Al-MukhtasarAli 'Imran · 3:147–178

Al-Mukhtasar · Tafsir · in Assamese

Ali 'Imran 3:147–178

3:147Page 68

وَمَا كَانَ قَوۡلَهُمۡ إِلَّآ أَن قَالُواْ رَبَّنَا ٱغۡفِرۡ لَنَا ذُنُوبَنَا وَإِسۡرَافَنَا فِيٓ أَمۡرِنَا وَثَبِّتۡ أَقۡدَامَنَا وَٱنصُرۡنَا عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ ١٤٧

And their words were not but that they said, "Our Lord, forgive us our sins and the excess [committed] in our affairs and plant firmly our feet and give us victory over the disbelieving people."

যেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহিল তেতিয়া তেওঁলোকে কেৱল এই বাক্য কলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহক আৰু সীমালংঘন কাৰ্যক ক্ষমা কৰি দিয়া লগতে শত্ৰুৰ মুখামুখী হোৱাৰ সময়ত আমাক অটল ৰাখিবা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।

3:148Page 68

فَـَٔاتَىٰهُمُ ٱللَّهُ ثَوَابَ ٱلدُّنۡيَا وَحُسۡنَ ثَوَابِ ٱلۡأٓخِرَةِۗ وَٱللَّهُ يُحِبُّ ٱلۡمُحۡسِنِينَ ١٤٨

So Allāh gave them the reward of this world and the good reward of the Hereafter. And Allāh loves the doers of good.

ফলত আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনৰ বিনিময়স্বৰূপে সহায় কৰিলে আৰু ৰাজত্ব প্ৰদান কৰিলে। আৰু আখিৰাতৰ বিনিময়স্বৰূপে আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ গল লগতে চিৰস্থায়ী জান্নাতত চিৰস্থায়ী নিয়ামত প্ৰদান কৰিলে। নিশ্চয় আল্লাহে উত্তমভাৱে ইবাদতকাৰী ব্যক্তি সকলক আৰু উত্তম ব্যৱহাৰকাৰী ব্যক্তি সকলক ভালপায়।

3:149Page 69

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِن تُطِيعُواْ ٱلَّذِينَ كَفَرُواْ يَرُدُّوكُمۡ عَلَىٰٓ أَعۡقَٰبِكُمۡ فَتَنقَلِبُواْ خَٰسِرِينَ ١٤٩

O you who have believed, if you obey those who disbelieve, they will turn you back on your heels, and you will [then] become losers.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে ইয়াহুদী খৃষ্টান আৰু মুশ্বৰিক আদি কাফিৰসকলৰ সেই সমূহ আদেশ মানি লোৱা যিবোৰৰ দ্বাৰা সিহঁতে তোমালোকক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব বিচাৰে, তেন্তে সিহঁতে তোমালোকক ঈমানৰ পিছত পুনৰ কাফিৰ অৱস্থালৈ আঁতৰাই নিব। এনে কৰিলে তোমালোক পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।

3:150Page 69

بَلِ ٱللَّهُ مَوۡلَىٰكُمۡۖ وَهُوَ خَيۡرُ ٱلنَّٰصِرِينَ ١٥٠

But Allāh is your protector, and He is the best of helpers.

তোমালোকে এইসকল কাফিৰৰ কথা মানিলেও সিহঁতে কিন্তু তোমালোকক কেতিয়াও সহায় নকৰে, বৰং একমাত্ৰ আল্লাহেই তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে তোমালোকক সহায় কৰিব। সেয়ে তোমালোকে কেৱল তেওঁৰেই আনুগত্য কৰা। তেৱেঁই উত্তম সহায়ক। তেওঁৰ সহায়ৰ পিছত তোমালোকক আন কাৰো আৱশ্যকতা নাই।

3:151Page 69

سَنُلۡقِي فِي قُلُوبِ ٱلَّذِينَ كَفَرُواْ ٱلرُّعۡبَ بِمَآ أَشۡرَكُواْ بِٱللَّهِ مَا لَمۡ يُنَزِّلۡ بِهِۦ سُلۡطَٰنٗاۖ وَمَأۡوَىٰهُمُ ٱلنَّارُۖ وَبِئۡسَ مَثۡوَى ٱلظَّٰلِمِينَ ١٥١

We will cast terror into the hearts of those who disbelieve for what they have associated with Allāh of which He had not sent down [any] authority.1 And their refuge will be the Fire, and wretched is the residence of the wrongdoers.

আল্লাহক অস্বীকাৰকাৰী সকলৰ অন্তৰত আমি অতি শীঘ্ৰে ভয়-ভীতি প্ৰদান কৰিম। যাতে সিহঁতে যুদ্ধত তোমালোকৰ সন্মুখত টিকিব নোৱাৰে। কাৰণ সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ সমকক্ষ স্থিৰ কৰিছে যিবোৰৰ পূজা পাঠ সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ ফলত কৰে, আল্লাহে ইয়াৰ সপক্ষে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। আখিৰাতত সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠাই হব জাহান্নাম। অত্যাচাৰীসকলৰ বাবে জাহান্নাম কিমান যে নিকৃষ্ট ঠাই!!

3:152Page 69

وَلَقَدۡ صَدَقَكُمُ ٱللَّهُ وَعۡدَهُۥٓ إِذۡ تَحُسُّونَهُم بِإِذۡنِهِۦۖ حَتَّىٰٓ إِذَا فَشِلۡتُمۡ وَتَنَٰزَعۡتُمۡ فِي ٱلۡأَمۡرِ وَعَصَيۡتُم مِّنۢ بَعۡدِ مَآ أَرَىٰكُم مَّا تُحِبُّونَۚ مِنكُم مَّن يُرِيدُ ٱلدُّنۡيَا وَمِنكُم مَّن يُرِيدُ ٱلۡأٓخِرَةَۚ ثُمَّ صَرَفَكُمۡ عَنۡهُمۡ لِيَبۡتَلِيَكُمۡۖ وَلَقَدۡ عَفَا عَنكُمۡۗ وَٱللَّهُ ذُو فَضۡلٍ عَلَى ٱلۡمُؤۡمِنِينَ ١٥٢

And Allāh had certainly fulfilled His promise to you when you were killing them [i.e., the enemy] by His permission until [the time] when you lost courage and fell to disputing about the order [given by the Prophet (ﷺ)] and disobeyed after He had shown you that which you love.1 Among you are some who desire this world, and among you are some who desire the Hereafter. Then He turned you back from them [defeated] that He might test you. And He has already forgiven you, and Allāh is the possessor of bounty for the believers.

নিশ্চয় আল্লাহে উহুদৰ দিনা শত্ৰুসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া পূৰণ কৰি দেখুৱালে, যেতিয়া তোমালোকে তেওঁৰ অনুমতিত সিহঁতক শিৰচ্ছেদ কৰি আছিলা। অৱশেষত যেতিয়া তোমালোকে কাপুৰষত্ব দেখুৱালা আৰু ৰাছুলৰ আদেশৰ ওপৰত অটল থকাৰ পৰিবৰ্তে দুৰ্বল হৈ গ'লা আৰু এই কথাত মতানৈক্য কৰিবলৈ ধৰিলা যে, নিজ নিজ স্থানত দৃঢ় হৈ থাকিবা নে স্থান ত্যাগ কৰি যুদ্ধলব্ধ সম্পদ গোটাবা, ফলত তোমালোকে ৰাছুলৰ সেই আদেশ অমান্য কৰিলা য’ত তেখেতে কৈছিল যে, তোমালোকে কোনো অৱস্থাতেই স্থান ত্যাগ নকৰিবা। আৰু এই ঘটনা সংঘটিত হৈছিল আমি তোমালোকক শত্ৰুৰ ওপৰত বিজয় দৃশ্য দেখুৱাৰ পিছত, যিটো তোমালোকে কামনা কৰিছিলা। তোমালোকৰ মাজৰ কিছুমানৰ পাৰ্থিৱ জীৱনৰ সম্পদৰ প্ৰতি লোভ আছিল। সেইসকলেই নিজৰ স্থান ত্যাগ কৰিছিল। আৰু আন কিছুমানে আখিৰাতৰ প্ৰতিদান কামনা কৰিছিল, আৰু তেওঁলোকে ৰাছুলৰ কথা অনুসাৰে নিজৰ স্থানত অটল আছিল। তাৰ পিছত আল্লাহে তোমালোকক সিহঁতৰ পৰা ঘূৰাই দিলে, আৰু সিহঁতক তোমালোকৰ ওপৰত আচ্ছাদিত কৰি দিলে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, বিপদৰ সময়ত কোনে ধৈৰ্য্য ধাৰণ কৰে আৰু কাৰ ভৰি পিচলে আৰু কাৰ অন্তৰ দুৰ্বল হয়। আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি তোমালোকে যি পাপ কৰিছিলা আল্লাহে সেয়া ক্ষমা কৰি দিছে। আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল, সেয়ে তেওঁ তেওঁলোকক ঈমানৰ পথ দেখুৱাইছে, তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিছে আৰু তেওঁলোকক বিপদৰ বিনিময়ত প্ৰতিদান দিছে।

3:153Page 69

۞ إِذۡ تُصۡعِدُونَ وَلَا تَلۡوُۥنَ عَلَىٰٓ أَحَدٖ وَٱلرَّسُولُ يَدۡعُوكُمۡ فِيٓ أُخۡرَىٰكُمۡ فَأَثَٰبَكُمۡ غَمَّۢا بِغَمّٖ لِّكَيۡلَا تَحۡزَنُواْ عَلَىٰ مَا فَاتَكُمۡ وَلَا مَآ أَصَٰبَكُمۡۗ وَٱللَّهُ خَبِيرُۢ بِمَا تَعۡمَلُونَ ١٥٣

[Remember] when you [fled and] climbed [the mountain] without looking aside at anyone while the Messenger was calling you from behind. So Allāh repaid you with distress upon distress so you would not grieve for that which had escaped you [of victory and spoils of war] or [for] that which had befallen you [of injury and death]. And Allāh is [fully] Aware of what you do.

হে মুমিনসকল! স্মৰণ কৰা সেই সময়ক, উহূদৰ দিনা যুদ্ধত যেতিয়া ৰাছুলৰ আদেশ উলংঘা কৰাৰ ফলত তোমালোকে বিফল হৈছিলা, আৰু তোমালোকে দ্ৰুত গতিত দৌৰি পলায়ন কৰিছিলা, তোমালোকৰ মাজৰ কোনেও কাকো ঘূৰি চোৱা নাছিল, অথচ ৰাছুলে তোমালোকৰ আৰু মুশ্বৰিকসকলৰ মাজত থিয় হৈ এই কথাৰে আহ্বান কৰি আছিলঃ হে আল্লাহৰ বান্দাসকল! মোৰ ফালে আহা, হে আল্লাহৰ বান্দাসকল! মোৰ ফালে আহা। ইয়াৰ ফলত আল্লাহে তোমালোকক যুদ্ধলব্ধ সম্পদ আৰু সহায়ৰ পৰা বঞ্চিত হোৱাৰ দুখ প্ৰদান কৰিছিল, ইয়াৰ পিছতো আৰু এটা দুখ আৰু চিন্তা আছিল, সেয়া হৈছে নবী নিহত হোৱা বুলি প্ৰচাৰ। আল্লাহে তোমালোকক এই মুচিবতত এই কাৰণেই আক্ৰান্ত কৰিছিল যাতে নবী নিহত হোৱা নাই বুলি জনাৰ পিছত তোমালোকৰ সেই দুখ নাথাকে যিটো তোমালোকে যুদ্ধলব্ধ সম্পদ তথা সহায়ৰ পৰা বঞ্চিত হোৱাৰ ফলত লগতে আঘাত আৰু হত্যাৰ ৰূপত পাইছিলা। কিয়নো ইয়াৰ পিছত তোমালোকৰ সকলো দুখ চিন্তা সহ্য কৰা সহজ হৈ গৈছিল। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ অন্তৰৰ কোনো অৱস্থা আৰু শৰীৰৰ কোনো অংগৰ জৰিয়তে কৰা কৰ্ম তেওঁৰ পৰা গোপন নহয়।

3:154Page 70

ثُمَّ أَنزَلَ عَلَيۡكُم مِّنۢ بَعۡدِ ٱلۡغَمِّ أَمَنَةٗ نُّعَاسٗا يَغۡشَىٰ طَآئِفَةٗ مِّنكُمۡۖ وَطَآئِفَةٞ قَدۡ أَهَمَّتۡهُمۡ أَنفُسُهُمۡ يَظُنُّونَ بِٱللَّهِ غَيۡرَ ٱلۡحَقِّ ظَنَّ ٱلۡجَٰهِلِيَّةِۖ يَقُولُونَ هَل لَّنَا مِنَ ٱلۡأَمۡرِ مِن شَيۡءٖۗ قُلۡ إِنَّ ٱلۡأَمۡرَ كُلَّهُۥ لِلَّهِۗ يُخۡفُونَ فِيٓ أَنفُسِهِم مَّا لَا يُبۡدُونَ لَكَۖ يَقُولُونَ لَوۡ كَانَ لَنَا مِنَ ٱلۡأَمۡرِ شَيۡءٞ مَّا قُتِلۡنَا هَٰهُنَاۗ قُل لَّوۡ كُنتُمۡ فِي بُيُوتِكُمۡ لَبَرَزَ ٱلَّذِينَ كُتِبَ عَلَيۡهِمُ ٱلۡقَتۡلُ إِلَىٰ مَضَاجِعِهِمۡۖ وَلِيَبۡتَلِيَ ٱللَّهُ مَا فِي صُدُورِكُمۡ وَلِيُمَحِّصَ مَا فِي قُلُوبِكُمۡۚ وَٱللَّهُ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ١٥٤

Then after distress, He sent down upon you security [in the form of] drowsiness, overcoming a faction of you, while another faction worried about themselves, thinking of Allāh other than the truth - the thought of ignorance, saying, "Is there anything for us [to have done] in this matter?" Say, "Indeed, the matter belongs completely to Allāh." They conceal within themselves what they will not reveal to you. They say, "If there was anything we could have done in the matter, we [i.e., some of us] would not have been killed right here." Say, "Even if you had been inside your houses, those decreed to be killed would have come out to their death beds." [It was] so that Allāh might test what is in your breasts and purify what is in your hearts. And Allāh is Knowing of that within the breasts.

তাৰ পিছত তেওঁ দুখ আৰু সংকীৰ্ণতাৰ পিছত তোমালোকৰ ওপৰত সন্তুষ্টি আৰু বিশ্বাস অৱতীৰ্ণ কৰিলে। তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ কথাত ভৰসা পোষণ কৰিছিল এনেকুৱা এটা দলক তেওঁলোকৰ অন্তৰত থকা শান্তি আৰু স্থিৰতাৰ কাৰণে তেওঁলোকক কলাঘূমটিয়ে ধৰিছিল। পক্ষান্তৰে আন এটা দল আছিল এনেকুৱা যিসকলে এই শান্তি আৰু কলাঘূমটিৰ পৰা বঞ্চিত আছিল। এইটো আছিল মুনাফিকসকলৰ দল, যিসকলে কেৱল নিজৰ সুৰক্ষাৰ কথা ভাৱিছিল। সিহঁত অস্থিৰ আৰু ভীত অৱস্থাত আছিল। সিহঁতে আল্লাহ সম্পৰ্কে এনেকুৱা বেয়া ধাৰণা পোষণ কৰিছিল যে, আল্লাহে তেওঁৰ ৰাছুলক সহায় নকৰে আৰু তেওঁৰ বান্দাসকলকো সমৰ্থন নকৰে। সিহঁতৰ ধাৰণা অজ্ঞতা যুগৰ সেই সকল লোকৰ ধাৰণাৰ দৰে যিসকলে আল্লাহক তেওঁৰ মৰ্যদা অনুপাতে সন্মান কৰা নাছিল। এইসকল মুনাফিকে আল্লাহৰ পৰা অমনোযোগী হোৱাৰ কাৰণে কয়, যুদ্ধত ওলোৱা বিষয়ত আমাৰ সিদ্ধান্তক কোনো গুৰুত্ব দিয়া নহয়। যদি আমাৰ সিদ্ধান্তক গুৰুত্ব দিয়া হলেহেঁতেন তেন্তে আমি যুদ্ধৰ বাবে ওলাই নাহিলোহেঁতেন। হে নবী! আপুনি ইয়াৰ উত্তৰ দি কওঁক, "নিশ্চয় আদেশ কেৱল আল্লাহৰহে চলে। তেওঁ যি ইচ্ছা কৰে সিদ্ধান্ত লয় আৰু যি ইচ্ছা কৰে নিৰ্ধাৰণ কৰে। তেৱেঁই তোমালোকৰ ভাগ্যত লিখিছে যে, তোমালোকে ওলাই আহিবা"। এইসকল মুনাফিকে নিজৰ অন্তৰত এনেকুৱা সংশয় আৰু বেয়া ধাৰণা পোষণ কৰে যিটো আপোনাৰ সন্মুখত প্ৰকাশ নকৰে। সেয়ে সিহঁতে কয়ঃ ওলাই অহাৰ ক্ষেত্ৰত আমাৰ কথা মানি লোৱাহেঁতেন তেন্তে আমি ইয়াত নিহত নহলোহেঁতেন। হে নবী! আপুনি সিহঁতক কওঁক, যদি তোমালোকে মৃত্যু আৰু হত্যাৰ ঠাইৰ পৰা দুৰৈত নিজৰ ঘৰতো বহি থাকিলাহেঁতেন তেতিয়াও তোমালোকৰ মাজৰ পৰা যাৰ ভাগ্যত আল্লাহে মৃত্যু লিখিছে, সি অৱশ্যে নিজৰ মৃত্যুৰ ঠাইলৈকে ওলাই আহিলহেঁতেন। আল্লাহে যুদ্ধ এই কাৰণেই অনিবাৰ্য কৰিছে যাতে তেওঁ তোমালোকৰ অন্তৰৰ নিয়্যত আৰু উদ্দেশ্যৰ পৰীক্ষা লয়। লগতে যাতে ঈমানক নিফাকৰ পৰা পৃথক কৰি দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অন্তৰৰ অৱস্থা সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

3:155Page 70

إِنَّ ٱلَّذِينَ تَوَلَّوۡاْ مِنكُمۡ يَوۡمَ ٱلۡتَقَى ٱلۡجَمۡعَانِ إِنَّمَا ٱسۡتَزَلَّهُمُ ٱلشَّيۡطَٰنُ بِبَعۡضِ مَا كَسَبُواْۖ وَلَقَدۡ عَفَا ٱللَّهُ عَنۡهُمۡۗ إِنَّ ٱللَّهَ غَفُورٌ حَلِيمٞ ١٥٥

Indeed, those of you who turned back on the day the two armies met [at Uḥud] - it was Satan who caused them to slip because of some [blame] they had earned. But Allāh has already forgiven them. Indeed, Allāh is Forgiving and Forbearing.

হে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকল! উহূদৰ ময়দানত যিদিনা মুশ্বৰিকসকলৰ এটা দলৰ মুখামুখী যেতিয়া এটা মুছলিম দলৰ লগত হৈছিল। সেইদিনা যিসকলে পৰাজিত হৈছিল, তেওঁলোকক চয়তানে তেওঁলোকৰেই কিছুমান পাপ কৰ্মৰ কাৰণে ভুল কৰিবলৈ উত্সাহ দিছিল। আল্লাহে তেওঁৰ দয়া আৰু কৃপাত তেওঁলোকক ক্ষমা কৰি দিছে। নিশ্চয় আল্লাহ তাওবাকাৰী সকলৰ বাবে ক্ষমাশীল আৰু সহনশীল, তেওঁ শাস্তি প্ৰদানত খৰধৰ নকৰে।

3:156Page 70

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَكُونُواْ كَٱلَّذِينَ كَفَرُواْ وَقَالُواْ لِإِخۡوَٰنِهِمۡ إِذَا ضَرَبُواْ فِي ٱلۡأَرۡضِ أَوۡ كَانُواْ غُزّٗى لَّوۡ كَانُواْ عِندَنَا مَا مَاتُواْ وَمَا قُتِلُواْ لِيَجۡعَلَ ٱللَّهُ ذَٰلِكَ حَسۡرَةٗ فِي قُلُوبِهِمۡۗ وَٱللَّهُ يُحۡيِۦ وَيُمِيتُۗ وَٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرٞ ١٥٦

O you who have believed, do not be like those who disbelieved and said about their brothers when they traveled through the land or went out to fight, "If they had been with us, they would not have died or have been killed," so Allāh makes that [misconception] a regret within their hearts. And it is Allāh who gives life and causes death, and Allāh is Seeing of what you do.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুনাফিকসকলৰ মাজৰ কাফিৰসকলৰ দৰে নহবা। যিসকলে নিজৰ সেই সকল আত্মীয়ক কয় যিসকলে জীৱিকা উপাৰ্জনৰ বাবে ভ্ৰমণ কৰে আৰু তাত মৃত্যুবৰণ কৰে অথবা যুদ্ধত ওলাই যায় আৰু নিহত হয়, কয় যে, “সিহঁতে যদি আমাৰ লগত থাকিলেহেঁতেন, আৰু নোলোৱাহেঁতেন আৰু যুদ্ধত নোযোৱাহেঁতেন তেন্তে সিহঁতে মৃত্যুবৰণো নকৰিলেহেঁতেন আৰু নিহতও নহলেহেঁতেন”। আল্লাহে সিহঁতৰ অন্তৰত এই ধাৰণা এই কাৰণেই সৃষ্টি কৰিছিল যাতে সিহঁতে অধিক অনুতাপ কৰে আৰু অধিক চিন্তিত হয়। নিশ্চয় কেৱল আল্লাহেই তেওঁৰ ইচ্ছাত জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বহি থাকিলেও সেই নিৰ্ধাৰিত সময় ৰৈ নাথাকে আৰু ওলাই গলেও সেই নিৰ্ধাৰিত সময় আগতীয়াকৈ নাহে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম দেখি আছে। তোমালোকৰ কৰ্ম তেওঁৰ পৰা অগোচৰ নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

3:157Page 70

وَلَئِن قُتِلۡتُمۡ فِي سَبِيلِ ٱللَّهِ أَوۡ مُتُّمۡ لَمَغۡفِرَةٞ مِّنَ ٱللَّهِ وَرَحۡمَةٌ خَيۡرٞ مِّمَّا يَجۡمَعُونَ ١٥٧

And if you are killed in the cause of Allāh or die - then forgiveness from Allāh and mercy are better than whatever they accumulate [in this world].

হে মুমিনসকল! তোমালোকে যদি আল্লাহৰ পথত মৃত্যুবৰণ কৰা অথবা নিহত হোৱা তেন্তে নিশ্চয় আল্লাহে তোমালোকক মহা ক্ষমা প্ৰদান কৰিব আৰু তেওঁৰ ফালৰ পৰা তোমালোকক এনেকুৱা দয়া কৰিব যিটো তোমালোকৰ বাবে এই পৃথিৱী তথা এই পৃথিৱীৰ সকলো ক্ষণস্থায়ী নিয়ামততকৈও উত্তম, যিবোৰ পৃথিৱীবাসীয়ে একত্ৰিত কৰি আছে।

3:158Page 71

وَلَئِن مُّتُّمۡ أَوۡ قُتِلۡتُمۡ لَإِلَى ٱللَّهِ تُحۡشَرُونَ ١٥٨

And whether you die or are killed, unto Allāh you will be gathered.

যদি তোমালোকে মৃত্যুবৰণ কৰা, আৰু মৃত্যু যি অৱস্থাতেই নহওঁক কিয় অথবা তোমালোকক হত্যা কৰা হলে, একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়ে।

3:159Page 71

فَبِمَا رَحۡمَةٖ مِّنَ ٱللَّهِ لِنتَ لَهُمۡۖ وَلَوۡ كُنتَ فَظًّا غَلِيظَ ٱلۡقَلۡبِ لَٱنفَضُّواْ مِنۡ حَوۡلِكَۖ فَٱعۡفُ عَنۡهُمۡ وَٱسۡتَغۡفِرۡ لَهُمۡ وَشَاوِرۡهُمۡ فِي ٱلۡأَمۡرِۖ فَإِذَا عَزَمۡتَ فَتَوَكَّلۡ عَلَى ٱللَّهِۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُتَوَكِّلِينَ ١٥٩

So by mercy from Allāh, [O Muḥammad], you were lenient with them. And if you had been rude [in speech] and harsh in heart, they would have disbanded from about you. So pardon them and ask forgiveness for them and consult them in the matter. And when you have decided, then rely upon Allāh. Indeed, Allāh loves those who rely [upon Him].

হে নবী আপোনাৰ প্ৰতি আল্লাহৰ ডাঙৰ এটা কৃপা এই যে, আপুনি আপোনাৰ সঙ্গীসকলৰ লগত বিনম্ৰ ব্যৱহাৰ কৰে। যদি আপুনি নিজৰ কথা আৰু কৰ্মত কঠোৰ তথা নিষ্ঠুৰ হলেহেঁতেন তেন্তে সিহঁত আপোনাৰ পৰা আঁতৰি গলেহেঁতেন। এতেকে আপুনি সিহঁতৰ ভুলবোৰ ক্ষমা কৰি দিয়ক আৰু সিহঁতৰ ক্ষমা প্ৰাৰ্থনা কৰক। আৰু যিবোৰ বিষয়ত পৰামৰ্শৰ প্ৰয়োজন হয়, সেইবোৰ বিষয়ত সিহঁতৰ পৰামৰ্শ লওঁক। আৰু পৰামৰ্শ লোৱাৰ পিছত যেতিয়া কোনো কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তেতিয়া সেইটো কৰি পেলাওক। লগতে আল্লাহৰ প্ৰতি ভৰসা কৰক। নিশ্চয় আল্লাহে সেইসকল লোকক ভালপায় যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকক তাওফীক দিয়ে আৰু তেওঁলোকক সমৰ্থন কৰে।

3:160Page 71

إِن يَنصُرۡكُمُ ٱللَّهُ فَلَا غَالِبَ لَكُمۡۖ وَإِن يَخۡذُلۡكُمۡ فَمَن ذَا ٱلَّذِي يَنصُرُكُم مِّنۢ بَعۡدِهِۦۗ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ ١٦٠

If Allāh should aid you, no one can overcome you; but if He should forsake you, who is there that can aid you after Him? And upon Allāh let the believers rely.

যদি আল্লাহে নিজ সহায়েৰে তোমালোকক সমৰ্থন কৰে, তেন্তে কোনেও তোমালোকক পৰাজিত কৰিব নোৱাৰে, যদিও পৃথিৱীবাসী তোমালোকৰ বিৰুদ্ধে একত্ৰিত নহওঁক কিয়। আৰু যদি তেওঁ তোমালোকক সহায় কৰা এৰি দিয়ে আৰু তোমালোকক তোমালোকৰ ওপৰত এৰি দিয়ে তেন্তে ইয়াৰ পিছত কোনেও তোমালোকক সহায় কৰিব নোৱাৰিব। সহায় কেৱল একমাত্ৰ তেওঁৰ হাতত। সেয়ে মুমিনসকলে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত, আন কাৰো ওপৰত নহয়।

3:161Page 71

وَمَا كَانَ لِنَبِيٍّ أَن يَغُلَّۚ وَمَن يَغۡلُلۡ يَأۡتِ بِمَا غَلَّ يَوۡمَ ٱلۡقِيَٰمَةِۚ ثُمَّ تُوَفَّىٰ كُلُّ نَفۡسٖ مَّا كَسَبَتۡ وَهُمۡ لَا يُظۡلَمُونَ ١٦١

It is not [attributable] to any prophet that he would act unfaithfully [in regard to war booty]. And whoever betrays, [taking unlawfully], will come with what he took on the Day of Resurrection. Then will every soul be [fully] compensated for what it earned, and they will not be wronged.

আল্লাহে নবীৰ বাবে যি নিৰ্ধাৰিত কৰিছে তাতকৈ অতিৰিক্ত গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰা কোনো নবীৰ বাবে সম্ভৱ নহয়। আৰু তোমালোকৰ মাজৰ যিয়ে গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰিব, তাৰ শাস্তি এই যে, সি কিয়ামতৰ দিনা অপমাণিত হব। এতেকে সি সকলোৰে সন্মুখত সেই সম্পদ বহন কৰি আনিব। তাৰ পিছত প্ৰত্যেককে নিজ নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব। কাকো তাৰ পাপ বৃদ্ধি কৰি অন্যায় কৰা নহব আৰু কাকো তাৰ নেকি হ্ৰাস কৰি অত্যাচাৰ কৰা নহ’ব।

3:162Page 71

أَفَمَنِ ٱتَّبَعَ رِضۡوَٰنَ ٱللَّهِ كَمَنۢ بَآءَ بِسَخَطٖ مِّنَ ٱللَّهِ وَمَأۡوَىٰهُ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمَصِيرُ ١٦٢

So is one who pursues the pleasure of Allāh like one who brings upon himself the anger of Allāh and whose refuge is Hell? And wretched is the destination.

আল্লাহৰ দৃষ্টিত সেই ব্যক্তি যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কৰ্ম কৰে, যেনে- ঈমান আৰু সত্কৰ্মৰ পথ অৱলম্বন কৰে, তেওঁ সেই ব্যক্তিৰ সমান হব নোৱাৰে, যিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু অসত্কৰ্ম কৰে লগতে আল্লাহৰ কঠিন ক্ৰোধ লৈ উভতে আৰু যাৰ ঠিকনা হৈছে জাহান্নাম। আৰু এইটো অতি নিকৃষ্ট আৱাসস্থল।

3:163Page 71

هُمۡ دَرَجَٰتٌ عِندَ ٱللَّهِۗ وَٱللَّهُ بَصِيرُۢ بِمَا يَعۡمَلُونَ ١٦٣

They are [varying] degrees in the sight of Allāh, and Allāh is Seeing of whatever they do.

সিহঁতৰ স্থান পৃথিৱীতো ভিন্ন আৰু আল্লাহৰ ওচৰত আখিৰাততো ভিন্ন। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম দেখি আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান দিব।

3:164Page 71

لَقَدۡ مَنَّ ٱللَّهُ عَلَى ٱلۡمُؤۡمِنِينَ إِذۡ بَعَثَ فِيهِمۡ رَسُولٗا مِّنۡ أَنفُسِهِمۡ يَتۡلُواْ عَلَيۡهِمۡ ءَايَٰتِهِۦ وَيُزَكِّيهِمۡ وَيُعَلِّمُهُمُ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَإِن كَانُواْ مِن قَبۡلُ لَفِي ضَلَٰلٖ مُّبِينٍ ١٦٤

Certainly did Allāh confer [great] favor upon the believers when He sent among them a Messenger from themselves, reciting to them His verses and purifying them and teaching them the Book [i.e., the Qur’ān] and wisdom,1 although they had been before in manifest error.

আল্লাহে মুমিনসকলৰ উপকাৰ কৰিছে আৰু তেওঁলোকক ডাঙৰ নিয়ামত প্ৰদান কৰিছে যে, তেওঁ তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছে। যিয়ে তেওঁলোকৰ সন্মুখত কোৰআন তিলাৱত কৰে আৰু তেওঁলোকক শ্বিৰ্ক আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰে। তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰে। অথচ তেওঁলোক এই ৰাছুল প্ৰেৰিত হোৱাৰ পূৰ্বে হিদায়তৰ পৰা বহু আঁতৰত আৰু স্পষ্ট ভ্ৰষ্টতাৰ মাজত আছিল।

3:165Page 71

أَوَلَمَّآ أَصَٰبَتۡكُم مُّصِيبَةٞ قَدۡ أَصَبۡتُم مِّثۡلَيۡهَا قُلۡتُمۡ أَنَّىٰ هَٰذَاۖ قُلۡ هُوَ مِنۡ عِندِ أَنفُسِكُمۡۗ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ١٦٥

Why [is it that] when a [single] disaster struck you [on the day of Uḥud], although you had struck [the enemy in the battle of Badr] with one twice as great, you said, "From where is this?" Say, "It is from yourselves [i.e., due to your sin]." Indeed, Allāh is over all things competent.

(হে মুমিনসকল!) যেতিয়া তোমালোকে উহুদৰ ময়দানত পৰাজয়ৰূপে এটা মুচিবতৰ সন্মুখীন হৈছিলা, আৰু তোমালোকৰ মাজৰ কিছুমান শ্বহীদ হৈছিল, অথচ ইয়াৰ পূৰ্বে বদৰৰ যুদ্ধত তোমালোকে নিজ শত্ৰুসকলক দ্বিগুণ অধিক হত্যা আৰু গ্ৰেপ্তাৰ কৰিছিলা, তথাপিও তোমালোকে কৈছা নেকি যে, এই মুচিবত ক’ৰ পৰা আহিল অথচ আমি ঈমান্দাৰ আৰু আমাৰ মাজত আল্লাহৰ নবীও উপস্থিত? হে নবী কৈ দিয়কঃ তোমালোকৰ ওপৰত এই মুচিবত অহাৰ কাৰণ হৈছে, তোমালোকে বিভেদ কৰিছিলা আৰু ৰাছুলক অৱজ্ঞা কৰিছিলা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ওপৰত ক্ষমতাৱান। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু যাক ইচ্ছা কৰে অপমাণ কৰে।

3:166Page 72

وَمَآ أَصَٰبَكُمۡ يَوۡمَ ٱلۡتَقَى ٱلۡجَمۡعَانِ فَبِإِذۡنِ ٱللَّهِ وَلِيَعۡلَمَ ٱلۡمُؤۡمِنِينَ ١٦٦

And what struck you on the day the two armies met [at Uḥud] was by permission of Allāh that He might make evident the [true] believers

আৰু উহুদৰ দিনা, যেতিয়া তোমালোকৰ দল আৰু মুশ্বৰিকসকলৰ দল মুখামুখী হৈছিল। সেইদিনা তোমালোকে যি পৰাজয় বৰণ কৰিছিলা আৰু যি আঘাত প্ৰাপ্ত হৈছিলা আৰু শ্বাহাদত বৰণ কৰিছিলা, সেই সকলো আল্লাহৰ অনুমতি আৰু তেওঁৰ ফয়চালা অনুসাৰে আছিল। ইয়াৰ মাজত এটা ডাঙৰ হিকমত এই আছিল যে, ইয়াৰ ফলত সত্যবাদী মুমিনসকল স্পষ্টৰূপে প্ৰকট হৈছিল।

3:167Page 72

وَلِيَعۡلَمَ ٱلَّذِينَ نَافَقُواْۚ وَقِيلَ لَهُمۡ تَعَالَوۡاْ قَٰتِلُواْ فِي سَبِيلِ ٱللَّهِ أَوِ ٱدۡفَعُواْۖ قَالُواْ لَوۡ نَعۡلَمُ قِتَالٗا لَّٱتَّبَعۡنَٰكُمۡۗ هُمۡ لِلۡكُفۡرِ يَوۡمَئِذٍ أَقۡرَبُ مِنۡهُمۡ لِلۡإِيمَٰنِۚ يَقُولُونَ بِأَفۡوَٰهِهِم مَّا لَيۡسَ فِي قُلُوبِهِمۡۚ وَٱللَّهُ أَعۡلَمُ بِمَا يَكۡتُمُونَ ١٦٧

And that He might make evident those who are hypocrites. For it was said to them, "Come, fight in the way of Allāh or [at least] defend." They said, "If we had known [there would be] battle, we would have followed you." They were nearer to disbelief that day than to faith, saying with their mouths what was not in their hearts. And Allāh is most knowing of what they conceal -

যাতে মুনাফিকসকল চিহ্নিত হয়, যেতিয়া সিহঁতক কোৱা হৈছিল, আল্লাহৰ পথত যুদ্ধ কৰা অথবা মুছলিমসকলৰ সংখ্যাবল বৃদ্ধি কৰি আত্মৰক্ষা কৰা। তেতিয়া সিহঁতে উত্তৰ দিছিলঃ “যদি আমি জানিলোহেঁতেন যে, যুদ্ধ হ'ব তেন্তে আমি নিশ্চয় তোমালোকৰ লগত থাকিলোহেঁতেন, কিন্তু আমি দেখিলোঁ যে, তোমালোকৰ আৰু সিহঁতৰ মাজত যুদ্ধ হোৱাৰ কোনো সম্ভৱনা নাই”। সিহঁত সেই সময়ত ঈমানৰ তুলনাত কুফৰৰ বেছি নিকটৱৰ্তী আছিল। সিহঁতে নিজ মুখেৰে এনেকুৱা কথা কৈছিল, যিটো সিহঁতৰ অন্তৰত নাছিল। নিশ্চয় আল্লাহে অন্তৰৰ গোপন কথাবোৰ জানে, আৰু অনতিপলমে তেওঁ সিহঁতক ইয়াৰ শাস্তিও প্ৰদান কৰিব।

3:168Page 72

ٱلَّذِينَ قَالُواْ لِإِخۡوَٰنِهِمۡ وَقَعَدُواْ لَوۡ أَطَاعُونَا مَا قُتِلُواْۗ قُلۡ فَٱدۡرَءُواْ عَنۡ أَنفُسِكُمُ ٱلۡمَوۡتَ إِن كُنتُمۡ صَٰدِقِينَ ١٦٨

Those who said about their brothers while sitting [at home], "If they had obeyed us, they would not have been killed." Say, "Then prevent death from yourselves, if you should be truthful."

ইহঁত সেইসকল লোক, যিসকলে যুদ্ধৰ পৰা নিজেই পিছুৱাই আছিল কিন্তু নিজৰ সেইসকল আত্মীয় সম্পৰ্কে যিসকলে উহুদত শ্বহীদ হৈছে মন্তব্য কৰি কয়ঃ “যদি ইহঁতে আমাৰ কথা মানিলেহেঁতেন আৰু যুদ্ধত অংশ গ্ৰহণ নকৰিলেহেঁতেন তেন্তে মৃত্যবৰণ নকৰিলেহেঁতেন”। হে নবী আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওঁক! যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, ইহঁত যদি তোমালোকৰ লগত থাকিলেহেঁতেন তেন্তে মৃত্যুবৰণ নকৰিলেহেঁতেন, তেন্তে তোমালোকে নিজৰ মৃত্যু প্ৰতিৰোধ কৰি দেখুৱাচোন। আৰু প্ৰমাণ কৰি দেখুৱা যে, আল্লাহৰ পথত যুদ্ধ নকৰি ঘৰত বহি থকাটোৱে মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ কাৰণ।

3:169Page 72

وَلَا تَحۡسَبَنَّ ٱلَّذِينَ قُتِلُواْ فِي سَبِيلِ ٱللَّهِ أَمۡوَٰتَۢاۚ بَلۡ أَحۡيَآءٌ عِندَ رَبِّهِمۡ يُرۡزَقُونَ ١٦٩

And never think of those who have been killed in the cause of Allāh as dead. Rather, they are alive with their Lord, receiving provision,

হে নবী! আপুনি এইটো নাভাবিব যে, আল্লাহৰ পথত যিসকলে শ্বহীদ হৈছে তেওঁলোক মৃত্যুবৰণ কৰিছে, বৰং তেওঁলোক জীৱিত। সন্মানিত ঘৰত আল্লাহৰ ওচৰত তেওঁলোক বিশেষ জীৱন প্ৰাপ্ত। তেওঁলোকে বিভিন্ন প্ৰকাৰৰ এনেকুৱা জীৱিকা পায়, যি বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

3:170Page 72

فَرِحِينَ بِمَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضۡلِهِۦ وَيَسۡتَبۡشِرُونَ بِٱلَّذِينَ لَمۡ يَلۡحَقُواْ بِهِم مِّنۡ خَلۡفِهِمۡ أَلَّا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ ١٧٠

Rejoicing in what Allāh has bestowed upon them of His bounty, and they receive good tidings about those [to be martyred] after them who have not yet joined them - that there will be no fear concerning them, nor will they grieve.

তেওঁলোকৰ ওপৰত সূখৰ ছাঁ আৰু আনন্দৰ পৰিবেষ্টন আছে। কিয়নো আল্লাহে তেওঁলোকক অনুগ্ৰহ প্ৰদান কৰিছে। তেওঁলোকে এই আশা আৰু প্ৰতীক্ষা আছে যে, তেওঁলোকৰ আন আন ভাতৃসকল, যিসকল পৃথিৱীত আছে তেওঁলোকৰ লগত মিলিত হব। এইসকল লোকেও যদি তেওঁলোকৰ দৰে আল্লাহৰ পথত শ্বহীদ হয় তেন্তে এওঁলোকেও তেওঁলোকৰ দৰেই আল্লাহৰ অনুগ্ৰহপ্ৰাপ্ত হব। আখিৰাতৰ বিষয় সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীৰ প্ৰতিও কোনো চিন্তা নাথাকিব।

3:171Page 72

۞ يَسۡتَبۡشِرُونَ بِنِعۡمَةٖ مِّنَ ٱللَّهِ وَفَضۡلٖ وَأَنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُؤۡمِنِينَ ١٧١

They receive good tidings of favor from Allāh and bounty and [of the fact] that Allāh does not allow the reward of believers to be lost -

ইয়াৰ লগতে আল্লাহৰ তৰফৰ পৰা পোৱা ডাঙৰ প্ৰতিদান তথা ইয়াৰ বাহিৰে আৰু বহুত ডাঙৰ ডাঙৰ প্ৰতিদান পাই তেওঁলোক সন্তুষ্ট। তেওঁলোকৰ আনন্দৰ এটা কাৰণ এইটোও যে, আল্লাহে ঈমান্দাৰসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান আনকি তাতকৈও অধিক প্ৰতিদান প্ৰদান কৰিব।

3:172Page 72

ٱلَّذِينَ ٱسۡتَجَابُواْ لِلَّهِ وَٱلرَّسُولِ مِنۢ بَعۡدِ مَآ أَصَابَهُمُ ٱلۡقَرۡحُۚ لِلَّذِينَ أَحۡسَنُواْ مِنۡهُمۡ وَٱتَّقَوۡاْ أَجۡرٌ عَظِيمٌ ١٧٢

Those [believers] who responded to Allāh and the Messenger after injury had struck them. For those who did good among them and feared Allāh is a great reward -

উহুদৰ যুদ্ধত মুছলিমসকল আঘাতপ্ৰাপ্ত হোৱাৰ পিছত, যেতিয়া তেওঁলোকক হামৰাউল আছাদৰ যুদ্ধত মুশ্বৰিকসকলৰ লগত মুকাবালা কৰিবলৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আহ্বান কৰা হল, সেই সময়ত যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বান স্বীকাৰ কৰিছিল আৰু তেওঁলোকৰ আঘাতে তেওঁলোকক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ মানিবলৈ বাধা দিয়া নাছিল। তেওঁলোকৰ মাজৰ যিসকলে সত্কৰ্ম কৰিছে তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।

3:173Page 72

ٱلَّذِينَ قَالَ لَهُمُ ٱلنَّاسُ إِنَّ ٱلنَّاسَ قَدۡ جَمَعُواْ لَكُمۡ فَٱخۡشَوۡهُمۡ فَزَادَهُمۡ إِيمَٰنٗا وَقَالُواْ حَسۡبُنَا ٱللَّهُ وَنِعۡمَ ٱلۡوَكِيلُ ١٧٣

Those to whom people [i.e., hypocrites] said, "Indeed, the people have gathered against you, so fear them." But it [merely] increased them in faith, and they said, "Sufficient for us is Allāh, and [He is] the best Disposer of affairs."1

এওঁলোককেই কিছুমান মুশ্বৰিকে কৈছিলঃ কুৰাইছসকলে আবু ছুফিয়ানৰ নেতৃত্বত তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আৰু তোমালোকক নিঃশেষ কৰিবলৈ এটা বৃহত সৈন্যবাহিনী প্ৰস্তুত কৰিছে। গতিকে সিহঁতক ভয় কৰা আৰু সিহঁতৰ মুখামুখী হবলৈ বিৰত থাকা। কিন্তু সিহঁতৰ এই কথা আৰু ভয় দেখুৱাৰ ফলত আল্লাহৰ প্ৰতি তেওঁলোকৰ ভৰসা আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস আৰু অধিক বৃদ্ধি পালে। তেওঁলোকে এই কথা কৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই পৰিল যে, আমাৰ বাবে আল্লাহেই যথেষ্ট। তেওঁ অতি উত্কৃষ্ট যাক আমি আমাৰ সকলো বিষয় অৰ্পন কৰো।

3:174Page 73

فَٱنقَلَبُواْ بِنِعۡمَةٖ مِّنَ ٱللَّهِ وَفَضۡلٖ لَّمۡ يَمۡسَسۡهُمۡ سُوٓءٞ وَٱتَّبَعُواْ رِضۡوَٰنَ ٱللَّهِۗ وَٱللَّهُ ذُو فَضۡلٍ عَظِيمٍ ١٧٤

So they returned with favor from Allāh and bounty, no harm having touched them. And they pursued the pleasure of Allāh, and Allāh is the possessor of great bounty.

হামৰাউল আছাদলৈ তেওঁলোক ওলোৱাৰ পিছত, তেওঁলোকে আল্লাহৰ তৰফৰ পৰা বহুত ডাঙৰ প্ৰতিফল লৈ উভতিছিল। তেওঁলোকৰ মৰ্যদা বৃদ্ধি পাইছিল লগতে শত্ৰুসকলৰ পৰা সুৰক্ষিতও হৈছিল, ফলত তেওঁলোক শ্বহীদ হোৱাও নাছিল আৰু আঘাত প্ৰাপ্তও হোৱা নাছিল। তেওঁলোকে এনেকুৱা কথাৰ অনুসৰণ কৰিছিল যিটো আল্লাহে পছন্দ কৰে। যেনে- তেওঁৰ আনুগত্যত অটল থকা লগতে তেওঁৰ অবজ্ঞাৰ পৰা আঁতৰত থকা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু।

3:175Page 73

إِنَّمَا ذَٰلِكُمُ ٱلشَّيۡطَٰنُ يُخَوِّفُ أَوۡلِيَآءَهُۥ فَلَا تَخَافُوهُمۡ وَخَافُونِ إِن كُنتُم مُّؤۡمِنِينَ ١٧٥

That is only Satan who frightens [you] of his supporters. So fear them not, but fear Me, if you are [indeed] believers.

তোমালোকক ভয় দেখুৱাজন হৈছে চয়তান। সি নিজৰ সহযোগী আৰু এজেন্টসকলৰ দ্বাৰা তোমালোকক ভীত-সন্ত্ৰস্ত কৰিবলৈ প্ৰয়াস কৰে। এতেকে তোমালোকে সিহঁতৰ সন্মুখত দুৰ্বলতা নেদেখুৱাবা। কিয়নো সিহঁতৰ ওচৰত কোনো শক্তি নাই। এতেকে আল্লাহৰ আনুগত্য কৰি কেৱল তেওঁকেই ভয় কৰা। যদিহে তোমালোক প্ৰকৃত মুমিন।

3:176Page 73

وَلَا يَحۡزُنكَ ٱلَّذِينَ يُسَٰرِعُونَ فِي ٱلۡكُفۡرِۚ إِنَّهُمۡ لَن يَضُرُّواْ ٱللَّهَ شَيۡـٔٗاۚ يُرِيدُ ٱللَّهُ أَلَّا يَجۡعَلَ لَهُمۡ حَظّٗا فِي ٱلۡأٓخِرَةِۖ وَلَهُمۡ عَذَابٌ عَظِيمٌ ١٧٦

And do not be grieved, [O Muḥammad], by those who hasten into disbelief. Indeed, they will never harm Allāh at all. Allāh intends that He should give them no share in the Hereafter, and for them is a great punishment.

হে ৰাছুল! মুনাফিকসকলৰ মাজৰ যিসকলে পিছমুৱা হৈ কুফৰৰ পিনে অতি দ্ৰুত গতিত পলায়ন কৰি আছে, সিহঁতৰ বিষয়ে আপুনি দুখ নকৰিব। কিয়নো সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা দুৰ হৈ সিহঁতে নিজৰেই ক্ষতি সাধন কৰি আছে। আল্লাহে সিহঁতক এই কাৰণে এৰি দিছে আৰু তাওফীক দিয়া নাই, যাতে সিহঁতক আখিৰাতত নিয়ামতৰ পৰা বঞ্চিত কৰে। আৰু সিহঁতৰ বাবে জাহান্নামত আছে অতি কঠিন শাস্তি।

3:177Page 73

إِنَّ ٱلَّذِينَ ٱشۡتَرَوُاْ ٱلۡكُفۡرَ بِٱلۡإِيمَٰنِ لَن يَضُرُّواْ ٱللَّهَ شَيۡـٔٗاۖ وَلَهُمۡ عَذَابٌ أَلِيمٞ ١٧٧

Indeed, those who purchase disbelief [in exchange] for faith - never will they harm Allāh at all, and for them is a painful punishment.

নিশ্চয় যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰ ক্ৰয় কৰিছে, সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং সিহঁত নিজেই নিজৰ ক্ষতি সাধন কৰিছে। আৰু আখিৰাতত আছে সিহঁতৰ বাবে কষ্টদায়ক শাস্তি।

3:178Page 73

وَلَا يَحۡسَبَنَّ ٱلَّذِينَ كَفَرُوٓاْ أَنَّمَا نُمۡلِي لَهُمۡ خَيۡرٞ لِّأَنفُسِهِمۡۚ إِنَّمَا نُمۡلِي لَهُمۡ لِيَزۡدَادُوٓاْ إِثۡمٗاۖ وَلَهُمۡ عَذَابٞ مُّهِينٞ ١٧٨

And let not those who disbelieve ever think that [because] We extend their time [of enjoyment] it is better for them. We only extend it for them so that they may increase in sin, and for them is a humiliating punishment.

নিজ প্ৰতিপালকক অস্বীকাৰকাৰী সকলে আৰু তেওঁৰ চৰীয়তৰ লগত শত্ৰুতা পোষণকাৰী সকলে কেতিয়াও এই কথা ভাবিব নালাগে যে, সিহঁতক এৰি দিয়াটো আৰু সিহঁতৰ কুফৰী কৰাৰ পিছতো সিহঁত দীৰ্ঘায়ু হোৱাটো সিহঁতৰ বাবে কল্যাণকৰ। বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে ভাৱে। প্ৰকৃততে আমি সিহঁতক এই কাৰণে অৱকাশ দিছো যাতে সিহঁতে বেছি বেছি পাপ কৰ্ম কৰি গুনাহ বৃ্দ্ধি কৰে। আৰু অৱশেষত সিহঁতৰ বাবে আছে অতি লাঞ্ছনাদায়ক শাস্তি।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском