Al-Mukhtasar · Tafsir · in Assamese
Al-Furqan 25:46–77
25:46Page 364
ثُمَّ قَبَضۡنَٰهُ إِلَيۡنَا قَبۡضٗا يَسِيرٗا ٤٦
Then We [retract and] hold it with Us for a brief grasp.1
ইয়াৰ পিছত লাহে লাহে যিদৰে সূৰ্য ওপৰলৈ উঠে, আমিও লাহে লাহে ছাঁটোক সৰু কৰি পেলাওঁ।
25:47Page 364
وَهُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِبَاسٗا وَٱلنَّوۡمَ سُبَاتٗا وَجَعَلَ ٱلنَّهَارَ نُشُورٗا ٤٧
And it is He who has made the night for you as clothing1 and sleep [a means for] rest and has made the day a resurrection.2
আল্লাহেই তোমালোকৰ বাবে ৰাতিক বস্ত্ৰ সদৃশ বনাইছে, যিটোৱে তোমালোকক আৰু আন আন বস্তুক ঢাকি ৰাখে। তেৱেঁই তোমালোকৰ বাবে টোপনিক বিশ্ৰাম বনাইছে, তোমালোকে গোটেই দিন কৰ্মৰ অন্তত ক্লান্তহৈ সেইটোৰ দ্বাৰা বিশ্ৰাম কৰা। তেৱেঁই তোমালোকৰ বাবে দিন বনাইছে, তেতিয়া তোমালোকে কৰ্মস্থানলৈ গতি কৰা।
25:48Page 364
وَهُوَ ٱلَّذِيٓ أَرۡسَلَ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦۚ وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ طَهُورٗا ٤٨
And it is He who sends the winds as good tidings before His mercy [i.e., rainfall], and We send down from the sky pure water
তেৱেঁই বতাহক বৰষুণৰ পূৰ্বে সুসংবাদৰূপে প্ৰেৰণ কৰে, যিটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁৰ বান্দাসকলৰ বাবে বিশেষ ৰহমত। আকাশৰ পৰা আমি পৱিত্ৰ পানী বৰ্ষণ কৰোঁ, সেইটোৰ দ্বাৰা মানুহে পৱিত্ৰতা অৰ্জন কৰে।
25:49Page 364
لِّنُحۡـِۧيَ بِهِۦ بَلۡدَةٗ مَّيۡتٗا وَنُسۡقِيَهُۥ مِمَّا خَلَقۡنَآ أَنۡعَٰمٗا وَأَنَاسِيَّ كَثِيرٗا ٤٩
That We may bring to life thereby a dead land and give it as drink to those We created of numerous livestock and men.
যাতে আমি সেই পানীৰে বিভিন্ন প্ৰকাৰৰ গছ-পুলি উৎপন্ন কৰি মৃত ভূমিক সেউজীয়া কৰি জীৱন প্ৰদান কৰিব পাৰোঁ। ইয়াৰ লগতে যাতে সেই পানী অসংখ্য জীৱ-জন্তু আৰু মানুহক খোৱাব পাৰোঁ।
25:50Page 364
وَلَقَدۡ صَرَّفۡنَٰهُ بَيۡنَهُمۡ لِيَذَّكَّرُواْ فَأَبَىٰٓ أَكۡثَرُ ٱلنَّاسِ إِلَّا كُفُورٗا ٥٠
And We have certainly distributed it among them that they might be reminded,1 but most of the people refuse except disbelief.
নিশ্চয় আমি কোৰআনত বিভিন্ন প্ৰকাৰৰ যুক্তি আৰু প্ৰমাণ সবিস্তাৰে বৰ্ণনা কৰিছোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। কিন্তু অধিকাংশ লোকেই সত্যক অস্বীকাৰ কৰাৰ আৰু তাৰ পৰা বিমুখ হোৱাৰ নীতি অৱলম্বন কৰিছে।
25:51Page 364
وَلَوۡ شِئۡنَا لَبَعَثۡنَا فِي كُلِّ قَرۡيَةٖ نَّذِيرٗا ٥١
And if We had willed, We could have sent into every city a warner.1
আমি ইচ্ছা কৰিলে প্ৰত্যেক জনবসতিলৈ একোজনকৈ ৰাছুল প্ৰেৰণ কৰিব পাৰিলোহেঁতেন, যিজন ৰাছুলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিলেহেঁতেন, তথা সিহঁতক ভয় দেখুৱালেহেঁতেন। কিন্তু আমি তেনেকুৱা বিচৰা নাছিলোঁ। বৰং মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক গোটেই মানৱজাতিৰ বাবে ৰাছুল বনাই প্ৰেৰণ কৰিছোঁ।
25:52Page 364
فَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَجَٰهِدۡهُم بِهِۦ جِهَادٗا كَبِيرٗا ٥٢
So do not obey the disbelievers, and strive against them with it [i.e., the Qur’ān] a great striving.
এতেকে আপুনি কাফিৰসকলৰ তোষামোদ মূলক আবেদন আৰু সিহঁতৰ আন আন প্ৰস্তাৱসমূহ মানি নলব। আপুনি আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ জৰিয়তে সিহঁতৰ নিৰ্যাতনত ধৈৰ্য ধাৰণ কৰি আৰু বিভিন্ন কষ্ট সহ্য কৰি সিহঁতৰ লগত সংগ্ৰাম কৰক।
25:53Page 364
۞ وَهُوَ ٱلَّذِي مَرَجَ ٱلۡبَحۡرَيۡنِ هَٰذَا عَذۡبٞ فُرَاتٞ وَهَٰذَا مِلۡحٌ أُجَاجٞ وَجَعَلَ بَيۡنَهُمَا بَرۡزَخٗا وَحِجۡرٗا مَّحۡجُورٗا ٥٣
And it is He who has released [simultaneously] the two seas [i.e., bodies of water], one fresh and sweet and one salty and bitter, and He placed between them a barrier and prohibiting partition.
তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে দুটা সাগৰক একেলগে প্ৰবাহিত কৰিছে। এটাৰ পানী সুস্বাদু, মিঠা, আনটো নিমখীয়া। তথা দুয়ো সাগৰৰ মাজত ৰাখিছে এটা অন্তৰায়, যিটোৱে দুয়ো সাগৰৰ পানীক মিশ্ৰিত হোৱাত বাধা প্ৰদান কৰে।
25:54Page 364
وَهُوَ ٱلَّذِي خَلَقَ مِنَ ٱلۡمَآءِ بَشَرٗا فَجَعَلَهُۥ نَسَبٗا وَصِهۡرٗاۗ وَكَانَ رَبُّكَ قَدِيرٗا ٥٤
And it is He who has created from water [i.e., semen] a human being and made him [a relative by] lineage and marriage. And ever is your Lord competent [concerning creation].
তেৱেঁই পুৰুষ আৰু নাৰীৰ বীৰ্যৰ দ্বাৰা মানুহ সৃষ্টি কৰিছে। যিজনে মানৱ সৃষ্টি কৰিছে, তেৱেঁই আত্মীয়তাৰ বন্ধন আৰু বৈবাহিক সম্পৰ্ক বনাই দিছে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক অতি ক্ষমতাশীল, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে। তেওঁৰ ক্ষমতাৰ এইটোও এটা নিদৰ্শন যে, তেওঁ পুৰুষ আৰু নাৰীৰ বীৰ্যৰে মানুহ সৃষ্টি কৰিছে।
25:55Page 364
وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُهُمۡ وَلَا يَضُرُّهُمۡۗ وَكَانَ ٱلۡكَافِرُ عَلَىٰ رَبِّهِۦ ظَهِيرٗا ٥٥
But they worship rather than Allāh that which does not benefit them or harm them, and the disbeliever is ever, against his Lord, an assistant [to Satan].
কাফিসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ উপাসনা কৰে, সিহঁতে যদি সেইবোৰৰ আনুগত্যও কৰে, তথাপিও সেইবোৰে সিহঁতক একো উপকাৰ কৰিব নোৱাৰিব। আনহাতে যদি সিহঁতে সেইবোৰৰ অবাধ্যতা কৰে, তথাপিও সেইবোৰে সিহঁতক একো ক্ষতি কৰিব নোৱাৰে। বৰং কাফিৰসকলে এনেকুৱা কৰ্মৰ দ্বাৰা চয়তানৰ আজ্ঞা পালন কৰে, যিবোৰে আল্লাহক ক্ৰোধান্বিত কৰে।
25:56Page 365
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا مُبَشِّرٗا وَنَذِيرٗا ٥٦
And We have not sent you, [O Muḥammad], except as a bringer of good tidings and a warner.
হে ৰাছুল! আমি আপোনাক সেইসকল লোকৰ বাবে সুসংবাদকাৰী হিচাপে প্ৰেৰণ কৰিছোঁ, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি তেওঁৰ আনুগত্য কৰে আৰু সৎকৰ্ম কৰে। আনহাতে সেইসকল লোকৰ বাবে সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে তেওঁৰ অবাধ্যতা কৰে।
25:57Page 365
قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلٗا ٥٧
Say, "I do not ask of you for it any payment - only that whoever wills might take to his Lord a way."
হে ৰাছুল! আপুনি স্পষ্টভাৱে কৈ দিয়ক যে, আল্লাহৰ বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে তোমালোকৰ মাজৰ পৰা কোনোবাই যদি নিজৰ কিছু ধন ব্যয় কৰি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব বিচাৰে, তেন্তে তেওঁ অৱশ্যে কৰিব পাৰে।
25:58Page 365
وَتَوَكَّلۡ عَلَى ٱلۡحَيِّ ٱلَّذِي لَا يَمُوتُ وَسَبِّحۡ بِحَمۡدِهِۦۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا ٥٨
And rely upon the Ever-Living who does not die, and exalt [Allāh] with His praise. And sufficient is He to be, with the sins of His servants, [fully] Aware -
হে ৰাছুল! আপুনি সকলো কৰ্মতে সেই চিৰজীৱী সত্ত্বাৰ ওপৰত ভৰসা কৰক, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব। লগতে তেওঁৰ প্ৰশংসা কৰক আৰু তেওঁক সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা মুক্ত ঘোষণা কৰি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। বান্দাৰ গুনাহৰ খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট। তেওঁৰ পৰা একোৱেই গোপন নহয়, তেওঁ অচিৰেই সিহঁতক ইয়াৰ প্ৰতিফল দিব।
25:59Page 365
ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ ٱلرَّحۡمَٰنُ فَسۡـَٔلۡ بِهِۦ خَبِيرٗا ٥٩
He who created the heavens and the earth and what is between them in six days and then established Himself above the Throne1 - the Most Merciful, so ask about Him one well informed [i.e., the Prophet (ﷺ)].
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱী, তথা এই দুয়োৰ মাজত থকা সকলো বস্তু ছয় দিনত সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তেওঁৰ মহিমা অনুসাৰে আৰশ্বৰ ওপৰত অধিৰোহণ কৰিছে। তেৱেঁই ৰহমান (অতি দয়ালু), হে ৰাছুল! তেওঁৰ মহিমা সম্পৰ্কে তেওঁৰ বিষয়ে জনা কোনো জ্ঞানী ব্যক্তিক আপুনি সুধি চাব পাৰে। তেৱেঁই আল্লাহ, যিজন সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
25:60Page 365
وَإِذَا قِيلَ لَهُمُ ٱسۡجُدُواْۤ لِلرَّحۡمَٰنِ قَالُواْ وَمَا ٱلرَّحۡمَٰنُ أَنَسۡجُدُ لِمَا تَأۡمُرُنَا وَزَادَهُمۡ نُفُورٗا۩ ٦٠
And when it is said to them, "Prostrate to the Most Merciful," they say, "And what is the Most Merciful? Should we prostrate to that which you order us?" And it increases them in aversion.
এতেকে, যেতিয়া কাফিৰসকলক কোৱা হয় যে, ৰহমানক ছাজদাহ কৰা, তেতিয়া সিহঁতে কয়ঃ “আমি ৰহমানক ছাজদাহ নকৰোঁ”। লগতে কয়ঃ “ৰহমান কোন? আমি তেওঁক চিনিও নাপাওঁ আৰু তেওঁক স্বীকাৰো নকৰো। তুমি আমাক এনেকুৱা সত্ত্বাক ছাজদাহ কৰিবলৈ কৈ আছা নেকি, যাক আমি চিনিয়ে নাপাওঁ?” ছাজদাৰ এই আদেশে সিহঁতক আল্লাহৰ প্ৰতি ঈমানৰ পৰা আৰু অধিক আঁতৰ কৰিলে।
25:61Page 365
تَبَارَكَ ٱلَّذِي جَعَلَ فِي ٱلسَّمَآءِ بُرُوجٗا وَجَعَلَ فِيهَا سِرَٰجٗا وَقَمَرٗا مُّنِيرٗا ٦١
Blessed is He who has placed in the sky great stars and placed therein a [burning] lamp and luminous moon.
তেওঁ মহা বৰকতময়, যিজনে আকাশত গ্ৰহ নক্ষত্ৰৰ বাবে গতিপথ তৈয়াৰ কৰিছে। তথা আকাশত এনেকুৱা সূৰ্য প্ৰতিষ্ঠা কৰিছে, যিটোৱে পোহৰ বিলায়। লগতে তাত স্থাপন কৰিছে এটা চন্দ্ৰ, যিটোৱে সূৰ্যৰ ৰশ্মিৰ সহায়ত পৃথিৱীত আলো বিকিৰণ কৰে।
25:62Page 365
وَهُوَ ٱلَّذِي جَعَلَ ٱلَّيۡلَ وَٱلنَّهَارَ خِلۡفَةٗ لِّمَنۡ أَرَادَ أَن يَذَّكَّرَ أَوۡ أَرَادَ شُكُورٗا ٦٢
And it is He who has made the night and the day in succession for whoever desires to remember or desires gratitude.
আল্লাহেই দিন আৰু ৰাতিৰ বাবে আহ্নিক গতি নিৰ্ধাৰণ কৰিছে, ফলত এটাৰ পিছত এটা আহি থাকে। সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা হিদায়ত গ্ৰহণ কৰিব বিচাৰে, আৰু তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰে।
25:63Page 365
وَعِبَادُ ٱلرَّحۡمَٰنِ ٱلَّذِينَ يَمۡشُونَ عَلَى ٱلۡأَرۡضِ هَوۡنٗا وَإِذَا خَاطَبَهُمُ ٱلۡجَٰهِلُونَ قَالُواْ سَلَٰمٗا ٦٣
And the servants of the Most Merciful are those who walk upon the earth easily,1 and when the ignorant address them [harshly], they say [words of] peace,2
ৰহমানৰ মুমিন বান্দাসকল হৈছে সেইসকল লোক, যিসকলে পৃথিৱীত বিনম্ৰতাৰ সৈতে শিষ্টতা অনুসাৰে চলাফুৰা কৰে। তথা যেতিয়া কোনো মুৰ্খ আৰু শিষ্টাচাৰহীন লোক তেওঁলোকৰ লগত বিতৰ্ক কৰে, তেতিয়া সিহঁতৰ লগত সিহঁতৰ দৰে ব্যৱহাৰ নকৰে। বৰং সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰে।
25:64Page 365
وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمۡ سُجَّدٗا وَقِيَٰمٗا ٦٤
And those who spend [part of] the night to their Lord prostrating and standing [in prayer]
তেওঁলোকে শিৰ নত কৰি ছাজদাৱনত হৈ ৰাতি অতিবাহিত কৰে, তথা আল্লাহৰ সন্মুখত থিয় হৈ চালাত আদায় কৰি ৰাতি পাৰ কৰে।
25:65Page 365
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصۡرِفۡ عَنَّا عَذَابَ جَهَنَّمَۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا ٦٥
And those who say, "Our Lord, avert from us the punishment of Hell. Indeed, its punishment is ever adhering;
তেওঁলোকে দুআ কৰাৰ সময়ত নিজ প্ৰতিপালকক কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ পৰা জাহান্নামৰ শাস্তি দূৰ কৰি দিয়া। কিয়নো যিয়ে কাফিৰ হৈ মৃত্যুবৰণ কৰিব, জাহান্নামৰ শাস্তি নিশ্চিতভাৱে তাৰ সৈতে চিৰকাল সম্পৃক্ত হৈ থাকিব।
25:66Page 365
إِنَّهَا سَآءَتۡ مُسۡتَقَرّٗا وَمُقَامٗا ٦٦
Indeed, it is evil as a settlement and residence."
নিশ্চিতভাৱে জাহান্নাম হৈছে বেয়া ঠাই, তাত অৱস্থানকাৰী লোকসকলৰ বাবে। তথা সেইটো হৈছে আটাইতকৈ নিকৃষ্ট স্থান সেইসকল লোকৰ বাবে, যিসকলে তাত বসবাস কৰিব।
25:67Page 365
وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا ٦٧
And [they are] those who, when they spend, do so not excessively or sparingly but are ever, between that, [justly] moderate
তেওঁলোকে যেতিয়া ধন-সম্পদ ব্যয় কৰে, তেতিয়া অপব্যয় নকৰে। আনহাতে যিসকলৰ ভৰণ-পোষণৰ দায়িত্ব তেওঁলোকৰ ওপৰত আছে, তেওঁলোকৰ প্ৰতি ব্যয় কৰাৰ ক্ষেত্ৰতো কৃপণালী নকৰে। বৰং ব্যয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে অপব্যয় আৰু কৃপণালীৰ মধ্যৱৰ্তী ন্যায়ৰ পথ অৱলম্বন কৰে।
25:68Page 366
وَٱلَّذِينَ لَا يَدۡعُونَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ وَلَا يَقۡتُلُونَ ٱلنَّفۡسَ ٱلَّتِي حَرَّمَ ٱللَّهُ إِلَّا بِٱلۡحَقِّ وَلَا يَزۡنُونَۚ وَمَن يَفۡعَلۡ ذَٰلِكَ يَلۡقَ أَثَامٗا ٦٨
And those who do not invoke1 with Allāh another deity or kill the soul which Allāh has forbidden [to be killed], except by right, and do not commit unlawful sexual intercourse. And whoever should do that will meet a penalty.
তেওঁলোকে আল্লাহৰ সৈতে আন কোনো উপাস্যক আহ্বান নকৰে। লগতে তেওঁলোকে কোনো নিৰপৰাধ ব্যক্তিক হত্যা নকৰে। কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলক হত্যা কৰিবলৈ আল্লাহে অনুমতি প্ৰদান কৰিছে যেনেঃ কোনো হত্যাকাৰী, মুৰতাদ বা ধৰ্ম ত্যাগী, বিবাহিত ব্যভিচাৰী আদি। তেওঁলোকে কেতিয়াও ব্যভিচাৰ নকৰে। এতেকে যিয়ে এই মহাপাপসমূহৰ কোনোবা এটা কৰিব, সি কিয়ামতৰ দিনা তাৰ শাস্তি ভোগ কৰিব।
25:69Page 366
يُضَٰعَفۡ لَهُ ٱلۡعَذَابُ يَوۡمَ ٱلۡقِيَٰمَةِ وَيَخۡلُدۡ فِيهِۦ مُهَانًا ٦٩
Multiplied for him is the punishment on the Day of Resurrection, and he will abide therein humiliated -
কিয়ামতৰ দিনা তাৰ শাস্তি দ্বিগুণ কৰি দিয়া হ’ব, আৰু সি সেই শাস্তিত লাঞ্ছিত অপমানিত হৈ চিৰকাল অৱস্থান কৰিব।
25:70Page 366
إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ عَمَلٗا صَٰلِحٗا فَأُوْلَٰٓئِكَ يُبَدِّلُ ٱللَّهُ سَيِّـَٔاتِهِمۡ حَسَنَٰتٖۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ٧٠
Except for those who repent, believe and do righteous work. For them Allāh will replace their evil deeds with good. And ever is Allāh Forgiving and Merciful.
কিন্তু যিয়ে আল্লাহৰ প্ৰতি তাওবা কৰি উভতি আহিব তথা ঈমান পোষণ কৰিব, লগতে সৎকৰ্ম কৰিব, অৰ্থাৎ অন্তৰৰ পৰা সত্য তাওবা কৰিব, তেন্তে এনেকুৱা লোকৰ গুনাহক আল্লাহে ছোৱাবলৈ ৰূপান্তৰিত কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহসমূহ ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
25:71Page 366
وَمَن تَابَ وَعَمِلَ صَٰلِحٗا فَإِنَّهُۥ يَتُوبُ إِلَى ٱللَّهِ مَتَابٗا ٧١
And he who repents and does righteousness does indeed turn to Allāh with [accepted] repentance.
এতেকে যিয়ে আল্লাহৰ ওচৰত তাওবা কৰিব আৰু সেই তাওবাৰ সত্যতাৰ পৰিচায়ক হিচাপে সৎকৰ্ম কৰিব আৰু গুনাহৰ পৰা বিৰত থাকিব তেন্তে নিশ্চিতৰূপে তাৰ তাওবা গ্ৰহণযোগ্য হ’ব।
25:72Page 366
وَٱلَّذِينَ لَا يَشۡهَدُونَ ٱلزُّورَ وَإِذَا مَرُّواْ بِٱللَّغۡوِ مَرُّواْ كِرَامٗا ٧٢
And [they are] those who do not testify to falsehood, and when they pass near ill speech, they pass by with dignity.
তেওঁলোকে বাতিল (অসত্য তথা গুনাহৰ) কৰ্মত অংশ গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে হাৰাম খেল-ধেমালি আদি। আৰু যেতিয়া তেওঁলোকে কোনো অযথা অলাগতীয়াল কথা-কৰ্মৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকে নিজকে সেইবোৰ কৰ্মৰ পৰা আঁতৰাই ৰাখে আৰু সজ্জনতাপূৰ্বকভাৱে তাৰ পৰা আঁতৰি যায়।
25:73Page 366
وَٱلَّذِينَ إِذَا ذُكِّرُواْ بِـَٔايَٰتِ رَبِّهِمۡ لَمۡ يَخِرُّواْ عَلَيۡهَا صُمّٗا وَعُمۡيَانٗا ٧٣
And those who, when reminded of the verses of their Lord, do not fall upon them deaf and blind.
তেওঁলোকক যেতিয়া দৰ্শনমূলক আৰু শ্ৰৱণমূলক আল্লাহৰ কোনো নিদৰ্শনৰ দ্বাৰা শিক্ষা দিয়া হয়, তেতিয়া তেওঁলোকে শ্ৰৱণমূলক আয়াতৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত নুশুনাৰ ভাও নধৰে, আৰু দৰ্শনমূলক নিদৰ্শনৰ পৰাও চকু মুদি নাথাকে।
25:74Page 366
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا هَبۡ لَنَا مِنۡ أَزۡوَٰجِنَا وَذُرِّيَّٰتِنَا قُرَّةَ أَعۡيُنٖ وَٱجۡعَلۡنَا لِلۡمُتَّقِينَ إِمَامًا ٧٤
And those who say, "Our Lord, grant us from among our wives and offspring comfort to our eyes1 and make us a leader [i.e., example] for the righteous."
তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰাৰ সময়ত কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰা, যাৰ তাক্বৱা আৰু সত্যৰ ওপৰত থকা দৃঢ়তা দেখি আমাৰ চকু শীতল হয়। তথা আমাক মুত্ত্বাক্বীসকলৰ প্ৰতিনিধি বনাই দিয়া, যাতে সত্যৰ পথত তেওঁলোকে আমাক অনুসৰণ কৰে।
25:75Page 366
أُوْلَٰٓئِكَ يُجۡزَوۡنَ ٱلۡغُرۡفَةَ بِمَا صَبَرُواْ وَيُلَقَّوۡنَ فِيهَا تَحِيَّةٗ وَسَلَٰمًا ٧٥
Those will be awarded the Chamber1 for what they patiently endured, and they will be received therein with greetings and [words of] peace,
এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আল্লাহৰ আনুগত্যত অবিচল থকাৰ কাৰণে জান্নাতুল ফিৰদাউচত সুউচ্চ ভৱন প্ৰদান কৰা হ’ব। লগতে তেওঁলোকে তাত ফিৰিস্তাসকলৰ পৰা দুআ-ছালাম লাভ কৰিব। তথা তাত তেওঁলোক সকলো প্ৰকাৰৰ বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব।
25:76Page 366
خَٰلِدِينَ فِيهَاۚ حَسُنَتۡ مُسۡتَقَرّٗا وَمُقَامٗا ٧٦
Abiding eternally therein. Good is the settlement and residence.
তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। কিমান উৎকৃষ্ট বাসস্থান, য’ত তেওঁলোকে বসবাস কৰিব! তথা সেইটো সৰ্বোৎকৃষ্ট ঠাই, য’ত তেওঁলোকে অৱস্থান কৰিব।
25:77Page 366
قُلۡ مَا يَعۡبَؤُاْ بِكُمۡ رَبِّي لَوۡلَا دُعَآؤُكُمۡۖ فَقَدۡ كَذَّبۡتُمۡ فَسَوۡفَ يَكُونُ لِزَامَۢا ٧٧
Say, "What would my Lord care for you if not for your supplication?"1 For you [disbelievers] have denied, so it [i.e., your denial] is going to be adherent.2
হে ৰাছুল! কুফৰৰ ওপৰত অটল থকা কাফিৰসকলক কৈ দিয়ক, তোমালোকৰ আনুগত্যই মোৰ প্ৰতিপালকক কোনো ধৰণৰ উপকাৰ সাধন নকৰে, বৰং তেওঁ সেইটোৰ প্ৰতি ভ্ৰূক্ষেপো নকৰে। শুনা! যদি তেওঁৰ এনেকুৱা কিছুমান বান্দা নাথাকিলহেঁতেন যিসকলে তেওঁৰ ওচৰত দুআ কৰে, ইবাদতৰ দুআ হওক অথবা কিবা বিচাৰিবলৈ কৰা দুআই হওক, তেন্তে তেওঁ তোমালোকৰ কেতিয়াও ভ্ৰূক্ষেপ নকৰিলেহেঁতেন। কিয়নো তোমালোকৰ ওচৰত ৰাছুলে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে সেইটোক তোমালোকে অস্বীকাৰ কৰিছা। এতেকে এই অস্বীকাৰৰ প্ৰতিফল তোমালোকে অৱশ্যে নিশ্চিতভাৱে লাভ কৰিবা।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences