Al-MukhtasarAl‑Hajj · 22:38–76

Al-Mukhtasar · Tafsir · in Assamese

Al-Hajj 22:38–76

22:38Page 336

۞ إِنَّ ٱللَّهَ يُدَٰفِعُ عَنِ ٱلَّذِينَ ءَامَنُوٓاْۗ إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٖ كَفُورٍ ٣٨

Indeed, Allāh defends those who have believed. Indeed, Allāh does not like everyone treacherous and ungrateful.

নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰে। নিশ্চয় আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিক পছন্দ নকৰে। যিসকলে আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে তথা সেই নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি বিদ্বেষভাৱ পোষণ কৰে।

22:39Page 337

أُذِنَ لِلَّذِينَ يُقَٰتَلُونَ بِأَنَّهُمۡ ظُلِمُواْۚ وَإِنَّ ٱللَّهَ عَلَىٰ نَصۡرِهِمۡ لَقَدِيرٌ ٣٩

Permission [to fight] has been given to those who are being fought,1 because they were wronged. And indeed, Allāh is competent to give them victory.

আল্লাহে সেইসকল মুমিনক যুদ্ধৰ অনুমতি প্ৰদান কৰিছে, যিসকলৰ লগত মুশ্বৰিকসকলে যুদ্ধ কৰে। কিয়নো তেওঁলোকৰ শত্ৰুসকলে তেওঁলোকৰ প্ৰতি মহা অন্যায় কৰিছে। যুদ্ধ নকৰাকৈও নিশ্চয় আল্লাহে মুমিনসকলক সহায় কৰিবলৈ সক্ষম, কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, মুমিনসকলক কাফিৰসকলৰ লগত যুদ্ধ কৰাই পৰীক্ষা কৰা।

22:40Page 337

ٱلَّذِينَ أُخۡرِجُواْ مِن دِيَٰرِهِم بِغَيۡرِ حَقٍّ إِلَّآ أَن يَقُولُواْ رَبُّنَا ٱللَّهُۗ وَلَوۡلَا دَفۡعُ ٱللَّهِ ٱلنَّاسَ بَعۡضَهُم بِبَعۡضٖ لَّهُدِّمَتۡ صَوَٰمِعُ وَبِيَعٞ وَصَلَوَٰتٞ وَمَسَٰجِدُ يُذۡكَرُ فِيهَا ٱسۡمُ ٱللَّهِ كَثِيرٗاۗ وَلَيَنصُرَنَّ ٱللَّهُ مَن يَنصُرُهُۥٓۚ إِنَّ ٱللَّهَ لَقَوِيٌّ عَزِيزٌ ٤٠

[They are] those who have been evicted from their homes without right - only because they say, "Our Lord is Allāh." And were it not that Allāh checks the people, some by means of others, there would have been demolished monasteries, churches, synagogues, and mosques in which the name of Allāh is much mentioned [i.e., praised]. And Allāh will surely support those who support Him [i.e., His cause]. Indeed, Allāh is Powerful and Exalted in Might.

কাফিৰসকলে তেওঁলোকক অন্যায়ভাৱে নিজৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছিল, তেওঁলোকৰ কোনো অপৰাধ নাছিল; অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কৈছিলঃ “আল্লাহ হৈছে আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ আন কোনো প্ৰতিপালক নাই।” যদি আল্লাহে নবীসকলক আৰু মুমিনসকলক শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ অনুমতি প্ৰদান নকৰিলেহেঁতেন, তেন্তে সিহঁতে ইবাদতৰ স্থানসমূহক বিধ্বস্ত কৰিলেহেঁতেন, বৈৰাগীসকলৰ উপাসনালয়, খৃষ্টানসকলৰ গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় আৰু মুছলিমসকলৰ চালাত আদায় কৰা স্থান মছজিদসমূহ বিধ্বস্ত কৰিলেহেঁতেন, য’ত মুছলিমসকলে আল্লাহক অধিক বেছি বেছি স্মৰণ কৰে। নিশ্চয় আল্লাহে সেই ব্যক্তিক সহায় কৰিব, যিয়ে তেওঁৰ ধৰ্ম আৰু তেওঁৰ নবীক সহায় কৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।

22:41Page 337

ٱلَّذِينَ إِن مَّكَّنَّٰهُمۡ فِي ٱلۡأَرۡضِ أَقَامُواْ ٱلصَّلَوٰةَ وَءَاتَوُاْ ٱلزَّكَوٰةَ وَأَمَرُواْ بِٱلۡمَعۡرُوفِ وَنَهَوۡاْ عَنِ ٱلۡمُنكَرِۗ وَلِلَّهِ عَٰقِبَةُ ٱلۡأُمُورِ ٤١

[And they are] those who, if We give them authority in the land, establish prayer and give zakāh and enjoin what is right and forbid what is wrong. And to Allāh belongs the outcome of [all] matters.

যিসকল লোকক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যদি আমি তেওঁলোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি পৃথিৱীত আধিপত্য প্ৰদান কৰোঁ, তেন্তে তেওঁলোকে নিয়মিতভাৱে পৰিপূৰ্ণৰূপে চালাত আদায় কৰিব, আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰিব, চৰীয়তে আদেশ দিয়া কৰ্মৰ প্ৰতি আনকো আহ্বান কৰিব, আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখিব। জানি থোৱা! ছোৱাব তথা শাস্তি সম্পৰ্কীয় সকলো বিষয় একমাত্ৰ আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন কৰে।

22:42Page 337

وَإِن يُكَذِّبُوكَ فَقَدۡ كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَعَادٞ وَثَمُودُ ٤٢

And if they deny you, [O Muḥammad] - so, before them, did the people of Noah and ʿAad and Thamūd deny [their prophets],

হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত আপুনিয়ে প্ৰথম নহয়। কিয়নো আপোনাৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে নূহ আলাইহিচ্ছালামক, আদ সম্প্ৰদায়ে হূদ আলাইহিচ্ছালামক আৰু ছামূদ সম্প্ৰদায়ে চলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।

22:43Page 337

وَقَوۡمُ إِبۡرَٰهِيمَ وَقَوۡمُ لُوطٖ ٤٣

And the people of Abraham and the people of Lot

ইব্ৰাহীমৰ সম্প্ৰদায়ে ইব্ৰাহীম আলাইহিচ্ছালামক আৰু লূতৰ সম্প্ৰদায়ে লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।

22:44Page 337

وَأَصۡحَٰبُ مَدۡيَنَۖ وَكُذِّبَ مُوسَىٰۖ فَأَمۡلَيۡتُ لِلۡكَٰفِرِينَ ثُمَّ أَخَذۡتُهُمۡۖ فَكَيۡفَ كَانَ نَكِيرِ ٤٤

And the inhabitants of Madyan. And Moses was denied, so I prolonged enjoyment for the disbelievers; then I seized them, and how [terrible] was My reproach.

মাদিয়ানৰ অধিবাসীসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মূছা আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। এতেকে ময়ো সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ শাস্তিক পিছুৱাই দিছিলোঁ। তাৰ পিছত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। এতেকে ভাৱি চাওক, সিহঁতৰ প্ৰতি মোৰ কৰায়ত্ত কেনেকুৱা আছিল? সিহঁতৰ কুফৰীৰ কাৰণে মই সিহঁতক ধ্বংস কৰিছিলোঁ।

22:45Page 337

فَكَأَيِّن مِّن قَرۡيَةٍ أَهۡلَكۡنَٰهَا وَهِيَ ظَالِمَةٞ فَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَبِئۡرٖ مُّعَطَّلَةٖ وَقَصۡرٖ مَّشِيدٍ ٤٥

And how many a city did We destroy while it was committing wrong - so it is [now] fallen into ruin1 - and [how many] an abandoned well and [how many] a lofty palace.2

বহুতো জনবসতিক আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছোঁ, সিহঁতে কুফৰী কৰি অন্যায় কৰিছিল। সিহঁতৰ ঘৰ-দুৱাৰ বিধ্বস্ত আৰু জনশূন্য হৈ পৰি আছে। বহুতো কুঁৱা এতিয়া এনেই পৰি আছে, যিবোৰৰ পৰা পানী সংগ্ৰহকাৰী ব্যক্তিসকল ধ্বংস হৈছে। বহুতো আটক ধুনীয়া ওখ ওখ অট্টালিকা আছে, যিবোৰৰ অধিবাসীসকলক সিহঁতৰ অট্টালিকাই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।

22:46Page 337

أَفَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَتَكُونَ لَهُمۡ قُلُوبٞ يَعۡقِلُونَ بِهَآ أَوۡ ءَاذَانٞ يَسۡمَعُونَ بِهَاۖ فَإِنَّهَا لَا تَعۡمَى ٱلۡأَبۡصَٰرُ وَلَٰكِن تَعۡمَى ٱلۡقُلُوبُ ٱلَّتِي فِي ٱلصُّدُورِ ٤٦

So have they not traveled through the earth and have hearts by which to reason and ears by which to hear? For indeed, it is not eyes that are blinded, but blinded are the hearts which are within the breasts.

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰা লোকসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি? তেতিয়াহে বিধ্বস্ত জনবসতিৰ ঐতিহাসিক চিহ্নবোৰ নিজ চকুৰে চাব পাৰিলেহেঁতেন, আৰু চিন্তা-চৰ্চা কৰি উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন! লগতে সিহঁতৰ ঘটনাৱলী মানাৰ মানসিকতাৰে শ্ৰৱণ কৰি শিক্ষা ল'লেহেঁতেন! দৰাচলতে দৃষ্টিহীনতাই প্ৰকৃত অন্ধতা নহয়, বৰং বিনাশকাৰী অন্ধতা হৈছে বিবেকৰ অন্ধতা। যাৰ ফলত মানুহে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে আৰু উপদেশ গ্ৰহণ কৰাৰ উপযুক্ত নাথাকে।

22:47Page 338

وَيَسۡتَعۡجِلُونَكَ بِٱلۡعَذَابِ وَلَن يُخۡلِفَ ٱللَّهُ وَعۡدَهُۥۚ وَإِنَّ يَوۡمًا عِندَ رَبِّكَ كَأَلۡفِ سَنَةٖ مِّمَّا تَعُدُّونَ ٤٧

And they urge you to hasten the punishment. But Allāh will never fail in His promise. And indeed, a day with your Lord is like a thousand years of those which you count.

হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলক যেতিয়া অচিৰেই আহিবলগীয়া পৃথিৱীৰ শাস্তি আৰু পিছত হ'বলগীয়া আখিৰাতৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে সেই শাস্তি অতি শীঘ্ৰে আনিবলৈ আপোনাৰ ওচৰত দাবী জনায়, অথচ আল্লাহে সিহঁতৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে, সেইটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। দৰাচলতে সেই পৰাজয়ো পাৰ্থিৱ জীৱনৰ এটা অংশ, যিটোৰ সন্মুখীন সিহঁত বদৰৰ যুদ্ধৰ দিনা হৈছিল। জানি থোৱা! আখিৰাতৰ শাস্তিৰ এদিন, পাৰ্থিৱ জীৱনৰ গণনা অনুযায়ী এহেজাৰ বছৰৰ সমান। কাৰণ তাত আছে অধিক কষ্ট।

22:48Page 338

وَكَأَيِّن مِّن قَرۡيَةٍ أَمۡلَيۡتُ لَهَا وَهِيَ ظَالِمَةٞ ثُمَّ أَخَذۡتُهَا وَإِلَيَّ ٱلۡمَصِيرُ ٤٨

And for how many a city did I prolong enjoyment while it was committing wrong. Then I seized it, and to Me is the [final] destination.

বহুতো জনবসতি এনেকুৱা আছিল যিসকলে কুফৰী কৰি অন্যায় কৰিছিল, কিন্তু তথাপিও মই সিহঁতক অৱকাশ দিছিলোঁ, লাহে লাহে কৰায়ত্ত কৰাৰ উদ্দেশ্যে শীঘ্ৰে শাস্তি দিয়া নাছিলোঁ, অৱশেষত সিহঁতক বিনাশকাৰী শাস্তিৰ জৰিয়তে কৰায়ত্ত কৰিছিলোঁ। কিয়ামতৰ দিনা কেৱল মোৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে মই সিহঁতক সিহঁতৰ কুফৰীৰ কাৰণে চিৰস্থায়ী শাস্তি প্ৰদান কৰিম।

22:49Page 338

قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَآ أَنَا۠ لَكُمۡ نَذِيرٞ مُّبِينٞ ٤٩

Say, "O people, I am only to you a clear warner."

কওক হে মানৱজাতি! মই তোমালোকৰ বাবে এজন প্ৰকাশ্য সতৰ্ককাৰীহে, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ, যিটো বাৰ্তা অৰ্পন কৰি মোক প্ৰেৰণ কৰা হৈছে।

22:50Page 338

فَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُم مَّغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ ٥٠

And those who have believed and done righteous deeds - for them is forgiveness and noble provision.

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে গুনাহৰ মাগফিৰাত (পাপ মোচন) আৰু জান্নাতত আছে উৎকৃষ্ট জীৱিকা, যিটো কেতিয়াও বিচ্ছিন্ন নহ'ব।

22:51Page 338

وَٱلَّذِينَ سَعَوۡاْ فِيٓ ءَايَٰتِنَا مُعَٰجِزِينَ أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡجَحِيمِ ٥١

But the ones who strove against Our verses, [seeking] to cause failure1 - those are the companions of Hellfire.

যিসকল লোকে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছিল, এইবুলি ভাৱি যে, সিহঁতে আল্লাহক বিৱশ কৰিব আৰু তেওঁৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ব, ফলত তেওঁ সিহঁতক শাস্তি দিব নোৱাৰিব। সেইসকল লোকেই হৈছে জাহান্নামী। সিহঁত এইদৰে শাস্তিৰ লগত নিৰবিচ্ছিন্ন হৈ থাকিব, যিদৰে সঙ্গীয়ে সঙ্গীৰ লগত লগ লাগি থাকে।

22:52Page 338

وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولٖ وَلَا نَبِيٍّ إِلَّآ إِذَا تَمَنَّىٰٓ أَلۡقَى ٱلشَّيۡطَٰنُ فِيٓ أُمۡنِيَّتِهِۦ فَيَنسَخُ ٱللَّهُ مَا يُلۡقِي ٱلشَّيۡطَٰنُ ثُمَّ يُحۡكِمُ ٱللَّهُ ءَايَٰتِهِۦۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٥٢

And We did not send before you any messenger or prophet except that when he spoke [or recited], Satan threw into it [some misunderstanding]. But Allāh abolishes that which Satan throws in; then Allāh makes precise His verses.1 And Allāh is Knowing and Wise.

হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল অথবা নবী প্ৰেৰণ কৰিছিলোঁ, যেতিয়া তেওঁলোকে আল্লাহৰ কিতাব পাঠ কৰিছিল, তেতিয়া চয়তানে তেওঁলোকৰ পাঠৰ মাজত এনেকুৱা বস্তু মিহলাই দিছিল, যিটোক মানুহে সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ অহী বুলি ধাৰণা কৰিছিল। তেতিয়া আল্লাহে চয়তানৰ মিশ্ৰিত বাক্যক বাতিল কৰিছিল আৰু তেওঁৰ আয়াতসমূহক সত্য সাব্যস্ত কৰিছিল। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত মহাজ্ঞানী।

22:53Page 338

لِّيَجۡعَلَ مَا يُلۡقِي ٱلشَّيۡطَٰنُ فِتۡنَةٗ لِّلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ وَٱلۡقَاسِيَةِ قُلُوبُهُمۡۗ وَإِنَّ ٱلظَّٰلِمِينَ لَفِي شِقَاقِۭ بَعِيدٖ ٥٣

[That is] so He may make what Satan throws in [i.e., asserts] a trial for those within whose hearts is disease1 and those hard of heart. And indeed, the wrongdoers are in extreme dissension.

নবীয়ে পাঠ কৰাৰ সময়ত চয়তানে যি মিশ্ৰিত কৰে, সেইবোৰৰ দ্বাৰা আল্লাহে মুনাফিকসকলক আৰু সেই মুশ্বৰিকসকলক পৰীক্ষা কৰিব বিচাৰে যিবোৰৰ অন্তৰ কঠোৰ হৈ পৰিছে। নিশ্চয় যালিম মুনাফিক আৰু মুশ্বৰিকসকল, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুতাত লিপ্ত হৈছে, তথা সত্য আৰু হিদায়তৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।

22:54Page 338

وَلِيَعۡلَمَ ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ أَنَّهُ ٱلۡحَقُّ مِن رَّبِّكَ فَيُؤۡمِنُواْ بِهِۦ فَتُخۡبِتَ لَهُۥ قُلُوبُهُمۡۗ وَإِنَّ ٱللَّهَ لَهَادِ ٱلَّذِينَ ءَامَنُوٓاْ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٥٤

And so those who were given knowledge may know that it is the truth from your Lord and [therefore] believe in it, and their hearts humbly submit to it. And indeed is Allāh the Guide of those who have believed to a straight path.

যিসকল লোকক আল্লাহে জ্ঞান দান কৰিছে, তেওঁলোকে যাতে পতিয়ন যাব পাৰে যে, এই কোৰআন, যিখন মুহাম্মদৰ ওপৰত অৱতীৰ্ণ হৈছে সেইখনেই সত্য; হে ৰাছুল! যিখনক আল্লাহে আপোনাৰ প্ৰতি অহী কৰিছে। ইয়াৰ ফলত যাতে তেওঁলোকৰ অন্তৰ আৰু মজবুত হয়। তথা ইয়াৰ প্ৰতি তেওঁলোকৰ অন্তৰ যাতে কোমল হয় আৰু নত স্বীকাৰ কৰে। নিশ্চয় আল্লাহে সেইসকল লোকক তেওঁৰ প্ৰতি ঈমান আনিবলৈ হিদায়ত দিয়ে আৰু সত্যৰ সুপথ দেখুৱায়, যিপথত কোনো ধৰণৰ বক্ৰতা নাই। এই প্ৰতিদান দিয়াৰ কাৰণ হৈছে, তেওঁলোকে তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিছে।

22:55Page 338

وَلَا يَزَالُ ٱلَّذِينَ كَفَرُواْ فِي مِرۡيَةٖ مِّنۡهُ حَتَّىٰ تَأۡتِيَهُمُ ٱلسَّاعَةُ بَغۡتَةً أَوۡ يَأۡتِيَهُمۡ عَذَابُ يَوۡمٍ عَقِيمٍ ٥٥

But those who disbelieve will not cease to be in doubt of it until the Hour comes upon them unexpectedly or there comes to them the punishment of a barren Day.1

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সম্পৰ্কে সদায় সন্দেহত পতিত হৈ থাকিব। এই সন্দেহত থকা অৱস্থাতেই হঠাৎ কিয়ামত আহি পৰিব, নাইবা এনেকুৱা কোনো শাস্তি আহি পৰিব, যিদিনা সিহঁতৰ বাবে কোনো দয়া নাথাকিব আৰু কল্যাণো নাথাকিব। সেইটোৱে হ’ব সিহঁতৰ বাবে কিয়ামতৰ দিন।

22:56Page 339

ٱلۡمُلۡكُ يَوۡمَئِذٖ لِّلَّهِ يَحۡكُمُ بَيۡنَهُمۡۚ فَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فِي جَنَّٰتِ ٱلنَّعِيمِ ٥٦

[All] sovereignty that Day is for Allāh;1 He will judge between them. So they who believed and did righteous deeds will be in the Gardens of Pleasure.

কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুত শাস্তি আহি পৰিব, তেতিয়া এইক্ষেত্ৰত সিহঁতৰ কোনো সহায়ক নাথাকিব, সেইদিনা কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত থাকিব। তেৱেঁই মুমিন আৰু কাফিৰসকলৰ মাজত মীমাংসা কৰিব। সকলোৰে পক্ষে উপযুক্ত ন্যায় বিচাৰ কৰিব। এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকৰ বাবে এনেকুৱা জান্নাতৰ উপহাৰ থাকিব, যিবোৰ কেতিয়াও শেষ নহ'ব।

22:57Page 339

وَٱلَّذِينَ كَفَرُواْ وَكَذَّبُواْ بِـَٔايَٰتِنَا فَأُوْلَٰٓئِكَ لَهُمۡ عَذَابٞ مُّهِينٞ ٥٧

And they who disbelieved and denied Our signs - for those there will be a humiliating punishment.

যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰিছে আৰু আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকৰ বাবেই আছে অপমানজনক শাস্তি। ইয়াৰ দ্বাৰা আল্লাহে সিহঁতক জাহান্নামত অপমানিত কৰিব।

22:58Page 339

وَٱلَّذِينَ هَاجَرُواْ فِي سَبِيلِ ٱللَّهِ ثُمَّ قُتِلُوٓاْ أَوۡ مَاتُواْ لَيَرۡزُقَنَّهُمُ ٱللَّهُ رِزۡقًا حَسَنٗاۚ وَإِنَّ ٱللَّهَ لَهُوَ خَيۡرُ ٱلرَّٰزِقِينَ ٥٨

And those who emigrated for the cause of Allāh and then were killed or died - Allāh will surely provide for them a good provision. And indeed, it is Allāh who is the best of providers.

যিসকল লোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু তেওঁৰ দ্বীনক শক্তিশালী কৰাৰ বাবে নিজৰ ঘৰ-দুৱাৰ আৰু মাতৃভূমি ত্যাগ কৰিছে, লগতে তেওঁৰ পথত যুদ্ধ কৰি শ্বহীদ হৈছে অথবা মৃত্যুবৰণ কৰিছে, সেইসকল লোকক আল্লাহে জান্নাতত নিৰবিচ্ছিন্ন উত্তম জীৱিকা প্ৰদান কৰিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকা প্ৰদানকাৰী।

22:59Page 339

لَيُدۡخِلَنَّهُم مُّدۡخَلٗا يَرۡضَوۡنَهُۥۚ وَإِنَّ ٱللَّهَ لَعَلِيمٌ حَلِيمٞ ٥٩

He will surely cause them to enter an entrance with which they will be pleased, and indeed, Allāh is Knowing and Forbearing.

আল্লাহে তেওঁলোকক নিশ্চয় এনেকুৱা ঠাইত প্ৰৱেশ কৰাব, যিটো স্থান পাই তেওঁলোক সন্তুষ্ট হ'ব। সেইটো হৈছে জান্নাত। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে আৰু নিয়্যত সম্পৰ্কে সম্পূৰ্ণ অৱগত। তেওঁ অত্যন্ত সহনশীল, দোষ-ত্ৰুটিৰ ক্ষেত্ৰত কেতিয়াও শাস্তি প্ৰদানত খৰখেদা নকৰে।

22:60Page 339

۞ ذَٰلِكَۖ وَمَنۡ عَاقَبَ بِمِثۡلِ مَا عُوقِبَ بِهِۦ ثُمَّ بُغِيَ عَلَيۡهِ لَيَنصُرَنَّهُ ٱللَّهُۚ إِنَّ ٱللَّهَ لَعَفُوٌّ غَفُورٞ ٦٠

That [is so]. And whoever responds [to injustice] with the equivalent of that with which he was harmed and then is tyrannized - Allāh will surely aid him. Indeed, Allāh is Pardoning and Forgiving.1

ওপৰত যিবোৰ বৰ্ণনা হ'ল, যেনে- আল্লাহৰ পথত যুদ্ধকাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব, তথা অন্যায়কাৰী ব্যক্তিৰ পৰা সেই অনুপাতে প্ৰতিশোধ লোৱাৰ অনুমতি প্ৰদান কৰিছে যিমানখিনি অন্যায় কৰিছে, যাতে দ্বিতীয়বাৰ এনেকুৱা অন্যায় কৰাৰ সাহস নকৰে। ইয়াৰ পিছতো যদি অন্যায়-অত্যাচাৰত সীমালঙ্ঘন কৰে তেন্তে নিশ্চয় আল্লাহে নিৰ্যাতনকৃত ব্যক্তিক সহায় কৰিব। এতেকে জানি থোৱা! নিশ্চয় আল্লাহে মুমিন বান্দাসকলৰ গুনাহ মাফ কৰিব আৰু তেওঁলোকক ক্ষমা কৰিব।

22:61Page 339

ذَٰلِكَ بِأَنَّ ٱللَّهَ يُولِجُ ٱلَّيۡلَ فِي ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِي ٱلَّيۡلِ وَأَنَّ ٱللَّهَ سَمِيعُۢ بَصِيرٞ ٦١

That1 is because Allāh causes the night to enter the day and causes the day to enter the night and because Allāh is Hearing and Seeing.

নিৰ্যাতিত ব্যক্তিক এইকাৰণে সহায় কৰিব, কিয়নো আল্লাহে যিটো কৰিবলৈ ইচ্ছা কৰে সেইটোৱে কৰিবলৈ সক্ষম। তেওঁৰ ক্ষমতাৰ এটা প্ৰকাশ্য প্ৰমাণ হৈছে দিনক ৰাতিৰে আচ্ছাদিত কৰা আৰু ৰাতিক দিনেৰে আচ্ছাদিত কৰা। এটাক বঢ়াই দিয়ে আনটোক হ্ৰাস কৰি দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেৱেঁই সিহঁতক ইয়াৰ প্ৰতিদান দিব।

22:62Page 339

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّ مَا يَدۡعُونَ مِن دُونِهِۦ هُوَ ٱلۡبَٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ ٦٢

That is because Allāh is the True Reality, and that which they call upon other than Him is falsehood, and because Allāh is the Most High, the Grand.

ৰাতিক দিনৰ জৰিয়তে আৰু দিনক ৰাতিৰ জৰিয়তে আচ্ছাদিত কৰাৰ এই ধাৰাবাহিকতা এইকাৰণে যাতে এইটো প্ৰমাণিত হয় যে, আল্লাহেই সত্য, তেওঁৰ দ্বীন সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, মুমিনসকলৰ প্ৰতি তেওঁৰ সহায়তা সত্য, কিন্তু মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে সেই সকলোবোৰ অসত্য। সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় আল্লাহ সত্ত্বাগতভাৱে, সন্মান আৰু শক্তি সামৰ্থৰ ফালেৰে মখলুকতকৈ অতি উচ্চ। তেওঁ সুমহান, গৌৰৱ-গৰিমা, আত্মাভিমান, প্ৰতাপ আদি কেৱল তেওঁৰ বাবেই উপযুক্ত।

22:63Page 339

أَلَمۡ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَتُصۡبِحُ ٱلۡأَرۡضُ مُخۡضَرَّةًۚ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٞ ٦٣

Do you not see that Allāh has sent down rain from the sky and the earth becomes green? Indeed, Allāh is Subtle1 and Aware.2

হে ৰাছুল! আপুনি দেখা নাইনে- নিশ্চয় আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানী বৰ্ষণৰ পিছত পৃথিৱীত গজালি মেলা উদ্ভিদবোৰ সেউজীয়া হৈ পৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ সিহঁতৰ ওপৰত পানী বৰ্ষণ কৰে, আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। নিশ্চয় তেওঁ সিহঁতৰ কল্যাণ সম্পৰ্কে অৱগত। সেইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

22:64Page 339

لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ وَإِنَّ ٱللَّهَ لَهُوَ ٱلۡغَنِيُّ ٱلۡحَمِيدُ ٦٤

To Him belongs what is in the heavens and what is on the earth. And indeed, Allāh is the Free of need, the Praiseworthy.

আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। নিশ্চয় আল্লাহ অমুখাপেক্ষী, কোনো সৃষ্টিকেই তেওঁ প্ৰয়োজনবোধ নকৰে। তেওঁ সকলো অৱস্থাতেই প্ৰশংসিত।

22:65Page 340

أَلَمۡ تَرَ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِي ٱلۡأَرۡضِ وَٱلۡفُلۡكَ تَجۡرِي فِي ٱلۡبَحۡرِ بِأَمۡرِهِۦ وَيُمۡسِكُ ٱلسَّمَآءَ أَن تَقَعَ عَلَى ٱلۡأَرۡضِ إِلَّا بِإِذۡنِهِۦٓۚ إِنَّ ٱللَّهَ بِٱلنَّاسِ لَرَءُوفٞ رَّحِيمٞ ٦٥

Do you not see that Allāh has subjected to you whatever is on the earth and the ships which run through the sea by His command? And He restrains the sky from falling upon the earth, unless by His permission. Indeed Allāh, to the people, is Kind and Merciful.

হে ৰাছুল! আপুনি দেখা নাইনে, নিশ্চয় আল্লাহে পৃথিৱীৰ সকলো জীৱ-জন্তু আৰু জীৱ আৰু জড় সকলো বস্তুকেই আপোনাৰ আৰু মানুহৰ আয়ত্তাধীন কৰি দিছে, যাতে সিহঁতৰ উপকাৰ হয় আৰু প্ৰয়োজনীয়তা পূৰণ হয়। লগতে তেওঁৰ আদেশত সাগৰত চলা জাহাজসমূহক তোমালোকৰ আয়ত্তাধীন কৰি দিছে. যিবোৰ এটা দেশৰ পৰা আনটো দেশলৈ ভ্ৰমণ কৰে। তেৱেঁই আকাশক নিজৰ অধীনত ৰাখিছে, তেওঁৰ অনুমতি অবিহনে সেইখন ভাঙি নপৰে। যদি তেওঁ অনুমতি দিয়ে তেন্তে অৱশ্যে সেইখন ভাঙি পৰিব। নিশ্চয় আল্লাহ মানুহৰ বাবে অতি কৰুণাময় আৰু দয়াৱান, সেইকাৰণেই তেওঁ মানুহে অন্যায়-অত্যাচাৰ কৰাৰ পিছতো এইবোৰ বস্তুক সিহঁতৰ অধীনস্থ কৰি দিছে।

22:66Page 340

وَهُوَ ٱلَّذِيٓ أَحۡيَاكُمۡ ثُمَّ يُمِيتُكُمۡ ثُمَّ يُحۡيِيكُمۡۗ إِنَّ ٱلۡإِنسَٰنَ لَكَفُورٞ ٦٦

And He is the one who gave you life; then He causes you to die and then will [again] give you life. Indeed, mankind is ungrateful.

আল্লাহেই তোমালোকক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে। ইয়াৰ পিছত আকৌ যেতিয়া তোমালোকৰ আয়ু সমাপ্ত হ'ব, তেতিয়া তোমালোকক মৃত্যু প্ৰদান কৰিব। মৃত্যুৰ পিছত আমলৰ হিচাপ-নিকাচ আৰু প্ৰতিদান দিয়াৰ বাবে তোমালোকক পুনৰ্জীৱিত কৰিব। নিশ্চয় মানুহে আল্লাহৰ নিয়ামতৰ অধিক অকৃতজ্ঞতা কৰে, যদিও তেওঁৰ নিয়ামত প্ৰকাশ্য। লগতে তেওঁৰ ইবাদতত আনক অংশীদাৰ কৰে।

22:67Page 340

لِّكُلِّ أُمَّةٖ جَعَلۡنَا مَنسَكًا هُمۡ نَاسِكُوهُۖ فَلَا يُنَٰزِعُنَّكَ فِي ٱلۡأَمۡرِۚ وَٱدۡعُ إِلَىٰ رَبِّكَۖ إِنَّكَ لَعَلَىٰ هُدٗى مُّسۡتَقِيمٖ ٦٧

For every [religious] community We have appointed rites which they perform. So, [O Muḥammad], let them [i.e., the disbelievers] not contend with you over the matter but invite [them] to your Lord. Indeed, you are upon straight guidance.

প্ৰত্যেক উম্মতকে আমি এটা চৰীয়ত প্ৰদান কৰিছিলোঁ, সিহঁতে নিজ নিজ চৰীয়ত মুতাবিক আমল কৰিছিল। গতিকে হে ৰাছুল! মুশ্বৰিকসকলে আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলে আপোনাৰ চৰীয়তকলৈ বাদানুবাদ কৰা উচিত নহয়। কিয়নো আপুনি সিহঁতৰ তুলনাত সত্যৰ অধিক নিকটৱৰ্তী, কাৰণ সিহঁত হৈছে বাতিল পন্থী। আপুনি মানুহক নিৰ্ভেজাল তাওহীদৰ পিনে আহ্বান কৰক। নিশ্চয় আপুনি সঠিক পথত পৰিচালিত, য’ত কোনো ধৰণৰ বক্ৰতা নাই।

22:68Page 340

وَإِن جَٰدَلُوكَ فَقُلِ ٱللَّهُ أَعۡلَمُ بِمَا تَعۡمَلُونَ ٦٨

And if they dispute with you, then say, "Allāh is most knowing of what you do.

এতেকে সত্য প্ৰকাশ পোৱাৰ পিছতো যদি সিহঁতে আপোনাৰ লগত বিতৰ্ক কৰিবলৈ জিদ কৰে, তেন্তে সিহঁতৰ বিষয়টো আল্লাহৰ ওপৰত অৰ্পন কৰি সিহঁতক সতৰ্ক কৰাৰ মাধ্যমেৰে জনাই দিয়ক যে, তোমালোকে যি যি কৰি আছা, সেই সকলোবোৰৰ বিষয়ে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো আমলেই গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

22:69Page 340

ٱللَّهُ يَحۡكُمُ بَيۡنَكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كُنتُمۡ فِيهِ تَخۡتَلِفُونَ ٦٩

Allāh will judge between you on the Day of Resurrection concerning that over which you used to differ."

আল্লাহে কিয়ামতৰ দিনা তেওঁৰ বান্দাসকলৰ মাজৰ পৰা মুমিন আৰু কাফিৰসকলৰ মাজত দ্বীন সম্পৰ্কীয় বিষয়ত মীমাংসা কৰি দিব। যিবোৰ বিষয়ত তেওঁলোকে পৃথিৱীত মতানৈক্য কৰিছিল।

22:70Page 340

أَلَمۡ تَعۡلَمۡ أَنَّ ٱللَّهَ يَعۡلَمُ مَا فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِنَّ ذَٰلِكَ فِي كِتَٰبٍۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ ٧٠

Do you not know that Allāh knows what is in the heaven and earth? Indeed, that is in a Record.1 Indeed that, for Allāh, is easy.

হে ৰাছুল! আপুনি নাজানে নেকি যে, নিশ্চয় আল্লাহ আকাশৰ আৰু পৃথিৱীৰ সকলো বিষয়েই অৱগত, এই দুয়োৰে মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এই সকলো বিষয়ৰ জ্ঞান লওহে মাহফুজত লিপিবদ্ধ আছে। এইবোৰ বিষয় সম্পৰ্কে জ্ঞান ৰখা আল্লাহৰ পক্ষে তেনেই উজু।

22:71Page 340

وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَمۡ يُنَزِّلۡ بِهِۦ سُلۡطَٰنٗا وَمَا لَيۡسَ لَهُم بِهِۦ عِلۡمٞۗ وَمَا لِلظَّٰلِمِينَ مِن نَّصِيرٖ ٧١

And they worship besides Allāh that for which He has not sent down authority and that of which they have no knowledge. And there will not be for the wrongdoers any helper.

মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ উপাসনা কৰে, যিবোৰক উপাসনা কৰাৰ কোনো প্ৰমাণ আল্লাহে তেওঁৰ পুথিত অৱতীৰ্ণ কৰা নাই। তথা সেইবোৰ যে, উপাস্য তাৰ সপক্ষে সিহঁতৰ ওচৰতো জ্ঞান নিৰ্ভৰ কোনো প্ৰমাণ নাই। সিহঁতৰ ভিত্তি হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। অন্যায়কাৰীসকলক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।

22:72Page 340

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ تَعۡرِفُ فِي وُجُوهِ ٱلَّذِينَ كَفَرُواْ ٱلۡمُنكَرَۖ يَكَادُونَ يَسۡطُونَ بِٱلَّذِينَ يَتۡلُونَ عَلَيۡهِمۡ ءَايَٰتِنَاۗ قُلۡ أَفَأُنَبِّئُكُم بِشَرّٖ مِّن ذَٰلِكُمُۚ ٱلنَّارُ وَعَدَهَا ٱللَّهُ ٱلَّذِينَ كَفَرُواْۖ وَبِئۡسَ ٱلۡمَصِيرُ ٧٢

And when Our verses are recited to them as clear evidences, you recognize in the faces of those who disbelieve disapproval. They are almost on the verge of assaulting those who recite to them Our verses. Say, "Then shall I inform you of [what is] worse than that?1 [It is] the Fire which Allāh has promised those who disbelieve, and wretched is the destination."

সিহঁতৰ সন্মুখত আমাৰ কোৰআনৰ স্পষ্ট আয়াতসমূহ যেতিয়া তিলাৱত কৰা হয়, তেতিয়া আপুনি আল্লাহক অস্বীকাৰ কৰা লোকসকলৰ মুখমণ্ডলত সেইবোৰক অপছন্দ কৰাৰ প্ৰভাৱ দেখিবলৈ পাব। এনেকুৱা অনুভৱ হয় যেনিবা সিহঁতে ক্ৰোধ সহ্য কৰিব নোৱাৰি আয়াত তিলাৱতকাৰীৰ ওপৰত আক্ৰমণ কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই তোমালোকক সেই বিষয়ে অৱগত কৰামনে, যিটো তোমালোকৰ ক্ৰোধ আৰু ভ্ৰূকুটীতকৈ নিকৃষ্ট, সেইখন হৈছে সেই জাহান্নাম যিখনত আল্লাহে কাফিৰসকলক প্ৰৱেশ কৰাব বুলি প্ৰতিশ্ৰুতি দিছে। সেইটো কিমান যে, নিকৃষ্ট ঠাই, য’ত সিহঁতে প্ৰৱেশ কৰিব।

22:73Page 341

يَٰٓأَيُّهَا ٱلنَّاسُ ضُرِبَ مَثَلٞ فَٱسۡتَمِعُواْ لَهُۥٓۚ إِنَّ ٱلَّذِينَ تَدۡعُونَ مِن دُونِ ٱللَّهِ لَن يَخۡلُقُواْ ذُبَابٗا وَلَوِ ٱجۡتَمَعُواْ لَهُۥۖ وَإِن يَسۡلُبۡهُمُ ٱلذُّبَابُ شَيۡـٔٗا لَّا يَسۡتَنقِذُوهُ مِنۡهُۚ ضَعُفَ ٱلطَّالِبُ وَٱلۡمَطۡلُوبُ ٧٣

O people, an example is presented, so listen to it. Indeed, those you invoke besides Allāh will never create [as much as] a fly, even if they gathered together for it [i.e., that purpose]. And if the fly should steal from them a [tiny] thing, they could not recover it from him. Weak are the pursuer and pursued.1

হে মানৱজাতি! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ সহকাৰে শুনা, আৰু শিক্ষা লোৱা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তি আৰু অন্যান্য বস্তুবোৰক উপাসনা কৰা, সিহঁতে মাখীৰ দৰে সৰু পৰুৱা এটাকো সৃষ্টি কৰিব নোৱাৰে। বৰং যদি সিহঁত সকলোৱে একত্ৰিত হৈ সেইটোক সৃষ্টি কৰিব বিচাৰে, তথাপিও সিহঁতে সৃষ্টি কৰিব নোৱাৰিব। আনকি মাখীয়ে যদি সিহঁতৰ ওচৰত থকা কোনো বস্তুলৈ উৰা মাৰে সেইটোকো সিহঁতে কাঢ়ি নিবলৈ সক্ষম নহয়। যেতিয়া সিহঁতে এটা মাখী পৰ্যন্ত সৃষ্টি কৰিব নোৱাৰে আৰু মাখীয়ে কিবা লৈ উৰা মাৰিলে সেইটো কাঢ়ি লোৱাৰো ক্ষমতা নাই তেন্তে এই কথা স্পষ্ট যে, ইয়াতকৈ ডাঙৰ কোনো কামেই সিহঁত কৰিবলৈ সক্ষম নহয়। যিহেতু সিহঁত ইমান বিৱশ তেন্তে তোমালোকে সিহঁতৰ উপাসনা কেনেকৈ কৰা? দুৰ্বল এই অন্বেষণকাৰী অৰ্থাৎ মূৰ্তিবোৰ, যিবোৰক পূজা পাঠ কৰা হয়। আৰু সেইবোৰো দুৰ্বল যিবোৰৰ ওচৰত অন্বেষণ কৰা হয় অৰ্থাৎ সেই মাখীবোৰ।

22:74Page 341

مَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦٓۚ إِنَّ ٱللَّهَ لَقَوِيٌّ عَزِيزٌ ٧٤

They have not appraised Allāh with true appraisal.1 Indeed, Allāh is Powerful and Exalted in Might.

সিহঁতে আল্লাহক যিদৰে সন্মান কৰা উচিত সেইদৰে সন্মান কৰা নাই, কিয়নো সিহঁতে আল্লাহৰ সৈতে তেওঁৰ কিছুমান সৃষ্টিৰো উপাসনা কৰে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান। তেওঁৰ শক্তি আৰু ক্ষমতাৰ এইটোৱেই প্ৰমাণ যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুকে সৃষ্টি কৰিছে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। পক্ষান্তৰে মুশ্বৰিকসকলৰ মূৰ্তিবোৰ হৈছে অতি দুৰ্বল, মৰ্যাদাহীন। একোৱেই সৃষ্টি কৰিব নোৱাৰে।

22:75Page 341

ٱللَّهُ يَصۡطَفِي مِنَ ٱلۡمَلَٰٓئِكَةِ رُسُلٗا وَمِنَ ٱلنَّاسِۚ إِنَّ ٱللَّهَ سَمِيعُۢ بَصِيرٞ ٧٥

Allāh chooses from the angels messengers and from the people. Indeed, Allāh is Hearing and Seeing.

পৱিত্ৰ আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা কিছুমানক বাৰ্তাবাহক হিচাপে নিৰ্বাচিত কৰে। সেইদৰে মানুহৰ মাজৰ পৰাও কিছুমানক ৰাছুল হিচাপে মনোনীত কৰে। এতেকে কিছুমান ফিৰিস্তাক তেওঁ নবীসকলৰ ওচৰলৈ প্ৰেৰণ কৰে। যেনে- জিব্ৰীল আলাইহিচ্ছালামক তেওঁ ৰাছুলসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আনহাতে মানৱ ৰাছুলসকলক মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছিল। নিশ্চয় আল্লাহে সেই যাৱতীয় কথা শ্ৰৱণ কৰে, মুশ্বৰিকসকলে যিবোৰ কথা ৰাছুলসকলৰ বিষয়ে কয়। লগতে তেওঁ সদায় সেইসকলৰ প্ৰতি দৃষ্টি ৰাখে, যিসকলক তেওঁ ৰাছুল হিচাপে নিৰ্বাচিত কৰে।

22:76Page 341

يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۚ وَإِلَى ٱللَّهِ تُرۡجَعُ ٱلۡأُمُورُ ٧٦

He knows what is [presently] before them and what will be after them.1 And to Allāh will be returned [all] matters.

তেওঁ ৰাছুলসকলৰ সৃষ্টিৰ পূৰ্বৰ অৱস্থা আৰু মৃত্যুৰ পিছৰ অৱস্থা সম্পৰ্কে অৱগত, ফিৰিস্তাই হওক অথবা মানৱ। কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব, যেতিয়া তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব। তেতিয়া তেওঁ বান্দাসকলক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском