Al-MukhtasarAs‑Saffat · 37:66–132

Al-Mukhtasar · Tafsir · in Assamese

As-Saffat 37:66–132

37:66Page 448

فَإِنَّهُمۡ لَأٓكِلُونَ مِنۡهَا فَمَالِـُٔونَ مِنۡهَا ٱلۡبُطُونَ ٦٦

And indeed, they will eat from it and fill with it their bellies.

নিশ্চয় কাফিৰসকলে সেই তিক্ত আৰু নিকৃষ্ট ফল ভক্ষণ কৰিব, আৰু তাৰ জৰিয়তে নিজৰ উদৰ ভৰিব।

37:67Page 448

ثُمَّ إِنَّ لَهُمۡ عَلَيۡهَا لَشَوۡبٗا مِّنۡ حَمِيمٖ ٦٧

Then indeed, they will have after it a mixture of scalding water.

সেই ফল ভক্ষণ কৰাৰ পিছত সিহঁতক যিটো পানীয় পৰিবেশন কৰা হ’ব, সেইটো হ’ব গৰম আৰু নিকৃষ্ট উপাদানেৰে মিশ্ৰিত।

37:68Page 448

ثُمَّ إِنَّ مَرۡجِعَهُمۡ لَإِلَى ٱلۡجَحِيمِ ٦٨

Then indeed, their return will be to the Hellfire.

ইয়াৰ পিছত সিহঁতক জাহান্নামৰ শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব, এতেকে সিহঁত এটা শাস্তিৰ পৰা আনটো শাস্তিলৈ প্ৰস্থান কৰি থাকিব।

37:69Page 448

إِنَّهُمۡ أَلۡفَوۡاْ ءَابَآءَهُمۡ ضَآلِّينَ ٦٩

Indeed they found their fathers astray.

নিশ্চয় এই কাফিৰসকলে নিজৰ পিতৃ-পুৰুষসকলক হিদায়তৰ পথৰ পৰা পথভ্ৰষ্ট অৱস্থাত পাইছিল। সেয়ে ইহঁতেও দেখা-দেখি সিহঁতৰেই অনুসৰণ কৰিছে। প্ৰমাণৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাই।

37:70Page 448

فَهُمۡ عَلَىٰٓ ءَاثَٰرِهِمۡ يُهۡرَعُونَ ٧٠

So they hastened [to follow] in their footsteps.

সেইকাৰণেই ইহঁতে পূৰ্ব-পুৰুষসকলৰ অনুসৰণ কৰি বিভ্ৰান্তিৰ পিনে ক্ষীপ্ৰতাৰে আগুৱাই গৈ আছে।

37:71Page 448

وَلَقَدۡ ضَلَّ قَبۡلَهُمۡ أَكۡثَرُ ٱلۡأَوَّلِينَ ٧١

And there had already strayed before them most of the former peoples,

নিশ্চয় ইহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তী লোকসকলৰ মাজৰ পৰা বহুতো লোক পথভ্ৰষ্ট হৈছিল। গতিকে হে ৰাছুল! আপোনাৰ সম্প্ৰদায়েই প্ৰথম পথভ্ৰষ্ট জাতি নহয়।

37:72Page 448

وَلَقَدۡ أَرۡسَلۡنَا فِيهِم مُّنذِرِينَ ٧٢

And We had already sent among them warners.

নিশ্চয় আমি পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাইছিল, কিন্তু তথাপিও সিহঁতে অস্বীকাৰ কৰিছিল।

37:73Page 448

فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُنذَرِينَ ٧٣

Then look how was the end of those who were warned -

হে ৰাছুল! লক্ষ্য কৰকচোন, সেইসকল লোকৰ পৰিণাম কেনেকুৱা আছিল, যিসকলক সিহঁতৰ ৰাছুলসকলে সতৰ্ক কৰিছিল কিন্তু সিহঁতে তেওঁলোকৰ কথাত সঁহাৰি দিয়া নাছিল। নিশ্চয় সিহঁতৰ পৰিণাম আছিল চিৰস্থায়ী জাহান্নাম। কিয়নো সিহঁতে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

37:74Page 448

إِلَّا عِبَادَ ٱللَّهِ ٱلۡمُخۡلَصِينَ ٧٤

But not the chosen servants of Allāh.

কেৱল সেইসকল লোকৰ বাহিৰে, যিসকলক আল্লাহে ঈমান পোষণ কৰাৰ বাবে নিৰ্বাচিত কৰিছে। কিয়নো তেওঁলোক সেই শাস্তিৰ পৰা সুৰক্ষিত থাকিব, যি শাস্তিৰ দ্বাৰা অস্বীকাৰ কৰা কাফিৰসকলৰ অন্ত হ’ব।

37:75Page 448

وَلَقَدۡ نَادَىٰنَا نُوحٞ فَلَنِعۡمَ ٱلۡمُجِيبُونَ ٧٥

And Noah had certainly called Us, and [We are] the best of responders.

নিশ্চয় আমাৰ নবী নূহ আলাইহিচ্ছালামে আমাক আহ্বান কৰিছিল, যেতিয়া তেওঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে বদ্দুআ কৰিছিল যিসকলে তেওঁক নাকচ কৰিছিল তথা অস্বীকাৰ কৰিছিল। তেতিয়া আমি তেওঁৰ প্ৰাৰ্থনাৰ গুৰুত্ব সহকাৰে সঁহাৰি দিছিলোঁ। কাৰণ সিহঁতৰ বিৰুদ্ধে তেওঁৰ বদ্দুআ আমি লগে লগে স্বীকাৰ কৰিছিলোঁ।

37:76Page 448

وَنَجَّيۡنَٰهُ وَأَهۡلَهُۥ مِنَ ٱلۡكَرۡبِ ٱلۡعَظِيمِ ٧٦

And We saved him and his family from the great affliction.

নিশ্চয় আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক, লগতে তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁৰ সম্প্ৰদায়ৰ নিৰ্যাতনৰ পৰা আৰু সেই মহাপ্লাৱনৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটোক কাফিৰসকলৰ ধ্বংসৰ বাবে প্ৰেৰণ কৰা হৈছিল।

37:77Page 449

وَجَعَلۡنَا ذُرِّيَّتَهُۥ هُمُ ٱلۡبَاقِينَ ٧٧

And We made his descendants those remaining [on the earth]

আমি কেৱল তেওঁৰ পৰিয়ালক আৰু তেওঁৰ মুমিন অনুসাৰীসকলক ৰক্ষা কৰিছিলোঁ। তেওঁলোকৰ বাহিৰে আন আন কাফিৰ লোকসকলক ডুবাই মাৰিছিলোঁ।

37:78Page 449

وَتَرَكۡنَا عَلَيۡهِ فِي ٱلۡأٓخِرِينَ ٧٨

And left for him [favorable mention] among later generations:

পৰৱৰ্তী লোকসকলৰ মাজত তেওঁলোকৰ উত্তম প্ৰশংসা জাৰি ৰাখিছিলোঁ। সেয়েহে মানুহে তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰিছিল।

37:79Page 449

سَلَٰمٌ عَلَىٰ نُوحٖ فِي ٱلۡعَٰلَمِينَ ٧٩

"Peace upon Noah among the worlds."

পৰৱৰ্তী লোকসকলৰ মাজৰ কোনেও যাতে নূহ আলাইহিচ্ছালামক বেয়াকৈ ক’ব নোৱাৰে, তাৰ পৰা তেওঁক সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰা হৈছে। বৰং তেওঁৰ প্ৰশংসা আৰু ভাল চৰ্চা সদায় কিংবদন্তি হিচাপে চলি থাকিব।

37:80Page 449

إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ٨٠

Indeed, We thus reward the doers of good.

আমি নূহ আলাইহিচ্ছালামক যি প্ৰতিদান দিছোঁ, এনেকুৱা প্ৰতিদান আমি প্ৰত্যেক সেইসকল ব্যক্তিক প্ৰদান কৰিম, যিসকলে নিষ্ঠা সহকাৰে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে তথা তেওঁৰ আনুগত্য কৰে।

37:81Page 449

إِنَّهُۥ مِنۡ عِبَادِنَا ٱلۡمُؤۡمِنِينَ ٨١

Indeed, he was of Our believing servants.

নিশ্চয় নূহ হৈছে আল্লাহৰ আনুগত্য কৰা মুমিন বান্দাসকলৰ অন্যতম।

37:82Page 449

ثُمَّ أَغۡرَقۡنَا ٱلۡأٓخَرِينَ ٨٢

Then We drowned the others [i.e., disbelievers].

ইয়াৰ পিছত বাকী লোকসকলক আমি প্ৰেৰণ কৰা মহাপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁতৰ মাজৰ কোনেও ৰক্ষা পোৱা নাছিল।

37:83Page 449

۞ وَإِنَّ مِن شِيعَتِهِۦ لَإِبۡرَٰهِيمَ ٨٣

And indeed, among his kind was Abraham,

নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম তেওঁৰেই ধৰ্মৰ সেই লোকসকলৰ অন্তৰ্ভুক্ত আছিল, যিসকলে তেওঁৰ দৰেই আল্লাহৰ তাওহীদৰ পিনে মানুহক আহ্বান কৰিছিল।

37:84Page 449

إِذۡ جَآءَ رَبَّهُۥ بِقَلۡبٖ سَلِيمٍ ٨٤

When he came to his Lord with a sound heart

স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত শ্বিৰ্কৰ পৰা পৱিত্ৰ আৰু আল্লাহৰ বাবে তেওঁৰ মখলুকৰ হিতাকাংক্ষী অন্তৰ লৈ আগমন কৰিছিল।

37:85Page 449

إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَاذَا تَعۡبُدُونَ ٨٥

[And] when he said to his father and his people, "What do you worship?

যেতিয়া তেওঁ নিজৰ পিতৃক আৰু তেওঁৰ মুশ্বৰিক সম্প্ৰদায়ক ভৰ্ৎসনা কৰি কৈছিলঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ কিহৰ পূজা-পাঠ কৰা?

37:86Page 449

أَئِفۡكًا ءَالِهَةٗ دُونَ ٱللَّهِ تُرِيدُونَ ٨٦

Is it falsehood [as] gods other than Allāh you desire?

আল্লাহক এৰি তোমালোকে এই মিছা উপাস্যবোৰৰ পূজা-পাঠ কৰা নেকি?

37:87Page 449

فَمَا ظَنُّكُم بِرَبِّ ٱلۡعَٰلَمِينَ ٨٧

Then what is your thought about the Lord of the worlds?"

হে মোৰ জাতিৰ লোকসকল! বিশ্বজগতৰ প্ৰতিপালক আল্লাহ সম্পৰ্কে তোমালোকৰ ধাৰণা কি, যেতিয়া তোমালোকে তেওঁৰ বাহিৰে আনৰ পূজা-পাঠ কৰা অৱস্থাত তেওঁৰ সৈতে সাক্ষাৎ কৰিবা? তোমালোকেই কোৱাচোন, তেতিয়া তেওঁ তোমালোকৰ সৈতে কি আচৰণ কৰিব?!

37:88Page 449

فَنَظَرَ نَظۡرَةٗ فِي ٱلنُّجُومِ ٨٨

And he cast a look at the stars

তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে আকাশৰ প্ৰতি দৃষ্টিপাত কৰিলে, যাতে তেওঁৰ জাতিৰ সৈতে ওলাই যোৱাৰ পৰা বিৰত থকাৰ কোনো উপায় অনুসন্ধান কৰিব পাৰে।

37:89Page 449

فَقَالَ إِنِّي سَقِيمٞ ٨٩

And said, "Indeed, I am [about to be] ill."

এতেকে তেওঁ লোকসকলৰ সৈতে মেলাত গমন কৰাৰ পৰা বিৰত থকাৰ বাবে অজুহাত দেখুৱাই ক’লেঃ আজি মই অসুস্থ।

37:90Page 449

فَتَوَلَّوۡاْ عَنۡهُ مُدۡبِرِينَ ٩٠

So they turned away from him, departing.

ফলত সিহঁতে তেওঁক এৰি গুচি গ’ল।

37:91Page 449

فَرَاغَ إِلَىٰٓ ءَالِهَتِهِمۡ فَقَالَ أَلَا تَأۡكُلُونَ ٩١

Then he turned to their gods and said, "Do you not eat?1

সিহঁত গুচি যোৱাৰ পিছত তেওঁ সেই মূৰ্ত্তিবোৰৰ ওচৰলৈ গ’ল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। তেতিয়া তেওঁ সিহঁতৰ সেই উপাস্যবোৰক উপহাসসূচক বাক্যত ক’লেঃ তোমালোকে এইবোৰ খাদ্য কিয় নোখোৱা, মুশ্বৰিকসকলে দেখোন বিশেষকৈ তোমালোকৰ বাবে এইবোৰ প্ৰস্তুত কৰিছে?!

37:92Page 449

مَا لَكُمۡ لَا تَنطِقُونَ ٩٢

What is [wrong] with you that you do not speak?"

কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়? আৰু প্ৰাৰ্থনাকাৰীসকলৰ প্ৰাৰ্থনাত সঁহাৰি নিদিয়া কিয়?! আল্লাহৰ বাহিৰে এইবোৰক উপাসনা কৰা উচিত নে?

37:93Page 449

فَرَاغَ عَلَيۡهِمۡ ضَرۡبَۢا بِٱلۡيَمِينِ ٩٣

And he turned upon them a blow with [his] right hand.

ইয়াৰ পিছত ইব্ৰাহীম আলাইহিচ্ছালামে সেইবোৰক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ সোঁহাতেৰে সজোৰে আঘাত কৰিবলৈ ধৰিলে।

37:94Page 449

فَأَقۡبَلُوٓاْ إِلَيۡهِ يَزِفُّونَ ٩٤

Then they [i.e., the people] came toward him, hastening.

মেলাৰ পৰা ঘূৰি আহি মূৰ্ত্তিবোৰৰ উপাসনাকাৰীসকলে ততাতৈয়াকৈ তেওঁৰ ফালে ঢাপলি মেলিলে।

37:95Page 449

قَالَ أَتَعۡبُدُونَ مَا تَنۡحِتُونَ ٩٥

He said, "Do you worship that which you [yourselves] carve,

ইব্ৰাহীম আলাইহিচ্ছালামে দৃঢ়তাৰে সিহঁতৰ মোকাবিলা কৰিলে আৰু সিহঁতক ধিক্কাৰ দি ক’লেঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ উপাস্যৰ আৰাধনা কৰা নেকি, যিবোৰক তোমালোকে নিজ হাতেৰে তৈয়াৰ কৰা?!

37:96Page 449

وَٱللَّهُ خَلَقَكُمۡ وَمَا تَعۡمَلُونَ ٩٦

While Allāh created you and that which you do?"

অথচ পৱিত্ৰ আল্লাহেই তোমালোকক আৰু তোমালোকৰ কৰ্মকো সৃষ্টি কৰিছে। আৰু এই মুৰ্ত্তিবোৰো তোমালোকৰ কৰ্মৰেই এটা অংশ। গতিকে একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৈতে আন কাকো তেওঁৰ অংশী কৰা বৈধ নহয়।

37:97Page 449

قَالُواْ ٱبۡنُواْ لَهُۥ بُنۡيَٰنٗا فَأَلۡقُوهُ فِي ٱلۡجَحِيمِ ٩٧

They said, "Construct for him a structure [i.e., furnace] and throw him into the burning fire."

এতেকে যেতিয়া সিহঁতে দলিল প্ৰমাণেৰে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰয়োগ কৰিবলৈ ধৰিলে। তেতিয়া সিহঁতে পৰস্পৰৰ মাজত পৰামৰ্শ কৰিবলৈ ধৰিলে যে, ইব্ৰাহীমৰ লগত কি কৰা উচিত। অৱশেষত সিহঁত এই সিদ্ধান্তত উপনীত হ’ল যে, তেওঁৰ বাবে এটা অগ্নিশালা নিৰ্মাণ কৰা হওক। আৰু তাত কাঠৰ টুকুৰা, খৰি আদিৰে জুই প্ৰজ্বলিত কৰি তাত তেওঁক নিক্ষেপ কৰা হওক।

37:98Page 449

فَأَرَادُواْ بِهِۦ كَيۡدٗا فَجَعَلۡنَٰهُمُ ٱلۡأَسۡفَلِينَ ٩٨

And they intended for him a plan [i.e., harm], but We made them the most debased.

ইব্ৰাহীম আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক বিনাশ কৰি শান্তি লাভ কৰিব বুলি ভাৱিছিল। কিন্তু সিহঁতৰ এই প্ৰয়াসত আমি সিহঁতক ব্যৰ্থ কৰিছিলোঁ। কাৰণ আমি সেই জুইক ইব্ৰাহীম আলাইহিচ্ছালামৰ বাবে শীতল তথা শান্তিময় কৰি দিছিলোঁ।

37:99Page 449

وَقَالَ إِنِّي ذَاهِبٌ إِلَىٰ رَبِّي سَيَهۡدِينِ ٩٩

And [then] he said, "Indeed, I will go to [where I am ordered by] my Lord; He will guide me.

ইব্ৰাহীম আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় মই মোৰ সম্প্ৰদায়ৰ দেশ এৰি, মোৰ প্ৰতিপালকৰ ফালে হিজৰত কৰিম, যাতে মই নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰিব পাৰোঁ। অচিৰেই মোৰ প্ৰতিপালকে মোক সেই পথ দেখুৱাব, যি পথত মোৰ বাবে আছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ।

37:100Page 449

رَبِّ هَبۡ لِي مِنَ ٱلصَّٰلِحِينَ ١٠٠

My Lord, grant me [a child] from among the righteous."

হে মোৰ প্ৰতিপালক! মোক এজন নেক সন্তান দান কৰা। যিয়ে অচিনাকি ঠাইত মোৰ সহায়ক হ’ব আৰু মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰিব।

37:101Page 449

فَبَشَّرۡنَٰهُ بِغُلَٰمٍ حَلِيمٖ ١٠١

So We gave him good tidings of a forbearing boy.

এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁক আনন্দদায়ক সুসংবাদ দিলোঁ। ফলত আমি তেওঁক এজন পুত্ৰ সন্তানৰ সংবাদ দিলোঁ, যিজন ডাঙৰ হৈ সহনশীল হ’ব। সুযোগ্য সেই পুত্ৰ সন্তান হৈছে ইছমাঈল আলাইহিচ্ছালাম।

37:102Page 449

فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعۡيَ قَالَ يَٰبُنَيَّ إِنِّيٓ أَرَىٰ فِي ٱلۡمَنَامِ أَنِّيٓ أَذۡبَحُكَ فَٱنظُرۡ مَاذَا تَرَىٰۚ قَالَ يَٰٓأَبَتِ ٱفۡعَلۡ مَا تُؤۡمَرُۖ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّٰبِرِينَ ١٠٢

And when he reached with him [the age of] exertion,1 he said, "O my son, indeed I have seen in a dream that I [must] sacrifice you, so see what you think." He said, "O my father, do as you are commanded. You will find me, if Allāh wills, of the steadfast."

ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰ অন্তৰ্ভুক্ত পাব।

37:103Page 450

فَلَمَّآ أَسۡلَمَا وَتَلَّهُۥ لِلۡجَبِينِ ١٠٣

And when they had both submitted1 and he put him down upon his forehead,

ইয়াৰ পিছত তেওঁলোক পিতা-পুত্ৰ যেতিয়া আল্লাহৰ সন্মুখত নত হ’ল আৰু তেওঁৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হ’ল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই দিলে, যাতে তেওঁক কুৰবানী কৰাৰ সেই আদেশ পালন হয়।

37:104Page 450

وَنَٰدَيۡنَٰهُ أَن يَٰٓإِبۡرَٰهِيمُ ١٠٤

We called to him, "O Abraham,

ইব্ৰাহীমে যেতিয়া আল্লাহৰ আদেশ ৰূপায়ণ কৰিবলৈ তেওঁৰ পুত্ৰক জবেহ কৰিবলৈ ধৰিলে, তেতিয়া আমি ইব্ৰাহীমক মাতি ক’লো, হে ইব্ৰাহীম!

37:105Page 450

قَدۡ صَدَّقۡتَ ٱلرُّءۡيَآۚ إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ١٠٥

You have fulfilled the vision." Indeed, We thus reward the doers of good.

আপুনি আপোনাৰ পুত্ৰক জবেহ কৰা সম্পৰ্কে দেখা সেই সপোনক বাস্তৱ ৰূপ দান কৰিবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। যিদৰে আমি আপোনাক এই মহা পৰীক্ষাৰ পৰা ৰক্ষা কৰি প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ আৰু তেওঁলোকক কঠিন পৰিস্থিতি আৰু বিপদ-আপদৰ পৰা ৰক্ষা কৰোঁ।

37:106Page 450

إِنَّ هَٰذَا لَهُوَ ٱلۡبَلَٰٓؤُاْ ٱلۡمُبِينُ ١٠٦

Indeed, this was the clear trial.

নিশ্চয় এয়া আছিল স্পষ্ট পৰীক্ষা, য’ত ইব্ৰাহীম আলাইহিচ্ছালামে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছে।

37:107Page 450

وَفَدَيۡنَٰهُ بِذِبۡحٍ عَظِيمٖ ١٠٧

And We ransomed him with a great sacrifice,1

আমি ইছমাঈল আলাইহিচ্ছালামক এটা ডাঙৰ দুম্বাৰ কুৰবানীৰ বিনিময়ত মুক্ত কৰিছিলোঁ, যিটোক তেওঁৰ পৰিবৰ্তে কুৰবানী কৰা হৈছিল।

37:108Page 450

وَتَرَكۡنَا عَلَيۡهِ فِي ٱلۡأٓخِرِينَ ١٠٨

And We left for him [favorable mention] among later generations:

আৰু আমি ইব্ৰাহীম আলাইহিচ্ছালামৰ উত্তম প্ৰশংসা পৰৱৰ্তী উম্মতসমূহৰ মাজতো জাৰি ৰাখিছিলোঁ।

37:109Page 450

سَلَٰمٌ عَلَىٰٓ إِبۡرَٰهِيمَ ١٠٩

"Peace upon Abraham."

ইব্ৰাহীমৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম তথা অভিবাদন, লগতে সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।

37:110Page 450

كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ١١٠

Indeed, We thus reward the doers of good.

যিদৰে আমি ইব্ৰাহীমক তেওঁৰ আনুগত্যৰ বিনিময়ত প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ।

37:111Page 450

إِنَّهُۥ مِنۡ عِبَادِنَا ٱلۡمُؤۡمِنِينَ ١١١

Indeed, he was of Our believing servants.

নিশ্চয় ইব্ৰাহীম আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। যিসকলে আল্লাহৰ ইবাদতৰ দাবীসমূহ পুংখানুপুংখভাৱে আদায় কৰে।

37:112Page 450

وَبَشَّرۡنَٰهُ بِإِسۡحَٰقَ نَبِيّٗا مِّنَ ٱلصَّٰلِحِينَ ١١٢

And We gave him good tidings of Isaac, a prophet from among the righteous.1

আমি তেওঁক আৰু এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছিলোঁ। যিজন পিছলৈ নবী হৈছিল আৰু নেক বান্দাত পৰিণত হৈছিল। তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম। এই সুসংবাদ আছিল দৰাচলতে পিতা-মাতাৰ একমাত্ৰ সন্তান ইছমাঈল আলাইহিচ্ছালামৰ কুৰবানী সম্পৰ্কীয় আল্লাহৰ আদেশ পালন কৰাৰ প্ৰতিদান।

37:113Page 450

وَبَٰرَكۡنَا عَلَيۡهِ وَعَلَىٰٓ إِسۡحَٰقَۚ وَمِن ذُرِّيَّتِهِمَا مُحۡسِنٞ وَظَالِمٞ لِّنَفۡسِهِۦ مُبِينٞ ١١٣

And We blessed him and Isaac. But among their descendants is the doer of good and the clearly unjust to himself [i.e., sinner].

আমি তেওঁৰ ওপৰত আৰু তেওঁৰ পুত্ৰ ইছহাক্বৰ ওপৰত, আমাৰ ফালৰ পৰা বৰকত অৱতীৰ্ণ কৰিছিলোঁ। আৰু দুয়োকে প্ৰদান কৰিছিলোঁ অসংখ্য নিয়ামত। আমি দুয়োৰে বংশ বিস্তাৰ কৰিছিলোঁ। তেওঁলোকৰ বংশধৰসকলৰ মাজৰ কিছুমানে আল্লাহৰ আনুগত্য কৰি নেক বান্দাত পৰিণত হৈছিল, আৰু আন কিছুমানে কুফৰী আৰু গুনাহত লিপ্ত হৈ নিজৰ ওপৰতেই প্ৰকাশ্য অন্যায় কৰিছিল।

37:114Page 450

وَلَقَدۡ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَٰرُونَ ١١٤

And We did certainly confer favor upon Moses and Aaron.

নিশ্চয় আমি মুছা আৰু তেওঁৰ ভাই হাৰূনক নবুওৱত প্ৰদান কৰি তেওঁলোকক উপকাৰ কৰিছিলোঁ।

37:115Page 450

وَنَجَّيۡنَٰهُمَا وَقَوۡمَهُمَا مِنَ ٱلۡكَرۡبِ ٱلۡعَظِيمِ ١١٥

And We saved them and their people from the great affliction,

আমি তেওঁলোক দুয়োকে আৰু তেওঁলোকৰ সম্প্ৰদায় বনী ইছৰাঈলকো ফিৰআউনৰ দাসত্বৰ পৰা আৰু সাগৰত ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।

37:116Page 450

وَنَصَرۡنَٰهُمۡ فَكَانُواْ هُمُ ٱلۡغَٰلِبِينَ ١١٦

And We supported them so it was they who overcame.

ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে আমি তেওঁলোকক সহায় কৰিছিলোঁ, যাৰ ফলত তেওঁলোকে নিজৰ শত্ৰুসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সফল হৈছিল।

37:117Page 450

وَءَاتَيۡنَٰهُمَا ٱلۡكِتَٰبَ ٱلۡمُسۡتَبِينَ ١١٧

And We gave them the explicit Scripture [i.e., the Torah],

আমিয়েই মুছা আৰু তেওঁৰ ভাই হাৰূনক এখন স্পষ্ট গ্ৰন্থ দান কৰিছিলোঁ, যাৰ মাজত কোনো ধৰণৰ সন্দেহ নাছিল।

37:118Page 450

وَهَدَيۡنَٰهُمَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ ١١٨

And We guided them on the straight path.

আমি দুয়োকে সঠিক পথৰ হিদায়ত দিছিলোঁ, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। ইয়াৰ দ্বাৰা ইছলাম ধৰ্মৰ পথক বুজোৱা হৈছে, যি পথে পথিকক সৃষ্টিকৰ্তাৰ সন্তুষ্টিৰ পিনে লৈ যায়।

37:119Page 450

وَتَرَكۡنَا عَلَيۡهِمَا فِي ٱلۡأٓخِرِينَ ١١٩

And We left for them [favorable mention] among later generations:

পৰৱৰ্তী উম্মতসমূহৰ মাজতো তেওঁলোক দুয়োৰে প্ৰশংসা আৰু উত্তম চৰ্চা অব্যাহত ৰাখিছিলোঁ।

37:120Page 450

سَلَٰمٌ عَلَىٰ مُوسَىٰ وَهَٰرُونَ ١٢٠

"Peace upon Moses and Aaron."

আল্লাহৰ ফালৰ পৰা তেওঁলোক দুয়োৰে বাবে আছে পৱিত্ৰ ছালাম আৰু প্ৰত্যেক বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।

37:121Page 450

إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ١٢١

Indeed, We thus reward the doers of good.

যিদৰে আমি মুছা আৰু হাৰূনক উৎকৃষ্ট প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি উত্তম প্ৰতিদান দিওঁ সেইসকল লোকক, যিসকলে নিষ্ঠা সহকাৰে নিজ প্ৰতিপালকৰ আনুগত্য কৰে।

37:122Page 450

إِنَّهُمَا مِنۡ عِبَادِنَا ٱلۡمُؤۡمِنِينَ ١٢٢

Indeed, they were of Our believing servants.

নিশ্চয় মুছা আৰু হাৰূন আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। তেওঁলোক চৰীয়ত মুতাবিক আমলকাৰী আছিল।

37:123Page 450

وَإِنَّ إِلۡيَاسَ لَمِنَ ٱلۡمُرۡسَلِينَ ١٢٣

And indeed, Elias was from among the messengers,

নিশ্চয় ইলিয়াছো আছিল নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। আল্লাহে তেওঁক নবুওৱত আৰু ৰিছালতৰ দ্বাৰা পুৰস্কৃত কৰিছিল।

37:124Page 450

إِذۡ قَالَ لِقَوۡمِهِۦٓ أَلَا تَتَّقُونَ ١٢٤

When he said to his people, "Will you not fear Allāh?

বনী ইছৰাঈলৰ প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছিল, যেতিয়া তেওঁ বনী ইছৰাঈলক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি অৰ্থাৎ তাওহীদ স্বীকাৰ কৰি তথা তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি অৰ্থাৎ শ্বিৰ্কৰ পৰা আঁতৰি থাকি তেওঁক ভয় নকৰা কিয়?!

37:125Page 450

أَتَدۡعُونَ بَعۡلٗا وَتَذَرُونَ أَحۡسَنَ ٱلۡخَٰلِقِينَ ١٢٥

Do you call upon Baʿl1 and leave the best of creators -

তোমালোকে আল্লাহক এৰি বা’ল মূৰ্ত্তিৰ উপাসনা কিয় কৰা? সৰ্বোৎকৃষ্ট সৃষ্টিকৰ্তা আল্লাহৰ ইবাদত পৰিত্যাগ কৰাৰ কাৰণ কি?

37:126Page 450

ٱللَّهَ رَبَّكُمۡ وَرَبَّ ءَابَآئِكُمُ ٱلۡأَوَّلِينَ ١٢٦

Allāh, your Lord and the Lord of your first forefathers?"

অথচ আল্লাহেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তথা তোমালোকৰ পূৰ্ব-পুৰুষসকলকো তেৱেঁই সৃষ্টি কৰিছিল। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। এই মূৰ্ত্তিবোৰ কেতিয়াও উপাসনাৰ যোগ্য নহয়, যিবোৰে উপকাৰ বা অপকাৰ কৰিবলৈও সক্ষম নহয়।

37:127Page 451

فَكَذَّبُوهُ فَإِنَّهُمۡ لَمُحۡضَرُونَ ١٢٧

And they denied him, so indeed, they will be brought [for punishment],

তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰাৰ বাহিৰে আন কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল। এই অস্বীকাৰৰ কাৰণেই সিহঁতে শাস্তি ভোগ কৰিব।

37:128Page 451

إِلَّا عِبَادَ ٱللَّهِ ٱلۡمُخۡلَصِينَ ١٢٨

Except the chosen servants of Allāh.

কিন্তু তেওঁৰ সম্প্ৰদায়ৰ সেইসকল লোকৰ বিষয়টো সুকীয়া, যিসকলে ঈমান আনিছিল আৰু নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰিছিল। তেওঁলোকে শাস্তিৰ পৰা ৰক্ষা পাব।

37:129Page 451

وَتَرَكۡنَا عَلَيۡهِ فِي ٱلۡأٓخِرِينَ ١٢٩

And We left for him [favorable mention] among later generations:

আৰু পৰৱৰ্তী লোকসকলৰ মাজত আমি তেওঁৰ সুনাম-সুখ্যাতি অৱশিষ্ট ৰাখিছোঁ।

37:130Page 451

سَلَٰمٌ عَلَىٰٓ إِلۡ يَاسِينَ ١٣٠

"Peace upon Elias."1

ইলিয়াছৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম আৰু প্ৰশংসা।

37:131Page 451

إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ ١٣١

Indeed, We thus reward the doers of good.

যিদৰে আমি ইলিয়াছক উত্তম প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি আমাৰ সৎকৰ্মশীল মুমিন বান্দাসকলক উত্তম প্ৰতিদান দিওঁ।

37:132Page 451

إِنَّهُۥ مِنۡ عِبَادِنَا ٱلۡمُؤۡمِنِينَ ١٣٢

Indeed, he was of Our believing servants.

নিশ্চয় ইলিয়াছ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত, তেওঁ নিজ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আছিল সত্যবাদী।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском