Al-MukhtasarAn‑Naml · 27:48–93

Al-Mukhtasar · Tafsir · in Assamese

An-Naml 27:48–93

27:48Page 381

وَكَانَ فِي ٱلۡمَدِينَةِ تِسۡعَةُ رَهۡطٖ يُفۡسِدُونَ فِي ٱلۡأَرۡضِ وَلَا يُصۡلِحُونَ ٤٨

And there were in the city nine family heads causing corruption in the land and not amending [its affairs].

ইপিনে হিজৰ নামৰ নগৰখনত ন জনীয়া এটা দল আছিল। যিসকলে পৃথিৱীত কুফৰ আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ কৰিছিল। ঈমান তথা সৎকৰ্মৰ দ্বাৰা সিহঁতে সংশোধন হোৱাও নাছিল আৰু কৰাও নাছিল।

27:49Page 381

قَالُواْ تَقَاسَمُواْ بِٱللَّهِ لَنُبَيِّتَنَّهُۥ وَأَهۡلَهُۥ ثُمَّ لَنَقُولَنَّ لِوَلِيِّهِۦ مَا شَهِدۡنَا مَهۡلِكَ أَهۡلِهِۦ وَإِنَّا لَصَٰدِقُونَ ٤٩

They said, "Take a mutual oath by Allāh that we will kill him by night, he and his family. Then we will say to his executor,1 'We did not witness the destruction of his family, and indeed, we are truthful.'"

সিহঁতে পৰস্পৰে ক’লেঃ আমাৰ মাজৰ প্ৰত্যেকে শপত খোৱা উচিত যে, আজি ৰাতি এওঁৰ ঘৰত প্ৰৱেশ কৰি এওঁক আৰু এওঁৰ পৰিয়ালক হত্যা কৰিম। তথা এওঁৰ উত্তৰাধিকাৰীসকলক কম যে, ছলেহ আৰু তেওঁৰ পৰিয়ালবৰ্গক হত্যাৰ সময়ত আমি ইয়াত উপস্থিত নাছিলোঁ, বিশ্বাস কৰক আমি আমাৰ কথাত সত্যবাদী।

27:50Page 381

وَمَكَرُواْ مَكۡرٗا وَمَكَرۡنَا مَكۡرٗا وَهُمۡ لَا يَشۡعُرُونَ ٥٠

And they planned a plan, and We planned a plan, while they perceived not.

সিহঁতে ছলেহ আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰী মুমিনসকলক বিনাশ কৰিবলৈ গোপন ষড়যন্ত্ৰ ৰচিছিল। ইপিনে আমিও তেওঁক ৰক্ষা কৰিবলৈ আৰু তেওঁক সহায় কৰিবলৈ, লগতে কাফিৰসকলক ধ্বংস কৰিবলৈ কৌশল অৱলম্বন কৰিছিলোঁ। এই বিষয়ে সিহঁতৰ একো জ্ঞান নাছিল।

27:51Page 381

فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ مَكۡرِهِمۡ أَنَّا دَمَّرۡنَٰهُمۡ وَقَوۡمَهُمۡ أَجۡمَعِينَ ٥١

Then look how was the outcome of their plan - that We destroyed them and their people, all.

হে ৰাছুল! ভাৱি চাওকচোন, সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চিতভাৱে আমি আমাৰ শাস্তিৰ জৰিয়তে সিহঁত সকলোকে বিনাশ কৰিছিলোঁ তথা সিহঁতৰ গুৰি নিপাত কৰিছিলোঁ।

27:52Page 381

فَتِلۡكَ بُيُوتُهُمۡ خَاوِيَةَۢ بِمَا ظَلَمُوٓاْۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَعۡلَمُونَ ٥٢

So those are their houses, desolate because of the wrong they had done. Indeed in that is a sign for people who know.

এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ, যিবোৰ বিধ্বস্ত অৱস্থাত পৰি আছে, নাই কোনো ইয়াৰ অধিবাসী, কাৰণ সিহঁত অন্যায়-অত্যাচাৰত লিপ্ত আছিল। সিহঁতে অন্যায়-অত্যাচাৰৰ ফলত যি শাস্তিত পতিত হৈছিল, তাৰ মাজত আছে মুমিনসকলৰ বাবে শিক্ষা। কিয়নো তেওঁলোকেই নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰে।

27:53Page 381

وَأَنجَيۡنَا ٱلَّذِينَ ءَامَنُواْ وَكَانُواْ يَتَّقُونَ ٥٣

And We saved those who believed and used to fear Allāh.

ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ তথা ৰক্ষা কৰিছিলোঁ।

27:54Page 381

وَلُوطًا إِذۡ قَالَ لِقَوۡمِهِۦٓ أَتَأۡتُونَ ٱلۡفَٰحِشَةَ وَأَنتُمۡ تُبۡصِرُونَ ٥٤

And [mention] Lot, when he said to his people, "Do you commit immorality1 while you are seeing?2

হে ৰাছুল! স্মৰণ কৰক নবী লূত আলাইহিচ্ছালামক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক ভৰ্ৎসনা কৰি আৰু সিহঁতৰ কৰ্মকাণ্ডক নসাৎ কৰি কৈছিলঃ তোমালোকে অনুষ্ঠান পাতি প্ৰকাশ্যভাৱে সমকামিতাৰ দৰে অশ্লীল কৰ্ম কৰাটো অতি জঘন্য তথা নিকৃষ্ট কৰ্ম নহয়নে?

27:55Page 381

أَئِنَّكُمۡ لَتَأۡتُونَ ٱلرِّجَالَ شَهۡوَةٗ مِّن دُونِ ٱلنِّسَآءِۚ بَلۡ أَنتُمۡ قَوۡمٞ تَجۡهَلُونَ ٥٥

Do you indeed approach men with desire instead of women? Rather, you are a people behaving ignorantly."

তোমালোকে নিজৰ কামভাৱ পূৰণৰ বাবে, নিজৰ স্ত্ৰীক এৰি পুৰুষৰ ওচৰলৈ কিয় যোৱা? দৰাচলতে তোমালোকৰ সন্মানৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নাই আৰু সন্তান-সন্ততিৰ প্ৰতিও নাই। বৰং তোমালোকৰ একমাত্ৰ উদ্দেশ্য হৈছে পশুৰ দৰে যৌনতাৰ চাহিদা পূৰণ কৰা। প্ৰকৃততে তোমালোক ঈমান, পৱিত্ৰতা তথা পাপকৰ্মৰ পৰা বিৰত থকা বিষয়বোৰৰ পৰা অনভিজ্ঞ।

27:56Page 382

۞ فَمَا كَانَ جَوَابَ قَوۡمِهِۦٓ إِلَّآ أَن قَالُوٓاْ أَخۡرِجُوٓاْ ءَالَ لُوطٖ مِّن قَرۡيَتِكُمۡۖ إِنَّهُمۡ أُنَاسٞ يَتَطَهَّرُونَ ٥٦

But the answer of his people was not except that they said, "Expel the family of Lot from your city. Indeed, they are people who keep themselves pure."

উত্তৰত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে কেৱল এইখিনিয়ে ক’লেঃ “লূত পৰিয়ালক এই জনবসতিৰ পৰা বহিষ্কাৰ কৰি দিয়া হওক। কিয়নো তেওঁলোকে নিজকে ময়লা-আৱৰ্জনা আৰু অশ্লীলতাৰ পৰা পৱিত্ৰ বুলি ভাৱে”। দৰাচলতে সিহঁতে লূত পৰিয়ালক বিদ্ৰূপাত্মকভাৱে এনেকৈ কৈছিল। কাৰণ তেওঁলোকে সিহঁতৰ অশ্লীল কৰ্মত অংশ গ্ৰহণ কৰা নাছিল, তথা সিহঁতৰ এনেকুৱা কৰ্মক সদায় ভৰ্ৎসনা কৰিছিল।

27:57Page 382

فَأَنجَيۡنَٰهُ وَأَهۡلَهُۥٓ إِلَّا ٱمۡرَأَتَهُۥ قَدَّرۡنَٰهَا مِنَ ٱلۡغَٰبِرِينَ ٥٧

So We saved him and his family, except for his wife; We destined her to be of those who remained behind.

এতেকে আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক সুৰক্ষিত অৱস্থাত ৰক্ষা কৰিছিলোঁ; কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইৰ বিষয়ে আমাৰ সিদ্ধান্ত এইটো আছিল যে, তাই অৱশিষ্ট লোকৰ অন্তৰ্ভুক্ত হৈ শাস্তিত পতিত হ’ব, যাতে বিনাশ হোৱা লোকৰ তালিকাভুক্ত হয়।

27:58Page 382

وَأَمۡطَرۡنَا عَلَيۡهِم مَّطَرٗاۖ فَسَآءَ مَطَرُ ٱلۡمُنذَرِينَ ٥٨

And We rained upon them a rain [of stones], and evil was the rain of those who were warned.

আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এইটো আছিল সেইসকল লোকৰ বাবে অতি ভীষণ বিনাশকাৰী বৰষুণ, যিসকলক শাস্তিৰ বিষয়ে সতৰ্ক কৰা হৈছিল কিন্তু সিহঁতে মানা নাছিল।

27:59Page 382

قُلِ ٱلۡحَمۡدُ لِلَّهِ وَسَلَٰمٌ عَلَىٰ عِبَادِهِ ٱلَّذِينَ ٱصۡطَفَىٰٓۗ ءَآللَّهُ خَيۡرٌ أَمَّا يُشۡرِكُونَ ٥٩

Say, [O Muḥammad], "Praise be to Allāh, and peace upon His servants whom He has chosen. Is Allāh better or what they associate with Him?"

হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে। কাৰণ তেওঁ বিভিন্ন নিয়ামত দান কৰিছে, লগতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলক লূত আৰু ছলেহ আলাইহিমাচ্ছালামৰ উম্মতৰ দৰে শাস্তিৰ পৰা সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰিছে। (এতেকে কোৱাচোন) প্ৰকৃত উপাস্য কোন, সেই আল্লাহ যিজনৰ হাতত আছে সকলো ধৰণৰ কল্যাণ, নে মুশ্বৰিকসকলে উপাসনা কৰা সেই অসত্য উপাস্যবোৰ, যিবোৰে উপকাৰ বা অপকাৰ একোৱে কৰিব নোৱাৰে।

27:60Page 382

أَمَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَأَنزَلَ لَكُم مِّنَ ٱلسَّمَآءِ مَآءٗ فَأَنۢبَتۡنَا بِهِۦ حَدَآئِقَ ذَاتَ بَهۡجَةٖ مَّا كَانَ لَكُمۡ أَن تُنۢبِتُواْ شَجَرَهَآۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ بَلۡ هُمۡ قَوۡمٞ يَعۡدِلُونَ ٦٠

[More precisely], is He [not best] who created the heavens and the earth and sent down for you rain from the sky, causing to grow thereby gardens of joyful beauty which you could not [otherwise] have grown the trees thereof? Is there a deity with Allāh?1 [No], but they are a people who ascribe equals [to Him].

বৰং (প্ৰকৃত সত্য উপাস্য হৈছে) যিজনে পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত সেই পানীৰ দ্বাৰা আমি তোমালোকৰ বাবে মনোৰম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ-গছনি তোমালোকৰ পক্ষে উৎপন্ন কৰা অসম্ভৱ, কাৰণ সেইবোৰ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ হাতত নাই। সেইবোৰক আল্লাহেই উৎপন্ন কৰে। কোৱাচোন! এইবোৰ কাম কৰাৰ সময়ত আল্লাহৰ লগত আন কোনো উপাস্যই সহযোগ কৰিছিল নেকি? নহয়, কদাপিও নহয়। বৰং এই মুশ্বৰিকসকলে সত্যৰ পৰা আঁতৰি গৈ সৃষ্টিকৰ্তাক অন্যায়ভাৱে সৃষ্টিৰ সমকক্ষ কৰি আছে।

27:61Page 382

أَمَّن جَعَلَ ٱلۡأَرۡضَ قَرَارٗا وَجَعَلَ خِلَٰلَهَآ أَنۡهَٰرٗا وَجَعَلَ لَهَا رَوَٰسِيَ وَجَعَلَ بَيۡنَ ٱلۡبَحۡرَيۡنِ حَاجِزًاۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٦١

Is He [not best] who made the earth a stable ground and placed within it rivers and made for it firmly set mountains and placed between the two seas a barrier? Is there a deity with Allāh? [No], but most of them do not know.

বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে পৃথিৱীক স্থিৰ তথা বসবাস উপযোগী বনাইছে, যাতে পৃথিৱীয়ে ইয়াৰ ওপৰত থকা বস্তুবোৰকলৈ হালি-জালি নাথাকে। তথা ইয়াৰ মাজত প্ৰবাহিত কৰিছে নদ-নদী আৰু প্ৰতিষ্ঠা কৰিছে পৰ্বতমালা। লগতে তেৱেঁই দুই সাগৰ একেলগে প্ৰবাহিত কৰিছে আৰু দুয়োৰে মাজত ৰাখিছে এটা অন্তৰায়। যিটোৱে মিঠা পানীক লুণীয়া পানীৰ লগত মিশ্ৰিত হ’বলৈ নিদিয়ে, যাতে সোৱাদ বিনষ্ট নহয়; অন্যথা খোৱাৰ উপযোগী হৈ নাথাকিব। কোৱাচোন! কোনোবা উপাস্য আছে নেকি, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনোৱেই নাই। বৰং সিহঁতৰ মাজৰ অধিকাংশই এই সত্য সম্পৰ্কে অৱগত নহয়। যদি সিহঁতে এই সত্য সম্পৰ্কে অৱগত থাকিলহেঁতেন, তেন্তে সিহঁতে কেতিয়াও আল্লাহৰ লগত তেওঁৰ সৃষ্টিক অংশীদাৰ স্থাপন নকৰিলেহেঁতেন।

27:62Page 382

أَمَّن يُجِيبُ ٱلۡمُضۡطَرَّ إِذَا دَعَاهُ وَيَكۡشِفُ ٱلسُّوٓءَ وَيَجۡعَلُكُمۡ خُلَفَآءَ ٱلۡأَرۡضِۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ قَلِيلٗا مَّا تَذَكَّرُونَ ٦٢

Is He [not best] who responds to the desperate one when he calls upon Him and removes evil and makes you inheritors of the earth?1 Is there a deity with Allāh? Little do you remember.

বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে বিপদগ্ৰস্ত তথা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ নিৰুপায় অৱস্থাত দুআ কৰা ব্যক্তিৰ দুআত সঁহাৰি দিয়ে। লগতে মানুহে যেতিয়া বেমাৰ-আজাৰ আৰু অভাৱগ্ৰস্ত হয়, তেতিয়া সিহঁতক তেৱেঁই তাৰ পৰা ৰক্ষা কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ উত্তৰাধিকাৰী বনায়, যাতে তোমালোকে পীড়িৰ পিছত পীড়ি উত্তৰাধিকাৰী হৈ থাকিব পাৰা। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। বৰং তোমালোক খুবেই কম উপদেশ গ্ৰহণ কৰা তথা শিক্ষা গ্ৰহণ কৰা।

27:63Page 382

أَمَّن يَهۡدِيكُمۡ فِي ظُلُمَٰتِ ٱلۡبَرِّ وَٱلۡبَحۡرِ وَمَن يُرۡسِلُ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦٓۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ تَعَٰلَى ٱللَّهُ عَمَّا يُشۡرِكُونَ ٦٣

Is He [not best] who guides you through the darknesses of the land and sea and who sends the winds as good tidings before His mercy? Is there a deity with Allāh? High is Allāh above whatever they associate with Him.

বৰং (তেৱেঁই প্ৰকৃত উপাস্য) যিজনে তোমালোকক জল আৰু স্থলৰ অন্ধকাৰত বিভিন্ন প্ৰতীক আৰু নক্ষত্ৰৰ দ্বাৰা পথ দেখুৱায়। যিজনে বতাহক বৰষুণৰ পূৰ্বে সুসংবাদবাহীৰূপে প্ৰেৰণ কৰে, যাৰ দ্বাৰা তেওঁ বান্দাসকলৰ প্ৰতি দয়া কৰে। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। আল্লাহ অতি পৱিত্ৰ। সৃষ্টিক তেওঁৰ লগত অংশীদাৰৰ পৰা তেওঁ মহাপৱিত্ৰ।

27:64Page 383

أَمَّن يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ وَمَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡ إِن كُنتُمۡ صَٰدِقِينَ ٦٤

Is He [not best] who begins creation and then repeats it and who provides for you from the heaven and earth? Is there a deity with Allāh? Say, "Produce your proof, if you should be truthful."

বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে পৰ্যায়ক্ৰমে সৃষ্টিৰ আৰম্ভণি কৰে। তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। কোৱাচোন! আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে তোমালোকক জীৱিকা দান কৰে, আৰু পৃথিৱীৰ বিভিন্ন উদ্ভিদ উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়কঃ তোমালোকে যি শ্বিৰ্কত লিপ্ত আছা, তাৰ সপক্ষে কোনো প্ৰমাণ লৈ আহাচোন। যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তথা তোমালোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত তেন্তে প্ৰমাণ লৈ আহা।

27:65Page 383

قُل لَّا يَعۡلَمُ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ ٱلۡغَيۡبَ إِلَّا ٱللَّهُۚ وَمَا يَشۡعُرُونَ أَيَّانَ يُبۡعَثُونَ ٦٥

Say, "None in the heavens and earth knows the unseen except Allāh, and they do not perceive when they will be resurrected."

হে ৰাছুল! আপুনি কৈ দিয়ক, আকাশত থকা ফিৰিস্তাসকল আৰু পৃথিৱীত থকা মানৱজাতিৰ কোনোৱেই গায়েব সম্পৰ্কে অৱগত নহয়। গায়েব সম্পৰ্কে একমাত্ৰ আল্লাহেই জানে। আল্লাহৰ বাহিৰে আকাশমণ্ডল আৰু পৃথিৱীত থকা কোনেও নাজানে যে সিহঁতক কেতিয়া প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ'ব।

27:66Page 383

بَلِ ٱدَّٰرَكَ عِلۡمُهُمۡ فِي ٱلۡأٓخِرَةِۚ بَلۡ هُمۡ فِي شَكّٖ مِّنۡهَاۖ بَلۡ هُم مِّنۡهَا عَمُونَ ٦٦

Rather, their knowledge is arrested concerning the Hereafter. Rather, they are in doubt about it. Rather, they are, concerning it, blind.

আখিৰাত সম্পৰ্কে সিহঁতে ধাৰাবাহিকভাৱে খবৰ পাই আছে নেকি, যাৰ ফলত সিহঁত আশ্বস্ত হৈ আছে? নহয়, কদাপিও নহয়। বৰং সিহঁত আখিৰাত সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে। বৰং সিহঁতে বোধশক্তি হেৰাই পেলাইছে।

27:67Page 383

وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ أَءِذَا كُنَّا تُرَٰبٗا وَءَابَآؤُنَآ أَئِنَّا لَمُخۡرَجُونَ ٦٧

And those who disbelieve say, "When we have become dust as well as our forefathers, will we indeed be brought out [of the graves]?

কাফিৰসকলে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীয়াই তোলাটো সম্ভৱনে?

27:68Page 383

لَقَدۡ وُعِدۡنَا هَٰذَا نَحۡنُ وَءَابَآؤُنَا مِن قَبۡلُ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٦٨

We have been promised this, we and our forefathers, before. This is not but legends of the former peoples."

নিশ্চয় এই প্ৰতিশ্ৰুতি যিটো আমাক দিয়া হৈছে, এইটো আমাৰ পূৰ্বৱৰ্তী লোকসকলকো দিয়া হৈছিল যে, আমাক সকলোকে পুনৰ্জীৱিত কৰা হ’ব। কিন্তু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে পুৰণ হোৱা নেদেখিলোঁ। দৰাচলতে আমাক দিয়া এই প্ৰতিশ্ৰুতি হৈছে পূৰ্বৱৰ্তী লোকসকলৰ মিছা বাণী, যিবোৰ সিহঁতে নিজৰ পুথিত লিপিবদ্ধ কৰি থৈ গৈছে।

27:69Page 383

قُلۡ سِيرُواْ فِي ٱلۡأَرۡضِ فَٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُجۡرِمِينَ ٦٩

Say, [O Muḥammad], "Proceed [i.e., travel] through the land and observe how was the end of the criminals."

হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, তোমালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘূৰি পকি চোৱা, লগতে খা-খবৰ লৈ চোৱা পুনৰুত্থানক অস্বীকাৰ কৰা লোকসকলৰ পৰিণাম কেনেকুৱা আছিল। সিহঁতৰ কুঃচৰিত্ৰৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ।

27:70Page 383

وَلَا تَحۡزَنۡ عَلَيۡهِمۡ وَلَا تَكُن فِي ضَيۡقٖ مِّمَّا يَمۡكُرُونَ ٧٠

And grieve not over them or be in distress from what they conspire.

মুশ্বৰিসকলে আপোনাৰ নিমন্ত্ৰণৰ পৰা বিমুখ হোৱাৰ কাৰণে আপুনি কেতিয়াও আক্ষেপ নকৰিব। লগতে সিহঁতৰ ষড়যন্ত্ৰৰ বাবে আপুনি কেতিয়াও সংকীৰ্ণতা অনুভৱ নকৰিব। নিশ্চয় আল্লাহে সিহঁতৰ বিৰুদ্ধে আপোনাক সহায় কৰিব।

27:71Page 383

وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ ٧١

And they say, "When is [the fulfillment of] this promise, if you should be truthful?"

পুনৰুত্থানক অস্বীকাৰ কৰা আপোনাৰ উম্মতৰ কাফিৰসকলে প্ৰশ্ন কৰে যে, আপুনি আৰু মুমিনসকলে আমাক যি শাস্তিৰ পৰা ভয় দেখুৱায় তথা সতৰ্ক কৰে, সেই শাস্তি কেতিয়া বাস্তৱায়িত হ’ব? যদি আপুনি আপোনাৰ দাবীত সত্যবাদী (তেন্তে আমাক ইয়াৰ নিৰ্দিষ্ট সময় সম্পৰ্কে অৱগত কৰক)।

27:72Page 383

قُلۡ عَسَىٰٓ أَن يَكُونَ رَدِفَ لَكُم بَعۡضُ ٱلَّذِي تَسۡتَعۡجِلُونَ ٧٢

Say, "Perhaps it is close behind you [i.e., very near] - some of that for which you are impatient.

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ বাবে খৰধৰ কৰি আছা, সম্ভৱতঃ সেই শাস্তিৰ কিয়দাংশ অতি নিকটৱৰ্তী হৈছে।

27:73Page 383

وَإِنَّ رَبَّكَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَشۡكُرُونَ ٧٣

And indeed, your Lord is the possessor of bounty for the people, but most of them are not grateful."

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মানুহৰ প্ৰতি অতি দয়ালু, কিয়নো তেওঁ মানুহৰ পাপকৰ্ম আৰু কুফৰীৰ কাৰণে সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰে। তথাপিও অধিকাংশ লোকে আল্লাহৰ নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।

27:74Page 383

وَإِنَّ رَبَّكَ لَيَعۡلَمُ مَا تُكِنُّ صُدُورُهُمۡ وَمَا يُعۡلِنُونَ ٧٤

And indeed, your Lord knows what their breasts conceal and what they declare.

বান্দাৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, নিশ্চয় আপোনাৰ প্ৰতিপালক সেই বিষয়ে ভালদৰেই জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। অতিশীঘ্ৰে তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল দান কৰিব।

27:75Page 383

وَمَا مِنۡ غَآئِبَةٖ فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِ إِلَّا فِي كِتَٰبٖ مُّبِينٍ ٧٥

And there is nothing concealed1 within the heaven and the earth except that it is in a clear Register.2

মানুহৰ দৃষ্টিৰ অন্তৰালত থকা আকাশৰ প্ৰত্যেক বস্তু তথা পৃথিৱীত থকা সকলো বস্তু সম্পৰ্কে এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ আছে।

27:76Page 383

إِنَّ هَٰذَا ٱلۡقُرۡءَانَ يَقُصُّ عَلَىٰ بَنِيٓ إِسۡرَٰٓءِيلَ أَكۡثَرَ ٱلَّذِي هُمۡ فِيهِ يَخۡتَلِفُونَ ٧٦

Indeed, this Qur’ān relates to the Children of Israel most of that over which they disagree.

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত বনী ইছৰাঈলৰ অধিকাংশ মতানৈক্য সম্পৰ্কে আলোচনা কৰা হৈছে, তথা সিহঁতৰ পথভ্ৰষ্টতাৰ পৰ্দা উন্মুক্ত কৰা হৈছে।

27:77Page 384

وَإِنَّهُۥ لَهُدٗى وَرَحۡمَةٞ لِّلۡمُؤۡمِنِينَ ٧٧

And indeed, it is guidance and mercy for the believers.

প্ৰকৃততে এই গ্ৰন্থখন মুমিনসকলৰ বাবে তথা ইয়াৰ শিক্ষা মতে আমল কৰা লোকসকলৰ বাবে হৈছে হিদায়ত আৰু কৃপা।

27:78Page 384

إِنَّ رَبَّكَ يَقۡضِي بَيۡنَهُم بِحُكۡمِهِۦۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡعَلِيمُ ٧٨

Indeed, your Lord will judge between them by His [wise] judgement. And He is the Exalted in Might, the Knowing.

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা মুমিন আৰু কাফিৰ, সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। এতেকে তেওঁ মুমিনসকলৰ প্ৰতি দয়া কৰিব আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰিব। তেওঁ মহা পৰাক্ৰমশালী, তেওঁ নিজ শত্ৰুৰ পৰা প্ৰতিশোধ লয়। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৰ্বজ্ঞ, সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাটো তেওঁৰ বাবে একো জটিল নহয়।

27:79Page 384

فَتَوَكَّلۡ عَلَى ٱللَّهِۖ إِنَّكَ عَلَى ٱلۡحَقِّ ٱلۡمُبِينِ ٧٩

So rely upon Allāh; indeed, you are upon the clear truth.

এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক, লগতে আপোনাৰ যাৱতীয় কৰ্ম সম্পাদনৰ ক্ষেত্ৰত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰক তথা বিশ্বাস কৰক। নিশ্চয় আপুনি স্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত।

27:80Page 384

إِنَّكَ لَا تُسۡمِعُ ٱلۡمَوۡتَىٰ وَلَا تُسۡمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوۡاْ مُدۡبِرِينَ ٨٠

Indeed, you will not make the dead hear, nor will you make the deaf hear the call when they have turned their backs retreating.

হে ৰাছুল! আপুনি সেইসকল মৃত ব্যক্তিক শুনাব নোৱাৰিব, যিসকলৰ অন্তৰ আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে মৃত্যুবৰণ কৰিছে। এইদৰে আপুনি সেইসকল লোককো সত্য শুনাব নোৱাৰিব,যিসকলে আপোনাৰ নিমন্ত্ৰণক অৱজ্ঞা কৰি গুচি যায়। কাৰণ সত্য শুনিব পৰা সিহঁতৰ শ্ৰৱণশক্তি আল্লাহে হৰণ কৰিছে।

27:81Page 384

وَمَآ أَنتَ بِهَٰدِي ٱلۡعُمۡيِ عَن ضَلَٰلَتِهِمۡۖ إِن تُسۡمِعُ إِلَّا مَن يُؤۡمِنُ بِـَٔايَٰتِنَا فَهُم مُّسۡلِمُونَ ٨١

And you cannot guide the blind away from their error. You will only make hear those who believe in Our verses so they are Muslims [i.e., submitting to Allāh].

আপুনি সিহঁতক কেতিয়াও সত্যৰ পথ দেখুৱাব নোৱাৰিব, যিসকলে সত্যক চোৱাৰ যোগ্যতা হেৰুৱাইছে। এতেকে আপুনি সিহঁতকলৈ আক্ষেপ নকৰিব, তথা নিজকে ক্লান্ত নকৰিব। আপুনি কেৱল সেইসকল লোককেই বুজাব পাৰিব, যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে, তথা আল্লাহৰ আদেশ পালন কৰে।

27:82Page 384

۞ وَإِذَا وَقَعَ ٱلۡقَوۡلُ عَلَيۡهِمۡ أَخۡرَجۡنَا لَهُمۡ دَآبَّةٗ مِّنَ ٱلۡأَرۡضِ تُكَلِّمُهُمۡ أَنَّ ٱلنَّاسَ كَانُواْ بِـَٔايَٰتِنَا لَا يُوقِنُونَ ٨٢

And when the word [i.e., decree] befalls them,1 We will bring forth for them a creature from the earth speaking to them, [saying] that the people were, of Our verses, not certain [in faith].

পাপকৰ্ম আৰু কুফৰীত অটল থকাৰ কাৰণে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অত্যাৱশ্যক হৈ পৰিব, তথা কেৱল নিকৃষ্ট লোকসকল অৱশিষ্ট থাকিব, তেতিয়া আমি সিহঁতৰ বাবে কিয়ামতৰ আগমূহুৰ্তত কিয়ামতৰ এটা ডাঙৰ নিদৰ্শন প্ৰকাশ কৰিম। অৰ্থাৎ পৃথিৱীত এটা জন্তু ওলাব, যিয়ে মানুহৰ সৈতে কথা পাতিব, আৰু মানুহে তাৰ কথা বুজিও পাব। (সেই জন্তুটোৱে ক’ব) মানুহে আমাৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক বিশ্বাস কৰা নাছিল।

27:83Page 384

وَيَوۡمَ نَحۡشُرُ مِن كُلِّ أُمَّةٖ فَوۡجٗا مِّمَّن يُكَذِّبُ بِـَٔايَٰتِنَا فَهُمۡ يُوزَعُونَ ٨٣

And [warn of] the Day when We will gather from every nation a company of those who deny Our signs, and they will be [driven] in rows

হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি প্ৰত্যেক উম্মতৰ প্ৰমূখসকলৰ এটা এটা দল একত্ৰিত কৰিম, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেককে প্ৰস্তুত কৰা হ’ব, তাৰ পিছত সিহঁতক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব।

27:84Page 384

حَتَّىٰٓ إِذَا جَآءُو قَالَ أَكَذَّبۡتُم بِـَٔايَٰتِي وَلَمۡ تُحِيطُواْ بِهَا عِلۡمًا أَمَّاذَا كُنتُمۡ تَعۡمَلُونَ ٨٤

Until, when they arrive [at the place of Judgement], He will say, "Did you deny My signs while you encompassed them not in knowledge, or what [was it that] you were doing?"

সিহঁতক খেদি লৈ যোৱা হ’ব, অৱশেষত সিহঁতে যেতিয়া হিচাপ-নিকাচৰ স্থানত গৈ উপস্থিত হ’ব, তেতিয়া আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ তোমালোকে মোৰ আয়াতসমূহক কিয় অস্বীকাৰ কৰিছিলা, যিবোৰে মোৰ তাওহীদ প্ৰমাণ কৰিছিল আৰু সেইবোৰ মোৰ চৰীয়তৰ অন্তৰ্ভুক্ত আছিল। আনকি তোমালোকে সেইবোৰৰ বিষয়ে কোনো পৰীক্ষা নিৰীক্ষাও কৰা নাছিলা যে, যাৰ ভিত্তিত তোমালোকে সেইবোৰক অস্বীকাৰ কৰাটো উচিত বুলি ক’ব পাৰিবা; কোৱাচোন, প্ৰকৃততে তোমালোকে সেইবোৰক অস্বীকাৰ কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ কিহৰ ওপৰত ভিত্তি কৰিছিলা?

27:85Page 384

وَوَقَعَ ٱلۡقَوۡلُ عَلَيۡهِم بِمَا ظَلَمُواْ فَهُمۡ لَا يَنطِقُونَ ٨٥

And the decree will befall them1 for the wrong they did, and they will not [be able to] speak.

আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰি অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি বাস্তৱায়ন কৰা হ’ব। সিহঁতে আত্মৰক্ষাৰ বাবেও কোনো কথা উত্থাপন কৰিব নোৱাৰিব। কিয়নো বিষয়টো হ’ব সিহঁতৰ সাধ্যাতীত, আনহাতে সিহঁতৰ যুক্তিও হ'ব অসত্য।

27:86Page 384

أَلَمۡ يَرَوۡاْ أَنَّا جَعَلۡنَا ٱلَّيۡلَ لِيَسۡكُنُواْ فِيهِ وَٱلنَّهَارَ مُبۡصِرًاۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ ٨٦

Do they not see that We made the night that they may rest therein and the day giving sight? Indeed in that are signs for a people who believe.

পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলে লক্ষ্য নকৰে নেকি যে, আমি সিহঁতৰ বাবে ৰাতি বনাইছোঁ, যাতে সিহঁতে টোপনিৰ জৰিয়তে বিশ্ৰাম ল'ব পাৰে। আনহাতে দিনক বনাইছোঁ আলোকিত, যাতে দেখিব পাৰে আৰু জীৱিকা অনুসন্ধান কৰিব পাৰে। বাৰে বাৰে অহা এই মৃত্যু তথা ইয়াৰ পিছত জীৱিত হোৱাৰ মাজত, নিশ্চিতভাৱে সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে ঈমান পোষণ কৰে।

27:87Page 384

وَيَوۡمَ يُنفَخُ فِي ٱلصُّورِ فَفَزِعَ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ إِلَّا مَن شَآءَ ٱللَّهُۚ وَكُلٌّ أَتَوۡهُ دَٰخِرِينَ ٨٧

And [warn of] the Day the Horn will be blown, and whoever is in the heavens and whoever is on the earth will be terrified except whom Allāh wills. And all will come to Him humbled.

হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া শিঙাত ফুঁ দিয়াৰ বাবে নিযুক্ত ফিৰিস্তাই দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব; তেতিয়া আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে ভীষণ ভীত-সন্ত্ৰস্ত হৈ পৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক আল্লাহে অনুগ্ৰহ কৰি এই ভয়-ভীতিৰ পৰা ৰক্ষা কৰিব। সেইদিনা আল্লাহৰ প্ৰত্যেক সৃষ্টিয়েই আনুগত্যশীল আৰু বিনীত হৈ তেওঁৰ সন্মুখত উপস্থিত হ’ব।

27:88Page 384

وَتَرَى ٱلۡجِبَالَ تَحۡسَبُهَا جَامِدَةٗ وَهِيَ تَمُرُّ مَرَّ ٱلسَّحَابِۚ صُنۡعَ ٱللَّهِ ٱلَّذِيٓ أَتۡقَنَ كُلَّ شَيۡءٍۚ إِنَّهُۥ خَبِيرُۢ بِمَا تَفۡعَلُونَ ٨٨

And you see the mountains, thinking them motionless,1 while they will pass as the passing of clouds. [It is] the work of Allāh, who perfected all things. Indeed, He is Aware of that which you do.

সেইদিনা আপুনি পৰ্বতসমূহক দেখি অনুভৱ কৰিব যে, সেইবোৰ স্থিৰ হৈ আছে বা নিজৰ ঠাইতে অৱস্থিত আছে, কিন্তু প্ৰকৃততে সেইবোৰ মেঘৰ দৰে উৰি ফুৰিব। এয়া হৈছে আল্লাহৰ সৃষ্টি, তেৱেঁই সেইবোৰক গতি প্ৰদান কৰিব। নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অতিশীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

27:89Page 385

مَن جَآءَ بِٱلۡحَسَنَةِ فَلَهُۥ خَيۡرٞ مِّنۡهَا وَهُم مِّن فَزَعٖ يَوۡمَئِذٍ ءَامِنُونَ ٨٩

Whoever comes [at Judgement] with a good deed will have better than it, and they, from the terror of that Day, will be safe.

যিসকলে কিয়ামতৰ দিনা ঈমান আৰু সৎকৰ্ম লৈ উপস্থিত হব, তেওঁলোকৰ বাবে আছে জান্নাত। লগতে তেওঁলোক থাকিব নিৰাপদ অৱস্থাত। কাৰণ আল্লাহে তেওঁলোকক কিয়ামতৰ ভয়-ভীতিৰ পৰা সুৰক্ষা প্ৰদান কৰিব।

27:90Page 385

وَمَن جَآءَ بِٱلسَّيِّئَةِ فَكُبَّتۡ وُجُوهُهُمۡ فِي ٱلنَّارِ هَلۡ تُجۡزَوۡنَ إِلَّا مَا كُنتُمۡ تَعۡمَلُونَ ٩٠

And whoever comes with an evil deed1 - their faces will be overturned into the Fire, [and it will be said], "Are you recompensed except for what you used to do?"

কিন্তু যিসকলে কুফৰ আৰু পাপকৰ্ম লৈ উপস্থিত হ’ব, সিহঁতক অধোমুখে চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। সিহঁতক ভৰ্ৎসনা কৰি আৰু অপমান কৰি কোৱা হ’ব যে, তোমালোকে পৃথিৱীত যি কুফৰী আৰু পাপ কৰ্ম কৰিছিলা, সেইটোৰে প্ৰতিফল আজি ভোগ কৰি আছা।

27:91Page 385

إِنَّمَآ أُمِرۡتُ أَنۡ أَعۡبُدَ رَبَّ هَٰذِهِ ٱلۡبَلۡدَةِ ٱلَّذِي حَرَّمَهَا وَلَهُۥ كُلُّ شَيۡءٖۖ وَأُمِرۡتُ أَنۡ أَكُونَ مِنَ ٱلۡمُسۡلِمِينَ ٩١

[Say, O Muḥammad], "I have only been commanded to worship the Lord of this city,1 who made it sacred and to whom [belongs] all things. And I am commanded to be of the Muslims [i.e., those who submit to Allāh]

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মোক আদেশ দিয়া হৈছে, মই যাতে মক্কাৰ প্ৰতিপালকৰ ইবাদত কৰোঁ, যিয়ে এই চহৰক সন্মানিত কৰিছে। গতিকে ইয়াত তেজ প্ৰবাহিত কৰা অনুচিত। কাৰো প্ৰতি অন্যায় কৰাও অবৈধ। ইয়াত চিকাৰ কৰাও নিষিদ্ধ। ইয়াত থকা গছ-গছনি আদি কাটি পেলোৱা নিষিদ্ধ। তেৱেঁই সকলো বস্তুৰ গৰাকী। লগতে মোক আদেশ দিয়া হৈছে, মই যাতে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰোঁ তথা তেওঁৰ আনুগত্য কৰি আজ্ঞাকাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।

27:92Page 385

وَأَنۡ أَتۡلُوَاْ ٱلۡقُرۡءَانَۖ فَمَنِ ٱهۡتَدَىٰ فَإِنَّمَا يَهۡتَدِي لِنَفۡسِهِۦۖ وَمَن ضَلَّ فَقُلۡ إِنَّمَآ أَنَا۠ مِنَ ٱلۡمُنذِرِينَ ٩٢

And to recite the Qur’ān." And whoever is guided is only guided for [the benefit of] himself; and whoever strays - say, "I am only [one] of the warners."

লগতে মোক আৰু আদেশ দিয়া হৈছে, মই যাতে মানুহৰ সন্মুখত কোৰআন তিলাৱত কৰোঁ। গতিকে ইয়াৰ জৰিয়তে যিয়ে হিদায়ত লাভ কৰিব তথা সেইমতে আমল কৰিব, সেই সুপথ লাভ কৰাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হ’ব আৰু ইয়াৰ শিক্ষাৰ পৰা বিমুখ হ’ব, লগতে সেইমতে আমল নকৰিব, তেনেকুৱা লোকক আপুনি কৈ দিয়ক যে, “মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী ব্যক্তি, গতিকে মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তোমালোকক হিদায়ত প্ৰদান কৰাটো মোৰ দায়িত্ব নহয়।”

27:93Page 385

وَقُلِ ٱلۡحَمۡدُ لِلَّهِ سَيُرِيكُمۡ ءَايَٰتِهِۦ فَتَعۡرِفُونَهَاۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ ٩٣

And say, "[All] praise is [due] to Allāh. He will show you His signs, and you will recognize them. And your Lord is not unaware of what you do."

হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কাৰণ তেওঁ অসংখ্য অগণন নিয়ামত প্ৰদান কৰিছে। অচিৰেই আল্লাহে তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, স্বয়ং তোমালোকৰ মাজত তথা আকাশ-পৃথিৱী আৰু জীৱিকাৰ মাজত। যিবোৰ নিদৰ্শন দেখিলে তোমালোকে অতি সহজেই চিনিব পাৰিবা আৰু সত্যক আঁকোৱালি লবলৈও সহজ হ’ব। তোমালোকে যিবোৰ কৰি আছা, এইবোৰৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকক কেতিয়াও অমনোযোগী বুলি নাভাৱিবা। বৰং তেওঁ প্ৰতিটো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ অতিশীঘ্ৰে তোমালোকক ইয়াৰ প্ৰতিদান দিব।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском