Al-MukhtasarAl‑Furqan · 25:1–45

Al-Mukhtasar · Tafsir · in Assamese

الفرقان

Al-Furqan

The Criterion · Meccan · 77 ayahs

25:1Page 359

تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا ١

Blessed is He who sent down the Criterion upon His Servant that he may be to the worlds a warner -

আল্লাহ মহামহীম, অসংখ্য অগণন কল্যাণৰ অধিকাৰী, যিজনে তেওঁৰ বান্দা আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰিব পৰা এখন গ্ৰন্থ অৱতীৰ্ণ কৰিছে, যাতে তেওঁ জ্বিন আৰু মানৱৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰিত হয় আৰু সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়।

25:2Page 359

ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَمۡ يَتَّخِذۡ وَلَدٗا وَلَمۡ يَكُن لَّهُۥ شَرِيكٞ فِي ٱلۡمُلۡكِ وَخَلَقَ كُلَّ شَيۡءٖ فَقَدَّرَهُۥ تَقۡدِيرٗا ٢

He to whom belongs the dominion of the heavens and the earth and who has not taken a son and has not had a partner in dominion and has created each thing and determined it with [precise] determination.

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব কেৱল তেওঁৰেই হাতত। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই। লগতে তেওঁৰ ৰাজত্বতো কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে। তেৱেঁই নিজৰ জ্ঞান আৰু হিকমতৰ দ্বাৰা সেইবোৰক ইমান পৰিপাটিকৈ সঠিক পৰিমাপত সৃষ্টি কৰিছে, যিটো পৰিমাণ সিহঁতৰ বাবে উপযুক্ত।

25:3Page 360

وَٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗ لَّا يَخۡلُقُونَ شَيۡـٔٗا وَهُمۡ يُخۡلَقُونَ وَلَا يَمۡلِكُونَ لِأَنفُسِهِمۡ ضَرّٗا وَلَا نَفۡعٗا وَلَا يَمۡلِكُونَ مَوۡتٗا وَلَا حَيَوٰةٗ وَلَا نُشُورٗا ٣

But they have taken besides Him gods which create nothing, while they are created, and possess not for themselves any harm or benefit and possess not [power to cause] death or life or resurrection.

মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা কিছুমানক নিজৰ উপাস্য কৰি লৈছে, যিবোৰে সৰু বৰ একোৱেই সৃষ্টি কৰিব নোৱাৰে। বৰং সিহঁত নিজেই আনৰ দ্বাৰা সৃষ্ট। আল্লাহেই সেইবোৰক অস্তিত্ব প্ৰদান কৰিছে। সেইবোৰে নিজকে কোনো ক্ষতিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে আৰু নিজৰ কোনো উপকাৰো কৰিব নোৱাৰে। কোনো জীৱিত ব্যক্তিক মৃত্যু প্ৰদান কৰিব নোৱাৰে আৰু কোনো মৃত ব্যক্তিক জীৱিত কৰিবও নোৱাৰে। আনকি মৃত ব্যক্তিসকলক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰিবলৈও সক্ষম নহয়।

25:4Page 360

وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّآ إِفۡكٌ ٱفۡتَرَىٰهُ وَأَعَانَهُۥ عَلَيۡهِ قَوۡمٌ ءَاخَرُونَۖ فَقَدۡ جَآءُو ظُلۡمٗا وَزُورٗا ٤

And those who disbelieve say, "This [Qur’ān] is not except a falsehood he invented, and another people assisted him in it." But they have committed an injustice and a lie.

আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰীসকলে কয়ঃ “এই কোৰআনখন হৈছে মিছা, যিখনক মুহাম্মদে নিজে ৰচনা কৰি মিছাতে আল্লাহৰ লগত সম্পৃক্ত কৰিছে। ইয়াক ৰচনা কৰোঁতে আন আন লোকসকলেও সহায় কৰিছে।” নিশ্চয় এই কাফিৰসকলেই অসত্য মন্তব্য কৰিছে। কাৰণ কোৰআন হৈছে আল্লাহৰ বাণী। মানৱ আৰু জ্বিনৰ কোনোৱেই এনেকুৱা বাণী আনিবলৈ সক্ষম নহয়।

25:5Page 360

وَقَالُوٓاْ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٱكۡتَتَبَهَا فَهِيَ تُمۡلَىٰ عَلَيۡهِ بُكۡرَةٗ وَأَصِيلٗا ٥

And they say, "Legends of the former peoples which he has written down, and they are dictated to him morning and afternoon."

কোৰআনক অস্বীকাৰকাৰী লোকসকলে আৰু কয়ঃ কোৰআন হৈছে পূৰ্বৱৰ্তী লোকসকলৰ কাহিনীমূলক পুথি, আৰু তাত লিখা সকলো তথ্যই ভিত্তিহীন। মুহাম্মদে সেইবোৰ কাৰোবাৰ পৰা লিখোৱাই লৈছে, সেইবোৰকে তেওঁৰ ওচৰত পুৱা-গধূলি পাঠ কৰা হয়।

25:6Page 360

قُلۡ أَنزَلَهُ ٱلَّذِي يَعۡلَمُ ٱلسِّرَّ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّهُۥ كَانَ غَفُورٗا رَّحِيمٗا ٦

Say, [O Muḥammad], "It has been revealed by He who knows [every] secret within the heavens and the earth. Indeed, He is ever Forgiving and Merciful."

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয়ক, কোৰআন আল্লাহে অৱতীৰ্ণ কৰিছে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বিষয় সম্পৰ্কে অৱগত। কোৰআন কেতিয়াও মানৱ ৰচিত হ'ব নোৱাৰে, যিদৰে তোমালোকে ধাৰণা কৰা। ইয়াৰ পিছত তেওঁ সিহঁতক তাওবাৰ প্ৰতি উৎসাহিত কৰি কৈছেঃ নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি কৃপাশীল।

25:7Page 360

وَقَالُواْ مَالِ هَٰذَا ٱلرَّسُولِ يَأۡكُلُ ٱلطَّعَامَ وَيَمۡشِي فِي ٱلۡأَسۡوَاقِ لَوۡلَآ أُنزِلَ إِلَيۡهِ مَلَكٞ فَيَكُونَ مَعَهُۥ نَذِيرًا ٧

And they say, "What is this messenger that eats food and walks in the markets? Why was there not sent down to him an angel so he would be with him a warner?

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী মুশ্বৰিকসকলে কয়ঃ এইজন কেনেকুৱা ৰাছুল, যিজনে নিজকে আল্লাহৰ ৰাছুল বুলিও দাবী কৰে, পক্ষান্তৰে মানুহৰ দৰে আহাৰো কৰে আৰু জীৱিকা সন্ধানৰ বাবে বজাৰতো চলাফুৰা কৰে? আল্লাহে তেওঁৰ সৈতে কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নাই, যিজন সদায় তেওঁৰ লগত থাকিলহেঁতেন আৰু তেওঁক সমৰ্থন কৰিলেহেঁতেন তথা তেওঁক সহায় কৰিলেহেঁতেন?

25:8Page 360

أَوۡ يُلۡقَىٰٓ إِلَيۡهِ كَنزٌ أَوۡ تَكُونُ لَهُۥ جَنَّةٞ يَأۡكُلُ مِنۡهَاۚ وَقَالَ ٱلظَّٰلِمُونَ إِن تَتَّبِعُونَ إِلَّا رَجُلٗا مَّسۡحُورًا ٨

Or [why is not] a treasure presented to him [from heaven], or does he [not] have a garden from which he eats?" And the wrongdoers say, "You follow not but a man affected by magic."

অথবা আকাশৰ পৰা তেওঁৰ ওচৰত কোনো ধন-ভাণ্ডাৰ অৱতীৰ্ণ কৰা নহ'ল কিয়, নাইবা তেওঁৰ ওচৰত এখন বাগান থাকিব লাগিছিল, যাৰ ফল-মূল তেওঁ ভক্ষণ কৰিলেহেঁতেন। ফলত তেওঁ বজাৰত চলাফুৰাৰ পৰা আৰু জীৱিকাৰ সন্ধানৰ পৰা ৰক্ষা পালেহেঁতেন। সেই যালিমসকলে এই কথাও কৈছিল যে, হে মুমিনসকল! তোমালোকে কোনো ৰাছুলৰ অনুসৰণ কৰা নাই, বৰং এনেকুৱা এজন ব্যক্তিৰ অনুসৰণ কৰি আছা, যাদুৰ প্ৰভাৱত যিয়ে বিবেকহীন হৈ পৰিছে।

25:9Page 360

ٱنظُرۡ كَيۡفَ ضَرَبُواْ لَكَ ٱلۡأَمۡثَٰلَ فَضَلُّواْ فَلَا يَسۡتَطِيعُونَ سَبِيلٗا ٩

Look how they strike for you comparisons;1 but they have strayed, so they cannot [find] a way.

হে ৰাছুল! সিহঁতৰ এই আশ্চৰ্যজনক ব্যৱহাৰটো চাওক, কিদৰে সিহঁতে আপোনাৰ প্ৰতি মিছা আৰু ভিত্তিহীন আৰোপ লগাই আছে। সিহঁতে কেতিয়াবা আপোনাক যাদুকৰ বুলি কয়, আকৌ কেতিয়াবা যাদুগ্ৰস্ত ব্যক্তি বুলি কয়। আনহাতে কেতিয়াবা উন্মাদ বুলিও কয়। এইকাৰণেই সিহঁতে সত্যৰ পৰা পথভ্ৰষ্ট হৈছে। গতিকে এতিয়া সিহঁতৰ পক্ষে সত্যৰ পথ বিচাৰি পোৱা সম্ভৱ নহয়। আনকি আপোনাৰ সত্যবাদিতা আৰু আমনদাৰিতাৰ ওপৰত আঘাত কৰাৰো কোনো পথ বিচাৰি নাপাব।

25:10Page 360

تَبَارَكَ ٱلَّذِيٓ إِن شَآءَ جَعَلَ لَكَ خَيۡرٗا مِّن ذَٰلِكَ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ وَيَجۡعَل لَّكَ قُصُورَۢا ١٠

Blessed is He who, if He willed, could have made for you [something] better than that - gardens beneath which rivers flow - and could make for you palaces.

আল্লাহ মহা বৰকতময়, তেওঁ যদি ইচ্ছা কৰে আপোনাক ইয়াতকৈও উত্তম বস্তু প্ৰদান কৰিব পাৰে, আপোনাৰ বাবে সিহঁতে যিবোৰ প্ৰস্তাৱ কৰিছে। তেওঁ পৃথিৱীতেই আপোনাৰ বাবে এনেকুৱা বাগান বনাই দিব পাৰে, যাৰ মাজত থকা অট্টালিকা আৰু গছ-গছনিৰ তলেদেশত প্ৰবাহিত থাকিব নিজৰা, আৰু সেই বাগানৰ ফল-মূল আপুনি ভক্ষণ কৰিব পাৰিব। আপোনাৰ বাবে এনেকুৱা অট্টালিকাও নিৰ্মাণ কৰি দিব পাৰে, য’ত আপুনি সুখ-সুবিধাৰ সৈতে জীৱন-যাপন কৰিব পাৰে।

25:11Page 360

بَلۡ كَذَّبُواْ بِٱلسَّاعَةِۖ وَأَعۡتَدۡنَا لِمَن كَذَّبَ بِٱلسَّاعَةِ سَعِيرًا ١١

But they have denied the Hour, and We have prepared for those who deny the Hour a Blaze.

সিহঁতে এইবোৰ প্ৰস্তাৱ সত্যৰ সন্ধানত তথা সত্য গ্ৰহণ কৰাৰ উদ্দেশ্যে আগবঢ়োৱা নাই। দৰাচলতে সিহঁতে কিয়ামতক অস্বীকাৰ কৰিছে। জানি থোৱা, যিয়ে কিয়ামতক অস্বীকাৰ কৰিব, আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ মহা অগ্নিকুণ্ড।

25:12Page 361

إِذَا رَأَتۡهُم مِّن مَّكَانِۭ بَعِيدٖ سَمِعُواْ لَهَا تَغَيُّظٗا وَزَفِيرٗا ١٢

When it [i.e., the Hellfire] sees them from a distant place, they will hear its fury and roaring.

জাহান্নামে যেতিয়া কাফিৰসকলক প্ৰত্যক্ষ কৰিব, সিহঁতক জাহান্নামৰ পিনে বহু দূৰৰ পৰা খেদি লৈ অহা হ'ব, তেতিয়া কাফিৰসকলে ইয়াৰ প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব, তথা ক্ৰুদ্ধ তৰ্জন-গৰ্জনৰ ভয়াৱহ ধ্বনি শুনিবলৈ পাব।

25:13Page 361

وَإِذَآ أُلۡقُواْ مِنۡهَا مَكَانٗا ضَيِّقٗا مُّقَرَّنِينَ دَعَوۡاْ هُنَالِكَ ثُبُورٗا ١٣

And when they are thrown into a narrow place therein bound in chains, they will cry out thereupon for destruction.

যেতিয়া এই কাফিৰসকলক শিকলিৰে সিহঁতৰ হাত ডিঙিত মেৰিয়াই জাহান্নামৰ সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁতে তাৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ধ্বংস কামনা কৰিব।

25:14Page 361

لَّا تَدۡعُواْ ٱلۡيَوۡمَ ثُبُورٗا وَٰحِدٗا وَٱدۡعُواْ ثُبُورٗا كَثِيرٗا ١٤

[They will be told], "Do not cry this Day for one destruction but cry for much destruction."

হে কাফিৰসকল! আজি তোমালোকে এটা ধ্বংসক নামাতিবা, বৰং অসংখ্য ধ্বংসক আহ্বান কৰা। কিন্তু তথাপিও তোমালোকৰ আবেদন গৃহীত নহ'ব, বৰং তোমালোকে এই কষ্টদায়ক শাস্তিত চিৰকাল অৱস্থান কৰিবা।

25:15Page 361

قُلۡ أَذَٰلِكَ خَيۡرٌ أَمۡ جَنَّةُ ٱلۡخُلۡدِ ٱلَّتِي وُعِدَ ٱلۡمُتَّقُونَۚ كَانَتۡ لَهُمۡ جَزَآءٗ وَمَصِيرٗا ١٥

Say, "Is that better or the Garden of Eternity which is promised to the righteous? It will be for them a reward and destination.

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, উক্ত শাস্তি তোমালোকৰ বাবে উত্তম, নে সেই জান্নাত উত্তম, যিখনৰ নিয়ামতসমূহ সদায় উপলব্ধ থাকিব, কেতিয়াও শেষ নহ'ব? এইখনেই সেই জান্নাত, যিখনক আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ মাজৰ মুত্তাক্বী বান্দাসকলক প্ৰতিদানস্বৰূপে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, আৰু কিয়ামতৰ দিনা এইখনেই হ'ব তেওঁলোকৰ প্ৰত্যাৱৰ্তনস্থল।

25:16Page 361

لَّهُمۡ فِيهَا مَا يَشَآءُونَ خَٰلِدِينَۚ كَانَ عَلَىٰ رَبِّكَ وَعۡدٗا مَّسۡـُٔولٗا ١٦

For them therein is whatever they wish, [while] abiding eternally. It is ever upon your Lord a promise [worthy to be] requested.1

এই জান্নাতত তেওঁলোকৰ বাবে সেই সকলো নিয়ামত উপলব্ধ থাকিব, যিবোৰ তেওঁলোকে বিচাৰিব। এইটো আল্লাহৰ প্ৰতি এনেকুৱা এটা বচন, যিটো মুত্তাক্বী বান্দাসকলে তেওঁৰ ওচৰত আবেদন কৰিব। আল্লাহৰ প্ৰতিশ্ৰুতি অৱশ্যে পূৰণ হ'ব, তেওঁ কেতিয়াও নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।

25:17Page 361

وَيَوۡمَ يَحۡشُرُهُمۡ وَمَا يَعۡبُدُونَ مِن دُونِ ٱللَّهِ فَيَقُولُ ءَأَنتُمۡ أَضۡلَلۡتُمۡ عِبَادِي هَٰٓؤُلَآءِ أَمۡ هُمۡ ضَلُّواْ ٱلسَّبِيلَ ١٧

And [mention] the Day He will gather them and that which they worship besides Allāh and will say, "Did you mislead these, My servants, or did they [themselves] stray from the way?"

যিদিনা আল্লাহে এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰক একত্ৰিত কৰিব। সেইদিনা আল্লাহে উপাস্যবোৰক ভৰ্ৎসনা কৰি ক'বঃ তোমালোকে মোৰ বান্দাসকলক তোমালোকৰ উপাসনা কৰিবলৈ আদেশ প্ৰদান কৰি পথভ্ৰষ্ট কৰিছিলা নেকি, নে সিহঁত নিজে নিজেই পথভ্ৰষ্ট হৈছে?

25:18Page 361

قَالُواْ سُبۡحَٰنَكَ مَا كَانَ يَنۢبَغِي لَنَآ أَن نَّتَّخِذَ مِن دُونِكَ مِنۡ أَوۡلِيَآءَ وَلَٰكِن مَّتَّعۡتَهُمۡ وَءَابَآءَهُمۡ حَتَّىٰ نَسُواْ ٱلذِّكۡرَ وَكَانُواْ قَوۡمَۢا بُورٗا ١٨

They will say, "Exalted are You! It was not for us to take besides You any allies [i.e., protectors]. But You provided comforts for them and their fathers until they forgot the message and became a people ruined."

তেতিয়া সেই উপাস্যবোৰে ক'বঃ হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি পৱিত্ৰ, তোমাৰ কোনো অংশীদাৰ নাই। আমাৰ দ্বাৰা এইটো কেতিয়াও সম্ভৱ নহয় যে, আমি তোমাক এৰি আনক অভিভাৱক বনাই তাৰ সংৰক্ষণত গুচি যাম। তেনেস্থলত কেনেকৈ আমি তোমাৰ বান্দাসকলক তোমাৰ ইবাদত এৰি আমাৰ ইবাদত কৰিবলৈ আহ্বান কৰিম? প্ৰকৃততে তুমি এই কাফিৰসকলক পৃথিৱীত অতিমাত্ৰা সুখ-সুবিধা তথা ভোগ-সামগ্ৰী প্ৰদান কৰিছিলা, তথা সিহঁতৰ পিতৃপুৰুষসকলকো উপভোগ কৰিবলৈ অৱকাশ দিছিলা, ফলত সিহঁতে তোমাক পাহৰি গৈছিল, লগতে তোমাৰ সৈতে আনৰো উপাসনা কৰিছিল। দৰাচলতে সিহঁতে নিজৰ কৃতকৰ্মৰ বাবেই ধ্বংস হ'বলগীয়া সম্প্ৰদায় আছিল।

25:19Page 361

فَقَدۡ كَذَّبُوكُم بِمَا تَقُولُونَ فَمَا تَسۡتَطِيعُونَ صَرۡفٗا وَلَا نَصۡرٗاۚ وَمَن يَظۡلِم مِّنكُمۡ نُذِقۡهُ عَذَابٗا كَبِيرٗا ١٩

So they will deny you, [disbelievers], in what you say,1 and you cannot avert [punishment] or [find] help. And whoever commits injustice2 among you - We will make him taste a great punishment.

হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ উপাসনা কৰিছিলা, আজি সেইসকলেই তোমালোকৰ দাবীক মিছা প্ৰমাণিত কৰিলে, যিটো দাবী তোমালোকে কৰি আহিছিলা। গতিকে তোমালোকে নিজৰ শাস্তিকো প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু নিজক সহায়ও কৰিব নোৱাৰিবা, কাৰণ তোমালোক হৈছা অপাৰগ তথা বিৱশ। হে মুমিনসকল! তোমালোকৰ মাজৰো যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি অন্যায় কৰিব, আমি তাক মহাশাস্তি ভোগ কৰাম, যিদৰে আমি সেইসকল লোকক ভোগ কৰাইছো, যাৰ বৰ্ণনা ওপৰত কৰা হৈছে।

25:20Page 361

وَمَآ أَرۡسَلۡنَا قَبۡلَكَ مِنَ ٱلۡمُرۡسَلِينَ إِلَّآ إِنَّهُمۡ لَيَأۡكُلُونَ ٱلطَّعَامَ وَيَمۡشُونَ فِي ٱلۡأَسۡوَاقِۗ وَجَعَلۡنَا بَعۡضَكُمۡ لِبَعۡضٖ فِتۡنَةً أَتَصۡبِرُونَۗ وَكَانَ رَبُّكَ بَصِيرٗا ٢٠

And We did not send before you, [O Muḥammad], any of the messengers except that they ate food and walked in the markets. And We have made some of you [people] as trial for others - will you have patience? And ever is your Lord, Seeing.

হে ৰাছুল! আপোনাৰ পূৰ্বে আমি যিমান ৰাছুল প্ৰেৰণ কৰিছিলোঁ, সেই সকলোৱে আছিল মানৱ। তেওঁলোকেও পানাহাৰ কৰিছিল আৰু বজাৰত চলাফুৰা কৰিছিল। গতিকে এই ক্ষেত্ৰত আপুনি কোনো নতুন ৰাছুল নহয়। হে মানৱ! আমি তোমালোকৰ মাজৰ কিছুমানক ধনী আৰু কিছুমানক দুখীয়া, কিছুমানক সুস্বাস্থ্যৰ অধিকাৰী আৰু কিছুমান ৰুগীয়া কৰি ইজনক সিজনৰ বাবে পৰীক্ষাস্বৰূপ বনাই দিছোঁ। এতেকে তোমালোকে যি অৱস্থাত আছা, আল্লাহৰ ছোৱাব লাভ কৰাৰ বাবে সেই অৱস্থাত ধৈৰ্য ধাৰণ কৰিবানে? তোমালোকৰ প্ৰতিপালকে দেখি আছে, তোমালোকৰ মাজৰ কোনে ধৈৰ্য ধাৰণ কৰে আৰু কোনে নকৰে। কোনে তেওঁৰ আনুগত্য কৰে আৰু কোনে তেওঁৰ অবাধ্যতা কৰে।

25:21Page 362

۞ وَقَالَ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا لَوۡلَآ أُنزِلَ عَلَيۡنَا ٱلۡمَلَٰٓئِكَةُ أَوۡ نَرَىٰ رَبَّنَاۗ لَقَدِ ٱسۡتَكۡبَرُواْ فِيٓ أَنفُسِهِمۡ وَعَتَوۡ عُتُوّٗا كَبِيرٗا ٢١

And those who do not expect the meeting with Us say, "Why were not angels sent down to us, or [why] do we [not] see our Lord?" They have certainly become arrogant within themselves1 and [become] insolent with great insolence.

যিসকল কাফিৰে আমাৰ সাক্ষাৎ কামনা নকৰে আৰু আমাৰ শাস্তিৰ পৰাও ভয় নকৰে, সিহঁতে কয়ঃ “আল্লাহে আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ নকৰিলে, যিয়ে আমাক মুহাম্মদৰ সত্যতা সম্পৰ্কে জনালেহেঁতেন। অথবা আমি আমাৰ প্ৰতিপালকক প্ৰত্যক্ষভাৱে দেখা নাপাওঁ কিয়, তেৱেঁই এই বিষয়ে বিতংভাৱে আমাক জনালেহেঁতেন?” দৰাচলতে সিহঁতৰ অন্তৰত আছে বৰ অহংকাৰ, সেই অহংকাৰেই সিহঁতক ঈমানৰ পৰা বিৰত ৰাখিছে। সিহঁতে এনেকুৱা মন্তব্য কৰি কুফৰ আৰু স্বৈৰাচাৰিতাৰ সীমা চেৰাই গৈছে।

25:22Page 362

يَوۡمَ يَرَوۡنَ ٱلۡمَلَٰٓئِكَةَ لَا بُشۡرَىٰ يَوۡمَئِذٖ لِّلۡمُجۡرِمِينَ وَيَقُولُونَ حِجۡرٗا مَّحۡجُورٗا ٢٢

The day they see the angels1 - no good tidings will there be that day for the criminals, and [the angels] will say, "Prevented and inaccessible."2

যিদিনা কাফিৰসকলে ফিৰিস্তাসকলক দেখা পাব, অৰ্থাৎ সিহঁতৰ মৃত্যুৰ দিনা, বাৰঝাখ জীৱনত তথা পুনৰুত্থানৰ দিনা আৰু যিদিনা সিহঁতক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব, আৰু যেতিয়া সিহঁতক জাহান্নামত নিক্ষেপ কৰা হ’ব। এই সকলো পৰিস্থিতিত সিহঁতৰ বাবে কোনো ধৰণৰ সুসংবাদ নাথাকিব। পক্ষান্তৰে মুমিনসকলৰ অৱস্থা ইয়াৰ বিপৰীত হ’ব। ফিৰিস্তাসকলে সেই অপৰাধীবিলাকক ক’বঃ “আল্লাহৰ ফালৰ পৰা তোমালোকে কোনো ধৰণৰ সুসংবাদ পোৱাৰ যোগ্য নহয়। বৰং তোমালোকৰ প্ৰতি সুসংবাদ হাৰাম কৰা হৈছে”।

25:23Page 362

وَقَدِمۡنَآ إِلَىٰ مَا عَمِلُواْ مِنۡ عَمَلٖ فَجَعَلۡنَٰهُ هَبَآءٗ مَّنثُورًا ٢٣

And We will approach [i.e., regard]1 what they have done of deeds and make them as dust dispersed.

ইয়াৰ পিছত আমি সেই কাফিৰসকলৰ ভাল-বেয়া আমলৰ প্ৰতি অগ্ৰসৰ হ'ম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল, সেইবোৰক আমি সিহঁতৰ কুফৰীৰ কাৰণে নাকচ কৰি এনেকুৱা ধূলিকণাত পৰিণত কৰিম, যি ধূলিকণা প্ৰত্যক্ষকাৰীয়ে খিৰিকীৰে পাৰ হৈ অহা সূৰ্যৰ কিৰণত দেখিবলৈ পায়।

25:24Page 362

أَصۡحَٰبُ ٱلۡجَنَّةِ يَوۡمَئِذٍ خَيۡرٞ مُّسۡتَقَرّٗا وَأَحۡسَنُ مَقِيلٗا ٢٤

The companions of Paradise, that Day, are [in] a better settlement and better resting place.

এই কাফিৰসকলৰ পাৰ্থিৱ সুখ-শান্তিৰ তুলনাত সেইদিনা জান্নাতবাসী মুমিনসকল উৎকৃষ্ট স্থান আৰু উত্তম বিশ্ৰামস্থলত থাকিব। কাৰণ সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু সৎকৰ্ম কৰিছিল।

25:25Page 362

وَيَوۡمَ تَشَقَّقُ ٱلسَّمَآءُ بِٱلۡغَمَٰمِ وَنُزِّلَ ٱلۡمَلَٰٓئِكَةُ تَنزِيلًا ٢٥

And [mention] the Day when the heaven will split open with [emerging] clouds,1 and the angels will be sent down in successive descent.

হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যিদিনা শুকুলা পাতল মেঘপুঞ্জৰ দ্বাৰা আকাশত ফাট মেলিব, ফিৰিস্তাসকল অধিক সংখ্যাত পৃথিৱীলৈ একত্ৰিত হোৱাৰ ঠাইত অৱতৰণ কৰিব।

25:26Page 362

ٱلۡمُلۡكُ يَوۡمَئِذٍ ٱلۡحَقُّ لِلرَّحۡمَٰنِۚ وَكَانَ يَوۡمًا عَلَى ٱلۡكَٰفِرِينَ عَسِيرٗا ٢٦

True sovereignty, that Day, is for the Most Merciful. And it will be upon the disbelievers a difficult Day.

কিয়ামতৰ দিনা ৰাজত্বৰ চূড়ান্ত কৰ্তৃত্ব হ’ব একমাত্ৰ ৰহমানৰ হাতত, সেই দিনটো হ’ব কাফিৰসকলৰ বাবে মহা কঠিন দিন। আনহাতে মুমিনসকলৰ অৱস্থা হ’ব ইয়াৰ বিপৰীত। তেওঁলোকৰ বাবে সকলো পৰিস্থিতি সহজ হ’ব।

25:27Page 362

وَيَوۡمَ يَعَضُّ ٱلظَّالِمُ عَلَىٰ يَدَيۡهِ يَقُولُ يَٰلَيۡتَنِي ٱتَّخَذۡتُ مَعَ ٱلرَّسُولِ سَبِيلٗا ٢٧

And the Day the wrongdoer will bite on his hands [in regret] he will say, "Oh, I wish I had taken with the Messenger a way.1

হে ৰাছুল! সেই দিনটো স্মৰণ কৰক, যিদিনা অত্যাচাৰীসকলে ৰাছুলৰ অনুসৰণ ত্যাগ কৰাৰ কাৰণে অনুতপ্ত হৈ নিজৰ দুয়ো হাত কামুৰি ক’বঃ “হায় আফচোচ! ৰাছুলে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছিল, সেয়া যদি মই মানি ল'লোহেঁতেন তথা মুক্তিৰ পথ যদি অৱলম্বন কৰিলোহেঁতেন”।

25:28Page 362

يَٰوَيۡلَتَىٰ لَيۡتَنِي لَمۡ أَتَّخِذۡ فُلَانًا خَلِيلٗا ٢٨

Oh, woe to me! I wish I had not taken that one1 as a friend.

লগতে শোকত ভাগি পৰি নিজকে অভিশাপ কৰি ক’বঃ “হায় মোৰ বিনাশ! যদি মই অমুকক মোৰ বন্ধু হিচাপে গ্ৰহণ নকৰিলোহেঁতেন!”

25:29Page 362

لَّقَدۡ أَضَلَّنِي عَنِ ٱلذِّكۡرِ بَعۡدَ إِذۡ جَآءَنِيۗ وَكَانَ ٱلشَّيۡطَٰنُ لِلۡإِنسَٰنِ خَذُولٗا ٢٩

He led me away from the remembrance1 after it had come to me. And ever is Satan, to man, a deserter."2

মোৰ এই কাফিৰ বন্ধুজনে মোক কোৰআন সম্পৰ্কে বিভ্ৰান্ত কৰিছিল, অথচ ৰাছুলৰ দ্বাৰা সেইখন মোৰ ওচৰলৈ আহিছিল। নিশ্চয় চয়তানে মানুহক অধিক প্ৰৱঞ্চনা কৰে। যেতিয়াই কোনো বিপদ-আপদ আহে তেতিয়াই সম্পৰ্কচ্ছেদ কৰি পলায়ন কৰে।

25:30Page 362

وَقَالَ ٱلرَّسُولُ يَٰرَبِّ إِنَّ قَوۡمِي ٱتَّخَذُواْ هَٰذَا ٱلۡقُرۡءَانَ مَهۡجُورٗا ٣٠

And the Messenger has said, "O my Lord, indeed my people have taken this Qur’ān as [a thing] abandoned."1

সেইদিনা ৰাছুলে তেওঁৰ সম্প্ৰদায়ৰ অৱস্থা সম্পৰ্কে অভিযোগ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে অৰ্থাৎ যিসকলৰ প্ৰতি তুমি মোক প্ৰেৰণ কৰিছিলা, সিহঁতে এই কোৰআনক পৰিত্যাগ কৰিছিল আৰু ইয়াৰ পৰা বিমুখ হৈছিল।

25:31Page 362

وَكَذَٰلِكَ جَعَلۡنَا لِكُلِّ نَبِيٍّ عَدُوّٗا مِّنَ ٱلۡمُجۡرِمِينَۗ وَكَفَىٰ بِرَبِّكَ هَادِيٗا وَنَصِيرٗا ٣١

And thus have We made for every prophet an enemy from among the criminals. But sufficient is your Lord as a guide and a helper.

হে ৰাছুল! যিদৰে আপোনাৰ সম্প্ৰদায়ে আপোনাক নিৰ্যাতন কৰিছে আৰু আপোনাৰ পথৰ পৰা মানুহক বিৰত ৰাখিছে, ঠিক সেইদৰে আপোনাৰ পূৰ্বেও প্ৰত্যেক নবীৰ বাবে তেওঁলোকৰ সম্প্ৰদায়ৰ কিছুমানক তেওঁলোকৰ শত্ৰু বনাইছিলোঁ। জানি থওক, সত্যৰ পথ দেখুৱাবলৈ আপোনাৰ প্ৰতিপালকেই যথেষ্ট, আৰু আপোনাক আপোনাৰ শত্ৰুৰ বিপক্ষে সহায় কৰিবলৈও তেৱেঁই যথেষ্ট।

25:32Page 362

وَقَالَ ٱلَّذِينَ كَفَرُواْ لَوۡلَا نُزِّلَ عَلَيۡهِ ٱلۡقُرۡءَانُ جُمۡلَةٗ وَٰحِدَةٗۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَۖ وَرَتَّلۡنَٰهُ تَرۡتِيلٗا ٣٢

And those who disbelieve say, "Why was the Qur’ān not revealed to him all at once?" Thus [it is] that We may strengthen thereby your heart. And We have spaced it distinctly.1

আল্লাহক অস্বীকাৰকাৰীসকলে কয়ঃ ৰাছুলৰ ওপৰত এবাৰতেই কোৰআনখন কিয় অৱতীৰ্ণ কৰা নহ’ল? এনেকৈ অলপ অলপকৈ কিয় অৱতীৰ্ণ কৰা হ’ল? (আল্লাহে উত্তৰ প্ৰদান কৰি কৈছেঃ) হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআনখনক অলপ অলপকৈ এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে এইদৰে অৱতীৰ্ণ কৰি আপোনাৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰোঁ। লগতে এইকাৰণে অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ, যাতে মুখস্থ কৰা আৰু বুজাত সহজ হয়।

25:33Page 363

وَلَا يَأۡتُونَكَ بِمَثَلٍ إِلَّا جِئۡنَٰكَ بِٱلۡحَقِّ وَأَحۡسَنَ تَفۡسِيرًا ٣٣

And they do not come to you with an example [i.e., argument] except that We bring you the truth and the best explanation.

হে ৰাছুল! মুশ্বৰিকসকলে আপোনাৰ ওচৰলৈ যি অভিযোগেই লৈ নাহক কিয়, আমি তাৰ সত্য আৰু সঠিক প্ৰত্যুত্তৰ লৈ আহিম, লগতে আপোনাৰ সন্মুখত তাতোকৈ উত্তম ব্যাখ্যা লৈ আহিম।

25:34Page 363

ٱلَّذِينَ يُحۡشَرُونَ عَلَىٰ وُجُوهِهِمۡ إِلَىٰ جَهَنَّمَ أُوْلَٰٓئِكَ شَرّٞ مَّكَانٗا وَأَضَلُّ سَبِيلٗا ٣٤

The ones who are gathered on their faces to Hell - those are the worst in position and farthest astray in [their] way.

কিয়ামতৰ দিনা যিসকলক উবৰি খুৱাই চোঁচৰি জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব। সিহঁতেই নিকৃষ্ট স্থানত অৱস্থান কৰিব, কাৰণ সিহঁতৰ ঠিকনা হ’ব জাহান্নাম। কিয়নো সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি আছিল। সিহঁতৰ পথ আছিল কুফৰী আৰু বিভ্ৰান্তিমূলক।

25:35Page 363

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَجَعَلۡنَا مَعَهُۥٓ أَخَاهُ هَٰرُونَ وَزِيرٗا ٣٥

And We had certainly given Moses the Scripture and appointed with him his brother Aaron as an assistant.

নিশ্চয় আমি মূছা –আলাইহিচ্ছালামক- তাওৰাত প্ৰদান কৰিছিলোঁ। তথা তেওঁৰ সৈতে তেওঁৰ ভাতৃ হাৰূণক ৰাছুল বনাইছিলোঁ, যাতে তেওঁ তেওঁৰ সহায়ক হৈ কাম কৰে।

25:36Page 363

فَقُلۡنَا ٱذۡهَبَآ إِلَى ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا فَدَمَّرۡنَٰهُمۡ تَدۡمِيرٗا ٣٦

And We said, "Go both of you to the people who have denied Our signs." Then We destroyed them with [complete] destruction.

ইয়াৰ পিছত আমি দুয়োকে (মূছা আৰু হাৰূণক) নিৰ্দেশ দিলোঁ যে, আপোনালোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ যাওক, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। এতেকে তেওঁলোক উভয়ে মোৰ আদেশ পালন কৰিলে আৰু সিহঁতৰ ওচৰলৈ গৈ উপস্থিত হ’ল। আৰু সিহঁতক এক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিলে। কিন্তু সিহঁতে তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক পৰিপূৰ্ণৰূপে ধ্বংস কৰি দিলোঁ।

25:37Page 363

وَقَوۡمَ نُوحٖ لَّمَّا كَذَّبُواْ ٱلرُّسُلَ أَغۡرَقۡنَٰهُمۡ وَجَعَلۡنَٰهُمۡ لِلنَّاسِ ءَايَةٗۖ وَأَعۡتَدۡنَا لِلظَّٰلِمِينَ عَذَابًا أَلِيمٗا ٣٧

And the people of Noah - when they denied the messengers,1 We drowned them, and We made them for mankind a sign. And We have prepared for the wrongdoers a painful punishment.

নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে যেতিয়া নূহক অস্বীকাৰ কৰি গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক পানীত ডুবাই ধ্বংস কৰিছিলোঁ। লগতে আমি সিহঁতৰ সেই বিনাশক নিদৰ্শন বনাইছিলোঁ যে, আমি যালিমসকলক এইদৰেই নিৰ্মূল কৰিবলৈ সক্ষম। লগতে আমি এই অত্যাচাৰীসকলৰ বাবে কিয়ামতৰ দিনা কষ্টদায়ক তথা দুখদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।

25:38Page 363

وَعَادٗا وَثَمُودَاْ وَأَصۡحَٰبَ ٱلرَّسِّ وَقُرُونَۢا بَيۡنَ ذَٰلِكَ كَثِيرٗا ٣٨

And [We destroyed] ʿAad and Thamūd and the companions of the well1 and many generations between them.

হূদৰ সম্প্ৰদায় আদকো আমি ধ্বংস কৰিছোঁ, চলেহৰ সম্প্ৰদায় ছামূদক আৰু কুঁৱাৰ অধিবাসীসকলকো আমিয়েই ধ্বংস কৰিছোঁ। লগতে এই তিনিওটাৰ মধ্যৱৰ্তী সময়ছোৱাত আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ।

25:39Page 363

وَكُلّٗا ضَرَبۡنَا لَهُ ٱلۡأَمۡثَٰلَۖ وَكُلّٗا تَبَّرۡنَا تَتۡبِيرٗا ٣٩

And for each We presented examples [as warnings], and each We destroyed with [total] destruction.

আমি এইবোৰ সম্প্ৰদায়ৰ প্ৰত্যেকৰে সন্মুখত ধ্বংস হোৱা সম্প্ৰদায়সমূহৰ উদাহৰণ দাঙি ধৰিছিলোঁ, লগতে সিহঁতৰ ধ্বংস হোৱাৰ কাৰণবোৰো উল্লেখ কৰিছিলোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। (কিন্তু সিহঁতে তেনেকুৱা কৰা নাছিল। সেয়ে) উপৰোক্ত প্ৰত্যেক সম্প্ৰদায়কে সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে সিহঁতক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।

25:40Page 363

وَلَقَدۡ أَتَوۡاْ عَلَى ٱلۡقَرۡيَةِ ٱلَّتِيٓ أُمۡطِرَتۡ مَطَرَ ٱلسَّوۡءِۚ أَفَلَمۡ يَكُونُواْ يَرَوۡنَهَاۚ بَلۡ كَانُواْ لَا يَرۡجُونَ نُشُورٗا ٤٠

And they have already come upon the town which was showered with a rain of evil [i.e., stones]. So have they not seen it? But they are not expecting resurrection.1

(হে নবী) আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰী লোকসকলে ছিৰিয়ালৈ যোৱাৰ সময়ত লূত আলাইহিচ্ছালামৰ জনবসতিক অতিক্ৰম কৰি যায়, যি জনবসতিক সিহঁতৰ প্ৰকাশ্য অশ্লীলতাৰ ফলত শিলাবৃষ্টিৰ জৰিয়তে ধ্বংস কৰা হৈছিল, সিহঁতে ইয়াৰ পৰা শিক্ষা লোৱা উচিত। সিহঁতে এই ধ্বংসস্তুপত পৰিণত হোৱা জনবসতিটোক প্ৰত্যক্ষ কৰা নাইনে? নে সিহঁত অন্ধ হৈ পৰিছিল? নহয়, এনেকুৱা নহয় যে সিহঁত অন্ধ হৈ পৰিছিল, বৰং সিহঁতে পুনৰুত্থানৰ পিছত হিচাপ-নিকাচ সম্পৰ্কে বিশ্বাস পোষণ নকৰে।

25:41Page 363

وَإِذَا رَأَوۡكَ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي بَعَثَ ٱللَّهُ رَسُولًا ٤١

And when they see you, [O Muḥammad], they take you not except in ridicule, [saying], "Is this the one whom Allāh has sent as a messenger?

হে ৰাছুল! যেতিয়া এই অস্বীকাৰকাৰীসকলে আপোনাক দেখা পায়, তেতিয়া সিহঁতে আপোনাক উপহাস কৰে, তথা বিদ্ৰূপাত্মকভাৱে আৰু অস্বীকাৰৰ সুৰত কয়ঃ এইজনেই নেকি সেইজন, যিজনক আল্লাহে আমাৰ পিনে ৰাছুল হিচাপে প্ৰেৰণ কৰিছে?!

25:42Page 363

إِن كَادَ لَيُضِلُّنَا عَنۡ ءَالِهَتِنَا لَوۡلَآ أَن صَبَرۡنَا عَلَيۡهَاۚ وَسَوۡفَ يَعۡلَمُونَ حِينَ يَرَوۡنَ ٱلۡعَذَابَ مَنۡ أَضَلُّ سَبِيلًا ٤٢

He almost would have misled us from our gods had we not been steadfast in [worship of] them." But they are going to know, when they see the punishment, who is farthest astray in [his] way.

“এওঁ দেখোন আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা আঁতৰাই দিব, যদি আমি আমাৰ উপাস্যবোৰৰ উপাসনাত দৃঢ়ভাৱে অটল নাথাকো, তেন্তে এওঁ যুক্তি আৰু দলিলৰ দ্বাৰা আমাক নিশ্চয় আঁতৰাই নিব”। কিন্তু সিহঁতে যেতিয়া কবৰত আৰু কিয়ামতৰ দিনা শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব কোন পথভ্ৰষ্ট আছিল? সিহঁত নে ৰাছুল। লগতে এই কথাও জানি লব যে, কোন সৰ্বাধিক পথভ্ৰষ্ট আছিল।

25:43Page 363

أَرَءَيۡتَ مَنِ ٱتَّخَذَ إِلَٰهَهُۥ هَوَىٰهُ أَفَأَنتَ تَكُونُ عَلَيۡهِ وَكِيلًا ٤٣

Have you seen the one who takes as his god his own desire? Then would you be responsible for him?

হে ৰাছুল! ভাৱি চাওকচোন, যিয়ে নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে, তথা নিজৰ কামনা-বাসনাৰ উপাসনাও কৰে, আপুনি তেনেকুৱা ব্যক্তিৰ সংৰক্ষক হ’বনে? সেই ব্যক্তিক আপুনি ঈমানৰ পিনে ওভোতাই আনিব পাৰিবনে? তথা কুফৰীৰ পৰা তাক প্ৰতিৰোধ কৰিব পাৰিবনে?

25:44Page 364

أَمۡ تَحۡسَبُ أَنَّ أَكۡثَرَهُمۡ يَسۡمَعُونَ أَوۡ يَعۡقِلُونَۚ إِنۡ هُمۡ إِلَّا كَٱلۡأَنۡعَٰمِ بَلۡ هُمۡ أَضَلُّ سَبِيلًا ٤٤

Or do you think that most of them hear or reason? They are not except like livestock.1 Rather, they are [even] more astray in [their] way.

হে ৰাছুল! আপুনি ভাৱে নেকি যে, যিসকল লোকক আপুনি আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰি আছে সিহঁতে আপোনাৰ কথা মানিবলৈ শুনে তথা সিহঁতে যুক্তি আৰু দলিলবোৰ বুজি পায়? কদাপিও নহয়। সিহঁত শ্ৰৱণৰ ক্ষেত্ৰত আৰু বুজাৰ ক্ষেত্ৰত চতুষ্পদ জন্তুতকৈও অধম, বৰং তাতোকৈ নিকৃষ্ট।

25:45Page 364

أَلَمۡ تَرَ إِلَىٰ رَبِّكَ كَيۡفَ مَدَّ ٱلظِّلَّ وَلَوۡ شَآءَ لَجَعَلَهُۥ سَاكِنٗا ثُمَّ جَعَلۡنَا ٱلشَّمۡسَ عَلَيۡهِ دَلِيلٗا ٤٥

Have you not considered your Lord - how He extends the shadow, and if He willed, He could have made it stationary? Then We made the sun for it an indication.1

হে ৰাছুল! আপুনি আল্লাহৰ সৃষ্টিৰ নিদৰ্শনবোৰ দেখা পোৱা নাইনে, যেতিয়া তেওঁ কোনো বস্তুৰ ছাঁক মাটিত প্ৰসাৰিত কৰে, তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ কৰিব পাৰিলেহেঁতেন। (কিন্তু তেওঁ এনেকুৱা কৰা নাই) ইয়াৰ পিছত আমি সূৰ্যক ইয়াৰ কাৰক বনাইছোঁ, যাৰ ফলত ছাঁ সৰু হয় আৰু ডাঙৰ হয়।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском