Al-MukhtasarAsh‑Shu'ara · 26:68–137

Al-Mukhtasar · Tafsir · in Assamese

Ash-Shu'ara 26:68–137

26:68Page 370

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ٦٨

And indeed, your Lord - He is the Exalted in Might, the Merciful.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু সিহঁতৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।

26:69Page 370

وَٱتۡلُ عَلَيۡهِمۡ نَبَأَ إِبۡرَٰهِيمَ ٦٩

And recite to them the news of Abraham,

হে ৰাছুল! আপুনি সিহঁতক ইব্ৰাহীমৰ ঘটনা বৰ্ণনা কৰি শুনাওক।

26:70Page 370

إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَا تَعۡبُدُونَ ٧٠

When he said to his father and his people, "What do you worship?"

যেতিয়া তেওঁ নিজৰ পিতা আঝৰ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ আপোনালোকে আল্লাহৰ বাহিৰে কাৰ উপাসনা কৰে?

26:71Page 370

قَالُواْ نَعۡبُدُ أَصۡنَامٗا فَنَظَلُّ لَهَا عَٰكِفِينَ ٧١

They said, "We worship idols and remain to them devoted."

তেতিয়া তেওঁৰ সম্প্ৰদায়ে কৈছিলঃ আমি মূৰ্তিবোৰৰ উপাসনা কৰোঁ। তথা সিহঁতৰেই বন্দনা কৰি থাকোঁ আৰু এই কৰ্মতেই জৰিত থাকোঁ।

26:72Page 370

قَالَ هَلۡ يَسۡمَعُونَكُمۡ إِذۡ تَدۡعُونَ ٧٢

He said, "Do they hear you when you supplicate?

ইব্ৰাহীমে সিহঁতক সুধিলেঃ আচ্ছা কোৱাচোন, তোমালোকে যেতিয়া সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰা, তেতিয়া সিহঁতে শুনা পায়নে?

26:73Page 370

أَوۡ يَنفَعُونَكُمۡ أَوۡ يَضُرُّونَ ٧٣

Or do they benefit you, or do they harm?"

অথবা যেতিয়া তোমালোকে সিহঁতৰ আজ্ঞাপালন কৰা, তেতিয়া সিহঁতে তোমালোকৰ কোনো উপকাৰ কৰিব পাৰেনে? আনহাতে যদি তোমালোকে সিহঁতৰ অবাধ্যতা কৰা তেতিয়া সিহঁতে তোমালোকক ক্ষতি কৰিব পাৰেনে?

26:74Page 370

قَالُواْ بَلۡ وَجَدۡنَآ ءَابَآءَنَا كَذَٰلِكَ يَفۡعَلُونَ ٧٤

They said, "But we found our fathers doing thus."

সিহঁতে উত্তৰ দি ক’লেঃ এইটো কথা সঁচা যে, যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেতিয়া সিহঁতে শুনা নাপায়; আৰু আমি যদি সিহঁতৰ আজ্ঞাপালন কৰোঁ, তেতিয়াও সিহঁতে আমাক কোনো উপকাৰ কৰিব নোৱাৰে; আনকি আমি যদি সিহঁতৰ অবাধ্যতা কৰোঁ, তথাপিও সিহঁতে আমাৰ একো ক্ষতি কৰিব নোৱাৰে। দৰাচলতে আমি আমাৰ পিতৃপুৰুষসকলক এনেকুৱাই কৰা দেখিছোঁ, আৰু আমিও তেওঁলোককেই অনুসৰণ কৰি আছোঁ।

26:75Page 370

قَالَ أَفَرَءَيۡتُم مَّا كُنتُمۡ تَعۡبُدُونَ ٧٥

He said, "Then do you see what you have been worshipping,

ইব্ৰাহীমে ক’লেঃ তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰা, সেইবোৰৰ বিষয়ে কেতিয়াবা সুস্থ মস্তিষ্কৰে চিন্তা-চৰ্চা কৰিছানে?

26:76Page 370

أَنتُمۡ وَءَابَآؤُكُمُ ٱلۡأَقۡدَمُونَ ٧٦

You and your ancient forefathers?

যিবোৰক তোমালোকৰ পিতৃপুৰুষসকলে পূজা-পাঠ কৰিছিল।

26:77Page 370

فَإِنَّهُمۡ عَدُوّٞ لِّيٓ إِلَّا رَبَّ ٱلۡعَٰلَمِينَ ٧٧

Indeed, they are enemies to me, except the Lord of the worlds,1

নিঃসন্দেহে সেইবোৰ আটায়ে মোৰ শত্ৰু। কাৰণ সেইবোৰ হৈছে অসত্য। একমাত্ৰ আল্লাহৰ বাহিৰে, কিয়নো তেওঁ গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।

26:78Page 370

ٱلَّذِي خَلَقَنِي فَهُوَ يَهۡدِينِ ٧٨

Who created me, and He [it is who] guides me.

তেৱেঁই মোক সৃষ্টি কৰিছে, তেৱেঁই মোক পৃথিৱী আৰু আখিৰাতৰ কল্যাণৰ পিনে পথপ্ৰদৰ্শন কৰায়।

26:79Page 370

وَٱلَّذِي هُوَ يُطۡعِمُنِي وَيَسۡقِينِ ٧٩

And it is He who feeds me and gives me drink.

মোৰ যেতিয়া ভোক লাগে, একমাত্ৰ তেৱেঁই মোক পানাহাৰ কৰায়। আৰু যেতিয়া মোৰ পিয়াহ লাগে, তেতিয়া তেৱেঁই মোক পানী খুৱায়।

26:80Page 370

وَإِذَا مَرِضۡتُ فَهُوَ يَشۡفِينِ ٨٠

And when I am ill, it is He who cures me

যেতিয়া মই অসুস্থ হওঁ, কেৱল তেৱেঁই মোক আৰোগ্য প্ৰদান কৰে। তেওঁৰ বাহিৰে আন কোনো আৰোগ্য প্ৰদানকাৰী নাই।

26:81Page 370

وَٱلَّذِي يُمِيتُنِي ثُمَّ يُحۡيِينِ ٨١

And who will cause me to die and then bring me to life

যেতিয়া মোৰ আয়ু শেষ হ’ব, কেৱল তেৱেঁই মোক মৃত্যু প্ৰদান কৰিব। তথা মোৰ মৃত্যুৰ পিছত তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।

26:82Page 370

وَٱلَّذِيٓ أَطۡمَعُ أَن يَغۡفِرَ لِي خَطِيٓـَٔتِي يَوۡمَ ٱلدِّينِ ٨٢

And who I aspire that He will forgive me my sin on the Day of Recompense."

কেৱল তেওঁৰ ওচৰতেই মই আশাবাদী যে, তেওঁ প্ৰতিদান দিৱসত মোৰ গুনাহসমূহ ক্ষমা কৰি দিব।

26:83Page 370

رَبِّ هَبۡ لِي حُكۡمٗا وَأَلۡحِقۡنِي بِٱلصَّٰلِحِينَ ٨٣

[And he said], "My Lord, grant me authority and join me with the righteous.

ইব্ৰাহীম আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মোক দ্বীনৰ সঠিক জ্ঞান দান কৰা। লগতে মোক পূৰ্বে অতিবাহিত হোৱা পূণ্যৱান নবীসকলৰ অন্তৰ্ভুক্ত কৰা, যাতে তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব পাৰোঁ।

26:84Page 371

وَٱجۡعَل لِّي لِسَانَ صِدۡقٖ فِي ٱلۡأٓخِرِينَ ٨٤

And grant me a mention [i.e., reputation] of honor among later generations.

তথা পৰবৰ্তী প্ৰজন্মৰ মাজত মোৰ ভাল চৰ্চা আৰু প্ৰশংসা অব্যাহত ৰাখিবা।

26:85Page 371

وَٱجۡعَلۡنِي مِن وَرَثَةِ جَنَّةِ ٱلنَّعِيمِ ٨٥

And place me among the inheritors of the Garden of Pleasure.

লগতে মোক জান্নাতৰ সেইসমূহ অট্টালিকাৰ উত্তৰাধিকাৰী বনাই দিয়া, যিবোৰত বসবাস কৰি তোমাৰ মুমিন বান্দাসকলে বিভিন্ন নিয়ামত উপভোগ কৰিব। তথা সেইবোৰৰ অধিবাসী বনাই দিয়া।

26:86Page 371

وَٱغۡفِرۡ لِأَبِيٓ إِنَّهُۥ كَانَ مِنَ ٱلضَّآلِّينَ ٨٦

And forgive my father. Indeed, he has been of those astray.

তথা মোৰ পিতৃক ক্ষমা কৰি দিয়া, তেওঁ শ্বিৰ্ক কৰাৰ কাৰণে সত্যৰ পৰা আঁতৰি পথভ্ৰষ্টসকলৰ অন্তৰ্ভুক্ত হৈছে। নিজৰ পিতৃৰ বাবে ইব্ৰাহীম আলাইহিচ্ছালামে এই দুআ সেই সময়ত কৰিছিল যেতিয়া তেওঁ জনা নাছিল যে, তেওঁৰ পিতৃ এজন জাহান্নামী। এতেকে যেতিয়া তেওঁ এই বিষয়টো স্পষ্টৰূপে গম পালে, তেতিয়া তেওঁ ইয়াৰ পৰা নিজকে বিৰত ৰাখিলে, তথা তেওঁৰ পিতৃৰ বাবে দুআ কৰা বন্ধ কৰিলে।

26:87Page 371

وَلَا تُخۡزِنِي يَوۡمَ يُبۡعَثُونَ ٨٧

And do not disgrace me on the Day they are [all] resurrected -

তথা মোক সেইদিনা শাস্তি প্ৰদান কৰি অপমানিত নকৰিবা, যিদিনা মানুহক হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰা হ’ব।

26:88Page 371

يَوۡمَ لَا يَنفَعُ مَالٞ وَلَا بَنُونَ ٨٨

The Day when there will not benefit [anyone] wealth or children

যিদিনা কোনো সম্পদ কামত নাহিব, যিবোৰ সম্পদ মানুহে পৃথিৱীত সঞ্চয় কৰিছিল। আনহাতে সন্তান-সন্ততিয়েও কোনো উপকাৰ কৰিব নোৱাৰিব, পৃথিৱীত যিসকলে সিহঁতক সহায় কৰিছিল।

26:89Page 371

إِلَّا مَنۡ أَتَى ٱللَّهَ بِقَلۡبٖ سَلِيمٖ ٨٩

But only one who comes to Allāh with a sound heart."

কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে আল্লাহৰ ওচৰত পৱিত্ৰ অন্তৰলৈ আহিব। যি অন্তৰত শ্বিৰ্ক, নিফাক, লোকপ্ৰদৰ্শন, তথা অহংকাৰ আদিৰ কোনো স্থান নাই। তেনেকুৱা ব্যক্তিয়ে নিজৰ ধন-সম্পদৰ দ্বাৰা উপকৃত হ'ব, যি সম্পদ তেওঁ আল্লাহৰ পথত ব্যয় কৰিছিল, লগতে তেওঁ নিজৰ সন্তান-সন্ততিৰ দ্বাৰাও উপকৃত হ'ব, যিসকলে তেওঁৰ বাবে দুআ কৰিব।

26:90Page 371

وَأُزۡلِفَتِ ٱلۡجَنَّةُ لِلۡمُتَّقِينَ ٩٠

And Paradise will be brought near [that Day] to the righteous.

জান্নাতক মুত্ত্বাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিছিল।

26:91Page 371

وَبُرِّزَتِ ٱلۡجَحِيمُ لِلۡغَاوِينَ ٩١

And Hellfire will be brought forth for the deviators,

হাচৰৰ ময়দানত পথভ্ৰষ্টসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ'ব, যিসকলে সঠিক ধৰ্মৰ পৰা পথভ্ৰষ্ট হৈছিল।

26:92Page 371

وَقِيلَ لَهُمۡ أَيۡنَ مَا كُنتُمۡ تَعۡبُدُونَ ٩٢

And it will be said to them, "Where are those you used to worship

সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’ব, তোমালোকে পূজা-পাঠ কৰা সেই মূৰ্তিবোৰ আজি ক’ত?

26:93Page 371

مِن دُونِ ٱللَّهِ هَلۡ يَنصُرُونَكُمۡ أَوۡ يَنتَصِرُونَ ٩٣

Other than Allāh? Can they help you or help themselves?"

আল্লাহক এৰি তোমালোকে যিবোৰৰ উপাসনা কৰিছিলা? সেইবোৰে তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰি সহায় কৰিব পাৰিবনে? নাইবা সেইবোৰে নিজৰেই কিবা উপকাৰ সাধিব পাৰিব নেকি?

26:94Page 371

فَكُبۡكِبُواْ فِيهَا هُمۡ وَٱلۡغَاوُۥنَ ٩٤

So they will be overturned into it [i.e., Hellfire], they and the deviators

ইয়াৰ পিছত সিহঁতক জাহান্নামত ইজনৰ ওপৰত সিজনক নিক্ষেপ কৰা হ’ব, লগতে সিহঁতকো নিক্ষেপ কৰা হ’ব, যিসকলে সিহঁতক পথভ্ৰষ্ট কৰিছিল।

26:95Page 371

وَجُنُودُ إِبۡلِيسَ أَجۡمَعُونَ ٩٥

And the soldiers of Iblees, all together.

লগতে ইবলীছৰ গোটেই চয়তান সঙ্গীসকলকো জাহান্নামত নিক্ষেপ কৰা হ’ব। সিহঁতৰ কোনেও সাৰি যাব নোৱাৰিব।

26:96Page 371

قَالُواْ وَهُمۡ فِيهَا يَخۡتَصِمُونَ ٩٦

They will say while they dispute therein,

মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল, তথা যিবোৰক আল্লাহৰ সমকক্ষ স্থিৰ কৰিছিল, সিহঁতৰ লগত সেইদিনা সিহঁতে বাদানুবাদ কৰি ক’বঃ

26:97Page 371

تَٱللَّهِ إِن كُنَّا لَفِي ضَلَٰلٖ مُّبِينٍ ٩٧

"By Allāh, we were indeed in manifest error

আল্লাহৰ শপত! নিশ্চিতভাৱে আমি সত্যৰ পৰা স্পষ্টৰূপে পথভ্ৰষ্ট আছিলোঁ।

26:98Page 371

إِذۡ نُسَوِّيكُم بِرَبِّ ٱلۡعَٰلَمِينَ ٩٨

When we equated you with the Lord of the worlds.

যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰি লৈছিলোঁ। তেতিয়া তেওঁৰ দৰেই আমি তোমালোকৰো উপাসনা কৰিছিলোঁ।

26:99Page 371

وَمَآ أَضَلَّنَآ إِلَّا ٱلۡمُجۡرِمُونَ ٩٩

And no one misguided us except the criminals.

অপৰাধীসকলেই আমাক সত্যৰ পথৰ পৰা বিভ্ৰান্ত কৰিছিল, যিসকলে আমাক আল্লাহৰ বাহিৰে আনৰ ইবাদতৰ পিনে আহ্বান কৰিছিল।

26:100Page 371

فَمَا لَنَا مِن شَٰفِعِينَ ١٠٠

So now we have no intercessors

গতিকে আজি আমাৰ মধ্যস্থতা কৰিবলৈ কোনো নাই। যিয়ে আল্লাহৰ ওচৰত আমাৰ বাবে মধ্যস্থতা কৰি তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।

26:101Page 371

وَلَا صَدِيقٍ حَمِيمٖ ١٠١

And not a devoted friend.

লগতে আজি আমাৰ কোনো অন্তৰঙ্গ বন্ধুও নাই, যিয়ে আমাৰ হৈ প্ৰতিৰক্ষা কৰিব তথা আমাৰ বাবে মধ্যস্থতা কৰিব।

26:102Page 371

فَلَوۡ أَنَّ لَنَا كَرَّةٗ فَنَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ ١٠٢

Then if we only had a return [to the world] and could be of the believers..."1

এতেকে যদি আমাৰ বাবে পুনৰ পৃথিৱীলৈ উভতি যোৱাৰ সুবিধা থাকিলহেঁতেন তেন্তে আমি অৱশ্যে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন।

26:103Page 371

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ١٠٣

Indeed in that is a sign, but most of them were not to be believers.

নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালামৰ এই ঘটনা তথা অস্বীকাৰকাৰীসকলৰ পৰিণামৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষামূলক পাঠ, যিসকলে শিক্ষা গ্ৰহণ কৰিব বিচাৰে। সিহঁতৰ মাজৰ অধিকাংশৰে ঈমান পোষণ কৰাৰ মানসিকতা নাছিল।

26:104Page 371

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ١٠٤

And indeed, your Lord - He is the Exalted in Might, the Merciful.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু সিহঁতৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।

26:105Page 371

كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ ١٠٥

The people of Noah denied the messengers1

নূহ আলাইহিচ্ছালামক অস্বীকাৰ কৰি তেওঁৰ সম্প্ৰদায়ে গোটেই ৰাছুলসকলকেই অস্বীকাৰ কৰিছিল।

26:106Page 371

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ نُوحٌ أَلَا تَتَّقُونَ ١٠٦

When their brother Noah said to them, "Will you not fear Allāh?

স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!

26:107Page 371

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ١٠٧

Indeed, I am to you a trustworthy messenger.

নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। মই এজন আমানতদাৰ ব্যক্তি। আল্লাহে মোলৈ যি অহী প্ৰেৰণ কৰে, তাত মই অকণো কম-বেছি নকৰোঁ।

26:108Page 371

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ١٠٨

So fear Allāh and obey me.

এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।

26:109Page 371

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ١٠٩

And I do not ask you for it any payment. My payment is only from the Lord of the worlds.

মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।

26:110Page 371

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ١١٠

So fear Allāh and obey me."

এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।

26:111Page 371

۞ قَالُوٓاْ أَنُؤۡمِنُ لَكَ وَٱتَّبَعَكَ ٱلۡأَرۡذَلُونَ ١١١

They said, "Should we believe you while you are followed by the lowest [class of people]?"

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে ক’লেঃ হে নূহ! আমি তোমাৰ দৰে লোকৰ প্ৰতি ঈমান আনিম নেকি? তথা তুমি যি লৈ আহিছা সেইটো অনুসৰণ কৰিম নেকি আৰু সেইমতে আমল কৰিম নেকি? অথচ তোমাক যিসকল লোকে অনুসৰণ কৰে সেই সকলোৱে হৈছে নিম্নশ্ৰেণীৰ লোক আৰু অতি তুচ্ছ। সিহঁতৰ মাজত এজনো প্ৰতিষ্ঠিত তথা নেতৃস্থানীয় ব্যক্তি নাই।

26:112Page 372

قَالَ وَمَا عِلۡمِي بِمَا كَانُواْ يَعۡمَلُونَ ١١٢

He said, "And what is my knowledge of what they used to do?

নূহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ মই কি জানো এই মুমিনসকলে কি কাম কৰিছে? মইতো সিহঁতৰ সংৰক্ষক নহয় যে, সিহঁতৰ সকলো কৰ্ম গণনা কৰি ৰাখিম?!

26:113Page 372

إِنۡ حِسَابُهُمۡ إِلَّا عَلَىٰ رَبِّيۖ لَوۡ تَشۡعُرُونَ ١١٣

Their account is only upon my Lord, if you [could] perceive.

তেওঁলোকৰ হিচাপ-নিকাচ আল্লাহৰ দায়িত্বত, তেৱেঁই তেওঁলোকৰ প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্ম সম্পৰ্কে জানে। এইটো মোৰ দায়িত্ব নহয়। আফচোচ! তোমালোকে যদি উপলব্ধি কৰিব পাৰিলাহেঁতেন যে, তোমালোকে কিমান ডাঙৰ কথা কৈছা!

26:114Page 372

وَمَآ أَنَا۠ بِطَارِدِ ٱلۡمُؤۡمِنِينَ ١١٤

And I am not one to drive away the believers.

তোমালোকে ঈমান আনিবা বুলি কৈ মোক যি প্ৰস্তাৱ দি আছা, সেই প্ৰস্তাৱ স্বীকাৰ কৰি মই কেতিয়াও মোৰ বৈঠকৰ পৰা মুমিনসকলক আঁতৰাই দিব নোৱাৰোঁ।

26:115Page 372

إِنۡ أَنَا۠ إِلَّا نَذِيرٞ مُّبِينٞ ١١٥

I am only a clear warner."

মই এজন প্ৰকাশ্য সতৰ্ককাৰী। তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ।

26:116Page 372

قَالُواْ لَئِن لَّمۡ تَنتَهِ يَٰنُوحُ لَتَكُونَنَّ مِنَ ٱلۡمَرۡجُومِينَ ١١٦

They said, "If you do not desist, O Noah, you will surely be of those who are stoned."

তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে ক’লেঃ তুমি আমাক যি ধৰ্মৰ পিনে আহ্বান কৰি আছা, যদি তুমি ইয়াৰ পৰা বিৰত নাথাকা তেন্তে নিশ্চয় তোমাক লাঞ্ছিত অপমানিত কৰি শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব।

26:117Page 372

قَالَ رَبِّ إِنَّ قَوۡمِي كَذَّبُونِ ١١٧

He said, "My Lord, indeed my people have denied me.

নূহ আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে। তথা তোমাৰ ফালৰ পৰা মই যি লৈ আহিছোঁ, সেয়া সিহঁতে বিশ্বাস কৰা নাই।

26:118Page 372

فَٱفۡتَحۡ بَيۡنِي وَبَيۡنَهُمۡ فَتۡحٗا وَنَجِّنِي وَمَن مَّعِيَ مِنَ ٱلۡمُؤۡمِنِينَ ١١٨

Then judge between me and them with decisive judgement and save me and those with me of the believers."

এতেকে তুমি, মোৰ আৰু সিহঁতৰ মাজত মীমাংসা কৰি দিয়া, এনেকুৱা মীমাংসা কৰিবা যাতে সিহঁতে অসত্যৰ ওপৰত অটল থকাৰ কাৰণে ধ্বংস হৈ যায়। লগতে মোক আৰু মোৰ সম্প্ৰদায়ৰ মুমিনসকলক সেই শাস্তিৰ পৰা ৰক্ষা কৰা, যি শাস্তিৰ জৰিয়তে তুমি মোৰ সম্প্ৰদায়ৰ কাফিৰসকলক ধ্বংস কৰিবা।

26:119Page 372

فَأَنجَيۡنَٰهُ وَمَن مَّعَهُۥ فِي ٱلۡفُلۡكِ ٱلۡمَشۡحُونِ ١١٩

So We saved him and those with him in the laden ship.

এতেকে আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ, লগতে তেওঁক আৰু তেওঁৰ লগত থকা মুমিনসকলক ৰক্ষা কৰি সেই নাঁৱত আৰোহণ কৰালোঁ, যিখন নাও মানুহ আৰু জীৱ-জন্তুৰে ভৰা আছিল।

26:120Page 372

ثُمَّ أَغۡرَقۡنَا بَعۡدُ ٱلۡبَاقِينَ ١٢٠

Then We drowned thereafter the remaining ones.

তাৰ পিছত আমি তেওঁৰ সম্প্ৰদায়ৰ বাকী লোকসকলক ধ্বংস কৰিলোঁ।

26:121Page 372

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ١٢١

Indeed in that is a sign, but most of them were not to be believers.

নূহ আৰু তেওঁৰ সম্প্ৰদায়ৰ এই ঘটনাত তথা নূহ আৰু তেওঁৰ লগত থকা মুমিনসকলৰ নাজাতৰ মাজত, লগতে কাফিৰসকলৰ ধ্বংসৰ মাজত সেইসকল লোকৰ বাবে ডাঙৰ শিক্ষা আছে, যিসকলে শিক্ষা গ্ৰহণ কৰিব বিচাৰে। তথাপিও অধিকাংশ লোকে ঈমান পোষণ কৰা নাছিল।

26:122Page 372

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ١٢٢

And indeed, your Lord - He is the Exalted in Might, the Merciful.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু সিহঁতৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়ালু।

26:123Page 372

كَذَّبَتۡ عَادٌ ٱلۡمُرۡسَلِينَ ١٢٣

ʿAad denied the messengers

এইদৰে আদ সম্প্ৰদায়েও সিহঁতৰ ৰাছুল হূদক অস্বীকাৰ কৰি, গোটেই ৰাছুলসকলকেই অস্বীকাৰ কৰিছে।

26:124Page 372

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ هُودٌ أَلَا تَتَّقُونَ ١٢٤

When their brother Hūd said to them, "Will you not fear Allāh?

স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই হূদ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!

26:125Page 372

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ١٢٥

Indeed, I am to you a trustworthy messenger.

নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। মই এজন বিশ্বস্ত ব্যক্তি। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে, তাত মই অকণো কম-বেছি নকৰোঁ।

26:126Page 372

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ١٢٦

So fear Allāh and obey me.

এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।

26:127Page 372

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ١٢٧

And I do not ask you for it any payment. My payment is only from the Lord of the worlds.

মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।

26:128Page 372

أَتَبۡنُونَ بِكُلِّ رِيعٍ ءَايَةٗ تَعۡبَثُونَ ١٢٨

Do you construct on every elevation a sign,1 amusing yourselves,

তোমালোকে প্ৰত্যেক উচ্চ স্থানত অলাগতীয়াল স্মাৰক কিয় বনোৱা, অথচ পৃথিৱী আৰু আখিৰাতত সেইবোৰে তোমালোকৰ একো উপকাৰ সাধন কৰিব নোৱাৰে?!

26:129Page 372

وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمۡ تَخۡلُدُونَ ١٢٩

And take for yourselves constructions [i.e., palaces and fortresses] that you might abide eternally?

তোমালোকে এনেকুৱা দুৰ্গ আৰু অট্টালিকা নিৰ্মাণ কৰা, এনেকুৱা লাগে যেনিবা তোমালোকে এই পৃথিৱীত অমৰ হৈ থাকিবা, ইয়াৰ পৰা কেতিয়াও বিদায় নল’বা!

26:130Page 372

وَإِذَا بَطَشۡتُم بَطَشۡتُمۡ جَبَّارِينَ ١٣٠

And when you strike, you strike as tyrants.

লগতে তোমালোকে যেতিয়া কাৰোবাক হত্যা কৰিবলৈ অথবা আঘাত কৰিবলৈ আক্ৰমণ কৰা, তেতিয়া নিৰ্দয় আৰু নিষ্ঠুৰ হৈ আক্ৰমণ কৰা পৰিলক্ষিত হয়।

26:131Page 372

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ١٣١

So fear Allāh and obey me.

এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ,সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।

26:132Page 372

وَٱتَّقُواْ ٱلَّذِيٓ أَمَدَّكُم بِمَا تَعۡلَمُونَ ١٣٢

And fear He who provided you with that which you know,

তোমালোকে আল্লাহৰ ক্ৰোধক ভয় কৰা উচিত, তেৱেঁই তোমালোকক এইবোৰ নিয়ামত প্ৰদান কৰিছে, যিবোৰ প্ৰতিভা তোমালোকৰ মাজত আছে।

26:133Page 372

أَمَدَّكُم بِأَنۡعَٰمٖ وَبَنِينَ ١٣٣

Provided you with grazing livestock and children

তেৱেঁই তোমালোকক চতুষ্পদ জন্তু প্ৰদান কৰিছে, তথা তোমালোকক সন্তান-সন্ততি দান কৰিছে।

26:134Page 372

وَجَنَّٰتٖ وَعُيُونٍ ١٣٤

And gardens and springs.

তোমালোকক প্ৰদান কৰিছে বিভিন্ন বাগান, আৰু প্ৰবাহিত নিজৰা।

26:135Page 372

إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ عَظِيمٖ ١٣٥

Indeed, I fear for you the punishment of a terrible day."

হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে এটা ভয়ঙ্গকৰ দিৱসৰ শাস্তিকলৈ ভীত-সন্ত্ৰস্ত। সেই দিৱসটো হৈছে কিয়ামত দিৱস।

26:136Page 372

قَالُواْ سَوَآءٌ عَلَيۡنَآ أَوَعَظۡتَ أَمۡ لَمۡ تَكُن مِّنَ ٱلۡوَٰعِظِينَ ١٣٦

They said, "It is all the same to us whether you advise or are not of the advisors.

তেওঁৰ জাতিৰ লোকসকলে ক’লেঃ তুমি আমাক সদোপদেশ দিয়া নিদিয়া দুয়োটাই সমান। আমি কদাপিও তোমাৰ প্ৰতি ঈমান পোষণ নকৰোঁ। আনহাতে আমি যিটোক অনুসৰণ কৰোঁ, সেইটোক কেতিয়াও বৰ্জন নকৰোঁ।

26:137Page 373

إِنۡ هَٰذَآ إِلَّا خُلُقُ ٱلۡأَوَّلِينَ ١٣٧

This is not but the custom of the former peoples,

এইটো দৰাচলতে পূৰ্বৱৰ্তী লোকসকলৰ ধৰ্ম, সিহঁতৰ স্বভাৱ তথা আচৰণৰ বাহিৰে আন একো নহয়।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском