡهُ ٱلۡأَنۡهَٰرُۚ وَإِنَّ مِنۡهَا لَمَا يَشَّقَّقُ فَيَخۡرُجُ مِنۡهُ ٱلۡمَآءُۚ وَإِنَّ مِنۡهَا لَمَا يَهۡبِطُ مِنۡ خَشۡيَةِ ٱللَّهِۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ ٧٤
Then your hearts became hardened after that, being like stones or even harder. For indeed, there are stones from which rivers burst forth, and there are some of them that split open and water comes out, and there are some of them that fall down for fear of Allāh. And Allāh is not unaware of what you do.
অন্তৰ চুই যোৱা উপদেশ আৰু স্পষ্ট অলৌকিকতাৰ পিছতো তোমালোকৰ অন্তৰ কঠিন হৈ গ’ল। শিলৰ দৰে অথবা তাতোকৈও কঠিন। কিয়নো সিহঁতে নিজৰ অৱস্থাত অকণো পৰিবৰ্তন স্বীকাৰ কৰিবলৈ প্ৰস্তুত নহয়। অথচ শিলো পৰিবৰ্তন হয় আৰু স্থিতি সলায়। এতেকে কিছুমান শিলৰ পৰা নিজৰা প্ৰবাহিত হয় আৰু কিছুমান বিদীৰ্ণ হোৱাৰ পাছত তাৰ পৰা পানী নিৰ্গত হয়। যাৰ দ্বাৰা মানুহ আৰু জীৱ-জন্তু উপকৃত হয়। আৰু কিছুমান শিল আল্লাহৰ ভয়ত পাহাৰৰ উচ্চ শৃঙ্গৰ পৰা খহি পৰে। পক্ষান্তৰে তোমালোকৰ অন্তৰৰ অৱস্থা ইয়াৰ বিপৰীত। যিয়ে কোনো ধৰণৰ পৰিবৰ্তন স্বীকাৰ নকৰে। জানি থোৱা! তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ অমনোযোগী নহয়। বৰং তেওঁ সম্যক অৱগত আৰু তোমালোকক তাৰ প্ৰতিদান দিব।
2:75Page 11
۞ أَفَتَطۡمَعُونَ أَن يُؤۡمِنُواْ لَكُمۡ وَقَدۡ كَانَ فَرِيقٞ مِّنۡهُمۡ يَسۡمَعُونَ كَلَٰمَ ٱللَّهِ ثُمَّ يُحَرِّفُونَهُۥ مِنۢ بَعۡدِ مَا عَقَلُوهُ وَهُمۡ يَعۡلَمُونَ ٧٥
Do you covet [the hope, O believers], that they would believe for you while a party of them used to hear the words of Allāh and then distort it [i.e., the Torah] after they had understood it while they were knowing?
হে মুমিনসকল! তোমালোকে ইয়াহুদীসকলৰ প্ৰকৃতস্বৰূপ আৰু সিহঁতৰ ধৃষ্টতা ও অবাধ্যতা সম্পৰ্কে অৱগত হোৱাৰ পিছতো এই আশা পোষণ কৰা নেকি যে, সিহঁতে ঈমান পোষণ কৰিব আৰু তোমালোকৰ কথা মানি চলিব? অথচ সিহঁতৰ ধৰ্মগুৰু সকলৰ এটা দলে, আল্লাহে অৱতীৰ্ণ কৰা পুথি তাওৰাতৰ বাণীসমূহ শুনিছিল আৰু সেয়া বুজি পোৱাৰ পিছতো তাৰ শব্দ আৰু অৰ্থ বিকৃত কৰিছিল। যদিও সিহঁত এই অপৰাধৰ ভয়াৱহতা সম্পৰ্কে অৱগত আছিল।
2:76Page 11
وَإِذَا لَقُواْ ٱلَّذِينَ ءَامَنُواْ قَالُوٓاْ ءَامَنَّا وَإِذَا خَلَا بَعۡضُهُمۡ إِلَىٰ بَعۡضٖ قَالُوٓاْ أَتُحَدِّثُونَهُم بِمَا فَتَحَ ٱللَّهُ عَلَيۡكُمۡ لِيُحَآجُّوكُم بِهِۦ عِندَ رَبِّكُمۡۚ أَفَلَا تَعۡقِلُونَ ٧٦
And when they meet those who believe, they say, "We have believed"; but when they are alone with one another, they say, "Do you talk to them about what Allāh has revealed to you so they can argue with you about it before your Lord?" Then will you not reason?
ইয়াহুদীসকলৰ বৈচাৰিক বিৰোধিতা তথা কপটতা ও চক্ৰান্তৰ এটা উদাহৰণ এই আছিল যে, যেতিয়া সিহঁতে মুছলিমসকলৰ লগত মিলিত হৈছিল তেতিয়া তেওঁলোকৰ সন্মুখত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা লগতে তেওঁৰ ৰিছালতৰ সত্যতাও প্ৰদান কৰিছিল আৰু স্বয়ং তাওৰাতেও ইয়াৰ সত্যায়ন কৰে। কিন্তু ইয়াহুদীবিলাকে অকলশৰীয়াকৈ যেতিয়া ইজনে সিজনৰ লগত সাক্ষাত কৰিছিল তেতিয়া এই সত্য স্বীকাৰ কৰা কাৰণে ইজনে সিজনক ভৰ্তসনা কৰিছিল। কাৰণ মুছলিমসকলে সিহঁতৰ এই সত্যায়নক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্য নবী হোৱাৰ ক্ষেত্ৰত সিহঁতৰ বিৰুদ্ধেই দলীল হিচাপে দাঙি ধৰিছিল।
2:77Page 12
أَوَلَا يَعۡلَمُونَ أَنَّ ٱللَّهَ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَ ٧٧
But do they not know that Allāh knows what they conceal and what they declare?
ইয়াহুদীবিলাকে এই ধৰণৰ নিন্দনীয় আচৰণ কৰাৰ সময়ত জানোচা এই কথা পাহৰি যায় যে, আল্লাহে সিহঁতৰ প্ৰকাশ্য, অপ্ৰকাশ্য কথা আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত। লগতে এদিনাখন তেওঁ এইবোৰ বান্দাসকলৰ সন্মুখত প্ৰকাশ কৰি সিহঁতক অপমানিত কৰিব।
2:78Page 12
وَمِنۡهُمۡ أُمِّيُّونَ لَا يَعۡلَمُونَ ٱلۡكِتَٰبَ إِلَّآ أَمَانِيَّ وَإِنۡ هُمۡ إِلَّا يَظُنُّونَ ٧٨
And among them are unlettered ones who do not know the Scripture except [indulgement in] wishful thinking, but they are only assuming.
আৰু ইয়াহুদীসকলৰ মাজত কিছুমান এনেকুৱাও আছে, যিসকলে কেৱল তাওৰাত পঢ়িবহে জানে, একো বুজি নাপায়। সিহঁতৰ মূল ধন হৈছে পূৰ্বপুৰুষৰ পৰা শুনি অহা মিছা কাহিনী। যিবোৰক সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাত বুলি গণ্য কৰে।
2:79Page 12
فَوَيۡلٞ لِّلَّذِينَ يَكۡتُبُونَ ٱلۡكِتَٰبَ بِأَيۡدِيهِمۡ ثُمَّ يَقُولُونَ هَٰذَا مِنۡ عِندِ ٱللَّهِ لِيَشۡتَرُواْ بِهِۦ ثَمَنٗا قَلِيلٗاۖ فَوَيۡلٞ لَّهُم مِّمَّا كَتَبَتۡ أَيۡدِيهِمۡ وَوَيۡلٞ لَّهُم مِّمَّا يَكۡسِبُونَ ٧٩
So woe1 to those who write the "scripture" with their own hands, then say, "This is from Allāh," in order to exchange it for a small price. Woe to them for what their hands have written and woe to them for what they earn.
এতেকে কঠিন শাস্তি সিহঁতৰ বাবে প্ৰতীক্ষা কৰি আছে, যিসকলে নিজ হাতে পুথি লিখি মিছাৰ আশ্ৰয় লৈ কয় যে, এয়া আল্লাহৰ তৰফৰ অৱতীৰ্ণ। যাতে সত্য আৰু হিদায়তৰ অনুসৰণৰ পৰিবৰ্তে পৃথিৱীত ধন-সম্পদ আৰু পদৰ দৰে তুচ্ছ মূল্য সংগ্ৰহ কৰিব পাৰে। সেয়ে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে মিছা কথা লিখি আল্লাহৰ লগত সম্পৃক্ত কৰে। লগতে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে ইয়াৰ পৰিবৰ্তে ধন-সম্পত্তি আৰু পদ অৰ্জন কৰে।
2:80Page 12
وَقَالُواْ لَن تَمَسَّنَا ٱلنَّارُ إِلَّآ أَيَّامٗا مَّعۡدُودَةٗۚ قُلۡ أَتَّخَذۡتُمۡ عِندَ ٱللَّهِ عَهۡدٗا فَلَن يُخۡلِفَ ٱللَّهُ عَهۡدَهُۥٓۖ أَمۡ تَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعۡلَمُونَ ٨٠
And they say, "Never will the Fire touch us, except for [a few] numbered days." Say, "Have you taken a covenant with Allāh? For Allāh will never break His covenant. Or do you say about Allāh that which you do not know?"
অহংকাৰ কৰি মিছা কথা কয় যে, “জুয়ে আমাক স্পৰ্শ নকৰিব আৰু যদি কৰেও আমি মাথো কেইদিনৰ বাবেহে জাহান্নামত প্ৰৱেশ কৰিম”। এতেকে হে নবী আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আল্লাহৰ পৰা মজবুত কোনো অঙ্গীকাৰ লৈছা নেকি? যদি সঁচাই এনেকুৱা হয় তেন্তে নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভঙ্গ নকৰিব। অন্যথা তোমালোকে আল্লাহ সম্পৰ্কে এনেকুৱা কথা কৈ আছা যিটো তোমালোকে নাজানা।
2:81Page 12
بَلَىٰۚ مَن كَسَبَ سَيِّئَةٗ وَأَحَٰطَتۡ بِهِۦ خَطِيٓـَٔتُهُۥ فَأُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ٨١
Yes, [on the contrary], whoever earns evil and his sin has encompassed him - those are the companions of the Fire; they will abide therein eternally.
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱি আছে। আল্লাহে প্ৰত্যেক সেই ব্যক্তিক শাস্তি প্ৰদান কৰিব যিয়ে কুফৰী কৰিছে আৰু তাৰ গুনাহে তাক আৱৰি ধৰিছে। ফলস্বৰূপে তাক জাহান্নামত প্ৰৱেশ কৰাব আৰু তাত সি চিৰস্থায়ী হব।
2:82Page 12
وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ ٨٢
But they who believe and do righteous deeds - those are the companions of Paradise; they will abide therein eternally.
আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। আৰু তাত তেওঁলোক চিৰস্থায়ী হব।
2:83Page 12
وَإِذۡ أَخَذۡنَا مِيثَٰقَ بَنِيٓ إِسۡرَٰٓءِيلَ لَا تَعۡبُدُونَ إِلَّا ٱللَّهَ وَبِٱلۡوَٰلِدَيۡنِ إِحۡسَانٗا وَذِي ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَقُولُواْ لِلنَّاسِ حُسۡنٗا وَأَقِيمُواْ ٱلصَّلَوٰةَ وَءَاتُواْ ٱلزَّكَوٰةَ ثُمَّ تَوَلَّيۡتُمۡ إِلَّا قَلِيلٗا مِّنكُمۡ وَأَنتُم مُّعۡرِضُونَ ٨٣
And [recall] when We took the covenant from the Children of Israel, [enjoining upon them], "Do not worship except Allāh; and to parents do good and to relatives, orphans, and the needy. And speak to people good [words] and establish prayer and give zakāh." Then you turned away, except a few of you, and you were refusing.
হে বনী ইছৰাইল! সেই দৃঢ় অঙ্গীকাৰ স্মৰণ কৰা, যিটো তোমালোকৰ পৰা লোৱা হৈছিল যে, তোমালোকে কেৱল এক আল্লাহক স্বীকাৰ কৰিবা তেওঁৰ লগত আন কাৰো উপাসনা নকৰিবা তথা পিতৃ-মাতৃ, আত্মীয় স্বজন, অনাথ আৰু দৰিদ্ৰ, অভাৱী ব্যক্তিৰ লগত সদাচৰণ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা। ৰূঢ় স্বভাৱ আৰু কঠোৰতা পৰিহাৰ কৰি সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখিবা লগতে আমি দেখুৱাই দিয়া নিয়মানুযায়ী ছালাত আদায় কৰিবা আৰু আনন্দচিত্তে যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰিবা। এই প্ৰতিশ্ৰুতিৰ পিছতো তোমালোকে বিমুখ হৈছিলা আৰু ইয়াৰ ওপৰত আমল কৰাৰো তোমালোকৰ কোনো চাহিদা নাছিল। কিন্তু তোমালোকৰ মাজৰ যাক আল্লাহে ৰক্ষা কৰিছিল তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰিছিল তথা অঙ্গীকাৰ পূৰণ কৰিছিল।
2:84Page 13
وَإِذۡ أَخَذۡنَا مِيثَٰقَكُمۡ لَا تَسۡفِكُونَ دِمَآءَكُمۡ وَلَا تُخۡرِجُونَ أَنفُسَكُم مِّن دِيَٰرِكُمۡ ثُمَّ أَقۡرَرۡتُمۡ وَأَنتُمۡ تَشۡهَدُونَ ٨٤
And [recall] when We took your covenant, [saying], "Do not shed your [i.e., each other's] blood or evict one another from your homes." Then you acknowledged [this] while you were witnessing.
লগতে সেই প্ৰতিশ্ৰুতি স্মৰণ কৰা যিটো তাওৰাতত আমি তোমালোকৰ পৰা লৈছিলো যে, তোমালোকে পৰস্পৰে পৰস্পৰৰ তেজ প্ৰবাহিত নকৰিবা আৰু ইজনে সিজনক নিজ ঠাইৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই প্ৰতিশ্ৰুতি মানিও লৈছিলা আৰু তোমালোক নিজেই ইয়াৰ সাক্ষী।
2:85Page 13
ثُمَّ أَنتُمۡ هَٰٓؤُلَآءِ تَقۡتُلُونَ أَنفُسَكُمۡ وَتُخۡرِجُونَ فَرِيقٗا مِّنكُم مِّن دِيَٰرِهِمۡ تَظَٰهَرُونَ عَلَيۡهِم بِٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِ وَإِن يَأۡتُوكُمۡ أُسَٰرَىٰ تُفَٰدُوهُمۡ وَهُوَ مُحَرَّمٌ عَلَيۡكُمۡ إِخۡرَاجُهُمۡۚ أَفَتُؤۡمِنُونَ بِبَعۡضِ ٱلۡكِتَٰبِ وَتَكۡفُرُونَ بِبَعۡضٖۚ فَمَا جَزَآءُ مَن يَفۡعَلُ ذَٰلِكَ مِنكُمۡ إِلَّا خِزۡيٞ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ يُرَدُّونَ إِلَىٰٓ أَشَدِّ ٱلۡعَذَابِۗ وَمَا ٱللَّهُ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ ٨٥
Then, you are those [same ones who are] killing one another and evicting a party of your people from their homes, cooperating against them in sin and aggression. And if they come to you as captives, you ransom them, although their eviction was forbidden to you. So do you believe in part of the Scripture and disbelieve in part? Then what is the recompense for those who do that among you except disgrace in worldly life; and on the Day of Resurrection they will be sent back to the severest of punishment. And Allāh is not unaware of what you do.
কিন্তু তোমালোকেই সেই প্ৰতিশ্ৰুতিৰ বিৰুদ্ধাচৰণ কৰা। এতেকে তোমালোকে পৰস্পৰক হত্যা কৰা আৰু নিজৰে কিছুমান মানুহক শত্ৰুৰ সহায় লৈ অন্যায়ভাৱে সিহঁতক ঘৰৰ পৰা বহিষ্কাৰ কৰা। আকৌ সিহঁত যেতিয়া শত্ৰু ওচৰত বন্দী হৈ তোমালোকৰ ওচৰত আহে তেতিয়া তোমালোকে সিহঁতক এৰোৱাবলৈ মুক্তিপণ দিয়াৰ বাবে খৰখেদা কৰা। অথচ পূৰ্বে সিহঁতক সিহঁতৰ ঠাইৰ পৰা বহিষ্কাৰ কৰাটোৱে তোমালোকৰ বাবে অবৈধ আছিল। তোমালোকে কিদৰে কিছুমান আদেশৰ প্ৰতি ঈমান পোষণ কৰা? যেনে- মুক্তিপণ আদায় কৰি বন্দীসকলক বিপদমুক্ত কৰা। আনহাতে কিছুমান বিধানক অস্বীকাৰ কৰা, যেনে- তেজ সংৰক্ষণ আৰু পৰস্পৰে পৰস্পৰক বহিষ্কাৰ নকৰাৰ বিধান। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰে পৃথিৱীত তাৰ শাস্তি হৈছে অপমান আৰু আখিৰাতত সি কঠোৰ শাস্তি ভোগ কৰিব। দৰাচলতে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয় বৰং তেওঁ সকলো বিষয়ে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
2:86Page 13
أُوْلَٰٓئِكَ ٱلَّذِينَ ٱشۡتَرَوُاْ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا بِٱلۡأٓخِرَةِۖ فَلَا يُخَفَّفُ عَنۡهُمُ ٱلۡعَذَابُ وَلَا هُمۡ يُنصَرُونَ ٨٦
Those are the ones who have bought the life of this world [in exchange] for the Hereafter, so the punishment will not be lightened for them, nor will they be aided.
ইহঁতেই অস্থায়ী জীৱনক স্থায়ী জীৱনৰ ওপৰত প্ৰাধান্য দি পাৰ্থিৱ জীৱনক আখিৰাতৰ পৰিবৰ্তে বাচি লৈছে। গতিকে আখিৰাতত সিহঁতৰ অকণো শাস্তি লাঘৱ কৰা নহব। আৰু সেইদিনা সিহঁতৰ কোনো সহায়কো নাথাকিব।
2:87Page 13
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَقَفَّيۡنَا مِنۢ بَعۡدِهِۦ بِٱلرُّسُلِۖ وَءَاتَيۡنَا عِيسَى ٱبۡنَ مَرۡيَمَ ٱلۡبَيِّنَٰتِ وَأَيَّدۡنَٰهُ بِرُوحِ ٱلۡقُدُسِۗ أَفَكُلَّمَا جَآءَكُمۡ رَسُولُۢ بِمَا لَا تَهۡوَىٰٓ أَنفُسُكُمُ ٱسۡتَكۡبَرۡتُمۡ فَفَرِيقٗا كَذَّبۡتُمۡ وَفَرِيقٗا تَقۡتُلُونَ ٨٧
And We did certainly give Moses the Scripture [i.e., the Torah] and followed up after him with messengers. And We gave Jesus, the son of Mary, clear proofs and supported him with the Pure Spirit [i.e., the angel Gabriel]. But is it [not] that every time a messenger came to you, [O Children of Israel], with what your souls did not desire, you were arrogant? And a party [of messengers] you denied and another party you killed.
আমিয়ে মূছাক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছতো বহুত ৰাছুল প্ৰেৰণ কৰিছোঁ লগতে ঈছা ইবনে মাৰয়ামক সত্য নবী হোৱাৰ সপক্ষে কিছুমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ। যেনে- মৃত ব্যক্তিক জীৱিত কৰা। তথা জন্মান্ধ সন্তান আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰা। আমি তেওঁক ফিৰিস্তা জিব্ৰীলৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তথাপিও হে বনী ইছৰাঈল! যেতিয়াই তোমালোকৰ ওচৰত আল্লাহৰ কোনো ৰাছুলে এনেকুৱা বিধান লৈ আহিছিল যিটো তোমালোকৰ প্ৰবৃত্তিৰ লগত খাপ খোৱা নাছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা আৰু আল্লাহৰ ৰাছুলতকৈ নিজকে বেছি শ্ৰেষ্ঠ বুলি ভাৱিছিলা। এতেকে তোমালোকে কিছুমান নবীক অস্বীকাৰ কৰিছিলা আৰু কিছুমানক অন্যায়ভাৱে হত্যা কৰিছিলা।
2:88Page 13
وَقَالُواْ قُلُوبُنَا غُلۡفُۢۚ بَل لَّعَنَهُمُ ٱللَّهُ بِكُفۡرِهِمۡ فَقَلِيلٗا مَّا يُؤۡمِنُونَ ٨٨
And they said, "Our hearts are wrapped."1 But, [in fact], Allāh has cursed them for their disbelief, so little is it that they believe.
ইয়াহুদীসকলে মুহাম্মদৰ অনুসৰণ নকৰাৰ দলীল হিচাপে কৈছিলঃ আমাৰ অন্তৰত আৱৰণ পৰিছে, সেয়ে আপোনাৰ কথা আমাৰ অন্তৰত ঢুকি নাপায় আৰু আমাৰ অন্তৰে বুজিও নাপায়। অথচ কাৰণ এইটো নহয়। প্ৰকৃত কাৰণটো হৈছে সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। এতেকে ইহঁত আল্লাহৰ কথা অধিক মানিবলৈ যত্ন কৰা মানুহ নহয়।
2:89Page 14
وَلَمَّا جَآءَهُمۡ كِتَٰبٞ مِّنۡ عِندِ ٱللَّهِ مُصَدِّقٞ لِّمَا مَعَهُمۡ وَكَانُواْ مِن قَبۡلُ يَسۡتَفۡتِحُونَ عَلَى ٱلَّذِينَ كَفَرُواْ فَلَمَّا جَآءَهُم مَّا عَرَفُواْ كَفَرُواْ بِهِۦۚ فَلَعۡنَةُ ٱللَّهِ عَلَى ٱلۡكَٰفِرِينَ ٨٩
And when there came to them a Book [i.e., the Qur’ān] from Allāh confirming that which was with them - although before they used to pray for victory against those who disbelieved - but [then] when there came to them that which they recognized, they disbelieved in it; so the curse of Allāh will be upon the disbelievers.
যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা কোৰআন আহিল, যিটো সাধাৰণ নিয়ম-নীতি আৰু বিধানত তাওৰাত তথা ইঞ্জীলৰ দৰেই। আৰু সিহঁতে কোৰআন অৱতীৰ্ণ হোৱাৰ আগত কৈছিলঃ অনতিপলমে আমি মুশ্বৰিকসকলক পৰাজয় কৰিম যেতিয়া আমাৰ ওচৰত এজন নবী আহিব, আমি তেওঁৰ প্ৰতি ঈমান পোষণ কৰিম আৰু তেওঁৰ অনুসৰণ কৰিম। কিন্তু যেতিয়া কোৰআন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল সেইসমূহ বৈশিষ্ট্যৰ সৈতে যিবোৰ বৈশিষ্ট্য সম্পৰ্কে সিহঁতে ভালকৈয়ে অৱগত আছিল লগতে সেই সত্য উপস্থাপন কৰা হল যি সত্যক সিহঁতে ভালকৈয়ে জানিছিল; তথাপিও সিহঁতে অস্বীকাৰ কৰিলে। এনেকুৱা কাফিৰৰ প্ৰতি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অভিসম্পাত।
2:90Page 14
بِئۡسَمَا ٱشۡتَرَوۡاْ بِهِۦٓ أَنفُسَهُمۡ أَن يَكۡفُرُواْ بِمَآ أَنزَلَ ٱللَّهُ بَغۡيًا أَن يُنَزِّلَ ٱللَّهُ مِن فَضۡلِهِۦ عَلَىٰ مَن يَشَآءُ مِنۡ عِبَادِهِۦۖ فَبَآءُو بِغَضَبٍ عَلَىٰ غَضَبٖۚ وَلِلۡكَٰفِرِينَ عَذَابٞ مُّهِينٞ ٩٠
How wretched is that for which they sold themselves - that they would disbelieve in what Allāh has revealed through [their] outrage that Allāh would send down His favor upon whom He wills from among His servants. So they returned having [earned] wrath upon wrath. And for the disbelievers is a humiliating punishment.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমানৰ পৰিবৰ্তে সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে। ফলত সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা চৰীয়তক অস্বীকাৰ কৰিলে আৰু তেওঁৰ ৰাছুলসকলক মিছা প্ৰতিপন্ন কৰিলে। এইবোৰ সিহঁতে অন্যায় আৰু ঈৰ্ষাৰ ফলত কৰিছিল, কাৰণ আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নুবুওৱত আৰু কোৰআনৰ দ্বাৰা সন্মানিত কৰিছে। এতেকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱজ্ঞা আৰু ইয়াৰ পূৰ্বে তাওৰাত বিকৃত কৰাৰ কাৰণে সিহঁত আল্লাহৰ গজব আৰু অসন্তুষ্টিৰ পাত্ৰ হৈ গ’ল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায়ক শাস্তি।
2:91Page 14
وَإِذَا قِيلَ لَهُمۡ ءَامِنُواْ بِمَآ أَنزَلَ ٱللَّهُ قَالُواْ نُؤۡمِنُ بِمَآ أُنزِلَ عَلَيۡنَا وَيَكۡفُرُونَ بِمَا وَرَآءَهُۥ وَهُوَ ٱلۡحَقُّ مُصَدِّقٗا لِّمَا مَعَهُمۡۗ قُلۡ فَلِمَ تَقۡتُلُونَ أَنۢبِيَآءَ ٱللَّهِ مِن قَبۡلُ إِن كُنتُم مُّؤۡمِنِينَ ٩١
And when it is said to them, "Believe in what Allāh has revealed," they say, "We believe [only] in what was revealed to us." And they disbelieve in what came after it, while it is the truth confirming that which is with them. Say, "Then why did you kill the prophets of Allāh before, if you are [indeed] believers?"
যেতিয়া এই ইয়াহুদীসকলক কোৱা হয় যে, ‘সেই সত্য আৰু হিদায়তৰ প্ৰতি ঈমান পোষণ কৰা যিটো আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে’। তেতিয়া সিহঁতে কয়ঃ ‘আমি সেইটোৰ প্ৰতি ঈমান পোষণ কৰো যিটো আমাৰ নবীৰ প্ৰতি অৱতীৰ্ণ হৈছে’। এইদৰে সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰে। অথচ এই কোৰআন সত্য হোৱাৰ লগতে সেই সমূহ পুথিৰো সত্যায়ন কৰে যিবোৰ সিহঁতে ইতিপূৰ্বে আল্লাহৰ পৰা পাইছে। দৰাচলতে সিহঁতে যদি পূৰ্বে অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি ঈমান পোষণ কৰা হলেহেঁতেন তেন্তে নিশ্চয় কোৰআনৰ প্ৰতিও ঈমান আনিলেহেঁতেন! হে নবী! আপুনি সিহঁতক কওঁক, যদি তোমালোকে পূৰ্বৱৰ্তী নবীসকলে লৈ অহা সত্যৰ প্ৰতি সঁচাকৈয়ে ঈমান পোষণ কৰিছিলা, তেন্তে কোৱাচোন, তোমালোকে আল্লাহৰ নবীসকলক কিয় অন্যায়ভাৱে হত্যা কৰিছিলা?
2:92Page 14
۞ وَلَقَدۡ جَآءَكُم مُّوسَىٰ بِٱلۡبَيِّنَٰتِ ثُمَّ ٱتَّخَذۡتُمُ ٱلۡعِجۡلَ مِنۢ بَعۡدِهِۦ وَأَنتُمۡ ظَٰلِمُونَ ٩٢
And Moses had certainly brought you clear proofs. Then you took the calf [in worship] after that, while you were wrongdoers.
নিশ্চয় মূছা আলাইহিছ ছালাম সত্য নবী হোৱাৰ স্পষ্ট নিদৰ্শন আৰু প্ৰমাণাদি লৈ তোমালোকৰ ওচৰত আহিছিল। আকৌ যেতিয়া মূছা আলাইহিছ ছালামে নিৰ্ধাৰিত সময়ত তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিব গল, তেতিয়া তোমালোকে দামুৰি এটাক উপাস্য কৰি লৈছিলা। দৰাচলতে তোমালোকে আল্লাহৰ ইবাদতত আনক অংশীদাৰ কৰি মহা অন্যায় কৰিছিলা। অথচ একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য তেওঁৰ কোনো অংশীদাৰ নাই।
2:93Page 14
وَإِذۡ أَخَذۡنَا مِيثَٰقَكُمۡ وَرَفَعۡنَا فَوۡقَكُمُ ٱلطُّورَ خُذُواْ مَآ ءَاتَيۡنَٰكُم بِقُوَّةٖ وَٱسۡمَعُواْۖ قَالُواْ سَمِعۡنَا وَعَصَيۡنَا وَأُشۡرِبُواْ فِي قُلُوبِهِمُ ٱلۡعِجۡلَ بِكُفۡرِهِمۡۚ قُلۡ بِئۡسَمَا يَأۡمُرُكُم بِهِۦٓ إِيمَٰنُكُمۡ إِن كُنتُم مُّؤۡمِنِينَ ٩٣
And [recall] when We took your covenant and raised over you the mount, [saying], "Take what We have given you with determination and listen." They said [instead], "We hear and disobey." And their hearts absorbed [the worship of] the calf because of their disbelief. Say, "How wretched is that which your faith enjoins upon you, if you should be believers."
তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে মূছা আলাইহিছ ছালামৰ অনুসৰণ কৰিবা আৰু আল্লাহ প্ৰদত্ত চৰীয়তক আঁকোৱালী লবা। আৰু তোমালোকক ভয় দেখুৱাবলৈ আমি তোমালোকৰ ওপৰত তুৰ পৰ্বতক দাঙি ধৰিছিলো আৰু কৈছিলোঃ তাওৰাতক দৃঢ়ভাৱে ধাৰণ কৰা যিটো আমি তোমালোকক প্ৰদান কৰিছো। লগতে মানি লোৱা আৰু অনুসৰণ কৰাৰ উদ্দেশ্যে মনোযোগেৰে শুনা অন্যথা তোমালোকৰ ওপৰত আমি এই পৰ্বত পেলাই দিম। তেতিয়া তোমালোকে কৈছিলাঃ আমি কাণেৰে শুনিলো কিন্তু আমল কৰিবলৈ অস্বীকাৰ কৰিলো। দৰাচলতে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিৰ উপাসনাই শিপা মেলিছিল। হে নবী! আপুনি কৈ দিয়ক, যদি তোমালোক মুমিন তেন্তে এয়া তোমালোকৰ নিকৃষ্ট ঈমান, যি ঈমানে তোমালোকক আল্লাহৰ লগত কুফৰী কৰাৰ নিৰ্দেশ দিয়ে। কাৰণ প্ৰকৃত ঈমানৰ লগত কেতিয়াও কুফৰী সম্পৃক্ত থাকিব নোৱাৰে।
2:94Page 15
قُلۡ إِن كَانَتۡ لَكُمُ ٱلدَّارُ ٱلۡأٓخِرَةُ عِندَ ٱللَّهِ خَالِصَةٗ مِّن دُونِ ٱلنَّاسِ فَتَمَنَّوُاْ ٱلۡمَوۡتَ إِن كُنتُمۡ صَٰدِقِينَ ٩٤
Say, [O Muḥammad], "If the home of the Hereafter with Allāh is for you alone and not the [other] people, then wish for death, if you should be truthful."
হে নবী! আপুনি কৈ দিয়ক, হে ইয়াহুদীসকল! যদি আখিৰাতত জান্নাত কেৱল তোমালোকৰ বাবেই সংৰক্ষিত আৰু তাত তোমালোকৰ বাহিৰে আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব তেতিয়াহলে তোমালোকে মৃত্যু কামনা কৰা, যাতে অতিসোনকালে তোমালোকে তাত প্ৰৱেশ কৰিব পাৰা লগতে পাৰ্থিৱ জীৱনৰ অসুবিধা আৰু চিন্তাৰ পৰাও সকাহ পোৱা। যদি তোমালোকৰ এই কথা সত্য তেন্তে মৃত্যু কামনা কৰা।
2:95Page 15
وَلَن يَتَمَنَّوۡهُ أَبَدَۢا بِمَا قَدَّمَتۡ أَيۡدِيهِمۡۚ وَٱللَّهُ عَلِيمُۢ بِٱلظَّٰلِمِينَ ٩٥
But never will they wish for it, ever, because of what their hands have put forth. And Allāh is Knowing of the wrongdoers.
সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব। কিয়নো জীৱনত সিহঁতে আল্লাহক অস্বীকাৰ, তেওঁৰ ৰাছুলৰ প্ৰতি মিথ্যাৰোপ আৰু তেওঁৰ পুথিসমূহ বিকৃত কৰাৰ দৰে আৰু বহুতো গুনাহ কৰিছে। আল্লাহে সিহঁতৰ মাজৰ আৰু আন সম্প্ৰদায়ৰ সকলো অন্যায়কাৰীকেই ভালদৰে জানে আৰু প্ৰত্যেককে তাৰ আমলৰ প্ৰতিদান দিব।
2:96Page 15
وَلَتَجِدَنَّهُمۡ أَحۡرَصَ ٱلنَّاسِ عَلَىٰ حَيَوٰةٖ وَمِنَ ٱلَّذِينَ أَشۡرَكُواْۚ يَوَدُّ أَحَدُهُمۡ لَوۡ يُعَمَّرُ أَلۡفَ سَنَةٖ وَمَا هُوَ بِمُزَحۡزِحِهِۦ مِنَ ٱلۡعَذَابِ أَن يُعَمَّرَۗ وَٱللَّهُ بَصِيرُۢ بِمَا يَعۡمَلُونَ ٩٦
And you will surely find them the most greedy of people for life - [even] more than those who associate others with Allāh. One of them wishes that he could be granted life a thousand years, but it would not remove him in the least from the [coming] punishment that he should be granted life. And Allāh is Seeing of what they do.
হে নবী! আপুনি আন আন মানুহতকৈ ইয়াহুদীসকলক অধিক জীয়াই থকাৰ বাসনাকাৰী হিচাপে পাব। যদিও তুচ্ছ আৰু নিকৃষ্ট জীৱনেই নহওঁক কিয়। এই ক্ষেত্ৰত ইহঁতে মুশ্বৰিকসকলতকৈয়ো এখোজ আগবঢ়া যিসকলে পুনৰুত্থান আৰু হিচাপ নিকাচ বিশ্বাস নকৰে। আহলে কিতাব তথা পুনৰুত্থান আৰু হিচাপ-নিকাচৰ প্ৰতি বিশ্বাস কৰাৰ পিছতো ইহঁতৰ প্ৰত্যেক ব্যক্তিয়ে হেজাৰ বছৰ আয়ু কামনা কৰে। অথচ সিহঁতৰ দীৰ্ঘ জীৱনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত আৰু সিহঁতক দেখি আছে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয় আৰু তেওঁ প্ৰত্যেককে তাৰ আমলৰ প্ৰতিদান দিব।
2:97Page 15
قُلۡ مَن كَانَ عَدُوّٗا لِّـجِبۡرِيلَ فَإِنَّهُۥ نَزَّلَهُۥ عَلَىٰ قَلۡبِكَ بِإِذۡنِ ٱللَّهِ مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ وَهُدٗى وَبُشۡرَىٰ لِلۡمُؤۡمِنِينَ ٩٧
Say, "Whoever is an enemy to Gabriel - it is [none but] he who has brought it [i.e., the Qur’ān] down upon your heart, [O Muḥammad], by permission of Allāh, confirming that which was before it and as guidance and good tidings for the believers."
হে নবী! আপুনি সেইসকল ইয়াহুদীক জনাই দিয়ক যিসকলে কয়ঃ “ফিৰিস্তাসকলৰ ভিতৰত জিব্ৰীল হৈছে আমাৰ শত্ৰু”। যিয়ে জিব্ৰীলৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁতে জানি থোৱা উচিত যে, তেৱেঁই আল্লাহৰ আদেশত আপোনাৰ অন্তৰত কোৰআন অৱতীৰ্ণ কৰিছে, যি কোৰআনে তাওৰাত, ইঞ্জীলৰ দৰে পূৰ্বৱৰ্তী সকলো পুথিৰ সত্যায়ন কৰে। সত্কৰ্মৰ সন্ধান দিয়ে আৰু মুমিনসকলক সেইসমূহ নিয়ামতৰ সুসংবাদ দিয়ে যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। এতেকে যিয়ে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী সত্ত্বাৰ লগত শত্ৰুতা পোষণ কৰে, নিশ্চয় সি পথভ্ৰষ্টসকলৰ অন্তৰ্ভুক্ত।
2:98Page 15
مَن كَانَ عَدُوّٗا لِّلَّهِ وَمَلَٰٓئِكَتِهِۦ وَرُسُلِهِۦ وَجِبۡرِيلَ وَمِيكَىٰلَ فَإِنَّ ٱللَّهَ عَدُوّٞ لِّلۡكَٰفِرِينَ ٩٨
Whoever is an enemy to Allāh and His angels and His messengers and Gabriel and Michael - then indeed, Allāh is an enemy to the disbelievers.
যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তা লগতে তেওঁৰ ৰাছুলসকলৰ লগত শত্ৰুতা পোষণ কৰে তথা তেওঁৰ নিকটৱৰ্তী দুই ফিৰিস্তা জিব্ৰীল আৰু মিকাইলৰ লগত শত্ৰুতা কৰে তেন্তে জানি থোৱা নিশ্চয় আল্লাহ তোমালোকৰ মাজৰ কাফিৰসকলৰ শত্ৰু আৰু আন আন সম্প্ৰদায়ৰ কাফিৰ সকলৰো শত্ৰু। এতেকে যাৰ শত্ৰু স্বয়ং আল্লাহ সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্থ।
2:99Page 15
وَلَقَدۡ أَنزَلۡنَآ إِلَيۡكَ ءَايَٰتِۭ بَيِّنَٰتٖۖ وَمَا يَكۡفُرُ بِهَآ إِلَّا ٱلۡفَٰسِقُونَ ٩٩
And We have certainly revealed to you verses [which are] clear proofs, and no one would deny them except the defiantly disobedient.
হে নবী! আমি আপোনাৰ নবুওৱত আৰু অহীৰ সত্যতাৰ বাবে স্পষ্ট নিদৰ্শন অৱতীৰ্ণ কৰিছো। এইবোৰ স্পষ্ট নিদৰ্শনৰ বিৰোধিতা কেৱল সেই ব্যক্তিয়েই কৰিব পাৰে যিজন আল্লাহৰ দ্বীনৰ পৰা বহিষ্কৃত।
2:100Page 15
أَوَكُلَّمَا عَٰهَدُواْ عَهۡدٗا نَّبَذَهُۥ فَرِيقٞ مِّنۡهُمۚ بَلۡ أَكۡثَرُهُمۡ لَا يُؤۡمِنُونَ ١٠٠
Is it not [true] that every time they took a covenant a party of them threw it away? But, [in fact], most of them do not believe.
ইয়াহুদীসকলৰ বেয়া আচৰণৰ এটা উদাহৰণ এই যে, সিহঁতে যেতিয়াই প্ৰতিশ্ৰুতি কৰিছে –তাওৰাতত থকা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ ভৱিষ্যদ্বাণীৰ প্ৰতি ঈমান পোষণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- তেতিয়াই সিহঁতৰ এটা দলে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে। দৰাচলতে ইয়াহুদীসকলৰ অধিকাংশই আল্লাহে অৱতীৰ্ণ কৰা পুথিৰ প্ৰতি ঈমান পোষণ নকৰে। কিয়নো ঈমানে প্ৰতিশ্ৰুতিৰ প্ৰতি অটল থকা প্ৰমাণ বহন কৰে।
2:101Page 15
وَلَمَّا جَآءَهُمۡ رَسُولٞ مِّنۡ عِندِ ٱللَّهِ مُصَدِّقٞ لِّمَا مَعَهُمۡ نَبَذَ فَرِيقٞ مِّنَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ كِتَٰبَ ٱللَّهِ وَرَآءَ ظُهُورِهِمۡ كَأَنَّهُمۡ لَا يَعۡلَمُونَ ١٠١
And when a messenger from Allāh came to them confirming that which was with them, a party of those who had been given the Scripture threw the Scripture of Allāh [i.e., the Torah] behind their backs as if they did not know [what it contained].
যেতিয়া মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ তৰফৰ পৰা নবী হৈ সিহঁতৰ ওচৰত আহিল আৰু তেখেতৰ মাজত সেই সকলো বৈশিষ্ট্য বিদ্যমান আছিল যিবোৰ তাওৰাতত বৰ্ণনা কৰা হৈছিল। তথাপিও সিহঁতৰ এটা দলে তাওৰাতৰ সেই বৰ্ণনাৰ পৰা মুখ ঘূৰাই ললে আৰু পিছফালে দলিয়াই দিলে। সিহঁত মুৰ্খৰ দৰে যিসকলে তাওৰাতত থকা সত্য আৰু হিদায়তৰ দ্বাৰা উপকৃত নহয় আৰু তাৰ যত্নও নলয়।
2:102Page 16
وَٱتَّبَعُواْ مَا تَتۡلُواْ ٱلشَّيَٰطِينُ عَلَىٰ مُلۡكِ سُلَيۡمَٰنَۖ وَمَا كَفَرَ سُلَيۡمَٰنُ وَلَٰكِنَّ ٱلشَّيَٰطِينَ كَفَرُواْ يُعَلِّمُونَ ٱلنَّاسَ ٱلسِّحۡرَ وَمَآ أُنزِلَ عَلَى ٱلۡمَلَكَيۡنِ بِبَابِلَ هَٰرُوتَ وَمَٰرُوتَۚ وَمَا يُعَلِّمَانِ مِنۡ أَحَدٍ حَتَّىٰ يَقُولَآ إِنَّمَا نَحۡنُ فِتۡنَةٞ فَلَا تَكۡفُرۡۖ فَيَتَعَلَّمُونَ مِنۡهُمَا مَا يُفَرِّقُونَ بِهِۦ بَيۡنَ ٱلۡمَرۡءِ وَزَوۡجِهِۦۚ وَمَا هُم بِضَآرِّينَ بِهِۦ مِنۡ أَحَدٍ إِلَّا بِإِذۡنِ ٱللَّهِۚ وَيَتَعَلَّمُونَ مَا يَضُرُّهُمۡ وَلَا يَنفَعُهُمۡۚ وَلَقَدۡ عَلِمُواْ لَمَنِ ٱشۡتَرَىٰهُ مَا لَهُۥ فِي ٱلۡأٓخِرَةِ مِنۡ خَلَٰقٖۚ وَلَبِئۡسَ مَا شَرَوۡاْ بِهِۦٓ أَنفُسَهُمۡۚ لَوۡ كَانُواْ يَعۡلَمُونَ ١٠٢
And they followed [instead] what the devils had recited during the reign of Solomon. It was not Solomon who disbelieved, but the devils disbelieved, teaching people magic and that which was revealed to the two angels at Babylon, Hārūt and Mārūt. But they [i.e., the two angels] do not teach anyone unless they say, "We are a trial, so do not disbelieve [by practicing magic]."1 And [yet] they learn from them that by which they cause separation between a man and his wife. But they do not harm anyone through it except by permission of Allāh. And they [i.e., people] learn what harms them and does not benefit them. But they [i.e., the Children of Israel] certainly knew that whoever purchased it [i.e., magic] would not have in the Hereafter any share. And wretched is that for which they sold themselves, if they only knew.
যেতিয়া সিহঁতে আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই ললে, তেতিয়া ইয়াৰ পৰিবৰ্তে সেই সমূহ মনেসজা কথাৰ অনুসৰণ কৰিবলৈ ধৰিলে, যিবোৰ ছুলাইমান আলাইহিচ ছালামৰ ৰাজত্বৰ বিষয়ে চয়তানে প্ৰচাৰ কৰিছিল। সিহঁতে ধাৰণা কৰিছিল যে, ছুলাইমান আলাইহিচ ছালামে তেওঁৰ ৰাজত্ব মজবুত কৰি ৰাখিবলৈ যাদু বিদ্যাৰ সহায় লৈছিল। অথচ ছুলাইমান আলাইহিচ ছালামে যাদু বিদ্যাৰ সহায় লৈ কুফৰী কৰা নাছিল। বৰং চয়তানেহে কুফৰী কৰিছিল, যিয়ে মানুহক যাদু শিকাইছিল। চয়তানে মানুহক সেইসমূহ যাদু শিকাইছিল যিটো ইৰাকৰ বেবিলন চহৰত দুজন ফিৰিস্তা হাৰূত আৰু মাৰূতৰ প্ৰতি মানুহৰ পৰীক্ষা বাবে অৱতীৰ্ণ কৰা হৈছিল। এওঁলোক উভয়ে যাদু শিকোৱাৰ আগত প্ৰত্যেককে এই সতৰ্কবাণী দি কৈছিলঃ আমি মানুহৰ বাবে কেৱল মাথো পৰীক্ষাহে, এতেকে তোমালোকে যাদু শিকি কুফৰী নকৰিবা। যিয়ে তেওঁলোকৰ উপদেশ গ্ৰহণ কৰা নাছিল সি যাদু শিকিছিল। সেই যাদুৰে এটা প্ৰকাৰ আছিল এই ধৰণৰ যিটোৰ দ্বাৰা স্বামী-স্ত্ৰীৰ মাজত বিদ্বেষ সৃষ্টি কৰি বিচ্ছেদ ঘটোৱা হৈছিল। অথচ সিহঁতৰ যাদুৱে আল্লাহৰ অনুমতি আৰু ইচ্ছা অবিহনে কাকো কোনো ধৰণৰ ক্ষতি কৰিব পৰা নাছিল। লগতে এই কথা ইয়াহুদীসকলেও জানে যে, আল্লাহৰ কিতাবৰ পৰিবৰ্তে যাদু বিদ্যা পছন্দ কৰা সকলৰ আখিৰাতত কোনো অংশ নাথাকিব। সিহঁতে আল্লাহৰ অহী আৰু তেওঁৰ চৰীয়তৰ পৰিবৰ্তে যাদু বিদ্যাক পছন্দ কৰিছে। নিশ্চয় সেয়া জঘন্য বস্তু যিটোৰ পৰিবৰ্তে সিহঁতে নিজকে বিক্ৰী কৰিছে। যদি সিহঁতে জানিলেহেঁতেন যে, কোনটো বস্তুৰ দ্বাৰা সিহঁতৰ লাভ হব তেন্তে এই জঘন্য কৰ্ম আৰু স্পষ্ট ভ্ৰষ্টতাত পতিত নহলেহেঁতেন!
2:103Page 16
وَلَوۡ أَنَّهُمۡ ءَامَنُواْ وَٱتَّقَوۡاْ لَمَثُوبَةٞ مِّنۡ عِندِ ٱللَّهِ خَيۡرٞۚ لَّوۡ كَانُواْ يَعۡلَمُونَ ١٠٣
And if they had believed and feared Allāh, then the reward from Allāh would have been [far] better, if they only knew.
যদি ইয়াহুদীসকলে আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰিলেহেঁতেন! আৰু তেওঁক ভয় কৰি সত্কৰ্ম কৰিলেহেঁতেন লগতে তেওঁৰ অবাধ্যতা পৰিত্যাগ কৰিলেহেঁতেন! তেন্তে সিহঁতে বৰ্তমান যি অৱস্থাত আছে তাতোকৈ উত্তম প্ৰতিদান আল্লাহৰ ওচৰত পালেহেঁতেন! কোনটো বস্তু সিহঁতৰ বাবে উপকাৰী হব যদি সিহঁতে জানিলেহেঁতেন!
2:104Page 16
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَقُولُواْ رَٰعِنَا وَقُولُواْ ٱنظُرۡنَا وَٱسۡمَعُواْۗ وَلِلۡكَٰفِرِينَ عَذَابٌ أَلِيمٞ ١٠٤
O you who have believed, say not [to Allāh's Messenger], "Rāʿinā" but say, "Unẓurnā"1 and listen. And for the disbelievers is a painful punishment.
আল্লাহে মুমিনসকলক ভাল শব্দ ব্যৱহাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকে ৰা-ঈনা (অৰ্থাৎ আমাৰ প্ৰতি লক্ষ্য কৰক) শব্দটো ব্যৱহাৰ নকৰিবা। কিয়নো ইয়াহুদীসকলে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাৰ সময়ত অহংকাৰ কৰি বেয়া অৰ্থ প্ৰকাশ কৰে। সেয়ে আল্লাহে এই দুৱাৰ বন্ধ কৰিবলৈ এই শব্দটোকে ব্যৱহাৰ কৰিবলৈ নিষেধ কৰিছে আৰু বান্দাসকলক আদেশ দিছে যে, ইয়াৰ পৰিবৰ্তে তোমালোকে উনযুৰনা (অৰ্থাৎ অকণমান অপেক্ষা কৰক, যাতে আমি আপোনাৰ কথা ভালদৰে বুজি পাওঁ) শব্দ ব্যৱহাৰ কৰা। এই শব্দটোৱে কোনো ক্ষতি নোহোৱাকৈ মূল অৰ্থ প্ৰকাশ কৰে। আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক অতি কষ্টকৰ শাস্তি।
2:105Page 16
مَّا يَوَدُّ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ وَلَا ٱلۡمُشۡرِكِينَ أَن يُنَزَّلَ عَلَيۡكُم مِّنۡ خَيۡرٖ مِّن رَّبِّكُمۡۚ وَٱللَّهُ يَخۡتَصُّ بِرَحۡمَتِهِۦ مَن يَشَآءُۚ وَٱللَّهُ ذُو ٱلۡفَضۡلِ ٱلۡعَظِيمِ ١٠٥
Neither those who disbelieve from the People of the Scripture [i.e., the Jews and Christians] nor the polytheists wish that any good should be sent down to you from your Lord. But Allāh selects for His mercy whom He wills, and Allāh is the possessor of great bounty.
কাফিৰ আহলে কিতাবসকলৰ হওঁক নাইবা মুশ্বৰিকসকলৰ, তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো কল্যাণ অহাটো সিহঁতে কেতিয়াও পছন্দ নকৰে। কম হওঁক বা বেছি। অথচ আল্লাহে তেওঁৰ বান্দাসকলৰ যাক ইচ্ছা কৰে নবুওৱত, অহী আৰু ঈমান প্ৰদান কৰে। আৰু আল্লাহ মহা অনুগ্ৰহশীল। সৃষ্টিজগতৰ সকলো কল্যাণ তেওঁৰ পৰাই আহে। ৰাছুল প্ৰেৰণ কৰা আৰু কিতাপ অৱতীৰ্ণ কৰাও তেওঁৰ এটা অনুগ্ৰহ।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences