Al-MukhtasarAn‑Nisa · 4:128–162

Al-Mukhtasar · Tafsir · in Assamese

An-Nisa 4:128–162

4:128Page 99

وَإِنِ ٱمۡرَأَةٌ خَافَتۡ مِنۢ بَعۡلِهَا نُشُوزًا أَوۡ إِعۡرَاضٗا فَلَا جُنَاحَ عَلَيۡهِمَآ أَن يُصۡلِحَا بَيۡنَهُمَا صُلۡحٗاۚ وَٱلصُّلۡحُ خَيۡرٞۗ وَأُحۡضِرَتِ ٱلۡأَنفُسُ ٱلشُّحَّۚ وَإِن تُحۡسِنُواْ وَتَتَّقُواْ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعۡمَلُونَ خَبِيرٗا ١٢٨

And if a woman fears from her husband contempt or evasion, there is no sin upon them if they make terms of settlement between them - and settlement is best. And present in [human] souls is stinginess.1 But if you do good and fear Allāh - then indeed Allāh is ever, of what you do, Aware.

যদি কোনো স্ত্ৰীয়ে এই আশংকা কৰে যে, তাইৰ প্ৰতি তাইৰ স্বামীৰ চাহিদা নাইকীয়া হৈছে, এতেকে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তাই যদি নিজৰ কিছুমান অধিকাৰ, যেনে- ভৰণ পোষণ আৰু একেলগে ৰাতি যাপন কৰা আদি লাঘৱ কৰি লয় আৰু উভয়ে যদি বুজা পৰাৰ মাধ্যমত সন্মত হয় তেন্তে কোনো গুনাহ নহয়। এনে ক্ষেত্ৰত পৰস্পৰৰ সন্মতিয়ে হৈছে তালাকতকৈ উত্তম। যদিও লোভ আৰু কৃপণতা হৈছে মানুহৰ স্বভাৱগত বস্তু। সেয়ে স্ত্ৰীয়ে সহজে নিজৰ অধিকাৰ হ্ৰাস কৰিবলৈ টান পায়। গতিকে স্বামী স্ত্ৰী উভয়ে ক্ষমা আৰু উপকাৰ কৰাৰ স্বভাৱ অৱলম্বন কৰি এই মানৱ প্ৰকৃতিৰ উপকাৰ কৰা উচিত। যদি তোমালোকে নিজৰ সকলো বিষয়ত উপকাৰৰ পন্থা অৱলম্বন কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

4:129Page 99

وَلَن تَسۡتَطِيعُوٓاْ أَن تَعۡدِلُواْ بَيۡنَ ٱلنِّسَآءِ وَلَوۡ حَرَصۡتُمۡۖ فَلَا تَمِيلُواْ كُلَّ ٱلۡمَيۡلِ فَتَذَرُوهَا كَٱلۡمُعَلَّقَةِۚ وَإِن تُصۡلِحُواْ وَتَتَّقُواْ فَإِنَّ ٱللَّهَ كَانَ غَفُورٗا رَّحِيمٗا ١٢٩

And you will never be able to be equal [in feeling] between wives, even if you should strive [to do so]. So do not incline completely [toward one] and leave another hanging.1 And if you amend [your affairs] and fear Allāh - then indeed, Allāh is ever Forgiving and Merciful.

হে পতিসকল! তোমালোকে ইচ্ছা থকা সত্তেও আন্তৰিকতাৰ ক্ষেত্ৰত স্ত্ৰীসকলৰ মাজত পূৰ্ণ ন্যায় কৰিব নোৱাৰিবা। ইয়াৰ কিছুমান কাৰণ তোমালোকৰ ইচ্ছাৰ বাহিৰত। এতেকে যি গৰাকী স্ত্ৰী তোমাৰ পছন্দ নহয়, তাইৰ লগত ওলোমাই থোৱাৰ দৰে ব্যৱহাৰ নকৰিবা যে, তাই যাতে বিবাহিত মহিলাৰ অধিকাৰো নাপায় আৰু অবিবাহিত নাৰীৰ দৰে বিবাহৰ ইচ্ছাও কৰিব নোৱাৰে। যদি তোমালোকে নিজৰ মাজৰ ব্যৱহাৰ ঠিক ৰাখা আৰু অনিচ্ছা সত্ত্বেও স্ত্ৰীৰ অধিকাৰসমূহ পূৰণ কৰা লগতে স্ত্ৰী বিষয়ত আল্লাহক ভয় কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, তেওঁ তোমালোকৰ প্ৰতি কৃপা কৰিব।

4:130Page 99

وَإِن يَتَفَرَّقَا يُغۡنِ ٱللَّهُ كُلّٗا مِّن سَعَتِهِۦۚ وَكَانَ ٱللَّهُ وَٰسِعًا حَكِيمٗا ١٣٠

But if they separate [by divorce], Allāh will enrich each [of them] from His abundance. And ever is Allāh Encompassing and Wise.

যদি তালাক তথা খোলাৰ (স্ত্ৰীৰ ফালৰ পৰা বিবাহ বিচ্ছেদৰ) জৰীয়তে পতি-পত্নীয়ে ইজনে সিজনৰ পৰা পৃথক হৈ যায়, তেন্তে আল্লাহে উভয়কে তেওঁৰ অসীম অনুগ্ৰহৰ দ্বাৰা ইজনক সিজনৰ পৰা অমুখাপেক্ষী কৰি দিব। আল্লাহ অসীম অনুগ্ৰহ আৰু কৃপাৰ অধিকাৰী, তেওঁ পৰিচালনা আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

4:131Page 99

وَلِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ وَلَقَدۡ وَصَّيۡنَا ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ مِن قَبۡلِكُمۡ وَإِيَّاكُمۡ أَنِ ٱتَّقُواْ ٱللَّهَۚ وَإِن تَكۡفُرُواْ فَإِنَّ لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ وَكَانَ ٱللَّهُ غَنِيًّا حَمِيدٗا ١٣١

And to Allāh belongs whatever is in the heavens and whatever is on the earth. And We have instructed those who were given the Scripture before you and yourselves to fear Allāh. But if you disbelieve - then to Allāh belongs whatever is in the heavens and whatever is on the earth. And ever is Allāh Free of need and Praiseworthy.

আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। আমি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলক আদেশ দিছিলো আৰু স্বয়ং তোমালোককো আদেশ দিছিলো যে, আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। যদি তোমালোকে এই আদেশ অমান্য কৰা, তেন্তে তোমালোকৰ নিজৰ বাহিৰে আন কাৰো ক্ষতি নহব। কিয়নো আল্লাহ তোমালোকৰ ইবাদতৰ মুখাপেক্ষী নহয়। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰে মালিক, তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী আৰু তেওঁ নিজৰ সকলো গুণাৱলী আৰু কৰ্মৰ কাৰণে মহাপ্ৰশংসিত।

4:132Page 99

وَلِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًا ١٣٢

And to Allāh belongs whatever is in the heavens and whatever is on the earth. And sufficient is Allāh as Disposer of affairs.1

আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। মখলুকৰ সকলো বিষয়ৰ পৰিচালনা তেৱেঁই কৰে, অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট।

4:133Page 99

إِن يَشَأۡ يُذۡهِبۡكُمۡ أَيُّهَا ٱلنَّاسُ وَيَأۡتِ بِـَٔاخَرِينَۚ وَكَانَ ٱللَّهُ عَلَىٰ ذَٰلِكَ قَدِيرٗا ١٣٣

If He wills, He can do away with you, O people, and bring others [in your place]. And ever is Allāh competent to do that.

হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি আন সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিসকলে আল্লাহৰ আনুগত্য কৰিব আৰু তেওঁৰ বিৰুদ্ধাচাৰণ নকৰিব। আৰু এনেকুৱা কৰিবলৈ আল্লাহ ক্ষমতাশীল।

4:134Page 99

مَّن كَانَ يُرِيدُ ثَوَابَ ٱلدُّنۡيَا فَعِندَ ٱللَّهِ ثَوَابُ ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۚ وَكَانَ ٱللَّهُ سَمِيعَۢا بَصِيرٗا ١٣٤

Whoever desires the reward of this world - then with Allāh is the reward of this world and the Hereafter. And ever is Allāh Hearing and Seeing.

হে মানৱজাতি! তোমালোকৰ মাজৰ যিয়ে নেক কৰ্মৰ বিনিময়ত কেৱল পাৰ্থিৱ সফলতা বিচাৰে, সি জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত পাৰ্থিৱ তথা আখিৰাত উভয় প্ৰকাৰৰ প্ৰতিদান আছে। এতেকে তেওঁৰ পৰা উভয় প্ৰতিদান বিচৰা উচিত। আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম দেখে আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।

4:135Page 100

۞ يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ كُونُواْ قَوَّٰمِينَ بِٱلۡقِسۡطِ شُهَدَآءَ لِلَّهِ وَلَوۡ عَلَىٰٓ أَنفُسِكُمۡ أَوِ ٱلۡوَٰلِدَيۡنِ وَٱلۡأَقۡرَبِينَۚ إِن يَكُنۡ غَنِيًّا أَوۡ فَقِيرٗا فَٱللَّهُ أَوۡلَىٰ بِهِمَاۖ فَلَا تَتَّبِعُواْ ٱلۡهَوَىٰٓ أَن تَعۡدِلُواْۚ وَإِن تَلۡوُۥٓاْ أَوۡ تُعۡرِضُواْ فَإِنَّ ٱللَّهَ كَانَ بِمَا تَعۡمَلُونَ خَبِيرٗا ١٣٥

O you who have believed, be persistently standing firm in justice, witnesses for Allāh, even if it be against yourselves or parents and relatives. Whether one is rich or poor, Allāh is more worthy of both.1 So follow not [personal] inclination, lest you not be just. And if you distort [your testimony] or refuse [to give it], then indeed Allāh is ever, of what you do, Aware.

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! সকলো অৱস্থাতে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকা, সকলোৰে ক্ষেত্ৰত সঠিক সাক্ষ্য দান কৰা। যদিও তোমাৰ নিজৰ বিৰুদ্ধে অথবা তোমাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে নাইবা নিকটাত্মীয়ৰ বিৰুদ্ধেই নহওঁক কিয়। তোমালোকে কাৰোবাৰ দৰিদ্ৰতা অথবা সম্পত্তি দেখি সাক্ষ্য দিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিবা। কিয়নো সেই দৰিদ্ৰ তথা ধনী ব্যক্তিতকৈ আল্লাহৰ অধিকাৰ ওপৰত, আৰু আল্লাহে সিহঁত উভয়ৰ কল্যাণ সম্পৰ্কে সৰ্বজ্ঞ। সেয়ে সাক্ষ্য প্ৰদানৰ ক্ষেত্ৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, অন্যথা সত্যৰ পৰা আঁতৰি যাবা। যদি তোমালোকে মিছা সাক্ষ্য দিয়া আৰু সত্য সাক্ষী দিয়াৰ পৰা বিৰত থাকা, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।

4:136Page 100

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ ءَامِنُواْ بِٱللَّهِ وَرَسُولِهِۦ وَٱلۡكِتَٰبِ ٱلَّذِي نَزَّلَ عَلَىٰ رَسُولِهِۦ وَٱلۡكِتَٰبِ ٱلَّذِيٓ أَنزَلَ مِن قَبۡلُۚ وَمَن يَكۡفُرۡ بِٱللَّهِ وَمَلَٰٓئِكَتِهِۦ وَكُتُبِهِۦ وَرُسُلِهِۦ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ فَقَدۡ ضَلَّ ضَلَٰلَۢا بَعِيدًا ١٣٦

O you who have believed, believe1 in Allāh and His Messenger and the Book that He sent down upon His Messenger and the Scripture which He sent down before. And whoever disbelieves in Allāh, His angels, His books, His messengers, and the Last Day has certainly gone far astray.

হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মজবুত ঈমান পোষণ কৰা আৰু তাৰ ওপৰত অটল থাকা। লগতে আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কোৰআন আৰু তেওঁৰ পূৰ্বে আন আন ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা। যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ পুথিসমূহক, তেওঁৰ ৰাছুলসকলক আৰু কিয়ামত দিৱসক অস্বীকাৰ কৰিব তেন্তে সি পোন পথৰ পৰা বহু দূৰ আঁতৰি যাব।

4:137Page 100

إِنَّ ٱلَّذِينَ ءَامَنُواْ ثُمَّ كَفَرُواْ ثُمَّ ءَامَنُواْ ثُمَّ كَفَرُواْ ثُمَّ ٱزۡدَادُواْ كُفۡرٗا لَّمۡ يَكُنِ ٱللَّهُ لِيَغۡفِرَ لَهُمۡ وَلَا لِيَهۡدِيَهُمۡ سَبِيلَۢا ١٣٧

Indeed, those who have believed then disbelieved, then believed then disbelieved, and then increased in disbelief - never will Allāh forgive them, nor will He guide them to a way.

যিসকলে ঈমান পোষণ কৰা পিছত বাৰে বাৰে কুফৰীলৈ উভতি গৈছে, অৰ্থাৎ ঈমান আনিছে আকৌ কুফৰী কৰিছে, আকৌ ঈমান আনিছে তাৰ পিছত আকৌ কুফৰী কৰিছে আৰু কুফৰৰ ওপৰত অটল থাকি সেই অৱস্থাতেই মৃত্যুবৰণ কৰিছে। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক আল্লাহৰ পিনে লৈ যোৱা পোন পথৰ তাওফীকো প্ৰদান নকৰিব।

4:138Page 100

بَشِّرِ ٱلۡمُنَٰفِقِينَ بِأَنَّ لَهُمۡ عَذَابًا أَلِيمًا ١٣٨

Give tidings to the hypocrites that there is for them a painful punishment -

হে ৰাছুল! মুনাফিকসকলক জনাই দিয়ক, যিসকলে প্ৰকাশ্যভাৱে ঈমান্দাৰৰ ভাও ধৰে কিন্তু অন্তৰত কুফৰ গোপন ৰাখে, সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত কষ্টদায়ক শাস্তি আছে।

4:139Page 100

ٱلَّذِينَ يَتَّخِذُونَ ٱلۡكَٰفِرِينَ أَوۡلِيَآءَ مِن دُونِ ٱلۡمُؤۡمِنِينَۚ أَيَبۡتَغُونَ عِندَهُمُ ٱلۡعِزَّةَ فَإِنَّ ٱلۡعِزَّةَ لِلَّهِ جَمِيعٗا ١٣٩

Those who take disbelievers as allies instead of the believers. Do they seek with them honor [through power]? But indeed, honor belongs to Allāh entirely.1

সিহঁত এই শাস্তিৰ অধিকাৰী এই কাৰণেই যে, সিহঁতে মুমিনসকলক এৰি কাফিৰসকলক সহায়ক আৰু সঙ্গী কৰি লৈছে। সিহঁতৰ এই বন্ধুত্ব বৰ আশ্চৰ্যজনক। সিহঁতে কাফিৰসকলৰ পৰা শক্তি আৰু বল প্ৰাপ্ত হৈ নিজৰ মৰ্যদা বৃদ্ধি কৰিব বিচাৰে নেকি? যদি এইটোৱে সিহঁতৰ মনোভাৱ তেন্তে সিহঁতে মনত ৰখা উচিত যে, সকলো ধৰণৰ শক্তি আৰু বলৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা।

4:140Page 100

وَقَدۡ نَزَّلَ عَلَيۡكُمۡ فِي ٱلۡكِتَٰبِ أَنۡ إِذَا سَمِعۡتُمۡ ءَايَٰتِ ٱللَّهِ يُكۡفَرُ بِهَا وَيُسۡتَهۡزَأُ بِهَا فَلَا تَقۡعُدُواْ مَعَهُمۡ حَتَّىٰ يَخُوضُواْ فِي حَدِيثٍ غَيۡرِهِۦٓ إِنَّكُمۡ إِذٗا مِّثۡلُهُمۡۗ إِنَّ ٱللَّهَ جَامِعُ ٱلۡمُنَٰفِقِينَ وَٱلۡكَٰفِرِينَ فِي جَهَنَّمَ جَمِيعًا ١٤٠

And it has already come down to you in the Book [i.e., the Qur’ān] that when you hear the verses of Allāh [recited], they are denied [by them] and ridiculed; so do not sit with them until they enter into another conversation. Indeed, you would then be like them.1 Indeed, Allāh will gather the hypocrites and disbelievers in Hell all together -

হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে কোৰআনত এই আদেশ অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে কোনো বৈঠকত বহি থকা আৰু তাত কোনো ব্যক্তিয়ে যদি আল্লাহৰ কোনো আয়াত অস্বীকাৰ কৰে তথা তাৰ উপহাস কৰে তেন্তে তাৰ পৰা উঠি যোৱা। যেতিয়ালৈকে সিহঁতে আল্লাহৰ আয়াতৰ উপহাস তথা অস্বীকাৰ এৰি আন কোনো বিষয়ত লিপ্ত নহয়। এতেকে যদি তোমালোকে এনেকুৱা নকৰা আৰু সকলো শুনাৰ পিছতো তাত বহি থকা তেন্তে তোমালোকেও সেই অস্বীকাৰকাৰী সকলৰ দৰে বিৰুদ্ধাচাৰণত গণ্য হবা। কিয়নো তোমালোকে তাত বহি আল্লাহৰ আদেশ অমান্য কৰিছা, ঠিক সেইদৰে যিদৰে সিহঁতে কুফৰ কৰি আল্লাহক অমান্য কৰিছে। নিশ্চয় আল্লাহে ইছলাম দাবীদাৰ মুনাফিকসকলক কাফিৰসকলৰ সৈতে জাহান্নামত একত্ৰিত কৰিব।

4:141Page 101

ٱلَّذِينَ يَتَرَبَّصُونَ بِكُمۡ فَإِن كَانَ لَكُمۡ فَتۡحٞ مِّنَ ٱللَّهِ قَالُوٓاْ أَلَمۡ نَكُن مَّعَكُمۡ وَإِن كَانَ لِلۡكَٰفِرِينَ نَصِيبٞ قَالُوٓاْ أَلَمۡ نَسۡتَحۡوِذۡ عَلَيۡكُمۡ وَنَمۡنَعۡكُم مِّنَ ٱلۡمُؤۡمِنِينَۚ فَٱللَّهُ يَحۡكُمُ بَيۡنَكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِۚ وَلَن يَجۡعَلَ ٱللَّهُ لِلۡكَٰفِرِينَ عَلَى ٱلۡمُؤۡمِنِينَ سَبِيلًا ١٤١

Those who wait [and watch] you. Then if you gain a victory from Allāh, they say, "Were we not with you?" But if the disbelievers have a success, they say [to them], "Did we not gain the advantage over you, but we protected you from the believers?" Allāh will judge between [all of] you on the Day of Resurrection, and never will Allāh give the disbelievers over the believers a way [to overcome them].1

যিসকলে তোমালোকৰ কল্যাণ অথবা অকল্যাণৰ অপেক্ষাত থাকে, এতেকে যদি তোমালোকে আল্লাহৰ সহায় প্ৰাপ্ত হোৱা আৰু যুদ্ধলব্ধ সম্পদ পোৱা তেন্তে অংশ পাবলৈ সিহঁতে কয়ঃ আমি তোমালোকৰ লগত নাছিলোনে? আৰু যুদ্ধত অংশ লোৱা নাছিলোনে? আনহাতে যদি কাফিৰসকলে কোনো অংশ পায় তেতিয়া সিহঁতক কয়ঃ আমি তোমালোকৰ কামত সহায় কৰা নাছিলোনে, মুমিনসকলৰ পৰা বচাবলৈ আমি তোমালোকক চাৰিওফালৰ পৰা চোৱাচিতা কৰা নাছিলোনে? এতেকে কিয়ামতৰ দিনা আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰিব। মুমিনসকলক প্ৰতিদানস্বৰূপে জান্নাতত প্ৰৱেশ কৰাব আৰু মুনাফিকসকলক জাহান্নামৰ তলদেশত নিক্ষেপ কৰিব। আল্লাহে তেওঁৰ অনুগ্ৰহেৰে মুমিনসকলৰ ওপৰত কাফিৰসকলৰ আধিপত্য প্ৰতিষ্ঠা হ'বলৈ নিদিব। বৰং শেষৰ উত্তম ফলাফল কেৱল মুমিনসকলৰ বাবেই নিৰ্দিষ্ট, যেতিয়ালৈকে তেওঁলোকে সত্য ঈমানৰ সৈতে চৰীয়তৰ ওপৰত আমল কৰি থাকিব।

4:142Page 101

إِنَّ ٱلۡمُنَٰفِقِينَ يُخَٰدِعُونَ ٱللَّهَ وَهُوَ خَٰدِعُهُمۡ وَإِذَا قَامُوٓاْ إِلَى ٱلصَّلَوٰةِ قَامُواْ كُسَالَىٰ يُرَآءُونَ ٱلنَّاسَ وَلَا يَذۡكُرُونَ ٱللَّهَ إِلَّا قَلِيلٗا ١٤٢

Indeed, the hypocrites [think to] deceive Allāh, but He is deceiving them. And when they stand for prayer, they stand lazily, showing [themselves to] the people and not remembering Allāh except a little,

মুনাফিকসকলে অন্তৰত কুফৰী থকাৰ পিছতো মুছলিম বুলি দাবী কৰি আল্লাহক প্ৰতাৰণা কৰিব বিচাৰে, অথচ আল্লাহেই সিহঁতক প্ৰতাৰণাত লিপ্ত কৰিছে। কিয়নো সিহঁতৰ কুফৰ সম্পৰ্কে জনাৰ পিছতো সিহঁতৰ সম্পত্তি আৰু প্ৰাণ সুৰক্ষিত কৰি ৰাখিছে আৰু আখিৰাতত সিহঁতৰ বাবে কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। যেতিয়া সিহঁতে ছালাতৰ বাবে থিয় হয়, তেতিয়া অলসতাৰ ভাৱ লৈ অনিচ্ছাকৃত ভাৱে থিয় হয়, সিহঁতে কেৱল মানুহক দেখুৱাবলৈ তথা সিহঁতৰ সন্মানাৰ্থে চালাত আদায় কৰে, আল্লাহৰ প্ৰতি সিহঁতৰ কোনো নিষ্ঠা নাই। আৰু সিহঁতে আল্লাহক কেৱল সেই সময়তেই স্মৰণ কৰে যেতিয়া মুমিনসকলক দেখা পায়।

4:143Page 101

مُّذَبۡذَبِينَ بَيۡنَ ذَٰلِكَ لَآ إِلَىٰ هَٰٓؤُلَآءِ وَلَآ إِلَىٰ هَٰٓؤُلَآءِۚ وَمَن يُضۡلِلِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ سَبِيلٗا ١٤٣

Wavering between them, [belonging] neither to these [i.e., the believers] nor to those [i.e., the disbelievers]. And whoever Allāh sends astray - never will you find for him a way.

এইসকল মুনাফিক দোদুল্যমান অৱস্থাত পৰি আছে। বাহ্যিক আৰু আভ্যন্তৰীণ ভাৱে এইসকল মুনাফিক মুছলিমসকল লগতো নহয় আৰু কাফিৰসকলৰ লগতো নহয়। বৰং প্ৰকাশ্যভাৱে দেখুৱায় যে, সিহঁত মুছলিমসকলৰ লগত, কিন্তু আভ্যন্তৰীণ ভাৱে সিহঁত কাফিৰসকলৰ লগত। দৰাচলতে আল্লাহে যাক পথভ্ৰষ্ট কৰে –হে ৰাছুল- আপুনি তাক ভ্ৰষ্টতাৰ পৰা উলিয়াই আনিবলৈ কোনো পথ বিচাৰি নাপাব।

4:144Page 101

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَتَّخِذُواْ ٱلۡكَٰفِرِينَ أَوۡلِيَآءَ مِن دُونِ ٱلۡمُؤۡمِنِينَۚ أَتُرِيدُونَ أَن تَجۡعَلُواْ لِلَّهِ عَلَيۡكُمۡ سُلۡطَٰنٗا مُّبِينًا ١٤٤

O you who have believed, do not take the disbelievers as allies instead of the believers. Do you wish to give Allāh against yourselves a clear case?

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! মুমিনসকলক এৰি কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু বনাই নলবা। তোমালোকে এই কৰ্মৰ দ্বাৰা আল্লাহক, তোমালোকৰ শাস্তিৰ হকদাৰ হোৱাৰ প্ৰমাণ দিব বিচৰা নেকি?

4:145Page 101

إِنَّ ٱلۡمُنَٰفِقِينَ فِي ٱلدَّرۡكِ ٱلۡأَسۡفَلِ مِنَ ٱلنَّارِ وَلَن تَجِدَ لَهُمۡ نَصِيرًا ١٤٥

Indeed, the hypocrites will be in the lowest depths of the Fire - and never will you find for them a helper -

নিশ্চয় আল্লাহে ক্বিয়ামতৰ দিনা মুনাফিকসকলক জাহান্নামৰ সৰ্বনিম্ন স্থানত ঠাই দিব আৰু তুমি সিহঁতৰ বাবে কোনো সহায়ক নাপাবা যিয়ে সিহঁতৰ শাস্তি দূৰ কৰিব পাৰিব।

4:146Page 101

إِلَّا ٱلَّذِينَ تَابُواْ وَأَصۡلَحُواْ وَٱعۡتَصَمُواْ بِٱللَّهِ وَأَخۡلَصُواْ دِينَهُمۡ لِلَّهِ فَأُوْلَٰٓئِكَ مَعَ ٱلۡمُؤۡمِنِينَۖ وَسَوۡفَ يُؤۡتِ ٱللَّهُ ٱلۡمُؤۡمِنِينَ أَجۡرًا عَظِيمٗا ١٤٦

Except for those who repent, correct themselves, hold fast to Allāh, and are sincere in their religion for Allāh, for those will be with the believers. And Allāh is going to give the believers a great reward.

কিন্তু যিসকলে নিফাকৰ পৰা তাওবা কৰি আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, আৰু নিজৰ অন্তৰক সংশোধন কৰিছে, আৰু আল্লাহৰ প্ৰতিশ্ৰুতিক মজবুত ভাৱে ধাৰণ কৰিছে লগতে নিজৰ আমল লোকক দেখুৱাবলৈ নকৰি একমাত্ৰ আল্লাহৰ উদ্দেশ্যে বিশুদ্ধচিত্তে কৰিছে, এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পৃথিৱী আৰু আখিৰাতত মুমিনসকলৰ লগত থাকিব। আৰু আল্লাহে অনতিপলমে মুমিনসকলক বৰ ডাঙৰ প্ৰতিদান দান কৰিব।

4:147Page 101

مَّا يَفۡعَلُ ٱللَّهُ بِعَذَابِكُمۡ إِن شَكَرۡتُمۡ وَءَامَنتُمۡۚ وَكَانَ ٱللَّهُ شَاكِرًا عَلِيمٗا ١٤٧

What would Allāh do with [i.e., gain from] your punishment if you are grateful and believe? And ever is Allāh Appreciative1 and Knowing.

যদি তোমালোকে আল্লাহৰ কৃতজ্ঞ হোৱা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তোমালোকক শাস্তি দিয়াৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় আল্লাহ উপকাৰকাৰী আৰু অতি দয়ালু। তেওঁ তোমালোকক কেৱল গুনাহৰ কাৰণেহে শাস্তি প্ৰদান কৰিব। যদি তোমালোকে আমল সংশোধন কৰা আৰু তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰা লগতে প্ৰকাশ্য অপ্ৰকাশ্য উভয়ভাৱে ঈমান পোষণ কৰা তেন্তে তেওঁ কেতিয়াও তোমালোকক শাস্তি নিদিব। নিশ্চয় আল্লাহে সেইসকল লোকক মৰ্যদা প্ৰদান কৰিব যিসকলে তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰে আৰু তেওঁলোকক ইয়াৰ প্ৰতিদানো দিব। তেওঁ নিজ বান্দাসকলৰ ঈমান সম্পৰ্কে অৱগত আৰু প্ৰত্যেককে তেওঁ সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।

4:148Page 102

۞ لَّا يُحِبُّ ٱللَّهُ ٱلۡجَهۡرَ بِٱلسُّوٓءِ مِنَ ٱلۡقَوۡلِ إِلَّا مَن ظُلِمَۚ وَكَانَ ٱللَّهُ سَمِيعًا عَلِيمًا ١٤٨

Allāh does not like the public mention of evil except by one who has been wronged. And ever is Allāh Hearing and Knowing.

প্ৰকাশ্যভাৱে বেয়া কথা কোৱা আল্লাহে পছন্দ নকৰে, বৰং তেওঁৰ ইয়াৰ ফলত ক্ৰোধান্বিত হয় আৰু শাস্তিৰ ভয় দেখুৱায়। কিন্তু কোনোবাই অত্যাচাৰিত হলে, তাৰ বাবে বৈধ কৰিছে অন্যায়ৰ বিৰুদ্ধে মাত মতা, বদ দুআ কৰা লগতে সেই অনুৰূপ বাক্য ব্যৱহাৰ কৰা। কিন্তু ধৈৰ্য ধাৰণ কৰাটো উত্তম। নিশ্চয় আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ নিয়্যত সম্পৰ্কে অৱগত। এতেকে তোমালোকে বেয়া কথা আৰু বেয়া সংকল্পৰ পৰা বিৰত থাকা।

4:149Page 102

إِن تُبۡدُواْ خَيۡرًا أَوۡ تُخۡفُوهُ أَوۡ تَعۡفُواْ عَن سُوٓءٖ فَإِنَّ ٱللَّهَ كَانَ عَفُوّٗا قَدِيرًا ١٤٩

If [instead] you show [some] good or conceal it or pardon an offense - indeed, Allāh is ever Pardoning and Competent.1

যিকোনো ভাল কথা অথবা কৰ্ম যদি তোমালোকে প্ৰকাশ কৰা নাইবা গোপন কৰা লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়া তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ অতি ক্ষমাশীল আৰু সৰ্বশক্তিমান। এতেকে ক্ষমা কৰা গুণটো তোমালোকৰ চৰিত্ৰ হোৱা উচিত, যাতে আল্লাহেও তোমালোকক ক্ষমা কৰি দিয়ে।

4:150Page 102

إِنَّ ٱلَّذِينَ يَكۡفُرُونَ بِٱللَّهِ وَرُسُلِهِۦ وَيُرِيدُونَ أَن يُفَرِّقُواْ بَيۡنَ ٱللَّهِ وَرُسُلِهِۦ وَيَقُولُونَ نُؤۡمِنُ بِبَعۡضٖ وَنَكۡفُرُ بِبَعۡضٖ وَيُرِيدُونَ أَن يَتَّخِذُواْ بَيۡنَ ذَٰلِكَ سَبِيلًا ١٥٠

Indeed, those who disbelieve in Allāh and His messengers and wish to discriminate between Allāh and His messengers and say, "We believe in some and disbelieve in others," and wish to adopt a way in between -

যিসকলে আল্লাহৰ লগত কুফৰী কৰে, লগতে তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, এনেকৈ যে, আল্লাহৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰে আৰু কয়ঃ আমি কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰোঁ আৰু আন কিছুমানক অস্বীকাৰ কৰোঁ। এইদৰে সিহঁতে কুফৰ আৰু ঈমানৰ মাজত এটা পথ উলিয়াব বিচাৰে আৰু সিহঁতে ভাৱে যে, এইটোৱে সিহঁতক মুক্তি প্ৰদান কৰিব।

4:151Page 102

أُوْلَٰٓئِكَ هُمُ ٱلۡكَٰفِرُونَ حَقّٗاۚ وَأَعۡتَدۡنَا لِلۡكَٰفِرِينَ عَذَابٗا مُّهِينٗا ١٥١

Those are the disbelievers, truly. And We have prepared for the disbelievers a humiliating punishment.

যিসকলে এই পথ অৱলম্বন কৰে সিহঁতে প্ৰকৃত কাফিৰ। কিয়নো যিয়ে সকলো ৰাছুল অথবা কিছুমান ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে আল্লাহ আৰু তেওঁৰ সকলো ৰাছুলকেই অস্বীকাৰ কৰিছে। এতেকে আমি অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো। এইটো সিহঁতৰ সেই অহংকাৰৰ শাস্তি যাৰ ফলত সিহঁতে আল্লাহ তথা তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।

4:152Page 102

وَٱلَّذِينَ ءَامَنُواْ بِٱللَّهِ وَرُسُلِهِۦ وَلَمۡ يُفَرِّقُواْ بَيۡنَ أَحَدٖ مِّنۡهُمۡ أُوْلَٰٓئِكَ سَوۡفَ يُؤۡتِيهِمۡ أُجُورَهُمۡۚ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ١٥٢

But they who believe in Allāh and His messengers and do not discriminate between any of them - to those He is going to give their rewards. And ever is Allāh Forgiving and Merciful.

আনহাতে যিসকলে ঈমান আনিছে আৰু আল্লাহক একক বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন কৰা নাই, লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতিও ঈমান পোষণ কৰিছে, আৰু কাফিৰসকলৰ দৰে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা নাই, আল্লাহে এইসকল লোকক তেওঁলোকৰ ঈমান আৰু নেক কৰ্মৰ বৰ ডাঙৰ প্ৰতিদান দান কৰিব। আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাশীল।

4:153Page 102

يَسۡـَٔلُكَ أَهۡلُ ٱلۡكِتَٰبِ أَن تُنَزِّلَ عَلَيۡهِمۡ كِتَٰبٗا مِّنَ ٱلسَّمَآءِۚ فَقَدۡ سَأَلُواْ مُوسَىٰٓ أَكۡبَرَ مِن ذَٰلِكَ فَقَالُوٓاْ أَرِنَا ٱللَّهَ جَهۡرَةٗ فَأَخَذَتۡهُمُ ٱلصَّٰعِقَةُ بِظُلۡمِهِمۡۚ ثُمَّ ٱتَّخَذُواْ ٱلۡعِجۡلَ مِنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَٰتُ فَعَفَوۡنَا عَن ذَٰلِكَۚ وَءَاتَيۡنَا مُوسَىٰ سُلۡطَٰنٗا مُّبِينٗا ١٥٣

The People of the Scripture ask you to bring down to them a book from the heaven. But they had asked of Moses [even] greater than that and said, "Show us Allāh outright," so the thunderbolt struck them for their wrongdoing. Then they took the calf [for worship] after clear evidences had come to them, and We pardoned that. And We gave Moses a clear authority.

হে ৰাছুল! ইয়াহুদীসকলে আপোনাৰ পৰা মুছা আলাইহিচ ছালামৰ দৰে আকাশৰ পৰা এবাৰতেই এখন পুথি অনাৰ দাবী কৰে, যিটো আপোনাৰ প্ৰকৃত নবী হোৱাৰ প্ৰমাণ হব। এনে দাবীত আপুনি বিচলিত নহব, কিয়নো সিহঁতৰ পূৰ্বপুৰুষ সকলে মুছাৰ পৰা ইয়াতকৈও ডাঙৰ দাবী কৰিছিল, সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। ফলত সিহঁতক শাস্তিস্বৰূপে তত নোহোৱা কৰি দিয়া হৈছিল। পিছত আল্লাহে সিহঁতক আকৌ জীৱন দান কৰিছিল, তথাপিও সিহঁতে আল্লাহক এৰি গৰু পোৱালীৰ উপাসনাত লিপ্ত হৈছিল। অথচ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন আহিছিল যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক আৰু কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। তাৰ পিছতো আমি সিহঁতক ক্ষমা কৰিছিলো আৰু মুছা আলাইহিচ ছালামক তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।

4:154Page 102

وَرَفَعۡنَا فَوۡقَهُمُ ٱلطُّورَ بِمِيثَٰقِهِمۡ وَقُلۡنَا لَهُمُ ٱدۡخُلُواْ ٱلۡبَابَ سُجَّدٗا وَقُلۡنَا لَهُمۡ لَا تَعۡدُواْ فِي ٱلسَّبۡتِ وَأَخَذۡنَا مِنۡهُم مِّيثَٰقًا غَلِيظٗا ١٥٤

And We raised over them the mount for [refusal of] their covenant; and We said to them, "Enter the gate bowing humbly"; and We said to them, "Do not transgress on the sabbath"; and We took from them a solemn covenant.

দৃঢ় প্ৰতিশ্ৰুতি লোৱাৰ উদ্দেশ্যে আমি সিহঁতৰ ওপৰত পৰ্বত উত্তোলন কৰিছিলো, যাতে সিহঁতে ভয় কৰে আৰু প্ৰতিশ্ৰুতি অনুসাৰে কৰ্ম কৰে। তাৰ পিছত আমি সিহঁতক কৈছিলোঃ ছাজদা কৰি শিৰ নত কৰা অৱস্থাত বাইতুল মাকদিছৰ দুৱাৰেৰে প্ৰৱেশ কৰা। কিন্তু সিহঁতে নিজৰ নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। আমি সিহঁতক আৰু কৈছিলোঃ শনিবাৰে মাছ মাৰি আমাৰ আদেশ উলংঘা নকৰিবা। কিন্তু সিহঁতে মান্য কৰা নাছিল। আৰু সিহঁতে মাছ মাৰিছিল। আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো কিন্তু সিহঁতে অঙ্গীকাৰৰ মান ৰক্ষা কৰা নাছিল, আৰু অঙ্গীকাৰ ভঙ্গ কৰিছিল।

4:155Page 103

فَبِمَا نَقۡضِهِم مِّيثَٰقَهُمۡ وَكُفۡرِهِم بِـَٔايَٰتِ ٱللَّهِ وَقَتۡلِهِمُ ٱلۡأَنۢبِيَآءَ بِغَيۡرِ حَقّٖ وَقَوۡلِهِمۡ قُلُوبُنَا غُلۡفُۢۚ بَلۡ طَبَعَ ٱللَّهُ عَلَيۡهَا بِكُفۡرِهِمۡ فَلَا يُؤۡمِنُونَ إِلَّا قَلِيلٗا ١٥٥

And [We cursed them]1 for their breaking of the covenant and their disbelief in the signs of Allāh and their killing of the prophets without right and their saying, "Our hearts are wrapped" [i.e., sealed against reception]. Rather, Allāh has sealed them because of their disbelief, so they believe not, except for a few.2

ফলত আমি সিহঁতক আমাৰ কৃপাৰ পৰা আঁতৰ কৰি দিছিলোঁ, কাৰণ সিহঁতে সেই দৃঢ় অঙ্গীকাৰ ভঙ্গ কৰিছিল, যিটো সিহঁতৰ পৰা লোৱা হৈছিল। লগতে আল্লাহৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল, আনকি নবীসকলকো হত্যা কৰাৰ সাহস কৰিছিল, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে কোৱা এই কথাষাৰৰ কাৰণেও যে, আমাৰ অন্তৰত আৱৰণ আছে, সেয়ে আপোনাৰ কথা আমি বুজি নাপাওঁ। দৰাচলতে বিষয়টো সিহঁতে ভবাৰ দৰে নহয়। বৰং আল্লাহে সিহঁতৰ কুফৰীৰ ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত কল্যাণকৰ কথা সিহঁতৰ অন্তৰত ঢুকি নাপায়। সেয়ে সিহঁতে বহুত কম ঈমান পোষণ কৰে যিটো সিহঁতৰ কোনো কামত নাহিব।

4:156Page 103

وَبِكُفۡرِهِمۡ وَقَوۡلِهِمۡ عَلَىٰ مَرۡيَمَ بُهۡتَٰنًا عَظِيمٗا ١٥٦

And [We cursed them] for their disbelief and their saying against Mary a great slander1

আৰু আমি সিহঁতক আমাৰ কৃপাৰ পৰা দূৰ কৰিছিলো, কিয়নো সিহঁতে কুফুৰী কৰিছিল আৰু মৰিয়ম আলাইহাছ ছালামৰ প্ৰতি ব্যভিচাৰৰ মিছা আৰোপ লগাইছিল।

4:157Page 103

وَقَوۡلِهِمۡ إِنَّا قَتَلۡنَا ٱلۡمَسِيحَ عِيسَى ٱبۡنَ مَرۡيَمَ رَسُولَ ٱللَّهِ وَمَا قَتَلُوهُ وَمَا صَلَبُوهُ وَلَٰكِن شُبِّهَ لَهُمۡۚ وَإِنَّ ٱلَّذِينَ ٱخۡتَلَفُواْ فِيهِ لَفِي شَكّٖ مِّنۡهُۚ مَا لَهُم بِهِۦ مِنۡ عِلۡمٍ إِلَّا ٱتِّبَاعَ ٱلظَّنِّۚ وَمَا قَتَلُوهُ يَقِينَۢا ١٥٧

And [for] their saying, "Indeed, we have killed the Messiah, Jesus the son of Mary, the messenger of Allāh." And they did not kill him, nor did they crucify him; but [another] was made to resemble him to them. And indeed, those who differ over it are in doubt about it. They have no knowledge of it except the following of assumption. And they did not kill him, for certain.1

আমি সিহঁতৰ ওপৰত অভিসম্পাত কৰিছো, কিয়নো সিহঁতে গৌৰৱ কৰি কয় যে, আমি আল্লাহৰ ৰাছুল, মৰিয়ম পুত্ৰ ঈছা মছীহক হত্যা কৰিছো। সিহঁতে দাবী কৰাৰ দৰে সিহঁতে হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাই। বৰং সিহঁতে এনেকুৱা এজন ব্যক্তিক হত্যা কৰিছিল আৰু ক্ৰুছবিদ্ধ কৰিছিল যাক আল্লাহে ঈছা আলাইহিছ ছালামৰ আকৃতি প্ৰদান কৰিছিল। ফলত সিহঁতে ধাৰণা কৰিছে যে, সিহঁতে ঈছা আলাইহিছ ছালামকেই হত্যা কৰিছে। যিসকল ইয়াহুদীয়ে ঈছা আলাইহিছ ছালামক হত্যা কৰা বুলি দাবী কৰিছে আৰু যিসকল খৃষ্টানে তেওঁক ইয়াহুদীসকলৰ হাতত অৰ্পন কৰিছিল, উভয় পক্ষই এই সন্দৰ্ভত সন্দেহ তথা সংশয়ত পতিত হৈছে। সিহঁতৰ ওচৰত এই বিষয়ে কোনো জ্ঞান নাই। সিহঁতে কেৱল অনুমানত কথা কয়, আৰু অনুমানৰ দ্বাৰা সত্য উদ্ঘাটন কৰা সম্ভৱ নহয়। প্ৰকৃত সত্য এইটোৱেই যে, সিহঁতে ঈছা আলাইহিছ ছালামক হত্যাও কৰিব পৰা নাই আৰু ক্ৰুছবিদ্ধও কৰিব পৰা নাই।

4:158Page 103

بَل رَّفَعَهُ ٱللَّهُ إِلَيۡهِۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمٗا ١٥٨

Rather, Allāh raised him to Himself. And ever is Allāh Exalted in Might and Wise.

বৰং আল্লাহে ঈছা আলাইহিছ ছালামক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। লগতে তেওঁক সশৰীৰে আত্মাৰ সৈতে নিজৰ পিনে উঠাই লৈছে। আল্লাহ ক্ষমতাত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ পৰিচালনাত, ফয়চালা কৰণত আৰু বিধান প্ৰস্তুত কৰণত মহাপ্ৰজ্ঞাৱান।

4:159Page 103

وَإِن مِّنۡ أَهۡلِ ٱلۡكِتَٰبِ إِلَّا لَيُؤۡمِنَنَّ بِهِۦ قَبۡلَ مَوۡتِهِۦۖ وَيَوۡمَ ٱلۡقِيَٰمَةِ يَكُونُ عَلَيۡهِمۡ شَهِيدٗا ١٥٩

And there is none from the People of the Scripture but that he will surely believe in him [i.e., Jesus] before his death.1 And on the Day of Resurrection he will be against them a witness.

অন্তিম যুগত, ঈছা আলাইহিচ ছালাম অৱতৰণ কৰাৰ পিছত তথা তেওঁৰ মৃত্যুৰ পূৰ্বে, সকলো ইয়াহুদী আৰু প্ৰত্যেক খৃষ্টানেই তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব, আৰু কিয়ামতৰ দিনা ঈছা আলাইহিচ ছালামে সিহঁতৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব যে, কোনটো কৰ্ম চৰীয়তৰ (বিধানৰ) অনুকূল আৰু কোনটো পৰিপন্থী।

4:160Page 103

فَبِظُلۡمٖ مِّنَ ٱلَّذِينَ هَادُواْ حَرَّمۡنَا عَلَيۡهِمۡ طَيِّبَٰتٍ أُحِلَّتۡ لَهُمۡ وَبِصَدِّهِمۡ عَن سَبِيلِ ٱللَّهِ كَثِيرٗا ١٦٠

For wrongdoing on the part of the Jews, We made unlawful for them [certain] good foods which had been lawful to them, and for their averting from the way of Allāh many [people],

এতেকে ইয়াহুদীসকলৰ অত্যাচাৰৰ কাৰণেই আমি সিহঁতৰ ওপৰত এনেকুৱা কিছুমান বস্তু হাৰাম কৰিছো, যিবোৰ সিহঁতৰ ওপৰত হালাল আছিল। যেনে- আমি সিহঁতৰ ওপৰত প্ৰত্যেক নখ থকা প্ৰাণী হাৰাম কৰছিলো লগতে গৰু ছাগলীৰ পিঠিৰ চৰ্বী ব্যতীত সকলো চৰ্বী হাৰাম কৰিছিলো। ইয়াৰ আৰু এটা কাৰণ আছিল এই যে, সিহঁতে নিজকেও আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। আনকি কল্যাণৰ পৰা বাধা দিয়া সিহঁতৰ স্বভাৱত পৰিণত হৈছিল।

4:161Page 103

وَأَخۡذِهِمُ ٱلرِّبَوٰاْ وَقَدۡ نُهُواْ عَنۡهُ وَأَكۡلِهِمۡ أَمۡوَٰلَ ٱلنَّاسِ بِٱلۡبَٰطِلِۚ وَأَعۡتَدۡنَا لِلۡكَٰفِرِينَ مِنۡهُمۡ عَذَابًا أَلِيمٗا ١٦١

And [for] their taking of usury while they had been forbidden from it, and their consuming of the people's wealth unjustly. And We have prepared for the disbelievers among them a painful punishment.

আৰু এই কাৰণেও যে, সিহঁতে সুতৰ লেনদেন কৰিছিল, অথচ আল্লাহে সিহঁতক সুত খোৱাৰ পৰা নিষেধ কৰিছিল, আৰু এটা কাৰণ এই যে, সিহঁতে মানুহৰ সম্পদ অন্যায়ভাৱে আত্মসাত কৰিছিল। আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।

4:162Page 103

لَّٰكِنِ ٱلرَّٰسِخُونَ فِي ٱلۡعِلۡمِ مِنۡهُمۡ وَٱلۡمُؤۡمِنُونَ يُؤۡمِنُونَ بِمَآ أُنزِلَ إِلَيۡكَ وَمَآ أُنزِلَ مِن قَبۡلِكَۚ وَٱلۡمُقِيمِينَ ٱلصَّلَوٰةَۚ وَٱلۡمُؤۡتُونَ ٱلزَّكَوٰةَ وَٱلۡمُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ أُوْلَٰٓئِكَ سَنُؤۡتِيهِمۡ أَجۡرًا عَظِيمًا ١٦٢

But those firm in knowledge among them and the believers believe in what has been revealed to you, [O Muḥammad], and what was revealed before you. And the establishers of prayer [especially] and the givers of zakāh and the believers in Allāh and the Last Day - those We will give a great reward.

কিন্তু হে ৰাছুল! ইয়াহুদীসকলৰ মাজৰ যিসকলে পৰিপক্ক জ্ঞানৰ অধিকাৰী তথা মুমিন, তেওঁলোকে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক সত্য বুলি মানে, লগতে সেইসমূহ পুথিকো সত্য বুলি মানে যিবোৰ আপোনাৰ পূৰ্বে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল, যেনে- তাওৰাত আৰু ইঞ্জীল। তেওঁলোকে ছালাত আদায় কৰে, যাকাত প্ৰদান কৰে, লগতে এই কথাও স্বীকাৰ কৰে যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁলোকে কিয়ামতকো বিশ্বাস কৰে। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিকেই আমি মহা প্ৰতিদান দান কৰিম।

Text: Quranic Universal Library (Tarteel), via spa5k/tafsir_api (MIT), at a fixed version. The ayahs: Quran Foundation. Sources and licences

Contents

Ayat al-Kursi36Al-Kahfpage 42juz 15Bukhari 1Muslim 2999

Style

Theme
Text size
Layout

Читать на русском