Al-MukhtasarAsh‑Shu'ara · 26:204–227

Al-Mukhtasar · Tafsir · in Assamese

Ash-Shu'ara 26:204–227

26:204Page 375

أَفَبِعَذَابِنَا يَسۡتَعۡجِلُونَ ٢٠٤

So for Our punishment are they impatient?

এই কাফিৰসকলে আমাৰ শাস্তিৰ বাবে ইমান খৰধৰ কিয় কৰি আছে, সিহঁতে কয়ঃ আমি তোমাৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি ভৱা অনুযায়ী আমাৰ ওপৰত আকাশৰ কোনো টুকুৰা ভাঙি নপৰে।

26:205Page 375

أَفَرَءَيۡتَ إِن مَّتَّعۡنَٰهُمۡ سِنِينَ ٢٠٥

Then have you considered if We gave them enjoyment for years

হে ৰাছুল! আপুনি কওকচোন, আপুনি যি লৈ আহিছে সেইটোৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা এই কাফিৰসকলক যদি আমি দীৰ্ঘ সময়লৈকে নিয়ামত উপভোগ কৰাৰ সুযোগ দিওঁ,

26:206Page 375

ثُمَّ جَآءَهُم مَّا كَانُواْ يُوعَدُونَ ٢٠٦

And then there came to them that which they were promised?

এতেকে নিয়ামত উপভোগ কৰা এই সময়ছোৱা শেষ হোৱাৰ পিছত, যদি সেই শাস্তি আহি পৰে, যি শাস্তিৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।

26:207Page 376

مَآ أَغۡنَىٰ عَنۡهُم مَّا كَانُواْ يُمَتَّعُونَ ٢٠٧

They would not be availed by the enjoyment with which they were provided.

পৃথিৱীত সিহঁতে যিবোৰ নিয়ামত উপভোগ কৰিলে, সেইবোৰে সিহঁতক কিবা উপকাৰ কৰিবনে? সেইবোৰ নিয়ামতৰ কেতিয়াবাই সমাপ্তি ঘটিছে, একোৱেই উপকাৰ সাধন কৰিব পৰা নাই।

26:208Page 376

وَمَآ أَهۡلَكۡنَا مِن قَرۡيَةٍ إِلَّا لَهَا مُنذِرُونَ ٢٠٨

And We did not destroy any city except that it had warners

আমি বিগত যিমানবোৰ উম্মতক ধ্বংস কৰিছোঁ, সেইবোৰৰ মাজত প্ৰথমে ৰাছুল প্ৰেৰণ কৰি আৰু কিতাব অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দেখুৱাৰ দুৱাৰ বন্ধ কৰিছোঁ।

26:209Page 376

ذِكۡرَىٰ وَمَا كُنَّا ظَٰلِمِينَ ٢٠٩

As a reminder; and never have We been unjust.

সিহঁতক সুপথ দেখুৱাবলৈ আৰু উপদেশ প্ৰদান কৰিবলৈ। যিহেতু পূৰ্বেই আমি সিহঁতৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি আৰু কিতাব অৱতীৰ্ণ কৰি সিহঁতক সুযোগ প্ৰদান কৰিছিলোঁ, গতিকে ইয়াৰ পিছত সিহঁতক শাস্তি দিয়াটো কোনো অন্যায় নাছিল।

26:210Page 376

وَمَا تَنَزَّلَتۡ بِهِ ٱلشَّيَٰطِينُ ٢١٠

And the devils have not brought it [i.e., the revelation] down.1

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰত এই কোৰআনখন কোনো চয়তানে অৱতীৰ্ণ কৰা নাই।

26:211Page 376

وَمَا يَنۢبَغِي لَهُمۡ وَمَا يَسۡتَطِيعُونَ ٢١١

It is not allowable for them, nor would they be able.

এইটো কেতিয়াও সম্ভৱ নহয় যে, সি আপোনাৰ অন্তৰত অৱতৰণ কৰিব, এই শক্তি চয়তানৰ ওচৰত নাই।

26:212Page 376

إِنَّهُمۡ عَنِ ٱلسَّمۡعِ لَمَعۡزُولُونَ ٢١٢

Indeed they, from [its] hearing, are removed.1

সিহঁতে এইটো কেতিয়াও কৰিব নোৱাৰে, কাৰণ আকাশৰ সেই স্থানৰ পৰাও সিহঁতক বিতাৰিত কৰা হৈছে। গতিকে তেনেস্থলত সি কেনেকৈ তালৈ যাব পাৰে আৰু সেই বাণীলৈ অৱতৰণ কৰিব পাৰে?

26:213Page 376

فَلَا تَدۡعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَتَكُونَ مِنَ ٱلۡمُعَذَّبِينَ ٢١٣

So do not invoke1 with Allāh another deity and [thus] be among the punished.

গতিকে আপুনি আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা নকৰিব। অন্যথা আপুনিও ইয়াৰ ফলত শাস্তি ভোগ কৰিব লাগিব।

26:214Page 376

وَأَنذِرۡ عَشِيرَتَكَ ٱلۡأَقۡرَبِينَ ٢١٤

And warn, [O Muḥammad], your closest kindred.

হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ যিজন যিমান নিকটৱৰ্তী, তাক সিমান সোনকালে সতৰ্ক কৰক, কাৰণ যদি সিহঁত শ্বিৰ্কত লিপ্ত থাকে তেন্তে আল্লাহৰ শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব।

26:215Page 376

وَٱخۡفِضۡ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلۡمُؤۡمِنِينَ ٢١٥

And lower your wing [i.e., show kindness] to those who follow you of the believers.

লগতে মুমিনসকলৰ মাজৰ যিসকলে আপোনাক অনুসৰণ কৰে তেওঁলোকৰ বাবে দয়া আৰু কোমলতাৰ সৈতে আপুনি আপোনাৰ বাহু অৱনত কৰক।

26:216Page 376

فَإِنۡ عَصَوۡكَ فَقُلۡ إِنِّي بَرِيٓءٞ مِّمَّا تَعۡمَلُونَ ٢١٦

And if they disobey you, then say, "Indeed, I am disassociated from what you are doing."

যদি সিহঁতে আপোনাক অৱজ্ঞা কৰে, লগতে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি জনোৱা আপোনাৰ আহ্বানত যদি সঁহাৰি নিদিয়ে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে যিবোৰ শ্বিৰ্ক আৰু পাপ কৰ্ম কৰা, সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই।

26:217Page 376

وَتَوَكَّلۡ عَلَى ٱلۡعَزِيزِ ٱلرَّحِيمِ ٢١٧

And rely upon the Exalted in Might, the Merciful,

আপুনি আপোনাৰ সকলো কৰ্মত সেই সত্ত্বাৰ ওপৰত ভৰসা কৰক, যিজন মহাপৰাক্ৰমশালী তথা নিজৰ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী। কিন্তু তেওঁৰ ওচৰলৈ যিসকলে প্ৰত্যাৱৰ্তন কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়ালু।

26:218Page 376

ٱلَّذِي يَرَىٰكَ حِينَ تَقُومُ ٢١٨

Who sees you when you arise1

যেতিয়া আপুনি চালাতত থিয় হয়, তেতিয়াও তেওঁ আপোনাৰ গতি-বিধি লক্ষ্য কৰে।

26:219Page 376

وَتَقَلُّبَكَ فِي ٱلسَّٰجِدِينَ ٢١٩

And your movement among those who prostrate.1

চালাতত থকা অৱস্থাত আপুনি যেতিয়া এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ যায়, তেতিয়াও পৱিত্ৰ আল্লাহে আপোনাক লক্ষ্য কৰে। তেওঁৰ পৰা আপোনাৰ তথা আন কোনো লোকৰ কোনো কৰ্মই গোপন নহয়।

26:220Page 376

إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ٢٢٠

Indeed, He is the Hearing, the Knowing.

চালাতত আপুনি কোৰআনৰ পৰা যি তিলাৱত কৰে আৰু যিবোৰ দুআ পাঠ কৰে, সেই সকলোবোৰ তেওঁ শুনে। লগতে আপোনাৰ নিয়্যত সম্পৰ্কেও তেওঁ অৱগত।

26:221Page 376

هَلۡ أُنَبِّئُكُمۡ عَلَىٰ مَن تَنَزَّلُ ٱلشَّيَٰطِينُ ٢٢١

Shall I inform you upon whom the devils descend?

তোমালোকে যে ধাৰণা কৰা এই কোৰআনখনক চয়তানে অৱতীৰ্ণ কৰিছে। শুনা! মই তোমালোকক জনামনে চয়তান কাৰ ওপৰত অৱতৰণ কৰে?

26:222Page 376

تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِيمٖ ٢٢٢

They descend upon every sinful liar.

চয়তান অৱতৰণ কৰে প্ৰত্যেক মহাপাপী, মিছলীয়া জ্যোতিষীৰ ওপৰত।

26:223Page 376

يُلۡقُونَ ٱلسَّمۡعَ وَأَكۡثَرُهُمۡ كَٰذِبُونَ ٢٢٣

They pass on what is heard,1 and most of them are liars.

চয়তানে গোপনে ফিৰিস্তাসকলৰ কথা শুনে, তাৰ পিছত সেই কথা সিহঁতৰ জ্যোতিষী বন্ধুক জনাই দিয়ে। অধিকাংশ জ্যোতিষীয়েই হৈছে মিছলীয়া। যদি সিহঁতৰ এটা কথা সঁচা হয় তেন্তে তাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰে।

26:224Page 376

وَٱلشُّعَرَآءُ يَتَّبِعُهُمُ ٱلۡغَاوُۥنَ ٢٢٤

And the poets - [only] the deviators follow them.

আনহাতে তোমালোকে যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবি বুলি ধাৰণা কৰা, তোমালোকে নাজানা নেকি যে, কবিসকলক কেৱল সঠিক পথৰ পৰা বিভ্ৰান্ত লোকেহে অনুসৰণ কৰে, যিসকলে সিহঁতে গোৱা কবিতাবোৰক প্ৰাধান্য দিয়ে।

26:225Page 376

أَلَمۡ تَرَ أَنَّهُمۡ فِي كُلِّ وَادٖ يَهِيمُونَ ٢٢٥

Do you not see that in every valley they roam1

হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে, সিহঁতৰ পথভ্ৰষ্টতাৰ নিদৰ্শনৰ অন্যতম এটা হৈছে এই যে, সিহঁতে উদ্ভ্ৰান্ত হৈ যিকোনো উপত্যকাত ঘূৰি ফুৰে। কেতিয়াবা প্ৰশংসাৰ উপত্যকাত বাহৰ পাতে, আকৌ কেতিয়াবা নিন্দা তিৰস্কাৰৰ উপত্যকাত ফুটনি মাৰি ফুৰে। আকৌ কেতিয়াবা এই দুয়োটাৰ বাহিৰে বেলেগ কোনো বিষয়ত লাগি থাকে।

26:226Page 376

وَأَنَّهُمۡ يَقُولُونَ مَا لَا يَفۡعَلُونَ ٢٢٦

And that they say what they do not do? -

নিশ্চয় সিহঁত মিছলীয়া। সিহঁতে কয়ঃ আমি ইটো কৰিছোঁ, সিটো কৰিছোঁ, দৰাচলতে একো কৰা নাই।

26:227Page 376

إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَذَكَرُواْ ٱللَّهَ كَثِيرٗا وَٱنتَصَرُواْ مِنۢ بَعۡدِ مَا ظُلِمُواْۗ وَسَيَعۡلَمُ ٱلَّذِينَ ظَلَمُوٓاْ أَيَّ مُنقَلَبٖ يَنقَلِبُونَ ٢٢٧

Except those [poets] who believe and do righteous deeds and remember Allāh often and defend [the Muslims]1 after they were wronged. And those who have wronged are going to know to what [kind of] return they will be returned.

কিন্তু যিসকল কবিয়ে ঈমান পোষণ কৰিছে; আৰু সৎকৰ্ম কৰিছে তথা আল্লাহক বেছি বেছি স্মৰণ কৰিছে, লগতে শত্ৰুৰ নিৰ্যাতন সহ্য কৰাৰ পিছত প্ৰতিশোধ লৈছে, তেওঁলোকৰ বিষয়টো সুকীয়া। যেনেঃ হাচ্ছান বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহু। আনহাতে যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি অন্যায় কৰিছে তথা তেওঁৰ বান্দাসকলৰ লগত দুৰ্ব্যৱহাৰ কৰি অত্যাচাৰ কৰিছে, সিহঁতে অতিশীঘ্ৰে গম পাব যে, সিহঁতৰ পৰিণাম কেনেকুৱা হ’ব? নিশ্চিতভাৱে সিহঁতে এটা কঠিন সন্ধিক্ষণৰ আৰু পুংখানুপুংখ হিচাপ-নিকাচৰ সন্মুখীন হ’ব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском