Al-Mukhtasar · Tafsir · in Assamese
Ali 'Imran 3:110–146
3:110Page 64
كُنتُمۡ خَيۡرَ أُمَّةٍ أُخۡرِجَتۡ لِلنَّاسِ تَأۡمُرُونَ بِٱلۡمَعۡرُوفِ وَتَنۡهَوۡنَ عَنِ ٱلۡمُنكَرِ وَتُؤۡمِنُونَ بِٱللَّهِۗ وَلَوۡ ءَامَنَ أَهۡلُ ٱلۡكِتَٰبِ لَكَانَ خَيۡرٗا لَّهُمۚ مِّنۡهُمُ ٱلۡمُؤۡمِنُونَ وَأَكۡثَرُهُمُ ٱلۡفَٰسِقُونَ ١١٠
You are the best nation produced [as an example] for mankind. You enjoin what is right and forbid what is wrong and believe in Allāh. If only the People of the Scripture had believed, it would have been better for them. Among them are believers, but most of them are defiantly disobedient.
হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতীসকল! তোমালোকে নিজৰ ঈমান আৰু কৰ্মৰ ফালৰ পৰা আটাইতকৈ শ্ৰেষ্ঠ উম্মত, যিসকলক মানৱ জাতিৰ বাবে সৃষ্টি কৰা হৈছে। তোমালোক মানৱ জাতিৰ বাবে শুভাকাংক্ষী। তোমালোকে সেই সত্কৰ্মৰ আদেশ দিয়া যিটো চৰীয়তৰ দ্বাৰা প্ৰমাণিত তথা বিবেকেও তাক সঠিক বুলি ভাৱে। আৰু সেই অসত্কৰ্মৰ পৰা তোমালোকে নিষেধ কৰা যিটোৰ পৰা চৰীয়তে নিষেধ কৰিছে আৰু এনেকুৱা কৰ্মক বিবেকেও অসত্কৰ্ম বুলি ভাৱে। আৰু তোমালোকে আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰা যিটো তোমালোকৰ কৰ্মৰ দ্বাৰা প্ৰমাণিত। কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকলে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ হলেহেঁতেন। কিতাবধাৰীসকলৰ খুউব কম সংখ্যক লোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা পুথিৰ প্ৰতি ঈমান পোষণ কৰে। আনহাতে সিহঁতৰ অধিকাংশ লোকে আল্লাহৰ দ্বীন আৰু তেওঁৰ চৰীয়তৰ পৰা বহিষ্কৃত।
3:111Page 64
لَن يَضُرُّوكُمۡ إِلَّآ أَذٗىۖ وَإِن يُقَٰتِلُوكُمۡ يُوَلُّوكُمُ ٱلۡأَدۡبَارَ ثُمَّ لَا يُنصَرُونَ ١١١
They will not harm you except for [some] annoyance. And if they fight you, they will show you their backs [i.e., retreat]; then they will not be aided.
হে মুমিনসকল! সিহঁতে যিমানেই শত্ৰুতা নকৰক কিয়, তোমালোকক অথবা তোমালোকৰ দ্বীনক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। সিহঁতে কেৱল মৌখিক ভাৱে তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি তথা তোমালোকক উপহাস কৰি তোমালোকক কষ্ট দিব। যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৰাজিত হৈ দৌৰি পলাব আৰু তোমালোকৰ বিৰুদ্ধে সিহঁতক কোনো সহায় কৰা নহ’ব।
3:112Page 64
ضُرِبَتۡ عَلَيۡهِمُ ٱلذِّلَّةُ أَيۡنَ مَا ثُقِفُوٓاْ إِلَّا بِحَبۡلٖ مِّنَ ٱللَّهِ وَحَبۡلٖ مِّنَ ٱلنَّاسِ وَبَآءُو بِغَضَبٖ مِّنَ ٱللَّهِ وَضُرِبَتۡ عَلَيۡهِمُ ٱلۡمَسۡكَنَةُۚ ذَٰلِكَ بِأَنَّهُمۡ كَانُواْ يَكۡفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَيَقۡتُلُونَ ٱلۡأَنۢبِيَآءَ بِغَيۡرِ حَقّٖۚ ذَٰلِكَ بِمَا عَصَواْ وَّكَانُواْ يَعۡتَدُونَ ١١٢
They have been put under humiliation [by Allāh] wherever they are overtaken, except for a rope [i.e., covenant] from Allāh and a rope [i.e., treaty] from the people [i.e., the Muslims].1 And they have drawn upon themselves anger from Allāh and have been put under destitution. That is because they disbelieved in [i.e., rejected] the verses of Allāh and killed the prophets without right. That is because they disobeyed and [habitually] transgressed.
ইয়াহূদীসকল য’তেই নাথাকক কিয়, সিহঁতক চাৰিওফালৰ পৰা অপমান আৰু তিৰস্কাৰেৰে পৰিবেষ্টন কৰি ৰখা হৈছে। সিহঁত তেতিয়াই শান্তিত জীৱন নিৰ্বাহ কৰিব পাৰিব, যেতিয়া সিহঁতে অঙ্গীকাৰ পালন কৰিব অথবা আল্লাহৰ আশ্ৰয় পাব নাইবা মানুহৰ আশ্ৰয় পাব। সিহঁতে আল্লাহৰ প্ৰকোপত পৰিছে আৰু সিহঁতৰ ওপৰত আল্লাহে নিৰ্ধনতা আৰু দুৰ্ভিক্ষতা জাপি দিছে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছে লগতে এই কাৰণেও যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিছিল।
3:113Page 64
۞ لَيۡسُواْ سَوَآءٗۗ مِّنۡ أَهۡلِ ٱلۡكِتَٰبِ أُمَّةٞ قَآئِمَةٞ يَتۡلُونَ ءَايَٰتِ ٱللَّهِ ءَانَآءَ ٱلَّيۡلِ وَهُمۡ يَسۡجُدُونَ ١١٣
They are not [all] the same; among the People of the Scripture is a community1 standing [in obedience], reciting the verses of Allāh during periods of the night and prostrating [in prayer].
সকলো আহলে কিতাবৰ অৱস্থা একে নহয়। সিহঁতৰ মাজৰ এটা দল আল্লাহৰ দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল, সিহঁতে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত আছিল। সিহঁতে ৰাতিত নামাজ পঢ়া অৱস্থাত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰিছিল। এই দলটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে। সিহঁতৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগ পালে তেওঁলোকে ইছলাম গ্ৰহণ কৰিলে।
3:114Page 64
يُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَيَأۡمُرُونَ بِٱلۡمَعۡرُوفِ وَيَنۡهَوۡنَ عَنِ ٱلۡمُنكَرِ وَيُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِۖ وَأُوْلَٰٓئِكَ مِنَ ٱلصَّٰلِحِينَ ١١٤
They believe in Allāh and the Last Day, and they enjoin what is right and forbid what is wrong and hasten to good deeds. And those are among the righteous.
তেওঁলোকে আল্লাহ তথা শেষ দিৱসৰ প্ৰতি মজবুত ঈমান পোষণ কৰিছিল, তেওঁলোকে কল্যাণ তথা সত্কৰ্মৰ আদেশ দিছিল লগতে বেয়া তথা অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিছিল। তেওঁলোক নেক কামত অগ্ৰসৰ কৰিছিল লগতে তেওঁলোকে নেকি কৰাৰ বিভিন্ন মূহূৰ্তৰ পৰা উপকৃত হৈছিল। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ এনেকুৱা বান্দা, যিসকলৰ কৰ্ম আৰু নিয়্যত সঠিক।
3:115Page 64
وَمَا يَفۡعَلُواْ مِنۡ خَيۡرٖ فَلَن يُكۡفَرُوهُۗ وَٱللَّهُ عَلِيمُۢ بِٱلۡمُتَّقِينَ ١١٥
And whatever good they do - never will it be denied them. And Allāh is Knowing of the righteous.
তেওঁলোকে কম বেছি যি সত্কৰ্মই কৰিব, তেওঁলোকৰ কোনো পূণ্য অথলে নাযাব আৰু হ্ৰাসো কৰা নহ’ব। আল্লাহে অতি ভালকৈ জানে সেইসকল মুত্তাক্বী ব্যক্তিক যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। তেওঁলোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। আৰু অনতিপলমে তেওঁ তেওঁলোকৰ কৰ্মৰ প্ৰতিদান দিব।
3:116Page 65
إِنَّ ٱلَّذِينَ كَفَرُواْ لَن تُغۡنِيَ عَنۡهُمۡ أَمۡوَٰلُهُمۡ وَلَآ أَوۡلَٰدُهُم مِّنَ ٱللَّهِ شَيۡـٔٗاۖ وَأُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلنَّارِۖ هُمۡ فِيهَا خَٰلِدُونَ ١١٦
Indeed, those who disbelieve - never will their wealth or their children avail them against Allāh at all, and those are the companions of the Fire; they will abide therein eternally.
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তানে কেতিয়াও আল্লাহৰ সিদ্ধান্ত প্ৰতিৰোধ কৰিব নোৱাৰে। সিহঁতে তেওঁৰ শাস্তিও দূৰ কৰিব নোৱাৰিব আৰু তেওঁৰ দয়াও আনিব নোৱাৰিব। বৰং সিহঁতৰ শাস্তি আৰু পৰিতাপহে বৃদ্ধি পাব। এইসকল লোকেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
3:117Page 65
مَثَلُ مَا يُنفِقُونَ فِي هَٰذِهِ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَثَلِ رِيحٖ فِيهَا صِرٌّ أَصَابَتۡ حَرۡثَ قَوۡمٖ ظَلَمُوٓاْ أَنفُسَهُمۡ فَأَهۡلَكَتۡهُۚ وَمَا ظَلَمَهُمُ ٱللَّهُ وَلَٰكِنۡ أَنفُسَهُمۡ يَظۡلِمُونَ ١١٧
The example of what they spend in this worldly life is like that of a wind containing frost which strikes the harvest of a people who have wronged themselves [i.e., sinned] and destroys it. And Allāh has not wronged them, but they wrong themselves.
এই কাফিৰসকলে পূণ্যৰ পথত যি ব্যয় কৰে আৰু ইয়াৰ প্ৰতিফলৰ বাবে যি প্ৰতীক্ষা কৰে, তাৰ উদাহৰণ হৈছে, এনেকুৱা শীতল বতাহ যিটো পাপিষ্ঠ সম্প্ৰদায়ৰ খেতি ধ্বংস কৰে, যদিও সিহঁতে এই খেতিৰ পৰা বহুত কল্যাণ কামনা কৰিছিল। যিদৰে বতাহে সেই খেতি ধ্বংস কৰিলে আৰু সিহঁতে উপকৃত হব নোৱাৰিলে, সেইদৰে কুফৰে সিহঁতৰ সেই সকলো আমল ধ্বংস কৰিব যিবোৰৰ পৰা সিহঁতে কল্যাণ কামনা কৰে। দৰাচলতে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই, বৰং সিহঁতে কুফুৰ তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত নিজেই অন্যায় কৰিছে।
3:118Page 65
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَتَّخِذُواْ بِطَانَةٗ مِّن دُونِكُمۡ لَا يَأۡلُونَكُمۡ خَبَالٗا وَدُّواْ مَا عَنِتُّمۡ قَدۡ بَدَتِ ٱلۡبَغۡضَآءُ مِنۡ أَفۡوَٰهِهِمۡ وَمَا تُخۡفِي صُدُورُهُمۡ أَكۡبَرُۚ قَدۡ بَيَّنَّا لَكُمُ ٱلۡأٓيَٰتِۖ إِن كُنتُمۡ تَعۡقِلُونَ ١١٨
O you who have believed, do not take as intimates those other than yourselves [i.e., believers], for they will not spare you [any] ruin. They wish you would have hardship. Hatred has already appeared from their mouths, and what their breasts conceal is greater. We have certainly made clear to you the signs, if you will use reason.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুমিনসকলৰ বাহিৰে আন কাকো নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যাক তোমালোকে নিজৰ ভিতৰোৱা কথা আৰু বিশেষ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা। কিয়নো সিহঁতে তোমালোকৰ পৰিস্থিতি বিনষ্ট কৰাত আৰু ক্ষতি সাধন কৰাত অলপো পলম নকৰিব। সিহঁতৰ কামনা হৈছে তোমালোকে কষ্টত পতিত হোৱা। তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি, তোমালোকৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰি আৰু তোমালোকৰ ভিতৰোৱা কথাসমূহ প্ৰকাশ কৰি, সিহঁতে নিজ মুখেৰে শত্ৰুতা আৰু বিদ্বেষ প্ৰকাশ কৰিছে। আৰু যি ঘৃণা সিহঁতে নিজৰ অন্তৰত গোপন ৰাখিছে, সেয়া ইয়াতকৈয়ো অধিক ডাঙৰ। হে মুমিনসকল! আমি তোমালোকৰ সন্মুখত স্পষ্ট প্ৰমাণসমূহ বৰ্ণনা কৰিছো, যাৰ মাজত আছে তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ। যদিহে তোমালোকে নিজ প্ৰতিপালকৰ আয়াতসমূহ বুজা।
3:119Page 65
هَٰٓأَنتُمۡ أُوْلَآءِ تُحِبُّونَهُمۡ وَلَا يُحِبُّونَكُمۡ وَتُؤۡمِنُونَ بِٱلۡكِتَٰبِ كُلِّهِۦ وَإِذَا لَقُوكُمۡ قَالُوٓاْ ءَامَنَّا وَإِذَا خَلَوۡاْ عَضُّواْ عَلَيۡكُمُ ٱلۡأَنَامِلَ مِنَ ٱلۡغَيۡظِۚ قُلۡ مُوتُواْ بِغَيۡظِكُمۡۗ إِنَّ ٱللَّهَ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ١١٩
Here you are loving them but they are not loving you, while you believe in the Scripture - all of it.1 And when they meet you, they say, "We believe." But when they are alone, they bite their fingertips at you in rage. Say, "Die in your rage. Indeed, Allāh is Knowing of that within the breasts."
হে মুমিনসকল! তোমালোকে সিহঁতক মুহাব্বত কৰা আৰু সিহঁতৰ কল্যাণ কামনা কৰা, অথচ সিহঁতে তোমালোকক ভাল নাপায় আৰু তোমালোকৰ কল্যাণো নিবিচাৰে, বৰং বিপৰীতে তোমালোকৰ লগত শত্ৰুতা পোষণ কৰে। তোমালোকে সকলো পুথিৰ প্ৰতি বিশ্বাস পোষণ কৰা, যাৰ মাজত সিহঁতৰ পুথিও আছে, কিন্তু সিহঁতে সেই পুথিৰ প্ৰতি ঈমান পোষণ নকৰে যিটো আল্লাহে তোমালোকৰ নবীৰ প্ৰতি অৱতীৰ্ণ কৰিছে। সিহঁতে যেতিয়া তোমালোকৰ লগত মিলিত হয়, তেতিয়া মৌখিক ভাৱে স্বীকাৰ কৰে যে, আমি সত্য মানি লৈছো, কিন্তু যেতিয়া অকলশৰীয়া অৱস্থাত থাকে, তেতিয়া তোমালোকৰ একতা, অখণ্ডতা আৰু ইছলামৰ শক্তি তথা নিজৰ অপমান দেখি ক্ৰোধ আৰু দুখত নিজৰে আঙুলি কামুৰে। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এই অৱস্থাতেই থাকা, অৱশেষত ক্ৰোধ আৰু দুখৰ ফলতে মৃত্যুবৰণ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ অন্তৰৰ ঈমান আৰু কুফুৰী তথা সৎ আৰু অসৎ সংকল্প সম্পৰ্কে অৱগত।
3:120Page 65
إِن تَمۡسَسۡكُمۡ حَسَنَةٞ تَسُؤۡهُمۡ وَإِن تُصِبۡكُمۡ سَيِّئَةٞ يَفۡرَحُواْ بِهَاۖ وَإِن تَصۡبِرُواْ وَتَتَّقُواْ لَا يَضُرُّكُمۡ كَيۡدُهُمۡ شَيۡـًٔاۗ إِنَّ ٱللَّهَ بِمَا يَعۡمَلُونَ مُحِيطٞ ١٢٠
If good touches you, it distresses them; but if harm strikes you, they rejoice at it. And if you are patient and fear Allāh, their plot will not harm you at all. Indeed, Allāh is encompassing of what they do.
হে মুমিনসকল! তোমালোকে যদি কোনো নিয়ামত প্ৰাপ্ত হোৱা, যেনে- শত্ৰুৰ ওপৰত বিজয় অথবা অধিক ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ অধিকাৰী হোৱা, তেন্তে সিহঁতে কষ্ট পায় আৰু চিন্তিত হয়। আনহাতে তোমালোকে কোনো বিপদগ্ৰস্ত হলে, যেনে- শত্ৰুসকল জিকিলে অথবা ধন-সম্পত্তি তথা সন্তান-সন্ততিত কোনো ক্ষতি সাধন হলে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে। কিন্তু যদি তোমালোকে আল্লাহৰ আদেশ আৰু ভাগ্যৰ ওপৰত ধৈৰ্য ধাৰণ কৰা আৰু তেওঁৰ ক্ৰোধৰ পৰা বাচি থাকা তেন্তে সিহঁতৰ ষড়যন্ত্ৰ আৰু কষ্টই তোমালোকক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। নিশ্চয় আল্লাহে সিহঁতৰ চক্ৰান্তক পৰিবেষ্টন কৰি ৰাখিছে আৰু নিশ্চয় তেওঁ সিহঁতক অসফল কৰি পঠাব।
3:121Page 65
وَإِذۡ غَدَوۡتَ مِنۡ أَهۡلِكَ تُبَوِّئُ ٱلۡمُؤۡمِنِينَ مَقَٰعِدَ لِلۡقِتَالِۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ ١٢١
And [remember] when you, [O Muḥammad], left your family in the morning to post the believers at their stations for the battle [of Uḥud] - and Allāh is Hearing and Knowing -
হে নবী! স্মৰণ কৰক, যেতিয়া আপুনি দিনৰ অগ্ৰভাগতে মদিনাৰ পৰা উহূদলৈ ৰাওনা হৈছিল মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ, য’ত আপুনি মুমিনসকলক যুদ্ধৰ বাবে সাজু কৰি আছিল, প্ৰত্যেককে আপুনি নিজৰ নিজৰ স্থান দেখুৱাই দিছিল। নিশ্চয় আল্লাহে আপোনালোকৰ কথা শ্ৰৱণ কৰে আৰু আপোনালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।
3:122Page 66
إِذۡ هَمَّت طَّآئِفَتَانِ مِنكُمۡ أَن تَفۡشَلَا وَٱللَّهُ وَلِيُّهُمَاۗ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ ١٢٢
When two parties among you were about to lose courage, but Allāh was their ally; and upon Allāh the believers should rely.
হে নবী! স্মৰণ কৰক সেই ঘটনা, যিটো সংঘটিত হৈছিল মুমিনসকলৰ দুটা দল বনী ছালিমা আৰু বনী হাৰিছাৰ মাজত, যেতিয়া সিহঁতে দুৰ্বল হৈ গল আৰু মুনাফিকসকলৰ লগত উভতি অহাৰ সিদ্ধান্ত ললে, অথচ আল্লাহে তেওঁলোকক যুদ্ধত দৃঢ়তা প্ৰদান কৰি তথা তেওঁলোকক তেওঁলোকৰ এই সিদ্ধান্তৰ পৰা আঁতৰাই তেওঁলোকক সহায় কৰিব। আৰু মুমিনসকলে নিজৰ সকলো পৰিস্থিতিতে আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
3:123Page 66
وَلَقَدۡ نَصَرَكُمُ ٱللَّهُ بِبَدۡرٖ وَأَنتُمۡ أَذِلَّةٞۖ فَٱتَّقُواْ ٱللَّهَ لَعَلَّكُمۡ تَشۡكُرُونَ ١٢٣
And already had Allāh given you victory at [the battle of] Badr while you were weak [i.e., few in number]. Then fear Allāh; perhaps you will be grateful.
নিশ্চয় আল্লাহে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰিছে, যেতিয়া তোমালোক সংখ্যাত আৰু অস্ত্ৰবলৰ ক্ষেত্ৰত দুৰ্বল আছিলা। এতেকে আল্লাহক ভয় কৰা, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা।
3:124Page 66
إِذۡ تَقُولُ لِلۡمُؤۡمِنِينَ أَلَن يَكۡفِيَكُمۡ أَن يُمِدَّكُمۡ رَبُّكُم بِثَلَٰثَةِ ءَالَٰفٖ مِّنَ ٱلۡمَلَٰٓئِكَةِ مُنزَلِينَ ١٢٤
[Remember] when you said to the believers, "Is it not sufficient for you that your Lord should reinforce you with three thousand angels sent down?
হে নবী! স্মৰণ কৰক, যেতিয়া মুমিনসকলে বদৰৰ যুদ্ধত মুশ্বৰিকসকলৰ সহায়ৰ খবৰ পালে, তেতিয়া মই তেওঁলোকক সাহস প্ৰদান কৰি কৈছিলোঃ এইটো তোমালোকৰ বাবে যথেষ্ট নহয়নে যে, আল্লাহে তোমালোকক আকাশৰ পৰা অৱতীৰ্ণ তিনি হাজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যাতে তোমালোকে যুদ্ধত অটল থাকিব পাৰা।
3:125Page 66
بَلَىٰٓۚ إِن تَصۡبِرُواْ وَتَتَّقُواْ وَيَأۡتُوكُم مِّن فَوۡرِهِمۡ هَٰذَا يُمۡدِدۡكُمۡ رَبُّكُم بِخَمۡسَةِ ءَالَٰفٖ مِّنَ ٱلۡمَلَٰٓئِكَةِ مُسَوِّمِينَ ١٢٥
Yes, if you remain patient and conscious of Allāh and they [i.e., the enemy] come upon you [attacking] in rage, your Lord will reinforce you with five thousand angels having marks [of distinction]."
কিয় নহব, নিশ্চয় এয়া তোমালোকৰ বাবে যথেষ্ট। ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আৰু এটা শুভ সংবাদ আছে, যদি তোমালোকে যুদ্ধত ধৈৰ্য ধাৰণ কৰা আৰু আল্লাহক ভয় কৰা, পক্ষান্তৰে তোমালোকৰ শত্ৰুৱে যদি জৰুৰীকালীন সহায় প্ৰাপ্ত হয় আৰু সিহঁতে তোমালোকৰ ওপৰত আক্ৰমণ কৰে, যদি তোমালোক এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা তেন্তে তোমালোকৰ প্ৰতিপালকে তোমালোকক এনেকুৱা পাঁচ হাজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব যিসকল প্ৰশিক্ষণপ্ৰাপ্ত আৰু তেওঁলোকৰ ঘোড়াৰ থাকিব স্পষ্ট চিহ্ন।
3:126Page 66
وَمَا جَعَلَهُ ٱللَّهُ إِلَّا بُشۡرَىٰ لَكُمۡ وَلِتَطۡمَئِنَّ قُلُوبُكُم بِهِۦۗ وَمَا ٱلنَّصۡرُ إِلَّا مِنۡ عِندِ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ ١٢٦
And Allāh made it not except as [a sign of] good tidings for you and to reassure your hearts thereby. And victory is not except from Allāh, the Exalted in Might, the Wise -
আৰু ফিৰিস্তাসকলৰ দ্বাৰা এই সহায়ক আল্লাহে কেৱল তোমালোকৰ বাবে এটা শুভসংবাদহে বনাই দিছিল, যাতে তোমালোকৰ অন্তৰ সন্তুষ্ট হয়। অন্যথা প্ৰকৃততে সহায় কেৱল প্ৰকাশ্য কাৰণতে নহয়, বৰং প্ৰকৃত সহায় সেই মহাপৰাক্ৰমশালী আল্লাহৰ পৰা আহে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, যিজন পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত মহাপ্ৰজ্ঞাৱান।
3:127Page 66
لِيَقۡطَعَ طَرَفٗا مِّنَ ٱلَّذِينَ كَفَرُوٓاْ أَوۡ يَكۡبِتَهُمۡ فَيَنقَلِبُواْ خَآئِبِينَ ١٢٧
That He might cut down a section of the disbelievers or suppress them so that they turn back disappointed.
বদৰৰ যুদ্ধত তোমালোকে যি সহায় পাইছিলা, ইয়াৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য আছিল কাফিৰসকলৰ এটা দলক হত্যা কৰি নিঃশেষ কৰা। আৰু আনটো দলক অপমানিত কৰা তথা সিহঁতৰ পৰাজয়ত সিহঁতক ক্ৰোধান্বিত কৰা, তাৰ পিছত যাতে সিহঁতে অপমানিত হৈ আৰু অসফল হৈ উভতি যায়।
3:128Page 66
لَيۡسَ لَكَ مِنَ ٱلۡأَمۡرِ شَيۡءٌ أَوۡ يَتُوبَ عَلَيۡهِمۡ أَوۡ يُعَذِّبَهُمۡ فَإِنَّهُمۡ ظَٰلِمُونَ ١٢٨
Not for you, [O Muḥammad, but for Allāh], is the decision whether He should [cut them down] or forgive them or punish them, for indeed, they are wrongdoers.
যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদৰ ময়দামত মুশ্বৰিকসকলৰ অত্যাচাৰ সহ্য কৰাৰ পিছত সিহঁতৰ বাবে ধ্বংস দুআ কৰিলে, তেতিয়া আল্লাহে কলেঃ সিহঁতৰ বিষয়টো আপোনাৰ হাতত নহয়, বৰং বিষয়টো আল্লাহৰ হাতত। এতেকে আপুনি ধৈৰ্য ধাৰণ কৰক, যেতিয়ালৈকে আল্লাহে আপোনালোকৰ মাজত কোনো সিদ্ধান্ত নলয়। অথবা সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ তাওবাৰ তাওফীক নিদিয়ে নাইবা সিহঁতে কুফৰৰ শাস্তি ভোগ নকৰালৈকে। কাৰণ সিহঁত অন্যায়কাৰী, সেয়ে সিহঁত শাস্তি ভোগ কৰাৰ যোগ্য।
3:129Page 66
وَلِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ يَغۡفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ ١٢٩
And to Allāh belongs whatever is in the heavens and whatever is on the earth. He forgives whom He wills and punishes whom He wills. And Allāh is Forgiving and Merciful.
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেৱেঁই সেই সকলোবোৰকে সৃষ্টি কৰিছে আৰু তেৱেঁই পৰিচালনা কৰে। তেওঁ নিজ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে, নিজৰ দয়াত ক্ষমা কৰি দিয়ে। আৰু যাক ইচ্ছা কৰে ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰে। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
3:130Page 66
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَأۡكُلُواْ ٱلرِّبَوٰٓاْ أَضۡعَٰفٗا مُّضَٰعَفَةٗۖ وَٱتَّقُواْ ٱللَّهَ لَعَلَّكُمۡ تُفۡلِحُونَ ١٣٠
O you who have believed, do not consume usury, doubled and multiplied, but fear Allāh that you may be successful.
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! নিজৰ মূল ধনৰ ওপৰত চক্ৰবৃদ্ধি হাৰত সুত লোৱাৰ পৰা বিৰত থাকা। যিদৰে অজ্ঞতা যুগৰ লোকসকলে লৈছিল। আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে পৃথিৱী আৰু আখিৰাতত যিটো কল্যাণ তোমালোকে বিচৰা সেইটো পাব পাৰা।
3:131Page 66
وَٱتَّقُواْ ٱلنَّارَ ٱلَّتِيٓ أُعِدَّتۡ لِلۡكَٰفِرِينَ ١٣١
And fear the Fire, which has been prepared for the disbelievers.
আৰু তোমালোকে নিজকে সেই অগ্নিৰ পৰা ৰক্ষা কৰাৰ পথ অৱলম্বন কৰা যিটো আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰিছে। আৰু এয়া নেক আমলৰ জৰিয়তে আৰু হাৰাম বস্তু পৰিত্যাগ কৰাৰ জৰিয়তেহে সম্ভৱ।
3:132Page 66
وَأَطِيعُواْ ٱللَّهَ وَٱلرَّسُولَ لَعَلَّكُمۡ تُرۡحَمُونَ ١٣٢
And obey Allāh and the Messenger that you may obtain mercy.
তোমালোকে আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুসমূহ পৰিত্যাগ কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যাতে তোমালোকে পৃথিৱী আৰু আখিৰাতত দয়া লাভ কৰিব পাৰা।
3:133Page 67
۞ وَسَارِعُوٓاْ إِلَىٰ مَغۡفِرَةٖ مِّن رَّبِّكُمۡ وَجَنَّةٍ عَرۡضُهَا ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ أُعِدَّتۡ لِلۡمُتَّقِينَ ١٣٣
And hasten to forgiveness from your Lord and a garden [i.e., Paradise] as wide as the heavens and earth, prepared for the righteous
সত্কৰ্ম কৰিবলৈ আৰু বিভিন্ন প্ৰকাৰৰ পূণ্যৰ কামৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰিবলৈ খৰধৰ কৰা, যাতে তোমালোকে আল্লাহৰ মহান ক্ষমা প্ৰাপ্ত হোৱা আৰু এনেকুৱা জান্নাতত প্ৰৱেশ কৰিব পাৰা যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান। সেইটো আল্লাহৰ মুত্তাক্বী বান্দাসকলৰ বাবে তৈয়াৰ কৰা হৈছে।
3:134Page 67
ٱلَّذِينَ يُنفِقُونَ فِي ٱلسَّرَّآءِ وَٱلضَّرَّآءِ وَٱلۡكَٰظِمِينَ ٱلۡغَيۡظَ وَٱلۡعَافِينَ عَنِ ٱلنَّاسِۗ وَٱللَّهُ يُحِبُّ ٱلۡمُحۡسِنِينَ ١٣٤
Who spend [in the cause of Allāh] during ease and hardship and who restrain anger and who pardon the people - and Allāh loves the doers of good;
মুত্তাক্বী হৈছে সেই সকল লোক যিসকলে সুবিধা আৰু অসুবিধা সকলো পৰিস্থিতিতেই নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তথা প্ৰতিশোধ লোৱাৰ সামৰ্থ থকা সত্বেও তেওঁলোকে প্ৰতিশোধ নলয়, আৰু অন্যায়কাৰী সকলক ক্ষমা কৰি দিয়ে। আল্লাহে এনেকুৱা চৰিত্ৰৰ নেক লোকসকলক পছন্দ কৰে।
3:135Page 67
وَٱلَّذِينَ إِذَا فَعَلُواْ فَٰحِشَةً أَوۡ ظَلَمُوٓاْ أَنفُسَهُمۡ ذَكَرُواْ ٱللَّهَ فَٱسۡتَغۡفَرُواْ لِذُنُوبِهِمۡ وَمَن يَغۡفِرُ ٱلذُّنُوبَ إِلَّا ٱللَّهُ وَلَمۡ يُصِرُّواْ عَلَىٰ مَا فَعَلُواْ وَهُمۡ يَعۡلَمُونَ ١٣٥
And those who, when they commit an immorality or wrong themselves [by transgression], remember Allāh and seek forgiveness for their sins - and who can forgive sins except Allāh? - and [who] do not persist in what they have done while they know.
এইসকল লোকেই যেতিয়া কোনো ডাঙৰ গুনাহ কৰি পেলায় অথবা কোনো সৰু গুনাহ কৰি নিজৰ ছোৱাব হ্ৰাস কৰে, তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে তথা মুত্তাক্বীসকলৰ বাবে দিয়া আল্লাহৰ প্ৰতিশ্ৰুতি আৰু পাপিষ্ঠসকলৰ বাবে দিয়া আল্লাহৰ সতৰ্কবাণী স্মৰণ কৰে। লগতে তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত লজ্জিত হৈ গুনাহসমূহ গোপন কৰাৰ আৰু শাস্তি নিদিবলৈ প্ৰাৰ্থনা কৰে। কিয়নো আল্লাহৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা নকৰে। আৰু তেওঁলোকে গুনাহ কৰাৰ পিছত গুনাহৰ ওপৰত অটল নাথাকে। নিশ্চয় আল্লাহে সকলো গুনাহ ক্ষমা কৰে।
3:136Page 67
أُوْلَٰٓئِكَ جَزَآؤُهُم مَّغۡفِرَةٞ مِّن رَّبِّهِمۡ وَجَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَنِعۡمَ أَجۡرُ ٱلۡعَٰمِلِينَ ١٣٦
Those - their reward is forgiveness from their Lord and gardens beneath which rivers flow [in Paradise], wherein they will abide eternally; and excellent is the reward of the [righteous] workers.
এইবোৰ ভাল বৈশিষ্ট্য আৰু উত্তম অভ্যাসৰ অধিকাৰী ব্যক্তিসকলৰ প্ৰতিদান এই যে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ গোপন কৰিব আৰু তেওঁলোকক ক্ষমা কৰি দিব। তেওঁলোকৰ বাবে আখিৰাতত থাকিব এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলেদি নিজৰা প্ৰবাহিত হব। তেওঁলোকে তাত চিৰস্থায়ী হ’ব। আল্লাহৰ আনুগত্যকাৰী সকলৰ বাবে এইটো কিমান যে উত্তম প্ৰতিদান।
3:137Page 67
قَدۡ خَلَتۡ مِن قَبۡلِكُمۡ سُنَنٞ فَسِيرُواْ فِي ٱلۡأَرۡضِ فَٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُكَذِّبِينَ ١٣٧
Similar situations [as yours] have passed on before you, so proceed throughout the earth and observe how was the end of those who denied.
উহুদৰ দিনা মুমিনসকলক বিপদত পেলাই পৰীক্ষা কৰা হৈছিল। সেয়ে আল্লাহে তেওঁলোকক সান্ত্বনা প্ৰদান কৰি কৈছেঃ তোমালোকৰ পূৰ্বেও কাফিৰসকলক বিনাশ কৰিবলৈ তথা মুমিনসকলক পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ পৰিণাম মঙ্গলময় কৰাৰ কেইবাটাও ঐশী উদাহৰণ পূৰ্বেই অতিবাহিত হৈছে। এতেকে তোমালোকে পৃথিৱীত বিচৰণ কৰা আৰু পাঠ গ্ৰহণ কৰা উদ্দেশ্যে চোৱা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তিসকলৰ পৰিণাম কি হৈছিল। সিহঁতৰ ঘৰ দুৱাৰ জনশূন্য হৈছিল আৰু সিহঁতৰ সাম্ৰাজ্য সমাপ্ত হৈছিল।
3:138Page 67
هَٰذَا بَيَانٞ لِّلنَّاسِ وَهُدٗى وَمَوۡعِظَةٞ لِّلۡمُتَّقِينَ ١٣٨
This [Qur’ān] is a clear statement to [all] the people and a guidance and instruction for those conscious of Allāh.
এই কোৰআনে সত্য বৰ্ণনা কৰে তথা গোটেই মানৱ জাতিক অসত্যৰ পৰা সতৰ্ক কৰে। লগতে ই হিদায়তৰ পথপ্ৰদৰ্শক তথা মুত্তাক্বীসকলৰ বাবে সতৰ্কবাণী। কাৰণ এওঁলোকেই ইয়াৰ পথপ্ৰদৰ্শন আৰু হিদায়তৰ পৰা উপকৃত হয়।
3:139Page 67
وَلَا تَهِنُواْ وَلَا تَحۡزَنُواْ وَأَنتُمُ ٱلۡأَعۡلَوۡنَ إِن كُنتُم مُّؤۡمِنِينَ ١٣٩
So do not weaken and do not grieve, and you will be superior if you are [true] believers.
হে মুমিনসকল! তোমালোকে দুৰ্বল নহবা আৰু উহুদৰ ময়দানত পোৱা কষ্টৰ প্ৰতি দুখ নকৰিবা। এয়া তোমালোকৰ বাবে উচিতো নহয়। তোমালোকেই সৰ্বোচ্চ কিয়নো তোমালোক মুমিন। আল্লাহৰ সহায় আৰু তেওঁৰ সহযোগিতা কামনা কৰাৰ কাৰণে তোমালোকেই সৰ্বোচ্চ। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ মুত্তাক্বী বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতিক বিশ্বাস কৰা।
3:140Page 67
إِن يَمۡسَسۡكُمۡ قَرۡحٞ فَقَدۡ مَسَّ ٱلۡقَوۡمَ قَرۡحٞ مِّثۡلُهُۥۚ وَتِلۡكَ ٱلۡأَيَّامُ نُدَاوِلُهَا بَيۡنَ ٱلنَّاسِ وَلِيَعۡلَمَ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ وَيَتَّخِذَ مِنكُمۡ شُهَدَآءَۗ وَٱللَّهُ لَا يُحِبُّ ٱلظَّٰلِمِينَ ١٤٠
If a wound should touch you - there has already touched the [opposing] people a wound similar to it. And these days [of varying conditions] We alternate among the people so that Allāh may make evident those who believe and [may] take to Himself from among you martyrs - and Allāh does not like the wrongdoers -
হে মুমিনসকল! যদি তোমালোকে আঘাত প্ৰাপ্ত হৈছা আৰু তোমালোকৰ মাজৰ কিছুমানে শ্বাহাদত বৰণ কৰিছে তেন্তে সেইদৰে কাফিৰসকলেও আঘাত প্ৰাপ্ত হৈছে আৰু সিহঁতৰো কিছুমান নিহত হৈছে। আল্লাহে দিনবোৰক মুমিন আৰু কাফিৰসকলৰ মাজত যিদৰে ইচ্ছা কৰে বিজয় আৰু পৰাজয়ত পৰিবৰ্তন কৰি থাকে। ইয়াৰ অন্তৰালত আছে কেইবাটাও হিকমত, তাৰে এটা হৈছে, মুমিনসকলে যাতে মুনাফিকসকলৰ বাস্তৱতা গম পায়। আন এটা হিকমত এই যে, আল্লাহে যাক ইচ্ছা কৰে তেওঁৰ পথত শ্বাহাদত নচীব কৰে। আল্লাহৰ পথৰ জিহাদ পৰিত্যাগ কৰি নিজৰ ওপৰত অন্যায় কৰা ব্যক্তিক আল্লাহে কেতিয়াও পছন্দ নকৰে।
3:141Page 68
وَلِيُمَحِّصَ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ وَيَمۡحَقَ ٱلۡكَٰفِرِينَ ١٤١
And that Allāh may purify the believers [through trials] and destroy the disbelievers.
আন এটা হিকমত হৈছে এই যে, মুমিনসকলক গুনাহৰ পৰা পৱিত্ৰ কৰা আৰু মুমিনসকলৰ শাৰী মুনাফিক মুক্ত কৰা। যাতে আল্লাহে কাফিৰসকলক ধ্বংস কৰে আৰু সিহঁতক পৃথিৱীৰ পৰা মচি দিয়ে।
3:142Page 68
أَمۡ حَسِبۡتُمۡ أَن تَدۡخُلُواْ ٱلۡجَنَّةَ وَلَمَّا يَعۡلَمِ ٱللَّهُ ٱلَّذِينَ جَٰهَدُواْ مِنكُمۡ وَيَعۡلَمَ ٱلصَّٰبِرِينَ ١٤٢
Or do you think that you will enter Paradise while Allāh has not yet made evident those of you who fight in His cause and made evident those who are steadfast?
হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, কোনো পৰীক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে এনেই জান্নাতত প্ৰৱেশ কৰিবা, আল্লাহৰ পথত আন্তৰিকতাৰে জিহাদকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ আৰু এই পথত অহা বিপদত ধৈৰ্য ধাৰণকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ?
3:143Page 68
وَلَقَدۡ كُنتُمۡ تَمَنَّوۡنَ ٱلۡمَوۡتَ مِن قَبۡلِ أَن تَلۡقَوۡهُ فَقَدۡ رَأَيۡتُمُوهُ وَأَنتُمۡ تَنظُرُونَ ١٤٣
And you had certainly wished for death [i.e., martyrdom] before you encountered it, and you have [now] seen it [before you] while you were looking on.
হে মুমিনসকল! তোমালোকে দেখুন মৃত্যু আৰু ইয়াৰ কঠিন মূহূৰ্তৰ সন্মুখীন হোৱাৰ পূৰ্বে কাফিৰসকলৰ লগত মুখামখী হোৱাৰ কামনা কৰিছিলা, যাতে তোমালোকেও নিজৰ সেই ভাতৃসকলৰ দৰে আল্লাহৰ পথত শ্বহীদ হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰা, যিসকলে বদৰৰ যুদ্ধত শ্বহীদ হৈছিল। চোৱা, এতিয়া তোমালোকে উহুদৰ ময়দানত সেই দৃশ্য নিজ চকুৰে দেখিলা যিটো তোমালোকে কামনা কৰিছিলা।
3:144Page 68
وَمَا مُحَمَّدٌ إِلَّا رَسُولٞ قَدۡ خَلَتۡ مِن قَبۡلِهِ ٱلرُّسُلُۚ أَفَإِيْن مَّاتَ أَوۡ قُتِلَ ٱنقَلَبۡتُمۡ عَلَىٰٓ أَعۡقَٰبِكُمۡۚ وَمَن يَنقَلِبۡ عَلَىٰ عَقِبَيۡهِ فَلَن يَضُرَّ ٱللَّهَ شَيۡـٔٗاۚ وَسَيَجۡزِي ٱللَّهُ ٱلشَّٰكِرِينَ ١٤٤
Muḥammad is not but a messenger. [Other] messengers have passed on before him. So if he was to die or be killed, would you turn back on your heels [to unbelief]? And he who turns back on his heels will never harm Allāh at all; but Allāh will reward the grateful.
আৰু মুহাম্মদো আল্লাহৰ অন্য ৰাছুলৰ দৰেই এজন ৰাছুল, যিসকল মৃত্যু বৰণ কৰিছে অথবা হত্যা কৰা হৈছে। যদি এওঁ মৃত্যুবৰণ কৰে অথবা তেওঁক হত্যা কৰা হয় তেন্তে তোমালোকে ইছলামৰ পৰা আঁতৰি যাবা নেকি, আৰু জিহাদ এৰি দিবা নেকি? শুনা! তোমালোকৰ মাজৰ যিয়ে দ্বীন ত্যাগ কৰিব, ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। কিয়নো তেওঁ মহান পৰাক্ৰমশালী। আৰু ধৰ্ম পৰিত্যাগকাৰী ব্যক্তিয়ে নিজৰেই ক্ষতি সাধন কৰিব, ফলত সি পৃথিৱী আৰু আখিৰাত উভয়তে ক্ষতিগ্ৰস্ত হব। আল্লাহে কৃতজ্ঞতা জ্ঞাপনকাৰী সকলক তেওঁৰ দ্বীনৰ ওপৰত অটল ৰাখি আৰু তেওঁৰ পথত জিহাদ কৰাৰ তাওফীক প্ৰদান কৰি আটাইতকৈ উত্তম প্ৰতিদান দান কৰিব।
3:145Page 68
وَمَا كَانَ لِنَفۡسٍ أَن تَمُوتَ إِلَّا بِإِذۡنِ ٱللَّهِ كِتَٰبٗا مُّؤَجَّلٗاۗ وَمَن يُرِدۡ ثَوَابَ ٱلدُّنۡيَا نُؤۡتِهِۦ مِنۡهَا وَمَن يُرِدۡ ثَوَابَ ٱلۡأٓخِرَةِ نُؤۡتِهِۦ مِنۡهَاۚ وَسَنَجۡزِي ٱلشَّٰكِرِينَ ١٤٥
And it is not [possible] for one to die except by permission of Allāh at a decree determined. And whoever desires the reward of this world - We will give him thereof; and whoever desires the reward of the Hereafter - We will give him thereof. And We will reward the grateful.
প্ৰত্যেক প্ৰাণী সেই সময়তে মৃত্যু বৰণ কৰে যেতিয়া আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰি দিয়া সময় সমাপ্ত হোৱাৰ পিছত তাৰ নিশ্চিত সময় আহি পৰে। সেই সময়তকৈ আগুৱাইয়ো যাব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। যিয়ে নিজৰ আমলৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ ফলাফল বিচাৰে, আমি তাক তাৰ ভাগ্যত লিখা অনুসাৰে প্ৰদান কৰো কিন্তু আখিৰাতত সি কোনো অংশ নাপাব। আনহাতে যিয়ে নিজৰ আমলৰ বিনিময়ত আখিৰাতৰ প্ৰতিদান বিচাৰে, আমি তাক তাৰ প্ৰতিদান প্ৰদান কৰিম। আৰু আমি অতিশীঘ্ৰে তেওঁলোকক মহাপ্ৰতিদান প্ৰদান কৰিম যিসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।
3:146Page 68
وَكَأَيِّن مِّن نَّبِيّٖ قَٰتَلَ مَعَهُۥ رِبِّيُّونَ كَثِيرٞ فَمَا وَهَنُواْ لِمَآ أَصَابَهُمۡ فِي سَبِيلِ ٱللَّهِ وَمَا ضَعُفُواْ وَمَا ٱسۡتَكَانُواْۗ وَٱللَّهُ يُحِبُّ ٱلصَّٰبِرِينَ ١٤٦
And how many a prophet [fought in battle and] with him fought many religious scholars. But they never lost assurance due to what afflicted them in the cause of Allāh, nor did they weaken or submit. And Allāh loves the steadfast.
আল্লাহৰ নবীসকলৰ মাজত এনেকুৱা বহুতো নবী আছে যিসকলৰ লগত মিলি তেওঁলোকৰ অনুসাৰীসকলৰ ডাঙৰ ডাঙৰ দলে যুদ্ধ কৰিছে। এতেকে তেওঁলোকে আল্লাহৰ পথত হোৱা হত্যা আৰু আঘাতক ভয় কৰি যুদ্ধত সাহস হেৰুৱা নাছিল আৰু শত্ৰুৰ লগত যুদ্ধ কৰাত দুৰ্বলো হোৱা নাছিল লগতে সিহঁতৰ সন্মুখত নতজানুও হোৱা নাছিল। বৰং তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু অটল আছিল। নিশ্চয় আল্লাহে তেওঁৰ পথৰ কঠিন অৱস্থাত ধৈৰ্য ধাৰণকাৰী সকলক পছন্দ কৰে।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences