Al-MukhtasarAl‑Mu'minun · 23:115–118

Al-Mukhtasar · Tafsir · in Assamese

Al-Mu'minun 23:115–118

23:115Page 349

أَفَحَسِبۡتُمۡ أَنَّمَا خَلَقۡنَٰكُمۡ عَبَثٗا وَأَنَّكُمۡ إِلَيۡنَا لَا تُرۡجَعُونَ ١١٥

Then did you think that We created you uselessly and that to Us you would not be returned?"

হে মানৱজাতি! তোমালোকে ভাৱিছা নেকি যে, আমি তোমালোকক কোনো হিকমত নোহোৱাকৈ এনেই খেল-ধেমালিৰ বাবে সৃষ্টি কৰিছোঁ? তোমালোকে চতুষ্পদ জন্তুৰ দৰে নেকি যে, তোমালোকৰ ছোৱাবও নাই আৰু কোনো শাস্তিও নাই? আৰু তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওভোতাই অনা নহ’ব নেকি?

23:116Page 349

فَتَعَٰلَى ٱللَّهُ ٱلۡمَلِكُ ٱلۡحَقُّۖ لَآ إِلَٰهَ إِلَّا هُوَ رَبُّ ٱلۡعَرۡشِ ٱلۡكَرِيمِ ١١٦

So exalted is Allāh, the Sovereign,1 the Truth;2 there is no deity except Him, Lord of the Noble Throne.

এতেকে আল্লাহ তাআলা হৈছে মহাপৱিত্ৰ, তেৱেঁই হৈছে স্বত্তাধিকাৰী। তেওঁ বান্দাসকলক যিদৰে ইচ্ছা সেইদৰেই প্ৰয়োগ কৰে। তেওঁ সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, তেওঁৰ কথা সত্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক, যিখনতকৈ ডাঙৰ কোনো মখলুক নাই। যিজন আটাইতকৈ ডাঙৰ মখলুকৰ ৰব্ব, দৰাচলতে তেৱেঁই সকলো মখলুকৰ ৰব্ব।

23:117Page 349

وَمَن يَدۡعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ لَا بُرۡهَٰنَ لَهُۥ بِهِۦ فَإِنَّمَا حِسَابُهُۥ عِندَ رَبِّهِۦٓۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلۡكَٰفِرُونَ ١١٧

And whoever invokes besides Allāh another deity for which he has no proof - then his account is only with his Lord. Indeed, the disbelievers will not succeed.

যিয়ে আল্লাহৰ বাহিৰে আন কোনো উপাস্যক আহ্বান কৰে, উপাসনাৰ উপযুক্ত হোৱাৰ বাবে যাৰ ওচৰত কোনো প্ৰমাণ নাই (আল্লাহৰ বাহিৰে সকলো উপাস্যৰেই এই একেই অৱস্থা) তেনেকুৱা ব্যক্তিৰ বাবে তাৰ এই বেয়া কৰ্মৰ প্ৰতিফলস্বৰূপে তাৰ প্ৰতিপালকৰ ওচৰত আছে বেয়া প্ৰতিদান। গতিকে তেৱেঁই তাক ইয়াৰ শাস্তি বিহিব। নিশ্চয় কাফিৰসকলে লক্ষ্যস্থানত উপনীত হ'বলৈ তথা নিজৰ পছন্দৰ বস্তু পাবলৈ আৰু ভয়-ভীতিমূলক বস্তুৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব।

23:118Page 349

وَقُل رَّبِّ ٱغۡفِرۡ وَٱرۡحَمۡ وَأَنتَ خَيۡرُ ٱلرَّٰحِمِينَ ١١٨

And, [O Muḥammad], say, "My Lord, forgive and have mercy, and You are the best of the merciful."

হে ৰাছুল! আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু মোৰ প্ৰতি বিশেষ দয়া কৰা। নিশ্চয় তুমি অতি উত্তম, গুনাহগাৰৰ প্ৰতি কৃপা কৰা আৰু তাৰ তাওবা কবুল কৰা।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском