Al-Mukhtasar · Tafsir · in Assamese
الحج
Al-Hajj
The Pilgrimage · Medinan · 78 ayahs
22:1Page 332
يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمۡۚ إِنَّ زَلۡزَلَةَ ٱلسَّاعَةِ شَيۡءٌ عَظِيمٞ ١
O mankind, fear your Lord. Indeed, the convulsion of the [final] Hour is a terrible thing.
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ ভূমিকম্প আৰু তাৰ লগত আহিবলগীয়া পৰিস্থিতিবোৰ বৰ ভয়ংকৰ। গতিকে ইয়াৰ প্ৰস্তুতিৰ বাবে আল্লাহক সন্তুষ্ট কৰিবলগীয়া আমল কৰাটো অত্যন্ত জৰুৰী।
22:2Page 332
يَوۡمَ تَرَوۡنَهَا تَذۡهَلُ كُلُّ مُرۡضِعَةٍ عَمَّآ أَرۡضَعَتۡ وَتَضَعُ كُلُّ ذَاتِ حَمۡلٍ حَمۡلَهَا وَتَرَى ٱلنَّاسَ سُكَٰرَىٰ وَمَا هُم بِسُكَٰرَىٰ وَلَٰكِنَّ عَذَابَ ٱللَّهِ شَدِيدٞ ٢
On the Day you see it every nursing mother will be distracted from that [child] she was nursing, and every pregnant woman will abort her pregnancy, and you will see the people [appearing] intoxicated while they are not intoxicated; but the punishment of Allāh is severe.
যিদিনা তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰিবা (সেইদিনাৰ পৰিস্থিতি এনেকুৱা হ’ব যে) প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব, আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে ভয়তে গৰ্ভপাত কৰিব। আৰু তুমি সেইদিনা মানুহক দেখিবলৈ পাবা, সিহঁত ভয়তে বিবেক হেৰাই যোৱাৰ ফলত নিচাগ্ৰস্ত ব্যক্তিৰ দৰে আচৰণ কৰিব। যদিও সিহঁত নিচাগ্ৰস্ত নহ’ব, কিন্তু আল্লাহৰ কঠিন শাস্তিৰ ফলত সিহঁতৰ বিবেক নাইকীয়া হ’ব।
22:3Page 332
وَمِنَ ٱلنَّاسِ مَن يُجَٰدِلُ فِي ٱللَّهِ بِغَيۡرِ عِلۡمٖ وَيَتَّبِعُ كُلَّ شَيۡطَٰنٖ مَّرِيدٖ ٣
And of the people is he who disputes about Allāh without knowledge and follows every rebellious devil.
কিছুমান মানুহ এনেকুৱাও আছে, যিসকলে মৃত ব্যক্তিক জীৱিত কৰা সম্পৰ্কীয় আল্লাহৰ ক্ষমতাৰ বিষয়ে বাদানুবাদ কৰে, যদিও এই সম্পৰ্কে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই, যাৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰিব। সিহঁতে নিজৰ আস্থা, আৰু দাবীৰ ক্ষেত্ৰত এনেকুৱা চয়তান আৰু পথভ্ৰষ্ট লোকৰ অনুসৰণ কৰে, যিসকল নিজেই প্ৰতিপালকৰ বিদ্ৰোহী।
22:4Page 332
كُتِبَ عَلَيۡهِ أَنَّهُۥ مَن تَوَلَّاهُ فَأَنَّهُۥ يُضِلُّهُۥ وَيَهۡدِيهِ إِلَىٰ عَذَابِ ٱلسَّعِيرِ ٤
It has been decreed for him [i.e., every devil] that whoever turns to him - he will misguide him and will lead him to the punishment of the Blaze.
জ্বিন আৰু মানুহৰ মাজত থকা বিদ্ৰোহী চয়তানসকলৰ লগত যিয়ে সম্পৰ্ক স্থাপন কৰিব, এই কথা লিখি দিয়া হৈছে যে, যিয়ে এইসকলৰ অনুসৰণ কৰিব আৰু সত্য বুলি মানিব, সিহঁতে তাক নিশ্চয় সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব, লগতে কুফৰ তথা গুনাহৰ পথত পৰিচালিত কৰি জাহান্নামৰ পিনে আগুৱাই লৈ যাব।
22:5Page 332
يَٰٓأَيُّهَا ٱلنَّاسُ إِن كُنتُمۡ فِي رَيۡبٖ مِّنَ ٱلۡبَعۡثِ فَإِنَّا خَلَقۡنَٰكُم مِّن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ مِنۡ عَلَقَةٖ ثُمَّ مِن مُّضۡغَةٖ مُّخَلَّقَةٖ وَغَيۡرِ مُخَلَّقَةٖ لِّنُبَيِّنَ لَكُمۡۚ وَنُقِرُّ فِي ٱلۡأَرۡحَامِ مَا نَشَآءُ إِلَىٰٓ أَجَلٖ مُّسَمّٗى ثُمَّ نُخۡرِجُكُمۡ طِفۡلٗا ثُمَّ لِتَبۡلُغُوٓاْ أَشُدَّكُمۡۖ وَمِنكُم مَّن يُتَوَفَّىٰ وَمِنكُم مَّن يُرَدُّ إِلَىٰٓ أَرۡذَلِ ٱلۡعُمُرِ لِكَيۡلَا يَعۡلَمَ مِنۢ بَعۡدِ عِلۡمٖ شَيۡـٔٗاۚ وَتَرَى ٱلۡأَرۡضَ هَامِدَةٗ فَإِذَآ أَنزَلۡنَا عَلَيۡهَا ٱلۡمَآءَ ٱهۡتَزَّتۡ وَرَبَتۡ وَأَنۢبَتَتۡ مِن كُلِّ زَوۡجِۭ بَهِيجٖ ٥
O people, if you should be in doubt about the Resurrection, then [consider that] indeed, We created you from dust, then from a sperm-drop, then from a clinging clot, and then from a lump of flesh, formed and unformed1 - that We may show you.2 And We settle in the wombs whom We will for a specified term, then We bring you out as a child, and then [We develop you] that you may reach your [time of] maturity. And among you is he who is taken in [early] death, and among you is he who is returned to the most decrepit [old] age so that he knows, after [once having] knowledge, nothing. And you see the earth barren, but when We send down upon it rain, it quivers and swells and grows [something] of every beautiful kind.
হে মানৱজাতি! মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থান সম্পৰ্কীয় মোৰ ক্ষমতা সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেন্তে নিজৰ সৃষ্টি সম্পৰ্কে ভাৱি চোৱা। নিশ্চয় আমি তোমাৰ আদি পিতা আদমক মাটিৰে সৃষ্টি কৰিছিলোঁ। তাৰ পিছত তেওঁৰ সন্তান-সন্ততিক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছিলোঁ, যিটোক পুৰুষে নাৰীৰ গৰ্ভাশয়ত নিক্ষেপ কৰে। পিছত সেই শুক্ৰকীট গোট খাই থকা ৰক্তত ৰূপান্তৰিত হয়। তাৰ পিছত সেই গোট খাই থকা ৰক্ত সৰু মাংসৰ টুকুৰালৈ ৰূপান্তৰিত হয়। তাৰ পিছত সেই মাংসৰ টুকুৰা পূৰ্ণ আকৃতি ধাৰণ কৰি গৰ্ভাশয়ত থাকে, যিটো অৱশেষত জীৱিত নৱজাতকৰ ৰূপত জন্ম লাভ কৰে। নাইবা অপূৰ্ণ আকৃতি ধাৰণ কৰি গৰ্ভপাত হৈ যায়। তোমালোকক বিভিন্ন স্তৰত সৃষ্টি কৰাৰ অৰ্থ হৈছে যাতে আমি তোমালোকক আমাৰ ক্ষমতা দেখুৱাব পাৰোঁ। আমি যিটো গৰ্ভক ইচ্ছা কৰোঁ, গৰ্ভাশয়ত স্থিত ৰাখোঁ। অৱশেষত নিৰ্ধাৰিত সময় অৰ্থাৎ ন মাহ পিছত সন্তান ভূমিষ্ঠ হয়। আমি তোমালোকক তোমালোকৰ মাতৃ-গৰ্ভৰ পৰা শিশু অৱস্থাত উলিয়াই আনো, তাৰ পিছত তোমালোকক সম্পূৰ্ণ শক্তি আৰু বিবেক-বুদ্ধি প্ৰদান কৰোঁ। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে আৰু কিছুমানে অসহায় বৃদ্ধ বয়সলৈকে জীৱিত থাকে, যি সময়ত শক্তি-সামৰ্থ আৰু বিবেক-বুদ্ধি হ্ৰাস পায়। আনকি সিহঁতৰ অৱস্থা শিশুতকৈও অধিক অৱনতি ঘটে। যিবোৰ কথা শিকিছিল, সকলো পাহৰি যায়। ঠিক সেইদৰে, যিদৰে তোমালোকে ভূমিক শুকান দেখিবলৈ পোৱা, তাত কোনো উদ্ভিদ নাথাকে। ইয়াৰ পিছত তাত বৰষুণৰ পানী নামি আহে, ফলত উদ্ভিদ আদি গজালি মেলে। ওখ ওখ গছ-গছনি বৃদ্ধি পায়। লগতে বিভিন্ন প্ৰকাৰৰ সুন্দৰ সেউজীয়া দৃশ্য প্ৰকাশ পায়।
22:6Page 333
ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّهُۥ يُحۡيِ ٱلۡمَوۡتَىٰ وَأَنَّهُۥ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٦
That is because Allāh is the True Reality and because He gives life to the dead and because He is over all things competent
এই সকলোবোৰ (তোমালোকৰ সৃষ্টিৰ আৰম্ভণি আৰু ইয়াৰ বিভিন্ন পৰ্যায়, তথা তোমালোকৰ মাজৰ যিসকলে জন্ম লাভ কৰে সেইসকলৰ অৱস্থা আদি) যিবোৰ আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ, ইয়াৰ উদ্দেশ্য হৈছেঃ তোমালোকে সেই আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, যিয়ে তোমালোকক সৃষ্টি কৰিছে; তেৱেঁই সত্য, ইয়াত কোনো সন্দেহ নাই। আনহাতে তেওঁৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিৰ উপাসনা কৰা সেই সকলোবোৰ হৈছে অসত্য। ইয়াৰ আন এটা উদ্দেশ্য হৈছেঃ তোমালোকে বিশ্বাস পোষণ কৰা যে, তেৱেঁই মৃত লোকসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো কৰ্মত ক্ষমতাৱান। কোনো কৰ্মই তেওঁৰ সাধ্যাতীত নহয়।
22:7Page 333
وَأَنَّ ٱلسَّاعَةَ ءَاتِيَةٞ لَّا رَيۡبَ فِيهَا وَأَنَّ ٱللَّهَ يَبۡعَثُ مَن فِي ٱلۡقُبُورِ ٧
And [that they may know] that the Hour is coming - no doubt about it - and that Allāh will resurrect those in the graves.
যাতে তোমালোকে দৃঢ়ভাৱে এই বিশ্বাস পোষণ কৰা যে, কিয়ামত অৱশ্যে আহিব, ইয়াত কোনো সন্দেহ নাই। তথা আল্লাহে নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰিব সিহঁতৰ কবৰৰ পৰা, যাতে সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।
22:8Page 333
وَمِنَ ٱلنَّاسِ مَن يُجَٰدِلُ فِي ٱللَّهِ بِغَيۡرِ عِلۡمٖ وَلَا هُدٗى وَلَا كِتَٰبٖ مُّنِيرٖ ٨
And of the people is he who disputes about Allāh without knowledge or guidance or an enlightening book [from Him],
কাফিৰসকলৰ মাজত এনেকুৱা কিছুমান ব্যক্তিও আছে যিসকলে আল্লাহৰ তাওহীদ সম্পৰ্কে বিবাদ কৰে। অথচ সিহঁতৰ ওচৰত সত্য সম্পৰ্কে অৱগত হ'বলৈ কোনো জ্ঞান নাই, আনকি কোনো পথপ্ৰদৰ্শকৰ হিদায়তো নাই, তথা সিহঁতৰ ওচৰত আল্লাহৰ পৰা অৱতীৰ্ণ কোনো গ্ৰন্থও নাই যিখনে সিহঁতক পথ দেখুৱাব।
22:9Page 333
ثَانِيَ عِطۡفِهِۦ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِۖ لَهُۥ فِي ٱلدُّنۡيَا خِزۡيٞۖ وَنُذِيقُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ عَذَابَ ٱلۡحَرِيقِ ٩
Twisting his neck [in arrogance] to mislead [people] from the way of Allāh. For him in the world is disgrace, and We will make him taste on the Day of Resurrection the punishment of the Burning Fire [while it is said],
এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে অহংকাৰত ঘাৰ ঘূৰায়। যাতে মানুহক ঈমান পোষণৰ পৰা বিৰত ৰাখিব পাৰে আৰু আল্লাহৰ দ্বীনত প্ৰৱেশ কৰাত বাধা দিব পাৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিৰ বাবে পৃথিৱীত আছে অপমানজনক শাস্তি আৰু আখিৰাতত আমি তাক জাহান্নামৰ শাস্তি ভোগ কৰাম।
22:10Page 333
ذَٰلِكَ بِمَا قَدَّمَتۡ يَدَاكَ وَأَنَّ ٱللَّهَ لَيۡسَ بِظَلَّٰمٖ لِّلۡعَبِيدِ ١٠
"That is for what your hands have put forth and because Allāh is not ever unjust to [His] servants."
তাক কোৱা হ’বঃ এই শাস্তি, যিটোৰ সোৱাদ তুমি গ্ৰহণ কৰি আছা, এইটো হৈছে তোমাৰ কুফৰী আৰু গুনাহৰ প্ৰতিফল। আল্লাহে তেওঁৰ কোনো সৃষ্টিক কাৰণ অবিহনে কোনো শাস্তি নিদিয়ে।
22:11Page 333
وَمِنَ ٱلنَّاسِ مَن يَعۡبُدُ ٱللَّهَ عَلَىٰ حَرۡفٖۖ فَإِنۡ أَصَابَهُۥ خَيۡرٌ ٱطۡمَأَنَّ بِهِۦۖ وَإِنۡ أَصَابَتۡهُ فِتۡنَةٌ ٱنقَلَبَ عَلَىٰ وَجۡهِهِۦ خَسِرَ ٱلدُّنۡيَا وَٱلۡأٓخِرَةَۚ ذَٰلِكَ هُوَ ٱلۡخُسۡرَانُ ٱلۡمُبِينُ ١١
And of the people is he who worships Allāh on an edge.1 If he is touched by good, he is reassured by it; but if he is struck by trial, he turns on his face [to unbelief]. He has lost [this] world and the Hereafter. That is what is the manifest loss.
কিছুমান ব্যক্তিয়ে দোমোজাত পৰি, সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ ইবাদত কৰে। যদি সুস্বাস্থ্য আৰু সুখ-শান্তি পায় তেন্তে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ ইবাদত অব্যাহত ৰাখে। আনহাতে যদি বেমাৰ-আজাৰ আৰু দৰিদ্ৰতাৰ ৰূপত কোনো পৰীক্ষাৰ সন্মুখীন হয় তেন্তে ধৰ্মৰ প্ৰতি দোষ জাপি দি তাৰ পৰা আঁতৰি যায়। এনেকুৱা ব্যক্তি পাৰ্থিৱ জীৱনতেই ক্ষতিগ্ৰস্ত, তাৰ কুফৰীয়ে তাৰ বাবে পৃথিৱীৰ এনেকুৱা কোনো উপকাৰ কঢ়িয়াই আনিব নোৱাৰিব যিটো তাৰ ভাগ্যত লিখা নাই। সি আখিৰাততো ক্ষতিগ্ৰস্ত হ’ব, কিয়নো সি আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। দৰাচলতে এইটোৱে হৈছে স্পষ্ট ক্ষতি।
22:12Page 333
يَدۡعُواْ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُۥ وَمَا لَا يَنفَعُهُۥۚ ذَٰلِكَ هُوَ ٱلضَّلَٰلُ ٱلۡبَعِيدُ ١٢
He invokes instead of Allāh that which neither harms him nor benefits him. That is what is the extreme error.
সি আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ উপাসনা কৰে, যাৰ অবাধ্যতা কৰিলে কোনো ক্ষতি কৰিব নোৱাৰে আৰু আনুগত্য কৰিলে কোনো উপকাৰ কৰিব নোৱাৰে। এনেকুৱা উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকা মূৰ্তিবোৰক পূজা পাঠ কৰাটোৱেই হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থিত পথভ্ৰষ্টতা।
22:13Page 333
يَدۡعُواْ لَمَن ضَرُّهُۥٓ أَقۡرَبُ مِن نَّفۡعِهِۦۚ لَبِئۡسَ ٱلۡمَوۡلَىٰ وَلَبِئۡسَ ٱلۡعَشِيرُ ١٣
He invokes one whose harm is closer than his benefit - how wretched the protector and how wretched the associate.
এই কাফিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে, তাৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি। এইবোৰ হৈছে নিকৃষ্ট উপাস্য, যাৰ ক্ষতিৰ পৰিমাণ লাভতকৈ বহুগুণে বেছি। সেই ব্যক্তিৰ বাবে ই কিমান নিকৃষ্ট সহায়ক, যিয়ে ইয়াৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। আৰু কিমান যে নিকৃষ্ট সঙ্গী, যিয়ে ইয়াৰ সংস্পৰ্শত থাকে।
22:14Page 333
إِنَّ ٱللَّهَ يُدۡخِلُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ إِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ ١٤
Indeed, Allāh will admit those who believe and do righteous deeds to gardens beneath which rivers flow. Indeed, Allāh does what He intends.
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱেই কৰে। যাৰ প্ৰতি ইচ্ছা কৰে দয়া কৰে আৰু যাক ইচ্ছা কৰে শাস্তি প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।
22:15Page 333
مَن كَانَ يَظُنُّ أَن لَّن يَنصُرَهُ ٱللَّهُ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِ فَلۡيَمۡدُدۡ بِسَبَبٍ إِلَى ٱلسَّمَآءِ ثُمَّ لۡيَقۡطَعۡ فَلۡيَنظُرۡ هَلۡ يُذۡهِبَنَّ كَيۡدُهُۥ مَا يَغِيظُ ١٥
Whoever should think that Allāh will not support him [i.e., Prophet Muḥammad (ﷺ)] in this world and the Hereafter - let him extend a rope to the ceiling, then cut off [his breath],1 and let him see: will his effort remove that which enrages [him]?
যিয়ে এই ধাৰণা পোষণ কৰে যে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰাছুলক সহায় নকৰিব, সেই ব্যক্তিয়ে নিজৰ ঘৰৰ ছাদৰ সৈতে এটা ৰচী লগাই চীপ জৰি লওক আৰু নিজকে মাটিৰ পৰা বিচ্ছিন্ন কৰক, তাৰ পিছত চাওক, ইয়াৰ দ্বাৰা তাৰ অন্তৰৰ ক্ৰোধ আৰু আক্ৰোশ শেষ হয় নে নহয়? আল্লাহ সকলো অৱস্থাতেই ৰাছুলৰ সহায়কাৰী। শত্ৰুৱে এইটো বিচাৰক বা নিবিচাৰক।
22:16Page 334
وَكَذَٰلِكَ أَنزَلۡنَٰهُ ءَايَٰتِۭ بَيِّنَٰتٖ وَأَنَّ ٱللَّهَ يَهۡدِي مَن يُرِيدُ ١٦
And thus have We sent it [i.e., the Qur’ān] down as verses of clear evidence and because Allāh guides whom He intends.
যিদৰে আমি তোমালোকৰ বাবে পুনৰুত্থান সম্পৰ্কীয় স্পষ্ট প্ৰমাণাদি বৰ্ণনা কৰিছোঁ, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআনৰ স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। গতিকে নিশ্চিতভাৱে আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত হিদায়তৰ তাওফীক দিয়ে আৰু সুপথ দেখুৱায়।
22:17Page 334
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَٱلَّذِينَ هَادُواْ وَٱلصَّٰبِـِٔينَ وَٱلنَّصَٰرَىٰ وَٱلۡمَجُوسَ وَٱلَّذِينَ أَشۡرَكُوٓاْ إِنَّ ٱللَّهَ يَفۡصِلُ بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ ١٧
Indeed, those who have believed and those who were Jews and the Sabeans and the Christians and the Magians and those who associated with Allāh - Allāh will judge between them on the Day of Resurrection. Indeed Allāh is, over all things, Witness.1
নিশ্চয় এই উম্মতৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, তেওঁলোকৰ মাজত আৰু ইয়াহুদী, চাবেয়ী (কোনোবা নবীৰ অনুসৰণকাৰী এটা দল), নাচাৰা, অগ্নিপূজাৰী, মূৰ্তিপূজাৰী আদি সকলৰ মাজত নিশ্চয় আল্লাহে কিয়ামতৰ দিনা মীমাংসা কৰি দিব। তেতিয়া মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাব আৰু তেওঁলোকৰ বাহিৰে অন্য লোকসকলক জাহান্নামত নিক্ষেপ কৰিব। নিশ্চয় আল্লাহ, তেওঁৰ বান্দাসকলৰ সকলো কথা আৰু কৰ্ম সম্পৰ্কে পূৰ্ণ অৱহিত। তেওঁৰ পৰা একোৱেই গোপন নহয়। অনতিপলমে তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
22:18Page 334
أَلَمۡ تَرَ أَنَّ ٱللَّهَ يَسۡجُدُۤ لَهُۥۤ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ وَٱلشَّمۡسُ وَٱلۡقَمَرُ وَٱلنُّجُومُ وَٱلۡجِبَالُ وَٱلشَّجَرُ وَٱلدَّوَآبُّ وَكَثِيرٞ مِّنَ ٱلنَّاسِۖ وَكَثِيرٌ حَقَّ عَلَيۡهِ ٱلۡعَذَابُۗ وَمَن يُهِنِ ٱللَّهُ فَمَا لَهُۥ مِن مُّكۡرِمٍۚ إِنَّ ٱللَّهَ يَفۡعَلُ مَا يَشَآءُ۩ ١٨
Do you not see [i.e., know] that to Allāh prostrates whoever is in the heavens and whoever is on the earth and the sun, the moon, the stars, the mountains, the trees, the moving creatures and many of the people? But upon many the punishment has been justified.1 And he whom Allāh humiliates - for him there is no bestower of honor. Indeed, Allāh does what He wills.
হে ৰাছুল! আপুনি নাজানে নেকি যে, আকাশমণ্ডলৰ সকলো ফিৰিস্তাই, পৃথিৱীৰ সকলো ইমান্দাৰ জ্বিন আৰু মানৱে আল্লাহৰ সন্মুখত তেওঁৰ ইবাদত কৰিবলৈ ছাজদাহ কৰে। সূৰ্যও তেওঁকেই ছাজদাহ কৰে আৰু চন্দ্ৰও তেওঁকেই ছাজদাহ কৰে আৰু আকাশত থকা তৰাবোৰেও তেওঁকেই ছাজদাহ কৰে, লগতে পাহাৰ-পৰ্বত, গছ-গছনি আৰু পৃথিৱীৰ সকলো জীৱ-জন্তুৱে তেওঁৰ ওচৰতেই নত স্বীকাৰ কৰে। বহুতো লোকে ইবাদত কৰি আল্লাহক ছাজদাহ কৰে, আনহাতে বহুতো লোকে আনুগত্যমূলক ছাজদাৰ পৰা নিজকে বিৰত ৰাখে। এনেকুৱা লোকৰ বিপক্ষে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি অ হৈছে। কুফৰীৰ কাৰণে আল্লাহে যাৰ ক্ষেত্ৰত অপমানজনক শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰ বাবে কোনেও সন্মান কঢ়িয়াই আনিব নোৱাৰে। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। পৱিত্ৰ মহান আল্লাহক কোনেও বাধ্য কৰাব নোৱাৰে।
22:19Page 334
۞ هَٰذَانِ خَصۡمَانِ ٱخۡتَصَمُواْ فِي رَبِّهِمۡۖ فَٱلَّذِينَ كَفَرُواْ قُطِّعَتۡ لَهُمۡ ثِيَابٞ مِّن نَّارٖ يُصَبُّ مِن فَوۡقِ رُءُوسِهِمُ ٱلۡحَمِيمُ ١٩
These1 are two adversaries who have disputed over their Lord. But those who disbelieved will have cut out for them garments of fire. Poured upon their heads will be scalding water
এই দল দুটা হৈছে বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিবাদ কৰে, কোন সত্য পথত আছেঃ মুমিনসকলৰ দল নে কাফিৰসকলৰ দল। কাফিৰসকলৰ দলক জাহান্নামে ঠিক সেইদৰে পৰিবেষ্টন কৰিব, যিদৰে কাপোৰে মানুহৰ শৰীৰক আৱৰি ৰাখে। আৰু সিহঁতৰ মূৰত উতলা গৰম পানী ঢালি দিয়া হ’ব।
22:20Page 334
يُصۡهَرُ بِهِۦ مَا فِي بُطُونِهِمۡ وَٱلۡجُلُودُ ٢٠
By which is melted that within their bellies and [their] skins.
গৰমত সিহঁতৰ পেটৰ নাড়ীভুঁৰি গলি পচি যাব, গৰমৰ এই প্ৰচণ্ডতাই সিহঁতৰ ছালকো বিগলিত কৰি পেলাব।
জাহান্নামত সিহঁতৰ বাবে থাকিব লোৰ হাঁতুৰী, যিটোৰে ফিৰিস্তাসকলে সিহঁতৰ মূৰত আঘাত কৰিব।
22:22Page 334
كُلَّمَآ أَرَادُوٓاْ أَن يَخۡرُجُواْ مِنۡهَا مِنۡ غَمٍّ أُعِيدُواْ فِيهَا وَذُوقُواْ عَذَابَ ٱلۡحَرِيقِ ٢٢
Every time they want to get out of it [i.e., Hellfire] from anguish, they will be returned to it, and [it will be said], "Taste the punishment of the Burning Fire!"
সিহঁতে যেতিয়াই শাস্তি সহ্য কৰিব নোৱাৰি ওলাই আহিবলৈ প্ৰয়াস কৰিব, তেতিয়াই সিহঁতক ওভোতাই পঠোৱা হ'ব। আৰু সিহঁতক কোৱা হ'বঃ অগ্নিৰ শাস্তি উপভোগ কৰা।
22:23Page 334
إِنَّ ٱللَّهَ يُدۡخِلُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ يُحَلَّوۡنَ فِيهَا مِنۡ أَسَاوِرَ مِن ذَهَبٖ وَلُؤۡلُؤٗاۖ وَلِبَاسُهُمۡ فِيهَا حَرِيرٞ ٢٣
Indeed, Allāh will admit those who believe and do righteous deeds to gardens beneath which rivers flow. They will be adorned therein with bracelets of gold and pearl, and their garments therein will be silk.
আনহাতে মুমিনসকলৰ দলক, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আল্লাহে এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ অট্টালিকাসমূহৰ তলদেশত আৰু গছ-গছনিসমূহৰ মাজেৰে নিজৰা প্ৰবাহিত থাকিব। আল্লাহে তেওঁলোকক সোণৰ খাৰুৰে অলংকৃত কৰিব। মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰিব আৰু তাত তেওঁলোকৰ পোচাক হ'ব ৰেচমৰ।
22:24Page 335
وَهُدُوٓاْ إِلَى ٱلطَّيِّبِ مِنَ ٱلۡقَوۡلِ وَهُدُوٓاْ إِلَىٰ صِرَٰطِ ٱلۡحَمِيدِ ٢٤
And they had been guided [in worldly life] to good speech, and they were guided to the path of the Praiseworthy.
আল্লাহে পাৰ্থিৱ জীৱনত তেওঁলোকক পৱিত্ৰ কথাৰ পথ দেখুৱাইছিল, উদাহৰণস্বৰূপে এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আল্লাহৰ মহত্ব বৰ্ণনা কৰা আৰু তেওঁৰ প্ৰশংসা কৰা ইত্যাদি। তথা তেওঁলোকক ইছলামৰ প্ৰশংসনীয় পথ দেখুৱাইছিল।
22:25Page 335
إِنَّ ٱلَّذِينَ كَفَرُواْ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَٱلۡمَسۡجِدِ ٱلۡحَرَامِ ٱلَّذِي جَعَلۡنَٰهُ لِلنَّاسِ سَوَآءً ٱلۡعَٰكِفُ فِيهِ وَٱلۡبَادِۚ وَمَن يُرِدۡ فِيهِ بِإِلۡحَادِۭ بِظُلۡمٖ نُّذِقۡهُ مِنۡ عَذَابٍ أَلِيمٖ ٢٥
Indeed, those who have disbelieved and avert [people] from the way of Allāh and [from] al-Masjid al-Ḥarām, which We made for the people - equal are the resident therein and one from outside - and [also] whoever intends [a deed] therein1 of deviation [in religion] by wrongdoing - We will make him taste of a painful punishment.
নিশ্চয় যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আৰু আন আন লোকসকলক ইছলাম গ্ৰহণত বাধা প্ৰদান কৰিছে আৰু মছজিদে হাৰামৰ পৰা মানুহক বিৰত ৰাখিছে, যিদৰে মুশ্বৰিকসকলে হুদাইবিয়াৰ বছৰত বাধা প্ৰদান কৰিছিল। সিহঁতক আমি অচিৰেই কষ্টদায়ক শাস্তি উপভোগ কৰাম। সেই মছজিদ যিটোক আমি মানুহৰ চালাতৰ বাবে কিবলা বনাইছোঁ, লগতে হজ্জ তথা ওমৰা সম্পাদনৰ স্থান বনাইছোঁ। সেই ঠাইডোখৰ মক্কাৰ অধিবাসী আৰু মক্কাৰ বাহিৰৰ পৰা অহা সকলো লোকসকলৰ বাবেই সমান। যিয়েই তাত জানি বুজি গুনাহৰ কৰ্ম কৰি সত্যৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব, আমি তাক কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰাম।
22:26Page 335
وَإِذۡ بَوَّأۡنَا لِإِبۡرَٰهِيمَ مَكَانَ ٱلۡبَيۡتِ أَن لَّا تُشۡرِكۡ بِي شَيۡـٔٗا وَطَهِّرۡ بَيۡتِيَ لِلطَّآئِفِينَ وَٱلۡقَآئِمِينَ وَٱلرُّكَّعِ ٱلسُّجُودِ ٢٦
And [mention, O Muḥammad], when We designated for Abraham the site of the House, [saying], "Do not associate anything with Me and purify My House for those who perform ṭawāf1 and those who stand [in prayer] and those who bow and prostrate.
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া আমি ইব্ৰাহীমক কাবাৰ স্থান আৰু তাৰ সীমা সম্পৰ্কে অৱগত কৰিছিলোঁ। কিয়নো ইয়াৰ পূৰ্বৰ চিহ্ন নাইকীয়া হৈ গৈছিল। আমি তেওঁৰ প্ৰতি অহী কৰি কৈছিলোঁ, মোৰ ইবাদতৰ ক্ষেত্ৰত আপুনি কাকো অংশীদাৰ স্থাপন নকৰিব। বৰং কেৱল মোৰেই ইবাদত কৰিব, আৰু তাৱাফকাৰীসকলৰ বাবে আৰু চালাত আদায়কাৰীসকলৰ বাবে মোৰ ঘৰখনক দৃশ্যাৱলী আৱৰ্জনা আৰু অদৃশ্য মলিনতাৰ পৰা পৰিস্কাৰ-পৰিচ্ছন্ন তথা পৱিত্ৰ কৰি ৰাখিব।
22:27Page 335
وَأَذِّن فِي ٱلنَّاسِ بِٱلۡحَجِّ يَأۡتُوكَ رِجَالٗا وَعَلَىٰ كُلِّ ضَامِرٖ يَأۡتِينَ مِن كُلِّ فَجٍّ عَمِيقٖ ٢٧
And proclaim to the people the ḥajj [pilgrimage]; they will come to you on foot and on every lean camel; they will come from every distant pass -
লগতে মানুহক এই ঘৰৰ হজ্জ কৰিবলৈ আহ্বান কৰক, যিটোক নিৰ্মাণ কৰাৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। তেওঁলোকে আপোনাৰ ওচৰলৈ খোজকাঢ়ি আহিব অথবা উটৰ পিঠিত আৰোহণ কৰি আহিব, দীঘলীয়া ভ্ৰমণৰ বাবে উট দুৰ্বল হৈ পৰিব। দূৰ-দাৰান্ত পথ অতিক্ৰম কৰি উটে তেওঁলোকক বহন কৰি আনিব।
22:28Page 335
لِّيَشۡهَدُواْ مَنَٰفِعَ لَهُمۡ وَيَذۡكُرُواْ ٱسۡمَ ٱللَّهِ فِيٓ أَيَّامٖ مَّعۡلُومَٰتٍ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلۡأَنۡعَٰمِۖ فَكُلُواْ مِنۡهَا وَأَطۡعِمُواْ ٱلۡبَآئِسَ ٱلۡفَقِيرَ ٢٨
That they may witness [i.e., attend] benefits for themselves and mention the name of Allāh on known [i.e., specific] days over what He has provided for them of [sacrificial] animals.1 So eat of them and feed the miserable and poor.
যাতে তেওঁলোকে মাগফিৰাত লাভ কৰিবলৈ আৰু ছোৱাব অৰ্জন কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত একতা বৃদ্ধি কৰিবলৈ উপস্থিত হয়। যাতে তেওঁলোকে নিৰ্দিষ্ট দিনসমূহত অৰ্থাৎ জিল-হিজ্জা মাহৰ দশম তাৰিখ আৰু ইয়াৰ পিছৰ তিনিদিনত হ'বলগীয়া কোৰবানীৰ পশু জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। আৰু আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, কিয়নো তেৱেঁই উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তু প্ৰদান কৰিছে। তোমালোকে এই কোৰবানীৰ মাংস নিজে খোৱা আৰু দুখীয়া, নিচলা, দৰিদ্ৰসকলক খুউৱা।
22:29Page 335
ثُمَّ لۡيَقۡضُواْ تَفَثَهُمۡ وَلۡيُوفُواْ نُذُورَهُمۡ وَلۡيَطَّوَّفُواْ بِٱلۡبَيۡتِ ٱلۡعَتِيقِ ٢٩
Then let them end their untidiness and fulfill their vows and perform ṭawāf around the ancient House."
তাৰ পিছত হজ্জৰ অৱশিষ্ট কৰণীয়খিনি সম্পাদন কৰা উচিত। মূৰ খুৰাই, নখ কাটি আৰু ইহৰামৰ ফলত হোৱা শৰীৰ ময়লা-আৱৰ্জনা পৰিস্কাৰ কৰি হালাল হ'ব লাগে। তাৰ পিছত হজ্জ, ওমৰাহ আৰু হাদী সম্পৰ্কীয় মান্নত আদি পূৰণ কৰা উচিত। তাৰ পিছত সেই কাবা গৃহৰ অন্তিম তাৱাফ কৰিব লাগে, যিটোক আল্লাহে দমনকাৰী শক্তিৰ পৰা ৰক্ষা কৰিছে।
22:30Page 335
ذَٰلِكَۖ وَمَن يُعَظِّمۡ حُرُمَٰتِ ٱللَّهِ فَهُوَ خَيۡرٞ لَّهُۥ عِندَ رَبِّهِۦۗ وَأُحِلَّتۡ لَكُمُ ٱلۡأَنۡعَٰمُ إِلَّا مَا يُتۡلَىٰ عَلَيۡكُمۡۖ فَٱجۡتَنِبُواْ ٱلرِّجۡسَ مِنَ ٱلۡأَوۡثَٰنِ وَٱجۡتَنِبُواْ قَوۡلَ ٱلزُّورِ ٣٠
That [has been commanded], and whoever honors the sacred ordinances of Allāh - it is best for him in the sight of his Lord. And permitted to you are the grazing livestock, except what is recited to you.1 So avoid the uncleanliness of idols and avoid false statement,
তোমালোকক এই যিবোৰ আদেশ দিয়া হৈছে (যেনেঃ মূৰ খুৰোৱা, নখ কটা, শৰীৰৰ ময়লা দূৰ কৰা, মান্নত আদি পূৰণ কৰা আৰু কাবা গৃহৰ তাৱাফ কৰা) এইবোৰ আল্লাহে তোমালোকৰ ওপৰত ওৱাজিব কৰিছে। এতেকে আল্লাহে ওৱাজিব কৰা বিষয়বোৰৰ তোমালোকে সন্মান কৰা উচিত। এতেকে যিয়ে আল্লাহৰ সীমালংঘন কৰাৰ ভয়ত, ইহৰাম অৱস্থাত আল্লাহে হাৰাম কৰা বস্তুৰ পৰা বিৰত থাকিব, তথা তেওঁ হাৰাম কৰা বস্তুক হালাল বুলি নাভাৱিব, তেন্তে এই পদক্ষেপ তেওঁৰ বাবে তেওঁৰ প্ৰতিপালকৰ ওচৰত উত্তম বুলি পৰিগণিত হ'ব। হে মানৱ! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তুবোৰক হালাল কৰা হৈছে। এইবোৰৰ মাজৰ হামী, বাহীৰাহ আৰু অচীলাকো তোমালোকৰ বাবে হাৰাম কৰা নাই। হাৰাম কেৱল সেইবোৰ জীৱ-জন্তু যিবোৰ কোৰআনত উল্লেখ আছে, যেনেঃ মৃত জীৱ-জন্তু আৰু প্ৰবাহিত তেজ। এতেকে আৱৰ্জনা অৰ্থাৎ মূৰ্তি আদিৰ পৰা দূৰত্ব অৱলম্বন কৰা, লগতে সেই সকলো কথাৰ পৰা বিৰত থাকা যিবোৰ আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰা হৈছে অথবা তেওঁৰ কোনো সৃষ্টি সম্পৰ্কে বনোৱা হৈছে।
22:31Page 336
حُنَفَآءَ لِلَّهِ غَيۡرَ مُشۡرِكِينَ بِهِۦۚ وَمَن يُشۡرِكۡ بِٱللَّهِ فَكَأَنَّمَا خَرَّ مِنَ ٱلسَّمَآءِ فَتَخۡطَفُهُ ٱلطَّيۡرُ أَوۡ تَهۡوِي بِهِ ٱلرِّيحُ فِي مَكَانٖ سَحِيقٖ ٣١
Inclining [only] to Allāh, not associating [anything] with Him. And he who associates with Allāh - it is as though he had fallen from the sky and was snatched by the birds or the wind carried him down into a remote place.
আল্লাহৰ মনোনীত দ্বীনৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে বিৰত ৰাখি তেওঁৰ ইবাদতত আন কাকো অংশীদাৰ স্থপনৰ পৰা দূৰত্ব অৱলম্বন কৰি, উপৰোক্ত আয়াতত উল্লেখ কৰা উপদেশবোৰ মানি চলা। এতেকে যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব, ধৰি লোৱা সি আকাশৰ পৰা সৰি পৰিল, এতিয়া হয়তো চৰাই-চিৰকটিয়ে তাৰ মাংস আৰু হাড়সমূহ থাপ মাৰি লৈ যাব, নাইবা বতাহে তাক উৰুৱাই দূৰৱৰ্তী কোনো ঠাইত নিক্ষেপ কৰিব।
22:32Page 336
ذَٰلِكَۖ وَمَن يُعَظِّمۡ شَعَٰٓئِرَ ٱللَّهِ فَإِنَّهَا مِن تَقۡوَى ٱلۡقُلُوبِ ٣٢
That [is so]. And whoever honors the symbols [i.e., rites] of Allāh - indeed, it is from the piety of hearts.
এইবোৰেই হৈছে সেইবোৰ কৰ্ম, যিবোৰৰ আদেশ আল্লাহে প্ৰদান কৰিছে। যেনেঃ তেওঁক একক বুলি স্বীকাৰ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা, মূৰ্তিপূজা আৰু মিছা কথাৰ পৰা বিৰত থকা ইত্যাদি। যিয়ে মাআলিমে দ্বীনৰ (ধৰ্মৰ প্ৰতীকসমূহৰ) সন্মান কৰিব, যেনেঃ কোৰবানীৰ জন্তু, হজ্জৰ কৰ্ম আদি, তেন্তে তেওঁৰ এই কৰ্মই প্ৰমাণ বহন কৰে যে, তেওঁৰ অন্তৰত আল্লাহৰ ভয় আছে।
22:33Page 336
لَكُمۡ فِيهَا مَنَٰفِعُ إِلَىٰٓ أَجَلٖ مُّسَمّٗى ثُمَّ مَحِلُّهَآ إِلَى ٱلۡبَيۡتِ ٱلۡعَتِيقِ ٣٣
For you therein [i.e., the animals marked for sacrifice] are benefits for a specified term;1 then their place of sacrifice is at the ancient House.2
হাদীৰ জন্তুবোৰৰ মাজত আছে তোমালোকৰ বাবে কেইবাটাও উপকাৰ, যিবোৰ জন্তুক তোমালোকে কাবাৰ ওচৰত কুৰবানী কৰা। যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, উণ সংগ্ৰহ কৰা, সেই পশুৰ বংশ জীয়াই ৰখা, গাখীৰ আদি। এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ইয়াৰ পৰা উপকৃত হ’ব পাৰা অৰ্থাৎ কাবা গৃহৰ ওচৰত জবেহ কৰাৰ আগমূৰ্তলৈকে, যি কাবা ঘৰক দমনকাৰী শক্তিৰ পৰা সুৰক্ষিত কৰা হৈছে।
22:34Page 336
وَلِكُلِّ أُمَّةٖ جَعَلۡنَا مَنسَكٗا لِّيَذۡكُرُواْ ٱسۡمَ ٱللَّهِ عَلَىٰ مَا رَزَقَهُم مِّنۢ بَهِيمَةِ ٱلۡأَنۡعَٰمِۗ فَإِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞ فَلَهُۥٓ أَسۡلِمُواْۗ وَبَشِّرِ ٱلۡمُخۡبِتِينَ ٣٤
And for every [religious] community We have appointed a rite [of sacrifice]1 that they may mention the name of Allāh over what He has provided for them of [sacrificial] animals. For your god is one God, so to Him submit. And, [O Muḥammad], give good tidings to the humble [before their Lord]
অতিবাহিত হোৱা সকলো সম্প্ৰদায়ৰ বাবে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ তেজ প্ৰবাহিত কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰি দিছিলোঁ। যাতে তেওঁলোকে নৈকট্য অৱলম্বন কৰিবলৈ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। তথা তেওঁলোকে যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, কিয়নো তেৱেঁই তেওঁলোকক উট, গৰু আৰু ছাগলী আদি প্ৰদান কৰিছে। হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে তেওঁৰ ওচৰত নত স্বীকাৰ কৰি তেওঁৰ আনুগত্য কৰা। হে ৰাছুল! নিজ প্ৰতিপালকক ভয় কৰা লোকসকলক আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা লোকসকলক এনেকুৱা সুসংবাদ দিয়ক যাতে তেওঁলোকে আনন্দিত হৈ যায়।
22:35Page 336
ٱلَّذِينَ إِذَا ذُكِرَ ٱللَّهُ وَجِلَتۡ قُلُوبُهُمۡ وَٱلصَّٰبِرِينَ عَلَىٰ مَآ أَصَابَهُمۡ وَٱلۡمُقِيمِي ٱلصَّلَوٰةِ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ ٣٥
Who, when Allāh is mentioned, their hearts are fearful, and [to] the patient over what has afflicted them, and the establishers of prayer and those who spend from what We have provided them.
যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ নাম লোৱা হয়, তেওঁলোকে তেওঁৰ শাস্তিক স্মৰণ কৰি ভীত-সন্ত্ৰস্ত হয়, তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে। আৰু পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। আল্লাহে প্ৰদান কৰা ধন বিভিন্ন প্ৰকাৰৰ কল্যাণমূলক কামত ব্যয় কৰে।
22:36Page 336
وَٱلۡبُدۡنَ جَعَلۡنَٰهَا لَكُم مِّن شَعَٰٓئِرِ ٱللَّهِ لَكُمۡ فِيهَا خَيۡرٞۖ فَٱذۡكُرُواْ ٱسۡمَ ٱللَّهِ عَلَيۡهَا صَوَآفَّۖ فَإِذَا وَجَبَتۡ جُنُوبُهَا فَكُلُواْ مِنۡهَا وَأَطۡعِمُواْ ٱلۡقَانِعَ وَٱلۡمُعۡتَرَّۚ كَذَٰلِكَ سَخَّرۡنَٰهَا لَكُمۡ لَعَلَّكُمۡ تَشۡكُرُونَ ٣٦
And the camels and cattle We have appointed for you as among the symbols [i.e., rites] of Allāh; for you therein is good. So mention the name of Allāh upon them when lined up [for sacrifice]; and when they are [lifeless] on their sides, then eat from them and feed the needy [who does not seek aid] and the beggar. Thus have We subjected them to you that you may be grateful.
হাদীৰ বাবে নিৰ্ধাৰণ কৰা সেই উট আৰু গৰু যিবোৰক কাবাৰ পিনে লৈ যোৱা হয়, সেইবোৰক আমি তোমালোকৰ বাবে ধৰ্মৰ প্ৰতীক বনাই দিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ আছে। এতেকে সেই উট জবেহ কৰাৰ সময়ত, তাৰ এটা ভৰি বান্ধি তিনি ঠেঙৰ ওপৰত থিয় কৰাই বিছমিল্লাহ বুলি কৈ জবেহ কৰিবা। জবেহ কৰাৰ পিছত যেতিয়া মাটিত বাগৰি পৰিব, (হে কুৰবানীকাৰী ব্যক্তি!) তেতিয়া তোমালোকে তাৰ মাংস ভক্ষণ কৰা, আৰু সেইসকল দুখীয়াক দিয়া যিসকলে মানুহৰ আগত হাত প্ৰসাৰিত নকৰে, লগতে সেইসকল দুখীয়াকো দিয়া যিসকলে মানুহৰ ওচৰত বিচাৰি ফুৰে। এইদৰেই আমি সেই জন্তুবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, লগতে সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ সেইবোৰক জবেহ কৰাৰ স্থানলৈ লৈ যাব পাৰা। আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিয়াৰ বাবে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
22:37Page 336
لَن يَنَالَ ٱللَّهَ لُحُومُهَا وَلَا دِمَآؤُهَا وَلَٰكِن يَنَالُهُ ٱلتَّقۡوَىٰ مِنكُمۡۚ كَذَٰلِكَ سَخَّرَهَا لَكُمۡ لِتُكَبِّرُواْ ٱللَّهَ عَلَىٰ مَا هَدَىٰكُمۡۗ وَبَشِّرِ ٱلۡمُحۡسِنِينَ ٣٧
Their meat will not reach Allāh, nor will their blood, but what reaches Him is piety from you. Thus have We subjected them to you that you may glorify Allāh for that [to] which He has guided you; and give good tidings to the doers of good.
তোমালোকৰ কুৰবানীৰ মাংস আৰু তেজ একোৱেই আল্লাহৰ ওচৰত গৈ নাপায়। এইবোৰক আল্লাহৰ ওচৰলৈ উঠায়ো লোৱা নহয়। কিন্তু জবেহ কৰাৰ সময়ত তোমালোকৰ আজ্ঞা পালন আৰু আগ্ৰহ তথা তাক্বৱাহে তেওঁৰ ওচৰলৈ গৈ পায়। সেয়ে তোমালোকে তেওঁৰ নৈকট্য অৰ্জন কৰিবলৈ ছোৱাবৰ আশাত নিৰ্ভেজালভাৱে কুৰবানী কৰা। যিহেতু আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তোমালোকে সঠিক পথ পোৱাৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ মহিমা বৰ্ণনা কৰা। হে ৰাছুল! লগতে আপুনি সেইসকল লোকক সুসংবাদ দিয়ক, যিসকলে উত্তমভাৱে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences