Al-MukhtasarAr‑Rum · 30:43–60

Al-Mukhtasar · Tafsir · in Assamese

Ar-Rum 30:43–60

30:43Page 409

فَأَقِمۡ وَجۡهَكَ لِلدِّينِ ٱلۡقَيِّمِ مِن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا مَرَدَّ لَهُۥ مِنَ ٱللَّهِۖ يَوۡمَئِذٖ يَصَّدَّعُونَ ٤٣

So direct your face [i.e., self] toward the correct religion before a Day comes from Allāh of which there is no repelling. That Day, they will be divided.1

হে ৰাছুল! আপুনি কিয়ামত অহাৰ পূৰ্বেই পৰিপূৰ্ণৰূপে ইছলামৰ পিনে মনোনিৱেশ কৰক, কাৰণ কিয়ামতক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিব। এইটোৱে হৈছে সঠিক ধৰ্ম, যি ধৰ্মত কোনো ধৰণৰ বক্ৰতা নাই। সেইদিনা মানুহবোৰ বিভিন্ন গোটত বিভক্ত থাকিব। এটা দল জান্নাতত প্ৰৱেশ কৰিব, যিসকলে নিয়ামতৰ মাজত অৱস্থান কৰিব। আৰু আনটো দল যাব জাহান্নামত, যিসকলে শাস্তিৰ মাজত অৱস্থান কৰিব।

30:44Page 409

مَن كَفَرَ فَعَلَيۡهِ كُفۡرُهُۥۖ وَمَنۡ عَمِلَ صَٰلِحٗا فَلِأَنفُسِهِمۡ يَمۡهَدُونَ ٤٤

Whoever disbelieves - upon him is [the consequence of] his disbelief. And whoever does righteousness - they are for themselves preparing,

যিয়ে আল্লাহক অস্বীকাৰ কৰিব, সেই অস্বীকাৰৰ শাস্তি সি নিজেই ভোগ কৰিব। অৰ্থাৎ সি চিৰকাল জাহান্নামত অৱস্থান কৰিব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে সৎকৰ্ম কৰিব, তেওঁ নিজকে জান্নাতত প্ৰৱেশ কৰাৰ যোগ্য কৰি তুলিব আৰু তাত থকা নিয়ামতবোৰ উপভোগ কৰাৰ পথ প্ৰশস্ত কৰিব। তাত তেওঁ চিৰকাল অৱস্থান কৰিব।

30:45Page 409

لِيَجۡزِيَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ مِن فَضۡلِهِۦٓۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡكَٰفِرِينَ ٤٥

That He may reward those who have believed and done righteous deeds out of His bounty. Indeed, He does not like the disbelievers.

যাতে আল্লাহে সেইসকল লোকক উত্তম প্ৰতিফল দিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ অনুগ্ৰহত তেওঁক সন্তুষ্ট কৰিব পৰা সৎকৰ্ম কৰিছে। নিশ্চয় আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে তেওঁক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে। বৰং তেওঁ সিহঁতৰ প্ৰতি ভীষণ অসন্তুষ্ট হয়। অচিৰেই সিহঁতক কিয়ামতৰ দিনা শাস্তি বিহিব।

30:46Page 409

وَمِنۡ ءَايَٰتِهِۦٓ أَن يُرۡسِلَ ٱلرِّيَاحَ مُبَشِّرَٰتٖ وَلِيُذِيقَكُم مِّن رَّحۡمَتِهِۦ وَلِتَجۡرِيَ ٱلۡفُلۡكُ بِأَمۡرِهِۦ وَلِتَبۡتَغُواْ مِن فَضۡلِهِۦ وَلَعَلَّكُمۡ تَشۡكُرُونَ ٤٦

And of His signs is that He sends the winds as bringers of good tidings and to let you taste His mercy [i.e., rain] and so the ships may sail at His command and so you may seek of His bounty, and perhaps you will be grateful.

আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ এটা ডাঙৰ প্ৰতীক এই যে, তেওঁ বৰষুণৰ পূৰ্বে বতাহৰ জৰিয়তে বান্দাসকলক সুসংবাদ প্ৰেৰণ কৰে। হে মানৱ! ইয়াৰ কাৰণ হৈছে যাতে তেওঁ তোমালোকক বৰষুণৰ ফলত হ’বলগীয়া সেউজীয়া পৰিৱেশ আৰু সুখ-সমৃদ্ধি আদি উপভোগ কৰাব পাৰে, লগতে তেওঁৰ আদেশত যাতে সাগৰত নৌ-যান চলাচল কৰিব পাৰে। আৰু মানুহে যাতে সাগৰীয় ব্যৱসায়-বাণিজ্যৰ দ্বাৰা তেওঁৰ অনুগ্ৰহ অনুসন্ধান কৰিব পাৰে। তথা আল্লাহে তোমালোকক যি নিয়ামত দান কৰিছে সেইবোৰৰ যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। ফলত তেওঁ তোমালোকক আৰু অধিক প্ৰদান কৰিব।

30:47Page 409

وَلَقَدۡ أَرۡسَلۡنَا مِن قَبۡلِكَ رُسُلًا إِلَىٰ قَوۡمِهِمۡ فَجَآءُوهُم بِٱلۡبَيِّنَٰتِ فَٱنتَقَمۡنَا مِنَ ٱلَّذِينَ أَجۡرَمُواْۖ وَكَانَ حَقًّا عَلَيۡنَا نَصۡرُ ٱلۡمُؤۡمِنِينَ ٤٧

And We have already sent messengers before you to their peoples, and they came to them with clear evidences; then We took retribution from those who committed crimes, and incumbent upon Us was support1 of the believers.

হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক তেওঁলোকৰ জাতিৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ যথেষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। তথাপিও সিহঁতে ৰাছুলসকলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছিল। সেয়ে আমি পাপকৰ্মকাৰী লোকসকলৰ পৰা প্ৰতিশোধ লৈছিলোঁ, আৰু সিহঁতক আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। আনহাতে ৰাছুলসকলক আৰু মুমিনসকলক সেই ধ্বংসৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ মুমিনসকলক ৰক্ষা কৰা আৰু তেওঁলোকক সহায় কৰা আমাৰ ওপৰত অনিবাৰ্য আছিল।

30:48Page 409

ٱللَّهُ ٱلَّذِي يُرۡسِلُ ٱلرِّيَٰحَ فَتُثِيرُ سَحَابٗا فَيَبۡسُطُهُۥ فِي ٱلسَّمَآءِ كَيۡفَ يَشَآءُ وَيَجۡعَلُهُۥ كِسَفٗا فَتَرَى ٱلۡوَدۡقَ يَخۡرُجُ مِنۡ خِلَٰلِهِۦۖ فَإِذَآ أَصَابَ بِهِۦ مَن يَشَآءُ مِنۡ عِبَادِهِۦٓ إِذَا هُمۡ يَسۡتَبۡشِرُونَ ٤٨

It is Allāh who sends the winds, and they stir the clouds and spread them in the sky however He wills, and He makes them fragments so you see the rain emerge from within them. And when He causes it to fall upon whom He wills of His servants, immediately they rejoice

পৱিত্ৰ আল্লাহেই বতাহক সঞ্চালন কৰে, আৰু ইফালে সিফালে প্ৰেৰণ কৰে। সেই বতাহৰ দ্বাৰাই তেওঁ মেঘক আকাশত নিজ ইচ্ছা মতে প্ৰসাৰিত কৰে আৰু সেইবোৰক বিভিন্ন টুকুৰাত বিভক্ত কৰে, কম হওক অথবা বেছি। এতেকে হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তুমি সেই মেঘৰ ভিতৰৰ পৰা বৰষুণ অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা। এতেকে আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলক ইচ্ছা কৰে বৰষুণ প্ৰদান কৰে। বৰষুণৰ ৰূপত তেওঁলোকে আল্লাহৰ ৰহমত লাভ কৰি আনন্দিত হয়। কাৰণ বৰষুণৰ পিছত স্বয়ং সিহঁতৰ বাবে আৰু জীৱ-জন্তুৰ বাবে ভূমিৰ পৰা অত্যাৱশ্যকীয় খাদ্যদ্ৰৱ্য উৎপাদন হয়।

30:49Page 409

وَإِن كَانُواْ مِن قَبۡلِ أَن يُنَزَّلَ عَلَيۡهِم مِّن قَبۡلِهِۦ لَمُبۡلِسِينَ ٤٩

Although they were, before it was sent down upon them - before that, in despair.

এই কথা নিশ্চিত যে, আল্লাহে সিহঁতৰ ওপৰত বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে, সিহঁত বৰষুণৰ পৰা নিৰাশ হৈ পৰিছিল।

30:50Page 409

فَٱنظُرۡ إِلَىٰٓ ءَاثَٰرِ رَحۡمَتِ ٱللَّهِ كَيۡفَ يُحۡيِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَآۚ إِنَّ ذَٰلِكَ لَمُحۡيِ ٱلۡمَوۡتَىٰۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ ٥٠

So observe the effects of the mercy of Allāh - how He gives life to the earth after its lifelessness. Indeed, that [same one] will give life to the dead, and He is over all things competent.

হে ৰাছুল! আপুনি বৰষুণৰ প্ৰভাৱৰ প্ৰতি মন কৰকচোন, যি বৰষুণক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে ৰহমতস্বৰূপ প্ৰেৰণ কৰে। কিদৰে তেওঁ মৃত ভূমিক জীৱিত কৰি তাত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰে! জানি থওক, যি সত্তাই এই মৃত ভূমিক জীৱিত কৰে, নিশ্চিতভাৱে তেৱেঁই মৃত লোকসকলক জীৱিত কৰি পুনৰুত্থিত কৰিব। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁৰ ক্ষমতাৰ বাহিৰত একোৱেই নাই।

30:51Page 410

وَلَئِنۡ أَرۡسَلۡنَا رِيحٗا فَرَأَوۡهُ مُصۡفَرّٗا لَّظَلُّواْ مِنۢ بَعۡدِهِۦ يَكۡفُرُونَ ٥١

But if We should send a [bad] wind and they saw [their crops] turned yellow, they would remain thereafter disbelievers.1

যদি আমি সিহঁতৰ খেতি-পথাৰত বিনাশকাৰী বতাহ প্ৰেৰণ কৰোঁ, যি বতাহে সিহঁতৰ খেতি-বাতি তচনচ কৰি পেলায়, আৰু সিহঁতে যদি সেউজীয়া পথাৰক হালধীয়া দেখিবলৈ পায়, তেন্তে পূৰ্বৱৰ্তী আল্লাহৰ অসংখ্য নিয়ামতসমূহক পাহৰি অকৃতজ্ঞ হৈ পৰে।

30:52Page 410

فَإِنَّكَ لَا تُسۡمِعُ ٱلۡمَوۡتَىٰ وَلَا تُسۡمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوۡاْ مُدۡبِرِينَ ٥٢

So indeed, you will not make the dead hear, nor will you make the deaf hear the call when they turn their backs, retreating.

যিদৰে আপুনি মৃত ব্যক্তিক শুনাব নোৱাৰে, সেইদৰে আপুনি কলা ব্যক্তিকো শুনাব নোৱাৰে, সিহঁতে নুশুনাৰ কাৰণেই আপোনাৰ পৰা আঁতৰি যায়। ঠিক সেইদৰেই আপুনি সেইসকল লোককো সঠিক পথলৈ ঘূৰাই আনিব নোৱাৰিব, যিসকলে ইহঁতৰ দৰেই উপকৃত হোৱাৰ পৰা বঞ্চিত হৈ বিমুখ হৈ উভতি যায়।

30:53Page 410

وَمَآ أَنتَ بِهَٰدِ ٱلۡعُمۡيِ عَن ضَلَٰلَتِهِمۡۖ إِن تُسۡمِعُ إِلَّا مَن يُؤۡمِنُ بِـَٔايَٰتِنَا فَهُم مُّسۡلِمُونَ ٥٣

And you cannot guide the blind away from their error. You will only make hear those who believe in Our verses so they are Muslims [in submission to Allāh].

আপুনি সেই ব্যক্তিক কেতিয়াও সঠিক পথৰ তাওফীক দিব নোৱাৰে, যিয়ে উৎকৃষ্ট পথৰ পৰা বিভ্ৰান্ত হৈছে। আপুনি কেৱল সেইসকল লোককেই উপকৃত কৰাৰ উদ্দেশ্যে শুনাব পাৰিব, যিসকলে আমাৰ আয়াতসমূহক বিশ্বাস কৰে। কাৰণ তেওঁলোকেই আপোনাৰ কথাৰ দ্বাৰা উপকৃত হয়। তেওঁলোকেই আমাৰ আদেশ পালন কৰে আৰু সেইমতে নত স্বীকাৰ কৰে।

30:54Page 410

۞ ٱللَّهُ ٱلَّذِي خَلَقَكُم مِّن ضَعۡفٖ ثُمَّ جَعَلَ مِنۢ بَعۡدِ ضَعۡفٖ قُوَّةٗ ثُمَّ جَعَلَ مِنۢ بَعۡدِ قُوَّةٖ ضَعۡفٗا وَشَيۡبَةٗۚ يَخۡلُقُ مَا يَشَآءُۚ وَهُوَ ٱلۡعَلِيمُ ٱلۡقَدِيرُ ٥٤

Allāh is the one who created you from weakness, then made after weakness strength, then made after strength weakness and white hair. He creates what He wills, and He is the Knowing, the Competent.

হে মানৱজাতি! আল্লাহেই তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক শৈশৱৰ নিৰ্বলতাৰ পিছত যৌৱনৰ শক্তি প্ৰদান কৰিছে। আকৌ যৌৱনৰ শক্তিৰ পিছত পুনৰ বৃদ্ধ বয়সৰ দুৰ্বলতা আৰু বলহীনতা প্ৰদান কৰিব। শক্তি সামৰ্থই হওক অথবা দুৰ্বলতা, আল্লাহে নিজ ইচ্ছামতে সৃষ্টি কৰে। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ মহাশক্তিশালী, তেওঁৰ শক্তিৰ বাহিৰত একোৱেই নাই।

30:55Page 410

وَيَوۡمَ تَقُومُ ٱلسَّاعَةُ يُقۡسِمُ ٱلۡمُجۡرِمُونَ مَا لَبِثُواْ غَيۡرَ سَاعَةٖۚ كَذَٰلِكَ كَانُواْ يُؤۡفَكُونَ ٥٥

And the Day the Hour appears the criminals will swear they had remained but an hour. Thus they were deluded.

যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাকে শপত খাই ক’ব যে, আমি কবৰত কেৱল কিছু সময়হে অৱস্থান কৰিছিলোঁ। যিদৰে সিহঁতক কবৰত অৱস্থান কৰা সময় সম্পৰ্কীয় তথ্যৰ পৰা আঁতৰাই ৰখা হৈছে, ঠিক সেইদৰে পৃথিৱীতো সিহঁতে সত্যৰ পৰা আঁতৰি ফুৰিছিল।

30:56Page 410

وَقَالَ ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ وَٱلۡإِيمَٰنَ لَقَدۡ لَبِثۡتُمۡ فِي كِتَٰبِ ٱللَّهِ إِلَىٰ يَوۡمِ ٱلۡبَعۡثِۖ فَهَٰذَا يَوۡمُ ٱلۡبَعۡثِ وَلَٰكِنَّكُمۡ كُنتُمۡ لَا تَعۡلَمُونَ ٥٦

But those who were given knowledge and faith will say, "You remained the extent of Allāh's decree until the Day of Resurrection, and this is the Day of Resurrection, but you did not used to know."1

যিসকলক আল্লাহে জ্ঞান দান কৰিছিল অৰ্থাৎ নবী আৰু ফিৰিস্তাসকলে ক'বঃ তোমালোকে সেই পুনৰুত্থান দিৱসলৈকে অৱস্থান কৰিছা, যিটোক আল্লাহে তেওঁৰ জ্ঞান অনুসাৰে তোমালোকৰ সৃষ্টিৰ সময়তেই নিৰ্ধাৰণ কৰি লিখি ৰাখিছিল, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। এতেকে এইটোৱেই হৈছে সেই দিন, যিদিনা মানুহক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব।দৰাচলতে তোমালোকে জনাই নাছিলা যে, আখিৰাতৰ বাবে পুনৰ্জীৱন লাভ কৰাটো এটা চিৰসত্য বিষয়। সেইকাৰণেই তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।

30:57Page 410

فَيَوۡمَئِذٖ لَّا يَنفَعُ ٱلَّذِينَ ظَلَمُواْ مَعۡذِرَتُهُمۡ وَلَا هُمۡ يُسۡتَعۡتَبُونَ ٥٧

So that Day, their excuse will not benefit those who wronged, nor will they be asked to appease [Allāh].

যিদিনা আল্লাহে সৃষ্টিবোৰক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰ্জীৱিত কৰিব, সেইদিনা যালিমসকলৰ কোনো অজুহাত কামত নাহিব। আনকি তাওবা কৰি আল্লাহৰ ওচৰত সিহঁতক উভতি অহাৰো সুযোগ দিয়া নহ’ব। কাৰণ এই সুযোগ সিহঁতে পূৰ্বেই হেৰুৱাইছে।

30:58Page 410

وَلَقَدۡ ضَرَبۡنَا لِلنَّاسِ فِي هَٰذَا ٱلۡقُرۡءَانِ مِن كُلِّ مَثَلٖۚ وَلَئِن جِئۡتَهُم بِـَٔايَةٖ لَّيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ أَنتُمۡ إِلَّا مُبۡطِلُونَ ٥٨

And We have certainly presented to the people in this Qur’ān from every [kind of] example. But, [O Muḥammad], if you should bring them a sign, the disbelievers will surely say, "You [believers] are but falsifiers."

আমি মানুহৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰি সিহঁতৰ বাবে এই কোৰআনত সকলো প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে সিহঁতৰ সন্মুখত অসত্যৰ পৰা সত্য স্পষ্ট হৈ পৰে। হে ৰাছুল! আপুনি যদি সিহঁতৰ ওচৰত আপোনাৰ সত্যতাৰ কোনো প্ৰমাণ লৈ আহে, তথাপিও আল্লাহক অস্বীকাৰ কৰা লোকসকলে নিশ্চয় ক’বঃ তোমালোক হৈছা বাতিলপন্থী, আৰু এই তথ্যবোৰো তোমালোকৰ মনেসজা।

30:59Page 410

كَذَٰلِكَ يَطۡبَعُ ٱللَّهُ عَلَىٰ قُلُوبِ ٱلَّذِينَ لَا يَعۡلَمُونَ ٥٩

Thus does Allāh seal the hearts of those who do not know.1

যিদৰে এইসকল লোকৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে, যিসকলে আপুনি লৈ অহা আয়াতক বিশ্বাস নকৰে, ঠিক সেইদৰে আল্লাহে সেইসকল লোকৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিসকলে এই কথা নাজানে যে, আপুনি সিহঁতৰ ওচৰত যি লৈ আহিছে সেইবোৰ হৈছে সত্য।

30:60Page 410

فَٱصۡبِرۡ إِنَّ وَعۡدَ ٱللَّهِ حَقّٞۖ وَلَا يَسۡتَخِفَّنَّكَ ٱلَّذِينَ لَا يُوقِنُونَ ٦٠

So be patient. Indeed, the promise of Allāh is truth. And let them not disquiet you who are not certain [in faith].

হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। আল্লাহে আপোনাক সহায় কৰাৰ আৰু প্ৰতিষ্ঠিত কৰাৰ যি প্ৰতিশ্ৰুতি দান কৰিছে, নিশ্চিতভাৱে সেই প্ৰতিশ্ৰুতি সত্য। ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। আখিৰাতৰ পুনৰ্জীৱনক বিশ্বাস নকৰা লোকসকলে যাতে আপোনাক উচটনি দিব নোৱাৰে, অধৈৰ্য্য হ’বলৈ তথা খৰধৰ কৰিবলৈ।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском