Al-MukhtasarAz‑Zumar · 39:38–75

Al-Mukhtasar · Tafsir · in Assamese

Az-Zumar 39:38–75

39:38Page 462

وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ ٱللَّهُۚ قُلۡ أَفَرَءَيۡتُم مَّا تَدۡعُونَ مِن دُونِ ٱللَّهِ إِنۡ أَرَادَنِيَ ٱللَّهُ بِضُرٍّ هَلۡ هُنَّ كَٰشِفَٰتُ ضُرِّهِۦٓ أَوۡ أَرَادَنِي بِرَحۡمَةٍ هَلۡ هُنَّ مُمۡسِكَٰتُ رَحۡمَتِهِۦۚ قُلۡ حَسۡبِيَ ٱللَّهُۖ عَلَيۡهِ يَتَوَكَّلُ ٱلۡمُتَوَكِّلُونَ ٣٨

And if you asked them, "Who created the heavens and the earth?" they would surely say, "Allāh." Say, "Then have you considered1 what you invoke besides Allāh? If Allāh intended me harm, are they removers of His harm; or if He intended me mercy, are they withholders of His mercy?" Say, "Sufficient for me is Allāh; upon Him [alone] rely the [wise] reliers."

হে ৰাছুল! এই মুশ্বৰিকসকলক যদি আপুনি প্ৰশ্ন কৰে যে, আকাশমণ্ডল আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে, তেতিয়া সিহঁতে নিশ্চয় ক’বঃ সেইবোৰক আল্লাহেই সৃষ্টি কৰিছে। এতেকে আপুনি সিহঁতৰ উপাস্যবোৰৰ বিৱশতা প্ৰকাশ কৰিবলৈ সিহঁতক কওক, তোমালোকে আল্লাহক এৰি যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, যদি আল্লাহে মোক কিবা ক্ষতি কৰিব বিচাৰে তেন্তে সেইবোৰে মোক সেই ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি দয়া কৰিব বিচাৰে তেন্তে সেইবোৰে মোৰ পৰা তেওঁৰ দয়াক প্ৰতিৰোধ কৰিব পাৰিবনে? আপুনি সিহঁতক কৈ দিয়ক, মোৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট। মই সকলো কৰ্মতে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰোঁ। গতিকে ভৰসাকাৰীসকলে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।

39:39Page 462

قُلۡ يَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَٰمِلٞۖ فَسَوۡفَ تَعۡلَمُونَ ٣٩

Say, "O my people, work according to your position, [for] indeed, I am working; and you are going to know

হে ৰাছুল! আপুনি কওক, হে মোৰ জাতিৰ লোকসকল! তোমালোকে শ্বিৰ্কৰ যি অৱস্থাক পছন্দ কৰি লৈছা, সেইমতেই আমল কৰি থাকা। আনহাতে ময়ো মোৰ প্ৰতিপালকৰ আদেশ অনুযায়ী আমল কৰিম, লগতে মানুহক তাওহীদৰ পিনে আৰু নিৰ্ভেজাল ইবাদতৰ পিনে আহ্বান কৰি থাকিম। অনতিপলমে তোমালোকে জানিব পাৰিবা, কোন পথৰ কি পৰিণাম।

39:40Page 462

مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَيَحِلُّ عَلَيۡهِ عَذَابٞ مُّقِيمٌ ٤٠

To whom will come a torment disgracing him and on whom will descend an enduring punishment."

তোমালোকে শীঘ্ৰেই গম পাবা পৃথিৱীত কাৰ ওপৰত অপমানকাৰী তথা লাঞ্ছনাকাৰী শাস্তি অৱতীৰ্ণ হ’ব আৰু আখিৰাতত অৱতীৰ্ণ হ’ব স্থায়ী শাস্তি। যি শাস্তি কেতিয়াও বিচ্ছিন্ন নহ’ব, আৰু সমাপ্তও নহ’ব।

39:41Page 463

إِنَّآ أَنزَلۡنَا عَلَيۡكَ ٱلۡكِتَٰبَ لِلنَّاسِ بِٱلۡحَقِّۖ فَمَنِ ٱهۡتَدَىٰ فَلِنَفۡسِهِۦۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيۡهَاۖ وَمَآ أَنتَ عَلَيۡهِم بِوَكِيلٍ ٤١

Indeed, We sent down to you the Book for the people in truth. So whoever is guided - it is for [the benefit of] his soul; and whoever goes astray only goes astray to its detriment. And you are not a manager [i.e., authority] over them.

হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে এই কোৰআন মানুহৰ বাবে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি সিহঁতক সতৰ্ক কৰে। এতেকে যিয়ে সৎপথ অৱলম্বন কৰিব, তাৰ এই সুপথ লাভ কৰাৰ উপকাৰ সি নিজেই ভোগ কৰিব। কাৰণ সি সুপথ লাভ কৰিলে আল্লাহৰ কোনো উপকাৰ নহ'ব। কিয়নো আল্লাহৰ বাবে এইবোৰৰ কোনো প্ৰয়োজন নাই। আনহাতে যিয়ে সঠিক পথৰ পৰা আঁতৰি যাব, এই বিভ্ৰান্ত হোৱাৰ ক্ষতি তাৰ নিজৰেই হ'ব। ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। পক্ষান্তৰে (হে ৰাছুল!) সঠিক পথ গ্ৰহণ কৰিবলৈ সিহঁতক বাধ্য কৰাৰো আপোনাৰ হাতত কোনো ক্ষমতা নাই। আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটো পৌঁচাই দিবলৈ আপোনাক আদেশ দিয়া হৈছে।

39:42Page 463

ٱللَّهُ يَتَوَفَّى ٱلۡأَنفُسَ حِينَ مَوۡتِهَا وَٱلَّتِي لَمۡ تَمُتۡ فِي مَنَامِهَاۖ فَيُمۡسِكُ ٱلَّتِي قَضَىٰ عَلَيۡهَا ٱلۡمَوۡتَ وَيُرۡسِلُ ٱلۡأُخۡرَىٰٓ إِلَىٰٓ أَجَلٖ مُّسَمًّىۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يَتَفَكَّرُونَ ٤٢

Allāh takes the souls at the time of their death, and those that do not die [He takes] during their sleep. Then He keeps those for which He has decreed death and releases the others for a specified term. Indeed in that are signs for a people who give thought.

আল্লাহেই সেইসমূহ প্ৰাণ হৰণ কৰি লয়, যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হৈছে। আনহাতে যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হোৱা নাই, সেইবোৰক তেৱেঁই আয়ত্বত ৰাখে টোপনিৰ সময়ত। এতেকে যিবোৰৰ ক্ষেত্ৰত তেওঁ মৃত্যুৰ সিদ্ধান্ত লৈছে সেইবোৰ প্ৰাণক তেওঁ ৰাখি দিয়ে, আৰু যিবোৰৰ বিষয়ে তেওঁ সিদ্ধান্ত লোৱা নাই সেইবোৰক তেওঁৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে এৰি দিয়ে। নিশ্চয় এইবোৰৰ মাজত অৰ্থাৎ প্ৰাণবোৰক ধৰি ৰখা, এৰি দিয়া, তথা মৃত্যু প্ৰদান আৰু জীৱনদান আদিৰ মাজত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে এই বিষয়লৈ চিন্তা-চৰ্চা কৰে যে, যি সত্ত্বাই এইবোৰ কৰিবলৈ সক্ষম তেওঁ নিশ্চয় হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে মানুহৰ মৃত্যুৰ পিছত সিহঁতক পুনৰুত্থিত কৰিবলৈও সক্ষম।

39:43Page 463

أَمِ ٱتَّخَذُواْ مِن دُونِ ٱللَّهِ شُفَعَآءَۚ قُلۡ أَوَلَوۡ كَانُواْ لَا يَمۡلِكُونَ شَيۡـٔٗا وَلَا يَعۡقِلُونَ ٤٣

Or have they taken other than Allāh as intercessors? Say, "Even though they do not possess [power over] anything, nor do they reason?"

মুশ্বৰিকসকলে সিহঁতৰ কিছুমান মূৰ্ত্তিক মধ্যস্ততাকাৰী বনাই লৈছে, সিহঁতে আল্লাহৰ বাহিৰে সেইবোৰৰ ওচৰতেই উপকাৰ কামনা কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি এইবোৰৰ তোমালোকৰ বাবে অথবা সিহঁতৰ নিজৰ বাবে কিবা কৰাৰ ক্ষমতা নাথাকে নাইবা সেইবোৰে যদি একো বুজিও নাপায়, তথাপিও তোমালোকে সেইবোৰক নিজৰ মধ্যস্ততাকাৰী বুলি গ্ৰহণ কৰিবা নেকি? তেন্তে জানি থোৱা! এইবোৰ হৈছে চেতনাহীন জড় পদাৰ্থ, যিবোৰে কথাও ক'ব নোৱাৰে, শুনিবও নোৱাৰে, দেখিবও নোৱাৰে আৰু উপকাৰ বা অপকাৰ কৰাৰো সিহঁতৰ ক্ষমতা নাই।

39:44Page 463

قُل لِّلَّهِ ٱلشَّفَٰعَةُ جَمِيعٗاۖ لَّهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ ثُمَّ إِلَيۡهِ تُرۡجَعُونَ ٤٤

Say, "To Allāh belongs [the right to allow] intercession entirely. To Him belongs the dominion of the heavens and the earth. Then to Him you will be returned."

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, শ্বাফাআতৰ সম্পূৰ্ণ অধিকাৰ একমাত্ৰ আল্লাহৰ হাতত। তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত কোনেও শ্বাফাআত কৰিব নোৱাৰে। আনহাতে শ্বাফাআত গ্ৰহণযোগ্য হ’ব কেৱল সেই ব্যক্তিৰ সপক্ষে, যাৰ ওপৰত আল্লাহ সন্তুষ্ট। আকাশমণ্ডল আৰু পৃথিৱীৰ ক্ষমতাধৰ একমাত্ৰ তেৱেঁই। ইয়াৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে একমাত্ৰ তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব। তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

39:45Page 463

وَإِذَا ذُكِرَ ٱللَّهُ وَحۡدَهُ ٱشۡمَأَزَّتۡ قُلُوبُ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِۖ وَإِذَا ذُكِرَ ٱلَّذِينَ مِن دُونِهِۦٓ إِذَا هُمۡ يَسۡتَبۡشِرُونَ ٤٥

And when Allāh is mentioned alone, the hearts of those who do not believe in the Hereafter shrink with aversion, but when those [worshipped] other than Him are mentioned, immediately they rejoice.

যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয়, তেতিয়া সেইসকল মুশ্বৰিকৰ অন্তৰ সংকীৰ্ণ হৈ পৰে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে তথা পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদানকো বিশ্বাস নকৰে। পক্ষান্তৰে যেতিয়া সেই মূৰ্ত্তিবোৰৰ বিষয়ে উল্লেখ কৰা হয় যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে।

39:46Page 463

قُلِ ٱللَّهُمَّ فَاطِرَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ عَٰلِمَ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ أَنتَ تَحۡكُمُ بَيۡنَ عِبَادِكَ فِي مَا كَانُواْ فِيهِ يَخۡتَلِفُونَ ٤٦

Say, "O Allāh, Creator of the heavens and the earth, Knower of the unseen and the witnessed, You will judge between your servants concerning that over which they used to differ."

হে ৰাছুল! আপুনি কওক, হে আল্লাহ! তুমিয়েই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, প্ৰকাশ্য অপ্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তুৱেই গোপন নহয়, একমাত্ৰ তুমিয়েই কিয়ামতৰ দিনা বান্দাসকলৰ মাজত মীমাংসা কৰিবা, যিবোৰ বিষয়কলৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে সেইদিনা তুমিয়েই সত্য আৰু অসত্যৰ মাজত, তথা সৌভাগ্যশালী আৰু দুৰ্ভগীয়াৰ মাজত পাৰ্থক্য কৰি দিবা।

39:47Page 463

وَلَوۡ أَنَّ لِلَّذِينَ ظَلَمُواْ مَا فِي ٱلۡأَرۡضِ جَمِيعٗا وَمِثۡلَهُۥ مَعَهُۥ لَٱفۡتَدَوۡاْ بِهِۦ مِن سُوٓءِ ٱلۡعَذَابِ يَوۡمَ ٱلۡقِيَٰمَةِۚ وَبَدَا لَهُم مِّنَ ٱللَّهِ مَا لَمۡ يَكُونُواْ يَحۡتَسِبُونَ ٤٧

And if those who did wrong had all that is in the earth entirely and the like of it with it, they would [attempt to] ransom themselves thereby from the worst of the punishment on the Day of Resurrection. And there will appear to them from Allāh that which they had not taken into account.1

যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, পৃথিৱীৰ সকলো মূল্যৱান সা-সম্পদ, আনকি তাতকৈও দ্বিগুণ সম্পদ যদি সিহঁতৰ হৈ যায়, সেই সকলো সা-সম্পদ সিহঁতে সেই কঠিন শাস্তিৰ পৰা বাচিবলৈ মুক্তিপণ হিচাপে দিব বিচাৰিব, যি শাস্তি সিহঁতে মৃত্যুৰ পিছত প্ৰত্যক্ষ কৰিব। কিন্তু সেই সা-সম্পদ সিহঁতৰ হোৱাটো অসম্ভৱ। আনহাতে ধৰি লোৱা হ’ল, সেইবোৰ যদি সিহঁতৰ হয়ও যায়, তথাপিও সেইবোৰ সিহঁতৰ পৰা গ্ৰহণ কৰা নহ’ব। আল্লাহৰ ফালৰ পৰা সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব, যিবোৰ সিহঁতে কল্পনাও কৰা নাছিল।

39:48Page 464

وَبَدَا لَهُمۡ سَيِّـَٔاتُ مَا كَسَبُواْ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٤٨

And there will appear to them the evils they had earned, and they will be enveloped by what they used to ridicule.

সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ দুষ্পৰিণাম সিহঁতৰ সন্মুখত উপস্থাপন কৰা হ’ব, আৰু সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিব যি শাস্তিৰ পৰা পৃথিৱীত সিহঁতক সতৰ্ক কৰা হৈছিল, কিন্তু সিহঁতে সেই শাস্তিৰ বিষয়ে শুনি উপহাস কৰিছিল।

39:49Page 464

فَإِذَا مَسَّ ٱلۡإِنسَٰنَ ضُرّٞ دَعَانَا ثُمَّ إِذَا خَوَّلۡنَٰهُ نِعۡمَةٗ مِّنَّا قَالَ إِنَّمَآ أُوتِيتُهُۥ عَلَىٰ عِلۡمِۭۚ بَلۡ هِيَ فِتۡنَةٞ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ ٤٩

And when adversity touches man, he calls upon Us; then when We bestow on him a favor from Us, he says, "I have only been given it because of [my] knowledge." Rather, it is a trial, but most of them do not know.

কোনো কাফিৰ ব্যক্তি যেতিয়া কোনো বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা আদিত আক্ৰান্ত হয়, তেতিয়া সি সেই বিপদ দূৰ কৰিবলৈ আমাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত যেতিয়া আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ আদি দান কৰোঁ, তেতিয়া সি কয়ঃ “আল্লাহে মোক এইবোৰ এইকাৰণে দান কৰিছে যে, মই এইবোৰৰ প্ৰকৃত উপযুক্ত”। দৰাচলতে এইটো হৈছে আল্লাহৰ ফালৰ পৰা পৰীক্ষা তথা অৱকাশহে। কিন্তু অধিকাংশ কাফিৰসকলেই এই বিষয়ে অৱগত নহয়। সেইকাৰণেই সিহঁতে আল্লাহৰ নিয়ামতসমূহকলৈ প্ৰবঞ্চিত।

39:50Page 464

قَدۡ قَالَهَا ٱلَّذِينَ مِن قَبۡلِهِمۡ فَمَآ أَغۡنَىٰ عَنۡهُم مَّا كَانُواْ يَكۡسِبُونَ ٥٠

Those before them had already said it, but they were not availed by what they used to earn.

সিহঁতৰ পূৰ্বেও কাফিৰসকলে এই কথাষাৰকে কৈছিল। কিন্তু সিহঁতৰ সেই উপাৰ্জিত ধন-সম্পদ আৰু পদমৰ্যাদা আদি কোনো কামত অহা নাছিল।

39:51Page 464

فَأَصَابَهُمۡ سَيِّـَٔاتُ مَا كَسَبُواْۚ وَٱلَّذِينَ ظَلَمُواْ مِنۡ هَٰٓؤُلَآءِ سَيُصِيبُهُمۡ سَيِّـَٔاتُ مَا كَسَبُواْ وَمَا هُم بِمُعۡجِزِينَ ٥١

And the evil consequences of what they earned struck them. And those who have wronged of these [people] will be struck [i.e., afflicted] by the evil consequences of what they earned; and they will not cause failure.1

এতেকে সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ পৰিণামে সিহঁতক আগুৰি ধৰিছিল। গতিকে গুনাহ আৰু শ্বিৰ্কৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা এই উপস্থিত লোকসকলকো পূৰ্বৱৰ্তী লোকসকলৰ দৰে ইহঁতৰ কৃতকৰ্মৰ পৰিণামে ইহঁতক আৱৰি ধৰিব। এই লোকসকলে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষাও পাব নোৱাৰে আৰু তেওঁক বিৱশ কৰিবও নোৱাৰিব।

39:52Page 464

أَوَلَمۡ يَعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ ٥٢

Do they not know that Allāh extends provision for whom He wills and restricts [it]? Indeed in that are signs for a people who believe.

এই মুশ্বৰিকসকলে এই কথা কোৱাৰ আগত এই তথ্যৰ প্ৰতি লক্ষ্য কৰা নাই নেকি যে, আল্লাহে যাক ইচ্ছা কৰে পৰীক্ষা কৰাৰ বাবে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, সি কৃতজ্ঞতা স্বীকাৰ কৰে নে নকৰে? আনহাতে কাৰোবাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে এই পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে আল্লাহৰ তাকদীৰকলৈ অসন্তুষ্ট হয়? নিশ্চিতৰূপে জীৱিকাৰ প্ৰশস্ততা আৰু ইয়াৰ সংকীৰ্ণতাৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই এইবোৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰসকলে এইবোৰৰ পৰা বিমুখ হৈ পাৰ হৈ যায়।

39:53Page 464

۞ قُلۡ يَٰعِبَادِيَ ٱلَّذِينَ أَسۡرَفُواْ عَلَىٰٓ أَنفُسِهِمۡ لَا تَقۡنَطُواْ مِن رَّحۡمَةِ ٱللَّهِۚ إِنَّ ٱللَّهَ يَغۡفِرُ ٱلذُّنُوبَ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ ٥٣

Say, "O My servants who have transgressed against themselves [by sinning], do not despair of the mercy of Allāh. Indeed, Allāh forgives all sins.1 Indeed, it is He who is the Forgiving, the Merciful."

হে ৰাছুল! আপুনি মোৰ সেই বান্দাসকলক কৈ দিয়ক, যিসকলে শ্বিৰ্কত লিপ্ত হৈ অথবা গুনাহত পতিত হৈ সীমালঙ্ঘন কৰি নিজৰ ওপৰত অন্যায় কৰিছেঃ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা আৰু তোমালোকৰ গুনাহৰ মাগফিৰাতৰ পৰা নিৰাশ নহ’বা। নিঃসন্দেহে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰি দিয়ে, যিয়ে তেওঁৰ ওচৰত তাওবা কৰে। নিশ্চয় তেওঁ তাওবাকাৰী ব্যক্তিসকলৰ প্ৰতি ক্ষমাশীল, তেওঁলোকৰ প্ৰতি দয়ালু।

39:54Page 464

وَأَنِيبُوٓاْ إِلَىٰ رَبِّكُمۡ وَأَسۡلِمُواْ لَهُۥ مِن قَبۡلِ أَن يَأۡتِيَكُمُ ٱلۡعَذَابُ ثُمَّ لَا تُنصَرُونَ ٥٤

And return [in repentance] to your Lord and submit to Him before the punishment comes upon you; then you will not be helped.

তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা, আৰু তেওঁৰ আদেশ মতে আমল কৰা। কিয়ামত দিৱসৰ শাস্তি অহাৰ পূৰ্বেই এইবোৰ আমল কৰা। তেতিয়া কিন্তু তোমালোকে তোমালোকৰ মূৰ্ত্তিবোৰক আৰু নিজৰ পৰিয়ালক বিচাৰি নাপাবা, যিয়ে তোমালোকক শাস্তিৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব।

39:55Page 464

وَٱتَّبِعُوٓاْ أَحۡسَنَ مَآ أُنزِلَ إِلَيۡكُم مِّن رَّبِّكُم مِّن قَبۡلِ أَن يَأۡتِيَكُمُ ٱلۡعَذَابُ بَغۡتَةٗ وَأَنتُمۡ لَا تَشۡعُرُونَ ٥٥

And follow the best of what was revealed to you from your Lord [i.e., the Qur’ān] before the punishment comes upon you suddenly while you do not perceive,

তথা সেই কোৰআনৰ অনুসৰণ কৰা, যিখন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা উত্তম বাণী। এতেকে তোমালোকে ইয়াৰ আদেশসমূহ পালন কৰা আৰু ইয়াত বৰ্ণিত নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থকা। সেই শাস্তি অহাৰ পূৰ্বেই যিটো আকস্মিক আহিব, তোমালোকে অনুমানো কৰিব নোৱাৰিবা। লগতে তাওবা কৰি ইয়াৰ বাবে প্ৰস্তুতিও লব নোৱাৰিবা।

39:56Page 464

أَن تَقُولَ نَفۡسٞ يَٰحَسۡرَتَىٰ عَلَىٰ مَا فَرَّطتُ فِي جَنۢبِ ٱللَّهِ وَإِن كُنتُ لَمِنَ ٱلسَّٰخِرِينَ ٥٦

Lest a soul should say,1 "Oh, [how great is] my regret over what I neglected in regard to Allāh and that I was among the mockers."

এইবোৰ কাম সুচাৰুৰূপে পালন কৰা। অন্যথা কিয়ামতৰ দিনা চৰম লজ্জিত হৈ ক’ব লাগিব যে, হায় আফচোচ! কুফৰী আৰু গুনাহৰ কামত লিপ্ত থাকি মই আল্লাহৰ অবাধ্যতা কৰিছিলোঁ, লগতে মুমিনসকলক তথা আনুগত্যকাৰীসকলক উপহাস কৰিছিলোঁ।

39:57Page 465

أَوۡ تَقُولَ لَوۡ أَنَّ ٱللَّهَ هَدَىٰنِي لَكُنتُ مِنَ ٱلۡمُتَّقِينَ ٥٧

Or [lest] it say, "If only Allāh had guided me, I would have been among the righteous."

অথবা ভাগ্যক জগৰীয়া কৰি যাতে ক’বলগীয়া নহয় যে, যদি আল্লাহে মোক তাওফীক দিলেহেঁতেন তেন্তে ময়ো মুত্ত্বাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন। তেওঁৰ আদেশ পালন কৰিলোহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকিলোহেঁতেন।

39:58Page 465

أَوۡ تَقُولَ حِينَ تَرَى ٱلۡعَذَابَ لَوۡ أَنَّ لِي كَرَّةٗ فَأَكُونَ مِنَ ٱلۡمُحۡسِنِينَ ٥٨

Or [lest] it say when it sees the punishment, "If only I had another turn1 so I could be among the doers of good."

অথবা শাস্তি দেখিও যাতে এইদৰে ক’বলগীয়া নহয় যে, হায়! যদি মই পৃথিৱীলৈ উভতি যাব পাৰিলোঁহেতেন তেন্তে নিশ্চয় আল্লাহৰ ওচৰত তাওবা কৰিলোহেঁতেন। লগতে সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।

39:59Page 465

بَلَىٰ قَدۡ جَآءَتۡكَ ءَايَٰتِي فَكَذَّبۡتَ بِهَا وَٱسۡتَكۡبَرۡتَ وَكُنتَ مِنَ ٱلۡكَٰفِرِينَ ٥٩

But yes, there had come to you My verses, but you denied them and were arrogant, and you were among the disbelievers.

তোমাৰ এই হিদায়ত কামনা সত্য নহয়। কাৰণ তোমাৰ ওচৰলৈ মোৰ নিদৰ্শনসমূহ আহিছিল, কিন্তু তুমি অহংকাৰ কৰি সেইবোৰক অস্বীকাৰ কৰিছিলা। আল্লাহৰ লগত কুফৰী কৰিছিলা, তেওঁৰ আয়াতসমূহক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিলা।

39:60Page 465

وَيَوۡمَ ٱلۡقِيَٰمَةِ تَرَى ٱلَّذِينَ كَذَبُواْ عَلَى ٱللَّهِ وُجُوهُهُم مُّسۡوَدَّةٌۚ أَلَيۡسَ فِي جَهَنَّمَ مَثۡوٗى لِّلۡمُتَكَبِّرِينَ ٦٠

And on the Day of Resurrection you will see those who lied about Allāh [with] their faces blackened. Is there not in Hell a residence for the arrogant?

আপুনি দেখিবলৈ পাব কিয়ামতৰ দিনা সেইসকল লোকৰ মুখমণ্ডল ক’লা পৰিব, যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি তথা তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি মিছা প্ৰচাৰ কৰিছে। এইটো দৰাচলতে সিহঁতৰ দুৰ্ভগীয়া হোৱাৰ প্ৰমাণ। আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰা লোকসকলৰ ঠিকনা জাহান্নাম নহয়নে? নিশ্চয়, সেইখনেই হৈছে সিহঁতৰ ঠিকনা।

39:61Page 465

وَيُنَجِّي ٱللَّهُ ٱلَّذِينَ ٱتَّقَوۡاْ بِمَفَازَتِهِمۡ لَا يَمَسُّهُمُ ٱلسُّوٓءُ وَلَا هُمۡ يَحۡزَنُونَ ٦١

And Allāh will save those who feared Him by their attainment;1 no evil will touch them, nor will they grieve.

আল্লাহে সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিব, যিসকলে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। তেওঁ সেইসকল লোকক সফলতাৰ স্থানত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব। য’ত তেওঁলোকক কোনো শাস্তিয়ে স্পৰ্শ কৰিব নোৱাৰিব। তথা পৃথিৱীত এৰি থৈ যোৱা ভোগ সামগ্ৰীকলৈও চিন্তিত নহ’ব।

39:62Page 465

ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٞ ٦٢

Allāh is the Creator of all things, and He is, over all things, Disposer of affairs.

তেৱেঁই প্ৰত্যেক বস্তুৰ সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে আন কোনো সৃষ্টিকৰ্তা নাই। তেৱেঁই প্ৰত্যেক বস্তুৰ সংৰক্ষক। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। যিদৰে বিচাৰে সেইদৰেই পৰাচালনা কৰে।

39:63Page 465

لَّهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۗ وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ ٱللَّهِ أُوْلَٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ ٦٣

To Him belong the keys of the heavens and the earth. And they who disbelieve in the verses of Allāh - it is those who are the losers.

আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰৰ চাবিকাঠি হৈছে একমাত্ৰ তেওঁৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে তাকেই ধন-সম্পদ দান কৰে, আৰু যাক ইচ্ছা কৰে তাক ইয়াৰ পৰা বঞ্চিত কৰে। এতেকে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে প্ৰকৃত ক্ষতিগ্ৰস্ত। কিয়নো সিহঁতে পাৰ্থিৱ জীৱনত ঈমানৰ পৰা বঞ্চিত আছিল, সেইকাৰণে সিহঁতে আখিৰাতত জাহান্নামত প্ৰৱেশ কৰিব, য’ত সিহঁত চিৰকাল থাকিব।

39:64Page 465

قُلۡ أَفَغَيۡرَ ٱللَّهِ تَأۡمُرُوٓنِّيٓ أَعۡبُدُ أَيُّهَا ٱلۡجَٰهِلُونَ ٦٤

Say, [O Muḥammad], "Is it other than Allāh that you order me to worship, O ignorant ones?"

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যিসকলে আপোনাক সিহঁতৰ মূৰ্ত্তিৰ পূজা-অৰ্চনা কৰিবলৈ প্ৰৰোচনা দিয়ে, হে মুৰ্খসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ পূজা পাঠ কৰিবলৈ কোৱা নেকি? তেন্তে শুনা! একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। গতিকে তেওঁৰ বাহিৰে মই আন কাৰো ইবাদত নকৰোঁ।

39:65Page 465

وَلَقَدۡ أُوحِيَ إِلَيۡكَ وَإِلَى ٱلَّذِينَ مِن قَبۡلِكَ لَئِنۡ أَشۡرَكۡتَ لَيَحۡبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ ٦٥

And it was already revealed to you and to those before you that if you should associate [anything] with Allāh, your work would surely become worthless, and you would surely be among the losers.

হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি আৰু আপোনাৰ পূৰ্বে অহা ৰাছুলসকলৰ প্ৰতি এই অহী প্ৰেৰণ কৰিছে যে, যদি আপুনি আল্লাহৰ সৈতে আনৰ ইবাদত কৰে তেন্তে আপোনাৰ সকলো নেক কৰ্মৰ ছোৱাব বিনষ্ট হৈ যাব। তথা আপুনি পৃথিৱীত ক্ষতিগ্ৰস্তসকলৰ তালিকাভুক্ত হ’ব, কাৰণ আপুনি দ্বীন পালনত বিফল হৈছে, আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হ’ব।

39:66Page 465

بَلِ ٱللَّهَ فَٱعۡبُدۡ وَكُن مِّنَ ٱلشَّٰكِرِينَ ٦٦

Rather, worship [only] Allāh and be among the grateful.

বৰং আপুনি এককভাৱে আল্লাহৰ ইবাদত কৰক, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিব। লগতে তেওঁ আপোনাক যিবোৰ নিয়ামত দান কৰিছে সেইবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰক।

39:67Page 465

وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٧

They have not appraised Allāh with true appraisal,1 while the earth entirely will be [within] His grip2 on the Day of Resurrection, and the heavens will be folded in His right hand.3 Exalted is He and high above what they associate with Him.

আল্লাহক যিদৰে সন্মান কৰা উচিত, মুশ্বৰিকসকলে সেইদৰে সন্মান কৰা নাই। কাৰণ সিহঁতে তেওঁৰ দুৰ্বল সৃষ্টিবোৰকো তেওঁৰ অংশী স্থাপন কৰি লৈছে। আনহাতে আল্লাহৰ মহান ক্ষমতাৰ নিদৰ্শনবোৰক আওকাণ কৰিছে, অথচ তেওঁৰ ক্ষমতাৰ এটা প্ৰমাণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা বিশাল পৰ্বতসমূহ, নদ-নদী আৰু সাগৰ-মহাসাগৰসমূহ থকা সত্তেও এই পৃথিৱীক নিজৰ হাতৰ মুঠিত লব। আনহাতে সাতখন আকাশক তেওঁ নিজৰ সোঁহাতত মেৰিয়াই লব। তেওঁ মহা পৱিত্ৰ তথা সুউচ্চ সেই সকলো বিষয়ৰ পৰা যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।

39:68Page 466

وَنُفِخَ فِي ٱلصُّورِ فَصَعِقَ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ إِلَّا مَن شَآءَ ٱللَّهُۖ ثُمَّ نُفِخَ فِيهِ أُخۡرَىٰ فَإِذَا هُمۡ قِيَامٞ يَنظُرُونَ ٦٨

And the Horn will be blown, and whoever is in the heavens and whoever is on the earth will fall dead except whom Allāh wills. Then it will be blown again, and at once they will be standing, looking on.

শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যিদিনা শিঙাত ফুঁ দিব, সেইদিনা আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো প্ৰাণীয়ে মৃত্যুবৰণ কৰিব, কেৱল সেইসকলৰ বাহিৰে যিসকলক আল্লাহে মৃত্যু দিব নিবিচাৰিব। ইয়াৰ পিছত ফিৰিস্তাই সকলো প্ৰাণীকে জীৱিত কৰিবলৈ দ্বিতীয় ফুঁ দিব। তেতিয়া সকলো প্ৰাণী জীৱিত হৈ থিয় হ’ব আৰু প্ৰত্যক্ষ কৰিব আল্লাহে সিহঁতৰ বাবে কি ব্যৱস্থা লয়।

39:69Page 466

وَأَشۡرَقَتِ ٱلۡأَرۡضُ بِنُورِ رَبِّهَا وَوُضِعَ ٱلۡكِتَٰبُ وَجِاْيٓءَ بِٱلنَّبِيِّـۧنَ وَٱلشُّهَدَآءِ وَقُضِيَ بَيۡنَهُم بِٱلۡحَقِّ وَهُمۡ لَا يُظۡلَمُونَ ٦٩

And the earth will shine with the light of its Lord, and the record [of deeds] will be placed, and the prophets and the witnesses will be brought, and it will be judged between them in truth, and they will not be wronged.

যেতিয়া সৰ্বশক্তিমান পৱিত্ৰ আল্লাহ তেওঁৰ বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ দেখা দিব, তেতিয়া তেওঁৰ নূৰৰ দ্বাৰা পৃথিৱী আলোকিত হৈ পৰিব। সেইদিনা মানুহৰ কৰ্মফল (আমলনামা) উপস্থাপন কৰা হ’ব। আনহাতে নবীসকলক উপস্থিত কৰা হ’ব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক নবীসকলৰ সপক্ষে তথা তেওঁলোকৰ জাতিৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত কৰা হ’ব। আল্লাহে সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সেইদিনা কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কোনো মানুহৰেই গুনাহ বৃদ্ধি কৰা নহ’ব আৰু কোনো ব্যক্তিৰেই ছোৱাব হ্ৰাস কৰা নহ’ব।

39:70Page 466

وَوُفِّيَتۡ كُلُّ نَفۡسٖ مَّا عَمِلَتۡ وَهُوَ أَعۡلَمُ بِمَا يَفۡعَلُونَ ٧٠

And every soul will be fully compensated [for] what it did; and He is most knowing1 of what they do.

আল্লাহে প্ৰত্যেক প্ৰাণীকেই পৰিপূৰ্ণৰূপে প্ৰতিদান দান কৰিব। আমল ভাল হওক অথবা বেয়া। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ ভাল বেয়া কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়। তেৱেঁই সিহঁতক সেইদিনা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।

39:71Page 466

وَسِيقَ ٱلَّذِينَ كَفَرُوٓاْ إِلَىٰ جَهَنَّمَ زُمَرًاۖ حَتَّىٰٓ إِذَا جَآءُوهَا فُتِحَتۡ أَبۡوَٰبُهَا وَقَالَ لَهُمۡ خَزَنَتُهَآ أَلَمۡ يَأۡتِكُمۡ رُسُلٞ مِّنكُمۡ يَتۡلُونَ عَلَيۡكُمۡ ءَايَٰتِ رَبِّكُمۡ وَيُنذِرُونَكُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَاۚ قَالُواْ بَلَىٰ وَلَٰكِنۡ حَقَّتۡ كَلِمَةُ ٱلۡعَذَابِ عَلَى ٱلۡكَٰفِرِينَ ٧١

And those who disbelieved will be driven to Hell in groups until, when they reach it, its gates are opened and its keepers will say, "Did there not come to you messengers from yourselves, reciting to you the verses of your Lord and warning you of the meeting of this Day of yours?" They will say, "Yes, but the word [i.e., decree] of punishment has come into effect upon the disbelievers."

ফিৰিস্তাসকলে আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলক লাঞ্ছিত অপমানিত গোটত বিভিক্ত কৰি জাহান্নামৰ পিনে খেদি লৈ যাব। অৱশেষত যেতিয়া জাহান্নামৰ দুৱাৰডলিত গৈ সিহঁত উপস্থিত হ’ব তেতিয়া তাত নিয়োজিত ৰক্ষক ফিৰিস্তাই জাহান্নামৰ দুৱাৰ খুলি দিব আৰু সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই কোনো ৰাছুল প্ৰেৰিত হোৱা নাছিল নেকি, যিয়ে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ আয়াতসমূহ তিলাৱত কৰি শুনাইছিল, আৰু কিয়ামত দিৱসৰ সাক্ষাৎ আৰু ইয়াৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল”? তেতিয়া কাফিৰসকলে এই কথা স্বীকাৰ কৰিব ক’বঃ হয়, নিশ্চয় আহিছিল, আৰু তেওঁলোকে এই যাৱতীয় দায়িত্ববোৰও পালন কৰিছিল। কিন্তু যিহেতু কাফিৰসকলৰ বিষয়ে শাস্তিৰ সিদ্ধান্ত চূড়ান্ত হৈছে, গতিকে আমিও কাফিৰ আছিলোঁ।

39:72Page 466

قِيلَ ٱدۡخُلُوٓاْ أَبۡوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَاۖ فَبِئۡسَ مَثۡوَى ٱلۡمُتَكَبِّرِينَ ٧٢

[To them] it will be said, "Enter the gates of Hell to abide eternally therein, and wretched is the residence of the arrogant."

সিহঁতক অপমানিত কৰি তথা আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি, লগতে জাহান্নামৰ পৰা উলিওৱাৰ আশাত চেঁচা পানী ঢালি সিহঁতক কোৱা হ’বঃ জাহান্নামত প্ৰৱেশ কৰা, এইটোৱে তোমালোকৰ চিৰস্থায়ী বাসস্থান। সত্যৰ পৰা অহংকাৰ কৰা লোকসকলৰ এই ঠিকনা কিমান যে নিকৃষ্ট ঠিকনা!

39:73Page 466

وَسِيقَ ٱلَّذِينَ ٱتَّقَوۡاْ رَبَّهُمۡ إِلَى ٱلۡجَنَّةِ زُمَرًاۖ حَتَّىٰٓ إِذَا جَآءُوهَا وَفُتِحَتۡ أَبۡوَٰبُهَا وَقَالَ لَهُمۡ خَزَنَتُهَا سَلَٰمٌ عَلَيۡكُمۡ طِبۡتُمۡ فَٱدۡخُلُوهَا خَٰلِدِينَ ٧٣

But those who feared their Lord will be driven to Paradise in groups until, when they reach it while its gates have been opened and its keepers say, "Peace be upon you; you have become pure; so enter it to abide eternally therein," [they will enter].1

ফিৰিস্তাসকলে সেইসকল মুমিনক যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল, তেওঁলোকক বিনম্ৰতা সহকাৰে সন্মানিত গোটত বিভক্ত কৰি জান্নাতৰ পিনে লৈ যাব। অৱশেষত তেওঁলোক যেতিয়া জান্নাতৰ ওচৰতগৈ উপস্থিত হ'ব, তেতিয়া তেওঁলোকৰ বাবে জান্নাতৰ দুৱাৰ খুলি দিয়া হ’ব। লগতে জান্নাতৰ দুৱাৰত নিয়োজিত ফিৰিস্তাসকলে তেওঁলোকক ক’বঃ শান্তি অৱতীৰ্ণ হওক আপোনালোকৰ ওপৰত, তথা আপোনালোক সকলো প্ৰকাৰ কষ্ট আৰু অপ্ৰিয় বস্তুৰ পৰা নিৰাপদে থাকক! আপোনালোকৰ অন্তৰ আৰু কৰ্ম উভয়েই পৱিত্ৰ। গতিকে আপোনালোকে জান্নাতত প্ৰৱেশ কৰক, এইটোৱে আপোনালোকৰ চিৰস্থায়ী বাসস্থান।

39:74Page 466

وَقَالُواْ ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي صَدَقَنَا وَعۡدَهُۥ وَأَوۡرَثَنَا ٱلۡأَرۡضَ نَتَبَوَّأُ مِنَ ٱلۡجَنَّةِ حَيۡثُ نَشَآءُۖ فَنِعۡمَ أَجۡرُ ٱلۡعَٰمِلِينَ ٧٤

And they will say, "Praise to Allāh, who has fulfilled for us His promise and made us inherit the earth [so] we may settle in Paradise wherever we will. And excellent is the reward of [righteous] workers."

মুমিনসকলে জান্নাতত প্ৰৱেশ কৰি ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই ৰাছুলসকলৰ মাধ্যমত আমালৈ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰিছে। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে, আমাক জান্নাতত প্ৰৱেশ কৰাব আৰু জান্নাতৰ ভূমিৰ উত্তৰাধিকাৰী কৰিব। তাত আমি য’ত ইচ্ছা ত’তেই অৱস্থান কৰিব পাৰিম। এতেকে যিসকল লোকে নিজ প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ সৎকৰ্ম কৰে, তেওঁলোকৰ প্ৰতিদান কিমান যে উত্তম!

39:75Page 467

وَتَرَى ٱلۡمَلَٰٓئِكَةَ حَآفِّينَ مِنۡ حَوۡلِ ٱلۡعَرۡشِ يُسَبِّحُونَ بِحَمۡدِ رَبِّهِمۡۚ وَقُضِيَ بَيۡنَهُم بِٱلۡحَقِّۚ وَقِيلَ ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ ٧٥

And you will see the angels surrounding the Throne, exalting [Allāh] with praise of their Lord. And it will be judged between them in truth, and it will be said, "[All] praise to Allāh, Lord of the worlds."

কিয়ামতৰ দিনা ফিৰিস্তাসকলে মহাসিংহাসনক অৰ্থাৎ আৰছক পৰিবেষ্টন কৰি থাকিব। কাফিৰসকলে তেওঁক যিবোৰ অনুচিত বিষয়ৰ সৈতে সম্পৃক্ত কৰে, সেইবোৰৰ পৰা তেওঁলোকে তেওঁক পৱিত্ৰ ঘোষণা কৰিব। আল্লাহে গোটেই সৃষ্টিজগতৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰিব। এতেকে যিয়ে সন্মানৰ উপযুক্ত তাক সন্মান প্ৰদান কৰিব আৰু যিজন শাস্তিৰ উপযুক্ত তাক শাস্তি বিহিব। কোৱা হ’বঃ সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, তেৱেঁই মুমিন বান্দাসকলৰ পক্ষত দয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাফিৰসকলৰ বাবে শাস্তিৰ সিদ্ধান্ত লৈছে।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском