Al-Mukhtasar · Tafsir · in Assamese
Sad 38:48–88
38:48Page 456
وَٱذۡكُرۡ إِسۡمَٰعِيلَ وَٱلۡيَسَعَ وَذَا ٱلۡكِفۡلِۖ وَكُلّٞ مِّنَ ٱلۡأَخۡيَارِ ٤٨
And remember Ishmael, Elisha and Dhul-Kifl, and all are among the outstanding.
হে নবী! মনত পেলাওক ইছমাঈল বিন ইব্ৰাহীম, য়াছা আৰু জুল-কিফলক। লগতে তেওঁলোকৰ প্ৰশংসা কৰক। কাৰণ তেওঁলোক হৈছে ইয়াৰ যোগ্য। এওঁলোকৰ প্ৰত্যেকেই হৈছে আল্লাহৰ ওচৰত নিৰ্বাচিত।
38:49Page 456
هَٰذَا ذِكۡرٞۚ وَإِنَّ لِلۡمُتَّقِينَ لَحُسۡنَ مَـَٔابٖ ٤٩
This is a reminder. And indeed, for the righteous is a good place of return -
কোৰআনত উত্তম প্ৰশংসাৰ সৈতে তেওঁলোকক স্মৰণ কৰা হৈছে। নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলৰ বাবে আখিৰাতত আছে উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।
38:50Page 456
جَنَّٰتِ عَدۡنٖ مُّفَتَّحَةٗ لَّهُمُ ٱلۡأَبۡوَٰبُ ٥٠
Gardens of perpetual residence, whose doors will be opened to them.
সেই উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল হৈছে চিৰস্থায়ী জান্নাত, য’ত কিয়ামতৰ দিনা তেওঁলোকে প্ৰৱেশ কৰিব। তেওঁলোকক আঁদৰিবলৈ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হ’ব।
38:51Page 456
مُتَّكِـِٔينَ فِيهَا يَدۡعُونَ فِيهَا بِفَٰكِهَةٖ كَثِيرَةٖ وَشَرَابٖ ٥١
Reclining within them, they will call therein for abundant fruit and drink.
সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকে সেৱকসকলক নিজৰ চাহিদা অনুযায়ী ফল-মূল আনিবলৈ নিৰ্দেশ দিব আৰু পছন্দ অনুযায়ী মদিৰা আনিবলৈ হুকুম দিব।
38:52Page 456
۞ وَعِندَهُمۡ قَٰصِرَٰتُ ٱلطَّرۡفِ أَتۡرَابٌ ٥٢
And with them will be women limiting [their] glances1 and of equal age.
তেওঁলোকৰ স্ত্ৰীসকল এনেকুৱা হ’ব, যিসকলৰ দৃষ্টি কেৱলমাত্ৰ স্বামী পৰ্যন্ত সীমিত থাকিব। তেওঁলোকৰ বাহিৰে আন কাৰো প্ৰতি দৃষ্টি নিক্ষেপ নকৰিব। লগতে সেই স্ত্ৰীসকল আটায়ে হ’ব সমবয়সীয়া।
38:53Page 456
هَٰذَا مَا تُوعَدُونَ لِيَوۡمِ ٱلۡحِسَابِ ٥٣
This is what you, [the righteous], are promised for the Day of Account.
হে মুত্ত্বাক্বীসকল! এইটোৱে হৈছে কিয়ামত দিৱসৰ পৱিত্ৰ প্ৰতিদান যিটোৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। এই প্ৰতিদান তোমালোকক সেই সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
38:54Page 456
إِنَّ هَٰذَا لَرِزۡقُنَا مَا لَهُۥ مِن نَّفَادٍ ٥٤
Indeed, this is Our provision; for it there is no depletion.
এই যিটো বৰ্ণনা আমি কৰিলোঁ, এইটোৱেই হৈছে কিয়ামত দিৱসত মুত্ত্বাক্বীসকলে পাবলগীয়া আমাৰ জীৱিকা, যিটো আমি তেওঁলোকক প্ৰদান কৰিম। এইটো হৈছে চিৰস্থায়ী জীৱিকা। কেতিয়াও বিচ্ছিন্ন নহ’ব আৰু কেতিয়াও সমাপ্ত নহ’ব।
38:55Page 456
هَٰذَاۚ وَإِنَّ لِلطَّٰغِينَ لَشَرَّ مَـَٔابٖ ٥٥
This [is so]. But indeed, for the transgressors is an evil place of return -
আমি যিটো বৰ্ণনা কৰিলোঁ সেইটো হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান। আনহাতে কুফৰী আৰু গুনাহৰ মাধ্যমত আল্লাহৰ সীমালংঘন কৰা ব্যক্তিসকলৰ প্ৰতিদান হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদানতকৈ পৃথক। সিহঁতৰ বাবে আছে অত্যন্ত নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা প্ৰত্যাৱৰ্তন কৰিব।
38:56Page 456
جَهَنَّمَ يَصۡلَوۡنَهَا فَبِئۡسَ ٱلۡمِهَادُ ٥٦
Hell, which they will [enter to] burn, and wretched is the resting place.
দৰাচলতে সেই প্ৰতিদানটো হৈছে জাহান্নাম, যিটোৱে সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ উত্তাপ আৰু অগ্নিশিখাৰ সন্মুখীন হ’ব। সিহঁতৰ বিছনাও হ’ব জুইৰ। সিহঁতৰ বিছনা কিমান যে নিকৃষ্ট বিছনা হ’ব।
38:57Page 456
هَٰذَا فَلۡيَذُوقُوهُ حَمِيمٞ وَغَسَّاقٞ ٥٧
This - so let them taste it - is scalding water and [foul] purulence.
এই শাস্তি বিহা হ’ব উতলা গৰম পানীৰ দ্বাৰা আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ আদিৰ দ্বাৰা। সিহঁতক এইবোৰ খাবলৈ দিয়া হ’ব। এইবোৰেই হ’ব সিহঁতৰ বাবে উপলব্ধ পানীয়। যিবোৰে কেতিয়াও সিহঁতৰ তৃষ্ণা নিবাৰণ কৰিব নোৱাৰিব।
38:58Page 456
وَءَاخَرُ مِن شَكۡلِهِۦٓ أَزۡوَٰجٌ ٥٨
And other [punishments] of its type [in various] kinds.
সিহঁতৰ বাবে এনেকুৱা ধৰণৰ আৰু বহুতো শাস্তি আছে। গতিকে আখিৰাতত সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব।
38:59Page 456
هَٰذَا فَوۡجٞ مُّقۡتَحِمٞ مَّعَكُمۡ لَا مَرۡحَبَۢا بِهِمۡۚ إِنَّهُمۡ صَالُواْ ٱلنَّارِ ٥٩
[Its inhabitants will say], "This is a company bursting in with you. No welcome for them. Indeed, they will burn in the Fire."
জাহান্নামীসকলে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া সিহঁতৰ মাজত বিবাদকাৰীসকলৰ দৰে আচৰণ দেখিবলৈ পোৱা যাব, সিহঁতে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। সিহঁতৰ মাজৰ কিছুমানে ক’বঃ চোৱা! এইটো হৈছে প্ৰকৃত জাহান্নামীসকলৰ দল, যিসকল তোমালোকৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিছে। তেতিয়া দ্বিতীয় পক্ষই উত্তৰ দি ক’বঃ তোমালোককো অভিনন্দন, নিশ্চয় তোমালোকেও জাহান্নামৰ সেই শাস্তিয়ে ভোগ কৰিবা, যিটো আমি ভোগ কৰি আছোঁ।
38:60Page 456
قَالُواْ بَلۡ أَنتُمۡ لَا مَرۡحَبَۢا بِكُمۡۖ أَنتُمۡ قَدَّمۡتُمُوهُ لَنَاۖ فَبِئۡسَ ٱلۡقَرَارُ ٦٠
They will say, "Nor you! No welcome for you. You, [our leaders], brought this upon us, and wretched is the settlement."
অনুসাৰীসকলে সিহঁতৰ নেতাসকলক উদ্দেশ্যি ক’বঃ হে নেতা তথা প্ৰমুখসকল! তোমালোকৰ বাবে কিন্তু কোনো অভিনন্দন নাই, কিয়নো আমাৰ এই শাস্তিৰ মূল কাৰণটোৱে হৈছা তোমালোক। কাৰণ তোমালোকেই আমাক পথভ্ৰষ্ট কৰিছিলা আৰু বিভ্ৰান্ত কৰিছিলা। গতিকে এই ঠিকনা আমাৰ সকলোৰে বাবে নিকৃষ্ট ঠিকনা, অৰ্থাৎ জাহান্নাম।
38:61Page 456
قَالُواْ رَبَّنَا مَن قَدَّمَ لَنَا هَٰذَا فَزِدۡهُ عَذَابٗا ضِعۡفٗا فِي ٱلنَّارِ ٦١
They will say, "Our Lord, whoever brought this upon us - increase for him double punishment in the Fire."
অনুসাৰীসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! সত্য আমাৰ ওচৰলৈ আহি যোৱাৰ পিছত যিসকল লোকে আমাক হিদায়তৰ পৰা পথভ্ৰষ্ট কৰিছিল, সিহঁতক তুমি জাহান্নামত দ্বিগুণ শাস্তি প্ৰদান কৰা।
38:62Page 457
وَقَالُواْ مَا لَنَا لَا نَرَىٰ رِجَالٗا كُنَّا نَعُدُّهُم مِّنَ ٱلۡأَشۡرَارِ ٦٢
And they will say, "Why do we not see men whom we used to count among the worst?1
অনাচাৰী অহংকাৰী লোকসকলে ক’বঃ কি হ’ল আমাৰ, জাহান্নামত আমাৰ লগত সেইসকল লোকক দেখা নাপাওঁ যে, যিসকলক পৃথিৱীত আমি অভাগা আৰু শাস্তিৰ উপযুক্ত বুলি ভাবিছিলোঁ।
38:63Page 457
أَتَّخَذۡنَٰهُمۡ سِخۡرِيًّا أَمۡ زَاغَتۡ عَنۡهُمُ ٱلۡأَبۡصَٰرُ ٦٣
Is it [because] we took them in ridicule, or has [our] vision turned away from them?"
আমি তেওঁলোকৰ বিষয়ে উপহাস আৰু বিদ্ৰুপ কৰাটো ভুল আছিল নেকি, যাৰ ফলত সিহঁতে শাস্তিৰ সন্মুখীন হোৱা নাই। নাইবা এনেকুৱাও হ’ব পাৰে যে, আমি সঠিক আছিলোঁ, তথা সিহঁতেও জাহান্নামত প্ৰৱেশ কৰিছে, কিন্তু আমি তেওঁলোকক দেখা পোৱা নাই?।
38:64Page 457
إِنَّ ذَٰلِكَ لَحَقّٞ تَخَاصُمُ أَهۡلِ ٱلنَّارِ ٦٤
Indeed, that is truth [i.e., reality] - the quarreling of the people of the Fire.
কিয়ামতৰ দিনা হ'বলগীয়া কাফিৰসকলৰ মাজত বাদানুবাদ সম্পৰ্কে এই যিটো বৰ্ণনা আমি দাঙি ধৰিলোঁ, নিশ্চিতভাৱে এইটো সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ তথা সংশয়ৰ অৱকাশ নাই।
38:65Page 457
قُلۡ إِنَّمَآ أَنَا۠ مُنذِرٞۖ وَمَا مِنۡ إِلَٰهٍ إِلَّا ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ ٦٥
Say, [O Muḥammad], "I am only a warner, and there is not any deity except Allāh, the One, the Prevailing,1
হে মুহাম্মদ! আপুনি আপোনাৰ উম্মতৰ কাফিৰসকলক কৈ দিয়কঃ মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈহে প্ৰেৰিত হৈছোঁ, যাতে তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে তেওঁৰ শাস্তিত পতিত নোহোৱা। আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। তেওঁ মহানতা, গুণ-বৈশিষ্ট্য আৰু সুন্দৰ নামৰ ক্ষেত্ৰত একক তথা অদ্বিতীয়। তেওঁ অত্যন্ত প্ৰভাৱশালী। প্ৰত্যেক বস্তু তেওঁৰ অধীনস্থ, আৰু প্ৰত্যেকেই তেওঁৰ প্ৰতি বিনয়াৱনত।
38:66Page 457
رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلۡعَزِيزُ ٱلۡغَفَّٰرُ ٦٦
Lord of the heavens and the earth and whatever is between them, the Exalted in Might,1 the Perpetual Forgiver."2
তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী লোকসকলক কৈ দিয়ক, নিশ্চয় কোৰআন হৈছে মহামৰ্যাদাৱান সংবাদ।
কিন্তু তোমালোক এই মহামৰ্যাদাৱান সংবাদৰ পৰা বিমুখ হৈ আছা। ইয়াৰ প্ৰতি মনোযোগ প্ৰদান কৰা নাই।
38:69Page 457
مَا كَانَ لِيَ مِنۡ عِلۡمِۭ بِٱلۡمَلَإِ ٱلۡأَعۡلَىٰٓ إِذۡ يَخۡتَصِمُونَ ٦٩
I had no knowledge of the exalted assembly [of angels] when they were disputing [the creation of Adam].
আদম আলাইহিচ্ছালামৰ সৃষ্টি সম্পৰ্কে ফিৰিস্তাসকলৰ মাজত কি কি আলোচনা হৈ আছিল, সেই সম্পৰ্কে মোৰ একো জ্ঞান নাছিল। নিশ্চয় এই সম্পৰ্কে আল্লাহেই মোৰ প্ৰতি অহী কৰিছে তথা তেৱেঁই মোক অৱগত কৰাইছে।
38:70Page 457
إِن يُوحَىٰٓ إِلَيَّ إِلَّآ أَنَّمَآ أَنَا۠ نَذِيرٞ مُّبِينٌ ٧٠
It has not been revealed to me except that I am a clear warner."
আল্লাহে মোৰ প্ৰতি এইকাৰণে অহী প্ৰেৰণ কৰে, যাতে মই তোমালোকক স্পষ্টৰূপে সতৰ্ক কৰিব পাৰোঁ।
38:71Page 457
إِذۡ قَالَ رَبُّكَ لِلۡمَلَٰٓئِكَةِ إِنِّي خَٰلِقُۢ بَشَرٗا مِّن طِينٖ ٧١
[So mention] when your Lord said to the angels, "Indeed, I am going to create a human being from clay.
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিলঃ নিশ্চয় মই মাটিৰ দ্বাৰা এজন মানৱ অৰ্থাৎ আদম আলাইহিচ্ছালামক সৃষ্টি কৰিম।
38:72Page 457
فَإِذَا سَوَّيۡتُهُۥ وَنَفَخۡتُ فِيهِ مِن رُّوحِي فَقَعُواْ لَهُۥ سَٰجِدِينَ ٧٢
So when I have proportioned him and breathed into him of My [created] soul,1 then fall down to him in prostration."
এতেকে যেতিয়া মই তেওঁৰ সৃষ্টিৰ কাম সম্পূৰ্ণ কৰিম আৰু তেওঁৰ আকাৰ-আকৃতিৰ কাম পৰিপূৰ্ণ হ’ব, লগতে তেওঁৰ দেহত যেতিয়া মই মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁক ছাজদাহ কৰিবা।
38:73Page 457
فَسَجَدَ ٱلۡمَلَٰٓئِكَةُ كُلُّهُمۡ أَجۡمَعُونَ ٧٣
So the angels prostrated - all of them entirely,
এতেকে সকলো ফিৰিস্তাই তেওঁলোকৰ প্ৰতিপালকৰ আদেশ পালন কৰিলে, তথা সকলোৱে সন্মানপূৰ্বক ছাজদাহ কৰিলে। তেওঁলোকৰ মাজৰ কোনেও অৱশিষ্ট নাছিল, যিয়ে আদমক ছাজদাহ কৰা নাছিল।
38:74Page 457
إِلَّآ إِبۡلِيسَ ٱسۡتَكۡبَرَ وَكَانَ مِنَ ٱلۡكَٰفِرِينَ ٧٤
Except Iblees;1 he was arrogant and became among the disbelievers.
কিন্তু ইবলীছৰ বাহিৰে। সি অহংকাৰ কৰি ছাজদাহ কৰা নাছিল। অহংকাৰ কৰি নিজ প্ৰতিপালকৰ আদেশ পালন নকৰাৰ বাবে সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল।
38:75Page 457
قَالَ يَٰٓإِبۡلِيسُ مَا مَنَعَكَ أَن تَسۡجُدَ لِمَا خَلَقۡتُ بِيَدَيَّۖ أَسۡتَكۡبَرۡتَ أَمۡ كُنتَ مِنَ ٱلۡعَالِينَ ٧٥
[Allāh] said, "O Iblees, what prevented you from prostrating to that which I created with My hands?1 Were you arrogant [then], or were you [already] among the haughty?"
আল্লাহে ক’লেঃ হে ইবলীছ! আদমক ছাজদাহ কৰিবলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে, যাক মই মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ?! অহংকাৰে তোমাক ছাজদাহ কৰিবলৈ বাধা দিছে নেকি? নে তুমি পূৰ্বৰে পৰা তোমালোকৰ প্ৰতিপালকৰ প্ৰতি অহংকাৰ কৰি আহিছা তথা তুমি নিজকে অধিক উচ্চ মৰ্যাদাসম্পন্ন বুলি ভৱা?!
38:76Page 457
قَالَ أَنَا۠ خَيۡرٞ مِّنۡهُ خَلَقۡتَنِي مِن نَّارٖ وَخَلَقۡتَهُۥ مِن طِينٖ ٧٦
He said, "I am better than him. You created me from fire and created him from clay."
ইবলীছে ক’লেঃ “মই আদমতকৈ উৎকৃষ্ট। আপুনি মোক অগ্নিৰে সৃষ্টি কৰিছে আৰু তেওঁক সৃষ্টি কৰিছে মাটিৰে”। ইবলীছৰ মতে অগ্নি হৈছে মাটিতকৈ উত্তম উপাদান।
38:77Page 457
قَالَ فَٱخۡرُجۡ مِنۡهَا فَإِنَّكَ رَجِيمٞ ٧٧
[Allāh] said, "Then get out of it [i.e., Paradise], for indeed, you are expelled.
আল্লাহে ইবলীছক ক’লেঃ জান্নাতৰ পৰা ওলাই যোৱা। নিশ্চিয় তুমি অভিশপ্ত তথা শাপগ্ৰস্ত।
38:78Page 457
وَإِنَّ عَلَيۡكَ لَعۡنَتِيٓ إِلَىٰ يَوۡمِ ٱلدِّينِ ٧٨
And indeed, upon you is My curse until the Day of Recompense."
প্ৰতিদান দিৱস পৰ্যন্ত তোমাক জান্নাতৰ পৰা বিতাৰিত কৰা হ’ল, অৰ্থাৎ কিয়ামত পৰ্যন্ত।
38:79Page 457
قَالَ رَبِّ فَأَنظِرۡنِيٓ إِلَىٰ يَوۡمِ يُبۡعَثُونَ ٧٩
He said, "My Lord, then reprieve me until the Day they are resurrected."
ইবলীছে ক’লেঃ মোক অৱকাশ দিয়ক, লগতে যিদিনা আপুনি আপোনাৰ বান্দাসকলক পুনৰ্জীৱিত কৰিব সেইদিন পৰ্যন্ত মোক মৃত্যু প্ৰদান নকৰিব।
38:80Page 457
قَالَ فَإِنَّكَ مِنَ ٱلۡمُنظَرِينَ ٨٠
[Allāh] said, "So indeed, you are of those reprieved
আল্লাহে ক’লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ’ল।
সেইদিন পৰ্যন্ত অৱকাশ দিয়া হ’ল, যিদিনা তোমাক ধ্বংস কৰা হ’ব।
38:82Page 457
قَالَ فَبِعِزَّتِكَ لَأُغۡوِيَنَّهُمۡ أَجۡمَعِينَ ٨٢
[Iblees] said, "By Your might, I will surely mislead them all
ইবলীছে ক’লেঃ আপোনাৰ ক্ষমতা আৰু প্ৰভুত্বৰ শপত! নিশ্চিতভাৱে মই গোটেই আদম সন্তানক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিম।
কেৱল সেই ব্যক্তিৰ বাহিৰে যাক আপুনি মোৰ পথভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰিব, তথা যাক আপুনি আপোনাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব।
38:84Page 458
قَالَ فَٱلۡحَقُّ وَٱلۡحَقَّ أَقُولُ ٨٤
[Allāh] said, "The truth [is My oath], and the truth I say -
আল্লাহে ক'লেঃ সত্য হৈছে মোৰ ফালৰ পৰা। মই কেৱল সত্যই কওঁ। ইয়াৰ বাহিৰে আন একো নকওঁ।
38:85Page 458
لَأَمۡلَأَنَّ جَهَنَّمَ مِنكَ وَمِمَّن تَبِعَكَ مِنۡهُمۡ أَجۡمَعِينَ ٨٥
[That] I will surely fill Hell with you and those of them that follow you all together."
কিয়ামতৰ দিনা জাহান্নামক মই তোমাৰ দ্বাৰা আৰু আদমৰ সেইসকল সন্তানৰ দ্বাৰা ভৰ্তি কৰিম, যিসকলে কুফৰী কৰাৰ ক্ষেত্ৰত তোমাৰ অনুসৰণ কৰিব।
38:86Page 458
قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٖ وَمَآ أَنَا۠ مِنَ ٱلۡمُتَكَلِّفِينَ ٨٦
Say, [O Muḥammad], "I do not ask you for it [i.e., the Qur’ān] any payment, and I am not of the pretentious.
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়কঃ মই তোমালোকক যি বাৰ্তা পৌঁচাই দিওঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে মই বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰফেৰো নকৰোঁ, মোক যেনেকৈ আদেশ দিয়া হয় ঠিক তেনেকৈয়ে পৌঁচাই দিওঁ।
কোৰআন কেৱল সেইসকল মানৱ আৰু জিনৰ বাবে উপদেশ, যিসকলে চৰিয়ত পালন কৰিবলৈ দায়িত্বপ্ৰাপ্ত।
38:88Page 458
وَلَتَعۡلَمُنَّ نَبَأَهُۥ بَعۡدَ حِينِۭ ٨٨
And you will surely know [the truth of] its information after a time."
তোমালোকে অচিৰেই অৰ্থাৎ মৃত্যুৰ পিছত নিশ্চয় জানিব পাৰিবা যে, এই কোৰআনৰ যাৱতীয় সংবাদ সত্য।
Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences