Al-Mukhtasar · Tafsir · in Assamese
النمل
An-Naml
The Ant · Meccan · 93 ayahs
27:1Page 377
طسٓۚ تِلۡكَ ءَايَٰتُ ٱلۡقُرۡءَانِ وَكِتَابٖ مُّبِينٍ ١
Ṭā, Seen.1 These are the verses of the Qur’ān [i.e., recitation] and a clear Book
(ত্ব-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই আয়াতবোৰ স্পষ্ট গ্ৰন্থ তথা কোৰআনৰ আয়াত, যিবোৰৰ মাজত কোনো ধৰণৰ বেমেজালি নাই। যিয়েই ইয়াকলৈ গৱেষণা কৰিব, তেৱেঁই গম পাব যে, নিশ্চিতভাৱে এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।
এই আয়াতবোৰ হৈছে সত্যৰ পথপ্ৰদৰ্শক আৰু সত্যৰ সহযাত্ৰী। লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা মুমিনসকলৰ বাবে সুসংবাদবাহক।
27:3Page 377
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلۡأٓخِرَةِ هُمۡ يُوقِنُونَ ٣
Who establish prayer and give zakāh, and of the Hereafter they are certain [in faith].
যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পদৰ উপযুক্ত শিতানত যাকাত প্ৰদান কৰে। লগতে তেওঁলোকে আখিৰাতৰ ছোৱাব আৰু শাস্তিক মনে প্ৰাণে বিশ্বাস কৰে।
27:4Page 377
إِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ زَيَّنَّا لَهُمۡ أَعۡمَٰلَهُمۡ فَهُمۡ يَعۡمَهُونَ ٤
Indeed, for those who do not believe in the Hereafter, We have made pleasing to them their deeds, so they wander blindly.
যিসকল কাফিৰে আখিৰাতক, লগতে ইয়াৰ ছোৱাব আৰু শাস্তিক বিশ্বাস নকৰে, নিশ্চিতভাৱে সিহঁতৰ কুকৰ্মবোৰক সিহঁতৰ বাবে সুন্দৰ কৰি দিয়া হৈছে। গতিকে সিহঁত সেইবোৰৰ মাজতে ব্যস্ত থাকে। সেয়ে সিহঁত উদ্ভ্ৰান্ত হৈ সেইবোৰৰ মাজতে ঘূৰি ফুৰি থাকিব, কেতিয়াও হিদায়ত তথা সুপথ বিচাৰি নাপাব।
27:5Page 377
أُوْلَٰٓئِكَ ٱلَّذِينَ لَهُمۡ سُوٓءُ ٱلۡعَذَابِ وَهُمۡ فِي ٱلۡأٓخِرَةِ هُمُ ٱلۡأَخۡسَرُونَ ٥
Those are the ones for whom there will be the worst of punishment, and in the Hereafter they are the greatest losers.
উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ বাবেই পৃথিৱীত আছে হত্যা আৰু বন্দীত্বৰ দৰে বেয়া শাস্তি। তথা সিহঁতেই আখাৰিতত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। কাৰণ সিহঁতে কিয়ামতৰ দিনা নিজকে আৰু নিজৰ পৰিয়ালক জাহান্নামৰ অধিবাসী কৰি ক্ষতিৰ সন্মুখীন হ’ব।
27:6Page 377
وَإِنَّكَ لَتُلَقَّى ٱلۡقُرۡءَانَ مِن لَّدُنۡ حَكِيمٍ عَلِيمٍ ٦
And indeed, [O Muḥammad], you receive the Qur’ān from one Wise and Knowing.
হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন সেই সত্ত্বাৰ পৰা প্ৰাপ্ত, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সৰ্বজ্ঞ, বান্দাসকলৰ লাভদায়ক কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
27:7Page 377
إِذۡ قَالَ مُوسَىٰ لِأَهۡلِهِۦٓ إِنِّيٓ ءَانَسۡتُ نَارٗا سَـَٔاتِيكُم مِّنۡهَا بِخَبَرٍ أَوۡ ءَاتِيكُم بِشِهَابٖ قَبَسٖ لَّعَلَّكُمۡ تَصۡطَلُونَ ٧
[Mention] when Moses said to his family, "Indeed, I have perceived a fire. I will bring you from there information or will bring you a burning torch that you may warm yourselves."
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ পৰিয়ালবৰ্গক কৈছিলঃ মই জুই দেখা পাইছোঁ, নিশ্চয় মই সেই জুই জ্বলোৱা ব্যক্তিৰ পৰা পথ সম্পৰ্কে খা-খবৰ লৈ আহিম, নাইবা তাৰ পৰা একুৰা জুই লৈ আহিম, যাতে তোমালোকে শীতৰ পৰা অলপ ৰক্ষা পোৱা।
27:8Page 377
فَلَمَّا جَآءَهَا نُودِيَ أَنۢ بُورِكَ مَن فِي ٱلنَّارِ وَمَنۡ حَوۡلَهَا وَسُبۡحَٰنَ ٱللَّهِ رَبِّ ٱلۡعَٰلَمِينَ ٨
But when he came to it, he was called, "Blessed is whoever is at the fire and whoever is around it. And exalted is Allāh, Lord of the worlds.
যেতিয়া তেওঁ প্ৰত্যক্ষ কৰা সেই জুইকুৰাৰ ওচৰ পালেগৈ, তেতিয়া আল্লাহে তেওঁক আহ্বান কৰি ক'লেঃ পৱিত্ৰ সেই সত্ত্বা যিজন ইয়াৰ মাজত আছে, তথা সেইসকল ফিৰিস্তা যিসকল ইয়াৰ ওচৰে পাঁজৰে আছে। নিশ্চিতভাৱে বিশ্বজগতৰ প্ৰতিপালক মহাপৱিত্ৰ, তেওঁ সেইসকলো দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ, যিবোৰ তেওঁৰ বাবে অনুপযুক্ত। তথাপিও বহুতো বিভ্ৰান্ত লোকে সেইবোৰ দোষ-ত্ৰুটিৰে তেওঁক বিশেষিত কৰে।
27:9Page 377
يَٰمُوسَىٰٓ إِنَّهُۥٓ أَنَا ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٩
O Moses, indeed it is I - Allāh, the Exalted in Might, the Wise."
আল্লাহে তেওঁক ক’লেঃ হে মুছা! ময়ে আল্লাহ, মহাপৰাক্ৰমশালী। মোক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় মই সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
27:10Page 377
وَأَلۡقِ عَصَاكَۚ فَلَمَّا رَءَاهَا تَهۡتَزُّ كَأَنَّهَا جَآنّٞ وَلَّىٰ مُدۡبِرٗا وَلَمۡ يُعَقِّبۡۚ يَٰمُوسَىٰ لَا تَخَفۡ إِنِّي لَا يَخَافُ لَدَيَّ ٱلۡمُرۡسَلُونَ ١٠
And [he was told], "Throw down your staff." But when he saw it writhing as if it were a snake, he turned in flight and did not return.1 [Allāh said], "O Moses, fear not. Indeed, in My presence the messengers do not fear.
(আদেশ হ'ল) আপুনি আপোনাৰ লাখুটিডাল নিক্ষেপ কৰক। এতেকে মুছাই সেই আদেশ পালন কৰি তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ ইয়াক প্ৰকাণ্ড সাপৰ দৰে লৰচৰ কৰা দেখিলে তেতিয়া পিচমোৱা হৈ দৌৰিবলৈ ধৰিলে, আনকি পিছলৈয়ো ঘূৰি নাচালে। তেতিয়া আল্লাহে তেওঁক ক'লেঃ ইয়াক দেখি ভয় নাখাবা। কিয়নো আমাৰ ৰাছুলসকলে কেতিয়াও সাপ আদিক দেখি ভয় নকৰে।
27:11Page 377
إِلَّا مَن ظَلَمَ ثُمَّ بَدَّلَ حُسۡنَۢا بَعۡدَ سُوٓءٖ فَإِنِّي غَفُورٞ رَّحِيمٞ ١١
Otherwise, he who wrongs, then substitutes good after evil - indeed, I am Forgiving and Merciful.
কিন্তু যিয়ে গুনাহ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, তাৰ পিছত যদি সি তাওবা কৰে তেন্তে নিশ্চয় মই তাক ক্ষমা কৰিম আৰু তাৰ প্ৰতি মই অতি দয়ালু।
27:12Page 377
وَأَدۡخِلۡ يَدَكَ فِي جَيۡبِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٖۖ فِي تِسۡعِ ءَايَٰتٍ إِلَىٰ فِرۡعَوۡنَ وَقَوۡمِهِۦٓۚ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ ١٢
And put your hand into the opening of your garment [at the breast]; it will come out white without disease. [These are] among the nine signs [you will take] to Pharaoh and his people. Indeed, they have been a people defiantly disobedient."
আপুনি আপোনাৰ হাতখন কাষলতিত সোমাই দিয়ক, চাব আপোনাৰ হাত কোনো ৰোগ নোহোৱাকৈ বৰফৰ দৰে বগা হৈ ওলাই আহিব। এইটো সেই নটা নিদৰ্শনৰ এটা, যিবোৰে আপোনাৰ সত্যতা বহন কৰে। সেইবোৰ হৈছে যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এইবোৰ লৈ আপুনি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ যাওক। নিশ্চয় ইহঁত কুফৰীৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা লোক।
27:13Page 377
فَلَمَّا جَآءَتۡهُمۡ ءَايَٰتُنَا مُبۡصِرَةٗ قَالُواْ هَٰذَا سِحۡرٞ مُّبِينٞ ١٣
But when there came to them Our visible signs, they said, "This is obvious magic."
এতেকে যেতিয়া সিহঁতৰ ওচৰত আমাৰ এই স্পষ্ট আৰু প্ৰত্যক্ষ নিদৰ্শনবোৰ আহিল, যিবোৰৰ দ্বাৰা আমি মুছাক সহায় সমৰ্থন কৰিছিলোঁ। তেতিয়া সিহঁতে ক’লেঃ মুছাই লৈ অহা এই নিদৰ্শনবোৰ হৈছে প্ৰকাশ্য যাদু।
27:14Page 378
وَجَحَدُواْ بِهَا وَٱسۡتَيۡقَنَتۡهَآ أَنفُسُهُمۡ ظُلۡمٗا وَعُلُوّٗاۚ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُفۡسِدِينَ ١٤
And they rejected them, while their [inner] selves were convinced thereof, out of injustice and haughtiness. So see how was the end of the corrupters.
সিহঁতে এই স্পষ্ট নিদৰ্শনবোৰ মানিবলৈ অস্বীকাৰ কৰিলে, তথা সেইবোৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। যদিও সিহঁতৰ অন্তৰে স্পষ্টৰূপে এই কথা স্বীকাৰ কৰিছিল যে, এইবোৰ আল্লাহৰ ফালৰ পৰা আহিছে। কিন্তু সিহঁতে অন্যায় অত্যাচাৰ আৰু অহংকাৰৰ বশৱৰ্তী হৈ সত্য প্ৰকাশ কৰা নাছিল। হে ৰাছুল! আপুনি ভাৱি চাওকচোন! পৃথিৱীত কুফৰী আৰু পাপ কৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ যুগে যুগে কি পৰিণাম হৈছিল! নিশ্চিতভাৱে আমি সিহঁতক ধ্বংস কৰিছিলোঁ তথা আটাইকে বিনাশ কৰিছিলোঁ।
27:15Page 378
وَلَقَدۡ ءَاتَيۡنَا دَاوُۥدَ وَسُلَيۡمَٰنَ عِلۡمٗاۖ وَقَالَا ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي فَضَّلَنَا عَلَىٰ كَثِيرٖ مِّنۡ عِبَادِهِ ٱلۡمُؤۡمِنِينَ ١٥
And We had certainly given to David and Solomon knowledge, and they said, "Praise [is due] to Allāh, who has favored us over many of His believing servants."
নিশ্চয় আমি দাউদ আৰু তেওঁৰ পুত্ৰ ছুলাইমানক জ্ঞান দান কৰিছিলোঁ। যেনেঃ চৰাই-চিৰিকটিৰ কথা বুজাৰ জ্ঞান। দাউদ আৰু ছুলাইমান উভয়েই প্ৰভুত্বশালী মহান আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰি কৈছিলঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে আমাক বিশেষ জ্ঞান আৰু নবুওৱত প্ৰদান কৰি তেওঁৰ বহুতো বান্দাৰ ওপৰত আমাক প্ৰাধান্য দিছে।
27:16Page 378
وَوَرِثَ سُلَيۡمَٰنُ دَاوُۥدَۖ وَقَالَ يَٰٓأَيُّهَا ٱلنَّاسُ عُلِّمۡنَا مَنطِقَ ٱلطَّيۡرِ وَأُوتِينَا مِن كُلِّ شَيۡءٍۖ إِنَّ هَٰذَا لَهُوَ ٱلۡفَضۡلُ ٱلۡمُبِينُ ١٦
And Solomon inherited David. He said, "O people, we have been taught the language of birds, and we have been given from all things. Indeed, this is evident bounty."
ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ পিতা দাউদৰ পৰা নবুওৱত, জ্ঞান আৰু ৰাজত্বৰ উত্তৰাধিকাৰী হৈছিল। আল্লাহে তেওঁলোক দুয়োকে যিবোৰ নিয়ামত প্ৰদান কৰিছিল, তেওঁ সেইবোৰৰ বিষয়ে বিৱৰণ দি কৈছেঃ হে মানৱজাতি! আল্লাহে আমাক চৰাই-চিৰিকটিৰ ভাষা শিকাইছে, তথা আমাক সেই সকলো বস্তু প্ৰদান কৰিছে, যিবোৰ নবীসকলক আৰু ৰজাসকলক প্ৰদান কৰা হয়। আল্লাহে আমাক যিবোৰ বস্তু দান কৰিছে, দৰাচলতে সেইবোৰ হৈছে স্পষ্ট তথা প্ৰকাশ্য অনুগ্ৰহ।
27:17Page 378
وَحُشِرَ لِسُلَيۡمَٰنَ جُنُودُهُۥ مِنَ ٱلۡجِنِّ وَٱلۡإِنسِ وَٱلطَّيۡرِ فَهُمۡ يُوزَعُونَ ١٧
And gathered for Solomon were his soldiers of the jinn and men and birds, and they were [marching] in rows
মানৱ, জ্বিন আৰু চৰাই-চিৰিকটিৰ সেনাবাহিনীক ছুলাইমান আলাইহিচ্ছালামৰ সন্মুখত একত্ৰিত কৰা হ’ল। তাৰ পিছত শৃঙ্খলাবদ্ধ হিচাপে সেইবোৰক অভিযানত লৈ যোৱাৰ বাবে প্ৰস্তুতি লোৱা হ’ল।
27:18Page 378
حَتَّىٰٓ إِذَآ أَتَوۡاْ عَلَىٰ وَادِ ٱلنَّمۡلِ قَالَتۡ نَمۡلَةٞ يَٰٓأَيُّهَا ٱلنَّمۡلُ ٱدۡخُلُواْ مَسَٰكِنَكُمۡ لَا يَحۡطِمَنَّكُمۡ سُلَيۡمَٰنُ وَجُنُودُهُۥ وَهُمۡ لَا يَشۡعُرُونَ ١٨
Until, when they came upon the valley of the ants, an ant said, "O ants, enter your dwellings that you not be crushed by Solomon and his soldiers while they perceive not."
তেওঁলোকে যাত্ৰা অব্যাহত ৰাখিলে, অৱশেষত যেতিয়া তেওঁলোকে পৰুৱা অধ্যূষিত উপত্যকাত আহি পালে (এইটো ছিৰিয়াত অৱস্থিত এডোখৰ ঠাই), তেতিয়া এটা পৰুৱাই চিঞৰি ক’লেঃ হে পৰুৱাৰ দল! তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সেনাবাহিনীয়ে তোমালোকক অজানিতে গচকি নামাৰে। কাৰণ যদি তেওঁলোকে গম পায় তেন্তে এই ভুল তেওঁলোকে কেতিয়াও নকৰিব, অৰ্থাৎ কেতিয়াও তোমালোকক গচকি নামাৰিব।
27:19Page 378
فَتَبَسَّمَ ضَاحِكٗا مِّن قَوۡلِهَا وَقَالَ رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَدۡخِلۡنِي بِرَحۡمَتِكَ فِي عِبَادِكَ ٱلصَّٰلِحِينَ ١٩
So [Solomon] smiled, amused at her speech, and said, "My Lord, enable me1 to be grateful for Your favor which You have bestowed upon me and upon my parents and to do righteousness of which You approve. And admit me by Your mercy into [the ranks of] Your righteous servants."2
ছুলাইমান আলাইহিচ্ছালামে পৰুৱাৰ এই কথা শুনি মিচিকিয়াঁ হাঁহিলে, আৰু পৱিত্ৰ আল্লাহৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, সেইবোৰ নিয়ামতৰ বাবে যিবোৰ নিয়ামত তুমি মোক আৰু মোৰ পিতৃ-মাতৃক দান কৰিছা। লগতে মোক তাওফীক দিয়া, যাতে মই তোমাক সন্তুষ্ট কৰিব পৰা সৎকৰ্ম কৰিব পাৰোঁ। তথা তোমাৰ অশেষ অনুগ্ৰহৰ দ্বাৰা মোক তোমাৰ সৎকৰ্মশীল বান্দাসকলৰ তালিকাভুক্ত কৰা।
27:20Page 378
وَتَفَقَّدَ ٱلطَّيۡرَ فَقَالَ مَالِيَ لَآ أَرَى ٱلۡهُدۡهُدَ أَمۡ كَانَ مِنَ ٱلۡغَآئِبِينَ ٢٠
And he took attendance of the birds and said, "Why do I not see the hoopoe - or is he among the absent?
ইয়াৰ পিছত ছুলাইমান আলাইহিচ্ছালামে চৰাইবোৰক নিৰীক্ষণ কৰিলে, কিন্তু তাত হুদহুদ চৰাইক দেখা নাপালে। সেয়ে তেওঁ ক’লেঃ কি হ’ল, হুদহুদক দেখা নাই যে? কিবা অসুবিধাৰ কাৰণে মই তাক দেখা পোৱা নাই নেকি? নে সি আজি অনুপস্থিত?
27:21Page 378
لَأُعَذِّبَنَّهُۥ عَذَابٗا شَدِيدًا أَوۡ لَأَاْذۡبَحَنَّهُۥٓ أَوۡ لَيَأۡتِيَنِّي بِسُلۡطَٰنٖ مُّبِينٖ ٢١
I will surely punish him with a severe punishment or slaughter him unless he brings me clear authorization."1
যেতিয়া তেওঁৰ ওচৰত এই কথা স্পষ্ট হ’ল যে, সি আজি অনুপস্থিত, তেতিয়া তেওঁ ক’লেঃ অনুপস্থিত থকাৰ উপযুক্ত কাৰণ দৰ্শাব নোৱাৰিলে আজি মই তাক কঠোৰ শাস্তি বিহিম, নাইবা তাক হত্যা কৰিম। এনেকুৱা উপযুক্ত কাৰণ দৰ্শাব লাগিব, যাৰ দ্বাৰা অনুপস্থিত থকাৰ সঠিক উদ্দেশ্য প্ৰকাশ পাব।
27:22Page 378
فَمَكَثَ غَيۡرَ بَعِيدٖ فَقَالَ أَحَطتُ بِمَا لَمۡ تُحِطۡ بِهِۦ وَجِئۡتُكَ مِن سَبَإِۭ بِنَبَإٖ يَقِينٍ ٢٢
But he [i.e., the hoopoe] stayed not long and said, "I have encompassed [in knowledge] that which you have not encompassed, and I have come to you from Sheba with certain news.
কিছু সময় পিছতেই হুদহুদ আহি উপস্থিত হ’ল। তথা ছুলাইমান আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ মই এনেকুৱা এটা বিষয় সম্পৰ্কে অৱগত হৈছোঁ, যিটো বিষয় আপুনি নাজানে। মই ছাবাবাসীৰ বিষয়ে এনেকুৱা এটা সত্য সংবাদ লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই।
27:23Page 379
إِنِّي وَجَدتُّ ٱمۡرَأَةٗ تَمۡلِكُهُمۡ وَأُوتِيَتۡ مِن كُلِّ شَيۡءٖ وَلَهَا عَرۡشٌ عَظِيمٞ ٢٣
Indeed, I found [there] a woman ruling them, and she has been given of all things, and she has a great throne.
নিশ্চয় মই সিহঁতৰ ওপৰত এজনী নাৰীক শাসন কৰা দেখিছোঁ। সেই নাৰীক সকলো প্ৰকাৰ শক্তি সামৰ্থ তথা ৰাজত্বৰ সাধন প্ৰদান কৰা হৈছে। লগতে তাইৰ আছে এখন বিশাল সিংহাসন। যিখনত বহি তাই ৰাজ্যৰ সকলো বিষয় পৰিচালনা কৰে।
27:24Page 379
وَجَدتُّهَا وَقَوۡمَهَا يَسۡجُدُونَ لِلشَّمۡسِ مِن دُونِ ٱللَّهِ وَزَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ أَعۡمَٰلَهُمۡ فَصَدَّهُمۡ عَنِ ٱلسَّبِيلِ فَهُمۡ لَا يَهۡتَدُونَ ٢٤
I found her and her people prostrating to the sun instead of Allāh, and Satan has made their deeds pleasing to them and averted them from [His] way, so they are not guided,
সেই নাৰী আৰু তাইৰ সম্প্ৰদায়ক মই দেখিছোঁ সিহঁতে আল্লাহক এৰি সূৰ্য্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে। তথা সিহঁতক সত্যৰ পৰা আঁতৰাই ৰাখিছে। সেই কাৰণেই সিহঁতে হিদায়ত লাভ কৰা নাই।
27:25Page 379
أَلَّاۤ يَسۡجُدُواْۤ لِلَّهِ ٱلَّذِي يُخۡرِجُ ٱلۡخَبۡءَ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَيَعۡلَمُ مَا تُخۡفُونَ وَمَا تُعۡلِنُونَ ٢٥
[And] so they do not prostrate to Allāh, who brings forth what is hidden within the heavens and the earth and knows what you conceal and what you declare -
চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে, যাতে সিহঁতে এক আল্লাহক ছাজদাহ কৰিব নোৱাৰে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু মাটিৰ পৰা উদ্ভিদ উলিয়ায়। তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো আমল সম্পৰ্কে তেওঁ অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
27:26Page 379
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ رَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ۩ ٢٦
Allāh - there is no deity except Him, Lord of the Great Throne."
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মহাসিংহাসনৰ প্ৰতিপালক।
27:27Page 379
۞ قَالَ سَنَنظُرُ أَصَدَقۡتَ أَمۡ كُنتَ مِنَ ٱلۡكَٰذِبِينَ ٢٧
[Solomon] said, "We will see whether you were truthful or were of the liars.
ছুলাইমান আলাইহিচ্ছালামে হুদহুদক ক'লেঃ নিশ্চয় আমি তোমাক পৰীক্ষা কৰি চাম, তুমি নিজৰ দাবীত সত্যবাদী নে মিছলীয়া?
27:28Page 379
ٱذۡهَب بِّكِتَٰبِي هَٰذَا فَأَلۡقِهۡ إِلَيۡهِمۡ ثُمَّ تَوَلَّ عَنۡهُمۡ فَٱنظُرۡ مَاذَا يَرۡجِعُونَ ٢٨
Take this letter of mine and deliver it to them. Then leave them and see what [answer] they will return."
ছুলাইমান আলাইহিচ্ছালামে এখন পত্ৰ লিখিলে আৰু সেইখন হুদহুদক অৰ্পন কৰি ক'লেঃ মোৰ এই পত্ৰখন লৈ যোৱা আৰু ছাবাবাসীৰ ওচৰলৈ পৌঁচাই দিয়া, তথা সিহঁতৰ পৰা অলপ আঁতৰত থাকি লক্ষ্য কৰিবা যে, সিহঁতে এই বিষয়ে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
27:29Page 379
قَالَتۡ يَٰٓأَيُّهَا ٱلۡمَلَؤُاْ إِنِّيٓ أُلۡقِيَ إِلَيَّ كِتَٰبٞ كَرِيمٌ ٢٩
She said, "O eminent ones, indeed, to me has been delivered a noble letter.
ৰাণীয়ে পত্ৰ পাই মন্ত্ৰী সভাক মাতি ক'লেঃ হে মন্ত্ৰীমণ্ডল! মোলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে।
27:30Page 379
إِنَّهُۥ مِن سُلَيۡمَٰنَ وَإِنَّهُۥ بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ ٣٠
Indeed, it is from Solomon, and indeed, it is [i.e., reads]: 'In the name of Allāh, the Entirely Merciful, the Especially Merciful,
ছুলাইমানৰ ফালৰ পৰা প্ৰেৰিত এই পত্ৰখন বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমৰ দ্বাৰা আৰম্ভ কৰা হৈছে, (অৰ্থাৎ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত), তথা তাত লিখা আছেঃ
27:31Page 379
أَلَّا تَعۡلُواْ عَلَيَّ وَأۡتُونِي مُسۡلِمِينَ ٣١
Be not haughty with me but come to me in submission [as Muslims].'"
তোমালোকে অহংকাৰ নকৰিবা, লগতে তোমালোকে যি শ্বিৰ্কত লিপ্ত হৈ আছা, সেইবোৰ ত্যাগ কৰি মই আহ্বান কৰা আল্লাহৰ তাওহীদ স্বীকাৰ কৰি আনুগত্যশীল হৈ বিনীতভাৱে মোৰ ওচৰলৈ গুচি আহা।
27:32Page 379
قَالَتۡ يَٰٓأَيُّهَا ٱلۡمَلَؤُاْ أَفۡتُونِي فِيٓ أَمۡرِي مَا كُنتُ قَاطِعَةً أَمۡرًا حَتَّىٰ تَشۡهَدُونِ ٣٢
She said, "O eminent ones, advise me in my affair. I would not decide a matter until you witness [for] me."1
ৰাণীয়ে ক’লেঃ হে মন্ত্ৰীমণ্ডল আৰু প্ৰতিনিধিসকল! এই বিষয়ে মোক আপোনালোকে সঠিক পৰামৰ্শ দিয়ক। মই আপোনালোকৰ উপস্থিতি তথা আপোনালোকৰ দৃষ্টিকোণ নজনাকৈ কেতিয়াও কোনো বিষয়ত সিদ্ধান্ত লোৱা নাই।
27:33Page 379
قَالُواْ نَحۡنُ أُوْلُواْ قُوَّةٖ وَأُوْلُواْ بَأۡسٖ شَدِيدٖ وَٱلۡأَمۡرُ إِلَيۡكِ فَٱنظُرِي مَاذَا تَأۡمُرِينَ ٣٣
They said, "We are men of strength and of great military might, but the command is yours, so see what you will command."
তেওঁৰ সম্প্ৰদায়ৰ প্ৰমুখসকলে আৰু নেতাসকলে ক’লেঃ নিশ্চয় আমি বহুত শক্তিশালী, তথা কঠোৰ যুদ্ধা। কিন্তু চূড়ান্ত সিদ্ধান্ত আপুনিহে ল’ব লাগিব। আপুনি যি আদেশেই নিদিয়ক কিয়, আমি সেইটো মানিবলৈ সম্পূৰ্ণ সক্ষম।
27:34Page 379
قَالَتۡ إِنَّ ٱلۡمُلُوكَ إِذَا دَخَلُواْ قَرۡيَةً أَفۡسَدُوهَا وَجَعَلُوٓاْ أَعِزَّةَ أَهۡلِهَآ أَذِلَّةٗۚ وَكَذَٰلِكَ يَفۡعَلُونَ ٣٤
She said, "Indeed kings - when they enter a city, they ruin it and render the honored of its people humbled. And thus do they do.
ৰাণীয়ে ক’লেঃ ৰজাসকলে যেতিয়া কোনো জনবসতিপূৰ্ণ অঞ্চলক অধীনস্থ কৰিবলৈ প্ৰৱেশ কৰে, তেতিয়া তাত হত্যা লুণ্ঠন আদিৰে বিপৰ্যস্ত কৰি পেলায়, লগতে তাত বসবাস কৰা সন্মানীয় ব্যক্তিসকলক অপদস্থ কৰে। ৰজাসকলে যেতিয়াই কোনো জনবসতিক পৰাজিত কৰে, তেতিয়াই এনেকুৱা নীতি অৱলম্বন কৰে। যাতে তাত বসবাস কৰা লোকসকলৰ অন্তৰত ভয়-ভীতি সোমাই পৰে।
27:35Page 379
وَإِنِّي مُرۡسِلَةٌ إِلَيۡهِم بِهَدِيَّةٖ فَنَاظِرَةُۢ بِمَ يَرۡجِعُ ٱلۡمُرۡسَلُونَ ٣٥
But indeed, I will send to them a gift and see with what [reply] the messengers will return."
মই এই পত্ৰ প্ৰেৰণকাৰীলৈ তথা তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ এটা উপহাৰ প্ৰেৰণ কৰিব বিচাৰোঁ। এই উপহাৰ প্ৰেৰণ কৰাৰ পিছত, মই চাব বিচাৰোঁ কটকীয়ে কি সংবাদ লৈ আহে।
27:36Page 380
فَلَمَّا جَآءَ سُلَيۡمَٰنَ قَالَ أَتُمِدُّونَنِ بِمَالٖ فَمَآ ءَاتَىٰنِۦَ ٱللَّهُ خَيۡرٞ مِّمَّآ ءَاتَىٰكُمۚ بَلۡ أَنتُم بِهَدِيَّتِكُمۡ تَفۡرَحُونَ ٣٦
So when they came to Solomon, he said, "Do you provide me with wealth? But what Allāh has given me is better than what He has given you. Rather, it is you who rejoice in your gift.
যেতিয়া ৰাণীৰ কটকী আৰু তাৰ সহায়কসকলে উপহাৰ লৈ ছুলাইমানৰ ওচৰত আহি উপস্থিত হ’ল, ছুলাইমানে সিহঁতৰ উপহাৰ প্ৰেৰণৰ বিষয়টোক অপছন্দ কৰি ক’লেঃ তোমালোকে ধনৰ জৰিয়তে মোক উৎকোচ দিব বিচাৰিছা নেকি, যাতে মই তোমালোকৰ বিপক্ষে কোনো ধৰণৰ পদক্ষেপ হাতত নলওঁ? শুনা! আল্লাহে মোক যি দান কৰিছে অৰ্থাৎ নবুওৱত, ৰাজত্ব আৰু ধন-সম্পত্তি, এইবোৰ তোমালোকক যি প্ৰদান কৰা হৈছে সেইবোৰতকৈও উত্তম। বৰং এইবোৰ পাৰ্থিৱ উপহাৰ দেখি তোমালোকেহে আনন্দিত হোৱা।
27:37Page 380
ٱرۡجِعۡ إِلَيۡهِمۡ فَلَنَأۡتِيَنَّهُم بِجُنُودٖ لَّا قِبَلَ لَهُم بِهَا وَلَنُخۡرِجَنَّهُم مِّنۡهَآ أَذِلَّةٗ وَهُمۡ صَٰغِرُونَ ٣٧
Return to them, for we will surely come to them with soldiers that they will be powerless to encounter, and we will surely expel them therefrom in humiliation, and they will be debased."
ছুলাইমান আলাইহিচ্ছালামে ৰাণীৰ কটকীক ক’লেঃ তোমালোকে যি উপহাৰ লৈ আহিছা, সেইবোৰলৈ তোমালোকে উভতি যোৱা। যদি তেওঁ মোৰ ওচৰত আহি আত্মসমৰ্পন নকৰে, তেনেহ’লে আমি ৰাণী আৰু তেওঁৰ দেশবাসীৰ ওপৰত এনেকুৱা সৈন্যবাহিনী লৈ আক্ৰমণ কৰিম, যাৰ মোকাবিলা সিহঁতে কেতিয়াও কৰিবলৈ সক্ষম নহয়। যদি সিহঁতে আনুগত্যশীল হৈ আত্মসমৰ্পন নকৰে তেন্তে নিশ্চয় আমি সিহঁতক অপদস্থ কৰি ছাবাৰ পৰা বহিষ্কাৰ কৰিম, সন্মানীয় জীৱন-যাপনৰ পিছত তেতিয়া কিন্তু সিহঁতে তুচ্ছ জীৱন-যাপন কৰিব লাগিব।
27:38Page 380
قَالَ يَٰٓأَيُّهَا ٱلۡمَلَؤُاْ أَيُّكُمۡ يَأۡتِينِي بِعَرۡشِهَا قَبۡلَ أَن يَأۡتُونِي مُسۡلِمِينَ ٣٨
[Solomon] said, "O assembly [of jinn], which of you will bring me her throne before they come to me in submission?"
ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ ৰাজত্বৰ লোকসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমূখসকল! ৰাণীয়ে আত্মসমৰ্পন কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে তেওঁৰ সিংহাসন লৈ আহিব পাৰিবা?
27:39Page 380
قَالَ عِفۡرِيتٞ مِّنَ ٱلۡجِنِّ أَنَا۠ ءَاتِيكَ بِهِۦ قَبۡلَ أَن تَقُومَ مِن مَّقَامِكَۖ وَإِنِّي عَلَيۡهِ لَقَوِيٌّ أَمِينٞ ٣٩
A powerful one from among the jinn said, "I will bring it to you before you rise from your place, and indeed, I am for this [task] strong and trustworthy."
এজন দুৰ্বৃত্ত তথা শক্তিশালী জ্বিনে ক’লেঃ আপুনি এই বৈঠকৰ পৰা উঠাৰ আগতেই মই সেই সিংহাসন আনিব পাৰিম। সেইখন বহন কৰিবলৈ নিশ্চয় মোৰ পূৰ্ণ সামৰ্থ আছে। তথা তাত যিবোৰ বস্তু আছে সেইবোৰৰ ক্ষেত্ৰতো মই এজন বিশ্বস্ত। তাত কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰোঁ।
27:40Page 380
قَالَ ٱلَّذِي عِندَهُۥ عِلۡمٞ مِّنَ ٱلۡكِتَٰبِ أَنَا۠ ءَاتِيكَ بِهِۦ قَبۡلَ أَن يَرۡتَدَّ إِلَيۡكَ طَرۡفُكَۚ فَلَمَّا رَءَاهُ مُسۡتَقِرًّا عِندَهُۥ قَالَ هَٰذَا مِن فَضۡلِ رَبِّي لِيَبۡلُوَنِيٓ ءَأَشۡكُرُ أَمۡ أَكۡفُرُۖ وَمَن شَكَرَ فَإِنَّمَا يَشۡكُرُ لِنَفۡسِهِۦۖ وَمَن كَفَرَ فَإِنَّ رَبِّي غَنِيّٞ كَرِيمٞ ٤٠
Said one who had knowledge from the Scripture, "I will bring it to you before your glance returns to you." And when [Solomon] saw it placed before him, he said, "This is from the favor of my Lord to test me whether I will be grateful or ungrateful. And whoever is grateful - his gratitude is only for [the benefit of] himself. And whoever is ungrateful - then indeed, my Lord is Free of need and Generous."
ছুলাইমানৰ ওচৰত উপস্থিত এজন জ্ঞানী সদাচাৰী ব্যক্তি, যাৰ ওচৰত আছিল ঐশী গ্ৰন্থৰ জ্ঞান, লগতে আছিল আল্লাহৰ মহান নামসমূহৰ জ্ঞান অৰ্থাৎ ইছমে আজমৰ জ্ঞান, যিবোৰৰ দ্বাৰা দুআ কৰিলে দুআ কবূল হয়, তেওঁ ক’লেঃ মই নিমিষতে তেওঁৰ সিংহাসন আনিব পাৰিম। মই আল্লাহৰ ওচৰত দুআ কৰিম, তেৱেঁই ইয়াত উপস্থিত কৰি দিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওচৰত দুআ কৰিলে, আৰু তৎক্ষণাত সেই সিংহাসন আল্লাহে উপস্থিত কৰি দিলে। ছুলাইমান আলাইহিচ্ছালামে যেতিয়া তেওঁৰ সিংহাসন সন্মুখত দেখা পালে তেতিয়া ক’লেঃ এয়া মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। তেওঁ মোক পৰীক্ষা কৰিব বিচাৰিছে, মই তেওঁৰ কৃতজ্ঞ হওঁ নে অকৃতজ্ঞ? যিয়ে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই লাভ কৰিব। নিশ্চয় আল্লাহ অমুখাপেক্ষী, বান্দাৰ কৃতজ্ঞতাই তেওঁৰ কোনো মৰ্যাদা বৃদ্ধি নকৰে। আনহাতে যিয়ে আল্লাহৰ নিয়ামতৰ অনাদৰ কৰি অকৃতজ্ঞতা কৰিব, তেন্তে জানি থোৱা! নিশ্চিতভাৱে তেনেকুৱা ব্যক্তিৰ কৃতজ্ঞতাৰ পৰা মোৰ প্ৰতিপালক অমুখাপেক্ষী, তেওঁ অতি মহান। তথা এইটো তেওঁৰ মহান কৃপা যে, তেওঁ অকৃতজ্ঞ ব্যক্তিকো নিয়ামত প্ৰদান কৰে।
27:41Page 380
قَالَ نَكِّرُواْ لَهَا عَرۡشَهَا نَنظُرۡ أَتَهۡتَدِيٓ أَمۡ تَكُونُ مِنَ ٱلَّذِينَ لَا يَهۡتَدُونَ ٤١
He said, "Disguise for her her throne; we will see whether she will be guided [to truth] or will be of those who is not guided."
ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ তেওঁৰ ৰাজ-সিংহাসনখনৰ গঠনক অলপ পৰিবৰ্তন কৰি দিয়া। চাওঁ, তেওঁ নিজৰ সিংহাসনখনক চিনি পায় নে নাই? নে তেৱোঁ সেইসকল লোকৰ অন্তৰ্ভুক্ত হয়, যিসকলে নিজৰ বস্তুকে চিনি নাপায়।
27:42Page 380
فَلَمَّا جَآءَتۡ قِيلَ أَهَٰكَذَا عَرۡشُكِۖ قَالَتۡ كَأَنَّهُۥ هُوَۚ وَأُوتِينَا ٱلۡعِلۡمَ مِن قَبۡلِهَا وَكُنَّا مُسۡلِمِينَ ٤٢
So when she arrived, it was said [to her], "Is your throne like this?" She said, "[It is] as though it was it." [Solomon said], "And we were given knowledge before her, and we have been Muslims [in submission to Allāh].
এতেকে যেতিয়া ছাবাৰ ৰাণী ছুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া ছুলাইমান আলাইহিচ্ছালামে তাইক পৰীক্ষা কৰিবলৈ সুধিলেঃ এইখন আপোনাৰ সিংহাসনৰ দৰেই নে, তাই উত্তৰ দি ক'লেঃ এনেকুৱা লাগিছে যেনিবা সেইখনেই। ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ আল্লাহে আমাক ইতিপূৰ্বেই জ্ঞান দান কৰিছে যে, তেওঁ এনেকুৱা কৰ্ম সম্পাদন কৰিবলৈ পূৰ্ণ সামৰ্থৱান। সেইকাৰণেই আমি আল্লাহৰ ওচৰত আত্মসমৰ্পনকাৰী তথা তেওঁৰ আনুগত্যশীল।
27:43Page 380
وَصَدَّهَا مَا كَانَت تَّعۡبُدُ مِن دُونِ ٱللَّهِۖ إِنَّهَا كَانَتۡ مِن قَوۡمٖ كَٰفِرِينَ ٤٣
And that which she was worshipping other than Allāh had averted her [from submission to Him]. Indeed, she was from a disbelieving people."
তাইক আল্লাহৰ তাওহীদৰ পৰা বিৰত ৰাখিছিল সেইসমূহ উপাস্যই, যিবোৰক তাই নিজৰ জাতিৰ অনুকৰণত আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। দৰাচলতে তাই আল্লাহক অস্বীকাৰ কৰা জাতিৰ অন্তৰ্ভুক্ত আছিল, সেইকাৰণে তায়ো নিজ জাতিৰ ৰীতি-নীতি অৱলম্বন কৰিছিল।
27:44Page 380
قِيلَ لَهَا ٱدۡخُلِي ٱلصَّرۡحَۖ فَلَمَّا رَأَتۡهُ حَسِبَتۡهُ لُجَّةٗ وَكَشَفَتۡ عَن سَاقَيۡهَاۚ قَالَ إِنَّهُۥ صَرۡحٞ مُّمَرَّدٞ مِّن قَوَارِيرَۗ قَالَتۡ رَبِّ إِنِّي ظَلَمۡتُ نَفۡسِي وَأَسۡلَمۡتُ مَعَ سُلَيۡمَٰنَ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ ٤٤
She was told, "Enter the palace." But when she saw it, she thought it was a body of water1 and uncovered her shins [to wade through]. He said, "Indeed, it is a palace [whose floor is] made smooth with glass." She said, "My Lord, indeed I have wronged myself, and I submit with Solomon to Allāh, Lord of the worlds."
তাইক কোৱা হ’ল যে, ভৱনত প্ৰৱেশ কৰক; আৰু সেই ভৱনখন ছাদৰ দৰে সমতল আছিল। যেতিয়া তাই ভৱনৰ পিনে লক্ষ্য কৰিলে, ভাৱিলে এইটো কোনোবা এটা জলাশয়, আৰু তাত নামিবলৈ ভৰিৰ কাপোৰ কলাফুলিলৈকে উন্মুক্ত কৰিলে। এই দেখি ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ এইখন কাচেৰে নিৰ্মিত এখন স্বচ্চ ভৱন। তাৰ পিছত তেওঁ তাইক ইছলামলৈ নিমন্ত্ৰণ জনালে। ফলত তাই এই বুলি ইছলাম গ্ৰহণ কৰিলেঃ হে মোৰ প্ৰতিপালক! মই তোমাৰ ইবাদতত আনক অংশীদাৰ কৰি নিশ্চয় মোৰ ওপৰত অন্যায় কৰিছিলোঁ, আৰু এতিয়া ছুলাইমানৰ সৈতে বিশ্বজগতৰ ৰব্ব হে আল্লাহ তোমাৰ ওচৰত আত্মসমৰ্পন কৰিলোঁ।
27:45Page 381
وَلَقَدۡ أَرۡسَلۡنَآ إِلَىٰ ثَمُودَ أَخَاهُمۡ صَٰلِحًا أَنِ ٱعۡبُدُواْ ٱللَّهَ فَإِذَا هُمۡ فَرِيقَانِ يَخۡتَصِمُونَ ٤٥
And We had certainly sent to Thamūd their brother Ṣāliḥ, [saying], "Worship Allāh," and at once they were two parties conflicting.
নিশ্চয় আমি ছামূদ জাতিৰ প্ৰতি সিহঁতৰ বংশগত ভাই ছলেহ আলাইহিচ্ছালামক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, যাতে সিহঁতে একমাত্ৰ আল্লাহৰ ইবাদত কৰে। কিন্তু সিহঁতক (তাওহীদৰ পিনে) নিমন্ত্ৰণ জনোৱাৰ পিছতেই সিহঁত দুটা দলত বিভক্ত হৈ গ’ল। এটা দল আছিল মুমিনসকলৰ আৰু আনটো আছিল কাফিৰসকলৰ। দুয়ো দল এই বিষয়ে মতানৈক্য কৰিছিল যে, সিহঁতৰ মাজৰ কোনটো দল সত্যবাদী।
27:46Page 381
قَالَ يَٰقَوۡمِ لِمَ تَسۡتَعۡجِلُونَ بِٱلسَّيِّئَةِ قَبۡلَ ٱلۡحَسَنَةِۖ لَوۡلَا تَسۡتَغۡفِرُونَ ٱللَّهَ لَعَلَّكُمۡ تُرۡحَمُونَ ٤٦
He said, "O my people, why are you impatient for evil before [i.e., instead of] good?1 Why do you not seek forgiveness of Allāh that you may receive mercy?"
ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে ৰহমতৰ পূৰ্বেই শাস্তিক কিয় ইমান ক্ষীপ্ৰতাৰে বিচাৰি আছা? তোমালোকে নিজৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তেওঁ তোমালোকৰ প্ৰতি দয়া কৰে?
27:47Page 381
قَالُواْ ٱطَّيَّرۡنَا بِكَ وَبِمَن مَّعَكَۚ قَالَ طَٰٓئِرُكُمۡ عِندَ ٱللَّهِۖ بَلۡ أَنتُمۡ قَوۡمٞ تُفۡتَنُونَ ٤٧
They said, "We consider you a bad omen, you and those with you." He said, "Your omen [i.e., fate] is with Allāh. Rather, you are a people being tested."1
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ প্ৰতি অহংকাৰ কৰি ক’লেঃ আমি তোমাক আৰু তোমাৰ লগত থকা মুমিনসকলক অমঙ্গলৰ প্ৰতীক বুলি ভাৱোঁ। তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে চৰাই উৰাই যি ভাগ্য নিৰ্ণয় কৰা তথা অনিষ্টৰ পৰা ৰক্ষা পাব বিচৰা, সেইটোৰ বাস্তৱিকতা সম্পৰ্কে আল্লাহেই ভালদৰে জানে, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। বৰং তোমালোকক যিদৰে অধিক মাত্ৰাত জীৱিকা প্ৰশস্ত কৰি দিয়া হৈছে, তথা যিদৰে তোমালোক গুনাহত লিপ্ত হৈছা, এইবোৰ দৰাচলতে তোমালোকৰ বাবে এটা পৰীক্ষা।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences