Al-MukhtasarAl‑Mu'minun · 23:59–114

Al-Mukhtasar · Tafsir · in Assamese

Al-Mu'minun 23:59–114

23:59Page 345

وَٱلَّذِينَ هُم بِرَبِّهِمۡ لَا يُشۡرِكُونَ ٥٩

And they who do not associate anything with their Lord

যিসকলে নিজ প্ৰতিপালকক একক বুলি বিশ্বাস কৰে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে।

23:60Page 346

وَٱلَّذِينَ يُؤۡتُونَ مَآ ءَاتَواْ وَّقُلُوبُهُمۡ وَجِلَةٌ أَنَّهُمۡ إِلَىٰ رَبِّهِمۡ رَٰجِعُونَ ٦٠

And they who give what they give while their hearts are fearful1 because they will be returning to their Lord -

যিসকলে নেক কৰ্ম মনোযোগ সহকাৰে কৰে, লগতে সৎকৰ্মৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰিব বিচাৰে। তথা তেওঁলোকে এই ভয়ো পোষণ কৰে যে, আল্লাহে তেওঁলোকৰ দান আৰু সৎকৰ্মক কিয়ামতৰ দিনা কবূল কৰে নে নকৰে, যিদিনা তেওঁলোক তেওঁৰ ওচৰলৈ উভতি যাব।

23:61Page 346

أُوْلَٰٓئِكَ يُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِ وَهُمۡ لَهَا سَٰبِقُونَ ٦١

It is those who hasten to good deeds, and they outstrip [others] therein.

এনেকুৱা মহান বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই সৎকৰ্ম কৰাৰ ক্ষেত্ৰত পলম নকৰে, তথা এনেকুৱা কৰ্মত সদায় আগভাগ লয়। লগতে এই ক্ষেত্ৰত আন আন লোকসকলক পিচ পেলাই আগুৱাই যায়।

23:62Page 346

وَلَا نُكَلِّفُ نَفۡسًا إِلَّا وُسۡعَهَاۚ وَلَدَيۡنَا كِتَٰبٞ يَنطِقُ بِٱلۡحَقِّ وَهُمۡ لَا يُظۡلَمُونَ ٦٢

And We charge no soul except [with that within] its capacity, and with Us is a record which speaks with truth; and they will not be wronged.

আমি প্ৰত্যেক প্ৰাণীৰ ওপৰত সেইখিনিয়ে কৰ্তব্যৰ বোজা অৰ্পন কৰোঁ যিখিনি সি পালন কৰিবলৈ সক্ষম। আমাৰ ওচৰত আছে এখন কিতাব, য’ত আমি প্ৰত্যেক আমলকাৰীৰ আমল লিপিবদ্ধ কৰি থৈছোঁ। সেই কিতাবখনে সত্য কথা কয়, য’ত কোনো সন্দেহ নাই। সিহঁতৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।

23:63Page 346

بَلۡ قُلُوبُهُمۡ فِي غَمۡرَةٖ مِّنۡ هَٰذَا وَلَهُمۡ أَعۡمَٰلٞ مِّن دُونِ ذَٰلِكَ هُمۡ لَهَا عَٰمِلُونَ ٦٣

But their hearts are covered with confusion over this, and they have [evil] deeds besides that [i.e., disbelief] which they are doing,

বৰং কাফিৰসকলৰ অন্তৰ এই সত্য কথা কোৱা কিতাবৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে। লগতে সেইখন কিতাবৰ পৰাও অমনোযোগী হৈ আছে যিখন সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছে। কুফৰীৰ বাহিৰেও সিহঁতে আৰু বহুতো কাম কৰি আছে।

23:64Page 346

حَتَّىٰٓ إِذَآ أَخَذۡنَا مُتۡرَفِيهِم بِٱلۡعَذَابِ إِذَا هُمۡ يَجۡـَٔرُونَ ٦٤

Until when We seize their affluent ones with punishment,1 at once they are crying [to Allāh] for help.

অৱশেষত কিয়ামতৰ দিনা যেতিয়া আমি সেইসকল লোকক শাস্তি প্ৰদান কৰিম, যিসকলে পৃথিৱীত সুখ-সামগ্ৰীৰ মাজত নিমজ্জিত আছিল, তেতিয়া সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰিব।

23:65Page 346

لَا تَجۡـَٔرُواْ ٱلۡيَوۡمَۖ إِنَّكُم مِّنَّا لَا تُنصَرُونَ ٦٥

Do not cry out today. Indeed, by Us you will not be helped.

তেতিয়া সিহঁতক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি কোৱা হ’বঃ আজি চিঞৰি নাথাকিবা, আৰু সহায় প্ৰাৰ্থনাও নকৰিবা। কাৰণ আজি তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাই।

23:66Page 346

قَدۡ كَانَتۡ ءَايَٰتِي تُتۡلَىٰ عَلَيۡكُمۡ فَكُنتُمۡ عَلَىٰٓ أَعۡقَٰبِكُمۡ تَنكِصُونَ ٦٦

My verses had already been recited to you, but you were turning back on your heels

পৃথিৱীত তোমালোকক আল্লাহৰ আয়াতসমূহ শুনোৱা হৈছিল, কিন্তু তোমালোকে সেইবোৰক অপছন্দ কৰি বিমুখ হৈ গুচি গৈছিলা।

23:67Page 346

مُسۡتَكۡبِرِينَ بِهِۦ سَٰمِرٗا تَهۡجُرُونَ ٦٧

In arrogance regarding it,1 conversing by night, speaking evil.

তোমালোকে এইবোৰ এই অহংকাৰত কৰিছিলা যে, তোমালোক হৈছা হৰমৰ গৰাকী, প্ৰকৃততে তোমালোক হৰমৰ গৰাকী নাছিলা। হৰমৰ প্ৰকৃত গৰাকী হৈছে সেইসকল লোক যিসকলে আল্লাহক ভয় কৰে। আনহাতে তোমালোকে হৰমৰ আশে-পাশে বেয়া কথা কৈছিলা তথা তাৰ পৱিত্ৰতা আৰু সন্মান হানি কৰিছিলা।

23:68Page 346

أَفَلَمۡ يَدَّبَّرُواْ ٱلۡقَوۡلَ أَمۡ جَآءَهُم مَّا لَمۡ يَأۡتِ ءَابَآءَهُمُ ٱلۡأَوَّلِينَ ٦٨

Then have they not reflected over the word [i.e., the Qur’ān], or has there come to them that which had not come to their forefathers?

এই মুশ্বৰিকসকলে আল্লাহে অৱতীৰ্ণ কৰা কোৰআন সম্পৰ্কে চিন্তা-চৰ্চা নকৰে নেকি, যাতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে আৰু তাত থকা বিধান মুতাবিক আমল কৰিব পাৰে? নে সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহি পৰিছে যিটো সিহঁতৰ পুৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল, সেইকাৰণেই সিহঁতে ইয়াক অস্বীকাৰ কৰি বিমুখ হৈছে নেকি?

23:69Page 346

أَمۡ لَمۡ يَعۡرِفُواْ رَسُولَهُمۡ فَهُمۡ لَهُۥ مُنكِرُونَ ٦٩

Or did they not know their Messenger, so they are toward him disacknowledging?

সিহঁতৰ প্ৰতি আল্লাহে ৰাছুল হিচাপে প্ৰেৰণ কৰা মুহাম্মদক সিহঁতে চিনিয়ে পোৱা নাই নেকি, যাৰ ফলত সিহঁতে তেওঁক অস্বীকাৰ কৰি আছে। প্ৰকৃততে সিহঁতে তেওঁক ভালদৰেই চিনি পায় আৰু তেওঁৰ সততা আৰু আমনতদাৰিতা সম্পৰ্কেও অৱগত।

23:70Page 346

أَمۡ يَقُولُونَ بِهِۦ جِنَّةُۢۚ بَلۡ جَآءَهُم بِٱلۡحَقِّ وَأَكۡثَرُهُمۡ لِلۡحَقِّ كَٰرِهُونَ ٧٠

Or do they say, "In him is madness"? Rather, he brought them the truth, but most of them, to the truth, are averse.

তথাপিও সিহঁতে তেওঁক উন্মাদ বুলি কয়। সিহঁতৰ এই দাবী স্পষ্ট মিছা। বৰং তেওঁ আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ সত্যৰ বাৰ্তা লৈ আহিছে, যি বাৰ্তাত কোনো ধৰণৰ সন্দেহ নাই। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকে সত্যক অপছন্দ কৰে, ঘৃণা কৰে আৰু হিংসা কৰে, লগতে গোড়ামীত অটল।

23:71Page 346

وَلَوِ ٱتَّبَعَ ٱلۡحَقُّ أَهۡوَآءَهُمۡ لَفَسَدَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ وَمَن فِيهِنَّۚ بَلۡ أَتَيۡنَٰهُم بِذِكۡرِهِمۡ فَهُمۡ عَن ذِكۡرِهِم مُّعۡرِضُونَ ٧١

But if the Truth [i.e., Allāh] had followed their inclinations, the heavens and the earth and whoever is in them would have been ruined. Rather, We have brought them their message,1 but they, from their message, are turning away.

যদি আল্লাহে সিহঁতৰ চাহিদা অনুপাতে সকলো বিষয়ৰ পৰিচালনা কৰে তেন্তে আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থাত বিপৰ্যয় সৃষ্টি হ'ব আৰু সিহঁতৰ ওচৰত থকা সকলো বিষয় ওলট-পালট হ'ব। কাৰণ সিহঁত সকলো বিষয়ৰ পৰিণাম আৰু সঠিক অথবা ভুল পৰিচালনা সম্পৰ্কে অৱগত নহয়। বৰং আমি সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিছোঁ, য'ত আছে সিহঁতৰ বাবে সন্মান আৰু মৰ্যাদা। কিন্তু তথাপিও সিহঁতে বিমুখ হৈ আছে।

23:72Page 346

أَمۡ تَسۡـَٔلُهُمۡ خَرۡجٗا فَخَرَاجُ رَبِّكَ خَيۡرٞۖ وَهُوَ خَيۡرُ ٱلرَّٰزِقِينَ ٧٢

Or do you, [O Muḥammad], ask them for payment? But the reward of your Lord is best, and He is the best of providers.

হে ৰাছুল! আপুনি যি দ্বীনলৈ সিহঁতৰ ওচৰত আগমন কৰিছে, ইয়াৰ বাবে আপুনি সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক বিচাৰিছে নেকি? সেইকাৰণেই সিহঁতে আপোনাৰ আহ্বানক নসাৎ কৰে নেকি? এনেকুৱাতো আপুনি কৰা নাই। কাৰণ সিহঁতৰ পাৰিশ্ৰমিকতকৈ আপোনাৰ প্ৰতিপালকৰ ছোৱাব অধিক উত্তম। তেৱেঁই মহাপৱিত্ৰ, উত্তম জীৱিকাদাতা।

23:73Page 346

وَإِنَّكَ لَتَدۡعُوهُمۡ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٧٣

And indeed, you invite them to a straight path.

হে ৰাছুল! নিশ্চয় আপুনি ইহঁতক আৰু ইহঁতৰ লগতে আন আন লোকসকলকো সত্যৰ পথলৈ আহ্বান কৰি আছে, য’ত কোনো ধৰণৰ বক্ৰতা নাই। সেই পথটো হৈছে ইছলাম।

23:74Page 346

وَإِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ عَنِ ٱلصِّرَٰطِ لَنَٰكِبُونَ ٧٤

But indeed, those who do not believe in the Hereafter are deviating from the path.

নিশ্চয় যিসকলে আখিৰাত আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তি আৰু ছোৱাবৰ প্ৰতি ঈমান পোষণ নকৰে, দৰাচলতে সিহঁতেই হৈছে সঠিক ইছলামৰ পৰা ফালৰি কাটি বক্ৰপথ অৱলম্বনকাৰী, যি পথে সিহঁতক জাহান্নামলৈ লৈ যাব।

23:75Page 347

۞ وَلَوۡ رَحِمۡنَٰهُمۡ وَكَشَفۡنَا مَا بِهِم مِّن ضُرّٖ لَّلَجُّواْ فِي طُغۡيَٰنِهِمۡ يَعۡمَهُونَ ٧٥

And even if We gave them mercy and removed what was upon them of affliction, they would persist in their transgression, wandering blindly.

যদি আমি সিহঁতৰ প্ৰতি দয়া কৰিলোহেঁতেন আৰু সিহঁতৰ আকাল তথা দুৰ্ভিক্ষ দূৰ কৰিলোহেঁতেন, তথাপিও সিহঁতে সত্যক এৰি পথভ্ৰষ্টতাত বহু দূৰলৈ গ'লহেঁতেন, আৰু বিভ্ৰান্তিত নিমজ্জিত হৈ থাকিলহেঁতেন।

23:76Page 347

وَلَقَدۡ أَخَذۡنَٰهُم بِٱلۡعَذَابِ فَمَا ٱسۡتَكَانُواْ لِرَبِّهِمۡ وَمَا يَتَضَرَّعُونَ ٧٦

And We had gripped them with suffering [as a warning], but they did not yield to their Lord, nor did they humbly supplicate, [and will continue thus]

আমি বিভিন্ন বিপদ-আপদৰ দ্বাৰা সিহঁতৰ পৰীক্ষা লৈছিলোঁ। কিন্তু তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নতস্বীকাৰ কৰা নাছিল আৰু বিনীত হৈ বিপদ দূৰ কৰাৰ বাবে তেওঁৰ ওচৰত প্ৰাৰ্থনাও কৰা নাছিল।

23:77Page 347

حَتَّىٰٓ إِذَا فَتَحۡنَا عَلَيۡهِم بَابٗا ذَا عَذَابٖ شَدِيدٍ إِذَا هُمۡ فِيهِ مُبۡلِسُونَ ٧٧

Until when We have opened before them a door of severe punishment, immediately they will be therein in despair.

অৱশেষত আমি যেতিয়া সিহঁতৰ বাবে কঠিন শাস্তিৰ দুৱাৰ উন্মুক্ত কৰি দিম, তেতিয়া সিহঁতে সকলো কল্যাণ আৰু সহায়-সহযোগিতাৰ পৰা নিৰাশ হৈ পৰিব।

23:78Page 347

وَهُوَ ٱلَّذِيٓ أَنشَأَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَٱلۡأَفۡـِٔدَةَۚ قَلِيلٗا مَّا تَشۡكُرُونَ ٧٨

And it is He who produced for you hearing and vision and hearts [i.e., intellect]; little are you grateful.

হে পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকল! আল্লাহেই তোমালোকৰ কাণ সৃষ্টি কৰিছে, যাতে তোমালোকে শুনিব পাৰা। চকু সৃষ্টি কৰিছে, যাতে তাৰ দ্বাৰা দেখিব পাৰা। অন্তৰ সৃষ্টি কৰিছে, যাতে তাৰ দ্বাৰা বুজিব পাৰা। তথাপিও তোমালোকে এইবোৰ নিয়ামত পোৱাৰ পিছতো বহুত কম কৃতজ্ঞতা জ্ঞাপন কৰা।

23:79Page 347

وَهُوَ ٱلَّذِي ذَرَأَكُمۡ فِي ٱلۡأَرۡضِ وَإِلَيۡهِ تُحۡشَرُونَ ٧٩

And it is He who has multiplied you throughout the earth, and to Him you will be gathered.

হে মানৱজাতি! তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰা হ'ব।

23:80Page 347

وَهُوَ ٱلَّذِي يُحۡيِۦ وَيُمِيتُ وَلَهُ ٱخۡتِلَٰفُ ٱلَّيۡلِ وَٱلنَّهَارِۚ أَفَلَا تَعۡقِلُونَ ٨٠

And it is He who gives life and causes death, and His is the alternation of the night and the day. Then will you not reason?

একমাত্ৰ তেৱেঁই জীৱন দান কৰে, তেওঁৰ বাহিৰে আন কোনেও জীৱন দান কৰিব নোৱাৰে। একমাত্ৰ তেৱেঁই মৃত্যুদান কৰে, তেওঁৰ বাহিৰে আন কোনেও মৃত্যু প্ৰদান কৰিব নোৱাৰে। দিন-ৰাতিৰ আৱৰ্তন, অন্ধকাৰ আৰু পোহৰ, দিন-ৰাতিক দীঘল কৰা অথবা সৰু কৰা, এই সকলোবোৰ তেওঁৰেই অধীনস্থ। এতেকে তেওঁৰ ক্ষমতা আৰু তেওঁ যে অকলেই এই বিশ্বজগত সৃষ্টি কৰিছে আৰু অকলেই তেওঁ যে, ইয়াক পৰিচালনা কৰে এই কথা তোমালোকে বুজি নোপোৱা নেকি!?

23:81Page 347

بَلۡ قَالُواْ مِثۡلَ مَا قَالَ ٱلۡأَوَّلُونَ ٨١

Rather,1 they say like what the former peoples said.

বৰং ইহঁতেও কুফৰীৰ সেই একে কথাকে পুনৰাবৃত্তি কৰিলে যিটো ইহঁতৰ পুৰ্বপুৰুষসকলে কৈছিল।

23:82Page 347

قَالُوٓاْ أَءِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَبۡعُوثُونَ ٨٢

They said, "When we have died and become dust and bones, are we indeed to be resurrected?

ইহঁতে পুনৰুত্থানক অস্বীকাৰ কৰি আৰু ইয়াক অসম্ভৱ বুলি ধাৰণা কৰি কয়ঃ যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটি আৰু গেলা-পচা হাড়ত পৰিণত হ’ম, তেতিয়া আমাক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব নেকি?!

23:83Page 347

لَقَدۡ وُعِدۡنَا نَحۡنُ وَءَابَآؤُنَا هَٰذَا مِن قَبۡلُ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٨٣

We have been promised this, we and our forefathers, before; this is not but legends of the former peoples."

মৃত্যুৰ পিছত পুনৰুত্থিত হোৱাৰ এই প্ৰতিশ্ৰুতি আমাৰ পূৰ্বপুৰুষসকলৰ লগতো কৰা হৈছিল, কিন্তু সেই প্ৰতিশ্ৰুতিক আমি পুৰণ হোৱা দেখা নাই। এইটো দৰাচলতে পূৰ্বযুগৰ মনেসজা মিছা কাহিনী।

23:84Page 347

قُل لِّمَنِ ٱلۡأَرۡضُ وَمَن فِيهَآ إِن كُنتُمۡ تَعۡلَمُونَ ٨٤

Say, [O Muḥammad], "To whom belongs the earth and whoever is in it, if you should know?"

হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, যদি তোমালোকৰ ওচৰত প্ৰকৃত জ্ঞান আছে তেন্তে কোৱাচোন, এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু কাৰ?

23:85Page 347

سَيَقُولُونَ لِلَّهِۚ قُلۡ أَفَلَا تَذَكَّرُونَ ٨٥

They will say, "To Allāh." Say, "Then will you not remember?"

তেতিয়া সিহঁতে ক'বঃ এই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তু একমাত্ৰ আল্লাহৰ। তেতিয়া আপুনি সিহঁতক কওকঃ তেন্তে তোমালোকে বুজি নোপোৱা নেকি যে, পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুৰ যিজন মালিক, তেওঁ তোমালোকক মৃত্যুৰ পিছত জীৱিত কৰি উঠোৱাব নোৱাৰিবনে?

23:86Page 347

قُلۡ مَن رَّبُّ ٱلسَّمَٰوَٰتِ ٱلسَّبۡعِ وَرَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ ٨٦

Say, "Who is Lord of the seven heavens and Lord of the Great Throne?"

আপুনি সিহঁতক সোধক! “সাতখন আকাশৰ ৰব্ব কোন? তথা মহাসিংহাসনৰ মালিক কোন, যিখনতকৈ ডাঙৰ আন কোনো সৃষ্টি নাই”?

23:87Page 347

سَيَقُولُونَ لِلَّهِۚ قُلۡ أَفَلَا تَتَّقُونَ ٨٧

They will say, "[They belong] to Allāh." Say, "Then will you not fear Him?"

সিহঁতে ক’বঃ “সাতখন আকাশ আৰু মহাসিংহাসনৰ মালিক হৈছে আল্লাহ”। তেতিয়া আপুনি সিহঁতক কওকঃ “তেন্তে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়, যাতে তেওঁৰ শাস্তিৰ পৰা সুৰক্ষিত থাকিব পাৰা।”

23:88Page 347

قُلۡ مَنۢ بِيَدِهِۦ مَلَكُوتُ كُلِّ شَيۡءٖ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيۡهِ إِن كُنتُمۡ تَعۡلَمُونَ ٨٨

Say, "In whose hand is the realm of all things - and He protects while none can protect against Him - if you should know?"

আপুনি সিহঁতক সোধক, প্ৰত্যেক বস্তু কাৰ অধীনস্থ, যাৰ অধীনৰ বাহিৰত একোৱেই নাই। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সহায় কৰে। কিন্তু তেওঁ যাক ক্ষতি কৰিব বিচাৰে তাক কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু তেওঁৰ শাস্তিক প্ৰতিৰোধ কৰিব নোৱাৰে? যদি তোমালোকৰ ওচৰত জ্ঞান আছে তেন্তে কোৱা।

23:89Page 347

سَيَقُولُونَ لِلَّهِۚ قُلۡ فَأَنَّىٰ تُسۡحَرُونَ ٨٩

They will say, "[All belongs] to Allāh." Say, "Then how are you deluded?"

তেতিয়া সিহঁতে ক’বঃ “প্ৰত্যেক বস্তুৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত”। তেতিয়া আপুনি সিহঁতক কওকঃ “তেন্তে তোমালোকৰ বিবেক বুদ্ধি ক’ত হেৰাই যায়, এই স্বীকাৰোক্তিৰ পিছতো কিয় তোমালোকে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰা?!

23:90Page 348

بَلۡ أَتَيۡنَٰهُم بِٱلۡحَقِّ وَإِنَّهُمۡ لَكَٰذِبُونَ ٩٠

Rather, We have brought them the truth, and indeed they are liars.

বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে দাবী কৰে। বৰং আমি সিহঁতৰ ওচৰলৈ সত্য লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই। নিশ্চয় সিহঁত আল্লাহৰ অংশীদাৰ আৰু তেওঁৰ পুত্ৰ থকা বুলি কৰা মন্তব্যত মিছলীয়া। সিহঁতৰ এনেকুৱা দাবীৰ পৰা মহান আল্লাহ অতি সুউচ্চ।

23:91Page 348

مَا ٱتَّخَذَ ٱللَّهُ مِن وَلَدٖ وَمَا كَانَ مَعَهُۥ مِنۡ إِلَٰهٍۚ إِذٗا لَّذَهَبَ كُلُّ إِلَٰهِۭ بِمَا خَلَقَ وَلَعَلَا بَعۡضُهُمۡ عَلَىٰ بَعۡضٖۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يَصِفُونَ ٩١

Allāh has not taken any son, nor has there ever been with Him any deity. [If there had been], then each deity would have taken what it created, and some of them would have [sought to] overcome others. Exalted is Allāh above what they describe [concerning Him].

আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, এইটো কাফিৰসকলৰ ধাৰণাহে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। যদি তেওঁৰ বাহিৰে কোনো সত্য উপাস্য থাকিলহেঁতেন, তেন্তে প্ৰত্যেকেই নিজৰ নিজৰ সৃষ্টি কৰা অংশকলৈ পৃথক হৈ গ’লহেঁতেন আৰু ইজনে সিজনক পৰাজিত কৰিলেহেঁতেন। ফলত বিশ্বজগতৰ পৰিচালনা বিশৃংখল হ’লহেঁতেন। বাস্তৱত কিন্তু এনেকুৱা একো হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে, প্ৰকৃত উপাস্য কেৱল এজনেই, আৰু তেওঁ হৈছে আল্লাহ তাআলা। মুশ্বৰিকসকলে তেওঁৰ লগত অংশীদাৰ আৰু সন্তান সম্পৃক্ত কৰি যি দাবী কৰে, তাৰ পৰা তেওঁ অতি পৱিত্ৰ।

23:92Page 348

عَٰلِمِ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ فَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٩٢

[He is] Knower of the unseen and the witnessed, so high is He above what they associate [with Him].

তেওঁ প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰ তেওঁৰ সৃষ্টিয়ে নাজানে। লগতে প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰ জ্ঞানিন্দ্ৰীয়ৰ জৰিয়তে উপলব্ধি কৰিব পাৰি। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। গতিকে তেওঁ অংশীদাৰৰ পৰা অতিপৱিত্ৰ তথা সুউচ্চ।

23:93Page 348

قُل رَّبِّ إِمَّا تُرِيَنِّي مَا يُوعَدُونَ ٩٣

Say, [O Muḥammad], "My Lord, if You should show me that which they are promised,

হে ৰাছুল! আপুনি প্ৰাৰ্থনা কৰক যে, হে মোৰ প্ৰতিপালক! যদি তুমি মোক সেই শাস্তি দেখুৱা, যি শাস্তিৰ প্ৰতিশ্ৰুতি তুমি এই মুশ্বৰিকসকলক প্ৰদান কৰিছা-

23:94Page 348

رَبِّ فَلَا تَجۡعَلۡنِي فِي ٱلۡقَوۡمِ ٱلظَّٰلِمِينَ ٩٤

My Lord, then do not place me among the wrongdoing people."

হে মোৰ প্ৰতিপালক! যদি এই মুশ্বৰিকসকলক সেই শাস্তি প্ৰদান কৰা আৰু সেই সময়ত যদি মই উপস্থিত থাকোঁ তেন্তে তেতিয়া তুমি মোক ইহঁতৰ অন্তৰ্ভুক্ত নকৰিবা। অন্যথা ময়ো সেই শাস্তিৰ সন্মুখীন হ'ব লাগিব।

23:95Page 348

وَإِنَّا عَلَىٰٓ أَن نُّرِيَكَ مَا نَعِدُهُمۡ لَقَٰدِرُونَ ٩٥

And indeed, We are Able to show you what We have promised them.

নিশ্চয় আমি আপোনাক সেই শাস্তি দেখুৱাবলৈ সক্ষম, যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছোঁ। এইটো তথা আন আন সকলো কৰ্ম কৰিবলৈ আমি অপাৰগ নহয়।

23:96Page 348

ٱدۡفَعۡ بِٱلَّتِي هِيَ أَحۡسَنُ ٱلسَّيِّئَةَۚ نَحۡنُ أَعۡلَمُ بِمَا يَصِفُونَ ٩٦

Repel, by [means of] what is best, [their] evil. We are most knowing of what they describe.

হে ৰাছুল! যিয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব, আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ তাৰ এই দুৰ্ব্যৱহাৰ ক্ষমা কৰি দিয়ক আৰু তাৰ ফালৰ পৰা পোৱা কষ্টত ধৈৰ্য্য ধাৰণ কৰক। আমি সিহঁতৰ শ্বিৰ্ক আৰু অস্বীকাৰ সম্পৰ্কে ভালদৰেই অৱগত। তথা আপোনাক যিবোৰ অনোপযুক্ত বিশেষণেৰে বিভূষিত কৰে, সেইবোৰৰ বিষয়েও আমি ভালদৰেই জানো, যেনেঃ যাদুকৰ, উন্মাদ ইত্যাদি।

23:97Page 348

وَقُل رَّبِّ أَعُوذُ بِكَ مِنۡ هَمَزَٰتِ ٱلشَّيَٰطِينِ ٩٧

And say, "My Lord, I seek refuge in You from the incitements of the devils,

আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনা আৰু কুমন্ত্ৰণাৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।

23:98Page 348

وَأَعُوذُ بِكَ رَبِّ أَن يَحۡضُرُونِ ٩٨

And I seek refuge in You, my Lord, lest they be present with me."

তথা হে মোৰ প্ৰতিপালক! মই তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, সি যেন মোৰ কোনো কামৰ সময়তে মোৰ ওচৰত উপস্থিত নাথাকে।

23:99Page 348

حَتَّىٰٓ إِذَا جَآءَ أَحَدَهُمُ ٱلۡمَوۡتُ قَالَ رَبِّ ٱرۡجِعُونِ ٩٩

[For such is the state of the disbelievers] until, when death comes to one of them, he says, "My Lord, send me back

অৱশেষত এই মুশ্বৰিকসকলৰ মাজৰ যেতিয়া কাৰোবাৰ মৃত্যু আহি পৰে, তেতিয়া সি সেই সকলো দেখা পায় যিবোৰ তাৰ লগত সংঘটিত হ'ব। এই দেখি সি নিজৰ অতিবাহিত আয়ু আৰু আল্লাহৰ আদেশ পালন নকৰাৰ বাবে অনুতাপ কৰি ক’বঃ “হে মোৰ প্ৰতিপালক! মোক আকৌ পৃথিৱীৰ জীৱনলৈ ওভোতাই দিয়া।”

23:100Page 348

لَعَلِّيٓ أَعۡمَلُ صَٰلِحٗا فِيمَا تَرَكۡتُۚ كـَلَّآۚ إِنَّهَا كَلِمَةٌ هُوَ قَآئِلُهَاۖ وَمِن وَرَآئِهِم بَرۡزَخٌ إِلَىٰ يَوۡمِ يُبۡعَثُونَ ١٠٠

That I might do righteousness in that which I left behind."1 No! It is only a word he is saying; and behind them is a barrier until the Day they are resurrected.

“মই যদি পৃথিৱীলৈ পুনৰ উভতি যাওঁ তেন্তে নিশ্চয় নেক আমল কৰিম।” কেতিয়াও নহয়, তুমি যি কৈ আছা, বিষয়টো তেনেকুৱা নহয়। এইটো কেৱলমাত্ৰ তোমাৰ মুখৰ বাক্যহে (এইটো কেতিয়াও আমলত পৰিণত নহ'ব)। তাক যদিও পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সি এই অঙ্গীকাৰ পূৰণ নকৰিব। মৃত্যুবৰণ কৰা এইসকল লোক কিয়ামত পৰ্যন্ত পৃথিৱী আৰু আখিৰাতৰ মধ্যৱৰ্তী সময়ছোৱাত এটা পৰ্দাৰ আঁৰত থাকিব। সেই ঠাইৰ পৰা সিহঁতে পৃথিৱীত এৰি যোৱাখিনি পাবলৈ অথবা তাত কৰা ত্ৰুটিবোৰ সংশোধন কৰিবলৈ কেতিয়াও পৃথিৱীত উভতি আহিব নোৱাৰিব।

23:101Page 348

فَإِذَا نُفِخَ فِي ٱلصُّورِ فَلَآ أَنسَابَ بَيۡنَهُمۡ يَوۡمَئِذٖ وَلَا يَتَسَآءَلُونَ ١٠١

So when the Horn is blown, no relationship will there be among them that Day, nor will they ask about one another.

এতেকে শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, প্ৰকৃততে সেই ফুঁ দিয়াৰ অৰ্থ হ'ব কিয়ামতৰ জাননী। তেতিয়া সিহঁত কিয়ামতৰ ভয়াৱহ পৰিস্থিতিত এনেকৈ বিলিন হৈ যাব যে, নিজৰ বংশকলৈ গৌৰৱ কৰাৰো সুযোগ নাথাকিব। প্ৰত্যেকেই নিজকলৈ ইমান ব্যস্ত থাকিব যে, আনক সোধ-পোচ কৰাৰো সময় নাপাব।

23:102Page 348

فَمَن ثَقُلَتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ١٠٢

And those whose scales are heavy [with good deeds] - it is they who are the successful.

এতেকে যাৰ পাল্লা ভাৰী হ'ব, অৰ্থাৎ যাৰ নেকী গুনাহতকৈ বেছি হ'ব, সেইসকলেই হৈছে সাফল্যমণ্ডিত। তেওঁলোকেই লক্ষ্যস্থানত উপনীত হ'ব আৰু পছন্দনীয় বস্তুবোৰ লাভ কৰিব, লগতে সকলো ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰিব।

23:103Page 348

وَمَنۡ خَفَّتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ فِي جَهَنَّمَ خَٰلِدُونَ ١٠٣

But those whose scales are light - those are the ones who have lost their souls, [being] in Hell, abiding eternally.

আনহাতে যাৰ গুনাহৰ পাল্লা নেকীৰ পাল্লাতকৈ গধূৰ হ'ব, সিহঁত হৈছে সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে। কাৰণ সিহঁতে এনেকুৱা কৰ্ম কৰিছে যিবোৰ সিহঁতৰ বাবেই ক্ষতিকাৰক। লগতে এনেকুৱা কৰ্মৰ পৰা বিৰত থাকিছিল, যিবোৰ সিহঁতৰ বাবে আছিল লাভদায়ক। এতেকে সিহঁতে জাহান্নামত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।

23:104Page 348

تَلۡفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمۡ فِيهَا كَٰلِحُونَ ١٠٤

The Fire will sear their faces, and they therein will have taut smiles.1

জাহান্নামৰ অগ্নিয়ে সিহঁতক পুৰিব। ফলত প্ৰচণ্ড হতাশাত সিহঁতৰ দুয়ো ওঠ সংকুচিত হৈ দাঁতত লাগি ধৰিব।

23:105Page 349

أَلَمۡ تَكُنۡ ءَايَٰتِي تُتۡلَىٰ عَلَيۡكُمۡ فَكُنتُم بِهَا تُكَذِّبُونَ ١٠٥

[It will be said], "Were not My verses recited to you and you used to deny them?"

সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ পৃথিৱীত তোমালোকৰ আগত কোৰআনৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিল নেকি, তোমালোক দেখোন সেইবোৰক অস্বীকাৰ কৰিছিলা?!

23:106Page 349

قَالُواْ رَبَّنَا غَلَبَتۡ عَلَيۡنَا شِقۡوَتُنَا وَكُنَّا قَوۡمٗا ضَآلِّينَ ١٠٦

They will say, "Our Lord, our wretchedness overcame us, and we were a people astray.

সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ দুৰ্ভাগ্যই আমাক পৰাজিত কৰিছিল, যিটো বিষয় তুমি আগৰ পৰাই অৱগত। আৰু আমি আছিলোঁ সত্যৰ পৰা আঁতৰি থকা এটা পথভ্ৰষ্ট সম্প্ৰদায়।

23:107Page 349

رَبَّنَآ أَخۡرِجۡنَا مِنۡهَا فَإِنۡ عُدۡنَا فَإِنَّا ظَٰلِمُونَ ١٠٧

Our Lord, remove us from it, and if we were to return [to evil], we would indeed be wrongdoers."

হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা মুক্তি দিয়া। ইয়াৰ পিছত পুনৰ যদি আমি কুফৰী আৰু পথভ্ৰষ্টতাত লিপ্ত হওঁ তেন্তে নিশ্চিতভাৱে আমি অন্যায়কাৰী বুলি পৰিগণিত হ'ম। তেতিয়া আমাৰ ওচৰত অজুহাত দাঙি ধৰাৰ কোনো অৱকাশ নাথাকিব।

23:108Page 349

قَالَ ٱخۡسَـُٔواْ فِيهَا وَلَا تُكَلِّمُونِ ١٠٨

He will say, "Remain despised therein and do not speak to Me.

তেতিয়া আল্লাহে ক'বঃ তোমালোকে লাঞ্ছিত অপমানিত হৈ জাহান্নামতেই অৱস্থান কৰা, আৰু মোৰ সৈতে কোনো কথা কোৱাৰ চেষ্টা নকৰিবা।

23:109Page 349

إِنَّهُۥ كَانَ فَرِيقٞ مِّنۡ عِبَادِي يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱغۡفِرۡ لَنَا وَٱرۡحَمۡنَا وَأَنتَ خَيۡرُ ٱلرَّٰحِمِينَ ١٠٩

Indeed, there was a party of My servants who said, 'Our Lord, we have believed, so forgive us and have mercy upon us, and You are the best of the merciful.'

মোৰ বান্দাসকলৰ মাজৰ কিছুমানে মোৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু তেওঁলোকে কৈছিলঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, গতিকে তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ প্ৰতি তুমি দয়া কৰা, নিশ্চয় তুমি অতি দয়ালু।

23:110Page 349

فَٱتَّخَذۡتُمُوهُمۡ سِخۡرِيًّا حَتَّىٰٓ أَنسَوۡكُمۡ ذِكۡرِي وَكُنتُم مِّنۡهُمۡ تَضۡحَكُونَ ١١٠

But you took them in mockery to the point that they made you forget My remembrance, and you used to laugh at them.

তেতিয়া তোমালোকে সেইসকল মুমিনক উপহাস কৰিছিলা আৰু তেওঁলোকক ঠাট্টা কৰিছিলা, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰিছিল। আনকি তোমালোকে এই ঠাট্টা-মস্কৰাত লিপ্ত হৈ আল্লাহৰ স্মৰণকো পাহৰি গৈছিলা। দৰাচলতে তোমালোকে উপহাস আৰু বিদ্ৰুপ কৰিবলৈ তেওঁলোকক দেখি হাঁহিছিলা।

23:111Page 349

إِنِّي جَزَيۡتُهُمُ ٱلۡيَوۡمَ بِمَا صَبَرُوٓاْ أَنَّهُمۡ هُمُ ٱلۡفَآئِزُونَ ١١١

Indeed, I have rewarded them this Day for their patient endurance - that they are the attainers [of success]."

নিশ্চয় আমি সেইসকল মুমিনক কিয়ামতৰ দিনা প্ৰতিদানস্বৰূপে জান্নাত প্ৰদান কৰিম। কিয়নো তেওঁলোকে আল্লাহৰ আনুগত্যত অটল আছিল আৰু তোমালোকৰ নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰিছিল।

23:112Page 349

قَٰلَ كَمۡ لَبِثۡتُمۡ فِي ٱلۡأَرۡضِ عَدَدَ سِنِينَ ١١٢

[Allāh] will say, "How long did you remain on earth in number of years?"

আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা? আৰু কিমান সময় নষ্ট কৰিছিলা?

23:113Page 349

قَالُواْ لَبِثۡنَا يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖ فَسۡـَٔلِ ٱلۡعَآدِّينَ ١١٣

They will say, "We remained a day or part of a day; ask those who enumerate."

সিহঁতে উত্তৰ দি ক'বঃ আমি তাত এদিন অথবা দিনৰ কিছু অংশহে অতিবাহিত কৰিছিলোঁ। তুমি সিহঁতক সুধি চোৱা, যিসকলে দিন মাহৰ গণনা কৰে।

23:114Page 349

قَٰلَ إِن لَّبِثۡتُمۡ إِلَّا قَلِيلٗاۖ لَّوۡ أَنَّكُمۡ كُنتُمۡ تَعۡلَمُونَ ١١٤

He will say, "You stayed not but a little - if only you had known.

আল্লাহে ক'বঃ সঁচাই তোমালোকে পৃথিৱীত অতি কম সময় অতিবাহিত কৰিছিলা। য'ত অতি সহজেই আল্লাহৰ আনুগত্যত পৰিচালিত হ'ব পাৰিলাহেঁতেন। আফচোচ, তোমালোকে পৃথিৱীৰ এই সংকীৰ্ণ ম্যাদ সম্পৰ্কে আগতেই যদি অৱগত হ’লাহেঁতেন।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском