Al-MukhtasarAl‑Anbya · 21:50–99

Al-Mukhtasar · Tafsir · in Assamese

Al-Anbya 21:50–99

21:50Page 326

وَهَٰذَا ذِكۡرٞ مُّبَارَكٌ أَنزَلۡنَٰهُۚ أَفَأَنتُمۡ لَهُۥ مُنكِرُونَ ٥٠

And this [Qur’ān] is a blessed message which We have sent down. Then are you with it unacquainted?1

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন, সেইসকল লোকৰ বাবে উপদেশ আৰু নচিহত, যিসকলে উপদেশ গ্ৰহণ কৰিব বিচাৰে, এইখন হৈছে মহা লাভদায়ক তথা বৰকতম গ্ৰন্থ। ইয়াৰ পিছতো তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে? ইয়াৰ মাজত থকা শিক্ষাক স্বীকাৰ নকৰিবানে আৰু তাৰ প্ৰতি আমল নকৰিবানে?

21:51Page 326

۞ وَلَقَدۡ ءَاتَيۡنَآ إِبۡرَٰهِيمَ رُشۡدَهُۥ مِن قَبۡلُ وَكُنَّا بِهِۦ عَٰلِمِينَ ٥١

And We had certainly given Abraham his sound judgement before,1 and We were of him well-Knowing

নিশ্চয় আমি ইব্ৰাহীমক শৈশৱ কালতে তেওঁৰ জাতিৰ বিৰুদ্ধে প্ৰমাণ প্ৰদান কৰিছিলোঁ, আমি তেওঁৰ বিষয়ে ভালদৰেই অৱগত আছিলোঁ। সেয়ে আমি তেওঁক তেওঁৰ জাতিৰ বিৰুদ্ধে সেইবোৰ প্ৰমাণ প্ৰদান কৰিছিলোঁ, যিবোৰৰ তেওঁ উপযুক্ত আছিল।

21:52Page 326

إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَا هَٰذِهِ ٱلتَّمَاثِيلُ ٱلَّتِيٓ أَنتُمۡ لَهَا عَٰكِفُونَ ٥٢

When he said to his father and his people, "What are these statues to which you are devoted?"

যেতিয়া তেওঁ নিজৰ পিতৃ আঝাৰ আৰু তেওঁৰ সম্প্ৰদায়ক ক'লেঃ এই মূৰ্তিবোৰ আচলতে কি, যিবোৰক তোমালোকে নিজ হাতে নিৰ্মাণ কৰি সেইবোৰৰ ইবাদত কৰি আছা?

21:53Page 326

قَالُواْ وَجَدۡنَآ ءَابَآءَنَا لَهَا عَٰبِدِينَ ٥٣

They said, "We found our fathers worshippers of them."

তেওঁৰ সম্প্ৰদায়ে তেওঁক ক'লেঃ আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখা পাইছোঁ। সেয়ে তেওঁলোকৰ অনুসৰণ কৰি আমি এইবোৰক উপাসনা কৰোঁ।

21:54Page 326

قَالَ لَقَدۡ كُنتُمۡ أَنتُمۡ وَءَابَآؤُكُمۡ فِي ضَلَٰلٖ مُّبِينٖ ٥٤

He said, "You were certainly, you and your fathers, in manifest error."

ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতক ক'লেঃ হে অন্ধানুসাৰীসকল! তোমালোক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে সত্যৰ পথৰ পৰা আঁতৰি প্ৰকাশ্য বিভ্ৰান্তিত পতিত হৈছা।

21:55Page 326

قَالُوٓاْ أَجِئۡتَنَا بِٱلۡحَقِّ أَمۡ أَنتَ مِنَ ٱللَّٰعِبِينَ ٥٥

They said, "Have you come to us with truth, or are you of those who jest?"

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ তুমি কোৱা কথাষাৰ সঁচাই সত্যনে? নে তুমি আমাৰ লগত ঠাট্টা কৰি আছা?

21:56Page 326

قَالَ بَل رَّبُّكُمۡ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ ٱلَّذِي فَطَرَهُنَّ وَأَنَا۠ عَلَىٰ ذَٰلِكُم مِّنَ ٱلشَّٰهِدِينَ ٥٦

He said, "[No], rather, your Lord is the Lord of the heavens and the earth who created them, and I, to that, am of those who testify.

ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ এয়া ঠাট্টা নহয়, বৰং প্ৰকৃত সত্য। আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক। তেৱেঁই এইবোৰক পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। নিশ্চিতভাৱে মই এই কথাৰ সাক্ষ্য দিওঁ যে, আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালকেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক। এই ক্ষেত্ৰত তোমালোকৰ মূৰ্তিবোৰৰ কোনো হস্তক্ষেপ নাই।

21:57Page 326

وَتَٱللَّهِ لَأَكِيدَنَّ أَصۡنَٰمَكُم بَعۡدَ أَن تُوَلُّواْ مُدۡبِرِينَ ٥٧

And [I swear] by Allāh, I will surely plan against your idols after you have turned and gone away."

ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ে নুশুনাকৈ লাহে লাহে ক'লেঃ তোমালোকে উৎসৱত গুচি যোৱাৰ পিছত অৱশ্যে মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে এটা কৌশল অৱলম্বন কৰিম। যিটো তোমালোকৰ বাবে হ'ব অপ্ৰিয়।

21:58Page 327

فَجَعَلَهُمۡ جُذَٰذًا إِلَّا كَبِيرٗا لَّهُمۡ لَعَلَّهُمۡ إِلَيۡهِ يَرۡجِعُونَ ٥٨

So he made them into fragments, except a large one among them, that they might return to it [and question].

ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতৰ মূৰ্তিবোৰক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পেলালে। কিন্তু আটাইতকৈ ডাঙৰ মূৰ্তিটোক একো নকৰিলে, যাতে মানুহে সেই মূৰ্তিটোক সোধ-পোচ কৰিব পাৰে যে, কোনে এইবোৰক চূৰ্ণ-বিচূৰ্ণ কৰিছে।

21:59Page 327

قَالُواْ مَن فَعَلَ هَٰذَا بِـَٔالِهَتِنَآ إِنَّهُۥ لَمِنَ ٱلظَّٰلِمِينَ ٥٩

They said, "Who has done this to our gods? Indeed, he is of the wrongdoers."

যেতিয়া সিহঁত উভতি আহিল, আৰু দেখা পালে যে, সিহঁতৰ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ আছে, তেতিয়া সিহঁতে ইজনে সিজনক সুধিলেঃ আমাৰ উপাস্যবোৰৰ কোনে এনেকুৱা অৱস্থা কৰিছে? যিয়ে এনেকুৱা কৰিছে সি নিশ্চয় এজন যালিম ব্যক্তি। কিয়নো সি সন্মানৰ পাত্ৰক অপমান কৰিছে।

21:60Page 327

قَالُواْ سَمِعۡنَا فَتٗى يَذۡكُرُهُمۡ يُقَالُ لَهُۥٓ إِبۡرَٰهِيمُ ٦٠

They said, "We heard a young man mention them who is called Abraham."

সিহঁতৰ মাজৰ কোনোবাই ক'লেঃ মই এজন যুৱকক -যাক ইব্ৰাহীম বুলি কোৱা হয়- এই উপাস্যবোৰৰ বিষয়ে বেয়া মন্তব্য কৰা শুনিছোঁ। জানোচা সিয়েই এইবোৰ চূৰ্ণ-বিচূৰ্ণ কৰিছে।

21:61Page 327

قَالُواْ فَأۡتُواْ بِهِۦ عَلَىٰٓ أَعۡيُنِ ٱلنَّاسِ لَعَلَّهُمۡ يَشۡهَدُونَ ٦١

They said, "Then bring him before the eyes of the people that they may testify."1

সিহঁতৰ প্ৰতিনিধিসকলে ক'লেঃ ইব্ৰাহীমক জনসন্মুখত উপস্থিত কৰা হওক, যাতে সকলোৱে তাক অপৰাধ স্বীকাৰ কৰা দেখা পায়, তাৰ সেই স্বীকৃতি যাতে তোমালোকৰ বাবে তাৰ বিৰুদ্ধে প্ৰমাণ সাব্যস্ত হয়।

21:62Page 327

قَالُوٓاْ ءَأَنتَ فَعَلۡتَ هَٰذَا بِـَٔالِهَتِنَا يَٰٓإِبۡرَٰهِيمُ ٦٢

They said, "Have you done this to our gods, O Abraham?"

এতেকে সিহঁতে ইব্ৰাহীম আলাইহিচ্ছালামক উপস্থিত কৰালে, আৰু তেওঁক সুধিলেঃ হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে এই জঘন্য আচৰণ তুমিয়ে কৰিছা নেকি?!

21:63Page 327

قَالَ بَلۡ فَعَلَهُۥ كَبِيرُهُمۡ هَٰذَا فَسۡـَٔلُوهُمۡ إِن كَانُواْ يَنطِقُونَ ٦٣

He said, "Rather, this - the largest of them - did it, so ask them, if they should [be able to] speak."

ইব্ৰাহীম আলাইহিচ্ছালামে (সিহঁতৰ পৰিহাস কৰি আৰু মানুহৰ সন্মুখত সিহঁতৰ মূৰ্তিবোৰৰ অপাৰগতা প্ৰকাশ কৰি) ক'লেঃ এই আচৰণ মই কৰা নাই, বৰং এই কাম সেই ডাঙৰ মূৰ্তিটোৱেহে কৰিছে। যদি তোমালোকৰ মূৰ্তিবোৰে কথা ক’ব পাৰে তেন্তে সেইবোৰক সুধি লোৱা।

21:64Page 327

فَرَجَعُوٓاْ إِلَىٰٓ أَنفُسِهِمۡ فَقَالُوٓاْ إِنَّكُمۡ أَنتُمُ ٱلظَّٰلِمُونَ ٦٤

So they returned to [blaming] themselves and said [to each other], "Indeed, you are the wrongdoers."

সিহঁতে মনে মনে ভাৱিবলৈ বাধ্য হ'ল যে, সিহঁতৰ মূৰ্তিবোৰৰ সঁচাই কোনো উপকাৰ বা অপকাৰ কৰাৰ সাধ্য নাই। গতিকে এইবোৰৰ উপাসনা কৰি সিহঁত এক প্ৰকাৰ অন্যায়হে কৰি আছে।

21:65Page 327

ثُمَّ نُكِسُواْ عَلَىٰ رُءُوسِهِمۡ لَقَدۡ عَلِمۡتَ مَا هَٰٓؤُلَآءِ يَنطِقُونَ ٦٥

Then they reversed themselves,1 [saying], "You have already known that these do not speak!"

কিন্তু ইয়াৰ পিছত সিহঁতে আকৌ আকোঁৰগোজ আৰু স্বৈৰাচাৰী স্বভাৱবলৈ উভতি আহিল আৰু কলেঃ হে ইব্ৰাহীম! তুমি ভালদৰেই জানা যে, এই মূৰ্তিবোৰৰ বাকশক্তি নাই। তথাপিও তুমি আমাক সেইবোৰক সোধ-পোচ কৰিবলৈ কিয় কোৱা? এই কথাষাৰক যদিও সিহঁতে নিজৰ সপক্ষে দলিল হিচাপে উপস্থাপন কৰিছিল, কিন্তু সেইটো সিহঁতৰ বিৰুদ্ধেহে দলিল সাব্যস্ত হ’ল।

21:66Page 327

قَالَ أَفَتَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكُمۡ شَيۡـٔٗا وَلَا يَضُرُّكُمۡ ٦٦

He said, "Then do you worship instead of Allāh that which does not benefit you at all or harm you?

ইব্ৰাহীম আলাইহিচ্ছালামে সিহঁতৰ যুক্তিক খণ্ডন কৰি ক'লেঃ তোমালোকে আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ উপাসনা কৰা নেকি, যিবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে তথা অপকাৰো কৰিব নোৱাৰে। আনকি সেইবোৰে নিজকো ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ অপাৰগ, তথা নিজৰো কোনো উপকাৰ সাধন কৰিব নোৱাৰে।

21:67Page 327

أُفّٖ لَّكُمۡ وَلِمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِۚ أَفَلَا تَعۡقِلُونَ ٦٧

Uff1 to you and to what you worship instead of Allāh. Then will you not use reason?"

ধিক্, তোমালোকৰ প্ৰতি, তথা সেই মূৰ্তিবোৰৰ প্ৰতি যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। তেন্তে সেইবোৰৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰানে, তোমালোকে এইখিনিও বুজি নোপোৱা নেকি?

21:68Page 327

قَالُواْ حَرِّقُوهُ وَٱنصُرُوٓاْ ءَالِهَتَكُمۡ إِن كُنتُمۡ فَٰعِلِينَ ٦٨

They said, "Burn him and support your gods - if you are to act."

যেতিয়া সিহঁতে প্ৰমাণৰ জৰিয়তে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰদৰ্শন কৰিবলৈ ল'লে আৰু ক'লেঃ যদি তোমালোকে ইব্ৰাহীমক মূৰ্তি চূৰ্ণ-বিচূৰ্ণ কৰাৰ বাবে যথোচিত শাস্তি দিব বিচৰা তেন্তে তাক জুইত নিক্ষেপ কৰা।

21:69Page 327

قُلۡنَا يَٰنَارُ كُونِي بَرۡدٗا وَسَلَٰمًا عَلَىٰٓ إِبۡرَٰهِيمَ ٦٩

We [i.e., Allāh] said, "O fire, be coolness and safety upon Abraham."

ফলত সিহঁতে জুই উত্তপ্ত কৰিলে আৰু ইব্ৰাহীম আলাইহিচ্ছালামক তাত নিক্ষেপ কৰিলে, তেতিয়া আমি (জুইক নিৰ্দেশ দিলোঁ), “হে অগ্নি! ইব্ৰাহীমৰ বাবে তুমি শীলত তথা শান্ত হৈ যোৱা।” ফলত তেনেকুৱাই হ’ল। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছতো তেওঁৰ একো ক্ষতি নহ’ল।

21:70Page 327

وَأَرَادُواْ بِهِۦ كَيۡدٗا فَجَعَلۡنَٰهُمُ ٱلۡأَخۡسَرِينَ ٧٠

And they intended for him a plan [i.e., harm], but We made them the greatest losers.

ইব্ৰাহীম আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক অগ্নিত নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল, কিন্তু আমি সেই ষড়যন্ত্ৰক সফল হ’বলৈ দিয়া নাছিলোঁ। পক্ষান্তৰে সিহঁতকেই বিনাশ তথা পৰাজিত কৰিছিলোঁ।

21:71Page 327

وَنَجَّيۡنَٰهُ وَلُوطًا إِلَى ٱلۡأَرۡضِ ٱلَّتِي بَٰرَكۡنَا فِيهَا لِلۡعَٰلَمِينَ ٧١

And We delivered him and Lot to the land which We had blessed for the worlds [i.e., peoples].

আমি তেওঁক আৰু লূতক ৰক্ষা কৰিছিলোঁ, আৰু দুয়োকে সুকলমে শ্বামত (ছিৰিয়া) লৈ গৈছিলোঁ, য’ত আমি বৰকত সিচৰিত কৰি ৰাখিছোঁ। কিয়নো তাত আমি নবী প্ৰেৰণ কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে কল্যাণ ৰাখিছোঁ।

21:72Page 327

وَوَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَ نَافِلَةٗۖ وَكُلّٗا جَعَلۡنَا صَٰلِحِينَ ٧٢

And We gave him Isaac and Jacob in addition, and all [of them] We made righteous.

যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত পুত্ৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁক ইছহাক প্ৰদান কৰিছিলোঁ আৰু অতিৰিক্তভাৱে দান কৰিছিলোঁ ইয়াকূবক। ইব্ৰাহীম, তেওঁৰ পুত্ৰ ইছহাক তথা নাতিয়েক ইয়াকূব, প্ৰত্যেককে আমি পূণ্যৱান আৰু আল্লাহৰ আনুগত্যকাৰী বনাইছিলোঁ।

21:73Page 328

وَجَعَلۡنَٰهُمۡ أَئِمَّةٗ يَهۡدُونَ بِأَمۡرِنَا وَأَوۡحَيۡنَآ إِلَيۡهِمۡ فِعۡلَ ٱلۡخَيۡرَٰتِ وَإِقَامَ ٱلصَّلَوٰةِ وَإِيتَآءَ ٱلزَّكَوٰةِۖ وَكَانُواْ لَنَا عَٰبِدِينَ ٧٣

And We made them leaders guiding by Our command. And We inspired to them the doing of good deeds, establishment of prayer, and giving of zakāh; and they were worshippers of Us.

আমি তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ, তেওঁলোকৰ পৰা মানুহে কল্যাণ সম্পৰ্কে অৱগত হৈছিল। তেওঁলোকে আল্লাহৰ অনুমতিত মানুহক এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। আমি তেওঁলোকক অহীৰ মাধ্যমত জনাইছিলোঁ যে, সৎকৰ্ম কৰা, পৰিপূৰ্ণৰূপে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। তেওঁলোক আছিল আমাৰ আনুগত্যকাৰী।

21:74Page 328

وَلُوطًا ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗا وَنَجَّيۡنَٰهُ مِنَ ٱلۡقَرۡيَةِ ٱلَّتِي كَانَت تَّعۡمَلُ ٱلۡخَبَٰٓئِثَۚ إِنَّهُمۡ كَانُواْ قَوۡمَ سَوۡءٖ فَٰسِقِينَ ٧٤

And to Lot We gave judgement and knowledge, and We saved him from the city that was committing wicked deeds. Indeed, they were a people of evil, defiantly disobedient.

লূত আলাইহিচ্ছালামক আমি দ্বন্দকাৰী ব্যক্তিসকলৰ মাজত মীমাংসা কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ। আৰু তেওঁক দ্বীনৰ জ্ঞান প্ৰদান কৰিছিলোঁ। লগতে তেওঁৰ জনবসতি (ছুদুম)ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ পৰা তেওঁক ৰক্ষা কৰিছিলোঁ। যি জনবসতিৰ অধিবাসীসকলে প্ৰকাশ্য অশ্লীলতাত লিপ্ত আছিল। নিশ্চয় সিহঁত বিপৰ্যয় সৃষ্টিকাৰী লোক আছিল, যিসকলে নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গৈছিল।

21:75Page 328

وَأَدۡخَلۡنَٰهُ فِي رَحۡمَتِنَآۖ إِنَّهُۥ مِنَ ٱلصَّٰلِحِينَ ٧٥

And We admitted him into Our mercy. Indeed, he was of the righteous.

তেওঁক আমি তেওঁৰ সম্প্ৰদায়ৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তিৰ পৰা ৰক্ষা কৰি আমাৰ ৰহমতৰ ভিতৰত প্ৰৱেশ কৰাইছিলোঁ। তেওঁ সেইসকল পূণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত আছিল, যিসকলে আমাৰ আদেশ পালন কৰে আৰু আমাৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।

21:76Page 328

وَنُوحًا إِذۡ نَادَىٰ مِن قَبۡلُ فَٱسۡتَجَبۡنَا لَهُۥ فَنَجَّيۡنَٰهُ وَأَهۡلَهُۥ مِنَ ٱلۡكَرۡبِ ٱلۡعَظِيمِ ٧٦

And [mention] Noah, when he called [to Allāh]1 before [that time], so We responded to him and saved him and his family from the great affliction [i.e., the flood].

হে ৰাছুল! নূহ আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, ইব্ৰাহীম আৰু লূত আলাইহিমাচ্ছালামৰ পূৰ্বে যেতিয়া তেওঁ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰি তেওঁ বিচৰাখিনি দান কৰিছিলোঁ। তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ মুমিন পৰিয়ালবৰ্গক মহাবিপদৰ পৰা ৰক্ষা কৰিছিলোঁ।

21:77Page 328

وَنَصَرۡنَٰهُ مِنَ ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَآۚ إِنَّهُمۡ كَانُواْ قَوۡمَ سَوۡءٖ فَأَغۡرَقۡنَٰهُمۡ أَجۡمَعِينَ ٧٧

And We aided [i.e., saved] him from the people who denied Our signs. Indeed, they were a people of evil, so We drowned them, all together.

আমি তেওঁক সেই সম্প্ৰদায়ৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছিলোঁ, যিসকলে তেওঁৰ সত্যতা নিৰূপনকাৰী নিদৰ্শনবোৰক অস্বীকাৰ কৰিছিল। যিবোৰ নিদৰ্শনৰ দ্বাৰা আমি তেওঁক সমৰ্থন কৰিছিলোঁ। নিশ্চয় সিহঁত বিপৰ্যয় সৃষ্টিকাৰী আৰু দুষ্ট সম্প্ৰদায় আছিল। সেয়ে আমি সিহঁতক পানীত ডুবাই ধ্বংস কৰিছিলোঁ।

21:78Page 328

وَدَاوُۥدَ وَسُلَيۡمَٰنَ إِذۡ يَحۡكُمَانِ فِي ٱلۡحَرۡثِ إِذۡ نَفَشَتۡ فِيهِ غَنَمُ ٱلۡقَوۡمِ وَكُنَّا لِحُكۡمِهِمۡ شَٰهِدِينَ ٧٨

And [mention] David and Solomon, when they judged concerning the field - when the sheep of a people overran it [at night],1 and We were witness to their judgement.

হে ৰাছুল! দাঊদ আৰু তেওঁৰ পুত্ৰ ছুলাইমান আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁলোকে দুজন বিবাদকাৰী লোকৰ মীমাংসা কৰি আছিল, যি দুজনে তেওঁলোকৰ ওচৰত মীমাংসা বিচাৰি আহিছিল। বিষয়টো আছিল এনেকুৱাঃ এজন ব্যক্তিৰ ছাগলীয়ে ৰাতিৰ ভাগত দ্বিতীয় ব্যক্তিৰ খেতিত সোমাই লোকচান কৰিছিল। ইপিনে আমি দাঊদ আৰু ছুলাইমানৰ মীমাংসা প্ৰত্যক্ষ কৰি আছিলোঁ। তেওঁলোকৰ মীমাংসাৰ কোনো এটা অংশ আমাৰ পৰা গোপন নাছিল।

21:79Page 328

فَفَهَّمۡنَٰهَا سُلَيۡمَٰنَۚ وَكُلًّا ءَاتَيۡنَا حُكۡمٗا وَعِلۡمٗاۚ وَسَخَّرۡنَا مَعَ دَاوُۥدَ ٱلۡجِبَالَ يُسَبِّحۡنَ وَٱلطَّيۡرَۚ وَكُنَّا فَٰعِلِينَ ٧٩

And We gave understanding of it [i.e., the case] to Solomon, and to each [of them] We gave judgement and knowledge. And We subjected the mountains to exalt [Us], along with David and [also] the birds. And We were doing [that].1

কিন্তু বিষয়টোৰ মীমাংসা দাঊদক এৰি তেওঁৰ পুত্ৰ ছুলাইমানক ভালদৰে আমি বুজাই দিছিলোঁ। যদিও দাঊদ আৰু ছুলাইমান দুয়োকে আমি নুবুওৱত আৰু চৰীয়তৰ বিধি-বিধানৰ জ্ঞান প্ৰদান কৰিছিলোঁ। এনেকুৱা নহয় যে, কেৱল ছুলাইমানকেই প্ৰদান কৰিছিলোঁ। আৰু পৰ্বতবোৰক আমি দাঊদৰ অধীনস্থ কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ সৈতে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল। তথা চৰাই-চিৰকটিকো আমি তেওঁৰ অধীনস্থ কৰিছিলোঁ। উত্তম বোধশক্তি, মীমাংসা কৰাৰ ক্ষমতা, জ্ঞান আৰু অধীনস্থৰ ক্ষমতা আমিয়েই তেওঁক প্ৰদান কৰিছিলোঁ।

21:80Page 328

وَعَلَّمۡنَٰهُ صَنۡعَةَ لَبُوسٖ لَّكُمۡ لِتُحۡصِنَكُم مِّنۢ بَأۡسِكُمۡۖ فَهَلۡ أَنتُمۡ شَٰكِرُونَ ٨٠

And We taught him the fashioning of coats of armor to protect you from your [enemy in] battle. So will you then be grateful?

আনহাতে ছুলাইমানক এৰি দাঊদক আমি কৱচ নিৰ্মাণৰ দক্ষতা প্ৰদান কৰিছিলোঁ, যাতে অস্ত্ৰই তোমালোকৰ শৰীৰক আঘাত কৰিব নোৱাৰে। এতেকে হে মানৱজাতি! তোমালোকে আল্লাহৰ এই নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবানে?!

21:81Page 328

وَلِسُلَيۡمَٰنَ ٱلرِّيحَ عَاصِفَةٗ تَجۡرِي بِأَمۡرِهِۦٓ إِلَى ٱلۡأَرۡضِ ٱلَّتِي بَٰرَكۡنَا فِيهَاۚ وَكُنَّا بِكُلِّ شَيۡءٍ عَٰلِمِينَ ٨١

And to Solomon [We subjected] the wind, blowing forcefully, proceeding by his command toward the land which We had blessed. And We are ever, of all things, Knowing.

প্ৰচণ্ড দ্ৰুতগামী বতাহক আমি ছুলাইমানৰ অধীনস্থ কৰি দিছিলোঁ, যিটো তেওঁৰ আদেশ অনুসৰি শ্বামদেশ (বৰ্তমানৰ ছিৰিয়া)লৈ প্ৰচণ্ড বেগত বলিছিল। যিখন দেশক আমি নবীসকলক প্ৰেৰণ কৰি আৰু কল্যাণ প্ৰসাৰিত কৰি বৰকতময় কৰিছিলোঁ। প্ৰত্যেক বিষয় সম্পৰ্কে আমি অৱগত। আমাৰ পৰা কোনো বিষয়েই গোপন নহয়।

21:82Page 329

وَمِنَ ٱلشَّيَٰطِينِ مَن يَغُوصُونَ لَهُۥ وَيَعۡمَلُونَ عَمَلٗا دُونَ ذَٰلِكَۖ وَكُنَّا لَهُمۡ حَٰفِظِينَ ٨٢

And of the devils [i.e., jinn] were those who dived for him and did work other than that. And We were of them a guardian.1

লগতে চয়তানবোৰকো আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, যিবোৰে সাগৰৰ গভীৰৰ পৰা তেওঁৰ বাবে মুকুতা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ বাহিৰেও আন আন কাম কৰিছিল, যেনে অট্টালিকা আদি নিৰ্মাণ কৰা। আমি সিহঁতৰ সংখ্যা আৰু কৰ্ম সম্পৰ্কে অৱগত। এই ক্ষেত্ৰত কোনো বিষয়েই আমাৰ পৰা গোপন নহয়।

21:83Page 329

۞ وَأَيُّوبَ إِذۡ نَادَىٰ رَبَّهُۥٓ أَنِّي مَسَّنِيَ ٱلضُّرُّ وَأَنتَ أَرۡحَمُ ٱلرَّٰحِمِينَ ٨٣

And [mention] Job, when he called to his Lord, "Indeed, adversity has touched me, and You are the most merciful of the merciful."

হে ৰাছুল! আইয়্যুবৰ ঘটনাৱলী স্মৰণ কৰক, যেতিয়া তেওঁ বিপদগ্ৰস্ত হৈ নিজ প্ৰতিপালকক প্ৰাৰ্থনা কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! মই বেমাৰত ভোগি আছোঁ আৰু পৰিয়ালবৰ্গৰ পৰাও আঁতৰ হৈ আছোঁ। তুমিয়ে আটাইতকৈ দয়ালু। গতিকে মোক এই বিপদৰ পৰা ৰক্ষা কৰাঁ।

21:84Page 329

فَٱسۡتَجَبۡنَا لَهُۥ فَكَشَفۡنَا مَا بِهِۦ مِن ضُرّٖۖ وَءَاتَيۡنَٰهُ أَهۡلَهُۥ وَمِثۡلَهُم مَّعَهُمۡ رَحۡمَةٗ مِّنۡ عِندِنَا وَذِكۡرَىٰ لِلۡعَٰبِدِينَ ٨٤

So We responded to him and removed what afflicted him of adversity. And We gave him [back] his family and the like thereof with them as mercy from Us and a reminder for the worshippers [of Allāh].

ফলত আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ, তেওঁৰ কষ্ট দূৰ কৰি দিলোঁ। তেওঁৰ পৰিয়ালবৰ্গ আৰু সন্তান-সন্ততি ওভোতাই দিলোঁ। লগতে তেওঁলোকৰ সমপৰিমাণ আৰু দান কৰিলোঁ। এইবোৰ আমি আমাৰ দয়াৰ ফলত কৰিছোঁ আৰু সেইসকল লোকৰ বাবে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কৰিছোঁ যিসকলে ইবাদতৰ মাধ্যমত আল্লাহৰ আনুগত্য কৰে। যাতে তেওঁলোকেও আয়্যুব আলাইহিচ্ছালামৰ দৰে ধৈৰ্য্য ধাৰণ কৰে।

21:85Page 329

وَإِسۡمَٰعِيلَ وَإِدۡرِيسَ وَذَا ٱلۡكِفۡلِۖ كُلّٞ مِّنَ ٱلصَّٰبِرِينَ ٨٥

And [mention] Ishmael and Idrees and Dhul-Kifl; all were of the patient.

হে ৰাছুল! ইছমাঈল, ইদ্ৰীছ আৰু জুল-কিফল আলাইহিমুচ্ছালামক স্মৰণ কৰক। তেওঁলোক প্ৰত্যেকেই বিপদত ধৈৰ্য্য ধাৰণ কৰিছিল, তথা আল্লাহে প্ৰদান কৰা দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল।

21:86Page 329

وَأَدۡخَلۡنَٰهُمۡ فِي رَحۡمَتِنَآۖ إِنَّهُم مِّنَ ٱلصَّٰلِحِينَ ٨٦

And We admitted them into Our mercy. Indeed, they were of the righteous.

আমি তেওঁলোকক আমাৰ দয়াত প্ৰৱেশ কৰাইছিলোঁ আৰু তেওঁলোকক নবী বনাইছিলোঁ। তথা জান্নাতৰ অধিবাসী বনাইছোঁ। নিশ্চয় তেওঁলোক আছিল আল্লাহৰ সদাচাৰী বান্দা। তেওঁলোকে নিজ প্ৰতিপালকৰ আনুগত্য কৰিছিল, লগতে তেওঁলোকৰ বাহ্যিক-আভ্যন্তৰীণ সকলো নেক আছিল।

21:87Page 329

وَذَا ٱلنُّونِ إِذ ذَّهَبَ مُغَٰضِبٗا فَظَنَّ أَن لَّن نَّقۡدِرَ عَلَيۡهِ فَنَادَىٰ فِي ٱلظُّلُمَٰتِ أَن لَّآ إِلَٰهَ إِلَّآ أَنتَ سُبۡحَٰنَكَ إِنِّي كُنتُ مِنَ ٱلظَّٰلِمِينَ ٨٧

And [mention] the man of the fish [i.e., Jonah], when he went off in anger1 and thought that We would not decree [anything] upon him.2 And he called out within the darknesses,3 "There is no deity except You; exalted are You. Indeed, I have been of the wrongdoers."

হে ৰাছুল! মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ৰ অবাধ্যতাত অসন্তুষ্ট হৈ গুচি গৈছিল। তেওঁ ভাৱিছিল যে, তেওঁ গুচি গ’লে আমি তেওঁক শাস্তিস্বৰূপে তেওঁৰ প্ৰতি সংকীৰ্ণতা জাপি নিদিওঁ। কিন্তু তেওঁক মাছে গিলি খালে আৰু মাছৰ পেটৰ অন্ধকাৰাচ্ছন্ন সংকীৰ্ণ ঠাইত বন্দী হৈ থাকিল। ফলত তেওঁ ৰাতিৰ অন্ধকাৰ, সাগৰ আৰু মাছৰ পেটৰ অন্ধকাৰত নিজৰ গুনাহ স্বীকাৰৰ জৰিয়তে তাওবা কৰি আল্লাহৰ ওচৰত দুআ কৰিলেঃ তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি পাক তথা পৱিত্ৰ। নিশ্চয় মই অপৰাধ কৰিছোঁ।

21:88Page 329

فَٱسۡتَجَبۡنَا لَهُۥ وَنَجَّيۡنَٰهُ مِنَ ٱلۡغَمِّۚ وَكَذَٰلِكَ نُـۨجِي ٱلۡمُؤۡمِنِينَ ٨٨

So We responded to him and saved him from the distress. And thus do We save the believers.

তেতিয়া আমি তেওঁৰ দুআ কবূল কৰিছিলোঁ, আৰু অন্ধকাৰ তথা মাছৰ পেটৰ পৰা উলিয়াই কঠিন বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে ইউনুছ আলাইহিচ্ছালামক আমি বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ, সেইদৰেই আমি মুমিন সকলকো বিপদৰ পৰা ৰক্ষা কৰোঁ, যেতিয়া তেওঁলোক কোনো বিপদগ্ৰস্ত হৈ আল্লাহৰ ওচৰত দুআ কৰে।

21:89Page 329

وَزَكَرِيَّآ إِذۡ نَادَىٰ رَبَّهُۥ رَبِّ لَا تَذَرۡنِي فَرۡدٗا وَأَنتَ خَيۡرُ ٱلۡوَٰرِثِينَ ٨٩

And [mention] Zechariah, when he called to his Lord, "My Lord, do not leave me alone [with no heir], while You are the best of inheritors."

হে ৰাছুল! যাকাৰিয়্যা আলাইহিচ্ছালামৰ ঘটনাক স্মৰণ কৰক, যেতিয়া তেওঁ পৱিত্ৰ আল্লাহক এই বুলি প্ৰাৰ্থনা কৰিছিলঃ হে মোৰ প্ৰতিপালক! তুমি মোক সন্তানহীন অকলশৰীয়া অৱস্থাত নেৰিবা। নিশ্চয় তুমিয়ে উত্তম বাকী থকা সত্ত্বা। এতেকে মোক সন্তান দান কৰা, যিজন মোৰ পিছত অৱস্থান কৰিব।

21:90Page 329

فَٱسۡتَجَبۡنَا لَهُۥ وَوَهَبۡنَا لَهُۥ يَحۡيَىٰ وَأَصۡلَحۡنَا لَهُۥ زَوۡجَهُۥٓۚ إِنَّهُمۡ كَانُواْ يُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِ وَيَدۡعُونَنَا رَغَبٗا وَرَهَبٗاۖ وَكَانُواْ لَنَا خَٰشِعِينَ ٩٠

So We responded to him, and We gave to him John, and amended for him his wife. Indeed, they used to hasten to good deeds and supplicate1 Us in hope and fear, and they were to Us humbly submissive.

তেতিয়া আমি তেওঁৰ দুআ কবূল কৰিছিলোঁ আৰু ইয়াহইয়াৰ ৰূপত এজন সন্তান প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পত্নীক সংশোধন (গৰ্ভধাৰণ যোগ্য) কৰিছিলোঁ। ফলত তাইৰ বন্ধ্যা ৰোগ দূৰ হৈছিল আৰু সন্তান জন্ম দিয়াৰ বাবে উপযুক্ত হৈছিল। নিশ্চয় যাকাৰিয়্যা, তেওঁৰ স্ত্ৰী আৰু পুত্ৰ সৎকৰ্মৰ ফালে ক্ষীপ্ৰতাৰে আগবাঢ়িছিল, তথা আমাৰ ছোৱাবৰ আশাত আৰু আমাৰ শাস্তিৰ ভয়ত দুআ কৰিছিল, লগতে আমাৰ সন্মুখত বিনীত হৈ নত স্বীকাৰ কৰিছিল।

21:91Page 330

وَٱلَّتِيٓ أَحۡصَنَتۡ فَرۡجَهَا فَنَفَخۡنَا فِيهَا مِن رُّوحِنَا وَجَعَلۡنَٰهَا وَٱبۡنَهَآ ءَايَةٗ لِّلۡعَٰلَمِينَ ٩١

And [mention] the one who guarded her chastity [i.e., Mary], so We blew into her [garment] through Our angel [i.e., Gabriel], and We made her and her son a sign for the worlds.

হে ৰাছুল! মৰিয়ম আলাইহাচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যিয়ে নিজৰ লজ্জাস্থানক ব্যভিচাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। ফলত আল্লাহে তেওঁৰ ওচৰলৈ জিব্ৰীলক প্ৰেৰণ কৰিলে। জিব্ৰীলে তেওঁক ফুঁৱাই দিলে, ইয়াৰ ফলত তেওঁ গৰ্ভৱতী হৈ গ'ল। দৰাচলতে মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছা হৈছে মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক। তেওঁক পিতৃ নোহোৱাকৈ সৃষ্টি কৰা বিষয়টোৱে প্ৰমাণ কৰে যে, কোনো কৰ্মই আল্লাহৰ বাবে সাধ্যাতীত নহয়।

21:92Page 330

إِنَّ هَٰذِهِۦٓ أُمَّتُكُمۡ أُمَّةٗ وَٰحِدَةٗ وَأَنَا۠ رَبُّكُمۡ فَٱعۡبُدُونِ ٩٢

Indeed this, your religion, is one religion,1 and I am your Lord, so worship Me.

হে মানৱজাতি! তোমালোকৰ এই সম্প্ৰদায়, মূলতে এটাই সম্প্ৰদায়। সেইটো হৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত ইছলাম ধৰ্ম। ময়েই তোমালোকৰ প্ৰতিপালক, গতিকে নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা।

21:93Page 330

وَتَقَطَّعُوٓاْ أَمۡرَهُم بَيۡنَهُمۡۖ كُلٌّ إِلَيۡنَا رَٰجِعُونَ ٩٣

And [yet] they divided their affair [i.e., that of their religion] among themselves,1 [but] all to Us will return.

মানুহ বিভিন্ন দলত বিভক্ত হৈছে। কিছুমান তাওহীদৰ ওপৰত পৰিচালিত, আকৌ কিছুমান শ্বিৰ্কৰ ওপৰত; কিছুমান হৈছে কাফিৰ, আকৌ কিছুমান মুমিন। বিভিন্ন গোটত বিভক্ত এই লোকসকল কিয়ামতৰ দিনা কেৱল আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব। তেতিয়া আমিয়ে সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিম।

21:94Page 330

فَمَن يَعۡمَلۡ مِنَ ٱلصَّٰلِحَٰتِ وَهُوَ مُؤۡمِنٞ فَلَا كُفۡرَانَ لِسَعۡيِهِۦ وَإِنَّا لَهُۥ كَٰتِبُونَ ٩٤

So whoever does righteous deeds while he is a believer - no denial will there be for his effort,1 and indeed We [i.e., Our angels], of it, are recorders.

সিহঁতৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, লগতে আখিৰাতৰ প্ৰতি ঈমান ৰাখিব, সেই ব্যক্তিৰ সৎকৰ্মক কেতিয়াও নসাৎ কৰা নহ'ব। বৰং আল্লাহে ইয়াৰ উচিত মৰ্যাদা প্ৰদান কৰি অধিক বৃদ্ধি কৰি দিব। পুনৰুত্থানৰ দিনা তেওঁ নিজৰ কৰ্ম পুথিত এইবোৰ লিখা দেখিবলৈ পাব, আৰু সেয়া দেখি তেওঁ আনন্দিত হ'ব।

21:95Page 330

وَحَرَٰمٌ عَلَىٰ قَرۡيَةٍ أَهۡلَكۡنَٰهَآ أَنَّهُمۡ لَا يَرۡجِعُونَ ٩٥

And it is prohibited to [the people of] a city which We have destroyed that they will [ever] return1

যেতিয়া আমি কোনো জনবসতিক কুফৰী কৰাৰ কাৰণে ধ্বংস কৰি দিওঁ, সিহঁতক পুনৰ তাওবাৰ অৱকাশ দিবলৈ পৃথিৱীত ওভোতাই পঠোৱা বিষয়টো অসম্ভৱ।

21:96Page 330

حَتَّىٰٓ إِذَا فُتِحَتۡ يَأۡجُوجُ وَمَأۡجُوجُ وَهُم مِّن كُلِّ حَدَبٖ يَنسِلُونَ ٩٦

Until when [the dam of] Gog and Magog has been opened and they, from every elevation, descend

সিহঁত কেতিয়াও উভতি আহিব নোৱাৰিব। অৱশেষত যেতিয়া ইয়া’জুজ মা’জুজৰ বান্ধোন খুলি দিয়া হ'ব, আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।

21:97Page 330

وَٱقۡتَرَبَ ٱلۡوَعۡدُ ٱلۡحَقُّ فَإِذَا هِيَ شَٰخِصَةٌ أَبۡصَٰرُ ٱلَّذِينَ كَفَرُواْ يَٰوَيۡلَنَا قَدۡ كُنَّا فِي غَفۡلَةٖ مِّنۡ هَٰذَا بَلۡ كُنَّا ظَٰلِمِينَ ٩٧

And [when] the true promise [i.e., the resurrection] has approached; then suddenly the eyes of those who disbelieved will be staring [in horror, while they say], "O woe to us; we had been unmindful of this; rather, we were wrongdoers."

সিহঁত মুক্ত হ'লে কিয়ামত নিকটৱৰ্তী হ'ব আৰু কিয়ামতৰ ভয়াৱহ দৃশ্য তথা কঠিন পৰিস্থিতি প্ৰকাশ পাব। সেই কঠিন পৰিস্থিতি দেখি কাফিৰসকলৰ চকু কপালত উঠিব। সিহঁতে ক'বঃ হায় আমাৰ বিনাশ! পৃথিৱীত আমি এই ভয়াৱহ দিনৰ প্ৰস্তুতিৰ পৰা অমনোযোগী আছিলোঁ। বৰং কুফৰ আৰু অবাধ্যতাৰ ফলত আমি যালিম হৈ পৰিছিলোঁ।

21:98Page 330

إِنَّكُمۡ وَمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِ حَصَبُ جَهَنَّمَ أَنتُمۡ لَهَا وَٰرِدُونَ ٩٨

Indeed, you [disbelievers] and what you worship other than Allāh are the firewood of Hell. You will be coming to [enter] it.

হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আৰু সেই মূৰ্তিবোৰ যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, লগতে যিসকল জিন আৰু মানৱক তোমালোকে উপাসনা কৰা আৰু সিহঁত তোমালোকৰ উপাসনাত সন্তুষ্ট, সেই সকলোবোৰ হ'ব জাহান্নামৰ ইন্ধন। তোমালোক নিজ নিজ উপাস্যবোৰৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিবা।

21:99Page 330

لَوۡ كَانَ هَٰٓؤُلَآءِ ءَالِهَةٗ مَّا وَرَدُوهَاۖ وَكُلّٞ فِيهَا خَٰلِدُونَ ٩٩

Had these [false deities] been [actual] gods, they would not have come to it, but all are eternal therein.

যদি সিহঁতৰ এই উপাস্যবোৰ সঁচাই উপাসনাৰ যোগ্য হ’লহেঁতেন, আৰু সিহঁতৰ সন্মুখত শিৰ নত কৰা ঠিক হ’লহেঁতেন, তেন্তে নিজ উপাস্যবোৰৰ সৈতে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন। কিয়নো এই উপাসক আৰু উপাস্য সকলোৱে জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল অৱস্থান কৰিব, কেতিয়াও তাৰ পৰা ওলাব নোৱাৰিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском